ৰাজপথ Class 11 Assamese Chapter 15 Solutions
আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘ৰাজপথ‘ পাঠটিৰ প্রশ্নোত্তৰ Class 11 Assamese Chapter 15 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘এইখনখন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
গোট-৩ কবিতাংশ
ৰাজপথ
– ভৱানন্দ দত্ত
👉 Read Also:
- ধনৰ ব্যৱহাৰ প্রশ্ন উত্তৰ
- অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ প্রশ্ন উত্তৰ
- গৌৰৱ প্রশ্ন উত্তৰ
- কিতাপৰ কথা প্রশ্ন উত্তৰ
- গিবন প্রশ্ন উত্তৰ
কবি পৰিচয়:
ভৱানন্দ দত্ত (১৯১৮-১৯৫৯) এজন অসমীয়া প্রগতিবাদী কবি, সাহিত্য সমালোচক, মার্ক্সবাদী চিন্তাবিদ আৰু শিক্ষাবিদ আছিল। তেওঁৰ জন্ম হয় কামৰূপৰ ৰতনপুৰ গাওঁত। তেওঁ কটন কলেজৰ পৰা প্ৰথম শ্ৰেণীত বি. এ. পাছ কৰি ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিভাগত এম. এ. ডিগ্রী লাভ কৰে। ইয়াৰ পিছত নলবাৰী কলেজত অধ্যাপনাৰে কৰ্ম জীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত প্রবক্তা হিচাপে সেৱা আগবঢ়ায়। ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ কবিতা চৰ্চা কৰিবলৈ লয়। তেওঁ ৰচনা কৰা গ্ৰন্থবোৰ হ’ল – ৰবীন্দ্ৰ প্রতিভা, দৃষ্টি আৰু দর্শন, অসমীয়া কবিতাৰ কাহিনী, অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন, Philoso-phy of India আদি। তেওঁৰ কবিতাত মার্ক্সবাদী আদর্শ, সমাজৰ কালিমা, ধনী-দুখীয়াৰ মাজত অর্থনৈতিক বৈষম্য, শোষিত-নিষ্পেষিত শ্ৰেণীৰ কাৰুণ্যময় দিশৰ প্ৰতিফলন ঘটিছে।
১৯৫৯ চনত তেওঁৰ মৃত্যু হয়।
কঠিন শব্দৰ অৰ্থঃ
ব্লেক আউট: নিষ্প্রদীপ, পোহৰহীন। উদ্ভ্রান্ত: ব্যাকুল শ্রান্তি: ভাগৰ। মেহগনি: এবিধ মূল্যৱান কাঠ। দস্যুতা: ডকাইতি। ছাইন-পোষ্ট: পথৰ নাম আদি উল্লেখ থকা ফলক। নিঃশ্রেয়সঃ
মংগলহীন। মোক্ষ: মুক্তি।
আৰ্হি প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰঃ (মূল্যাংক-১)
১। ‘অসমীয়া কবিতাৰ কাহিনী’ গ্রন্থখন কাৰ ৰচনা?
উত্তৰঃ ‘অসমীয়া কবিতাৰ কাহিনী’ গ্রন্থখন ভৱানন্দ দত্তৰ ৰচনা।
২। ‘ব্লেক আউট’ মানে কি?
উত্তৰঃ ‘ব্লেক আউট’ মানে নিষ্প্রদীপ (পোহৰহীন)।
৩। ৰাজপথত কোন সময়ত ভদ্র-বনিতাৰ চৰণাঘাত পৰে?
উত্তৰঃ ৰাজপথত নিশাৰ অন্ধকাৰত ভদ্র-বনিতাৰ চৰণাঘাত পৰে।
৪। ‘ৰাজপথ’ কবিতাটি প্রথমে কোনখন আলোচনীত প্রকাশ পাইছিল?
উত্তৰঃ ‘ৰাজপথ’ কবিতাটি প্রথমে ‘জয়ন্তী’ আলোচনীত প্রকাশ পাইছিল।
৫। ‘নচিকেতা’ কাৰ ছদ্মনাম?
উত্তৰঃ ‘নচিকেতা’ ভৱানন্দ দত্তৰ ছদ্মনাম।
চমু প্রশ্নোত্তৰ (মূল্যাংক -২/৩)
১। ‘ৰাজপথ’ নামৰ কবিতাটিত কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্ৰ অংকন কৰিছে?
উত্তৰঃ ‘ৰাজপথ’ নামৰ কবিতাটিত কবিয়ে আধুনিক যুগ বিশেষকৈ স্বাধীনতাৰ সমাসাময়িক যুগৰ সভ্যতাই সৃষ্টি কৰা অৱক্ষয়ৰ চিত্ৰ অংকন কৰিছে। য’ত সমাজৰ নিঃস্ব, শোষিত, অৱহেলিত, আৰু লাঞ্ছিতসকলৰ দুখ-দুর্দশাৰ ছবি অংকিত হৈছে।
২। বিভিন্ন ব্যক্তিয়ে কেনেদৰে ৰাজপথৰ উদাৰতাৰ সুযোগ লৈছে?
উত্তৰঃ ৰাজপথৰ উদাৰতাৰ সুযোগ লৈ বিভিন্ন ব্যক্তিয়ে ৰাতিৰ অন্ধকাৰত গোপন অভিসাৰ চলায়।
৩। ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাবোৰৰ ছবি কবিতাটিত কেনেদৰে প্ৰকাশ পাইছে?
উত্তৰঃ ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাৰ শাৰীবোৰৰ পাঁচ তলাৰ ওপৰত ৰেডিঅ’ৰ গান শুনা যায়। বন্ধ কোঠাৰ ভিতৰত কলেজীয়া ছোৱালীবোৰৰ বিৰহ-কাতৰ ধ্বনি শুনিবলৈ পোৱা যায়।
৪। ৰাজপথৰ কাষৰ ফুটপাথত কোন কেনেকৈ থাকে?
উত্তৰঃ ৰাজপথৰ কাষৰ ফুটপাথত ভিক্ষাৰ শূন্য পাত্ৰ লৈ শুই থকা সৰ্বহাৰা লোকৰ শাৰীবোৰ দেখা পোৱা যায়।
৫। ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাটোত বাস্তৱতা কেনেদৰে ফুটি উঠিছে?
উত্তৰঃ ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাটোৰ জৰিয়তে আধুনিকতা সভ্যতাই সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপ প্রকাশ পাইছে য’ত ধনীবোৰ ৰং ৰহইছত উত্ৰাৱল আৰু দুখীয়াসকলে শোষিত, অৱহেলিত, লাঞ্ছিত, গৃহহীন অৱস্থাত চিঞৰি থাকে।
দীঘল প্রশ্নোত্তৰঃ (মূল্যাংক-৪/৫)
১। ‘ৰাজপথ’ কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ কেনেদৰে প্রকাশিত হৈছে- বুজাই লিখা।
উত্তৰঃ ৰাজপথ’ কবিতাটিত কবিয়ে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্নৰূপৰ এক স্পষ্ট ছবি অংকন কৰিছে। কবিয়ে লক্ষ্য কৰিছে যে ৰাজপথত নিশাৰ অন্ধকাৰৰ সুবিধা লৈ উদভ্রান্ত প্ৰেমৰ অভিসাৰ চলে। লগতে সমাজৰ চকুত ধূলি দি ৰাজপথত জীৱিকা সন্ধানী ভদ্র বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলে।
২। সমাজ জীৱনৰ শ্ৰেণী বৈষম্যৰ ছবিখন ‘ৰাজপথ’ কবিতাটিত কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা।
উত্তৰঃ ভৱানন্দ দত্তৰ ‘ৰাজপথ’ শিৰোনামাৰ কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা ধনী আৰু দুখীয়া শ্ৰেণীৰ জীৱন ধাৰাৰ মাজত থকা বৈষম্যৰ চিত্ৰ দাঙি ধৰা হৈছে।
ধনতান্ত্রিক সমাজ ব্যৱস্থাত ধনী লোকসকলে ৰাজপথৰ দুয়োকাষে শাৰী শাৰী অট্টালিকা নিৰ্মাণ কৰি ভোগ বিলাসী জীৱন-যাপন কৰি আছে। সিহঁতৰ পাঁচ মহলা অট্টালিকাৰ পৰা ৰেডিঅ’ৰ গান, ৰবীন্দ্ৰ সুৰৰ মুৰ্চ্ছনা, ভাঁহি আহিছে। সিহঁতে ডবল দলিচাযুক্ত মেহগনি কাঠেৰে সজা পালেঙত আলসুৱা দেহাটি এৰি দি ধন-সম্পত্তিৰ প্ৰাচুৰ্যতাৰ মাজত জীৱনৰ সন্ধান কৰিছে।
আনহাতে ৰাজপথৰ দাঁতিৰ ফুটপাথত শূন্য ভিক্ষা পাত্র লৈ মৃতপ্রায় হৈ পৰি আছে কংকালসাৰ দৰিদ্ৰ লোকসকল। সিহঁত গৃহহীন, আশ্রয়হীন দস্যুতাৰ ছাইন-পোষ্ট যেন হৈ ফুটপাথকেই শেষ আশ্রয় হিচাপে গ্রহণ কৰিছে। কিছুমান তিৰোতাই দৰিদ্ৰতাৰ তাড়ণাত নিজৰ দেহা বিক্ৰী কৰিবলৈ লৈছে।
৩। ‘ৰাজপথ’ কবিতাটিৰ শেষভাগত ৰাজপথক কাৰ আশ্রয়স্থলী হিচাপে প্রকাশ কৰা হৈছে?
উত্তৰঃ ‘ৰাজপথ’ কবিতাটিৰ শেষভাগত ৰাজপথক গৃহহীন, বঞ্চিতসকলৰ শেষ আশ্রয়স্থলী হিচাপে প্রকাশ কৰা হৈছে। কিয়নো এই শ্রেণীটোৱে গোটেই জীৱন ফুটপাথতে ভিক্ষা মাগি কটাবলগীয়া হয় আৰু ভিক্ষা নাপালে অনাহাৰে সেই ফুটপাথৰ বুকুতে আজীৱন শুই পৰে।
৪। ‘ৰাজপথ’ কবিতাটিত ‘বঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে কি কথা কোৱা হৈছে বুজাই লিখা।
উত্তৰঃ ‘ৰাজপথ’ কবিতাটিত ‘বঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে সমাজৰ লাঞ্ছিত, নিঃস্ব, অৱহেলিত, শোষিত, গৃহহীন, বঞ্চিতসকলৰ বাবে যে শেষ আশ্রয়স্থলী যে ফুটপাথ তাকেই বুজাব বিচৰা হৈছে।
👉 Read Also:
- কেমব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্ন উত্তৰ
- অসমৰ পুৰণি খেল-ধেমালি প্রশ্ন উত্তৰ
- এভাৰেষ্টৰ সপোন আৰু বিভীষিকা প্রশ্ন উত্তৰ
- বিয়াৰ প্ৰেজেন্ট প্রশ্ন উত্তৰ
- ৰাৱণক বিভীষণৰ সজ উপদেশ প্রশ্ন উত্তৰ
৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা:
ক) আন্ধাৰ ৰাতিৰ সুযোগ লৈ
সমাজৰ চকুত ধূলি দিয়া জীৱিকা-সন্ধানী ভদ্র-বনিতাৰ
চৰণাঘাত লভিছা ক’ত।/
উত্তৰঃ উপৰোক্ত কবিতাফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাটোৰ পৰা লোৱা হৈছে।
কবিতাফাঁকিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন ৰূপটো উদঙাই দিব খুজিছে কবি দত্তই।
‘ৰাজপথ’ কবিতাটোত আধুনিক সভ্যতাই সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপটো দেখুৱাবলৈ যত্ন কৰা হৈছে য’ত নিশাৰ অন্ধকাৰৰ সুযোগ লৈ জীৱিকাৰ সন্ধানত অহা ভদ্ৰ নাৰী কোনোৱা ধনী ব্যক্তিক নিজৰ শৰীৰ বিক্ৰী কৰি এসাঁজ আহাৰৰ যোগাৰ কৰিব লগা হয়।
খ) পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিঅ’ৰ গান,
অর্গেনত ৰবীন্দ্ৰ-সংগীত,
ডবল তলিচা পৰা মেহগনি পালেঙত
বিৰহ-কাতৰা কলেজ গার্লৰ
অলসায়িত দেহা।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ভৱানন্দ দত্তই ৰচনা কৰা ‘ৰাজপথ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
উদ্ধৃত কবিতাফাঁকিৰ মাজেদি কবি ভৱানন্দ দত্তই আধুনিক সভ্যতাই সৃষ্টি কৰা সমাজৰ অৱক্ষয় আৰু অশ্লীলতাৰ ছবি অংকন কৰিছে।
কবিয়ে লক্ষ্য কৰিছে যে আধুনিকতাই সমাজত ধনী আৰু দুখীয়া নামৰ দুটা শ্ৰেণীৰ সৃষ্টি কৰিছে। ধনীক শ্রেণীটোয়ে বিলাসী জীৱন যাপন কৰাত মত্ত। আনহাতে ৰাজপথত নিশাৰ অন্ধকাৰৰ সুবিধা লৈ উদভ্রান্ত প্ৰেমৰ অভিসাৰ চলে। লগতে সমাজৰ চকুত ধূলি দি ৰাজপথত জীৱিকা সন্ধানী ভদ্র বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলে। নিঃস্ব, নিচলা পৰিয়ালৰ ছোৱালীসকলে দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰি নিজৰ দেহা মুখাপিন্ধা ভদ্র লোকসকলৰ কামনাৰ কোলাত সঁপি দিছে।
গ) আৰু তাৰ তলতেই ফুটপাথত
(ধন্য তোমাৰ দয়া!)
শূন্য ভিক্ষা পাত্র লৈ শুই পৰা
মৃতপ্রায় কংকালৰ শাৰী।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ভৱানন্দ দত্তই ৰচনা কৰা ‘ৰাজপথ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিয়ে উক্ত কবিতাফাঁকিৰ মাজেদি আধুনিক সভ্যতাই সৃষ্টি কৰা ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজৰ ব্যৱধানৰ চিত্ৰত্র অংকন কৰিবলৈ যাওঁতে কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। ৰাজপথৰ দুয়োকাষে কবিয়ে শাৰী শাৰী অট্টালিকা দেখা পাইছে। সেই অট্টালিকাবোৰৰ বাসিন্দাসকল হৈছে অভিজাত শ্ৰেণীৰ প্রতিনিধি। সিহঁত বিলাসী জীৱন-যাপন কৰাত মত্ত। সিহঁতে মেহগনি পালেঙত বিৰহা-কাতৰা কলেজীয়া যুৱতীৰ আলাসিত দেহাৰ সৈতে প্রেম উন্মাদনাত মত্ত। বাহিৰৰ ৰাজপথৰ দাঁতিত ভিক্ষাৰ পাত্ৰ লৈ হাহাকাৰ কৰি ফুৰা লোকসকলৰ কথা এবাৰো ভবাৰ সময় তেওঁলোকৰ নাই। ৰাজপথেই হৈছে সেই দৰিদ্ৰ লোকসকলৰ বাসস্থান। সিহঁত কোনো দিন পেট পুৰাই খাবলৈ নোপোৱা বাবে কংকালসাৰত পৰিণত হৈছে।
অতিৰিক্ত প্রশ্নোত্তৰ:
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া:
(ক) ‘ৰাজপথ’ নামৰ কবিতাটি কোনখন আলোচনীত প্রথম প্রকাশিত হৈছিল?
উত্তৰ: ‘জয়ন্তী’ আলোচনীত।
(খ) কি ছদ্ম নামত ভৱানন্দ দত্তই কবিতাটি প্রকাশ কৰিছিল?
উত্তৰ: নচিকেতা।
(গ) ভৱানন্দ দত্তই ৰচনা কৰা সাহিত্য সমালোচনামূলক এখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ: অসমীয়া কবিতাৰ কাহিনী।
(ঘ) ভৱানন্দ দত্তৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ: ১৯১৮ চনত।
(ঙ) ভৱানন্দ দত্তৰ ‘ৰাজপথ’ নামৰ কবিতাটি কোন শ্ৰেণীৰ কবিতা?
উত্তৰ: প্রগতিবাদী ধ্যান-ধাৰণাৰ কবিতা।
(চ) ভৱানন্দ দত্তই ইংৰাজীত ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰ: Philosophy of India.
ঙ) কোনজন অসমীয়া কবিৰ ছদ্মনাম আছিল ‘নচিকেতা’?
উত্তৰ: ভৱানন্দ দত্তৰ।
👉 Read Also:
- বৰগীতঃ জয় জয় যাধৱ প্রশ্ন উত্তৰ
- ধনবৰ আৰু ৰতনী প্রশ্ন উত্তৰ
- বনকুঁৱৰী প্রশ্ন উত্তৰ
- লাচিত ফুকন প্রশ্ন উত্তৰ
- এখন চিঠি প্রশ্ন উত্তৰ
- কুশল কোঁৱৰ প্রশ্ন উত্তৰ

