উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদাৰ্পণ‘ পাঠটিৰ Class 11 Assamese Chapter 2 Question Answer Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
গোট-১ গদ্যাংশ
অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ
-পদ্মনাথ গোহাঞিবৰুৱা
👉 Read Also:
- ধনৰ ব্যৱহাৰ প্রশ্ন উত্তৰ
- গৌৰৱ প্রশ্ন উত্তৰ
- কিতাপৰ কথা প্রশ্ন উত্তৰ
- গিবন প্রশ্ন উত্তৰ
- কেমব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্ন উত্তৰ
লেখক পৰিচয়ঃ
পদ্মনাথ গোহাঞিবৰুৱা (১৮৭১-১৯৪৬) পদ্মনাথ গোহাঞিবৰুৱা আছিল অসমৰ এজন স্বাধীনতা বিপ্লবী, লেখক আৰু অসমীয়া ভাষা-সাহিত্যৰ সাধক। তেওঁৰ জন্ম হয় ১৮৭১ চনত লক্ষীমপুৰ জিলাৰ নকাৰী গাওঁত। তেওঁ শিৱসাগৰ আৰু কহিমাত ক্রমে প্রাথমিক শিক্ষা আৰু হাইস্কুলীয়া শিক্ষা গ্রহণ কৰি উচ্চ শিক্ষাৰ উদ্দেশ্যে কলকাতালৈ যায় যদিও বিভিন্ন অসুবিধাৰ বাবে উচ্চ শিক্ষা গ্রহণ কৰিব নোৱাৰি অসমলৈ উভতি আহে। কলকাতাত থাকোঁতেই গোহাঞিবৰুৱাই ‘বিজুলী’ নামৰ আলোচনী এখন সম্পাদনা কৰিবলৈ লয়। এই আলোচনীৰ পাততেই তেওঁৰ ‘লাহৰী’ আৰু ‘ভানুমতী’ উপন্যাস দুখন ধাৰাবাহিকভাবে প্রকাশ পায়।
কলকাতাৰ পৰা উভতি আহি তেওঁ ঘৰতে সাহিত্য সেৱাত নিজকে মনোনিবেশ কৰে আৰু পিছত কহিমা চৰকাৰী ইংৰাজী স্কুলৰ প্ৰধান শিক্ষকৰ পদত যোগদান কৰি চাকৰী জীৱৰ পাতনি মেলে। ইয়াৰ পিছত তেওঁ তেজপুৰ নৰ্মাল স্কুলৰ প্ৰধান শিক্ষক, মঙ্গলদৈৰ তহচিলদাৰ, কাউন্সিলৰ সদস্য, অনাৰেৰী মেজিস্ট্রেট আদি বিষয়-বাবত নিযুক্ত হয়।
উচ্চ সাহিত্য প্রতিভাৰ অধিকাৰী গোহাঞিবৰুৱাই কেইবাখনো মানবিশিষ্ট গ্রন্থ ৰচনা কৰে।
সেইবোৰৰ ভিতৰত উল্লেখযোগ্য কেইখন হ’ল-
নাটকঃ টেটোন তামুলী, গাওঁবুঢ়া, জয়মতী, গদাধৰ, সাধনী আৰু লাচিত বৰফুকন।
উপন্যাসঃ ভানুমতী আৰু লাহৰী।
তত্ত্বমূলক গ্রন্থঃ শ্রীকৃষ্ণ।
আত্মজীৱনীঃ মোৰ জীৱন সোঁৱৰণ।
‘বিজুলী’ আলোচনী সম্পাদনা কৰাৰ উপৰিও তেওঁ ‘আসাম বন্তি’ আৰু ‘উষা’ নামৰ আলোচনী দুখন সম্পাদনা কৰে।
পদ্মনাথ গোহাঞিবৰুৱাই ১৯১৭ চনত স্থাপিত হোৱা ‘অসম সাহিত্য সভা’ৰ প্ৰথম সভাপতি হয় আৰু শিৱসাগৰত অনুষ্ঠিত হোৱা এই সভাৰ প্ৰথম অধিবেশত সভাপতিত্ব কৰে।
১৯৪৬ চনত এই গৰাকী মহান সাহিত্যিকৰ মৃত্যু হয়।
আৰ্হি প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰঃ (মূল্যাংক-১)
১। ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ’ শীর্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উঃ ‘অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ’ শীর্ষক পাঠটি পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী ‘মোৰ সোঁৱৰণী’ নামৰ গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে।
২। মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল?
উঃ মহাত্মা গান্ধীয়ে ১৯২১ চনৰ ২১ আগষ্টত প্ৰথমবাৰৰ বাবে অসম ভ্রমণ কৰিছিল।
৩। পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা।
উঃ ‘মোৰ সোঁৱৰণী’ পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী।
৪। ‘আগৰৱালা পকী’ ক’ত অৱস্থিত?
উঃ ‘আগৰৱালা পকী’ তেজপুৰত অৱস্থিত।
৫। গান্ধীজীৰ সন্মানার্থে ‘পকী’ৰ সন্মুখত আয়োজিত মল্লিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা।
উঃ গান্ধীজীৰ সন্মানার্থে ‘পকী’ৰ সন্মুখত আয়োজিত মল্চিত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকী আছিল পদ্মনাথ গোহাঞিবৰুৱা।
চমু প্রশ্নোত্তৰ (মূল্যাংক -২/৩)
১। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ’ল ‘গাঁওবুঢ়া’ আৰু ‘টেটোন তামুলী’।
২। পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম লিখা।
উঃ পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম ‘বিজুলী’, আসাম বন্তি’ আৰু ‘ঊষা’।
৩। পদ্মনাথ গোহঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম হ’ল ‘শ্রীকৃষ্ণ’, জয়মতী আৰু ‘মোৰ সোঁৱৰণী’।
৪। মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল?
উঃ মহাত্মা গান্ধীয়ে লিখা চিঠিত ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি, Your Excellency’ৰ ঠাইত অকল ‘Your’ বুলি লিখিছিল।
৫। ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ’ শীর্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা।
উঃ ‘অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ’ শীর্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম- তৰুণ ৰাম ফুকন আৰু মৌলনা মহম্মদ আলি।
দীঘল প্রশ্নোত্তৰঃ (মূল্যাংক-৪/৫)
১। পদ্মনাথ গোহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদগ্রীৱ হৈ পৰিছিল?
উঃ গান্ধীজীৰ কীৰ্তি কাহিনীৰ কথা বহুত দিনৰপৰাই গোহাঞিবৰুৱাই শুনি আছিল। দক্ষিণ আফ্রিকাবাসীৰ দুখ-নির্যাতন মোচন আৰু অভাৱ অভিযোগ নিবাৰণৰ অৰ্থে গান্ধীজীৰ অসাধাৰণ কার্য-কলাপ আৰু কৃতিত্বৰ বিষয়ে পঢ়ি-শুনি তেখেতৰ প্ৰতি গোহাঞিবৰুৱাৰ অন্তৰত আন্তৰিক শ্ৰদ্ধা-ভক্তি উপচি পৰিছিল। আমেৰিকাৰ খ্রীষ্টিয়ান মিচনেৰী সম্প্রদায়ে গান্ধীজীৰ মানৱজাতিৰ মংগলার্থে কৰা অলৌকিক আত্মোৎসর্গত বিস্ময় মানি তেখেতক অশেষ প্রশংসা কৰিছিল। সেই সম্প্ৰদায়ৰ পুৰোহিত পাদ্রীসকলে গান্ধীজীক যীশুখ্ৰীষ্টতকৈও ওপৰ খাপত আসন দিয়া দেখি পদ্মনাথ গোহাঞিবৰুৱা স্তম্ভিত হৈছিল। ভাৰতবৰ্ষলৈ উলটি আহি গান্ধীজীয়ে পৰাধীন ভাৰতবাসীৰ উদ্ধাৰৰ অর্থে বিবিধ বিষয়ক নৈতিক, দৈহিক, সামাজিক, ৰাজনৈতিক কার্যত আত্মনিয়োগ কৰে। এবাৰ গান্ধীজীয়ে গৱৰ্ণৰ জেনেৰেল লর্ড বীডিং চাহাবলৈ ভাৰতবাসীৰ হৈ এখন চিঠি লিখে। সেই চিঠিত গৱৰ্ণৰ জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি, ‘Your Excellency’ৰ ঠাইত উকাকৈ অকল ‘Your’ বুলি লিখিছিল। এই কথাবোৰ শুনি তেওঁক লগ পাবলৈ পদ্মনাথ গোহাঞিবৰুৱাই উদগ্ৰীৱ হৈ পৰিছিল।
২। গান্ধীজীৰ প্ৰথম অসম ভ্রমণ সম্পর্কে এটি টোকা প্রস্তুত কৰা।
উঃ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ অপ্রতিদ্বন্দ্ববী নেতা মহাত্মা গান্ধীয়ে ১৯২১ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে অসমলৈ আহে। সেই বছৰৰ আগষ্ট মাহৰ ২১ তাৰিখে তেওঁ তেজপুৰত উপস্থিত হয়। সেইদিনা ৰাতিপুৱা প্রায় ৯.৩০ বজাত গান্ধীভাৰী জাহাজখন তেজপুৰ ঘাটত আহি উপস্থিত হয়। পদ্মনাথ গোহাঞিবৰুৱাৰ সৈতে গোটেই ৰাইজে গান্ধীজীক সম্ভাষণ জনায়। গান্ধীজীয়ে গোহাঞিবৰুৱাক ঘৰতে সূতা কাটি বৈ উলিওৱা খদ্দৰ কাপোৰ ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়ে। তেজপুৰীয়া ৰাইজে শোভাযাত্ৰাৰে গান্ধীজীক আগবঢ়াই নি আগৰৱালা পকী ঘৰত জা-জলপানেৰে আপ্যায়ন কৰে। তাতে পিছত গান্ধীজীয়ে স্বৰাজ আৰু অসহযোগ সম্পর্কে এটা দীঘলীয়া ভাষণ দিয়ে।
৩। গান্ধীজী আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা।
উঃ ১৯২১ চনৰ ২১ আগষ্টৰ ৰাতিপুৱা মহাত্মা গান্ধী যেতিয়া তেজপুৰৰ জাহাজ ঘাটত উপস্থিত হয়, তেতিয়া গোহাঞিবৰুৱাই জাহাজত উঠি গান্ধীজীৰ কাষ চাপে। গান্ধীজীৰ লগত অসম কংগ্ৰেছৰ নেতা তৰুণ ফুকন আহিছিল। ফুকনে গান্ধীজীক “তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা, ৰায়চাহাব পদ্মনাথ গোহাঞিবৰুৱা” বুলি পৰিচয় কৰাই দিয়ে। শুনিয়েই গান্ধী জিকাৰ খাই উঠি ক’লে, “আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।” ফুকনে তেতিয়া বুজাই ক’লে যে গোহাঞিবৰুৱা যদিও চৰকাৰী কৰ্মচাৰী তেওঁ কিন্তু ৰাইজৰ হকেহে মাত মাতে। তেতিয়া গান্ধীয়ে ক’লে, “যি হওক, আশা কৰোঁ খিতাপৰ কিৰীটিয়ে পাক ঘূৰণি খুৱাই আপোনাক ৰাইজৰ প্ৰতিকূলমুখীয়া নকৰক যেন।”
পিছত পদ্মনাথে সেইদিনা পিন্ধি যোৱা কাপোৰ দেখি গান্ধীয়ে শলাগিলে আৰু লাৰি চাই চেলেং কাপোৰৰ সূতা স্বদেশীনে বুলি সুধাত গোহাঞিবৰুৱাই উত্তৰ দিলে, “সূতা ঘৰত কটা নহয়, দোকানৰ পৰা কিনি আনি ঘৰত বোৱা কাপোৰহে।” তেতিয়া গান্ধীয়ে ঘৰতে সূতা কাটি বৈ উলিয়াব পৰা খদ্দৰ কাপোৰ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়ায়। এই দৰেই মহাত্মা গান্ধী আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ মাজত ভাবৰ আদান-প্রদান হৈছিল।
৪। গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মজলিচ বৈঠকৰ আয়োজন কৰিছিল বুজাই লিখা।
উঃ ১৯২১ চনৰ ২১ আগষ্টৰ দিনা যেতিয়া মহাত্মা গান্ধী অসম ভ্ৰমণৰ বাবে আহিছিল তেতিয়া গান্ধীজীৰ সন্মানার্থে ‘আগৰৱালা পকী’ৰ সন্মুখত সন্ধিয়া সাত বজাৰ পৰা বহল ঘাঁহনি চোতালত দলিচা, সতৰঞ্চি, ত্ৰিপাল, নগাঢাৰি পাৰি মচি বৈঠক পতা হৈছিল। নির্ধাৰিত কাৰ্যতালিকা অনুসৰি, টাউনৰ গণ্যমান্য লোকসকল, দূৰৈৰ পৰা আহি অভ্যর্থনাত যোগ দি যথাযোগ্য ঠাইত আসন লৈছিল। মজলিচত গোহাঞিবৰুৱাৰ বাদে আন কোনো চৰকাৰী চাকৰিয়াল, পেন্সনীয়া, গৱৰ্ণমেন্ট খিতাপধাৰী লোক অংশ লোৱা নাছিল।
👉 Read Also:
- অসমৰ পুৰণি খেল-ধেমালি প্রশ্ন উত্তৰ
- এভাৰেষ্টৰ সপোন আৰু বিভীষিকা প্রশ্ন উত্তৰ
- বিয়াৰ প্ৰেজেন্ট প্রশ্ন উত্তৰ
- ৰাৱণক বিভীষণৰ সজ উপদেশ প্রশ্ন
- বৰগীতঃ জয় জয় যাধৱ প্রশ্ন উত্তৰ
৫। “আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।” -এই কথাষাৰ কোনে কি প্রসংগত কৈছিল বুজাই লিখা।
উঃ গান্ধীজী অসম ভ্রমণলৈ আহোঁতে তেজপুৰ জাহাজঘাটত নমাৰ পিছত মি. ফুকনে গোহাঞিবৰুৱাক তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা বুলি পৰিচয় কৰাই দিছিল। তেতিয়া মহাত্মা গান্ধীয়ে কৈছিল, “আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।” তেতিয়া মি. ফুকনে গান্ধীজীক বুজাই কৈছিল যে, ‘ৰায়চাহাব’ খিতাপ গোহাঞিবৰুৱাক চৰকাৰে দিয়া হয় যদিও আচলতে তেওঁ ৰাইজৰ হকেহে কাম কৰে।
অতিৰিক্ত প্রশ্নোত্তৰ:
তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া:
১। ‘ৰায়চাহাব’ খিতাপেৰে বিভূষিত ব্যক্তিগৰাকীৰ নাম কি?
উঃ পদ্মনাথ গোহাঞিবৰুৱা।
২। পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম কিমান চনত হৈছিল?
উঃ ১৮৭১ চনত।
৩। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম কি?
উঃ পদ্মনাথ গোহাঞিবৰুৱা।
৪। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নাম লিখা।
উঃ ‘ভানুমতী’ আৰু ‘লাহৰি’।
৫। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাটক কেইখন কি কি?
উঃ ‘গাঁওবুঢ়া’, ‘টেটোন তামুলী’, ‘জয়মতী’, ‘গদাধৰ’, ‘সাধনী’ আৰু ‘লাচিত বৰফুকন’।
৬। পদ্মনাথ গোহাঞিবৰুৱাৰ তত্ত্বমূলক গ্রন্থ খনৰ নাম লিখা।
উঃ ‘শ্রীকৃষ্ণ’।
৭। ‘মোৰ সোঁৱৰণী’ কাৰ আত্মজীৱনী?
উঃ পদ্মনাথ গোহাঞিবৰুৱাৰ ।
৮। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক’ত হৈছিল?
উঃ ১৯১৭ চনত শিৱসাগৰত হৈছিল।
👉 Read Also:
- ধনবৰ আৰু ৰতনী প্রশ্ন উত্তৰ
- বনকুঁৱৰী প্রশ্ন উত্তৰ
- লাচিত ফুকন প্রশ্ন উত্তৰ
- ৰাজপথ প্রশ্ন উত্তৰ
- এখন চিঠি প্রশ্ন উত্তৰ
- কুশল কোঁৱৰ প্রশ্ন উত্তৰ

