SEBA Class 9 Social Science MCQ Chapter 11 Solutions – Part 3A: Political Science 2026–27-ত নৱম শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ অধ্যায় ১১-ৰ অনুশীলনৰ বাবে প্ৰয়োজনীয় বহুবিকল্পী প্ৰশ্ন আৰু উত্তৰ আগবঢ়োৱা হৈছে। এই শিক্ষামূলক সমলত অধ্যায়টোৰ উল্লেখযোগ্য ঘটনা, বিশেষ তথ্য আৰু গুৰুত্বপূৰ্ণ ঐতিহাসিক বিষয়সমূহৰ ওপৰত ভিত্তি কৰি MCQ প্ৰস্তুত কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি নিজৰ জ্ঞান পৰীক্ষা কৰাৰ লগতে পাঠৰ মূল কথাবোৰ পুনৰ মনত পেলাব পাৰিব। ই নিয়মীয়া অধ্যয়ন আৰু পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এক সহায়ক অনুশীলন সামগ্ৰী।
SEBA Class 9 Social Science MCQ Chapter 11 Solutions
অধ্যায়-২
চৰকাৰৰ প্ৰকাৰ বা শ্রেণীবিভাগ
অতি চমু প্রশ্নোত্তৰ (VSA)
১। ভাৰতবৰ্ষত কোন ধৰণৰ শাসন ব্যৱস্থা প্রচলিত?
উঃ ভাৰতত সংসদীয় শাসন ব্যৱস্থা প্রচলিত।
২। বহুজনৰ শাসনক প্লেটোৱে কি নামে অভিহিত কৰিছিল?
উঃ প্লেটোৱে বহুজনৰ শাসনক গণতন্ত্র বুলি নামাকৰণ কৰিছিল।
৩। আধুনিক যুগৰ চৰকাৰসমূহক লীকে মূলতঃ কেইটা ভাগত বিভক্ত কৰিছিল?
উঃ লীকে আধুনিক চৰকাৰসমূহক মূলতঃ দুটা ভাগত বিভক্ত কৰিছিল।
৪। জনসাধাৰণৰ কল্যাণৰ উদ্দেশ্যে এজন ব্যক্তিৰ শাসনক প্লেটোৱে কি বুলি কৈছিল?
উঃ প্লেটোৰ মতে এনে শাসনক ৰাজতন্ত্র বুলি কোৱা হয়।
৫। ‘ৱেষ্টমিনিষ্টাৰ মডেল’ বুলি কোন চৰকাৰক জনা যায়?
উঃ সংসদীয় পদ্ধতিৰ চৰকাৰক ‘ৱেষ্টমিনিষ্টাৰ মডেল’ বুলি কোৱা হয়।
৬। শাসকৰ ব্যক্তিগত স্বাৰ্থৰ বাবে পৰিচালিত এজনৰ শাসনক প্লেটোৱে কি নাম দিছিল?
উঃ প্লেটোৱে এনে শাসনক স্বৈৰতন্ত্র বুলি অভিহিত কৰিছিল।
৭। আধুনিক গণতন্ত্রক ‘সীমিত ৰাজতন্ত্র’ বুলি কোনে কৈছিল?
উঃ লীকে আধুনিক গণতন্ত্রক ‘সীমিত ৰাজতন্ত্র’ বুলি কৈছিল।
৮। এককেন্দ্ৰীয় চৰকাৰৰ সংবিধান অলিখিত হ’ব পাৰেনে?
উঃ হয়, এককেন্দ্ৰীয় চৰকাৰৰ সংবিধান অলিখিত হ’ব পাৰে।
৯। ‘অৱৰোধন আৰু সণ্ডলন’ কোন ধৰণৰ চৰকাৰৰ এক বিশেষ বৈশিষ্ট্য?
উঃ ‘অৱৰোধন আৰু সণ্ডলন’ ৰাষ্ট্ৰপতীয় চৰকাৰৰ এক উল্লেখযোগ্য বৈশিষ্ট্য।
বহুবিকল্পী প্রশ্নোত্তৰ (MCQ)
১। চৰকাৰৰ শ্ৰেণীবিভাজন প্রথমে কোনে আগবঢ়াইছিল?
(ক) এৰিষ্টটল
(খ) প্লেটো
(গ) লক
(ঘ) ৰুছো
উঃ (খ) প্লেটো
২। প্লেটোৰ মতে জনকল্যাণৰ বাবে এজনৰ শাসনক কি কোৱা হয়?
(ক) গণতন্ত্র
(খ) স্বৈৰতন্ত্র
(গ) ৰাজতন্ত্র
(ঘ) ধনতন্ত্র
উঃ (গ) ৰাজতন্ত্র
৩। প্লেটোৰ মতে শাসকৰ স্বাৰ্থৰ বাবে চলা এজনৰ শাসনক কি কোৱা হয়?
(ক) গণতন্ত্র
(খ) ৰাজতন্ত্র
(গ) স্বৈৰতন্ত্র
(ঘ) সমাজতন্ত্র
উঃ (গ) স্বৈৰতন্ত্র
৪। প্লেটোৱে বহুজনৰ শাসনক কি নামেৰে অভিহিত কৰিছিল?
(ক) ৰাজতন্ত্র
(খ) গণতন্ত্র
(গ) স্বৈৰতন্ত্র
(ঘ) অলিগার্কি
উঃ (খ) গণতন্ত্র
৫। লীকে আধুনিক চৰকাৰসমূহক মূলতঃ কেইটা ভাগত বিভক্ত কৰিছিল?
(ক) ২ টা
(খ) ৩ টা
(গ) ৪ টা
(ঘ) ৫ টা
উঃ (ক) ২ টা
৬। বর্তমান বিশ্বত আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ?
(ক) এককেন্দ্ৰীয় চৰকাৰ
(খ) স্বৈৰাচাৰী চৰকাৰ
(গ) সংসদীয় গণতান্ত্ৰিক চৰকাৰ
(ঘ) সামৰিক চৰকাৰ
উঃ (গ) সংসদীয় গণতান্ত্রিক চৰকাৰ
৭। ভাৰতত কোন ধৰণৰ চৰকাৰ প্ৰচলিত?
(ক) ৰাষ্ট্ৰপতীয় চৰকাৰ
(খ) সংসদীয় চৰকাৰ
(গ) স্বৈৰতান্ত্ৰিক চৰকাৰ
(ঘ) সামৰিক চৰকাৰ
উঃ (খ) সংসদীয় চৰকাৰ
৮। সংসদীয় চৰকাৰত চৰকাৰপ্ৰধান কোন?
(ক) ৰাষ্ট্ৰপতি
(খ) ৰাজ্যপাল
(গ) প্রধানমন্ত্রী
(ঘ) মুখ্যমন্ত্রী
উঃ (গ) প্রধানমন্ত্রী
৯। সংসদীয় চৰকাৰত ৰাষ্ট্ৰপ্ৰধান কোন?
(ক) প্রধানমন্ত্রী
(খ) ৰাষ্ট্ৰপতি
(গ) মুখ্যমন্ত্রী
(ঘ) স্পীকাৰ
উঃ (খ) ৰাষ্ট্ৰপতি
১০। সংসদীয় চৰকাৰক আন কি নামেৰে জনা যায়?
(ক) আমেৰিকান মডেল
(খ) ফেডাৰেল মডেল
(গ) ৱেষ্টমিনিষ্টাৰ মডেল
(ঘ) এককেন্দ্রীয় মডেল
উঃ (গ) ৱেষ্টমিনিষ্টাৰ মডেল
১১। সংসদীয় চৰকাৰত মন্ত্রীপৰিষদ কাৰ ওচৰত দায়বদ্ধ?
(ক) ন্যায়পালিকা
(খ) ৰাষ্ট্ৰপতি
(গ) বিধানমণ্ডল
(ঘ) নির্বাচন আয়োগ
উঃ (গ) বিধানমণ্ডল
১২। ক্ষমতাৰ পৃথকীকৰণ নীতি কোন চৰকাৰৰ বৈশিষ্ট্য?
(ক) সংসদীয় চৰকাৰ
(খ) ৰাষ্ট্ৰপতীয় চৰকাৰ
(গ) এককেন্দ্ৰীয় চৰকাৰ
(ঘ) সামৰিক চৰকাৰ
উঃ (খ) ৰাষ্ট্ৰপতীয় চৰকাৰ
১৩। ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন দেশ কোনখন?
(ক) ভাৰত
(খ) জাপান
(গ) আমেৰিকা যুক্তৰাষ্ট্ৰ
(ঘ) কানাডা
উঃ (গ) আমেৰিকা যুক্তৰাষ্ট্ৰ
১৪। ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন কি?
(ক) কেৱল ৰাষ্ট্ৰপ্রধান
(খ) কেৱল চৰকাৰপ্ৰধান
(গ) ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰপ্ৰধান দুয়ো
(ঘ) ন্যায়পালিকাৰ প্ৰধান
উঃ (গ) ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰপ্ৰধান দুয়ো
১৫। ‘অৱৰোধন আৰু সণ্ডলন’ কোন চৰকাৰৰ বিশেষ বৈশিষ্ট্য?
(ক) সংসদীয় চৰকাৰ
(খ) এককেন্দ্ৰীয় চৰকাৰ
(গ) ৰাষ্ট্ৰপতীয় চৰকাৰ
(ঘ) সামৰিক চৰকাৰ
উঃ (গ) ৰাষ্ট্ৰপতীয় চৰকাৰ
১৬। এককেন্দ্ৰীয় চৰকাৰ থকা এখন দেশ কোনখন?
(ক) ভাৰত
(খ) আমেৰিকা
(গ) চুইজাৰলেণ্ড
(ঘ) ইটালী
উঃ (ঘ) ইটালী
১৭। যুক্তৰাষ্ট্ৰীয় চৰকাৰত কিমান স্তৰৰ চৰকাৰ থাকে?
(ক) ১ টা
(খ) ২ টা
(গ) ৩ টা
(ঘ) ৪ টা
উঃ (খ) ২ টা
১৮। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দুটা স্তৰ কি কি?
(ক) কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
(খ) কেন্দ্ৰীয় আৰু জিলা চৰকাৰ
(গ) ৰাজ্যিক আৰু স্থানীয় চৰকাৰ
(ঘ) স্থানীয় আৰু গ্রাম্য চৰকাৰ
উঃ (ক) কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
১৯। চুইজাৰলেণ্ডত কোন ধৰণৰ চৰকাৰ আছে?
(ক) এককেন্দ্ৰীয় চৰকাৰ
(খ) সংসদীয় চৰকাৰ
(গ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ
(ঘ) সামৰিক চৰকাৰ
উঃ (গ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ
২০। ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে নে?
(ক) আছে
(খ) নাই
(গ) আংশিক আছে
(ঘ) কেতিয়াবা থাকে
উঃ (খ) নাই
২১। এককেন্দ্ৰীয় চৰকাৰত অধিকাংশ ক্ষমতা কাৰ হাতত থাকে?
(ক) ৰাজ্য চৰকাৰ
(খ) স্থানীয় চৰকাৰ
(গ) কেন্দ্ৰীয় চৰকাৰ
(ঘ) ন্যায়পালিকা
উঃ (গ) কেন্দ্ৰীয় চৰকাৰ
২২। এককেন্দ্ৰীয় চৰকাৰত সাধাৰণতে কেনে ধৰণৰ নাগৰিকত্ব থাকে?
(ক) দ্বৈত নাগৰিকত্ব
(খ) ত্রৈধ নাগৰিকত্ব
(গ) একক নাগৰিকত্ব
(ঘ) আঞ্চলিক নাগৰিকত্ব
উঃ (গ) একক নাগৰিকত্ব
২৩। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ এটা মুখ্য সুবিধা কি?
(ক) ক্ষমতাৰ বিকেন্দ্ৰীকৰণ
(খ) একনায়কত্ব
(গ) কেন্দ্ৰীয়কৰণ
(ঘ) সামৰিক নিয়ন্ত্রণ
উঃ (ক) ক্ষমতাৰ বিকেন্দ্ৰীকৰণ
২৪। সংসদীয় চৰকাৰত অনাস্থা প্রস্তাব গৃহীত হলে কি হয়?
(ক) ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰে
(খ) ন্যায়পালিকা ভংগ হয়
(গ) মন্ত্রীপৰিষদ পদত্যাগ কৰে
(ঘ) নির্বাচন আয়োগ ভংগ হয়
উঃ (গ) মন্ত্রীপৰিষদ পদত্যাগ কৰে
২৫। তলৰ কোনটো সংসদীয় চৰকাৰৰ এটা গুণ?
(ক) বিধানমণ্ডলৰ ওচৰত দায়বদ্ধতা
(খ) স্বৈৰাচাৰী শাসন
(গ) একনায়কত্ব
(ঘ) ক্ষমতাৰ সম্পূৰ্ণ কেন্দ্ৰীকৰণ
উঃ (ক) বিধানমণ্ডলৰ ওচৰত দায়বদ্ধতা।
প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ
দাবী (A): গণতান্ত্রিক চৰকাৰত জনসাধাৰণে নিজৰ প্ৰতিনিধি নির্বাচন কৰে।
কাৰণ (R): গণতন্ত্রত শাসনৰ ক্ষমতা জনগণৰ ওপৰত নিৰ্ভৰশীল।
(ক) (A) সত্য, কিন্তু (R) অসত্য
(খ) (A) অসত্য, কিন্তু (R) সত্য
(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
উঃ (গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ
দাবী (A): একনায়কত্ববাদী চৰকাৰত নাগৰিকসকলে শাসক নিৰ্বাচনৰ পূৰ্ণ স্বাধীনতা লাভ কৰে।
কাৰণ (R): একনায়কত্ববাদী চৰকাৰত ক্ষমতা সাধাৰণতে এজন ব্যক্তি বা সৰু গোটৰ হাতত কেন্দ্রীভূত থাকে।
(ক) (A) সত্য, কিন্তু (R) অসত্য
(খ) (A) অসত্য, কিন্তু (R) সত্য
(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ব শুদ্ধ ব্যাখ্যা নহয়
উঃ (খ) (A) অসত্য, কিন্তু (R) সত্য
প্রশ্নঃ তলত দিয়া স্তম্ভ ‘ক’ৰ লগত স্তম্ভ ‘খ’ মিলোৱা-
স্তম্ভ ‘ক’
(A) গণতন্ত্র
(B) ৰাজতন্ত্র
(C) একনায়কত্ববাদ
(D) ধর্মতন্ত্র
স্তম্ভ ‘খ’
(i) ধর্মীয় নীতি অনুসৰি শাসন
(ii) জনগণে প্রতিনিধি নির্বাচন কৰে
(iii) ৰজা বা ৰাণীৰ শাসন
(iv) এজন ব্যক্তি বা সৰু গোটৰ নিয়ন্ত্রণ
(a) A-ii, B-iii, C-iv, D-i
(b) A-iii, B-ii, C-i, D-iv
(c) A-iv, B-i, C-ii, D-iii
(d) A-i, B-iv, C-iii, D-ii
উঃ (a) A-ii, B-iii, C-iv, D-i
