Join WhatsApp

Join Now

Join Telegram

Join Now

বৰগীত জয় জয় যাধৱ জলনিধিজা Class 11 Assamese Chapter 11 Solutions

By Rabbi Masrur

Published On:

বৰগীত জয় জয় যাধৱ জলনিধিজা Class 11 Assamese Chapter 11 Solutions

বৰগীত জয় জয় যাধৱ জলনিধিজা Class 11 Assamese Chapter 11 Solutions

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘বৰগীত জয় জয় যাধৱ জলনিধিজা‘ পাঠটিৰ প্রশ্নোত্তৰ Class 11 Assamese Chapter 11 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘বৰগীতঃ জয় জয় যাধৱ জলনিধিজা প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। ‘বৰগীতঃ জয় জয় যাধৱ জলনিধিজা প্রশ্নোত্তৰ’ চাওঁক:

গোট-৩ কবিতাংশ

বৰগীতঃ জয় জয় যাদৱ জলনিধিজা

– শংকৰদেৱ

👉 Read Also:

কবি পৰিচয়ঃ

শ্রীমন্ত শংকৰদেৱ (১৪৪৯- ১৫৬৮)) নরবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, সমাজ সংস্কাৰক আৰু এজন মহান সাহিত্যিক। তেওঁৰ জন্ম হয় অসমৰ নগাওঁ জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ শিৰোমণি ভুঞা আৰু মাকৰ নাম আছিল সত্যসন্ধ্যা। সৰুতে মাক-দেউতাক ঢুকুৱাত বুঢ়ীমাক খেৰসুতিয়ে শংকৰদেৱক তুলি-তালি ডাঙৰ-দীঘল কৰে।

বুঢ়ীমাক খেৰসুতিয়ে শিশু শংকৰদেৱক বাৰ বছৰ বয়সত মহেন্দ্ৰ কন্দলি নামৰ এজন পণ্ডিতৰ টোলত ভর্তি কৰি দিয়ে। অতি কম সময়ৰ ভিতৰতে তেওঁ সংস্কৃত শাস্ত্রত পাৰ্গত হৈ উঠে।

১৪৮১ চনত ১৭ জন সঙ্গীৰ সৈতে তেওঁ তীর্থ ভ্রমণ কৰিবলৈ ওলায়। এই ভ্রমণ কালত তেওঁ উত্তৰ ভাৰতৰ প্ৰায়বোৰ তীৰ্থস্থান পৰিদৰ্শন কৰে আৰু সেই সময়ৰ হিন্দু ধৰ্মৰ বহুতো ধৰ্ম গুৰুৰ সৈতে মত বিনিময় কৰি আধ্যাত্মিক জ্ঞানত পুষ্ঠ হৈ বাৰ বছৰ পিছত অসমলৈ উভতি আহে। সেই সময়ত অসমত সামাজিক আৰু ধর্মীয় জীৱনত নানান খেলিমেলি দেখি হিন্দু ধৰ্ম সংস্কাৰ কৰাৰ মানসেৰে ভাগৱত গীতাৰ ভিত্তিত এক নতুন ধৰ্মমতৰ পাতনি মেলে। সেই ধৰ্মক ‘নৱবৈষ্ণৱ ধর্ম’ বুলি কোৱা হয়। ‘এক দেৱ, এক সেৱ, এক বিনে নাই কের’ – হৈছে তেওঁৰ ধৰ্মৰ মূলমন্ত্র। তেওঁ তেওঁৰ ধৰ্মমত প্ৰচাৰৰ মাধ্যম হিচাপে সাহিত্য ৰচনা কৰিবলৈ লয়।

তেওঁৰ ৰচনাসমূহ তলত দিয়া ধৰণে ভাগ কৰিব পাৰিঃ

কাব্যঃ হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণীহৰণ কাব্য, বলিছলন, অমৃত মন্থন, গজেন্দ্র উপাখ্যান, অজামিল উপাখ্যান, কুরুক্ষেত্র আদি।

ভক্তিমূলক পুথি: ভক্তি প্রদীপ, নিমি-নরসিদ্ধ সংবাদ, ভক্তি ৰত্নাকৰ, অনাদি পতন আদি।

নাম প্রসঙ্গমূলক পুথি: কীর্তন ঘোষা, গুণমালা আদি।

অনুবাদমূলক পুথি: ভাগৱত, আৰু উত্তৰাকাণ্ড ৰামায়ণ।

অংকীয়া নাট: পত্নী প্রসাদ, কালিয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰামজিয়।

গীত: বৰগীত, ভটিমা।

শ্ৰীমন্ত শংকৰদেৱৰ ‘কীৰ্তন ঘোষা’ নামৰ পুথিখন হৈছে তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তি স্তম্ভ স্বৰূপ। শংকৰদেৱে অসমীয়া জাতীয় জীৱনলৈ অকল এক নতুন ধর্ম দি যোৱাই নহয়, তেওঁ অসমীয়া সমাজ সংস্কৃতিলৈয়ো নানান অৱদান আগবঢ়াই অসমীয়া জাতিক এক স্বকীয়তা প্রদান কৰি গৈছে।

এইজন মহাপুৰুষে ১৫৬৮ চনত এশ উনৈশ বছৰ বয়সত কোচ বিহাৰৰ ভেলা মধুপুৰ সত্ৰত ইহলীলা সম্বৰণ কৰে।

কঠিন শব্দৰ অৰ্থঃ

জলনিধিঃ সাগৰ (জল-পানী, নিধি-আকৰ, ভাণ্ডাৰ)।

জলনিধিজা: লক্ষ্মী (জলনিধি অর্থাৎ সাগৰত জন্ম যায়, সিয়েই জলনিধি। দেৱাসুৰে লগলাগি সাগৰ মন্থন কৰোতে লক্ষ্মীৰ উৎপত্তি হৈছিল। সেইবাবে লক্ষ্মী সাগৰৰ কন্যা।) ধৱঃ পতি, স্বামী, জলনিধিজা ধৱ মানে লক্ষ্মীৰ পতি, অর্থাৎ শ্রীকৃষ্ণ)।

ধাতা: নাৰায়ণ।

শ্রুত: শুনা, শ্ৰৱণ কৰা (অন্য অর্থাৎ শ্রুত মানে বেদসমূহ)।

শ্রুতমাত্র: শুনা বা শ্ৰৱণ কৰা মাত্রকে।

অখিল: পৃথিৱী।

ত্রাতাঃ উদ্ধাৰ কৰোঁতা।

শ্রুতমাত্রাখিলত্রাতাঃ শুনা বা শ্ৰৱণ কৰা মাত্রকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰোঁতা।

সিদ্ধি: কামনা পূর্ণ হোৱা।

মুকুতি: মুক্তি।

জগজনজীবন: জগতৰ সকলোৰে জীৱন স্বৰূপ।

অজন: যাৰ জন্ম নাই, নিত্য, সনাতন, চিৰন্তন।

জনার্দন: যি মায়াৰ অতীত, মায়াই যাক বশ কৰিব নোৱাৰে, শ্রীকৃষ্ণ।

দনুজঃ ৰাক্ষস, দক্ষ ৰজাৰ কন্যা দনুক কাশ্যপ ঋষিয়ে বিয়া কৰাইছিল। দনুৰ পৰা জন্ম হোৱা সন্তানক দনুজ বুলি কোৱা হয়।।

মহদানন্দ: মহা আনন্দ।

কন্দঃ মূল।

মহদানন্দকন্দ: পৰম আনন্দৰ যি মূল কাৰণ, অর্থাৎ ভগৱান বিষ্ণু।

নন্দ নন্দনঃ নন্দৰ পুত্ৰ, শ্রীকৃষ্ণ।

বিবিধি বিহাৰঃ নানবিধ ক্রীড়া।

বিশাৰদঃ নিপুণ।

শাৰদ: শৰৎ কালৰ।

ইন্দুনিন্দি: ইন্দু মানে চন্দ্ৰ, নিন্দি মানে নিন্দা কৰা, হীন অর্থাৎ য’ত চন্দ্ৰৰ সৌন্দৰ্যও কম দেখি।

শাৰদ ইন্দু নিন্দি: শৰৎ কালৰ চন্দ্ৰতকৈয়ো অধিক সুন্দৰ।

পৰকাশী: প্রকাশিত হোৱা।

শেষ শয়ন: অনন্ত নাগৰ ফণাত শয়ন কৰোঁতা, শ্রীকৃষ্ণ।

শিৱঃ মহাদেৱ।

জগত বন্ধুবিধু: ভগৱান শ্রীকৃষ্ণ।

মধুৰিপুঃ মধু নামৰ অসুৰৰ যিজন ৰিপু বা শত্রু তেৱেঁই মধুৰিপু, অর্থাৎ শ্রীকৃষ্ণ।

মুৰনাশী: মুৰ নামৰ অসুৰক নাশ কৰোঁতা, অর্থাৎ শ্রীকৃষ্ণ।

সৰোৰুহঃ পদুম ফুল।

আৰ্হি প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ (মূল্যাংক-১)

১। শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো?

উঃ শংকৰদেৱৰ প্ৰথম বৰগীত ‘মন মেৰি ৰাম চৰণহি লাণ্ড’।

২। শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি?

উঃ শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম ‘ভক্তি ৰত্নাকৰ’।

৩। শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল?

উঃ শংকৰদেৱে ছয়খন নাট ৰচনা কৰিছিল।

৪। বৰগীতবোৰ কি ভাষাত ৰচিত?

উঃ বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত।

৫। শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি?

উঃ শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কৃষ্ণ ভক্তিৰ মহিমা প্রকাশ।

👉 Read Also:

চমু প্রশ্নোত্তৰ (মূল্যাংক -২/৩)

১। ‘শ্রুতমাত্রাখিলত্রাতা’ শব্দটোৰ অৰ্থ কি? ইয়াৰ দ্বাৰা কাৰ কথা কোৱা হৈছে?

উঃ ‘শ্রুতমাত্রাখিলত্রাতা’ শব্দটোৰ অৰ্থ শুনা বা শ্ৰৱণ কৰা মাত্রকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰোঁতা। ইয়াৰ দ্বাৰা ভগৱান শ্রীকৃষ্ণৰ কথা কোৱা হৈছে।

২। বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম লিখা।

উঃ বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম-কেশী আৰু মুৰ।

৩। বৰগীতটিত ভগৱান শ্রীকৃষ্ণক কিয় ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে?

উঃ বৰগীতটিত ভগৱান শ্রীকৃষ্ণক ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে কাৰণ তেওঁ মহৎ বা পৰম আনন্দৰ মূল কাৰণ।

৪। শ্রীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল?

উঃ শ্রীকৃষ্ণই মৎস্য অৱতাৰত প্লাৱনৰ পৰা সৃষ্টি হোৱা প্রলয়ংকৰী জলৰ পৰা বেদসমূহ উদ্ধাৰ কৰিছিল।

৫। বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে?

উঃ বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা সম্পর্কে কবিয়ে কৈছে যে, ভগৱানৰ নাম শ্ৰৱণ বা স্মৰণ কৰা মাত্রেই সকলোবোৰ দুখ-কষ্ট মোচন হয়। তেওঁৰ নাম উচ্চাৰণে জগতক বিপদৰ পৰা উদ্ধাৰ কৰি ভক্তৰ মনোকামনা পূর্ণ কৰে।

দীঘল প্রশ্নোত্তৰঃ (মূল্যাংক-৪/৫)

১। শংকৰদেৱৰ “জয় জয় যাদৱ জলনিধিজা” বৰগীতটিৰ মূলভাব লিখা।

উঃ শংকৰদেৱৰ “জয় জয় যাদৱ জলনিধিজা” বৰগীতটি ভগৱান শ্রীকৃষ্ণৰ জয় ধ্বনিৰে আৰম্ভহৈছে। বৰগীতটিৰ মাধ্যমৰে ভগৱান শ্রীকৃষ্ণৰ নাম শ্ৰৱণ আৰু স্মৰণৰ মহিমা প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰম কৰুণাময় ৰূপ অংকন কৰিছে। তেওঁৰ নাম শ্ৰৱণ আৰু স্মৰণ কৰা মাত্রেই জগতৰ সকলোৰে মনোকামনা সিদ্ধি হয়। কেশী, মধু, মুৰ আদি অসুৰক বধ কৰি তেওঁ জগতত শান্তি প্রতিষ্ঠা কৰিছিল। পীতবস্ত্ৰ পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলাই বুলি উল্লেখ কৰি ভগৱানৰ চৰণ কমলত সেৱা জনাইগুৰুজনাই বৰগীতটি সামৰণি মাৰিছে।

২। বৰগীতটোৰ মাজেৰে ভগৱান শ্রীকৃষ্ণৰ পৰম মংগলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উঃ বৰগীতটোৰ মাজেৰে ভগৱান শ্রীকৃষ্ণৰ পৰম মংগলময় ৰূপ প্রকাশিত হৈছে। বৰগীতটিত উল্লেখ কৰা অনুসৰি ভগৱান শ্রীকৃষ্ণ ‘শ্রুতমাত্ৰাখিলত্রাতা’। অর্থাৎ স্মৰণ আৰু শ্ৰৱণ কৰা মাত্রকে তেওঁ পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰে। তেওঁ প্রলয় জলৰ পৰা মৎস্য অৱতাৰ ধাৰণ কৰি বেদসমূহক উদ্ধাৰ কৰিছিল। কেশী, মধু, মুৰ আদি অপৰাজেয় অসুৰে নানা অত্যাচাৰত যেতিয়া জগতবাসীৰ শান্তি ভংগ নাশ হৈছিল, তেতিয়া শ্রীকৃষ্ণই অসুৰসকলক বধ কৰি জগতত শান্তি প্রতিষ্ঠা কৰিছিল। শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলোৱা সেই মংগলময় মূৰুতি শ্রীকৃষ্ণৰ চৰণত কবিয়ে প্রণিপাত জনাইছে।

৩। বৰগীতটিৰ শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা।

উঃ বৰগীতটিৰ মাজেৰে শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা কৰা হৈছে। শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যক শৰতৰ জোনৰ লগত তুলনা কৰিছে। ‘শাৰদ ইন্দু নিন্দি’ বুলি উল্লেখ কৰি কবিয়ে কৈছে যে, শ্রীকৃষ্ণৰ সৌন্দৰ্য মাধুৰীৰ ওচৰত শৰতৰ জোনৰ সৌন্দৰ্যও ম্লান পৰি যায়। এনেদৰে কবিয়ে অনন্ত নাগৰ ফণাত শয়ন কৰোঁতা কৃষ্ণৰ অপৰূপ শাৰীৰিক সৌন্দৰ্যৰ প্রশস্তি কৰিছে।

৪। বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পর্কে আলোচনা কৰা।

উঃ সাধাৰণতে কবিতা এটাৰ ভাৱ, ভাষা, ছন্দ, অলংকাৰ, ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দর্য প্রকাশিত হয়। শ্রীমন্ত শঙ্কৰদেৱ ৰচিত ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটি বেদ-উপনিষদৰ মর্মার্থপূর্ণ ভক্তিমূলক গীত। গীতটো আশোৱাৰী ৰাগত বন্ধা। বিষয়বস্তুৰ মহত্ত্ব, সুৰৰ গাম্ভীর্য, ভক্তি ভাৱৰ প্ৰকাশ আদি বৈশিষ্ট্যই কবিতাটিক অনন্য সৌষ্ঠব দান কৰিছে। বৰগীতটি ব্ৰজাৱলী ভাষাত লিখা হৈছে। কিন্তু শ্রীমন্ত শঙ্কৰদেৱৰ সংস্কৃত ভাষাত থকা গভীৰ দখলে বৰগীতটিৰ সৌন্দর্য দুগুণ চৰাইছে। অলংকাৰ প্ৰয়োগেও বৰগীতটোক বিশেষ মাত্র প্রদান কৰিছে। যেনে- ‘জগত বন্ধুবিধু মাধর মধুৰিপু মধুৰ মুৰুতি মুৰনাশী’। তেনেদৰে কবিয়ে বৰগীতটোত শৰতৰ জোনৰ লগত তুলনা কৰি শ্রীকৃষ্ণৰ সৌন্দৰ্য মাধুৰী অধিক সুন্দৰ ৰূপত দাঙি ধৰিছে।

৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ

ক) জগজনজীৱন অজন জনার্দন দনুজদমন দুখহাৰী।

মহানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী।

উঃ কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত শংকৰদেৱে ৰচনা কৰা ‘জয় জয় যাদব’ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে।

ভগৱান শ্রীকৃষ্ণৰ ৰূপৰ বৰ্ণনা কৰিবলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি অৱতাৰণা কৰিছে।

ভগৱান শ্রীকৃষ্ণ সমস্ত চৰাচৰৰ অধিপতি, জগতৰ সকলোৰে জীৱন স্বৰূপ। সেই ভগৱন্তই সকলোকে পালন কৰাৰ উপৰিও পৃথিৱীৰ পৰা দুষ্কৃতিক নাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰে। তেওঁৰ নাম স্মৰণে জগতৰ সকলো দুখ দূৰ কৰে। নন্দৰ পুত্ৰৰূপে ধৰাত জন্ম গ্রহণ কৰা ভগৱন্ত জগতৰ পৰম আনন্দ স্বৰূপ। তেওঁৰ অপাৰ মহিমাই সকলো পাপ নাশ কৰে আৰু জগতত শান্তি প্ৰৱাহিত কৰে।

অতিৰিক্ত প্রশ্নোত্তৰ:

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া:

১। শংকৰদেৱৰ অনুবাদমূলক গ্রন্থ কি কি?

উঃ শংকৰদেৱৰ অনুবাদমূলক গ্রন্থ- ভাগৱত আৰু উত্তৰাকাণ্ড ৰামায়ণ।

২। শংকৰদেৱে ৰচনা কৰা দুখন নাম-প্ৰসংগমূলক গ্ৰন্থৰ নাম লিখা।

উঃ শংকৰদেৱে ৰচনা কৰা দুখন নাম-প্ৰসংগমূলক গ্রন্থৰ নাম-কীৰ্তন ঘোষা আৰু গুণমালা।

৩। শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ কি কি?

উঃ শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ-হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলি-ছলন, অমৃত-মন্থন, অজামিল উপাখ্যান, কুরুক্ষেত্ৰ আদি।

৪। শংকৰদেৱ ৰচিত ছয়খন নাট কি কি?

উঃ শংকৰদেৱ ৰচিত ছয়খন নাট- পত্নীপ্রসাদ, কালিয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, আৰু ৰাম-বিজয়।

৫। শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব প্রকাশক গ্রন্থকেইখনৰ নাম লিখা।

উঃ শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব প্রকাশক গ্রন্থকেইখনৰ নাম- ভক্তি প্রদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ আৰু অনাদি পাতন।

৬। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীর্তি কি?

উঃ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি হৈছে ‘কীর্তন ঘোষা’।

৭। শংকৰদেৱ ৰচিত চাৰি প্ৰকাৰৰ গীত কি কি?

উঃ শংকৰদেৱ ৰচিত চাৰি প্ৰকাৰৰ গীত-বৰগীত, ভটিমা, টোটয় আৰু চপয়।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment