বনকুঁৱৰী Class 11 Assamese Chapter 13 Solutions
আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘বনকুঁৱৰী‘ পাঠটিৰ প্রশ্নোত্তৰ Class 11 Assamese Chapter 13 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘বনকুঁৱৰী প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। প্রশ্নোত্তৰ’ চাওঁক:
গোট-৩ কবিতাংশ
বনকুঁৱৰী
– চন্দ্ৰকুমাৰ আগৰৱালা
👉 Read Also:
- ধনৰ ব্যৱহাৰ প্রশ্ন উত্তৰ
- অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ প্রশ্ন উত্তৰ
- গৌৰৱ প্রশ্ন উত্তৰ
- কিতাপৰ কথা প্রশ্ন উত্তৰ
- গিবন প্রশ্ন উত্তৰ
কবি পৰিচয়ঃ
চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৭) এজন অসমীয়া গীতি-কবি আৰু আলোচনী সম্পাদক আছিল। তেওঁৰ জন্ম হয় তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত। এওঁ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগলাগি ১৮৮৯ চনত ‘জোনাকী’ কাকত উলিয়ায়। ১৯১৮ চনত তেওঁ সাপ্তাহিক বাতৰি কাকত ‘অসমীয়া’ উলিয়ায়। ১৯৩৮ চনত গুৱাহাটীৰ নিজ বাসভৱনত তেওঁৰ মৃত্যু হয়।
জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্রকাশ পোৱা আগৰৱালাৰ ‘বনকুঁৱৰী’ নামৰ গীতি কবিতাটোৰ দ্বাৰা অসমীয়া ৰোমান্টিক কবিতাৰ শুভাৰম্ভ হয়। জোনাকী যুগৰ সাহিত্যকি আন্দোলনৰ তেওঁ অন্যতম গুৰিয়াল আছিল। তেওঁৰ প্ৰথম কাব্য পুথিখনৰ নাম ‘প্রতিমা’। লক্ষ্মীনাথ বেজবৰুৱাই উক্ত পুথিখনৰ আলোচনা প্রসঙ্গত কৈছিল, “প্রতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।” ‘বীণ বৰাগী’ হ’ল তেওঁৰ দ্বিতীয় কবিতা পুথি। প্রকৃতিত সৌন্দৰ্যৰ সন্ধান, মানৱপ্রেম, ভৱিষ্যতৰ প্ৰতি আশাবাদ আৰু প্ৰকাশভঙ্গীৰ গীতিময়তা আৰু সৰলতা তেওঁৰ কবিতাৰ বৈশিষ্ট্য।
কঠিন শব্দৰ অৰ্থঃ
নিজম: নিস্তব্ধ।
বিজন: জনহীন।
লতিকা: সৰু লতা।
কলাঘুমটীয়া: চিল্মিল্ক অহা টোপনিৰ অৱস্থা।
যক্ষিণী: এক শ্ৰেণীৰ প্ৰেত।
দেৱযোনিঃ উপদেৱতা, ভূত-প্রেত আদি।
শ্যামল: সেউজীয়া।
জলৰ দেৱী নীয়ৰী: কবিয়ে নিয়ৰক জলৰ দেৱী বুলি কল্পনা কৰিছে।
অমিয়া: অমৃত।
আৰ্হি প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰঃ (মূল্যাংক-১)
১। প্রথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি?
উত্তৰঃ প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম- বনকুঁৱৰী।
২। বেজবৰুৱাই ‘প্রতিমা’ সম্পর্কে কি মন্তব্য কৰিছিল?
উত্তৰঃ বেজবৰুৱাই ‘প্রতিমা’ সম্পর্কে কৈছিল, ‘প্রতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।’
৩। ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক আছিল- চন্দ্ৰকুমাৰ আগৰৱালা।
৪। ‘প্রতিমাৰ খনিকৰ’ বুলি কাক কোৱা হয়?
উত্তৰঃ ‘প্রতিমাৰ খনিকৰ’ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়।
৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু-প্রকৃতি, প্রেম আৰু সৌন্দর্য।
চমু প্রশ্নোত্তৰ (মূল্যাংক -২/৩)
১। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা।
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম- ‘প্রতিমা’ আৰু ‘বীণবৰাগী’।
২। ‘জোনাকী’ যুগৰ ত্রিমূর্তি বুলি ক’লে কাক কাক বুজোৱা হয়?
উত্তৰঃ ‘জোনাকী’ যুগৰ ত্রিমূর্তি বুলি ক’লে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্র গোস্বামীক বুজোৱা হয়।
৩। ‘বনকুঁৱৰী’ কবিতাটিৰ লগত কেনেকুৱা জনবিশ্বাস জড়িত হৈ আছে?
উত্তৰঃ ‘বনকুঁৱৰী’ কবিতাটিৰ লগত অসমৰ সহজ সৰল গাঁৱলীয়া সমাজে বিশ্বাস কৰা জলকুৱঁৰী, গৃহলক্ষ্মী আদিৰ দৰে বনৰ দেৱী বনকুঁৱৰীৰ জনবিশ্বাস জড়িত হৈ আছে।
৪। অসমীয়া ৰোমান্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল ক’ৰপৰা গ্ৰহণ কৰিছে?
উত্তৰঃ অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল নিজ দেশ তথা সমাজৰ পৰা সংগ্ৰহ কৰিছে।
৫। হাবিৰ মাজত মৰমৰ ধ্বনি কোনে তুলিছিল?
উত্তৰঃ হাবিৰ মাজত বনকুঁৱৰীয়ে ‘মৰ্ম’ ধ্বনিৰ সৃষ্টি কৰিছিল।
দীঘল প্রশ্নোত্তৰঃ (মূল্যাংক-৪/৫)
১। ‘বনকুঁৱৰী’ কবিতাটিৰ মূলভাব লিখা।
উত্তৰঃ প্রকৃতি সৌন্দৰ্য, ৰহস্য, আনন্দ আৰু প্ৰেমৰ শ্বাশত আধাৰ। প্ৰকৃতিৰ প্ৰতিটো বস্তুই প্রেমময়। প্রকৃতিৰ প্ৰতিটো বস্তুয়েই অনুভৱ কৰাজনৰ মনত অনাবিল আনন্দৰ জোৱাৰ তোলে। যখিনী কন্যা বনকুঁৱৰী প্ৰকৃতিৰ মাজতেই ডাঙৰ-দীঘল হৈছে। তাই পূর্ণ যৌৱনা। তাইৰ ৰূপত প্রকৃতি জগতৰ সকলো জীৱ আৰু প্ৰাণীয়েই মতলীয়া হৈ আনন্দত উফন্দি উঠিছে। মলয়া সমীৰে তাইক প্রেম নিবেদন কৰিছে। বনকুঁৱৰীয়েও মলয়া সমীৰৰ প্ৰেমৰ প্ৰস্তাৱত হাঁহিৰে সহাঁৰি জনাইছে। বনকুঁৱৰীৰ সন্মতি পাই মলয়া সমীৰৰ প্ৰেমৰ আৱেগে ধুমুহাৰ ৰূপ লৈছে। নদ-নদী, জান-জুৰি আদিৰ বুকুত সেই ধুমুহাই উত্তাল ঢৌৰ সৃষ্টি কৰিছে। সেই ঢৌয়ে প্রকৃতিৰ সকলো প্ৰাণীৰ মনত আনন্দৰ এক অনাবিল জোঁৱাৰ তুলিছে।
👉 Read Also:
- কেমব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্ন উত্তৰ
- অসমৰ পুৰণি খেল-ধেমালি প্রশ্ন উত্তৰ
- এভাৰেষ্টৰ সপোন আৰু বিভীষিকা প্রশ্ন উত্তৰ
- বিয়াৰ প্ৰেজেন্ট প্রশ্ন উত্তৰ
- ৰাৱণক বিভীষণৰ সজ উপদেশ প্রশ্ন উত্তৰ
২। ‘বনকুঁৱৰী’ কবিতাটিত প্ৰকৃতিৰ ৰূপৰ বৰ্ণনা কিদৰে কৰিছে নিজৰ ভাষাত লিখা।
উত্তৰঃ১৮৮৯ চনত প্রকাশ পোৱা ‘জোনাকী’ নামৰ আলোচনীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্রকাশিত চন্দ্ৰকুমাৰ আগৰৱালৰ ‘বনকুঁৱৰী’ শিৰোনামাৰ কবিতাটো আছিল অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম ৰমন্যাসবাদী (ৰোমান্টিক) কবিতা। কবিতাটিত কবিয়ে বনকুঁৱৰী নামৰ এক কাল্পনিক প্রকৃতি কন্যাৰ মনোমোহা বৰ্ণনাৰ মাজেদি প্ৰকৃতিৰ (নৈসর্গিক) দৃশ্যৰ এক অনিন্দ্য সুন্দৰ সজীৱ চিত্র ফুটাই তুলিছে।
প্রকৃতি কন্যা বনকুঁৱৰী প্ৰকৃতিৰ বুকুত উমলি-জামলি ডাঙৰ-দীঘল হৈছে। তাই ভৰ যৌৱনা। প্রাণত প্ৰেমৰ স্পন্দন। গোটেই প্রকৃতি ৰাজ্যক বনকুঁৱৰীয়ে যেন প্ৰেমৰ আবেগিক জৰীৰে বান্ধি ৰাখিছে। বনকুঁৱৰীৰ মুখৰ সুহুৰিত বিজন বনত গছৰ ডালবোৰ লৰি উঠিছে। পাতবোৰ থৰথৰি কঁপি উঠিছে। লতাবোৰে গছক সাৱটি চুমা যাচিছে। কপৌ চৰায়ে চুমা-চুমি কৰিছে। আনকি নৈয়ে কথা পাতিছে। বিৰখে হাঁহিছে। বনকুঁৱৰীৰ সৌন্দৰ্যত মুগ্ধ হৈ মইনা চৰায়ে মুখৰ মাত পাহৰিছে। বনকুঁৱৰীৰ বাবেই বাঁহে গজালি মেলিছে। প্রকৃতি জীয়ৰী বনকুঁৱৰীয়ে জুৰিৰ পাৰত হৰিণা পোৱালিক মৰম কৰি পানী খুৱাইছে। বনৰ ফুল আৰু পাতেৰে সজ্জ্বিত বনকুঁৱীৰ ৰূপত মলয়া সমীৰ বলিয়া হৈছে। বনকুঁৱৰীয়ে মিচিকিয়া হাঁহিৰে মলয়া সমীৰৰ প্ৰেমৰ প্ৰস্তাৱক সন্মতি জনাইছে। বনকুঁৱৰীৰ সন্মতি পাই মলয়া সমীৰৰ প্ৰেমৰ আৱেগে ধুমুহাৰ ৰূপ লৈছে। নদ-নদী, জান-জুৰি আদিৰ বুকুত সেই ধুমুহাই উত্তাল ঢৌৰ সৃষ্টি কৰিছে। আৰু সেই ঢৌৱে প্ৰকৃতিৰ সকলো প্ৰাণীৰ মনত আনন্দৰ এক অনাবিল জোঁৱাৰ তুলিছে।
এনেদৰে কবিয়ে নৈসর্গিক দৃশ্যৰ এক অনিন্দ্য সুন্দৰ মানস চিত্ৰৰ সৃষ্টি কৰিছে।
৩। ‘বনকুঁৱৰী’ কবিতাটিত কবিয়ে কিদৰে অতিপ্রাকৃত পৰিৱেশৰ সৃষ্টি কৰিছে বুজাই লিখা।
উত্তৰঃ কবিতাটোত প্রকৃতিৰ অপূর্ব সৌন্দৰ্যৰ অনুভৱে কেনেকৈ প্রাণীজগতক অপার্থিৱ আৰজ অনির্বচনীয় আনন্দ দিব পাৰে, কবিয়ে তাকেই কবিতাটিৰ জৰিয়তে প্রকাশ কৰিছে। যখিনী কন্যা যেন কণমানি ছোৱালী এটিয়ে হৰিণী পোৱালি এটি জানৰ পাৰত পানী খুৱাইছে। আন দুজনীৰে সৈতে মুকলি চুলিৰে টুকটুককৈ চাপৰি বজাই নাম ধৰিছে, ফুল ছিঙিছে, কপৌক সাৱটি ধৰি চুমা যাচিছে, খোপাত বনৰ পখিলা গুঁজিছে। মুকুতাৰ মণি শিৰত জিলিকা তাইক সৌন্দৰ্যময়ী কুঁৱৰী, জলৰ দেৱী নীয়ৰীৰ আদিৰ লগত তুলনা কৰিছে। চাক্ষুষ দৃষ্টিৰে প্ৰত্যক্ষ কৰা প্ৰকৃতি জগতখনৰ মাজত যে আন এক অপার্থিব সত্ত্বা লুকাই থাকে, কবিয়ে যেন তাৰেই সন্ধান দিব বিচাৰিছে।
৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি প্রতিভা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮): এজন অসমীয়া কবি আৰু লেখক। অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা লেখকসকলৰ ভিতৰত তেখেত আছিল অন্যতম। জোনাকীৰ প্রথম সংখ্যাত প্রকাশ পোৱা তেওঁৰ ‘বনকুঁৱৰী’ কবিতাটোয়েই আছিল প্রথম অসমীয়া ৰোমাণ্টিক কবিতা। আগৰৱালাক “প্রতিমাৰ খনিকৰ” বুলিও অভিহিত কৰা হয়। তেখেত জোনাকী আলোচনীৰ প্রথমজন সম্পাদক আৰু “অসমীয়া ভাষা উন্নতি সাধিনী সভা”ৰ প্ৰতিষ্ঠাপক সদস্য আছিল। ‘জোনাকী’ আলোচনীৰ জৰিয়তে আধুনিক অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙনিৰ বাবে আগৰৱালাৰ লগত লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক একেলগে ‘জোনাকী যুগৰ ত্রিমূর্তি’ বুলি কোৱা হয়। বনকুঁৱৰী, তেজীমলা, মাধুৰী, বীণবৰাগী, মহাত্মা আদি তেওঁৰ অন্যতম কবিতা।
৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা:
ক) অথিৰ বায়ুৰ শিয়ৰিল নোম,
উছলাইছে গৈ জান
কাৰণ নেদেখা আনন্দৰ ঢৌৱে
বুৰালে প্ৰাণীৰ প্ৰাণ।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা ‘বনকুঁৱৰী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সৌন্দৰ্যৰ ৰাণী বনকুঁৱৰীৰ উপস্থিতিত প্ৰকৃতিৰ বুকুত হোৱা পৰিৱৰ্তনৰ কথা ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। বনৰ ফুল আৰু পাতেৰে সজ্জিত বনকুঁৱীৰৰ ৰূপত মলয়া সমীৰ বলিয়া হৈ উঠিছে। বনকুঁৱৰী আৰু জলকুঁৱৰীয়ে মিছিকিয়া হাঁহিৰে মলয়া সমীৰৰ প্ৰেমৰ প্ৰস্তাৱক সন্মতি জনাইছে। বনকুঁৱৰীৰ সন্মতি পাই মলয়া সমীৰৰ প্ৰেমৰ আৱেগে ধুমুহাৰ ৰূপ লৈছে। নদ-নদী, জান-জুৰি আদিৰ বুকুত সেই ধুমুহাই উত্তাল ঢৌৰ সৃষ্টি কৰিছে। আৰু সেই ঢৌৱে প্ৰকৃতিৰ সকলো প্ৰাণীৰ মনত আনন্দৰ এক অনাবিল জোঁৱাৰ তুলিছে। এনেদৰে কবিয়ে নৈসর্গিক দৃশ্যৰ এক অনিন্দ্য সুন্দৰ মানস চিত্ৰৰ সৃষ্টি কৰিছে।
খ) মুকলি চুলিৰে নাম গাই ঘূৰি
চাপৰি টুক টুক টুক্।
ৰূপহীৰ মেল দেৱযোনি খেল
মানুহে নেদেখা মুখ।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰ বিৰচিত ‘বনকুঁৱৰী’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। বনকুঁৱৰীয়ে কিদৰে প্ৰকৃতিৰ বুকুত খেলি কৰি নিজৰ ৰূপেৰে মানুহক মুগ্ধ কৰিছে উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে তাকেই ব্যক্ত কৰিছে। কবিয়ে কবিতাটিত প্রকৃতিক মানৱীয় ৰূপত কল্পনা কৰিছে। বনকুঁৱৰীয়ে যেন প্রকৃতি জগতখনক মোহময়ী কৰি তুলিছে। আচলতে কবিয়ে এগৰাকী মুকলিমূৰীয়া গাভৰুৰ চিত্ৰ অংকন কৰিছে। তেওঁ প্রকৃতিৰ মাজত বিচাৰি পাইছে সেই উন্মুক্ত যৌৱন। প্রকৃতিৰ এই অনির্বচনীয় ৰূপ আৰু স্বাধীন সত্ত্বাটোরে কবিক আকৰ্ষিত কৰিছে। সেয়ে তেওঁ প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে মুকলি চুলিৰে নাম গাই ঘুৰি ফুৰা টুকটুক চাপৰি বজোৱা ছোৱালীজনী। প্রকৃতি সত্ত্বাৰ এই ভুবন ভোলোৱা ৰূপত তেওঁ বিমোহিত হৈ মিচিকিয়াঁ হাঁহিৰ এটা সমিধান বিচাৰিছে আৰু তাতেই তেওঁৰ প্ৰাণ আনন্দৰে ভৰি পৰিছে।
অতিৰিক্ত প্রশ্নোত্তৰ:
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া:
(ক) চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক’ত হৈছিল?
উত্তৰ: শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ ব্ৰহ্মাজান গাঁৱত।
(খ) ‘জোনাকী’ আলোচনী কেতিয়াৰ পৰা প্ৰকাশ পায়?
উত্তৰ: ১৮৮৯ চনৰ পৰা।
(গ) চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতৃৰ নাম কি?
উত্তৰ হৰিবিলাস আগৰৱালা।
(ঘ) ‘মুকলি চুলিৰে নাম গায় ঘূৰি চাপৰি টুক্ টুক্ টুক্।’
– ইয়াত কাৰ কথা কোৱা হৈছে?
উত্তৰঃ ইয়াত যক্ষিনী কন্যা বনকুঁৱৰীৰ কথা কোৱা হৈছে।
(ঙ) বনকুঁৱৰীৰ শিৰত কি জিলিকি আছিল?
উত্তৰ: মৰকত মণি।
(চ) যক্ষিণী ছোৱালী দুজনীয়ে কি সাজ পিন্ধি আছিল?
উত্তৰ: বনফুলৰ সাজ।
(ছ) আহঁতৰ তলত কোনে নাচিছিল?
উত্তৰ: যক্ষিণী ছোৱালীয়ে।
(জ) ‘অকণি বুকুত ইটিক সুমাই সিটিয়ে মৰম যাচে।’
– ইয়াত কোনে কাক মৰম যচাৰ কথা কৈছে?
উত্তৰঃ ইয়াত দুটি কপৌয়ে ইটিয়ে সিটিক মৰম যচাৰ কথা কৈছে।
(ঝ) যক্ষিণী কন্যালৈ কোনে লাগি চাই থাকে?
উত্তৰ: হৰিণা পোৱালিয়ে।
👉 Read Also:
- বৰগীতঃ জয় জয় যাধৱ প্রশ্ন উত্তৰ
- ধনবৰ আৰু ৰতনী প্রশ্ন উত্তৰ
- লাচিত ফুকন প্রশ্ন উত্তৰ
- ৰাজপথ প্রশ্ন উত্তৰ
- এখন চিঠি প্রশ্ন উত্তৰ
- কুশল কোঁৱৰ প্রশ্ন উত্তৰ

