Join WhatsApp

Join Now

Join Telegram

Join Now

গৌৰৱ Class 11 Assamese Chapter 3 Solutions

By Rabbi Masrur

Published On:

গৌৰৱ Class 11 Assamese Chapter 3 Solutions

গৌৰৱ Class 11 Assamese Chapter 3 Solutions

উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ গৌৰৱ Class 11 Assamese Chapter 3 Solutions পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

গোট-১ গদ্যাংশ

গৌৰৱ

– কালিৰাম মেধি

👉 Read Also:

লেখক পৰিচয়:

কালিৰাম মেধি (১৮৭৮-১৯৫৪) এজন অসমীয়া শিক্ষাবিদ, ভাষাবিদ, ব্যাকৰণবিদ, আলোচনী সম্পাদক আৰু গৱেষক আছিল। হাজোৰ ওচৰত ৰামদিয়া নামৰ গাওঁত তেওঁৰ জন্ম হয়। কলিকতাৰ চিটি কলেজৰ পৰা তেখেতে পদার্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি উপ-প্রতি সমাহর্তা ৰূপে চাকৰি জীৱন আৰম্ভ কৰে। তেওঁৰ কৰ্মদক্ষতা আৰু নিষ্ঠাৰ বাবে ই. এল. চি. পদলৈ উন্নীত হৈছিল। চৰকাৰী চাকৰিৰ দায়িত্বত থাকিও তেখেতে আজৰি সময়ত সাহিত্য চর্চাত মনোনিবেশ কৰিছিল। তেওঁ পদার্থ বিজ্ঞানৰ ছাত্ৰ আছিল যদিও অসমীয়া ভাষাৰ হিতৰ হকে কাম কৰি গৈছিল। তেওঁ অসমীয়া ‘ভাষাৰ ব্যাকৰণ আৰু ভাষাতত্ত্ব’ নামৰ গৱেষণাত্মক পুথি ৰচনা কৰি অসমীয়া ভাষাৰ স্বতন্ত্রৰূপ দাঙি ধৰিছিল। তেওঁ কেইবাখনো গ্রন্থ সম্পাদনাও কৰিছিল। যেনে: অংকাৱলী, প্রহ্লাদ চৰিত, মহাপুৰুষ শংকৰদেৱৰ বাণী আদি। ইংৰাজী ভাষাতো তেওঁ বহু কেইখন প্ৰৱন্ধ ৰচনা কৰিছিল।

১৯১৯ চনৰ অসম সাহিত্য সভাৰ বৰপেটা অধিবেশনত তেখেতে সভাপতিত্ব কৰিছিল।

১৯৫৪ চনত তেখেত স্বর্গগামী হয়।

আৰ্হি প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ (মূল্যাংক-১)

১। কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পর্কীয় গ্রন্থখনৰ নাম লিখা।

উঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’।

২। ‘ডিভাইন কমেডি’ কাৰ ৰচনা?

উঃ ‘ডিভাইন কমেডি’ ডাণ্টেৰ ৰচনা।

৩। নেপোলিয়ন বোনাপার্ট কোন দেশৰ বীৰ আছিল?

উঃ নেপোলিয়ন বোনাপার্ট ফ্ৰান্সৰ বীৰ আছিল।

৪। মৈথিলী জৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ ‘টনাটনি’ কৰে?

উঃ মৈথিলী জৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ ‘টনাটনি’ কৰে।

৫। জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে?

উঃ জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে।

চমু প্রশ্নোত্তৰ (মূল্যাংক -২/৩)

১। সৌভাগ্যৰপৰা গৌৰৱ কেনেকৈ ওপজে?

উঃ সৌভাগ্যৰ বাবে উচ্চবংশৰ মৰ্যাদা, ধন-সম্পতি আৰু মান-মর্যাদা লাভ কৰে। এজন ধনী ব্যক্তি বা উচ্চবংশৰ লোকক বর্তমান সমাজত এক শ্ৰেণীৰ লোকে যথেষ্ট মান সম্মান কৰে।

২। ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্হায়ী হয়নে? বুজাই লিখা।

উঃ ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী নহয়, কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপৰো পতন ঘটে।

৩। বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে?

উঃ বিশ্বামিত্ৰৰ দুখৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছে।

৪। শুদ্ধোধনৰ নাম মানুহে কিয় জানে?

উঃ শুদ্ধোধন গৌতম বুদ্ধৰ পিতৃ হোৱা বাবে মানুহে জানে।

৫। দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে?

উঃ দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে।

দীঘল প্রশ্নোত্তৰঃ (মূল্যাংক-৪।৫)

১। “ধনেই ধৰ্মৰ মূল, মন নহ’লে যায় জাতি কুল” কথাষাৰ বুজাই লিখা।

উঃ কিছুমান মানুহৰ বাবে ধন-সম্পতি এক নিচ’ ইয়াৰ বাবে মানুহে নিজক লৈ গৌৰৱ কৰে। তেওঁলোকৰ বাবে ধনেই সর্বেসর্বা। ধন থাকিলে সকলো বস্তু কিনিব পাৰি আৰু ধনৰ বলত মান-সন্মানো আদায় কৰিব পাৰি। ধন থাকিলে বন্ধু বান্ধবীৰো কোনো আকাল নহয়। ধনী মানুহক সাধাৰণ মানুহে ভয় কৰে, ভক্তি কৰে আৰু সন্মান কৰে। সেয়েহে কোৱা হৈছে, “ধনেই ধৰ্মৰ মূল, মন নহ’লে যায় জাতি কুল”।

২। ‘গৌৰৱ’ প্ৰৱন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে?

উঃ প্রকৃত গৌৰৱৰ কাৰণ জ্ঞান, আত্মসংযম আৰু আত্মদান। এই গুণবিলাকে মানুহক অমৰ কৰে। ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্রহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মদান ইতিহাসত গৌৰৱৰ বিষয়। ছেক্সপীয়েৰ, কবীৰ, শংকৰদেৱ, মাধৱদেৱ, কালিদাস, ব্যাস আদিৰ ৰচনাৰাজি আজিও গোটেই বিশ্বত সমাদৃত। সিহঁতে জ্ঞান, আত্মসংযম আৰু আত্মদানৰ জৰিয়তে যি গৌৰৱৰ অধিকাৰী হৈছিল সেয়া স্বর্গীয় আৰু চিৰস্থায়ী।

৩। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা- “বিজেতাই মানুহক হে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে”।

উঃ উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ পাঠটোৰপৰা তুলি দিয়া হৈছে।

বলীয়ে নিজৰ দেহৰ বলত সকলো জয় কৰিব পাৰিলেও কিন্তু মন জয় কৰিব নোৱাৰে। উক্ত বাক্যফাঁকিৰ জৰিয়তে তাকেই বুজোৱা হৈছে।

বল হ’ল শৰীৰৰ এটি গৌৰৱৰ কাৰণ। বলে মানুহক সাহস, স্ফূর্তি আৰু আনন্দ দিয়ে। বল থাকিলে মানুহে আনৰ ওপৰত প্ৰভুত্ব চলাব পাৰে আৰু আনৰ পৰা ভয়, ভক্তি আকৰ্ষণ কৰিব পাৰে। দেশ জয় কৰা বীৰসকলক গৌৰৱৰ পাত্ৰ বুলি ভবা হয়। কিন্তু বিজেতাই প্রথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে, তৃতীয় দিন আনৰ হাতলৈ যায়। আলেকজেণ্ডাৰে দেশ জয় কৰিছিল, কিন্তু প্লেটোৱেহে মানুহৰ মন জয় কৰিব পাৰিছিল। নিউটন, ডাৰউইন আদি ব্যক্তিসকলে নিজৰ ভাব আৰু চিন্তা আনৰ মনত সুমুৱাই দি আনৰ মন জয় কৰিছে আৰু তেওঁলোকৰ নিচিনাকৈ ভাবিবলৈ শিকাইছে। চুকাফা আৰু নৰনাৰায়ণৰ ৰাজ্য নাই কিন্তু শংকৰদেৱৰ ৰাজ্য কোনেও ধ্বংস কৰিব পৰা নাই। আকবৰৰ ৰাজ্য কেতিয়াবাই চাৰখাৰ হৈছে, কিন্তু গৌতম বুদ্ধৰ হোৱা নাই। সেয়েহে কোৱা হয়, “বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে”।

৪। জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে? বুজাই লিখা।

উঃ জন্ম, ধন আৰু মান সৌভাগ্যৰ পৰা আহে। জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী নহয়। ধন থাকিও যদি প্রয়োজনত খৰচ কৰা নহয়, দান কৰা নহয়, মানুহক সহায় কৰা নহয় তেন্তে সেই ধন কোনো কামত নাহে। সংসাৰত আহি সৎ কর্ম নকৰি অসৎ কর্মত ধন ভাঙিলে সেই ধনৰ কোনো স্থায়ীত্ব নাথাকে। সেয়ে জন্মগতভাবে লাভ কৰা ধন স্থায়ী নহয়।

👉 Read Also:

৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা।-“ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে।”

উঃ উপৰোক্ত গদ্যাংশফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কালিৰাম মেধি ৰচিত ‘গৌৰৱ’ পাঠটোৰপৰা তুলি দিয়া হৈছে।

ৰূপে কিদৰে মানুহক মায়াজালত বন্দী কৰি ৰাখিব পাৰে উক্ত বাক্যফাঁকিৰ জৰিয়তে তাকে বুজাবলৈ চেষ্টা কৰা হৈছে।

শৰীৰৰ এক গুণ হ’ল ৰূপ। ৰূপৰ সহায়তো মানুহে জগত জয় কৰিব পাৰে। মহাদেৱৰ নিচিনা প্রধান যোগীকো ভগৱানৰ বিশ্ব-বিমোহন ৰূপে বলিয়া কৰিছিল। ৰাম-ৰাৱণৰ যুদ্ধৰ কাৰণ আছিল সীতাৰ ৰূপ-লাৱণ্য। গ্রীক-ট্ৰজান যুদ্ধৰ কাৰণো আছিল ৰূপ। ডাণ্টেৰ ‘ডিভাইন কমেডি’ ৰূপৰ বাবেই সৃষ্টি হৈছিল। হিৰোৰ লাবণ্যৰ প্রভাৱত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাতুৰি পাৰ হৈছিল। সাপ যেনেকৈ যোগীৰ মন্ত্ৰত মুগ্ধ হয়, মানুহো তেনেকৈ ৰূপত মুগ্ধ হয়। ৰূপৰ বলতে বহুতে মান আৰু ভক্তি পায়। মহাপুৰুষ শংকৰদেৱৰ ৰূপ আৰু শান্ত মূর্তিয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীৰ পৰাও ভক্তি আৰু শ্রদ্ধা আকৰ্ষণ কৰিছিল। ৰূপৰ প্ৰভাৱতে মহম্মদক বধ কৰিবলৈ উদ্যত শত্ৰুৰ হাতৰ তৰোৱাল খহি পৰিছিল।

সেয়ে ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে বুলি কোৱা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ:

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া:

(ক) ‘গৌৰৱ’ নামৰ পাঠটিৰ লিখক কোন?

উঃ কালিৰাম মেধি।

(খ) কালিৰাম মেধিয়ে অসমীয়া ভাষা সম্বন্ধে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?

উঃ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব।

(গ) কালিৰাম মেধিয়ে সম্পাদনা কৰা এখন গ্ৰন্থৰ নাম লিখা।

উঃ প্রহ্লাদ চৰিত।

(ঘ) মহাকবি ডান্টে ৰচনা কৰা কাব্যগ্ৰন্থখনৰ নাম কি?

উঃ ডিভাইন কমেডি।

(ঙ) গ্রীকট্ৰজান যুদ্ধৰ কাৰণ কি আছিল?

উঃ গ্রীক-টুজান যুদ্ধৰ কাৰণ আছিল বিশ্ব সুন্দৰী হেলেন।

(চ) শৰীৰৰ কি তিনিটা গুণৰ পৰা গৌৰৱৰ উৎপত্তি হয়?

উঃ শৰীৰৰ ৰূপ, স্বাস্থ্য আৰু বল- এই তিনিটা শাৰীৰিক গুণৰ পৰা গৌৰৱৰ উৎপত্তি হয়।

(ছ) কি গুণে মানুহক অমৰ কৰে?

উঃ জ্ঞান, আত্মসংযম আৰু আত্মদানে মানুহক অমৰ কৰে।

(জ) ক্লিওপেট্ৰাৰ ৰূপ কিহৰ বাবে কুৎসিত হৈছিল?

উঃ ক্লিওপেট্রাৰ ৰূপ সাপৰ বিষৰ বাবে কুৎসিত হৈছিল।

(ঝ) লিয়েণ্ডাৰে কাক পাবলৈ সাগৰ সাঁতুৰি পাৰ হৈছিল?

উঃ লিয়েণ্ডাৰে তেওঁৰ প্ৰেয়সী হিৰোক পাবলৈ সাগৰ সাঁতুৰি পাৰ হৈছিল।

(ঞ) ভার্জিলে ৰচনা কৰা মহাকাব্যখনৰ নাম কি?

উঃ এনিড।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment