Join WhatsApp

Join Now

Join Telegram

Join Now

ধনৰ ব্যৱহাৰ Class 11 Assamese Chapter 1 Solutions

By Rabbi Masrur

Published On:

ধনৰ ব্যৱহাৰ Class 11 Assamese Chapter 1 Solutions

উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ধনৰ ব্যৱহাৰ Class 11 Assamese Chapter 1 Solutions পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

গোট-১ গদ্যাংশ

ধনৰ ব্যৱহাৰ Class 11 Assamese Chapter 1 Solutions

-সত্যনাথ বৰা

👉 Read Also:

লেখক পৰিচয়ঃ

সত্যনাথ বৰা (১৮৬০-১৯২৫) এজন অসমীয়া বলিষ্ঠ গদ্য লিখক। তেওঁৰ জন্ম হয় গুৱাহাটীৰ ভৰলুমুখত। গুৱাহাটীত স্কুলীয়া শিক্ষা লাভ কৰি ১৮৮৯ চনত কলিকতাৰ পৰা বি. এল. পৰীক্ষা পাচ কৰে। সাময়িকভাৱে তেখেতে আর্ল ল’ কলেজ আৰু কটন কলেজত অধ্যাপনা কৰে যদিও পিছত গুৱাহাটীত ওকালতি কৰিবলৈ লয়।

সত্যনাথ বৰাই ৰচনা কৰা প্রথম পুথিখন হ’ল গীতাৱলী। কেন্দ্ৰসভা, সাহিত্য বিচাৰ, সাৰথি, চিন্তাকলি, আদি তেখেতৰ প্ৰৱন্ধ আৰু সমালোচনামূলক পুথি। তেখেতে ৰচনা কৰা ‘আকাশ ৰহস্য’ অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্রথম গ্রন্থ। ‘বহল ব্যাকৰণ’ তেখেতে ৰচনা কৰা এক উল্লেখযোগ্য অসমীয়া ব্যাকৰণ। তেখেতে বহুতো খুহুটীয়া কবিতাও ৰচনা কৰিছিল। ১৯০১ চনত গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা অসমীয়া আলোচনী ‘জোনাকী‘কাকত তেখেতে সম্পাদনা কৰিছিল।

১৯২৫ চনত গুৱাহাটীৰ নিজা বাসভৱনত তেওঁৰ মৃত্যু হয়।

আৰ্হি প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ (মূল্যাংক-১)

১) কৃপণলোকৰ দুই ধর্ম কি কি?

উঃ কৃপণলোকৰ দুই মুখ্য ধর্ম হ’ল-লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা।

২) অর্থ ব্যৱহাৰৰ মূলমন্ত্র কি?

উঃ অর্থ ব্যৱহাৰৰ মূলমন্ত্র হৈছে আয়ৰ অনুসাৰে ব্যয় কৰা।

৩) দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?

উঃ আয়তকৈ অধিক ব্যয় কৰা দৰিদ্ৰতাৰ লক্ষণ।

৪) মানুহৰ ঋণ কেতিয়া হয়?

উঃ মানুহে যেতিয়া নিজৰ উপাৰ্জনতকৈ অধিক পৰিমাণে ব্যয় কৰে, তেতিয়া তেওঁ ঋণ ল’ব লগা হয়।

৫) কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা?

উঃ খুচুৰীয়া বা সৰু-সুৰা খৰচ গুপ্ত শত্ৰুৰ নিচিনা।

চমু প্রশ্ন (মূল্যাংক -২/৩)

১) ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি?

উঃ লিখকৰ মতে ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হ’ল-

ক) ধনৰ জৰিয়তে মানুহে নিজৰ সুখ-সুবিধা আৰু সম্পদ লাভৰ বিভিন্ন সামগ্রী সংগ্ৰহ কৰিব পাৰে।

খ) ধনৰ সহায়ত আন লোকৰ উপকাৰ আৰু কল্যাণ সাধনো কৰিব পাৰি।

২) কৃপণলোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে?

উঃ কৃপণলোকৰ দৃষ্টিত আন মানুহে ধন খৰচ কৰিলে এক প্ৰকাৰৰ অপচয় বা অত্যাচাৰৰ। তেওঁলোকৰ মতে ভাল আহাৰ গ্ৰহণ কৰা, ভাল বসন পিন্ধা বা দান-দক্ষিণা কৰা এই সকলোবোৰ ধনৰ অপব্যয়।

৩) লেখকৰ মতে কোন দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে?

উঃ লেখকৰ মতে সজ-অসজ বৃত্তি দুটা ফলিওৱাৰ বাবে অলপ ধন লাগে। অর্থাৎ, দয়া বৃত্তি ফলাব লাগিলেও ধন লাগে আৰু অহংকাৰ বা লোভ ফলাব লাগিলেও ধনৰ প্ৰয়োজন হয়।

৪) কি দুটা কাৰণত মানুহে কৃপণালি কৰে?

উঃ মানুহে সাধাৰণতে দুটা মুখ্য কাৰণত কৃপণালি কৰে।

প্রথমতে, কিছুমানে বিপুল ধন সঞ্চয় কৰি সমাজত এক বিশেষ খ্যাতি বা নাম এৰি যাবৰ আশাত কৃপণালি কৰে।

দ্বিতীয়তে, আন কিছুমানে নিজৰ সন্তান-সন্ততিলৈ ধনৰ এক বৃহৎ আৰু অবিনাশী ভাণ্ডাৰ থৈ যাবৰ উদ্দেশ্যে কৃপণালি কৰে।

৫) কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পার্থক্য দুটা লিখা।

উঃ কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পার্থক্য দুটা হ’ল-

ক) কৃপণ মানুহ স্বভাৱতে অত্যন্ত সঞ্চয়ী; তেওঁ ধন ব্যয় কৰিবলৈ আগ্রহী নহয়। কিন্তু ধোঁৱাখুলীয়া ব্যক্তিয়ে কোনো চিন্তা-ভাবনা নকৰাকৈ অত্যধিক ধন খৰচ কৰে।

খ) কৃপণ ব্যক্তিৰ মন সঞ্চয়ৰ দিশত অধিক আগ্রহী, আনহাতে ধোঁৱাখুলীয়া ব্যক্তি ধনৰ অপব্যয় আৰু অপচয কৰাৰ প্ৰতি আগ্ৰহী।

দীঘল প্রশ্নোত্তৰঃ (মূল্যাংক-৪/৫)

১) অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পর্কে কেনে ধাৰণা কৰে লিখা।

উঃ অশিক্ষিত লোকসকলৰ দৃষ্টিত ধন খৰচ কৰা এক প্ৰকাৰৰ বাহাদুৰি বা গৌৰৱৰ বিষয়। তেওঁলোকে ধনী লোকক প্ৰায় ঈশ্বৰৰ দৰে মানে। ধনীৰ অত্যাচাৰক প্ৰতাপ বুলি গণ্য কৰে, কু-কর্মক ধেমালি বুলি ভাবে আৰু ধনীৰ মাৰ-কিলকো সন্মান বা আদৰ বুলি ভাবি লয়। সিহঁতৰ ভাল-বেয়াৰ স্পষ্ট বোধ নাথাকে, লগতে মান-অপমানৰ বোধ কম। এনে অজ্ঞ লোকৰ প্ৰশংসা লাভ কৰিবলৈ কিছুমান মানুহে নিজৰ হিতাহিত জ্ঞান উপেক্ষা কৰি অযথা আৰু অনুচিতভাৱে ধন ব্যয় কৰে আৰু শেষত নিজেই দুখ-কষ্টৰ সন্মুখীন হয়। এই ধৰণৰ আচৰণেই অশিক্ষিত মানুহৰ ধন খৰচ কৰাৰ কৌশল বুলি ধৰা হয়।

২) অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্রণালী কেনেকুৱা হয় আলোচনা কৰা।

উঃ অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱনধাৰা অত্যন্ত বৈচিত্র্যময় আৰু বৈপৰীত্যপূর্ণ। তেওঁলোকে ভাল খাদ্য খোৱাৰ ইচ্ছা পোষণ কৰিলেও নিজৰ ধন ব্যয় কৰি কেতিয়াও উন্নত খাদ্য গ্রহণ নকৰে। নিজৰ ঘৰত সাধাৰণ শাক-ভাতৰ ব্যৱস্থা থাকিলেও আনৰ ঘৰত সুস্বাদু খাদ্য নহ’লে তেওঁলোকে ভোজন কৰিবলৈ ইচ্ছা নকৰে। নিজৰ ঘৰত এবিধ আঞ্জাৰে সন্তুষ্ট থাকিলেও আনৰ ঘৰত বহু প্ৰকাৰৰ আঞ্জা প্রত্যাশা কৰে। নিজৰ কামত তেওঁলোকে বহু দূৰ খোজ কাঢ়ি যায়, কিন্তু আনৰ কামত বাহন নহ’লে এখোজো আগবাঢ়িবলৈ নিবিচাৰে।

সাৰাংশত, আনৰ পৰা তেওঁলোকে উত্তম আহাৰ গ্ৰহণ কৰে আৰু ভাল পোছাক পিন্ধিব বিচাৰে; কিন্তু নিজৰ ধন ব্যয় কৰিবলগীয়া হ’লে অতি সাধাৰণ খাদ্য আৰু ডাঠ কাপোৰ পিন্ধি দিন কটায়। খাৱন-পিন্ধনৰ ক্ষেত্ৰত এই শ্ৰেণীৰ কৃপণ লোকৰ মুখত সদায় ডাঙৰ-ডাঙৰ কথা শুনিবলৈ পোৱা যায়। তেওঁলোকে নিজৰ ঘৰৰ প্ৰকৃত অৱস্থা কেতিয়াও লোকৰ আগত প্রকাশ নকৰে, কাৰণ তেনে কৰিলে আনৰ আগত দম্ভ বা বাহাদুৰি দেখুৱাব নোৱাৰিব।

👉 Read Also:

৩) মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা।

উঃ মানুহে যেতিয়া নিজৰ উপাৰ্জনতকৈ অধিক ধন ব্যয় কৰে, তেতিয়া ঋণ ল’ব লগা হয়। ঋণক পাপৰ লগত তুলনা কৰা হয়, কাৰণ পাপীৰ দৰে ঋণী মানুহেও সমাজত নানা ধৰণৰ লাঞ্ছনা আৰু দুখ-কষ্ট ভোগ কৰিব লগা হয়। ঋণগ্রস্ত ব্যক্তিয়ে সমাজত গৰিহণা পায়, নিজৰ মান-মর্যাদা হেৰুৱায় আৰু মানসিক শান্তিও নষ্ট হয়। আনহাতে, ঋণক ব্যাধিৰ লগতো তুলনা কৰা হয়; যিদৰে ৰোগে ক্রমে ক্রমে মানুহৰ দেহ ক্ষয় কৰে, তেনেদৰে ঋণেও মানুহৰ আৰ্থিক অৱস্থা ধ্বংসৰ দিশলৈ লৈ যায়। ৰোগ যেনেকৈ সময়ৰ লগে লগে বৃদ্ধি পায়, ঋণো তেনেদৰে বৃদ্ধি পাবলৈ ধৰে। এই কাৰণেই ঋণ লোৱাৰ পৰা বিৰত থাকিবলৈ উপদেশ দিয়া হয়।

৪) লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণলোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা।

উঃ লেখকৰ দৃষ্টিত কৃপণলোক সাধাৰণতে দুই প্ৰকাৰৰ।

প্ৰথম প্ৰকাৰৰ কৃপণৰ বাবে ধন নিজেই একমাত্র লক্ষ্য; তেওঁলোকৰ দৃষ্টিত ধন ভোগ-বিলাসৰ উপায় নহয়, বৰং সঞ্চয় কৰি ৰাখিবলগীয়া বস্তু। অথচ ধনৰ সহায়ত মানুহে উন্নত খাদ্য, উন্নত বস্ত্র, ভাল বাসস্থান আৰু জীৱনৰ নানা আৰাম-আয়াসৰ আহিলা লাভ কৰিব পাৰে। কিন্তু কৃপণ ব্যক্তিয়ে এই সত্য উপলব্ধি নকৰে। তেওঁলোকে ধন ব্যয় হোৱাৰ ভয়ত নিজেও কষ্ট সহ্য কৰে আৰু নিজৰ পৰিয়ালৰ সদস্যসকলকো উপযুক্ত আহাৰ-বসন নিদিয়ে।

দ্বিতীয় প্ৰকাৰৰ কৃপণ হৈছে অসজ বৃত্তিধাৰী কৃপণ। এই শ্ৰেণীৰ কৃপণলোকে নিজৰ ধন খৰচ কৰি ভাল বস্তু গ্রহণ নকৰিলেও আনৰ ঘৰত উৎকৃষ্ট আহাৰ-বসন উপভোগ কৰিবলৈ বিচাৰে। নিজৰ ঘৰত অতি সাধাৰণ ব্যৱস্থা থাকিলেও আনৰ ঘৰত অধিক সুবিধা আশা কৰে। তেওঁলোকে নিজৰ অৱস্থাৰ সত্যতা লুকুৱাই ৰাখে আৰু আনৰ আগত দম্ভ প্রকাশ কৰিবলৈ চেষ্টা কৰে। এইদৰে লেখকে কৃপণলোকৰ স্বভাৱ আৰু আচৰণৰ বিস্তৃত চিত্র অঙ্কন কৰিছে।

৫) “ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ।” ব্যাখ্যা কৰা।

উঃ উক্ত কথাষাৰ আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাথ বৰাই ৰচনা কৰা ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

উক্ত কথাফাকিৰ মাজেদি লিখক বৰাদেৱে কৃপণ লোকৰ অতিপাত ধনলিপ্সাৰ বিষয়ে কৈছে। সমাজত এনে কিছুমান মানুহ দেখা যায় যিসকল ধনী হোৱাৰ পাছতো অতি দৰিদ্ৰৰ দৰে জীৱন-যাপন কৰে। এই ধৰণৰ লোকক সাধাৰণতে কৰাইচ, কটকিনা বা কৃপণ বুলি কোৱা হয়। বাস্তৱতে কৃপণলোকৰ দৃষ্টিত ধন উপভোগৰ উপায় নহয়; তেওঁলোকৰ বাবে ধন নিজেই এক প্ৰকাৰৰ সুখ। অথচ ধনৰ সহায়ত মানুহে জীৱনৰ বহুতো সুখ-সুবিধা লাভ কৰিব পাৰে-যেনে ভাল খাদ্য, উন্নত বস্ত্ৰ, সুন্দৰ ঘৰ-বাৰী আৰু অন্যান্য আৰামৰ-আহিলা। কিন্তু কৃপণ ব্যক্তিয়ে এই সত্য উপলব্ধি কৰিব নোৱাৰে। তেওঁলোকৰ বাবে ধন সঞ্চয় কৰাই মুখ্য লক্ষ্য। ধন খৰচ হোৱাৰ ভয়ত তেওঁলোকে নিজেও কষ্ট সহ্য কৰে আৰু নিজৰ পৰিয়ালৰ লোকসকলকো কষ্ট ভোগায়। এই কাৰণেই কোৱা হয় যে কৃপণলোকৰ দৃষ্টিত ধন সুখ ভোগৰ উপায় নহয়, বৰং ধন নিজেই সুখৰ উৎস।

অতিৰিক্ত প্রশ্নোত্তৰ:

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া:

প্রশ্নঃ ‘কেন্দ্ৰসভা’ নামৰ পুথিখনৰ ৰচক কোন?

উঃ ‘কেন্দ্ৰসভা’ নামৰ পুথিখনৰ ৰচক হৈছে সত্যনাথ বৰা।

প্রশ্নঃ সত্যনাথ বৰাই ৰচনা কৰা গীতৰ পুথিখনৰ নাম কি?

উঃ: সত্যনাথ বৰাই ৰচনা কৰা গীতৰ পুথিখনৰ নাম ‘গীতাৱলী’।

প্রশ্নঃ সত্যনাথ বৰাই ৰচনা কৰা প্ৰথম পুথিখন কি?

উঃ সত্যনাথ বৰাই ৰচনা কৰা প্ৰথম পুথিখন হৈছে ‘গীতাৱলী’।

প্রশ্নঃ ‘আকাশ ৰহস্য’ কেনে বিষয়ক গ্রন্থ?

উঃ ‘আকাশ ৰহস্য’ বিজ্ঞান বিষয়ক গ্রন্থ।

প্রশ্নঃ পুৰণি অসমীয়া গদ্য-সাহিত্যৰ ইতিহাস কেনেকুৱা?

উঃ পুৰণি অসমীয়া গদ্য-সাহিত্যৰ ইতিহাস অত্যন্ত সমৃদ্ধ আৰু গৌৰৱোজ্জ্বল। এই সাহিত্যধাৰাই সময়ৰ লগে লগে বিকাশ লাভ কৰি অসমীয়া ভাষা আৰু সাহিত্যক এক সুদৃঢ় ভিত্তি প্রদান কৰিছে।

প্রশ্নঃ আধুনিক অসমীয়া গদ্য-সাহিত্য কিদৰে পৰিপুষ্টি লাভ কৰিছে?

উঃ আধুনিক অসমীয়া গদ্য-সাহিত্য জোনাকী যুগৰ পৰাই বিভিন্ন প্রতিভাশালী সাহিত্যিকৰ সৃষ্টিশীল প্রচেষ্টাৰ ফলত লাহে লাহে পৰিপুষ্টি লাভ কৰি আজিৰ বিকশিত আৰু সমৃদ্ধ ৰূপত উপনীত হৈছে।

প্রশ্নঃ সত্যনাথ বৰাৰ জন্মস্থান ক’ত?

উঃ বিশিষ্ট সাহিত্যিক সত্যনাথ বৰাৰ জন্মস্থান গুৱাহাটীৰ ভৰলুমুখত।

প্রশ্নঃ সত্যনাথ বৰাই কেতিয়া বি. এল. পৰীক্ষাত উত্তীর্ণ হৈছিল?

উঃ সত্যনাথ বৰাই ১৮৮৯ চনত বি. এল. পৰীক্ষাত সাফল্যৰ সৈতে উত্তীৰ্ণ হৈছিল।

প্রশ্নঃ সত্যনাথ বৰা কিহৰ বাবে ‘বেকন’ হিচাপে পৰিচিত?

উঃ উৎকৃষ্ট গদ্যশৈলী আৰু চিন্তাশীল ৰচনাৰ বাবে সত্যনাথ বৰা অসমীয়া সাহিত্যত ‘বেকন’ হিচাপে বিশেষভাৱে পৰিচিতি লাভ কৰিছে।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment