Join WhatsApp

Join Now

Join Telegram

Join Now

ধনবৰ আৰু ৰতনী Class 11 Assamese Chapter 12 Solutions

By Rabbi Masrur

Published On:

ধনবৰ আৰু ৰতনী Class 11 Assamese Chapter 12 Solutions

ধনবৰ আৰু ৰতনী Class 11 Assamese Chapter 12 Solutions

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘ধনবৰ আৰু ৰতনী‘ পাঠটিৰ প্রশ্নোত্তৰ Class 11 Assamese Chapter 12 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘ধনবৰ আৰু ৰতনী প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। ‘ধনবৰ আৰু ৰতনী প্রশ্নোত্তৰ’ চাওঁক:

গোট-৩ কবিতাংশ

ধনবৰ আৰু ৰতনী

– লক্ষ্মীনাথ বেজবৰুৱা

👉 Read Also:

কবি পৰিচয়ঃ

লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) হৈছে বহুমুখী প্রতিভাধাৰী এজন অসমীয়া সাহিত্যিক। তেওঁৰ জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আঁহত গুৰিত। তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এন্ট্রেন্স পৰীক্ষাত উত্তীর্ণ হৈ কলিকতালৈ উচ্চ শিক্ষা লাভ কৰিবলৈ যায়। ১৮৯১ চনত বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্রজ্ঞাসুন্দৰীৰ লগত বিবাহ পাশত আবদ্ধ হয়।

লক্ষ্মীনাথ বেজবৰুৱা আধুনিক সাহিত্যৰ যুগনায়ক। ‘জোনাকী’ আলোচনীৰ যোগেদি অসমীয়া সাহিত্যলৈ তেখেতে নৱন্যাসৰ ধল প্ৰৱাহিত কৰে। ‘জোনাকী’ৰ পাততে তেওঁৰ ধেমেলীয়া নাটক ‘লিতিকাই’ আৰু গল্পসমূহ প্রকাশ পায়। সাহিত্যিক হিচাপে তেওঁৰ প্ৰতিভা আছিল বহুমুখী। কবিতা, নাটক, উপন্যাস, চুটিগল্প, ৰম্য ৰচনা, প্ৰৱন্ধ, সমালোচনা, জীবনী আদি সাহিত্যৰ সকলোবোৰ শাখালৈ তেওঁ সৃষ্টিশীল অৱদান দি অসমীয়া ভাষা আৰু সাহিত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰে। তেওঁৰ ৰচনাসমূহ তলত দিয়া ধৰণে শ্ৰেণী বিভাজন কৰিব পাৰিঃ

ধেমেলীয়া নাটক: লিতিকাই, পাচনি, নোমল আৰু চিকৰ-পতি-নিকৰপতি।

উপন্যাস: পদুম কুঁৱৰী।

কবিতা: কদমকলি।

গল্পপুথি: জোনবিৰি, সাধুকথাৰ কুঁকি, কেহোঁকলি আৰু সুৰভি।

সাধু কথা: বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতিল’ৰা, জুনুকা।

বুৰঞ্জীমূলক নাটক: জয়মতী, চক্ৰধ্বজ সিংহ, বেলিমাৰ।

হাস্য-ব্যঙ্গ ৰচনা: কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি আদি।

জীৱনী: ডাঙৰীয়া দীননাথ বৰবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত, শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ।

আত্মজীৱনী: মোৰ জীৱন সোঁৱৰণ।

তত্ত্বমূলক গ্রন্থ: শ্রীকৃষ্ণ কথা আদি।

তেখেতে ‘বাঁহী’ নামৰ আলোচনী এখনৰ সম্পাদকো আছিল। ১৯২৪ চনত গুৱাহাটীত বহা ‘অসম সাহিত্য সভা’ৰ সভাপতিৰ পদ অলংকৃত কৰিছিল।

১৯৩৮ চনত তেওঁৰ মৃত্যু হয়।

কঠিন শব্দৰ অৰ্থঃ

ভাটি: উজনিৰ বিপৰীত, নৈৰ সোঁতৰ দিশ।

মাধুৰী: মধুৰ গুণ, সৌন্দর্য।

শাখিনী: কুলক্ষণী তিৰোতা।

কুটেশাল: কপটীয়া।

বৰাব: বশ কৰিব।

খাগৰি : এবিধ তৃণজাতীয় উদ্ভিদ।

জাঁজি: উঠি অহা বস্তুৰ থুপ (খাগৰিৰ থুপ)।

কালশতৰু: ঘোৰ শত্রু।

আৰ্হি প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ (মূল্যাংক-১)

১। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম লিখা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম- কদমকলি।

২। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম- মোৰ জীৱন সোঁৱৰণ।

৩। অসমীয়া সাহিত্যত চুটি গল্পৰ জনক বুলি কাক কোৱা হয়?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া সাহিত্যত চুটি গল্পৰ জনক বুলি কোৱা হয়।

৪। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম- সুৰভি।

৫। ‘বাঁহী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?

উত্তৰঃ ‘বাঁহী’ আলোচনীখন লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল।

চমু প্রশ্নোত্তৰ (মূল্যাংক -২/৩)

১। মালিতা কি? ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?

উত্তৰঃ মালিতা হৈছে আখ্যানমূলক গীত। ইংৰাজীত ইয়াক ‘বেলাড’ বুলি কোৱা হয়।

২। ধনবৰ আৰু ৰতনী কোন?

উত্তৰঃ ধনবৰ আৰু ৰতনী এহাল প্রেমিক-প্রেমিকা। ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত।

৩। “বোপাই মোৰ লুইত ঐ! সামৰি লোৱা মোক” বুলি কোনে কিয় কৈছে?

উত্তৰঃ উক্ত কথাষাৰৰ বক্তা ধনবৰ। তেওঁৰ প্ৰেমিকা ৰতনীৰ বিৰহ সহিব নোৱাৰি জীয়াই থাকিবলৈ অনিচ্ছা প্রকাশ কৰি ব্ৰহ্মপুত্ৰৰ পাৰত বহি বিলাপ কৰিছে।

৪। ” ৰতনীক তুলিলে মাকে বাপেকে

ধনাইৰ কাল শতৰু কৰি”

– ৰতনীক কিয় ধনাইৰ কাল শতৰু বুলি কোৱা হৈছে?

উত্তৰঃ ধনবৰ আৰু ৰতনীৰ মাজত থকা গভীৰ প্ৰেমৰ কথা গম পাই ৰতনীৰ মাক-বাপেকে ধনবৰৰ পৰা ৰতনীক আঁতৰাই লৈ গৈছিল। সেই বেজাৰতে ধনবৰ ভাগি পৰিছিল আৰু ব্ৰহ্মপুত্ৰৰ বুকুত নিজকে জাহ দিছিল। সেই বাবেই ৰতনীক ধনবৰৰ ‘কাল শতৰু’ বুলি কোৱা হৈছে।

৫। “পাৰতে কান্দিছে ধনবৰ দুখীয়া” ধনবৰে কিয় কান্দিছে?

উত্তৰঃ এবাৰ মাক বাপেকৰ সৈতে ধনশিৰিমুখৰ ৰতনী কিছুদিন ধনবৰ হঁতৰ ঘৰত আছিলগৈ। সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে। তেওঁলোকৰ প্ৰেমৰ কথা গম পাই ৰতনীক মাক-বাপেকে তাইক লৈ যায়। ইফালে ৰতনীৰ বিৰহত ধনবৰ ভাগি পৰে। ব্যর্থ প্ৰেমৰ বুজা সহিব নোৱাৰি ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত কান্দিব থাকে।

দীঘল প্রশ্নোত্তৰঃ (মূল্যাংক-৪/৫)

১। ‘ধনবৰ আৰু ৰতনী’ কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বর্ণনা কৰা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটো এটি কাল্পনিক আখ্যানমূলক গীতি কবিতা (মালিতা)।

কবিয়ে বর্ণনা কৰা অনুসৰি ৰতনী নামৰ এজনী ষোড়শী গাভৰু মাক-দেউতাকৰ সৈতে ধনশিৰিমুখৰ ঘৰৰ পৰা দিখৌমুখলৈ উজাই আহি ধনবৰহঁতৰ ঘৰত কিছুদিন আছিল। এইখিনি সময়ত ডেকা ধনবৰ আৰু যুৱতী ৰতনীৰ মাজত প্ৰেমৰ উন্মেষ ঘটে। পৰস্পৰে পৰস্পৰক ভাল পাবলৈ লয়। ৰতনীয়ে লাহে লাহে ধনবৰৰ হৃদয়ত নিগাজী আসন লাভ কৰে। কিন্তু এদিন বুকুৰ মাধুৰী হৈ অহা ৰতনীয়ে ধনবৰৰ হৃদয় শূন্য কৰি মাক-দেউতাকৰ সৈতে অহা বাটেৰে গুচি গ’ল।

ৰতনী গুচি যোৱাত ধনবৰ শোকাকুল হৈ পৰিল। ৰতনী অবিহনে ধনবৰ জীয়াই থকা অসম্ভৱ অনুভৱ কৰিলে। তেওঁ ৰতনীৰ স্মৃতি বুকুত সাৱটি বিলাপ কৰি থাকিল। তেওঁৰ মনৰ অৱস্থা ৰতনীয়ে বুজিলেও তাইৰ মাকে নুবুজিলে। ধনবৰে দেখিলে যে জাক পাতি বগলীবোৰে পাখিত পাখি লগাই উৰা মাৰিছে। কিন্তু ৰতনী অবিহনে ধনবৰ উৰিব নোৱাৰে। পূৱৰ বতাহজাকে ধান গছত ঠোক দি যায়, কিন্তু ৰতনীয়ে ধনবৰক শোকহে দি গ’ল। লুইতৰ বুকুত শিহুয়ে টুপাই বুৰ মাৰিলেও কিছুসময় পিছত আকৌ ওলাই দেখা দিয়ে। কিন্তু ৰতনী ধনবৰৰ কাষৰ পৰা গুছি গ’ল, পুনৰাই উভতি নাহিল। এইদৰে দুখ-শোকত ধনবৰৰ বুকু ভাগি পৰিল। ৰতনী যেন তেওঁৰ কালশতৰু হৈ পৰিল। ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি ফেকুৰি-ফেকুৰি অভিমান কৰি শোক কৰি থাকিল। কাৰণ ধনবৰ ভিকহুৰো ভিকহু। অৱশেষত শোকত ম্রিয়মান হৈ ধনবৰে ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দি আত্মহত্যা কৰিলে।

এইদৰে কবিতাটিৰ মাজেৰে ধনবৰৰ শোক আৰু বিলাপ অতি সকৰুণ সুৰত প্ৰতিধ্বনিত হৈছে।

👉 Read Also:

২। ‘ধনবৰ আৰু ৰতনী’ কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে?

উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ কবিতাটোৰ মাজেৰে ধনবৰ আৰু ৰতনীৰ মাজত থকা গভীৰ প্ৰেমৰ ভাষ্য প্রকাশ পাইছে। ধনবৰে ৰতনীক নিজৰ হৃদয়ত নিগাজীকৈ ঠাই দিছিল। কিন্তু ৰতনী যেতিয়া ধনবৰহঁতৰ ঘৰ এৰি গুছি গৈছিল তেতিয়া ধনবৰৰ মনত আঘাত লাগিছিল। সি ৰতনীৰ বিৰহত ব্ৰহ্মহ্মপুত্ৰৰ পাৰত বিলপ কৰিবলৈ ধৰিলে। বুকুৰ মাধুৰী লৈ উজাই অহা ৰতনীয়ে যাবৰ পৰত শাহটো সামৰি ধনবৰলৈ খোলাটো এৰি গ’ল বুলি ধনবৰে বিলাপ কৰিছ। ৰতনীৰ সৈতে গভীৰ প্ৰেমৰ সম্পর্ক গঢ়ি উঠাৰ পিছতো পিতৃ-মাতৃক মনাব নোৱাৰা ধনবৰে কেনেকৈ জীয়াই থাকে বুলি প্রশ্ন কৰিছে। ধনবৰৰ বুকু শুদা কৰি মাক-বাপেকৰ সৈতে ঘূৰি যোৱা ৰতনীক কালশতৰু বুলি অভিহিত কৰিছে আৰু কবিতাটোৰ শেষৰ ফালে “যাগে ৰতনী, নাহিবি নাহিবি, বিচাৰি নাহিবি মোক।” বুলি ৰতনীৰ প্ৰতি গভীৰ অভিমান প্রকাশ কৰিছে।

৩। ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ প্ৰকাশ কিদৰে ঘটিছে বৰ্ণনা কৰা।

উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ কবিতাটো এটা মালিতা। মালিতাটোৰ মাজেৰে ধনবৰৰ কাৰুণ্যতা প্রকাশ পাইছে। ধনশিৰিমুখৰ ৰতনী মাক-বাপেকৰ সৈতে কিছুদিন ধনবৰহঁতৰ ঘৰত থকাৰ সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে। দুয়োৰে মাজত থকা প্ৰেমৰ কথা গ’ম পাই ৰতনীক মাক-বাপেকে ঘৰলৈ লৈ গ’ল। ধনবৰ ভাগি পৰিল। সি লুইতৰ পাৰত বহি বিলাপ কৰিবলৈ ধৰিলে। ৰতনীৰ অবিহনে ধনবৰৰ জীৱন যেন বৃথা। মনৰ বেজাৰত সেন্দুৰী টিঙত বহি উটি যোৱা ৰতনীক কালশতৰু বুলি কয়। কিয়নো প্রথমে ভালপোৱা দি পিছত বুকুৰ কামিহাড় ভাঙি ৰতনী আঁতৰি গৈছে যাৰ বাবে ধনবৰৰ জীয়াই থকাৰ হেঁপাহ নোহোৱা হৈছে। লুইতৰ পাৰত বিননি জুৰি অৱশেষত ৰতনীৰ বেজাৰতে ধনবৰ লুইতৰ বুকুত জাহ গৈছে।

৪। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ

ক) গঙাতে উৰিল ঐ গঙাৰে চিলনী,

বালিতে উৰিল ঐ ঘোঁৰা,

সেন্দুৰী টিঙতে বহি উটি গ’লে

ৰতনী ধনাইৰি পৰা।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘ধনবৰ আৰু ৰতনী’ নামৰ আখ্যানমূলক গীতি কবিতাৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাঁকিৰ মাজেৰে ৰতনীয়ে ধনবৰক এৰি গুচি যোৱাত ধনবৰৰ মনৰ শোক প্ৰকাশ পাইছে।

প্ৰেমত আতুৰ হৈ ধনবৰে বিলাপ কৰি কৈছে যে আকাশৰ ওপৰেদি পাখি মেলি উৰি যোৱা গঙা চিলনীবোৰ কিছুসময়ৰ বাবে দেখা দি পুনৰ অদৃশ্য হয়। আকৌ বালিৰ মাজত থকা পোক-পৰুৱাবোৰেও কেতিয়াবা অলপ সময়ৰ বাবে দেখা দি পুনৰ তল যায়। ঠিক সেইদৰে সুন্দৰী নাওৰ টিঙত উঠি অহা ৰতনীয়েও অলপ দিনৰ বাবে ধনবৰৰ ওচৰলৈ আহি হৃদয়ত প্ৰেমৰ জোঁৱাৰ তুলি পুনৰ চিৰদিনৰ বাবে গুচি গ’লগৈ।

এনেদৰে ব্যাখ্যেয় কবিতাফাঁকিৰ মাজেদি ধনবৰৰ প্ৰেম বিৰহৰ বিলাপ প্রকাশ পাইছে।

খ) ফুটুকাৰ তলতে যখিনী ছোৱালী।

টুকটুক চাপৰি বায়

ধনাইৰ ছাঁতে ৰতনী নাই ঐ

কোনে তাৰ মুখলৈ চায়।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তর্গত লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘ধনবৰ আৰু ৰতনী’ নামৰ আখ্যানমূলক গীতি কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উদ্ধৃত কবিতাফাঁকিৰ মাজেদি ৰতনীয়ে প্রেমিক ধনবৰক এৰি গুছি যোৱাত বিচ্ছেদ বেদনাত শোকাকুল হোৱা ধনবৰৰ বিলাপ প্রকাশ পাইছে।

ৰতনীয়ে ধনশিৰিৰ মুখেৰে উজাই আহি দিখৌমুখৰ ধনবৰহঁতৰ ঘৰত কিছুদিন আছিল। এই সময়খিনিত ধনবৰ আৰু ৰতনীৰ মাজত প্ৰেমৰ উন্মেষ হয়। কিন্তু কিছুদিন পিছত ৰতনী মা-দেউতাৰ লগত ধনবৰক এৰি গুচি যোৱাত ধনবৰ শোকত ম্রিয়মান হৈ পৰিল। তেওঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বহি আপোন মনেৰে শোক কৰি থাকিল। ফুটুকানি হাবিত যেন ভূত-প্রেত ৰূপী যখিনী ছোৱালীয়ে টুক-টুক হাত-চাপৰি বাই ফুৰা দেখিছে, কিন্তু ৰতনী নথকা বাবে তালৈ কাৰো দৃষ্টি পৰা নাই।

অতিৰিক্ত প্রশ্নোত্তৰ:

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া:

(ক) ‘ধনবৰ আৰু ৰতনী’ কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ মালিতা (আখ্যানমূলক গীতি কবিতা) শ্ৰেণীৰ কবিতা।

(খ) ‘ধনবৰ আৰু ৰতনী’ ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ কতিাটো লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘কদমকলি’ নামৰ কাব্য পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে।

(গ) লক্ষ্মীনাথ বেবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ ‘মোৰ জীৱন সোঁৱৰণ’।

(ঘ) লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা এখন আলোচনীৰ নাম লিখা।

উত্তৰ: ‘বাঁহী’।

(ঙ) লক্ষ্মীনাথ বেজবৰুৱাই কোনখন অসম সাহিত্য সভা অধিবেশনৰ সভাপতি হৈছিল?

উত্তৰ: অসম সাহিত্য সভাৰ ১৯২৪ চনৰ গুৱাহাটী অধিবেশনৰ সভাপতি হৈছিল।

(চ) অসমীয়া চুটিগল্পৰ জনক কোন?

উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।

(ছ) ৰতনীৰ ঘৰ ক’ত আছিল?

উত্তৰ: ধনশিৰিৰ পাৰত।

(জ) ধনবৰ আৰু ৰতনীৰ প্ৰেমৰ অন্তৰায় কোন আছিল?

উত্তৰ : ৰতনীৰ মাক-দেউতাক।

(ঝ) পাৰত বহি কোনে কান্দি আছিল?

উত্তৰ: ধনবৰে।

(ঞ) কবিয়ে কাক ধনাইৰ ‘কাল শতৰু’ বুলি কৈছে?

উত্তৰ : ৰতনীক।

(ট) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র উপন্যাসখনৰ নাম কি?

উত্তৰ: পদুমকুঁৱৰী।

(ঠ) ‘জোনাকী’ আলোচনী কোন চনত প্রকাশ পাইছিল?

উত্তৰ: ১৮৮৯ চনত।

(ড) জোনাকী যুগৰ ত্রিমূর্তি কোন কোন?

উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্র গোস্বামী।

(ঢ) লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম লিখা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম-কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি আৰু বৰবৰুৱাৰ বুলনি।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment