Join WhatsApp

Join Now

Join Telegram

Join Now

লাচিত ফুকন Class 11 Assamese Chapter 14 Solutions

By Rabbi Masrur

Published On:

লাচিত ফুকন Class 11 Assamese Chapter 14 Solutions

লাচিত ফুকন Class 11 Assamese Chapter 14 Solutions

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘লাচিত ফুকন‘ পাঠটিৰ প্রশ্নোত্তৰ Class 11 Assamese Chapter 14 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘লাচিত ফুকন প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। ‘লাচিত ফুকন প্রশ্নোত্তৰ’ চাওঁক:

গোট-৩ কবিতাংশ

লাচিত ফুকন

– দেৱকান্ত বৰুৱা

👉 Read Also:

কবি পৰিচয়:

দেৱকান্ত বৰুৱা (১৯১৪-১৯৯৬) এজন অসমীয়া ৰমন্যাসবাদী কবি, ৰাজনীতিবিদ আৰু শিক্ষাবিদ আছিল। তেওঁৰ জন্ম হয় ডিব্ৰুগড়ত। তেওঁ কাশী বিশ্ববিদ্যালয়ৰ পৰা বি. এ. আৰু বি. এল পাছ কৰে। ১৯৩১ চনত আইন অমান্য আন্দোলনত যোগদান কৰি ছমাহ কাৰাবাস খাটে। পিছলৈ ৰাজনীতিত প্ৰৱেশ কৰি লোকসভালৈ নির্বাচিত হয়। লগতে ১৯৭০ চনত বিহাৰৰ ৰাজ্যপাল আৰু ১৯৭২ চনত কেন্দ্রীয় শিক্ষামন্ত্রী হিচাপে কার্য-নির্বাহ কৰে।

ৰাজনীতিবিদৰ উপৰিও তেওঁ এজন কবি আৰু সাংবাদিক আছিল। তেওঁৰ একমাত্র কবিতা পুথি ‘সাগৰ দেখিছা’ ১৯৪৮ চনত প্রকাশিত হয়। ‘জোনাকী’ আলোচনীৰ পাতত আৰম্ভ হোৱা অসমীয়া ৰমন্যাসবাদী কবিতাই দেৱকান্ত বৰুৱাৰ কবিতাত ভাৱগধুৰ বিস্তাৰ লাভ কৰে। তেঁৱেই আধুনিক অসমীয়া কবিতাত প্রথম বাৰৰ বাবে দৈনন্দিন জীৱনৰ কথিত ভাষাৰ সুপ্রয়োগ কৰে। তেখেতে কিছুমান কবিতাত ইংৰাজ কৰি ৰবাৰ্ট ব্রাউনিঙৰ নাটকীয় স্বগতোক্তিৰ ব্যৱহাৰ কৰি আধুনিক অসমীয়া কবিতাত এক নতুন মাত্রা সংযোজন কৰে। তেওঁ হৈছে ৰোমান্টিক যুগৰ শেষ আৰু আধুনিক যুগৰ দুৱাৰ-দলিৰ কবি। সেয়ে তেওঁক ‘দোমোজাৰ কবি’ বুলি কোৱা হয়। স্বদেশপ্রেম, অতীতৰ জয় গাঁথা, নিস্বার্থ মানৱ প্রেম আদি তেওঁৰ কবিতাৰ প্ৰতিপাদ্য বিষয়।

কঠিন শব্দৰ অৰ্থঃ

মাতুল: মামা, মোমাই। জয়শ্রী: শত্রুক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য। দুর্মদ: অতি পৰাক্ৰমী, দুৰ্ধৰ্ষ। খঞ্জৰ: তৰোৱাল। নবী: ঈশ্বৰৰ বাণী বহন কৰি আনোতা, মহাপুৰুষ। নকল-নবীছ: আর্হি চাই কাকত আদি লেখা কেৰাণী। মক্‌ফাইট: ব্যংগ যুঁজ। টলমল: ইফাল-সিফাল কৰা, অস্থিৰ দীপ্তি, জ্বলমল। ভৰিঃ এতোলা পৰিমাণ (সোণ-ৰূপ আদিৰ জোখৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। থিত: স্থিৰ, ধীৰ, স্থিতি, অৱস্থান। কোঙা হাত-ভৰি লৰাই ফুৰিব নোৱাৰা। আবগাৰী: আবকাৰী, মদ বা ৰাগীয়াল বস্তু সম্পৰ্কীয়। গ্লানি: অপযশ, বদনাম, কলংক। ছানি: বিয়পি পৰা। লোকেল ব’ৰ্ড: চহৰৰ প্ৰশাসনৰ বাবে গঠন কৰা স্থানীয় প্রশাসনিক গোট। চিভিল-পিনাল-ক’ড: দেৱানী দণ্ড বিধি আইন।

আৰ্হি প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ (মূল্যাংক-১)

১। দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত?

উত্তৰঃ দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত ‘দোমোজাৰ কবি’ হিচাপে জনাজাত।

২। দেৱকান্ত বৰুৱাৰ একমাত্র কাব্যপুথিখনৰ নাম কি?

উত্তৰঃ দেৱকান্ত বৰুৱাৰ একমাত্র কাব্যপুথিখনৰ নাম- ‘সাগৰ দেখিছা’।

৩। দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত প্রথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়?

উত্তৰঃ দেৱকান্ত বৰুৱাৰ “আমি দুৱাৰ মুকলি কৰোঁ” কবিতাত প্রথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়।

৪। “দেশৰ বাতৰি শুনিবানে বীৰ”-ইয়াত বীৰ বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰঃ “দেশৰ বাতৰি শুনিবানে বীৰ” বুলি ইয়াত লাচিত ফুকনৰ কথা কোৱা হৈছে।

৫। “নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্রীৰ” জয়শ্রী মানে কি?

উত্তৰঃ “নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্রীৰ” জয়শ্রী মানে শত্রুক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য বা মান।

চমু প্রশ্নোত্তৰ (মূল্যাংক -২/৩)

১। দেৱকান্ত বৰুৱাৰ কবিতাত কোন গৰাকী ইংৰাজ কবিৰ কবিতাৰ প্ৰভাৱ দেখা যায়? সেই ইংৰাজ কবি গৰাকীৰ কাব্যিক শৈলীক কি শৈলী বুলি কোৱা হয়?

উত্তৰঃ দেৱকান্ত বৰুৱাৰ কবিতাত ইংৰাজ কবি ৰবাৰ্ট ব্রাউনিঙৰ কবিতাৰ প্ৰভাৱ দেখা যায়। ৰবাৰ্ট ব্রাউনিঙৰ কাব্যিক শৈলীক ‘নাটকীয় স্বগতোক্তি’ শৈলী বুলি কোৱা হয়।

২। ইব্রাহিম কোন আছিল? তেওঁ কি বীৰত্ব প্ৰদৰ্শন কৰিছিল?

উত্তৰঃ ইব্রাহিম আছিল এজন নবী বা পয়গম্বৰ (মহাপুৰুষ)। তেওঁ আছিল এক ঈশ্বৰত বিশ্বাসী। ঈশ্বৰৰ প্ৰতি তেওঁৰ ইমানেই বিশ্বাস আৰু ভক্তি আছিল যে তেওঁ ঈশ্বৰৰ নিৰ্দেশত নিজৰ শিশু পুত্ৰ ইছমাইলক কোৰবানী (জবেহ কৰি ঈশ্বৰৰ নামত উছৰ্গা) কৰিবলৈ সাজু হৈছিল। এনেদৰে তেওঁ ঈশ্বৰৰ প্ৰতি থকা তেওঁৰ অগাধ ভক্তি আৰু বীৰত্ব প্ৰকাশ কৰিছিল।

কবি দেৱকান্ত বৰুৱাই লাচিত বৰফুকনৰ দেশপ্রেম আৰু বীৰত্ব মহাপুৰুষ ইব্রাহিমৰ বীৰত্বৰ লগত তুলনা কৰি উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

৩। ‘অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল’ ইয়াত গাধৰ পাল বুলি কবিয়ে কাক বুজাইছে?

উত্তৰঃ ‘অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল’ বুলি ইয়াত কবিয়ে অসমত বাস কৰা নিৰ্বলী জনসাধাৰণক বুজাইছে।

৪। ‘হে অসমৰ ত্যাগৰ মূৰ্তি মাতুল-ঘাতক-নবী’-ইয়াত কাক কিয় ‘মাতুল ঘাতক নবী’ বুলি কোৱা হৈছে?

উত্তৰঃ ‘হে অসমৰ ত্যাগৰ মূৰ্তি মাতুল-ঘাতক-নবী’- বুলি ইয়াত ‘লাচিত ফুকন’ক কোৱা হৈছে। দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ বাবে তেওঁ নিজৰ মোমায়েকক কাটিছিল।

৫। দেশ জননীৰ পূজাৰ কেনে আয়োজন দেখি ‘মুক্তি পলাল’ বুলি কবিয়ে কৈছে?

উত্তৰঃ দেশ জননীৰ পূজাৰ অদ্ভুত আয়োজন দেখি ‘মুক্তি পলাল’ বুলি কবিয়ে কৈছে।

দীঘল প্রশ্নোত্তৰঃ (মূল্যাংক-৪/৫)

১। ‘লাচিত ফুকন’ কবিতাটিত কেনেধৰণৰ চিন্তা কর্মই সমাজ ব্যবস্থা সোলোক-ঢোলোক কৰিছে বুলি কোৱা হৈছে?

উত্তৰঃ ‘লাচিত ফুকন’ নামৰ কবিতাটিত কবি দেৱকান্ত বৰুৱাই ভুৱা, স্বার্থান্বেষী, কৃত্রিম কর্ম আৰু চিন্তা চর্চাই বর্তমানৰ সমাজ ব্যৱস্থা সোলোক-ঢোলোক কৰিছে বুলি কৈছে।

কবিৰ মতে বৰ্তমানৰ অসমীয়াসকল ভুৱা স্বদেশপ্ৰেমৰ ভাও দিয়া গাধৰ পালহে। স্বদেশৰ প্ৰতি তেওঁলোকৰ কোনো মন-কাণ নাই। সিহঁতে এমুঠি খাদ্যৰ বাবে প্রভু (নেতাসকল) ৰ পিছে পিছে লৰি ফুৰে। সিহঁতে প্ৰভুৰ পৰা কামৰ মূল্য স্বৰূপ কিল, ভুকু, চৰ, লাথি আদি পায়।

কবিয়ে আকৌ কৈছে যে বৰ্তমানৰ স্বদেশপ্রেমীসকল হৈছে নকল-নবীছ। অর্থাৎ বৰ্তমানৰ প্ৰজন্মই অন্তৰৰ পৰা একো নকৰে। সিহঁতে দেশৰ মুক্তিৰ নামত মন্দিৰত শংখ-ঘন্টাৰ ঠাইত পিয়ানো বজাই আৰতি কৰি বা মমবাতি জ্বলাই পূজাৰ বেদীত থৈ দেশৰ পৰিৱৰ্তন আনিব খোজে। দেশৰ হাজাৰ হাজাৰ মানুহ খাবলৈ নাপাই মৰি আছে, তাৰ প্ৰতি কাৰো কাণসাৰ নাই। বিদেশত ঘটি থকা বিপ্লৱ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ ঠাইত সিহঁতে কাণিৰ মূল্য নিৰূপণত ব্যস্ত থাকে। বিপ্লৱৰ নামত সিহঁতে সংকীর্ণতা, গোষ্ঠীবাদ আৰু অন্ধবিশ্বাসহে অনুকৰণ কৰে। শাস্ত্ৰৰ ধ্যান-ধাৰণাক লৈয়ো সিহঁতে তর্ক-বিতর্ক কৰে। সিহঁত নকল-নবীচৰ দৰে নিজ স্বার্থত অন্ধ। তেওঁলোকে বক্তৃতাৰে ৰণ জিনিব খোজে। সিহঁতে বাঁহৰ কামীত চুণ সানি স্বদেশপ্রেমৰ ভাওনা পাতে। লোকেল ব’ৰ্ডৰ সদস্য, এছেম্বলীত মন্ত্রীত্ব পোৱাই সিহঁতৰ লক্ষ্য। তেওঁলোকে ক্ষমতাৰ গাদী দখল কৰাৰ মাধ্যমেৰে দেশ সেৱা কৰিব খোজে। সিহঁতে লাচিতৰ স্বদেশ প্ৰেমৰ তাৎপর্য বুজি নাপায়।

কবিয়ে এনেদৰে অসমীয়া লোকৰ ভুৱা স্বদেশপ্ৰেমৰ ছবি অংকন কৰি অসমীয়া জাতিৰ দুৰ্দ্দশা আৰু অতীত গৌৰৱৰ স্খলনৰ বাবে শোক কৰিছে।

২। ‘লাচিত ফুকন’ কবিতাটিত কবিয়ে কেনেধৰণৰ দেশপ্রেমক ভুৱা দেশপ্রেম বুলি কৈছে?

👉 Read Also:

উত্তৰঃ ‘লাচিত ফুকন’ নামৰ কবিতাটিত কবি দেৱকান্ত বৰুৱাই অসমৰ বীৰ সন্তান লাচিত ফুকনৰ বীৰত্ব আৰু স্বদেশপ্ৰেমৰ কথা সুঁৱৰি বৰ্তমান প্ৰজন্মৰ ভুৱা, স্বার্থান্বেষী, অধোঃগামী আৰু কৃত্রিম স্বদেশানুৰাগৰ তুলনা কৰি আক্ষেপ কৰিছে।

কবিৰ মতে বৰ্তমানৰ অসমীয়াসকল ভুৱা স্বদেশপ্ৰেমৰ ভাও দিয়া গাধৰ পালহে। স্বদেশৰ প্ৰতি তেওঁলোকৰ কোনো মন-কাণ নাই। সিহঁতে এমুঠি খাদ্যৰ বাবে প্ৰভু (নেতাসকল) ৰ পিছে পিছে লৰি ফুৰে। সিহঁতে প্ৰভুৰ পৰা কামৰ মূল্য স্বৰূপ কিল, ভুকু, চৰ, লাথি আদি পায়।

কবিয়ে আকৌ কৈছে যে বৰ্তমানৰ স্বদেশপ্রেমীসকল হৈছে নকল-নবীছ। অর্থাৎ বৰ্তমানৰ প্ৰজন্মই অন্তৰৰ পৰা একো নকৰে। সিহঁতে দেশৰ মুক্তিৰ নামত মন্দিৰত শংখ-ঘণ্টাৰ ঠাইত পিয়ানো বজাই আৰতি কৰি বা মমবাতি জ্বলাই পুজাৰ বেদীত থৈ দেশৰ পৰিৱৰ্তন আনিব খোজে। দেশৰ হাজাৰ হাজাৰ মানুহ খাবলৈ নাপাই মৰি আছে, তাৰ প্ৰতি কাৰো কাণসাৰ নাই। বিদেশত ঘটি থকা বিপ্লৱ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ ঠাইত সিহঁতে কাণিৰ মূল্য নিৰূপণত ব্যস্ত থাকে। বিপ্লৱৰ নামত সিহঁতে সংকীর্ণতা, গোষ্ঠীবাদ আৰু অন্ধবিশ্বাসহে অনুসৰণ কৰে। শাস্ত্ৰৰ ধ্যান-ধাৰণাক লৈয়ো সিহঁতে তর্ক-বিতর্ক কৰে। সিহঁত নকল-নবীচৰ দৰে নিজ স্বর্থত অন্ধ। তেওঁলোকে বক্তৃতাৰে ৰণ জিনিব খোজে। সিহঁতে বাঁহৰ কামীত চুণ সানি স্বদেশপ্ৰেমৰ ভাওনা পাতে। লোকেল ব’ৰ্ডৰ সদস্য, এছেম্বলীত মন্ত্রীত্ব পোৱাই সিহঁতৰ লক্ষ্য। তেওঁলোকে ক্ষমতাৰ গাদী দখল কৰাৰ মাধ্যমেৰে দেশ সেৱা কৰিব খোজে। সিহঁতে লাচিতৰ স্বদেশ প্ৰেমৰ তাৎপর্য বুজি নাপায়।

কবিয়ে এনেদৰে অসমীয়া লোকৰ ভুৱা স্বদেশপ্ৰেমৰ ছবি অংকন কৰি অসমীয়া জাতিৰ দুৰ্দ্দশা আৰু অতীত গৌৰৱৰ স্খলন হোৱা বাবে শোক কৰিছে।

৩। ‘লাচিত ফুকন’ কবিতাটোত কবিয়ে ‘দেশৰ বাতৰি শুনিবানে বীৰ’ বুলি কৈ কি কি বাতৰি দিছে?

উত্তৰঃ ‘লাচিত ফুকন’ নামৰ কবিতাটিত কবিয়ে অসম গৌৰৱ লাচিত ফুকনৰ স্বদেশানুৰাগৰ স্মৃতি সোঁৱৰণ কৰি তেওঁৰ বীৰত্ব আৰু স্বদেশপ্ৰেমৰ আৰ্হিৰ লগত বৰ্তমানৰ অসমবাসীৰ চিন্তা-চর্চা, কাম-কাজৰ ৰিজনি কৰি শোকত ম্রিয়মান হৈ লাচিতক বর্তমান চামৰ বাতৰি শুনাব বিচাৰিছে।
কবিয়ে কৈছে যে বর্তমান সময়ত অসমত লাচিতৰ দৰে কোনো বীৰ আৰু স্বদেশপ্রেমিক নাই। আজিৰ অসমীয়া স্বার্থান্ধ। সিহঁতৰ স্বদেশপ্রেম ভুৱা আৰু কৃত্রিম। বৰ্তমানৰ প্ৰজন্মই অন্তৰৰ পৰা একো নকৰে। সিহঁতে দেশৰ মুক্তিৰ নামত মন্দিৰত শংখ-ঘন্টাৰ ঠাইত পিয়ানো বজাই আৰতি কৰি বা মমবাতি জ্বলাই পুজাৰ বেদীত থৈ দেশৰ পৰিৱৰ্তন আনিব খোজে। দেশৰ হাজাৰ হাজাৰ মানুহ খাবলৈ নাপাই মৰি আছে, তাৰ প্ৰতি কাৰো কাণসাৰ নাই। বিদেশত ঘটি থকা বিপ্লৱ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ ঠাইত সিহঁতে কাণিৰ মূল্য নিৰূপণত ব্যস্ত থাকে। বিপ্লৱৰ নামত সিহঁতে সংকীর্ণতা, গোষ্ঠীবাদ আৰু অন্ধবিশ্বাসহে অনুসৰণ কৰে। তেওঁলোকে ক্ষমতাৰ গাদী দখল কৰাৰ মাধ্যমেৰে দেশ সেৱা কৰিব খোজে। সিহঁতে লাচিতৰ স্বদেশ প্ৰেমৰ তাৎপর্য বুজি নাপায়।

কবিয়ে বৰ্তমানৰ অসমবাসীৰ এইবোৰ ভণ্ডামী আৰু কৃত্রিমতাৰ বাতৰি লাচিত ফুকনক শুনাব বিচাৰিছে।

৪। ‘লাচিত ফুকন’ কবিতাটিৰ মাজেৰে কবিৰ স্বদেশপ্রেম কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা।

উত্তৰঃ ‘লাচিত ফুকন’ নামৰ কবিতাটোত কবিয়ে লাচিত ফুকনৰ স্বদেশপ্ৰেমৰ জৰিয়তে স্বদেশৰ প্রতি কবিৰ দেশপ্রেম বৰ্ণনা কৰিছে। লাচিতে নিজ সাহস আৰু বীৰত্বৰে কেনেকৈ নিজৰ দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ বাবে শত্ৰুৰ লগত যুঁজ দিছিল তাৰ বৰ্ণনা উক্ত কবিতাটোত কবি দেৱকান্ত বৰুৱাই বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে। আহোম সেনাপতি লাচিতৰ সাহস আৰু স্বদেশপ্ৰেমৰ কাহিনী সকলোৱে জানে কিয়নো দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ কাৰণে লাচিতে নিজৰ মোমায়েকৰ জীৱনকো বলিদান দিছিল। কবিতাটোত কবিয়ে লাচিতৰ বীৰত্বৰ কথা সুঁৱৰি, দেশৰ কাৰণে, দহৰ কাৰণে মৃত্যুৰ আৱাহন শুনি, জাতিৰ বুকুত দুমদ যৌৱন জগাই তোলাৰ কথা স্মৰণ কৰিছে। মোমাই কটা গড়ে আজিও লাচিতৰ ত্যাগ, বীৰত্ব তথা স্বদেশ প্ৰেমৰ কথা সোঁৱৰায়। কবিতাটোত কবিয়ে লাচিতৰ ত্যাগ আৰু বীৰত্বৰ কাহিনীৰ লগত দেৱতাৰ অৰ্থে পুত্ৰৰ বুকুত খঞ্জৰ বহুৱা নবী ইব্রাহিমৰ বীৰত্বৰ কথাও বর্ণনা কৰিছে। এনেদৰে কবিয়ে ‘লাচিত ফুকন’ নামৰ কবিতাটিৰ জৰিয়তে কবিৰ স্বদেশপ্রেম প্রকাশ কৰিছে।

৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা।

ক) “বক্তৃতা দি আকাশ কঁপাই, চিঞৰত টেটু ফালি,

বাঁহৰ কামীত চূণ সানি লৈ ধৰোঁ আমি ৰণছালি।”

উত্তৰঃ উপৰোক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত দেৱকান্ত বৰুৱাৰ ৰচিত ‘লাচিত ফুকন’ কবিতাটোৰ পৰা লোৱা হৈছে।

কবিতাফাঁকিত কবিয়ে বৰ্তমান সময়ৰ ভণ্ড দেশপ্রেমিকসকলৰ ক্ৰিয়া-কাণ্ডৰ বিষয়ে কৈছে। কবিয়ে আক্ষেপ কৰি কৈছে যে বীৰ লাচিতৰ দৰে মহান যোদ্ধা তথা দেশপ্রেমিকৰ দেশত জন্ম লৈছে এচাম ভণ্ড দেশপ্রেমিক। তেওঁলোকে বাহিৰৰ সমাজখনত ঘটা পৰিবৰ্তনৰ উমান নাৰাখে। তেওঁলোকে কেৱল কানিৰ মূল্য নিৰূপণৰ দৰে কিছু তুচ্ছ কামত ব্যস্ত। বাহিৰৰ সমাজৰ সৈতে নিজৰ সমাজখনকো আগুৱাই নিয়াৰ বাবে তেওঁলোকে অকণমানো চেষ্টা নকৰে। এইচাম দেশ প্রেমিকে মাথো জানে আকাশ পাতাল কঁপোৱা বক্তৃতা দিবলৈ আৰু বাঁহৰ কামীত চুণ সানি সৰু ল’ৰা ছোৱালীয়ে কৰা ওমলা যুদ্ধৰ অভিনয় কৰিবলৈ। লাচিতৰ দৰে সচাঁ তৰোৱাল লৈ যুদ্ধ কৰিবলৈ এইচাম দেশপ্ৰেমিকৰ কলিজাত সাহস নাই।

অতিৰিক্ত প্রশ্নোত্তৰ:

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া:

(ক) দেৱকান্ত বৰুৱা কোন যুগৰ কবি?

উত্তৰ: ‘আৱাহন’ যুগৰ।

(খ) অসমৰ কাব্যভূমিত কবিয়ে কি চৰা বুলি কৈছে?

উত্তৰঃ ‘গাধৰ পাল’।

(গ) দেৱকান্ত বৰুৱাৰ কোন চনত মৃত্যু হৈছিল?

উত্তৰঃ ১৯৯৬ চনত।

(ঘ) কবিতাটোত ‘অপৰাধী মাতুল’ বুলি কাক কোৱা হৈছে?

উত্তৰঃ লাচিত ফুকনৰ মোেময়েকক কোৱা হৈছে।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment