Join WhatsApp

Join Now

Join Telegram

Join Now

Class 11 Assamese Chapter 8 Solutions এভাৰেষ্টৰ সপোন আৰু বিভীষিকা

By Rabbi Masrur

Published On:

এভাৰেষ্টৰ সপোন আৰু বিভীষিকা Class 11 Assamese Chapter 8 Solutions

Class 11 Assamese Chapter 8 Solutions এভাৰেষ্টৰ সপোন আৰু বিভীষিকা

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘এভাৰেষ্টৰ সপোন আৰু বিভীষিকা‘ পাঠটিৰ প্রশ্নোত্তৰ Class 11 Assamese Chapter 8 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘এভাৰেষ্টৰ সপোন আৰু বিভীষিকা প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। এভাৰেষ্টৰ সপোন আৰু বিভীষিকা প্রশ্নোত্তৰ চাওঁক:

গোট-১ গদ্যাংশ

এভাৰেষ্টৰ সপোন আৰু বিভাষিকা

-প্রণয় বৰদলৈ

👉 Read Also:

লেখক পৰিচয়ঃ

প্রণয় বৰদলৈ (১৯৬৪) এজন সাংবাদিক, কাকতৰ সম্পাদক, পৰিবেশপ্রেমী, পর্বত আৰোহণকাৰী আৰু সুলেখক। তেখেতৰ জন্ম হয় গুৱাহাটীত। গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি আৰ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। মহাবিদ্যালয়ত পঢ়ি থকা দিনৰ পৰা লেখা-মেলাত মনোনিবেশ কৰে। তেখেত ‘জ্ঞানদ্বীপ’ আলোচনীৰ উপসম্পাদক পদত থকাৰ উপৰিও ‘আজিৰ অসম’, ‘আজিৰ বাতৰি’, ‘আমাৰ অসম’, ‘জনসাধাৰণ’ আদি কাকতৰ উপসম্পাদক তথা কার্যনির্বাহক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। দুঃসাহসিক ক্রিয়া-কলাপৰ লগত জড়িত বৰদলৈয়ে বন্যপ্রাণী সংৰক্ষণতো আগভাগ লয়। এতিয়ালৈকে তেখেতৰ প্ৰকাশিত গ্রন্থকেইখন হ’ল: হিমালয়ৰ শিখৰে কন্দৰে, উত্তুঙ্গ যোগীন আদি।

আৰ্হি প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ (মূল্যাংক-১)

১। এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীর্থই কি পৰিধান কৰিছিল?

উঃ এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীর্থই বতাহ আৰু বৰষুণৰ পানী প্রতিৰোধী জেকেট আৰু ট্রাওজাৰ পৰিধান কৰিছিল।

২। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত?

উঃ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা ১৮,০০০ ফুট উচ্চতাত অৱস্থিত।

৩। অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্রী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম কি আছিল?

উঃ অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্রী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম আছিল ‘খুম্বু আইচ ফল’।

৪। নেপালীসকলৰ জনবিশ্বাস মতে সাগৰ মাথা বা মাউন্ট এভাৰেষ্টৰ জীয়ৰী বুলি কাক জনা যায়?

উঃ নেপালীসকলৰ জনবিশ্বাস মতে সাগৰ মাথা বা মাউন্ট এভাৰেষ্টৰ জীয়ৰী বুলি ‘পু’মৰি শিখৰ’ক জনা যায়।

৫। লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই কাৰ নেতৃত্বত ২০১৫ চনত ‘অসম এভাৰেষ্ট অভিযান’ নাম দি এভাৰেষ্টলৈ অভিযান চলায়?

উঃ লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই মানস বৰুৱাৰ নেতৃত্বত ২০১৫ চনত ‘অসম এভাৰেষ্ট অভিযান’ নাম দি এভাবেষ্টলৈ অভিযান চলায়।

চমু প্রশ্নোত্তৰ (মূল্যাংক -২/৩)

১। হিমানী সম্প্রপাতৰ প্রলয়ংকৰী ৰূপক প্রতিহত কৰি ‘অসম এভাৰেষ্ট অভিযান’ৰ দলটোৱে নিজকে মৃত্যুপথৰ পৰা উদ্ধাৰ কৰিবলৈ কেনেধৰণৰ কৌশল অৱলম্বন কৰিছিল?

উঃ হিমানী সম্প্রপাতৰ প্রলয়ংকৰী ৰূপক প্রতিহত কৰি ‘অসম এভাৰেষ্ট অভিযান’ৰ দলটোৱে নিজকে মৃত্যুপথৰ পৰা উদ্ধাৰ কৰিবলৈ জমাৰিং, টিপ ট’ ক্লাইম্বিং আদি কৌশল অনুশীলন কৰিছিল। তেওঁলোকে পৰ্বতাৰোহণৰ প্ৰাথমিক আৰু এডভান্স মাউন্টেইনীয়াৰিঙৰ কৰ্ছত এইবোৰ কৌশল শিকিছিল। সেইসময়ত তেওঁলোকে গোলাকাৰভাৱে কান্ধত কান্ধ মিলাই ইজনে সিজনক সাৱটি ধৰি আঁঠুত সামান্য ভৰি ভাঁজ কৰি লৈ অলপ চাপৰি এভালেন্স পজিশ্যন লৈছিল।

২। দ্রুতবেগী হিমানী সম্প্রপাতৰ ওচৰত জীৱনে হাৰ মনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকী কোন কোন ৰাষ্ট্ৰৰ আছিল?

উঃ দ্রুতবেগী হিমানী সম্প্রপাতৰ ওচৰত জীৱনে হাৰ মনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকীৰ এগৰাকী আছিল চীনা মহিলা আৰু আনগৰাকী আছিল আমেৰিকান।

৩। ‘KHUMBO ICE FALI’ বুলিলে কি বুজা?

উঃ ‘KHUMBO ICE FALL’ বুলিলে বৰফৰ নদী ভাঙি খণ্ড-বিখণ্ড হৈ স্তূপীকৃত বৰফৰ প্রাচীৰ সৃষ্টি কৰাকে বুজায়।

👉 Read Also:

৪। কাৰ নেতৃত্বত কোন অঞ্চললৈ ট্রেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত মাউন্ট এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল?

উঃ প্রয়াত পৰ্বতাৰোহী নেছিম বাইটীৰ নেতৃত্বত নেপাল-হিমালয়ৰ হেলেম্বু অঞ্চললৈ ট্রেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত মাউন্ট এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল।

৫। প্রথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন কোন কোন আছিল?

উঃ প্রথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন আছিল তৰুণ শইকীয়া আৰু মনিষ ডেকা।

দীঘল প্রশ্নোত্তৰঃ (মূল্যাংক-৪/৫)

১। লেখকৰ অনুশীলনৰ অন্তিম পৰ্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্রপাতে অভিযানকাৰী দলক কি পৰিস্থিতিৰ মুখামুখি কৰাইছিল?

উঃ লেখকৰ অনুশীলনৰ অন্তিম পৰ্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্রপাতে এক বিশালাকাৰ প্রলয়ংকৰী ৰূপ ধাৰণ কৰিছিল। তেওঁলোকৰ কেম্পত থকা টেন্টসমূহ উৰুৱাই নি বহুত দূৰত পেলাইছিল। মৃত্যুৰ আগজাননী পাই তেওঁলোকে গোলাকাৰভাৱে কান্ধত কান্ধ মিলাই ইজনে সিজনক সাৱটি ধৰি ভৰি সামান্য ভাঁজ কৰি লৈ অলপ চাপৰি হিমস্খলনৰ সাৱধানতা লৈছিল যাতে বৰফৰ সেই দৈত্যই তেওঁলোকক গ্রাস কৰিব নোৱাৰে। হিমানী সম্প্রপাত যেতিয়া তেওঁলোকৰ মূৰৰ ওপৰেৰে পাৰ হৈ গৈছিল তেতিয়া তেওঁলোক বৰফৰ মাজত পুত ৈেগছিল। অভিযানকাৰীসকলৰ উশাহ-নিশাহ প্রায় বন্ধ হৈ পৰিছিল।

২। হিমানী সম্প্রপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ বৰফৰ দৈত্যৰ কেনে ধ্বংসলীলা দেখিছিল?

উঃ হিমানী সম্প্রপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ দেখিলে যে বৰফৰ দৈত্যই টেণ্টবোৰ উৰুৱাই লৈ গৈছে আৰু বহুকেইজন পৰ্বতাৰোহীৰ সৈতে শ্বের্পাজনৰ মৃত্যু হৈছে। দুটা ভিন্ন অভিযানৰ দুগৰাকী পৰ্বতাৰোহীৰো মৃত্যু হৈছে। তাৰে এগৰাকী আছিল চীনা মহিলা চিকিৎসক। তেওঁ স্ন ‘ফলৰ বাবে টেণ্টৰ ভিতৰত শ্লিপিং বেগৰ উমৰ মাজত সোমাই কিতাপ পঢ়াত ব্যস্ত থাকোঁতেই হিমানীয়ে মহিলাগৰাকীক থেকেচি থৈ যায়। আনগৰাকী আছিল আমেৰিকান। ১৯ গৰাকী পৰ্বতাৰোহীৰ ঘটনাস্থলীতত মৃত্যু হয় আৰু এজনৰ পিছত চিকিৎসালয়ত মৃত্যু হয়। ৫০ ৰো অধিক পৰ্বতাৰোহী আঘাতপ্রাপ্ত হয়।

৩। এভাৰেষ্ট অভিযানৰ সংশয়ৰ দিন এটিত লেখকৰ মনত হাঁহিৰ খোৰাক জন্মোৱা ঘটনাটো কি আছিল?

উঃ ৩ এপ্রিলত যেতিয়া লেখকে এভাৰেষ্ট অভিযানৰ বাবে ঘৰ এৰিছিল তেতিয়াৰ পৰা জিভাই মাছৰ সোৱাদ পোৱা নাছিল। সেয়ে দুদিনমানৰ প্ৰস্তুতিৰে বেছ কেম্পৰ মেনেজাৰ অমৰ ডেকাই কাঠমাণ্ডুৰ পৰা হেলিকপ্টাৰেৰে অভিযানকাৰী দলটোৰ বাবে মাছ অনাৰ ব্যৱস্থা কৰিছিল। অমৰে থেকেৰাৰে মাছৰ টেঙা ৰান্ধিবৰ বাবে দলটোৰ লগত থকা ৰান্ধনিৰ জৰিয়তে বিশেষ ব্যৱস্থা কৰিছিল। জলপান খাই বৰ আশাৰে তেওঁলোক ওলাই গৈছিল, দুপৰীয়া মাছৰ টেঙাৰে ভালকৈ ভাত এসাঁজ ভাত খাব বুলি। কিন্তু তেওঁলোকৰ আশাত চেঁচা পানী পৰিল। হিমানী সম্প্রপাতে তেওঁলোকে আশ্রয় লোৱা টেন্টসমূহৰ লগতে পাকঘৰ থকা তম্বু আৰু ডাইনিং টেন্টটো টাঁহি-মুহি উৰুৱাই নি ছিন্ন-ভিন্ন কৰি পেলাইছিল। সেই বৰফৰ দৈত্যই অন্য খাদ্য-সামগ্ৰীসমূহৰ লগতে কাঠমাণ্ডুৰ পৰা অনা মাছৰ টেঙাৰ আঞ্জাও গ্রাস কৰিছিল। সেই ঘটনাই লেখকৰ মনত হাঁহিৰ খোৰাক যোগাইছিল।

৪। প্রয়াত পৰ্বতাৰোহী নেছিম আখতাৰ আৰু লেখকৰ মাজত হোৱা কথোপকথনৰ এটি চমুটোকা যুগুত কৰা।

উঃ নেছিম আখতাৰে লেখকৰ মনত এভাৰেষ্ট জয় কৰাৰ সপোন জগাই তুলিছিল। লগ পালেই তেওঁ লেখকক কৈছিল, “দেশৰ অন্য প্রান্তৰ পৰ্বতাৰোহীয়ে যেতিয়া পাৰিছে অসমৰ পৰ্বতাৰোহীয়ে এভাৰেষ্টৰ শীৰ্ষত থিয় হ’ব নোৱাৰিব কিয়?”

৫। ‘অসম এভাৰেষ্ট অভিযান’ দলটিৰ ওভতনি যাত্রা কেনেকুৱা আছিল ব্যাখ্যা কৰা।

উঃ ২০১৫ চনত মানস বৰুৱাৰ নেতৃত্বত ‘অসম এভাৰেষ্ট অভিযান’ নাম দি লেখক প্ৰণয় বৰদলৈয়ে এভাবেষ্ট অভিযান চলাইছিল। ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত আয়োজিত এই অভিযানত এ’প্ল’ৰাৰ্ছ, শিখৰ, কাৰ্বি আংলং পর্বতাৰোহণ সন্থা আদি সংগঠনে সহযোগ কৰিছিল। দলটোৰ আন সদস্যসকল আছিল- উপেন চক্রবর্তী, ডাঃ জগদীশ বসুমতাৰী, হেনৰী ডেভিড টেৰণ, বিপ্লৱ চহৰীয়া, নন্দ দুলাল দাস, খৰচিং ইংতি আৰু পৰাগ দাস। দলটোৰ বেছ কেম্প মেনেজাৰৰ দায়িত্ব বহন কৰিছিল অমৰ ডেকা আৰু শৈলেন দাসে। লেখকৰ অনুশীলনৰ অন্তিম পৰ্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্রপাতে এক বিশালাকাৰ আয়তন ধাৰণ কৰি প্ৰলৰ ৰূপ লৈছিল। তেওঁলোকৰ কেম্পত থকা টেন্টসমূহ উৰুৱাই নি বহুত দূৰত পেলাইছিল। হিমানী সম্প্রপাত যেতিয়া তেওঁলোকৰ মূৰৰ ওপৰেৰে পাৰ হৈ গৈছিল তেতিয়া তেওঁলোক বৰফৰ মাজত পুত গৈছিল। অভিযানকাৰীসকলৰ উশাহ-নিশাহ বন্ধ প্রায় হৈ পৰিছিল।

হিমানী সম্প্রপাতে তেওঁলোকে আশ্রয় লোৱা টেণ্টসমূহৰ লগতে পাকঘৰ থকা তম্বু আৰু ডাইনিং টেন্টটো ঢাঁহি-মুহি উৰুৱাই নি ছিন্ন-ভিন্ন কৰি পেলাইছিল। সেই বৰফৰ দৈত্যই খাদ্য-সামগ্ৰীসমূহ নষ্ট কৰিছিল। পিছত প্ৰকৃতিৰ এই বিভীষিকাৰ বাবে এভাবেষ্ট জয় কৰাৰ সপোন আধাতে সামৰি অভিযানকাৰী দলটিয়ে ওভতনি যাত্ৰা আৰম্ভ কৰিছিল।

অতিৰিক্ত প্রশ্নোত্তৰ:

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া:

(ক) ‘এভাৰেষ্টৰ সপোন আৰু বিভীষিকা’ পাঠটিৰ লিখক কোন?

উঃ প্ৰণয় বৰদলৈ।

(খ) পর্বত আৰোহণ অভিযানক কি বুলি কোৱা হয়?

উঃ টিম গেম।

(গ) পর্বত অভিযানত শাৰীৰিক শক্তিৰ উপৰিও কি শক্তিৰ প্ৰয়োজন?

উঃ মানসিক শক্তিৰ প্ৰয়োজন।

(ঘ) যোগীন -১ ৰ উচ্চতা কিমান?

উঃ ২১,৩৩৫ ফুট।।

(ঙ) প্রণয় বৰদলৈয়ে সম্পাদনা কৰা এখন বাতৰি কাকতৰ নাম লিখা?

উঃ জ্ঞানদ্বীপ।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment