বিয়াৰ প্রেজেন্ট Class 11 Assamese Chapter 9 Solutions
আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘বিয়াৰ প্রেজেন্ট‘ পাঠটিৰ প্রশ্নোত্তৰ Class 11 Assamese Chapter 9 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘বিয়াৰ প্রেজেন্ট প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। ‘বিয়াৰ প্রেজেন্ট প্রশ্নোত্তৰ’ চাওঁক:
গোট-২ চুটিগল্প
বিয়াৰ প্রেজেন্ট
-চৈয়দ আব্দুল মালিক
👉 Read Also:
- ধনৰ ব্যৱহাৰ প্রশ্ন উত্তৰ
- অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ প্রশ্ন উত্তৰ
- গৌৰৱ প্রশ্ন উত্তৰ
- কিতাপৰ কথা প্রশ্ন উত্তৰ
- গিবন প্রশ্ন উত্তৰ
লেখক পৰিচয়ঃ
চৈয়দ আব্দুল মালিক (১৯১৯-২০০০): এজন প্রতিযশা অসমীয়া উপন্যাসিক আৰু গল্পকাৰ। তেওঁৰ জন্ম হয় গোলাঘাট জিলাৰ নাহৰণিত। যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা বি. এ. পাছ কৰে। পিছত আবকাৰী বিভাগ, অনাতাঁৰ কেন্দ্ৰ আদিত চাকৰি কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম. এ. ডিগ্রী অর্জন কৰে। পিছত যোৰহাটৰ জগন্নাথ কলেজত অধ্যাপনা কৰিবলৈ লয়। অধ্যাপনাৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাজ্য সভাৰ সদস্য হিচাপে সেৱা আগবঢ়ায়। স্কুলীয়া সময়ৰ পৰাই তেওঁ সাহিত্য চর্চা কৰিবলৈ লয়। তেওঁ ভালেমান উপন্যাস আৰু গল্প পুথি ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰিছে। তেওঁৰ গ্ৰন্থসম্ভাৰ হ’ল: পৰশমণি, আধাৰশিলা, অঘৰী আত্মাৰ কাহিনী, মৰহা ফুল, সুৰুযমুখীৰ স্বপ্ন, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰতনু ভাল, স্বাক্ষৰ, ছবিঘৰ, ৰঙাগৰা, ৰজনীগন্ধাৰ চকুলো আদি। তেওঁৰ অঘৰী আত্মাৰ কাহিণী নামৰ উপন্যাসখনে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰে। তেওঁৰ লিখনিৰ মাজেদি অৱক্ষয়ী সমাজৰ চিত্ৰ, প্ৰেমৰ কাৰুণ্য আৰু মানৱতাৰ সুৰ প্ৰকাশ পাইছে। তেওঁৰ ভাষা সহজ-সৰল, ঘৰুৱা ব্যঞ্জনাৰে বৈশিষ্ট্যমণ্ডিত। চৈয়দ আব্দুল মালিক অসমৰ সাহিত্য সভাৰ অভয়াপুৰী অধিবেশনৰ সভাপতি হৈছিল।
২০০০ চনত এইগৰাকী স্বনামধন্য সাহিত্যিকৰ মৃত্যু হয়।
আৰ্হি প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰঃ (মূল্যাংক-১)
১। চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম কি?
উঃ চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম-‘পৰশমণি’।
২। কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উঃ ‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা লাভকৰিছিল।
৩। চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্রমণ কাহিনীৰ নাম লিখা।
উঃ চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্রমণ কাহিনী-‘মাজত মাথোঁ হিমালয়’।
৪। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি?
উঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম-‘ৰূপতীৰ্থৰ যাত্রী’।
৫। ‘বিয়াৰ প্রেজেন্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি?
উঃ ‘বিয়াৰ প্রেজেন্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম ‘বিনীতা’।
চমু প্রশ্নোত্তৰ (মূল্যাংক -২/৩)
১। “তেবেই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে-আমাৰ তাৰে নোহোৱানে’?”-কোনে কাক কথাষাৰ সুধিছিল?
উঃ “তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে-‘আমাৰ তাৰে নোহোৱানে’?”-এই কথাষাৰ কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিল।
২। নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল?
উঃ নাজিয়াই সম্পর্কীয় মোমায়েক বিটায়ার্ড হাকিম আহমেদ চাহেবৰ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ গৈছিল।
৩। নাজিয়াই কিয় হস্পিতাললৈ যাবলগীয়া হ’ল?
উঃ কনকেশ্বৰ ঠাকুৰৰ সৰু জীয়েক বিনীতা চিকিৎসাৰ বাবে হস্পিতালত আছিল। চিকিৎসাৰ বাবে টকাৰ নাটনি হোৱাৰ বাবে ঠাকুৰে গাঁৱলৈ যাবলৈ ওলোৱাত বিনীতাক হস্পিতালত ৰখিবলৈ নাজিয়া হস্পিতালত যাবলগীয়া হৈছিল।
৪। কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ ক’ৰপৰা পইচা পালে?
উঃ কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ নাজিয়াৰ পৰা পইচা পালে।
৫। “আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব”-‘আমাৰ দুজন’ বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে?
উঃ “আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব”-‘আমাৰ দুজন’ বুলি ইয়াত নাজিয়া আৰু নাজিয়াৰ গিৰিয়েকৰ কথা কোৱা হৈছে।
দীঘল প্রশ্নোত্তৰঃ (মূল্যাংক-৪/৫)
১। কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল?
উঃ নাজিয়াই সম্পর্কীয় মোমায়েকৰ জীয়েকৰ বিয়াত যাবলৈ বুলি ৰিক্সা এখন ল’ব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পায়। তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেচনৰ বাবে হস্পিতালত আছিল আৰু তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকা যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে কনকেশ্বৰ ঠাকুৰে নাজিয়াই লগ পাইছিল।
২। নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল?
উঃ নাজিয়াৰ মোমায়েকৰ জীয়েকৰ বিয়ালৈ পতি-পত্নী দুয়োৰে যোৱা ইচ্ছা আছিল। কিন্তু আর্থিক অনাটনৰ বাবে অকল নাজিয়াইহে যাবলৈ ওলায়। কিয়নো ৰিক্সা ভাড়া, বাছৰ ভাড়া আৰু বিয়াৰ উপহাৰৰ দাম হিচাপ কৰি দেখিলে যে হাতত থকা দুশ টকাৰে দুজন মানুহ যোৱাটো সম্ভৱ নহয়।
👉 Read Also:
- কেমব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্ন উত্তৰ
- অসমৰ পুৰণি খেল-ধেমালি প্রশ্ন উত্তৰ
- এভাৰেষ্টৰ সপোন আৰু বিভীষিকা প্রশ্ন উত্তৰ
- ৰাৱণক বিভীষণৰ সজ উপদেশ প্রশ্ন
- বৰগীতঃ জয় জয় যাধৱ প্রশ্ন উত্তৰ
৩। কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ’ল?
উঃ নাজিয়াই সম্পর্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল’ব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পালে। তেওঁৰ সৰু জীয়েকৰ অসুখ আৰু অপাৰেচনৰ বাবে হস্পিতালত আছে আৰু তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে কনকেশ্বৰ ঠাকুৰৰ লগত নাজিয়াৰ দেখা-দেখি হয়। নাজিয়াই কনকেশ্বৰ বৰুৱাৰ মুখত তেওঁৰ জীয়েকৰ অসুখৰ কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ যায়।
৪। বিনীতাৰ অপাৰেচন কেনেকৈ ততাতৈয়াকৈ হৈ গ’ল বর্ণনা কৰা?
উঃ নাজিয়াই সম্পর্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল’ব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পায়। তেওঁৰ সৰু জীয়েক বিনীতা অপাৰেচনৰ বাবে হস্পিতালত আছিল। অপাৰেশ্বনত তেজৰ প্ৰয়োজন হোৱাত টকাৰ অসুবিধা হোৱা হেতুকে গাঁৱলৈ টকাৰ যোগাৰৰ বাবে যাবলৈ বাছ আস্থানলৈ যাওঁতে ঠাকুৰে নাজিয়াক লগ পায়। নাজিয়াই কনকেশ্বৰ বৰুৱাৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ যায় আৰু টকা এশ ঠাকুৰৰ হাতত দি অপাৰেচনৰ দিহা কৰিবলৈ দিলে। ফলত যথাসময়ত বিনীতাৰ অপাৰেচন ততাতৈয়াকৈ হৈ যায়।
৫। ‘বিয়াৰ প্রেজেন্ট’ গল্পটোত মানৱবোধৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা।
উঃ আনৰ দুখত দুখী হৈ সহায়ৰ হাত আগবঢ়োৱাটোৱে হ’ল প্ৰকৃত মানৱতাবোধ। ‘বিয়াৰ প্রেজেন্ট’ গল্পটোত এই মানৱতাবোধ সুন্দৰভাৱে প্ৰকাশ পাইছে। নাজিয়াই সম্পর্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল’ব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পায় । নাজিয়াই কনকেশ্বৰ বৰুৱাৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ যায় আৰু টকা এশ কনকেশ্বৰ ঠাকুৰৰ হাতত দি অপাৰেচনৰ দিহা কৰিবলৈ দিয়ে। যথাসময়ত বিনীতাৰ অপাৰেচন হৈ যায়। এনেদৰে ‘বিয়াৰ প্রেজেন্ট’ নামৰ গল্পটিত মানৱতাবোধৰ প্ৰকাশ ঘটিছে।
অতিৰিক্ত প্রশ্নোত্তৰ:
তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া:
১। চৈয়দ আব্দুল মালিকৰ কিমান চনত জন্ম হয়?
উঃ চৈয়দ আব্দুল মালিকৰ জন্ম হয় ১৯১৯ চনত।
২। চৈয়দ আব্দুল মালিকৰ কেইখনমান গৱেষণামূলক গ্ৰন্থৰ নাম লিখা।
উঃ চৈয়দ আব্দুল মালিকৰ কেইখনমান গৱেষণামূলক গ্ৰন্থৰ নাম- ‘অসমীয়া জিকিৰ আৰু জাৰি’, ‘আজান ফকীৰ আৰু সুৰীয়া জিকিৰ’, ‘চুফী আৰু চুফীবাদ’ আদি।
৩। চৈয়দ আব্দুল মালিকে কিমান চনত “চোভিয়েট দেশ নেহৰু বঁটা” লাভ কৰিছিল?
উঃ চৈয়দ আব্দুল মালিকে ১৯৬৫ চনত “চোভিয়েট দেশ নেহৰু বঁটা” লাভ কৰিছিল।
৪। চৈয়দ আব্দুল মালিকে কিমান চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উঃ চৈয়দ আব্দুল মালিকে ১৯৭২ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।
৫। চৈয়দ আব্দুল মালিকৰ কেইখনমান উপন্যাসৰ নাম লিখা।
উঃ চৈয়দ আব্দুল মালিকৰ কেইখনমান উপন্যাসৰ নাম-ৰথৰ চকৰি ঘূৰে, সুৰুযমুখীৰ স্বপ্ন, পহুমৰা হাবিৰ বাট, জেতুকা পাতৰ দৰে, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰ তনু ভাল, অঘৰী আত্মাৰ কাহিনী আদি।
৬। চৈয়দ আব্দুল মালিকৰ কেইখনমান চুটিগল্প সংকলনৰ নাম লিখা।
উঃ চৈয়দ আব্দুল মালিকৰ কেইখনমান চুটিগল্প সংকলনৰ নাম- এজনী নতুন ছোৱালী, ৰঙাগড়া, প্রাণাধিকা, মৰম মৰম লাগে আদি।
৭। চৈয়দ আব্দুল মালিকৰ কিমান চনত মৃত্যু হৈছিল?
উঃ চৈয়দ আব্দুল মালিকৰ মৃত্যু হৈছিল ২০০০ চনত।
👉 Read Also:
- ধনবৰ আৰু ৰতনী প্রশ্ন উত্তৰ
- বনকুঁৱৰী প্রশ্ন উত্তৰ
- লাচিত ফুকন প্রশ্ন উত্তৰ
- ৰাজপথ প্রশ্ন উত্তৰ
- এখন চিঠি প্রশ্ন উত্তৰ
- কুশল কোঁৱৰ প্রশ্ন উত্তৰ

