এখন চিঠি Class 11 Assamese Chapter 16 Solutions
আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘এখন চিঠি‘ পাঠটিৰ প্রশ্নোত্তৰ Class 11 Assamese Chapter 16 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘এখন চিঠি প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। ‘এখন চিঠি প্রশ্নোত্তৰ’ চাওঁক:
গোট-৩ কবিতাংশ
এখন চিঠি
– হেম বৰুৱা
👉 Read Also:
- ধনৰ ব্যৱহাৰ প্রশ্ন উত্তৰ
- অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ প্রশ্ন উত্তৰ
- গৌৰৱ প্রশ্ন উত্তৰ
- কিতাপৰ কথা প্রশ্ন উত্তৰ
- গিবন প্রশ্ন উত্তৰ
কবি পৰিচয়:
হেম বৰুৱা (১৯১৫- ১৯৭৭) এজন অসমীয়া ৰাজনীতিবিদ, কবি তথা সাহিত্যিক। তেওঁৰ জন্ম হয় তেজপুৰত। তেওঁ তেজপুৰ চৰকাৰী হাই স্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰি, কটন কলেজৰ পৰা বি. এ. আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম. এ. পাছ কৰে। ১৯৪০ চনত যোৰহাট কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰে। তেখেতে ‘পছোৱা’ আলোচনী আৰু ‘আসাম এক্সপ্ৰেছ’ নামৰ দৈনিক কাকত সম্পাদনা কৰছিল। তেওঁৰ সাহিত্যিক সৃষ্টিসমূহৰ ভিতৰত উল্লেখযোগ্যবোৰ হ’ল- বালিচন্দা, মন-ময়ুৰী, আধুনিক সাহিত্য, এই গাওঁ এই গীত, মেকং নৈ দেখিলোঁ, ইজৰাইল, স্মৃতিৰ পাপৰি, সানমিহলি, ৰঙা কৰবীৰ ফুল, কননড়ী, দ্য বেড ৰিভাৰ অণ্ড ব্লো হিল’ (ইংৰাজী) আদি। তেওঁ ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ সভাপতি হৈছিল।
১৯৭৭ চনত তেখেতৰ মৃত্যু হয়।
কঠিন শব্দৰ অৰ্থঃ
মেঘাচ্ছন্ন: মেঘেৰে ঢকা। মোহনা: নদীৰ মুখ। নিবিড় একান্ত, বৰ ঘন। নিথৰঃ নিশ্চল, নিস্তব্ধ। অনাখৰী: প্ৰকাশ কৰিব নোৱাৰা, আখৰেৰে নিলিখা, নিৰক্ষৰ। বনপোৰা জুইঃ নিজে জ্বলি নিজেই নুমাই যোৱা হাবিৰ জুই। অবিনশ্বৰ: অবিনাশী, অক্ষয়। চেলা গিৰিপথ: অৰুণাচল প্ৰদেশত চীনা সীমান্তত থকা এটি গিৰিপথ।
অতি চমু প্রশ্নোত্তৰঃ (মূল্যাংক-১)
১। ‘এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ ‘মন-ময়ুৰী’ কবিতা পুথিখনৰ পৰা লোৱা হৈছে।
২। হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম লিখা।
উত্তৰঃ হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম- ‘পছোৱা’।
৩। চেলা গিৰিপথ ক’ত আছে?
উত্তৰঃ চেলা গিৰিপথ অৰুণাচল প্ৰদেশৰ চীন সীমান্তত আছে।
৪। কবিয়ে কেনে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে?
উত্তৰঃ যি মৃত্যুৱে আন দহজনক জীবন দিয়ে সেই মৃত্যুক কবিয়ে আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে।
৫। ‘এখন চিঠি’ কবিতাটোত উল্লেখ কৰা সৈনিক জনৰ পত্নীৰ নাম কি?
উত্তৰঃ ‘এখন চিঠি’ কবিতাটোত উল্লেখ কৰা সৈনিক জনৰ পত্নীৰ নাম- ‘মমতা’।
চমু প্রশ্নোত্তৰ (মূল্যাংক -২/৩)
১। ‘এখন চিঠি’ কবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত তেওঁৰ পত্নীয়ে কি কৰিছিল?
উত্তৰঃ সৈনিকজনে বিদায় লোৱা মূহুৰ্তত পত্নীৰ মানসিক অৱস্থা অতিশয় বেদনাসিক্ত হৈছিল। তাই কোনো কথা ক’ব নোৱাৰি মৌন হৈ ৰৈ আছিল। দুচকুয়েদি লোতক বৈ আহিছিল। সৈনিকজনেও আবেগত কোনো কথা নকৈ নিৰুত্তৰ হৈ আছিল।
২। ‘এখন চিঠি’ কবিতাত সৈনিকজনে যুদ্ধক্ষেত্ৰৰ কেনে বিৱৰণ আগবঢ়াইছে?
উত্তৰঃ ‘এখন চিঠি’ কবিতাটোত কবি হেম বৰুৱাই এজন সৈনিকে যুদ্ধলৈ যোৱাৰ সময়ত পত্নীৰ পৰা বিদায় লোৱা মূহুৰ্তৰ মৰ্মান্তদ দৃশ্য অংকন কৰাৰ লগতে যুদ্ধক্ষেত্ৰৰো এক ভয়াবহ চিত্র অংকন কৰিছে। সৈনিকজনে অৰুনাচল প্ৰদেশৰ চেলা গিৰিপথৰ হেজাৰ হেজাৰ ফুট ওখ পৰ্বতৰ মাজত থাকি পত্নীৰ পৰা বিদায়ৰ মূহুৰ্তৰ ৰোমন্থন কৰিছে আৰু যুদ্ধক্ষেত্র বিষয়ে কৈছে যে এনে ভয়াল স্থানত তেওঁৰ সকলো কল্পনাই ছাঁই হৈ যায়। সেই পৰ্বতবোৰ তেওঁলোকৰ মৰমৰ মৰিশালি, য’ত সৈনিকৰ তেজৰ ঢেঁকুৰা জিলিকি থাকে। তাত প্রতিধ্বনিত হয় তেওঁলোকৰ অন্তৰৰ জুইৰ শিখা। ই এখন মহাকাব্যৰ দৰে। ইয়াতে মৌন ভাষাৰে লিখা থাকে শ শ সৈনিকৰ তেজৰ বুৰঞ্জী। ইয়াৰ পৰাই শুনা যায় শত্ৰুৰ কামানৰ গৰ্জন, দেখা যায় ধোঁৱা আৰু ধোঁৱা।
৩। সৈনিকজনে মৃত্যুক কেনেদৰে গ্ৰহণ কৰিছে?
উত্তৰঃ সৈনিকজনে মৃত্যুক দেৱতাৰ আশীৰ্বাদ পাৰিজাত ফুলৰ লগত তুলনা কৰিছে। সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। আত্মাৰ যিদৰে মৰণ নাই, দেশৰ হকে প্রাণ বিসর্জন দিয়া বীৰ সকলৰো মৃত্যু নাই। সিহঁত মৃত্যুৰ পিছত অমৰত্ব লাভ কৰে।
৪। নিজৰ সন্তান দুটাক কি কথাৰে বুজনি দিবলৈ সৈনিকজনে কৈছে?
উত্তৰঃ সৈনিকজনে চিঠিত পত্নীক অনুৰোধ কৰিছে যে, শত্ৰুৰ কামানৰ আঘাতত যদি তেওঁৰ কেনেবাকৈ মৃত্যু হয় ঘৈণীয়েকে যাতে তেওঁলোকৰ ল’ৰা দুটাৰ সম্পূর্ণ দায়িত্ব লয়। তাই যাতে কেতিয়াও সিহঁতক পিতৃৰ অভাৱ অনুভৱ কৰিব নিদিয়ে।
৫। সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নোৱাৰাৰ কাৰণ কি?
উত্তৰঃ সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নোৱাৰাৰ কাৰণ শত্রু সৈন্যক বাধা দিবলৈ চেলা গিৰিপথলৈ যোৱাৰ হঠাৎ জৰুৰী আদেশ অহাৰ আহিছিল।
দীঘল প্রশ্নোত্তৰঃ (মূল্যাংক-৪/৫)
১। ‘এখন চিঠি’ কবিতাত পত্নীৰ প্ৰতি সৈনিকজনৰ কেনে মনোভাৱ প্রকাশ পাইছে?
উত্তৰঃ ‘এখন চিঠি’ কবিতাটোত এগৰাকী সৈনিকে তেওঁৰ পত্নীলৈ এখন চিঠি লিখিছে। সাংসাৰিক স্নেহৰ মধুৰ প্ৰকাশ কবিতাত অংকিত হৈছে। পত্নীৰ পৰা বিদায় লৈ অহা মৌন ক্ষণৰ কথা সৈনিকজনে চিঠিখনৰ জৰিয়তে ৰোমন্থন কৰিছে। ওখ পৰ্বতমালাৰ মাজত থাকি তেওঁৰ সকলো কল্পনা ছাঁই হৈ গৈছে। আদেশ পালেই যিকোনো মুহূর্ততে যুদ্ধলৈ যাবলৈ তেওঁ সাজু এই কথা চিঠিখনত ব্যক্ত কৰিছে।
👉 Read Also:
- কেমব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্ন উত্তৰ
- অসমৰ পুৰণি খেল-ধেমালি প্রশ্ন উত্তৰ
- এভাৰেষ্টৰ সপোন আৰু বিভীষিকা প্রশ্ন উত্তৰ
- বিয়াৰ প্ৰেজেন্ট প্রশ্ন উত্তৰ
- ৰাৱণক বিভীষণৰ সজ উপদেশ প্রশ্ন উত্তৰ
২। সৈনিকৰ দেশ প্রেম ‘এখন চিঠি’ কবিতাটোত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা।
উত্তৰঃ ‘এখন চিঠি’ কবিতাটোত সৈনিক জীৱনৰ যুদ্ধক্ষেত্ৰৰ পৰিস্থিতি আৰু দেশৰ প্ৰতি উৎসর্গিত জীৱনৰ মহত্ত্ব প্রতিভাত হৈছে। সৈনিকৰ মৃত্যু স্বর্গীয় পাৰিজাত ফুল সদৃশ য’ত দেৱতাৰ আশীৰ্বাদ থাকে। ভৱিষ্যত প্রজন্মক সেই আদৰ্শৰদ্বাৰা উদ্বুদ্ধ কৰিবলৈও কবিতাটোৰ মাজেৰে প্ৰয়াস কৰা হৈছে।
৩। ‘এখন চিঠি’ কবিতাত যুদ্ধক্ষেত্ৰৰ ভয়াৱহতা কেনেদৰে প্ৰকাশ পাইছে লিখা।
উত্তৰঃ ‘এখন চিঠি’ কবিতাত এনেকুৱা এটা ভয়াবহ পৰিস্থিতিৰ অৱতাৰণা কৰিছে য’ত যিকোনো সময়তে যুদ্ধক্ষেত্রলৈ যাবলৈ সাজু থাকিব লাগে। শত্রু সৈন্যই কোন সময়ত আক্রমণ কৰে তাৰ কোনো ঠিক নাই। তাত প্রতি মুহূর্ততে যেন মৃত্যুৱে আগচি ধৰিব এনেকুৱা এটা পৰিস্থিতি বিৰাজ কৰে। এনে পৰিস্থিতিৰ লগত যুঁজিবলৈ আৰু দেশৰ বাবে প্রাণ দিবলৈ সৈনিকসকল সদায় সাজু থাকিব লাগে।
৪। ‘তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল’ কথাষাৰৰ মৰ্মাৰ্থ বুজাই লিখা।
উত্তৰঃ কবি হেম বৰুৱাৰ ‘এখন চিঠি’ কবিতাটো এটা অতি মৰ্মস্পর্শী প্ৰেমৰ কবিতা। ষাঠিৰ দশকত ৰচিত এই কবিতাটো সুদূৰ মেঘাচ্ছন্ন পৰ্বতৰ মোহনাত ৰৈ এজন সৈনিকে তেওঁৰ প্ৰাণপ্রিয়া পত্নীলৈ লিখা চিঠিৰ মৰ্ম প্ৰকাশ পাইছে। সৈনিক জীৱনত কামৰ কোনো নিদ্দিষ্ট সময় নাথাকে। মৰমৰ আত্মীয় ইষ্ট কুটুম্বলৈও মৰম যাঁচি খা-খবৰ ল’বলৈ চিঠি এখন লিখিবলৈ বা লিখি ডাকত দিবলৈও সময় নাই। সৈনিক গৰাকী পত্নীৰ পৰা বিদায় লৈ অহাৰ সময়ত পত্নীৰ মানসিক অৱস্থা অতিশয় বেদনাসিক্ত আছিল। তেওঁৰ দুচকু চকুলোৰে উপচি পৰিছিল। সেই সময়ত পত্নীৰ অৱস্থা দেখি সৈনিকগৰাকীও মৌন আৰু নিথৰ হৈ পৰিছিল।
৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা-
ক) এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই
লেখি যোৱা তেজৰ বুৰঞ্জী।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত হেম বৰুৱাই ৰচনা কৰা ‘এখন চিঠি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
সৈনিকজনে যি স্থানৰ পৰা পত্নীলৈ চিঠি লিখিবলৈ লৈছিল সেই স্থানৰ সামৰিক তথা ঐতিহাসিক গুৰুত্বৰ বিষয়ে ক’বলৈ গৈ কবিয়ে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।
সৈনিকজন এক পাহাৰীয়া সীমান্তত কৰ্তব্যৰত আছিল। সামৰিক আৰু দেশখনৰ নিৰাপত্তাৰ দিশৰ পৰা ঠাইখন বৰ গুৰুত্বপূৰ্ণ কাৰণ সেই সীমান্তদিয়েই বিদেশীয়ে দেশখন আক্ৰমণ কৰাৰ সম্ভাৱনা অধিক আছিল। তেনে সীমান্তত প্রায়ে শত্রু সেনাৰ লগত গুলিয়া-গুলি হয়। ইতিহাসত তাৰ বহু প্রমাণ আছে। সেয়ে কবিয়ে সৈনিকৰ মুখেদি কোৱাইছে যে সৈনিকজনে যি ঠাইত কৰ্তব্যৰত হৈ আছে তাত বহুতো যুদ্ধৰ ইতিহাস লুকাই আছে। বহুত সৈনিকৰ বুকুৰ তেজৰ চেকুৰা তাত লাগি আছে। সেই যুদ্ধৰ ঘটনাবোৰ লিখি ৰখা হ’লে মহাকাব্যৰ দৰেই বিশাল হ’লহেঁতেন।
খ) মৃত্যুরে যদি অভিনন্দন জনায়
সেই মৃত্যু পাৰিজাত ফুল
তাত দেৱতাৰ আশীর্বাদ আছে।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত হেম বৰুৱাই ৰচনা কৰা ‘এখন চিঠি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
যুদ্ধক্ষেত্ৰত মৃত্যু হোৱা সৈনিকসকলৰ মৃত্যু যে গৌৰৱময় সেই কথা ব্যক্ত কৰিবলৈ কবিয়ে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।
সৈনিকসকলে বাহিৰা শত্ৰুৰ পৰা স্বদেশক ৰক্ষাৰ কৰাৰ নিমিত্তে সদা জাগ্রত থাকিব লাগে। বহু সময়ত যুদ্ধত সিহঁতে অকাল মৃত্যুক সাৱটি ল’ব লগা হয়। কিন্তু সৈনিকজনে কৈছে যে স্বদেশৰ স্বাধীনতা ৰক্ষাৰ বাবে যদিও তাৰ মৃত্যু হয, সেই মৃত্যু পাৰিজাত ফুলৰ দৰে পৱিত্ৰ। এনে মৃত্যুত দেৱতাৰ আশীৰ্বাদ অর্থাৎ কল্যাণ নিহিত থাকে বুলি সৈনিকজনে ভাবিছে।
অতিৰিক্ত প্রশ্নোত্তৰ:
তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া:
(ক) এখন চিঠি’ কবিতাটিৰ ৰচক কোন?
উত্তৰ: হেম বৰুৱা।
(খ) হেম বৰুৱাই ক’ত কেতিয়া জন্ম গ্রহণ কৰিছিল?
উত্তৰঃ ১৯১৫ চনত, তেজপুৰত।
(গ) হেম বৰুৱাই সম্পাদনা কৰা এখন আলোচনীৰ নাম লিখা।
উত্তৰ: পছোৱা।
(ঘ) হেম বৰুৱাই ৰচনা কৰা এখন কবিতা পুথিৰ নাম লিখা।
উত্তৰ: বালিছন্দা।
(ঙ) ‘এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ কোনখন কাব্যপুথিৰ পৰা তুলি দিয়া হৈছে?
উত্তৰ: মন-ময়ুৰী।
(চ) হেম বৰুৱাই ৰচনা কৰা এখন ভ্রমণ কাহিনীৰ নাম লিখা।
উত্তৰ: The Red River and Blue Hill.
(ঙ) হেম বৰুৱাই কোনখন অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল?
উত্তৰঃ ১৯৭২ চনত অসম সাহিত্য সভাৰ ধুবুৰী অধিবেশনৰ সভাপতি আছিল।
👉 Read Also:
- বৰগীতঃ জয় জয় যাধৱ প্রশ্ন উত্তৰ
- ধনবৰ আৰু ৰতনী প্রশ্ন উত্তৰ
- বনকুঁৱৰী প্রশ্ন উত্তৰ
- লাচিত ফুকন প্রশ্ন উত্তৰ
- ৰাজপথ প্রশ্ন উত্তৰ
- কুশল কোঁৱৰ প্রশ্ন উত্তৰ

