গিবন Class 11 Assamese Chapter 5 Solutions
আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘গিবন’ পাঠটিৰ প্রশ্নোত্তৰ Class 11 Assamese Chapter 5 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে‘ গিবন প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। কিতাপৰ কথা প্রশ্নোত্তৰ চাওঁক:
গোট-১ গদ্যাংশ
গিবন
-হোমেন বৰগোহাঞি
👉 Read Also:
- ধনৰ ব্যৱহাৰ প্রশ্ন উত্তৰ
- অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ প্রশ্ন উত্তৰ
- গৌৰৱ প্রশ্ন উত্তৰ
- কিতাপৰ কথা প্রশ্ন উত্তৰ
- কেমব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্ন উত্তৰ
লেখক পৰিচয়ঃ
হোমেন বৰগোহাঞি (১৯৩২-১৯২১) অসমৰ এজন আগশাৰীৰ কবি, গল্পকাৰ, ঔপন্যাসিক, কথাশিল্পী, সাংবাদিক আৰু বুদ্ধিজীবি। তেওঁৰ জন্ম হয় ঢকুৱাখানাত। ১৯৫৪ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰি কিছুদিন শিক্ষকতা কৰে আৰু ১৯৫৫ চনৰ পৰা ১৯৬৮ চনলৈ এ. চি. এচ. বিষয়া হিচাপে কার্য নির্বাহ কৰে। কিন্তু পিছলৈ তেওঁ সাংবাদিকতা আৰু লিখা-মেলাত নিজকে আত্মনিয়োগ কৰে।
তেওঁৰ যথেষ্ট সংখ্যক গ্রন্থ ৰচনা কৰিছে। তেওঁ ৰচনা কৰা উপন্যাসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল: সুবালা, তান্ত্রিক, কুশীলব, হালধীয়া চৰায়ে বাও ধান খায়, পিতা-পুত্র, তিমিৰ তীর্থ, অস্তৰাগ, সাউদৰ পুতেকে নাও মেলি যায় আদি। তেওঁৰ উল্লেখযোগ্য গল্প সংকলন কেইখনমান হ’ল: বিভিন্ন কোৰাচ, প্ৰেম আৰু মৃত্যুৰ কাৰণে, গল্প আৰু নক্সা আদি। তেওঁৰ একমাত্র কবিতা সংকলনটি হ’ল হৈমন্তী। আত্মানুসন্ধান, মোৰ সাংবাদিকজীৱন হ’ল তেওঁৰ আত্মজীৱনীমূলক গ্রন্থ। ইয়াৰ উপৰিও তেওঁ বহু কেইখন গ্রন্থ সম্পাদনাও কৰিছে। সেইবোৰৰ ভিতৰত বিংশ শতিকাৰ অসমীয়া সাহিত্য, অসমীয়া সাহিত্যৰ বুৰঞ্জী, গদ্যৰ সাধনা আদি উল্লেখযোগ্য।
তেওঁৰ সাহিত্য সাধনাৰ স্বীকৃতি হিচপে কেইবাটাও বঁটা বাহনো লাভ কৰিছে। ১৯৭৬ চনত ‘পিতা-পুত্র’ উপন্যাসৰ বাবে অসম প্রকাশন পৰিষদ বঁটা, ১৯৭৮ চনত সাহিত্য একোডেমী বঁটা, ১৯৯২ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। ২০০১ চনত তেওঁ অসমৰ সাহিত্য সভাৰ আসনো শুৱনি কৰে।
২০২১ চনত তেওঁৰ দেহাৱসান ঘটে।
আৰ্হি প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰঃ (মূল্যাংক-১)
১। এডবার্ড গিবন কোন আছিল?
উঃ এডবার্ড গিবন আছিল বিশ্বৰ এজন মহান ঐতিহাসিক (ইতিহাসবিদ)।
২। এডবার্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা।
উঃ এডবার্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম অক্সফোর্ডৰ মেগডালেন কলেজ।
৩। এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্রন্থ এখনৰ নাম লিখা।
উঃ এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থখনৰ নাম “The History of the Decline and Fall of the Roman Empire”।
৪। শ্বপেনহাৱাৰ কোন?
উঃ শ্বপেনহাৱাৰ আছিল এগৰাকী বিখ্যাত জার্মান দার্শনিক।
৫। ‘আলেকজেন্দ্রিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক কোন?
উঃ ‘আলেকজেন্দ্রিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক হ’ল লৰেঞ্চ ডাৰেল।
চমু প্রশ্নোত্তৰ (মূল্যাংক -২/৩)
১। জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা।
উঃ জন মিল্টন সপ্তদশ শতিকাত এজন ইংৰাজ মহাকবি আছিল। তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্য খনৰ নাম ‘পেৰাডাইজ লষ্ট’।
২। দার্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উঃ দার্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম- ‘The Social Contract’ আৰু ‘Confession’
৩। গিবনৰ সম্পূৰ্ণ নামটো কি? তেওঁ কোন শতিকাৰ লেখক?
উঃ গিবনৰ সম্পূৰ্ণ নামটো চাৰ এডৱাৰ্ড গিবন। তেওঁ অষ্টাদশ শতিকাৰ লেখক আছিল।
8। ‘Age of Reason’ নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল?
উঃ ‘Age of Reason’ নামৰ গ্ৰন্থখন টমাছ পেইনে অষ্টাদশ শতিকাত ৰচনা কৰিছিল।
৫। যৌবনকালত এডবার্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল?
উঃ যৌৱনকালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছান চহৰৰ বাসিন্দা আছিল।
দীঘল প্রশ্নোত্তৰঃ (মূল্যাংক-৪।৫)
১। এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া।
উঃ এডৱাৰ্ড গিবনৰ জন্ম হয় ১৭৩৭ চনত, ইংলেণ্ডত। ছাত্র অৱস্থাত অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিব নোৱাৰিলেও পৰৱৰ্তী কালত বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখকৰূপে খ্যাতি লাভ কৰিছিল। তেওঁৰ অমৰ কীৰ্তি হ’ল- “The History of the Decline and Fall of the Roman Empire”। শক্তিশালী আৰু ব্যতিক্রমী গদ্যশৈলীৰ বাবেও তেও বিখ্যাত। ১৭৯৪ চনত গিবনৰ মৃত্যু হয়।
২। এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্রন্থখনৰ চমু পৰিচয় দাঙি ধৰা।
উঃ এডৱাৰ্ড গিবনৰ বিখ্যাত ৰচনা “The History of the Decline and Fall of the Roman Empire” ত ৰোমান সাম্ৰাজ্যৰ ইতিহাস বর্ণনা কৰা হৈছে। সাতটা খণ্ডত সমাপ্ত এই বিপুলায়তন ইতিহাস গ্রন্থই সম্রাট এন্টনিনেছৰ ৰাজত্ব কালৰ পৰা আৰম্ভ কৰি তুর্কীসকলৰ দ্বাৰা কনষ্টান্টিনপলৰ অধিকাৰৰ সময়লৈকে সুদীর্ঘ চৌদ্ধটা শতাব্দী সামৰি লৈছে। গিবনৰ যাদুকৰী লিখনিৰ স্পৰ্শত অসংখ্য চৰিত্ৰ আৰু অজস্র যুগান্তকাৰী ঘটনা জীৱন্ত হৈ উঠিছে। ৰোমান সাম্ৰাজ্যৰ অৱক্ষয়’ সূচনা, খ্রীষ্টিয়ানিটিব উত্থান, ইছলামৰ বিজয় অভিযান, ইউৰোপত জাতীয় ৰাষ্ট্রগঠনৰ আৰম্ভণি আদি পৃথিৱী তোলপাৰ লগোৱা অজস্র ঘটনা প্রবাহৰ ব্যাখ্যা গিবনৰ গ্ৰন্থখনিত প্রাণ পাই উঠিছে। এই গ্রন্থখন অভ্রভেদী গ্রীক মন্দিৰৰ দৰে।
৩। এডৱাৰ্ড গিবনে ক’ত কিদৰে শিক্ষা গ্রহণ কৰিছিল বুজাই লিখা।
উঃ পোন্ধৰ বছৰ বয়সত এডৱাৰ্ড গিবন অক্সফোর্ডৰ মেগডালেন কলেজত ভর্তি হয়। ছাত্র অৱস্থাত তেওঁ অতি সাধাৰণ ল’ৰা আছিল। জগত বিখ্যাত অক্সফোর্ড বিশ্ববিদ্যালয়ৰ অৱস্থা তেতিয়া তেনেই শোচনীয় আছিল। পঢ়া-শুনা বিশেষ হোৱা নাছিল। অধ্যাপক সকলৰ পৰা বিশেষ সহায় নাপালেও গিবনে নিজে প্ৰচুৰ কিতাপ পঢ়িছিল। অক্সফোর্ডত পঢ়ি থাকোঁতেই তেওঁ প্রটেষ্টান্ট ধর্মমত ত্যাগ কৰি ৰোমান কেথলিক ধর্মমতত দীক্ষিত হ’বলৈ মন মেলে। সেয়ে তেওঁৰ অভিভাৱকসকল আতংকিত হৈ তেওঁক কলেজৰ পৰা নাম কটাই জোৰকৈ ছুইজাৰলেণ্ডৰ লুছান চহৰলৈ পঠাই দিয়ে। সেইসময়ত লুছান ফৰাছী প্ৰভাৱাধীন আছিল। সমগ্র ইউৰোপ তেতিয়া টমাছ পেইনৰ ‘The Age of Reason’ গ্ৰন্থৰ দ্বাৰা প্ৰভাৱিত হৈছিল। গিবনো এই মতাদৰ্শৰ প্ৰভাৱত পৰি কেথলিক হ’ব খোজা মানুহজন সংশয়বাদীত পৰিণত হয়। পিছত তেওঁ “The History of the Decline and Fall of the Roman Empire” নামৰ কালজয়ী গ্রন্থ ৰচনা কৰে।
👉 Read Also:
- অসমৰ পুৰণি খেল-ধেমালি প্রশ্ন উত্তৰ
- এভাৰেষ্টৰ সপোন আৰু বিভীষিকা প্রশ্ন উত্তৰ
- বিয়াৰ প্ৰেজেন্ট প্রশ্ন উত্তৰ
- ৰাৱণক বিভীষণৰ সজ উপদেশ প্রশ্ন
- বৰগীতঃ জয় জয় যাধৱ প্রশ্ন উত্তৰ
৪। চমু টোকা লিখা।
ক) শ্বপেনহাৱাৰ, খ) ভলতেয়াৰ
উঃ ক) শ্বপেনহাৱাৰ এগৰাকী বিখ্যাত জার্মান দার্শনিক (১৭৮৮-১৮৬০)। তেওঁৰ নান্দনতাত্ত্বিক, নৈতিক আৰু মনোবৈজ্ঞানিক লিখনিসমূহে ঊনবিংশ আৰু বিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক বাৰুকৈয়ে প্রভাবিত কৰিছিল। “The World as Will and Representation” তেওঁৰ বিখ্যাত ৰচনা।
খ) ভলতেয়াৰঃ অষ্টাদশ শতিকাৰ ফ্ৰান্সৰ বিখ্যাত দার্শনিক আৰু লেখক। তেওঁ মূলতঃ ব্যংগাত্মক ৰচনাৰ বাবে প্রসিদ্ধ। সমকালীন ফ্রান্সৰ বিভিন্ন দিশৰ ওপৰত তেওঁ আলোকপাত কৰি লিখা ব্যংগাত্মক লেখাসমূহ ফৰাছী সাহিত্যৰ অমূল্য সম্পদ। ‘কান্দিদ’ তেওঁ ৰচনা কৰা এখন বিখ্যাত ব্যংগাত্মক উপন্যাস। তেওঁ ফৰাছী বিপ্লৱৰ আদৰ্শৰ অন্যতম অনুপ্ৰেৰণাকাৰী আছিল।
৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ
“যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহৎ গ্রন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলোকে সেই গ্রন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে।”
উঃ উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তগর্ত হোমেন বৰগোহাঞিৰ ৰচিত ‘গিবন’ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে।
এগৰাকী লেখকে তেওঁৰ সাধনাত মহৎ গ্রন্থ এখন লিখি উলিওৱাৰ পিছত বুকুত যি শূন্যতা অনুভৱ কৰে তাকে উক্ত গদ্যফাঁকিৰ জৰিয়তে ব্যক্ত কৰা হৈছে।
গিবনে তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ সোতৰটা বছৰ নিৰৱচ্ছিন্নভাৱে “The History of the Decline and Fall of the Roman Empire” নামৰ গ্ৰন্থখন ৰচনাত ব্যয় কৰে। ১৭৮৭ চনৰ ২৭ জুনৰ দিনা গিবনে তেওঁৰ ফুলনিত বহি ৰাতি ১২ মান বজাত যেতিয়া গ্ৰন্থখনৰ শেষ পৃষ্ঠা লিখি উলিয়ায় তেতিয়া এক বিপুল আনন্দই গিবনৰ মন ভৰাই তুলে, “স্বাধীনতা ঘুৰাই পোৱাৰ আনন্দ… লগতে যশস্যাৰ ভেটি প্রতিষ্ঠা কৰাৰ আনন্দ। কিন্তু পিছ মুহূৰ্ততে তেওঁৰ মনলৈ বিষাদৰ ছাঁ নামি আহে। অতীতৰ বুকুৱেদি তেওঁ যি দীঘল বাট অতিক্ৰম কৰিলে আৰু ভৱিষ্যতৰ বুকুলৈ তেওঁৰ গ্ৰন্থখনে যি দীঘলীয়া ভ্রমণ অতিক্ৰম কৰিব, তাৰ মাজৰ সময়ছোৱা তেওঁৰ শূন্য আৰু ক্ষণস্থায়ী যেন অনুভৱ হৈছিল। গ্ৰন্থখন তেওঁৰ প্ৰিয় লগৰীৰ দৰে আছিল। সেয়ে গ্ৰন্থখনৰ ৰচনা কাম সমাপ্ত হোৱাত চিৰকাললৈ প্রিয় সংগীক বিদায় দিয়াৰ শোকে গিবনক খুলি খুলি খাইছিল।
সেয়েহে কোৱা হৈছে, “যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্র মহৎ গ্রন্থ ৰচনাৰ সাধনাত ব্রতী হৈ থাকে, তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে।”
অতিৰিক্ত প্রশ্নোত্তৰ:
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া:
প্রশ্নঃ হোমেন বৰগোহাঞিয়ে লিখা কেইখনমান উপন্যাসৰ নাম লিখা।
উঃ হোমেন বৰগোহাঞিয়ে লিখা কেইখনমান উপন্যাসৰ নাম- ‘সুবালা’, ‘পিতাপুত্র’, ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘তিমিৰ তীৰ্থ’, ‘অস্তৰাগ’ আদি।
প্রশ্নঃ কি গ্ৰন্থৰ বাবে বৰগোহাঞি দেবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উঃ ‘পিতাপুত্র’ গ্ৰন্থৰ বাবে ১৯৭৮ চনত বৰগোহাঞি দেবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
প্রশ্নঃ হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ কোন বৰ্ষৰ সভাপতিৰ আসন অলংকৃত কৰিছিল?
উঃ হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ ২০০১-২০০২ বৰ্ষৰ সভাপতিৰ আসন অলংকৃত কৰিছিল।
প্রশ্নঃ হোমেন বৰগোহাঞিয়ে লিখা চুটিগল্পৰ পুথিসমূহৰ নাম উল্লেখ কৰা।
উঃ ‘বিভিন্ন কোৰাচ’, ‘বিভিন্ন নৰক’ হোমেন বৰগোহাঞিয়ে লিখা দুখন চুটিগল্পৰ পুথি।
প্রশ্নঃ বৰগোহাঞিৰ আত্মজীৱনীখনৰ নাম কি?
উঃ বৰগোহাঞিৰ আত্মজীৱনীখনৰ নাম ‘আত্মানুসন্ধান’।
👉 Read Also:

