ৰাৱণক বিভীষণৰ সজ উপদেশ Class 11 Assamese Chapter 10 Solutions
আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘ৰাৱণক বিভীষণৰ সজ উপদেশ‘ পাঠটিৰ প্রশ্নোত্তৰ Class 11 Assamese Chapter 10 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘ৰাৱণক বিভীষণৰ সজ উপদেশ প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। ‘ৰাৱণক বিভীষণৰ সজ উপদেশ প্রশ্নোত্তৰ’ চাওঁক:
গোট-৩ কবিতাংশ
ৰাৱণক বিভীষণৰ সজ উপদেশ
– মাধৱ কন্দলি
👉 Read Also:
- ধনৰ ব্যৱহাৰ প্রশ্ন উত্তৰ
- অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ প্রশ্ন উত্তৰ
- গৌৰৱ প্রশ্ন উত্তৰ
- কিতাপৰ কথা প্রশ্ন উত্তৰ
- গিবন প্রশ্ন উত্তৰ
কবি পৰিচয়ঃ
মাধৱ কন্দলি প্রাক-শংকৰী যুগৰ এজন শ্রেষ্ঠ কবি। তেওঁ চতুর্দশ শতিকাৰ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। আধুনিক ভাৰতীয় আর্য ভাষাসমূহৰ ভিতৰত মাধর কন্দলিয়েই প্রথমতে সংস্কৃত ৰাময়ণখন অসমীয়ালৈ ভাঙনি কৰে। মাধৱ কন্দলিয়ে ‘সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো’ বুলি কৈছে যদিও ইয়াৰ মাত্র পাঁচটা কাণ্ডহে পোৱা যায়। পিছত মাধৱদেৱ আৰু শংকৰদেৱে ক্রমে ‘আদিকাণ্ড’ আৰু ‘উত্তৰাকাণ্ড’ ভাঙনি কৰি কন্দলিৰ ৰামায়ণ সম্পূৰ্ণ কৰে। শংকৰদেৱে তেওঁৰ কবি প্রতিভাক প্রশংসা কৰি ‘অপ্রমাদী’ অর্থাৎ ভ্রান্তিহীন কবি বুলি অভিহিত কৰিছে।
কঠিন শব্দৰ অৰ্থঃ
পাত্র: মন্ত্রী। বিষ্ণু ভকত: ঈশ্বৰৰ একান্ত সেৱক। তহিতে: তাত। ডেৱঃ ডেও, জাঁপ, সামান্য জঁপিয়াই দীঘলকৈ দিয়া খোজ। তৰি পাৰ হৈ। উৎছন: নাশ। নাগপাশঃ পুৰণি কালত ৰণত শত্রুক বন্ধা সাপৰ নিচিনা জৰী। লাঞ্জ: নেজ। দগধ: পোৰা। একৈক: এজন এজন। বিদিতঃ জনা। আন্বয়: অর্থ, ব্যাখ্যা, মত। অগাধঃ বৰ গভীৰ। অবিকলঃ হুবহু। মধুসদন: বিষ্ণুৰ এটা নাম, মধু দৈত্যক বধ কৰোঁতা। মূৰাৰিঃ মূৰ নামৰ অসুৰৰ বৈৰী। গহঃ অহংকাৰ, কেৰেপ, গ্রাহ্য।
আৰ্হি প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰঃ (মূল্যাংক-১)
১। মাধৱ কন্দলি কোন যুগৰ শ্ৰেষ্ঠ কবি?
উঃ মাধৱ কন্দলি প্রাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি।
২। সীতাক হৰণ কৰি নি ৰাৱণে ক’ত বন্দী কৰি ৰাখিছিল?
উঃ সীতাক হৰণ কৰি নি ৰাৱণে অশোক বনত বন্দী কৰি ৰাখিছিল।
৩। ‘অপ্রমাদী’ শব্দৰ অৰ্থ কি?
উঃ ‘অপ্রমাদী’ শব্দৰ অৰ্থ – ভ্রান্তিহীন (নির্ভুল)।
৪। ইন্দ্রজিৎ কোন আছিল?
উঃ ইন্দ্ৰজিৎ ৰাৱণৰ পুত্ৰ, এজন যোদ্ধা আছিল।
৫। ৰাৱণৰ পত্নীৰ নাম কি আছিল?
উঃ ৰাৱণৰ পত্নীৰ নাম আছিল ‘মন্দোদৰী’।
চমু প্রশ্নোত্তৰ (মূল্যাংক -২/৩)
১। ‘নৈকেষী’ কোন? তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠিয়াইছিল?
উঃ ‘নৈকেষী’ আছিল ৰাৱণৰ মাতৃ। লংকাৰ পৰা সীতাক উদ্ধাৰৰ বাবে ৰামে চলোৱা লংকা অভিযানৰ কথা জানিব পাৰি মাতৃ নৈকেষী মহা চিন্তিত হৈছিল। ৰামৰ লগত যুদ্ধ হ’লে লংকা ধ্বংস হ’ব বুলি নৈকেষীয়ে আশংকা কৰিছিল। সেয়ে তেওঁ স-সন্মানেৰে সীতাক ৰামৰ হাতত গতাই দি লংকাক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰাৰ উপদেশ দি বিভীষণক ৰাৱণৰ ৰাজসভালৈ পঠিয়াইছিল।
২। ‘নাগপাশ’ কি? হনুমানক কোনে কি কাৰণে নাগপাশেৰে বন্দী কৰি থৈছিল?
উঃ ‘নাগপাশ’ হ’ল- পুৰণিকালত যুদ্ধত শত্ৰুৰ ওপৰত প্ৰয়োগ কৰা এবিধ অস্ত্র বিশেষ। সীতাৰ সন্ধানত হনুমান লংকাত প্ৰৱেশ কৰি সৈন্যসকলক হত্যা কৰি সকলো ধ্বংস কৰি সীতাক দৰ্শন কৰে। ফলত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে হনুমানক নাগপাশেৰে বন্দী কৰি থৈছিল।
৩। হনুমানে কিদৰে লংকা নগৰত জুই লগাইছিল?
উঃ ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে হনুমানক বন্দী কৰি শাস্তি হিচাপে নেগুৰত জুই লগাই দি এৰি দিয়ে। হনুমানে সেই জুই নুমুৱাবলৈ চেষ্টা কৰোঁতে গোটেই লংকানগৰী পুৰি শেষ হয়।
৪। শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল?
উঃ শংকৰদেৱে উত্তৰাকাণ্ড আৰু মাধৱদেৱে আদিকাণ্ড নামেৰে ৰামায়ণৰ দুটা কাণ্ড ৰচনা কৰিছিল।
৫। উত্তম, মধ্যম আৰু অধম কোন মন্ত্রক কোৱা হয়? ৰাজকার্য পৰিচালনা কৰোঁতে কোনবিধ মন্ত্ৰক ব্যৱহাৰ কৰা হয়?
উঃ ৰাজসভাৰ সকলো মন্ত্রী একমত হৈ দিয়া মন্ত্রক উত্তম, অধিকাংশ মন্ত্রীয়ে একমত হৈ দিয়া মন্ত্রক মধ্যম আৰু নিজৰ বল শক্তিৰ ওপৰত আস্থা নাৰাখি দৈৱলৈ ঠেলি দি গ্রহণ কৰা মন্ত্ৰক অধম মন্ত্র বুলি কোৱা হয়। ৰাজকাৰ্য পৰিচালনা কৰোঁতে উত্তম মন্ত্রক ব্যৱহাৰ কৰা হয়।
দীঘল প্রশ্নোত্তৰঃ (মূল্যাংক-৪।৫)
১। বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল?
উঃ লংকাধিপতি ৰাৱণে সীতাক হৰণ কৰি নিয়াৰ কথা জানিব পাৰি সীতাক উদ্ধাৰ কৰাৰ উদ্দেশ্যে ৰামে বান্দৰ সৈন্যৰ সহযোগত লংকা অভিযান আৰম্ভ কৰে। এই কথা জানিব পাৰি ৰাৱণৰ মাতৃ নৈকেষী চিন্তিত হৈ পৰে। তেওঁ বিভীষণক ৰাৱণৰ ৰাজসভালৈ গৈ ৰাৱণক যুদ্ধৰ পৰা বিৰত থাকিবলৈ উপদেশ দিয়ে। সেই অনুসৰি বিভীষণ ৰামৰ ৰাজসভাত উপস্থিত হয়। পাত্র-মন্ত্রী সমন্বিতে বহি থকা ৰাৱণক ৰাজোচিত সন্মান জনাই তেওঁ কয় যে, ৰাম জগতৰ পতি আৰু যুদ্ধ হ’লে তেওঁৰ হাতত স্বর্ণলংকা ধ্বংস অনিবার্য। অনতিপলমে বান্দৰ সেনাৰ সহযোগত সাগৰ পাৰ হৈ ৰাম লংকাত প্ৰৱেশ কৰি লংকা ধ্বংস কৰি আৰু সীতাক উদ্ধাৰ কৰি লৈ যাব। ইয়াত বাধা দিব পৰা ক্ষমতা কাৰো নাই। সেয়ে সময় থাকোঁতেই ৰাৱণে সীতাক স-সন্মানেৰে ৰামৰ হাতত গতাই দিয়া উচিত। এনেদৰে বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক উপদেশ দিছিল।
২। সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে কাৰ সহায় লৈছিল আৰু কেনেকৈ সাগৰ পাৰ হৈ সীতাক উদ্ধাৰ কৰিছিল?
উঃ সীতাক উদ্ধাৰ কৰিবৰ বাবে ৰামে ৰজা সুগ্ৰীৱৰ লগত বন্ধুত্ব স্থাপন কৰি বান্দৰ সেনাৰ সহযোগত সীতা উদ্ধাৰৰ অভিযান আৰম্ভ কৰে। ইয়াৰ পূৰ্বে ৰামে ভক্ত হনুমানক লংকালৈ প্ৰেৰণ কৰে। হনুমান গৈ সীতাক দেখা কৰাৰ লগতে হাবি-বন তহিলং কৰে। হনুমানৰ হাতত বহু সৈন্যৰ প্ৰাণো যায়। অৱশেষত ইন্দ্রজিতে হনুমানক বন্দী কৰি শাস্তি হিচাপে নেগুৰত জুই জ্বলাই এৰি দিয়ে। এৰি দিয়াৰ লগে লগেই হনুমানে নেগুৰৰ জুইৰে লংকা পুৰি ছাঁই কৰে। ইয়াৰ পিছতে বান্দৰ সৈন্যৰ সহযোগত ৰামে সাগৰত সেতু বান্ধি লংকাত প্ৰৱেশ কৰে। লংকাৰ বহুতো সৈন্য বধ কৰি ৰাৱণক পৰাভূত কৰি সীতাক উদ্ধাৰ কৰি অযোধ্যালৈ উভতি আহে।
৩। কবিতাটিৰ মাজেৰে প্ৰকাশিত হোৱা বিভীষণৰ চৰিত্ৰটি বিশ্লেষণ কৰা।
উঃ কবিতাটোত বিভীষণক এজন ৰাম ভক্ত, ধীৰ আৰু গম্ভীৰ পুৰুষ হিচাপে অংকন কৰা হৈছে। ৰাৱণৰ অহংকাৰী স্বভাৱৰ পৰিবৰ্তে বিভীষণ এজন নম্ৰ আৰু শান্ত প্রকৃতিৰ লোক। মাতৃ নৈকেষীৰ নির্দেশ মানি বিভীষণে ৰাৱণক বুজাই-বঢ়াই ৰামৰ বিৰুদ্ধে যুদ্ধৰ পৰা বিৰত ৰাখিবলৈ উপদেশ দিছে। ৰাজসভাত বহি থকা ৰাৱণক উপদেশ দিওঁতে বিভীষণে ৰাজনৈতিক আৰু বৌদ্ধিক পৰিপক্কতাৰ পৰিচয় দিছে। ৰামৰ লগত যুদ্ধৰ পৰিবৰ্তে স-সন্মানেৰে সীতাক ৰামৰ হাতত গতাই দিয়াৰ উপদেশত বিভীষণৰ দূৰদৰ্শীতা প্রকাশ পাইছে। এনেদৰে বিভীষণক কবিয়ে এটা সৎ আৰু ৰামভক্ত চৰিত্ৰ হিচাপে কবিতাটোত দাঙি ধৰিছে।
👉 Read Also:
- কেমব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্ন উত্তৰ
- অসমৰ পুৰণি খেল-ধেমালি প্রশ্ন উত্তৰ
- এভাৰেষ্টৰ সপোন আৰু বিভীষিকা প্রশ্ন উত্তৰ
- বিয়াৰ প্ৰেজেন্ট প্রশ্ন উত্তৰ
- বৰগীতঃ জয় জয় যাধৱ প্রশ্ন উত্তৰ
৪। মাধৱ কন্দলিৰ কাব্যিক প্রতিভা কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উঃ প্ৰাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলিয়ে চতুর্দশ শতিকাত বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত সংস্কৃত ৰামায়ণখন অসমীয়ালৈ ভাঙনি কৰে। আধুনিক ভাৰতীয় আর্য ভাষা সমূহৰ ভিতৰত মাধৱ কন্দলিৰ ৰামায়ণ খনেই প্ৰথম ৰচনা। অৱশ্যে তেওঁৰ অনুদিত ৰামায়ণখনৰ পাঁচটা কাণ্ডহে পোৱা যায়। উত্তৰাকাণ্ড আৰু আদিকাণ্ড পোৱা নাযায়। মাধৱ কন্দলিয়ে বাল্মীকি ৰামায়ণৰ শ্লোকানুবাদ কৰাৰ পৰিবৰ্তে ভাবানুবাদ হে কৰিছে। যাৰ বাবে কবিৰ স্বকীয় কাব্য প্রতিভা প্রতিটো কাণ্ডতে স্পষ্ট ৰূপত প্রকাশ পাইছে। তেওঁ অৱতাৰণা কৰা ভালেমান কথা বাল্মীকিৰ ৰামায়ণতো নাই। যেনে-
“শুনিয়োক সভাসদ ৰামৰ চৰিত্ৰ।
পৰম সুৰস ৰস কৰ্ণৰ অমৃত।।”
এইবোৰ তেওঁৰ নিজা সংযোজন, যিয়ে তেওঁৰ কবি প্রতিভাৰ অনন্য চানেকি বহন কৰিছে। তদুপৰি কাব্যত প্রয়োগ কৰা ভাষা, ছন্দ, অলংকাৰ আদিৰ মাজেদি তেওঁৰ কবি প্রতিভা সুন্দৰকৈ প্ৰকাশ পাইছে। ঘৰুৱা ভাষাৰ প্ৰয়োগ মাধৱ কন্দলিৰ কাব্যৰ অন্যতম বিশেষত্ব। সৰল-সহজ ঘৰুৱা ভাষাৰ প্ৰয়োগেৰে তেওঁ ৰামায়ণখনক সর্বসাধাৰণ চহা ৰাইজৰ উপযোগী কৰি তুলিছে। উদাহৰণ-
“লংকা পুৰি হনুমন্ত গৈল যেন মতে।
আপুনিও দেখিলাহা পাত্র সম্বনিতে।।”
সমগ্র ৰামায়ণতে শব্দালংকাৰ আৰু অৰ্থালংকাৰ সমাহাৰ ঘটিছে। তলত অনুপ্রাস অলংকাৰ
প্রয়োগৰ এটা উদাহৰণ দাঙি ধৰা হ’ল-
“ইন্দ্রজিতে যুঁজিল যুদ্ধৰ য’ত ধৰ্ম।
নাগপাশে বান্ধিলেক ইকি যোগ্য কর্ম।।”
ইয়াৰ উপৰিও ৰামায়ণখনত কবিয়ে স্বকীয় প্রতিভাৰে থলুৱা গছ-লতিকা, চৰাই চিৰিকতি আদিৰ নাম উল্লেখ কৰিছে যাৰ বাবে ৰামায়ণখন পাঠক ৰাইজৰ অতি আপোন হৈ পৰিছে।
এনেদৰে মাধৱ কন্দলিৰ ৰামায়ণৰ মাজেৰে তেওঁৰ কাব্যিক প্রতিভা সুন্দৰ ৰূপত প্ৰকাশ পাইছে।
৫। বিভীষণৰ উপদেশ শুনাৰ পিছত ৰাজসভাত থকা পাত্র মন্ত্রী সকলে ৰাৱণক কেনেধৰণৰ উপদেশ দিছিল?
উঃ মাতৃ নৈকেষীৰ নিৰ্দেশত বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক ৰামৰ সৈতে যুদ্ধ নকৰিবলৈ আৰু সীতাক স-সন্মানেৰে ঘূৰাই দিবলৈ উপদেশ দিছিল। কিন্তু বিভীষণৰ এই সজ উপদেশৰ বিপৰীতে ৰাৱণৰ ৰাজসভাত থকা পাত্ৰ-মন্ত্ৰী সকলে ৰাৱণক যুদ্ধৰ বাবেহে উচতনি দিছিল। তেওঁলোকে ৰাৱণক ক’লে যে, ভুলবশতঃ হে হনুমানে লংকা দাহ কৰিবলৈ সক্ষম হ’ল। সম্প্রতি শত্ৰুৰ আক্রমণ প্রতিহিত কৰিব পৰাকৈ এতিয়া সকলো সাৱধান আৰু সাজু হৈ আছে। তেনে ক্ষেত্ৰত ৰামৰ দৰে সাধাৰণ মানুহ এজনক ভয় কৰাৰ কোনো প্রয়োজন নাই বুলি পাত্র মন্ত্ৰীসকলে ৰাৱণক যুদ্ধৰ বাবে প্রস্তুত হ’বলৈ কয়।
অতিৰিক্ত প্রশ্নোত্তৰ:
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া:
(ক) ‘ৰাৱণক বিভীষণৰ সজ উপদেশ’ কাব্যাংশৰ কবি কোন?
উত্তৰ: মাধৱ কন্দলি।
(খ) ৰাৱণৰ মাতৃৰ নাম কি?
উত্তৰ: নৈকেষী।
(গ) ‘ৰামৰ হাতত জানো মোৰ যাইব জীৱ’: কথাষাৰ কোনে কৈছে?
উত্তৰ: লংকাৰাজ ৰাৱণে।
(ঘ) মূৰাৰী কোন?
উত্তৰ : ৰামচন্দ্ৰ।
(ঙ) সীতা কাৰ জীয়ৰী আছিল?
উত্তৰ: জনক ৰজাৰ জীয়ৰী।
(চ) ৰামৰ সখা কোন আছিল?
উত্তৰ: বান্দৰৰ ৰজা সুগ্রীব।
(ছ) ইন্দ্রজিতে হনুমানক কিহেৰে বান্ধিছিল?
উত্তৰ: নাগপাশেবে।
(জ) লংকা কোনে দহন কৰিছিল?
উত্তৰ: ৰামভক্ত হনুমানে।
(ঝ) বিভীষণ কাৰ ভক্ত আছিল।
উত্তৰঃ কবিতাটিৰ মতে বিভীষণ বিষ্ণু ভক্ত আছিল।
(ঞ) মধুসূধন কোন?
উত্তৰ : ৰামচন্দ্ৰ।
(ট) মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?
উত্তৰ: চতুৰ্দশ শতিকাৰ বৰাহী ৰজা মহামাণিক্যৰ।
(ঠ) মহাপুৰুষ শংকৰদেৱে মাধৱ কন্দলিক কি কবি বুলি অভিহিত কৰিছিল?
উত্তৰ: ‘অপ্রমাদী’ (ভ্রান্তিহীন) কবি বুলি।
(ড) মাধৱ কন্দলি কোন যুগৰ কবি?
উত্তৰ: প্ৰাক-শংকৰী যুগৰ।
👉 Read Also:
- ধনবৰ আৰু ৰতনী প্রশ্ন উত্তৰ
- বনকুঁৱৰী প্রশ্ন উত্তৰ
- লাচিত ফুকন প্রশ্ন উত্তৰ
- ৰাজপথ প্রশ্ন উত্তৰ
- এখন চিঠি প্রশ্ন উত্তৰ
- কুশল কোঁৱৰ প্রশ্ন উত্তৰ

