Join WhatsApp

Join Now

Join Telegram

Join Now

Class 11 Assamese Chapter 6 Solutions কেমব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান

By Rabbi Masrur

Published On:

Class 11 Assamese Chapter 6 Solutions

Class 11 Assamese Chapter 6 Solutions কেমব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘কেমব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান‘ পাঠটিৰ প্রশ্নোত্তৰ Class 11 Assamese Chapter 6 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘কেমব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। কেমব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্নোত্তৰ চাওঁক:

গোট-১ গদ্যাংশ

কেম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান

-ড° হীৰেন গোহাঁই

👉 Read Also:

লেখক পৰিচয়ঃ

ড° হীৰেন গোহাঁই (জন্মঃ ১৯৩৯) অসমৰ এজন বিশিষ্ট সাহিত্যিক, সমালোচক, সমাজবিজ্ঞানী আৰু বুদ্ধিজীবী। তেওঁৰ জন্ম গোলাঘাট জিলাত। পিতৃ মহেন্দ্রনাথ গোহাঁই শিক্ষক আৰু শিক্ষা বিভাগৰ পৰিদৰ্শক আছিল, আৰু মাতৃ আছিল শৰৎকুমাৰী গোহাঁই।

তেওঁ কটন কলেজত পঢ়াৰ পিছত কলকাতাৰ প্ৰেচিডেন্সী কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতক আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। পাছত কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পৰা “Paradise Lost and the 17th Century Crisis” বিষয়ত ডক্টৰেট ডিগ্রী অর্জন কৰে।

আনুষ্ঠানিক শিক্ষা সাং কৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপক হিচাপে কাম কৰি ১৯৯৮ চনত অৱসৰ গ্ৰহণ কৰে। তেওঁ অসমীয়া সাহিত্যত নৱ-সমালোচনাৰ ধাৰা প্ৰৱৰ্তন কৰে।
তেওঁ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাত বহু গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ উল্লেখযোগ্য গ্রন্থসমূহৰ ভিতৰত আছে-সাহিত্যৰ সত্য, সাহিত্য আৰু চেতনা, কীৰ্তন পুথিৰ ৰস বিচাৰ, কালস্রোত, বিশ্বায়তন,
Assam: A Burning Question আদি।

শংকৰদেৱৰ ওপৰত লিখা গ্ৰন্থৰ বাবে তেওঁ ১৯৮৮ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে।

আৰ্হি প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ (মূল্যাংক-১)

১। কে ‘ম্ব্রিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত?

উঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয় কেম নদীৰ উপত্যকাত অবস্থিত।

২। কে ‘ম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে?

উঃ কে ‘ম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধীনত ৩১ খন কলেজ আছে।

৩। ড° হীৰেন গোঁহাইয়ে অধ্যয়ন কৰা কে ‘ম্ব্রিজৰ কলেজখনৰ নাম লিখা।

উঃ ড° হীৰেন গোঁহাইয়ে অধ্যয়ন কৰা কে’ম্ব্রিজৰ কলেজখনৰ নাম গনবিল এণ্ড কীইজ।

৪। কে ‘ম্ব্রিজ বিশ্ববিদ্যালয় কোনে প্রতিষ্ঠা কৰিছিল?

উঃ কেম্ব্রিজ বিশ্ববিদ্যালয় কোনো ব্যক্তি বিশেষে প্রতিষ্ঠা কৰা নাছিল, পণ্ডিত আৰু বিদ্যানুৰাগী লোক কিছুমানৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল।

৫। জর্জ স্টাইনাৰ কোন?

উঃ জর্জ স্টাইনাৰ আছিল এজন মার্কিন পণ্ডিত।

চমু প্রশ্নোত্তৰ (মূল্যাংক -২/৩)

১। ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা।

উঃ ইউৰোপত মধ্যযুগত স্থাপন হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম- পেৰিছ বিশ্ববিদ্যালয়, হাইডে ‘লবার্গ বিশ্ববিদ্যালয়, অক্সফোর্ড বিশ্ববিদ্যালয়, কে’ম্ব্রিজ বিশ্ববিদ্যালয়।

২। টমাছ আকুৱাইনাছ আৰু পিয়েৰ আবে’লাৰ কোন আছিল?

উঃ টমাছ আকুৱাইনাছ মধ্যযুগৰ ইটালীৰ এগৰাকী প্রখ্যাত দার্শনিক আৰু পিয়েৰ আবে’লাৰ মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী প্রখ্যাত দার্শনিক, পণ্ডিত আৰু কবি আছিল।

৩। গথিক স্থাপত্য বুলিলে কি বুজা?

উঃ গথিক স্থাপত্য বুলিলে মধ্যযুগৰ ইউৰোপৰ গির্জাবোৰত দেখা পোৱা এক স্থাপত্য কলা শৈলী।

৪। কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কিদৰে নিৰ্বাচন কৰা হৈছিল?

উঃ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কলেজৰ সদস্য সকলে নির্বাচন কৰিছিল।

৫। আৰৱী গ্ৰন্থত প্লেটো আৰু আৰিস্ততলক কি কি নামেৰে জনা যায়?

উঃ আৰৱী গ্ৰন্থত প্লেটোক ‘আফ্লাতুন’ আৰু আৰিস্ততলক ‘আৰিস্তু’ নামেৰে জনা যায়।

দীঘল প্রশ্নোত্তৰঃ (মূল্যাংক-৪/৫)

১। কে ম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ কোনে কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে বুজাই লিখা।

উঃ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ পণ্ডিতসকলে নিজা উদ্যোগত প্রতিষ্ঠা কৰিছিল। কে’ম্ব্রিজ বিশ্ববিদ্যালয় ৩১ খন কলেজৰ সমষ্টি। প্ৰতিখন কলেজে নিজেই বাছ-বিচাৰ কৰি সদস্য নির্বাচন কৰে। সেই সদস্যসকলে অধ্যক্ষ নির্বাচন কৰে আৰু অধ্যক্ষসকলে লগ লাগি কলেজ পৰিচালনা কৰে।

২। ‘য়ুৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰৰ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা।’ কথাষাৰ বুজাই লিখা।

উঃ য়ুৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা। খ্রীষ্টিয়ানসকলৰ পৱিত্ৰস্থান জেৰুজালেম উদ্ধাৰৰ বাবে এসময়ত কেথলিক ধৰ্মমণ্ডলীৰ প্রধান পোপৰ উদগণিত বহু দশক জুৰি যি ধৰ্মযুদ্ধ চলিছিল, তাৰ জৰিয়তে য়ুৰোপীয়সকলে আৰৱসকলৰ সান্নিধ্যত এক উন্নত সভ্যতাৰ সংস্পৰ্শলৈ আহিছিল। যাৰ প্ৰভাৱ পৰিছিল য়ুৰোপীয় বিশ্ববিদ্যালয়সমূহত। য়ুৰোপীয় মনীষাৰ ওপৰত প্রায় এক শতাব্দী কাল ইবন ৰুশ্বড, ইবন ছিনা আদি পণ্ডিতৰ লিখনিয়ে একচ্ছত্ৰী প্ৰভাৱ বিস্তাৰ কৰিছিল।

৩। কে’ ম্ব্রিজ বিশ্ববিদ্যালয়ৰ পাঠদান-কাৰ্য সম্পর্কে চমুকৈ আলোচনা কৰা।

উঃ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ শ্ৰেণীত ছাত্ৰৰ উপস্থিতি বাধ্যতামূলক নাছিল। ছাত্ৰসকলক কঠোৰ অনুশাসনৰ মাজত ৰখা হৈছিল যদিও তেওঁলোকৰ সন্মান আৰু অধিকাৰ ৰক্ষাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল। কলেজৰ পৰা লে’কচাৰ শুনিবলৈ যাব লাগে বিশ্ববিদ্যালয়ৰ সুকীয়া কক্ষলৈ। প্রতিজন প্রবক্তাই এনেদৰে পাঠদান কৰে যাতে ছাত্ৰ-ছাত্ৰীক বিষয়ৰ লগত পৰিচয় কৰি দিয়াৰ উপৰিও তেওঁ সেইবোৰ বক্তৃতাৰ ভিত্তিত এখন কিতাপ লিখিব পাৰে। কেতিয়াবা বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৰা নিমন্ত্রিত পণ্ডিত আহিও পাঠদান কৰে।

৪। ড° হীৰেন গোঁহাইৰ সাহিত্য প্রতিভা সম্পর্কে চমুকৈ আলোচনা কৰা।

👉 Read Also:

উঃ ড° হীৰেন গোঁহাই অসমৰ এজন শিক্ষাবিদ, সাহিত্যিক, লেখক আৰু বুদ্ধিজীৱি। তেওঁৰ সৃষ্টিশীল সাহিত্য কৰ্মৰ পৰিধি বহল। তেওঁ ৰচনা কৰা উল্লেখযোগ্য গ্রন্থ কেইখনমান হ’ল- ‘সাহিত্যৰ সত্য’, ‘সমাজ আৰু সমালোচনা’, ‘সাহিত্য আৰু চেতনা’, ‘বিশ্বায়তন’, ‘বন্দৰৰ কাল’, ‘কালস্রোত আৰু কাণ্ডাৰী’, ‘কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা’, ‘কীৰ্তন পুথিৰ ৰস বিচাৰ’, ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’।

হীৰেন গোঁহাইৰ আত্মকথামূলক গ্রন্থ কেইখনমানৰ নাম ‘লস্ত লাগিজ’, ‘বতাহত ক’ৰ গধূলি গোপাল’, ‘হেঙুল আকাশ’, ‘ক’লা চানকেল আৰু এজন আৰোহী’, ‘সপোনৰ দিকচৌ বনত’, ‘ইমান তিতা সাগৰৰ পানী’, ‘উৰণীয়া হাঁহৰ মাত’।

‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ গ্ৰন্থৰ বাবে ১৯৮৯ চনত হীৰেন গোঁহাইয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা:

“দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে। জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয়।”

উঃ উপৰোক্ত গদ্যফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত হীৰেন গোঁহাইৰ ৰচিত “কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান” পাঠটিৰ পৰা তুলি দিয়া হৈছে।

জ্ঞানৰ বিনিময়ৰ মাধ্যমত যে সমাজৰ উন্নতি সাধন হয় সেয়া উক্ত গদ্যফাঁকিৰ জৰিয়তে বুজাব বিচৰা হৈছে।

আৰৱসকলৰ প্ৰভাৱত য়ুৰোপীয়সকল উন্নত সভ্যতাৰ সংস্পৰ্শলৈ আহিছিল। আৰৱ পণ্ডিতসকল আকৌ গ্রীক আৰু ৰোমান সভ্যতাৰ পৰা মূলধন আহৰণ কৰি গণিত, তর্কশাস্ত্র, ঈশ্বৰতত্ত্ব, দর্শন, চিকিৎসাবিদ্যা আদিত নতুন নতুন অৱদান দি মানবীয় জ্ঞানৰ ভঁৰাল চহকী কৰিছিল। য়ুৰোপীয় মনীষাৰ ওপৰত প্রায় এক শতাব্দী কাল আবিচিনাই একচ্ছত্রী প্রভাৱ বিস্তাৰ কৰাৰ পিছত ছে’ন্ট টমাছ আকোৱাইনাছে Summa Theologica নামৰ গ্ৰন্থৰে তেওঁৰ প্ৰখৰ যুক্তিজাল খণ্ডন কৰি পৰম্পৰাগত খ্রীষ্টীয় ধর্মবিশ্বাস পুনৰ আৰিস্ত ‘তৈলীয় ভিত্তিত দৃঢ়ভাবে প্রতিষ্ঠা কৰিছিল। অর্থাৎ দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে। জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয়। জ্ঞানক বান্ধি ৰখা মানে নিজতেই সীমাবদ্ধ হোৱা আৰু বিলাই দিয়া মানেই মানবীয় উন্নতি সাধন কৰা।

অতিৰিক্ত প্রশ্নোত্তৰ:

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া:

১। হীৰেন গোঁহাইৰ জন্ম কিমান চনত হৈছিল?

উঃ হীৰেন গোঁহাইৰ জন্ম ১৯৩৯ চনত হৈছিল।

২। হীৰেন গোঁহাইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্রন্থ কেইখনমানৰ নাম লিখা।

উঃ হীৰেন গোঁহাইৰ সাহিত্য আৰু সমাজ সমালোচনামূলক গ্রন্থ কেইখনমানৰ নাম হ’ল- ‘সাহিত্যৰ সত্য’, ‘সমাজ আৰু সমালোচনা’, ‘সাহিত্য আৰু চেতনা’, ‘বিশ্বায়তন’, ‘বন্দৰৰ কাল’, ‘কালস্রোত আৰু কাণ্ডাৰী’, ‘কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা’, ‘কীৰ্তন পুথিৰ ৰস বিচাৰ’, ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ আদি।

৩। হীৰেন গোঁহাইৰ আত্মকথামূলক গ্রন্থ কেইখনমানৰ নাম লিখা।

উঃ হীৰেন গোঁহাইৰ আত্মকথামূলক গ্রন্থ কেইখনমানৰ নাম ‘লস্ত লাগিজ’, ‘বতাহত ক’ৰ গধূলি গোপাল’, ‘হেঙুল আকাশ’, ‘ক’লা চাইকেল আৰু এজন আৰোহী’, ‘সপোনৰ দিকচৌ বনত’, ‘ইমান তিতা সাগৰৰ পানী’, ‘উৰণীয়া হাঁহৰ মাত’ আদি।

৪। হীৰেন গোঁহাইয়ে কি গ্ৰন্থৰ বাবে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উঃ ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ গ্ৰন্থৰ বাবে ১৯৮৯ চনত হীৰেন গোঁহাইয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

৫। হীৰেন গোঁহাইয়ে ক’ৰপৰা ডক্টৰেট ডিগ্রী লাভ কৰিছিল আৰু গ্ৰন্থখনৰ নাম কি?

উঃ হীৰেন গোঁহাইয়ে ইংলেণ্ডৰ কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্রী লাভ কৰিছিল আৰু তেওঁৰ গৱেষণামুকল গ্ৰন্থখনৰ নাম- ‘Tradition and Paradise Lost’ |

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment