Join WhatsApp

Join Now

Join Telegram

Join Now

অসমৰ পুৰণি খেল ধেমালি Class 11 Assamese Chapter 7 Solutions

By Rabbi Masrur

Published On:

অসমৰ পুৰণি খেল ধেমালি Class 11 Assamese Chapter 7 Solutions

অসমৰ পুৰণি খেল ধেমালি Class 11 Assamese Chapter 7 Solutions

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘অসমৰ পুৰণি খেল ধেমালি‘ পাঠটিৰ প্রশ্নোত্তৰ Class 11 Assamese Chapter 7 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘অসমৰ পুৰণি খেল-ধেমালি প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। অসমৰ পুৰণি খেল-ধেমালি প্রশ্নোত্তৰ চাওঁক:

গোট-১ গদ্যাংশ

অসমৰ পুৰণি খেল-ধেমালি

-সুবোধমল্ল বৰুৱা

👉 Read Also:

লেখক পৰিচয়ঃ

সুবোধ মল্ল বৰুৱা (১৯৬৩-) অসমৰ এজন ক্রীড়া সাংবাদিক আৰু ক্রীড়া বিষয়ক সুলেখক। তেওঁৰ জন্ম হয় ১৯৬৩ চনত। তেওঁৰ দেউতাকৰ নাম পৰেশ মল্ল বৰুৱা। গুৱাহাটীৰ কটন কলেজিয়েট আৰু আৰ্য বিদ্যাপীঠত শিক্ষা লাভ কৰি ভাৰতৰ ক্ৰীড়া সাংবাদিকতাৰ জগতলৈ প্রবেশ কৰে। ১৯৮৭চনৰ পৰা তেখেতে ‘আজিৰ অসম’ আৰু ‘নতুন দৈনিক’ কাকতৰ উপসম্পাদক হিচাপে কাম কৰে। ১৯৯১ চনত ‘দৈনিক অসম’ কাকতত যোগদান কৰে। তেওঁ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেচনৰ লগত জড়িত।

শ্রী সুবোধ মল্ল বৰুৱাৰ ক্ৰীয়া বিষয়ক বহুতো গ্রন্থ প্রকাশ পাইছে। যেনে- এথেন্সৰ পৰা শ্বিলঙলৈ, বিখ্যাত ফুটবলাৰৰ ল’ৰালিকাল, ওৱান ছিক্স ম’ৰ (ইংৰাজী)। তেখেতে কেইবাখনো ক্রীড়া বিষয়ক উপন্যাসিকাও প্রকাশ কৰিছে আৰু বহুতো ক্রীড়া বিষয়ক প্ৰৱন্ধ ৰচনা কৰিছে।

আৰ্হি প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ (মূল্যাংক-১)

১। ‘বিহু’ আকৌ আহিল গ্রন্থখন কোনে ৰচনা কৰিছিল?

উঃ ‘বিহু’ আকৌ আহিল গ্ৰন্থখন হেম বৰগোহাঞিয়ে ৰচনা কৰিছিল।

২। প্রথম আহোম ৰজাজনৰ নাম কি আছিল?

উঃ প্রথম আহোম ৰজাজনৰ নাম চুকাফা আছিল।

৩। ক্রীড়া কি?

উঃ ক্রীড়া হ’ল- এক আনন্দ, ই শাৰীৰিক আৰু মানসিক ক্ষমতাৰ চূড়ান্ত প্রকাশ।

৪। বিশ্বৰ সবাতোকৈ জনপ্রিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিছিল?

উঃ বিশ্বৰ সবাতোকৈ জনপ্রিয় ফুটবল খেলক চীনত তাহানি ছু-চু আখ্যা দিছিল।

৫। চীনত ছু-চু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কি কি খেলৰ প্ৰচলন আছিল?

উঃ চীনত ছু-চু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কণী যুঁজ আৰু কড়ি খেলৰ প্ৰচলন আছিল।

চমু প্রশ্নোত্তৰ (মূল্যাংক -২/৩)

১। ঢোপ খেলৰ প্ৰচলন ক’ত, কেনেকৈ হৈছিল বর্ণনা কৰা।

উঃ ঢোপ খেলৰ জন্ম ক’ত হৈছিল সেয়া কোনেও ক’ব নোৱাৰে। আহোম যুগতো ইয়াৰ জনপ্রিয়তা আছিল। ব্ৰিটিছ ৰাজত্বৰ শেষছোৱাত তেজপুৰৰ পৰা ৮ কিলোমিটাৰ দূৰৰ মদপীৰ ঢেকেৰিপাৰ নামৰ বৃহৎ বাকৰি এখনত এইবিধ খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল।

২। বৰপেটা অঞ্চলত প্রচলিত থলুৱা খেলসমূহ কি কি?

উঃ বৰপেটা অঞ্চলত প্রচলিত থলুৱা খেলসমূহ-হাউ খেল, টাংগুটি, ঘিলা খেল, লুকা-ভাকু, কড়ি খেল, লালী, হাফলা, ৰছী টনা, কুকুৰা যুঁজ, টেকেলি ভঙা, হাতবল আদি।

৩। ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম লিখা।

উঃ ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম- ম’হ যুঁজ, বাঘ-ভালুকৰ যুঁজ, হাতী যুঁজ।

৪। ইণ্ডিজেনাছ গেমছ কোনে, ক’ত, কেতিয়া অনুষ্ঠিত কৰিছিল?

উঃ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ অথবা ছাইৰ তৰফৰ পৰা শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত ১৯৮৯ চনত ইণ্ডিজেনাছ গেমছ নাম দি ক্রীড়া সমাৰোহ আয়োজন কৰিছিল।

৫। ‘ফুলতী-মালতী’ খেল কিদৰে খেলা হয়, পাঠৰ আধাৰত লিখা।

উঃ ‘ফুলতী-মালতী’ খেল ছোৱালীসকলৰহে খেল। এই খেলত সৰু সৰু বল বা গুটিৰে তিনিটা শাৰী সজোৱা হয়। প্রতিটো শাৰীত সমান সমান গুটি ৰাখিব লাগে আৰু প্ৰতিটো গুটিৰ ব্যৱধানো সমান হ’ব লাগে। ইয়াৰ পিছত প্রতিজন অংশগ্রহণকাৰীয়ে গুটিৰ চাৰিওপিনে এটা বৃত্ত আঁকিব লাগে। এনেদৰে বৃত্ত আকোঁতে কোনো প্রতিযোগীয়ে যদি গুটি স্পর্শ কৰে তেন্তে তেওঁক খেলৰ বাহিৰ বুলি ধৰা হয়। এনেদৰে ‘ফুলতী-মালতী’ খেল খেলা হয়।

দীঘল প্রশ্নোত্তৰঃ (মূল্যাংক-৪/৫)

১। আহোম যুগত কোন ৰজাৰ দিনত ক্রীড়াই সর্বাধিক পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁৰ খেলৰ প্ৰতি থকা মোহ কেনেদৰে প্ৰকাশ পাইছিল, তাৰ এটি চমু বর্ণনা দিয়া।

উঃ আহোম যুগত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ক্রীড়াই সর্বাধিক পৃষ্ঠপোষকতা লাভ কৰিছিল। আহোম ৰাজ্যৰ বিভিন্ন অঞ্চলত পুখুৰী খান্দি সাঁতোৰাৰ প্ৰতি জনসাধাৰণক আকৃষ্ট কৰিছিল। অৱশ্যে তেওঁ পেভিলিয়নসদৃশ মঞ্চ নিৰ্মাণ কৰিও খেলৰ প্ৰতি থকা মোহ প্রকাশ কৰিছিল। তেওঁ ১৫-১৬ হাত দীঘল শালকাঠৰ খুঁটাৰে মঞ্চটো নিৰ্মাণ কৰিছিল।

👉 Read Also:

২। অসমৰ কড়ি খেলৰ বিষয়ে এটি প্রবাদ আছে। তাৰ এটি চমু বিৱৰণ দিয়া।

উঃ ‘কড়িৰ ঢালতে কড়ি নুফুটিলে কপালত দি যাওঁ দুখ।’ কড়ি ফুটিলে ভাল, নুফুটিলে কাল। বছৰৰ আৰম্ভণিতে খেলা কড়ি ফুটা মানে ধৰণী সোণালী শইচৰে নদন-বদন হোৱা আৰু নুফুটা মানেই অনাবৃষ্টি, অতিবৃষ্টি, বন্যা আদিয়ে আগুৰি ধৰা। কড়ি প্রজননৰ প্ৰতীক। ইয়াৰ সহায়ত গুটি গজোৱা আৰু পকোৱা হয়। আদিম সমাজৰ যৌন বিশ্বাসৰ লগতে শস্য-সম্পদ বৃদ্ধিৰ ধ্যান-ধাৰণাও কড়ি খেলৰ মাজেদি প্রকাশ পায়। কড়িৰ ঢালখন আই বসুমতীৰ আৰু খেলখন হ’ল কৃষি জীৱনৰ প্রতীক। আহোম যুগত অসমত এই খেলৰ বহুত জনপ্রিয়তা আছিল।

৩। পুৰণি কালত বিহুৰ সময়ত কেনেধৰণৰ খেল অনুষ্ঠিত হৈছিল?

উঃ পুৰণি অসমত বিহুৰ সময়ত নৈ, পুখুৰী আদিত নাওখেল অনুষ্ঠিত হৈছিল। পাহোৱাল ডেকা ল’ৰাই মালযুঁজত ভাগ লৈছিল। ইয়াৰ উপৰিও মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে জনসাধাৰণৰ মাজত প্রচলিত খেল সমূহ আছিল- হাউ খেল, ঢোপ খেল, টাংগুটি, ঘিলা খেল, লুকা-ভাকু, কড়ি খেল ইত্যাদি।

৪। আহোম যুগৰ আটাইতকৈ জনপ্রিয় খেলবিধ কি? এই খেল সম্পর্কে চমুকৈ লিখা।

উঃ আহোম যুগৰ আটাইতকৈ জনপ্রিয় খেলবিধ হ’ল- ম’ই যুঁজ। এই খেলত কোনো নির্দিষ্ট নীতি-নিয়ম দেখা নাযায় যদিও প্রতিযোগীতাত বিজয়ী হোৱা ম’হৰ গৰাকীৰ বাবে ই গৌৰৱ আৰু সন্মানৰ কথা। এই যুঁজৰ ভালেমান দিন আগৰেপৰা যুঁজাৰু ম’হক কামৰ বোজা কমাই ভালকৈ যত্ন লোৱা হয়। খাদ্যৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া হয়। ম’হ প্রতিপালন কৰা ঠাই টুকুৰাত আন মানুহ যোৱা বন্ধ কৰি দিয়া হয়। শেষ নিশা ম’ইক চৰাবলৈ নিয়া হয় যাতে ম’হে পেট পূৰাই খাব পাৰে। যুঁজৰ দিনা প্রতিযোগী ম’ই দুটাক খেল পথাৰলৈ নি যুঁজিব দিয়া হয়। শিঙে শিঙে কৰা যুদ্ধত কোনোবা এটা ম’ই তৰা-নৰা ছিঙি প্রাণ ৰক্ষাৰ বাবে পলায়। বাকীথকা ম’হটো জয়ী হয়। এনেদৰে ম’ই যুঁজ খেল খেলা হয়।

৫। ঢেমনা অনা খেল কোন অঞ্চলত প্রচলিত? খেলবিধ সম্পর্কে চমুকৈ লিখা।

উঃ ঢেমনা অনা খেল বৰপেটা অঞ্চলত প্রচলিত। সাধাৰণতে এইবিধ খেল শীতকালত অনুষ্ঠিত হয়। এনে খেলৰ অৰ্থ হ’ল-কোনো বিপত্নীকে কোনো বাৰী তিৰোতাক পত্নীৰূপে অনা। দুটা দলৰ মাজত অনুষ্ঠিত এইবিধ খেলত এটা দলত চাৰিজনৰ পৰা দহজন বা তাতোধিক খেলুৱৈ থাকে। বয়সৰ তাৰতম্যলৈও খেলুৱৈৰ সংখ্যা কম-বেছি কৰা হয়। খেলৰ সজুলি হিচাপে এটা বল ব্যৱহাৰ কৰা হয়। এই খেলত ব্যৱহাৰ কৰা বলটো দুয়োটা দলে দলিওৱাৰ পিছত যিটো দলে অধিক ঢেমনা আনিব, সেইটো দলেই বিজয়ী হ’ব। অর্থাৎ এটা মূৰৰ পৰা এটা দলে খুব জোৰেৰে বলটো ওপৰলৈ দলিয়ালে আনটো দলে ওপৰতে বলটো ধৰিব লাগিব। ইয়াৰ পিছত যিটো দলে প্রথমে বলটো ধৰে তেওঁ মধ্যবৃত্ত এটাত থিয় হৈ থাকিব লাগে। আনহাতে, অন্য দলৰ বল শূন্যত ধৰা খেলুৱৈজনে বলটো মধ্যবৃত্তত থকা খেলুৱৈজনলৈ দলিয়ায়। এই বলটো যদি মধ্যবৃত্তত ৰৈ থকা খেলুৱৈজনৰ গাত লাগে তেন্তে তেওঁক ঢেমনা আখ্যা দি প্রতিপক্ষৰ দললৈ অনা হয়।
এইদৰে ঢেমনা অনা খেল খেলা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ:

তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া:

(ক) বিশ্বৰ সবাতোকৈ জনপ্রিয় খেল কি?

উঃ ফুট বল।

(খ) ছু-চু কোন দেশৰ খেল।

উঃ চীন দেশৰ।

(গ) কণী যুঁজ সম্পর্কে বিস্তৃত আলোচনা থকা গ্ৰন্থখনৰ নাম কি?

উঃ কণী যুঁজ সম্পর্কে বিস্তৃত আলোচনা থকা গ্ৰন্থখনৰ নাম হ’ল বিহু আকৌ আহিল’। গ্ৰন্থখনৰ ৰচকজন হ’ল হেম বৰগোহাঞি।

(ঘ) খেল ধেমালিৰ বিষয়ে যতীন বৰুৱাই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?

উঃ ‘বিহু উৎসৱৰ খেলা-ধূলা’।

(ঙ) অসমৰ খেল-ধেমালি আৰু সংস্কৃতিৰ ওপৰত পৰাগধৰ চলিহাই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?

উঃ Aspects of Assamese Culture.

(চ) অকল ছোৱালীসকলে খেলা এবিধ খেলৰ নাম লিখা।

উঃ ফুল-ফুলতী।

(ছ) এচিয়া মহাদেশৰ প্ৰথম স্পর্টচ পেভিলিয়ন কোনটো?

উঃ শিৱসাগৰৰ ৰংঘৰ।

(জ) চৰাইচোং কি?

উঃ চৰাইচোং হ’ল ছয়-সাতখন পথাৰৰ মুকলি অঞ্চল।

(ঝ) ম’হ যুঁজ কেতিয়া অনুষ্ঠিত হয়?

উঃ মাঘ বিহুৰ সময়ত।

(ঞ) শিৱসাগৰৰ ৰংঘৰটো কোনে কাক বিক্ৰী কৰিছিল?

উঃ ইংৰাজসকলে ৰংঘৰটো ১৩০০ টকাত স্থানীয় লোক এজনৰ ওচৰত বিক্ৰী কৰিছিল।

(ট) ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল?

উঃ আহোম স্বৰ্গদেউ প্রমত্ত সিংহই।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment