কিতাপৰ কথা Class 11 Assamese Chapter 4 Solutions
আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘কিতাপৰ কথা’ পাঠটিৰ প্রশ্নোত্তৰ Class 11 Assamese Chapter 4 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘কিতাপৰ কথা প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। কিতাপৰ কথা প্রশ্নোত্তৰ চাওঁক:
গোট-১ গদ্যাংশ
কিতাপৰ কথা
-প্রফুল্ল দত্ত গোস্বামী
👉 Read Also:
- ধনৰ ব্যৱহাৰ প্রশ্ন উত্তৰ
- অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ প্রশ্ন উত্তৰ
- গৌৰৱ প্রশ্ন উত্তৰ
- কুশল কোঁৱৰ প্রশ্ন উত্তৰ
- গিবন প্রশ্ন উত্তৰ
লেখক পৰিচয়ঃ
প্রফুল্ল দত্ত গোস্বামী (১৯১৪-১৯৯৪) এজন অসমীয়া শিক্ষাবিদ, উপন্যাসিক, ভ্রমণ কাহিনী ৰচয়িতা আৰু সাহিত্য সমালোচক। তেওঁৰ জন্ম হয় ১৯১৪ চনত কামৰূপৰ নাজিৰা সত্ৰত। ১৯৪০ চনত তেওঁ কটন কলেজৰ পৰা ইংৰাজীত সন্মানসহ স্নাতক পৰীক্ষাত উত্তীর্ণ হৈ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত এম এ উপাধি লাভ কৰি প্ৰথমে যোৰহাটৰ জে বি কলেজ আৰু কটন কলেজত প্ৰৱক্তা হিচাপে নিযুক্তি লাভ কৰে। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালত প্ৰৱক্তা হিচাপে যোগদান কৰে। পিছত লোক সংস্কৃতি বিষ য়ত গৱেষণা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। ১৯৮১ চনত লোক সংস্কৃতি বিভাগৰ অধ্যাপক পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।
শিক্ষা বিভাগৰ ব্যস্ততাময় জীৱনত তেওঁ সাহিত্য সেৱাতো আগভাগ লৈ কেবাখনো গ্রন্থ ৰচনা কৰে। ‘কেঁচা পাতৰ কঁপনি’ গোস্বামীদেৱৰ এখন বিখ্যাত উপন্যাস। তেওঁৰ আন উল্লেখযোগ্য গ্রন্থসমূহ হ’ল- ‘শেষ ক’ত’ (উপন্যাস), ‘মনৰ পক্ষী উভতি উৰে’ (আত্মজীৱনী), ‘এই যুগৰ সাহিত্য’, ‘সাহিত্য আৰু জীৱন’ ‘অসমীয়া জনসাহিত্য’, ‘ইউৰোপৰ মনীষা’, ‘মোৰ ৰাছিয়া ভ্রমণ’, নিতে নৱ ৰূপ তাৰ’, বুৰঞ্জী আৰু সংস্কৃতি আদি। তেওঁ ইংৰাজী ভাষাতে কেইবাখনো গ্রন্থ ৰচনা কৰে।
আৰ্হি প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰঃ (মূল্যাংক-১)
১। ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ?
উঃ ছপাখানা আৰু কাগজ আৱিষ্কাৰ চীন দেশৰ আৱিষ্কাৰ।
২। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে?
উঃ গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে।
৩। ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল?
উঃ ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিহা দিছিল এইদৰে,” কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।”
৪। বিদ্যাৰ অনুশীলন নহ’লে কি হয়?
উঃ বিদ্যাৰ অনুশীলন নহ’লে মানুহৰ মন ভীৰতা আৰু কু-সংস্কাৰে আৱৰি ৰাখে।
৫। কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্রচলিত এটি যোজনা লিখা।
উঃ কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে চীনদেশত প্রচলিত যোজনা-
কিতাপ মেলা মানেই লাভ।
বিদ্বান লোকে চোৰাং কাম নকৰে।
আলবানিয়াত প্রচলিত যোজনা-
যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা।
চমু প্রশ্নোত্তৰ (মূল্যাংক -২/৩)
১। হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্রাণিত কৰিছিল?
উঃ হেলেন কেলাৰে কেঁচুৱা কালতে দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱাইছিল। তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে। অথচ এইগৰাকী মহিলাৰ সাহিত্যৰ প্ৰতি অনুৰাগ আছিল আৰু নিজেও কিতাপ ৰচনা কৰিছিল। তেওঁৰ সাহিত্যৰ প্ৰতি এনে অনুৰাগে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰেৰণা যোগাইছিল।
২। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক কোৱা কথাখিনি বিশ্লেষণ কৰা।
উঃ আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দর্ভত অসমীয়া মানুহক মন্তব্য কৰি কৈছিল, “হেৰা মোৰ অসময়িা মিত্রসকল, বিদ্যা যেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই; কিন্তু যদি সভ্য আৰু সুখী হ’ব খোজা তেন্তে কৃসি আৰু সিল্প কৰমত ইংৰাজৰ দৰে পাৰ্গত হ’বলৈ পুৰুসাৰ্থ কৰা। তোমালোক নিচই অগিয়ান আৰু সেই বিদ্যাৰ ভু নোপোৱা আৰু জানিবলৈকো স্রম নকৰা।”
৩। দেশ আৰু জাতিক গ্রন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰৱন্ধটিৰ আধাৰত বিচাৰ কৰা।
উঃ গ্ৰন্থ জ্ঞানৰ এক বিশাল ভাণ্ডাৰ। একো একোখন কিতাপে যি পোহৰ দিয়ে, সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়া শাসনযন্ত্র কঁপি উঠে। সত্যৰ বিম্ব দাঙি ধৰাত কিতাপে সহায় কৰে। ভীৰতা আৰু কু-সংস্কাৰ আঁতৰ কৰে। এইদৰে গ্ৰন্থই দেশ আৰু জাতিৰ উপকাৰ সাধন কৰে।
৪। সাহিত্যৰ প্ৰতি থকা প্রীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে, হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা।
উঃ হেলেন কেলাৰে কেঁচুৱা কালতে দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱাইছিল। তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰে। অথচ এইগৰাকী মহিলাৰ সাহিত্যৰ প্ৰতি অনুৰাগ আছিল আৰু নিজেও কিতাপ ৰচনা কৰিছিল। তেওঁৰ সাহিত্যৰ প্ৰতি এনে অনুৰাগে মানুহক কিতাপ পঢ়িবলৈ অনুপ্ৰেৰণা যোগাইছিল।
৫।’… কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে।”-কথাষাৰ ব্যাখ্যা কৰা।
উঃ একো একোখন কিতাপে যেতিয়া মানুহৰ ভয়, কু-সংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসনযন্ত্র কঁপি উঠে। লিখকৰ কিতাপ পুৰি পেলালেও আৰু নানা অত্যাচাৰ কৰিলেও গ্ৰন্থৰ আভা লোপ নাপায়, লুকাই নাথাকে। গ্ৰন্থৰ এনে প্ৰভাৱৰ কথা ভাৱি ইংৰাজ মহাকবি মিল্টনে মন্তব্য কৰি কৈছিল, “কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা; যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্রাণী এটিকে হত্যা কৰে; কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে তেওঁ বিবেচনাকে হত্যা কৰে।”
দীঘল প্রশ্নোত্তৰঃ (মূল্যাংক-৪/৫)
১। “অনাখৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্রদ্ধা নেদেখুৱায়।” পাঠটিৰ সহায়ত আলোচনা কৰা।
উঃ সাধাৰণতে চহা লোকসকলৰ বুজ-বিবেচনা কম থাকে। কিন্তু কিবা এটা নতুন কথা জানিবলৈ তেওঁলোকো আগ্রহী। তেওঁলোকে যদিও কিতাপ পঢ়িব নাজানে, সেই কিতাপৰ পৰা পোৱা জ্ঞান আনৰ পৰা শুনি বুজি নিজৰ প্ৰয়োজনীয় কামত প্রয়োগ কৰে। জ্ঞানৰ কাৰণে কিতাপৰ প্ৰয়োজন, সেই জ্ঞানে সংসাৰৰ জটিলতা বুজিবলৈ সহায় কৰে; তদুপৰি বোধ, চিন্তা, অনুভূতি আদিও বৃদ্ধি কৰে। সেয়েহে অনাখৰী চহা লোকে কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক শ্রদ্ধা দেখুৱায়।
👉 Read Also:
- কেমব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্ন উত্তৰ
- অসমৰ পুৰণি খেল-ধেমালি প্রশ্ন উত্তৰ
- এভাৰেষ্টৰ সপোন আৰু বিভীষিকা প্রশ্ন উত্তৰ
- বিয়াৰ প্ৰেজেন্ট প্রশ্ন উত্তৰ
- ৰাৱণক বিভীষণৰ সজ উপদেশ প্রশ্ন
২। ” কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।” কথাখিনিৰ তাৎপর্য বিশ্লেষণ কৰা।
উঃ আজিৰ যুগত বিভিন্ন ধৰণৰ কিতাপ ওলাইছে। বর্তমান সভ্যতাৰ বিভিন্ন আভাস এই কিতাপবোৰৰ পৰাই পাব পাৰি। পাঠ্যপুথি আৰু বোৱা-কটা, ৰন্ধা-বঢ়া আদি কেনেকৈ কৰিব লাগে তাৰ সংকেত দিয়া কিতাপৰ পৰা সাধাৰণ উপন্যাস আৰু ভ্ৰমণ কাহিনীলৈ অলেখ কিতাপ পোৱা যায়। সময়ৰ লগে লগে তাৰ কিছুমান লোপ পায়, কিছুমান বর্তি থাকে আৰু মানৱ জাতিৰ সম্পত্তি হৈ পৰে। ইয়াৰ আটাইবোৰ পঢ়া সম্ভৱ নহয় আৰু পঢ়িবৰ দৰকাৰো নহয়। এই কাৰণেই ইংৰাজ দার্শনিক বেকনে এইদৰে দিহা দিছিল, “কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।”
৩। “হে মোৰ অসমিয়া মিত্র সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই”- কথাষাৰৰ যুক্তি-যুক্ততা বিচাৰ কৰা।
উঃ পূর্বতে আমাৰ দেশত আজিৰ দৰে বিদ্যাৰ অনুশীলন নাছিল। সেই হেতুকে মানুহৰ মন ভয় আৰু কু-সংস্কাৰে আৱৰি ৰাখিছিল। বিদ্যা আৰু জ্ঞানেই যে উন্নতিৰ মূল সেই কথা সাধাৰণ ৰাইজে জনা নাছিল। দেশবাসীৰ এই অজ্ঞানতা লক্ষ্য কৰি আনন্দৰাম ঢেকিয়াল ফুকনে এইদৰে মন্তব্য কৰিছিল – “হে মোৰ অসমিয়া মিত্র সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই; যদি সভ্য আৰু সুখি হ’ব খোজা তেন্তে কৃসি আৰু সিল্প কৰমত ইংৰাজৰ দৰে পাৰ্গত হ’বলৈ পুৰুসাৰ্থ কৰা। তোমালোক নিচই অগিয়ান আৰু সেই বিদ্যাৰ ভু নোপোৱা আৰু জানিবলৈকো স্ৰম নকৰা।”
৪। “কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায়।” পাঠটোৰ সহায়ত বুজাই লিখা।
উঃ যিমানেই বিদ্যাৰ অনুশীলন হয়, সিমানেই কিতাপৰ সমাদৰ বাঢ়ে; আৰু সিমানেই ৰাইজেও নিজৰ অভাৱ-অভিযোগ বুজি উঠে। ৰাইজ সজ্ঞান আৰু সচেতন হ’লে ৰাষ্ট্ৰ শাসনত কেৰোণ নালাগে, শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয় নাথাকে। স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায়, মহাত্মা গান্ধী আদিৰ দৰে লোকৰ ৰচনাই আমাৰ জাতীয় জাগৰণ বেগী কৰিছিল। ইউৰোপত ৰুছো, কার্ল মার্ক্স আদি চিন্তাবিদৰ ৰচনাই সমাজ পৰিৱৰ্তনত প্ৰেৰণা যোগাহছিল। একো একোখন কিতাপে যি পোহৰ দিয়ে সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়াই শাসনযন্ত্র কঁপি উঠে। সেয়েহে কোৱা হয় যে কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুদ প্ৰভাৱ পেলায়।
৫। “আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে। এতিয়া কিতাপেই গুৰু।” কথাখিনি পাঠটিৰ সহায়ত আলোচনা কৰা।
উঃ আগৰ দিনত গুৰুগৃহত থাকি ছাত্রই শিক্ষা লাভ কৰিছিল। সেইকালত কিতাপ-পত্ৰৰ অভাৱ থকাত ছাত্ৰই গুৰুৰ মুখৰ পৰা যি ওলাইছিল তাৰ ওপৰতে নিৰ্ভৰ কৰিছিল। বর্তমান জগত ছপাখানা, কিতাপ-আলোচনীৰ জগত। কিতাপ আওকাণ কৰি আমি জীয়াই থাকিব নোৱাৰোঁ। কিতাপ লাগে জ্ঞানৰ কাৰণে। জ্ঞান-বিদ্যাৰে চহকী, জীৱনৰ বাটত পোৱা তিতা-কেঁহা অভিজ্ঞতাবোৰ বিদ্বান লোকে কিতাপত লিপিৱদ্ধ কৰি থৈ গৈছে। সেইবোৰ মানৱ জাতিৰ উমৈহতীয়া সম্পত্তি। যুগে যুগে কিতাপে মানুহৰ মন আকৰ্ষণ কৰি আহিছে। ধর্মপুথি, আত্মজীৱনী, উপন্যাস আদিৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়া, বোৱা-কটা আদি বিবিধ কিতাপে জনসাধাৰণৰ মাজত সমাদৰ লাভ কৰিছে। আজিকালি গুৰু গৃহত থাকি ছাত্রই শিক্ষা লাভ কৰিব নালাগে। বর্তমান সময়ত কিতাপেই গুৰু। সেই হেতুকে আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে।
অতিৰিক্ত প্রশ্নোত্তৰ:
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া:
১। প্রফুল্ল দত্ত গোস্বামীৰ জন্ম কিমান চনত হৈছিল?
উঃ প্রফুল্ল দত্ত গোস্বামীৰ জন্ম হৈছিল ১৯১৪ চনত।
৫। প্রফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীখনৰ নাম কি?
উঃ প্রফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীখনৰ নাম ‘মনৰ পক্ষী উভতি উৰে’।
২। ‘কেঁচা পাতৰ কঁপনি’ উপন্যাসখনৰ ৰচক কোন?
উঃ ‘কেঁচা পাতৰ কঁপনি’ উপন্যাসখন প্রফুল্ল দত্ত গোস্বামীৰ ৰচনা।
৩। প্রফুল্ল দত্ত গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গ্রন্থৰ নাম লিখা।
উঃ প্রফুল্ল দত্ত গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গ্রন্থ হ’ল- ‘এই যুগৰ সাহিত্য’, ‘সাহিত্য আৰু জীৱন’, ‘অসমীয়া জন সাহিত্য’, ‘ইউৰোপৰ মনীষা’, ‘মোৰ ৰাচিয়া ভ্রমণ’, ‘মাণিক চন্দ্ৰ বৰুৱা’, ‘নিতে নৱৰূপ তাৰ’, ‘বুৰঞ্জী আৰু সংস্কৃতি’ আদি।
৪। প্রফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম লিখা।
উঃ প্রফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম ‘শেষ ক’ত, ‘কেঁচা পাতৰ কঁপনি’।
👉 Read Also:
- বৰগীতঃ জয় জয় যাধৱ প্রশ্ন উত্তৰ
- ধনবৰ আৰু ৰতনী প্রশ্ন উত্তৰ
- বনকুঁৱৰী প্রশ্ন উত্তৰ
- লাচিত ফুকন প্রশ্ন উত্তৰ
- ৰাজপথ প্রশ্ন উত্তৰ
- এখন চিঠি প্রশ্ন উত্তৰ

