Join WhatsApp

Join Now

Join Telegram

Join Now

SEBA Class 9 Social Science MCQ Chapter 13 Solutions

By Rabbi Masrur

Published On:

SEBA Class 9 Social Science MCQ Chapter 13 Solutions – Part 3B: Economics 2026–27-ৰ জৰিয়তে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অর্থবিজ্ঞানৰ ত্ৰয়োদশ অধ্যায়ৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ প্ৰশ্নোত্তৰৰ মাধ্যমেৰে অনুশীলন কৰিব পাৰিব। এই অধ্যয়ন সামগ্ৰীত পাঠটোৰ প্ৰয়োজনীয় তথ্য, উল্লেখযোগ্য ঐতিহাসিক ঘটনা আৰু মূল ধাৰণাসমূহ সামৰি বহুবিকল্পী প্ৰশ্ন (MCQ) আৰু শুদ্ধ উত্তৰ আগবঢ়োৱা হৈছে। সহজ অসমীয়া ভাষাত প্ৰস্তুত কৰা এই সমলটোৱে পাঠৰ জ্ঞান দৃঢ় কৰা, স্মৃতিশক্তি পৰীক্ষা কৰা আৰু পৰীক্ষাৰ পূৰ্বে ফলপ্ৰসূ পুনৰাবৃত্তি কৰাত সহায় কৰিব।

SEBA Class 9 Social Science MCQ Chapter 13 Solutions

অধ্যায়-২

বিত্তীয় সাক্ষৰতৰ পৰিচয়

অতি চমু প্রশ্নোত্তৰ (VSA)

১। বিত্তীয় সাক্ষৰতা বুলিলে কি বুজা?

উঃ সঠিক আর্থিক সিদ্ধান্ত গ্রহণ কৰি ধন-সম্পদ সুচাৰুৰূপে পৰিচালনা কৰাৰ জ্ঞান আৰু দক্ষতাক বিত্তীয় সাক্ষৰতা বোলা হয়।

২। আয় বুলিলে কি বুজা?

উঃ বিভিন্ন উৎসৰ পৰা নিয়মিতভাৱে লাভ কৰা ধন বা উপার্জনক আয় বোলা হয়।

৩। সঞ্চয় কি?

উঃ আয়ৰ পৰা সকলো ব্যয় বাদ দিয়াৰ পিছত অৱশিষ্ট থকা ধনক সঞ্চয় বোলা হয়।

৪। বিনিয়োগৰ উদ্দেশ্য কি?

উঃ ভৱিষ্যতে অধিক আয়, লাভ বা সম্পদ সৃষ্টি কৰাৰ উদ্দেশ্যে ধন নিয়োগ কৰাই বিনিয়োগৰ মূল লক্ষ্য।

৫। SMART শব্দৰ সম্পূৰ্ণ ৰূপ কি?

উঃ Specific, Measurable, Achievable, Realistic, Time-bound

৬। আৱতীয় ব্যয় কি?

উঃ যি ব্যয় নিয়মিত সময়ৰ ব্যৱধানত পুনৰাবৃত্তি হয়, তাক আৱতীয় ব্যয় বোলা হয়।

৭। বিত্তীয় প্রবঞ্চনা কি?

উঃ অসাধু পদ্ধতি বা প্ৰতাৰণাৰ জৰিয়তে আনৰ ধন বা সম্পদ আত্মসাৎ কৰাৰ কাৰ্যক বিত্তীয় প্ৰৱঞ্চনা বোলা হয়।

৮। SEBI ৰ সম্পূর্ণ নাম কি?

উঃ Securities and Exchange Board of India |

৯। দীর্ঘকালীন বিত্তীয় লক্ষ্যৰ এটা উদাহৰণ দিয়া।

উঃ ঘৰ ক্ৰয় বা নিৰ্মাণ কৰাটো দীর্ঘকালীন বিত্তীয় লক্ষ্যৰ এটা উদাহৰণ।

১০। তৰলতা বুলিলে কি বুজা?

উঃ কোনো সম্পদ বা বিনিয়োগক সহজে আৰু সোনকালে নগদ ধনত পৰিণত কৰিব পৰা ক্ষমতাক তৰলতা বোলা হয়।

বহুবিকল্পী প্রশ্নোত্তৰ (VSA)

১। বিত্তীয় সাক্ষৰতা কিহৰ সৈতে জড়িত?

(ক) কৃষি

(খ) আর্থিক সিদ্ধান্ত

(গ) খেল-ধেমালি

(ঘ) চিকিৎসা

উঃ (খ) আর্থিক সিদ্ধান্ত

২। আয়ৰ পৰা ব্যয় বাদ দিলে কি পোৱা যায়?

(ক) ঋণ

(খ) মুনাফা

(গ) সঞ্চয়

(ঘ) কৰ

উঃ (গ) সঞ্চয়

৩। তলৰ কোনটো আয়ৰ উৎস?

(ক) দৰমহা

(খ) ব্যয়

(গ) ঋণ

(ঘ) বাজেট

উঃ (ক) দৰমহা

৪। SMART-ৰ ‘S’ ৰ অৰ্থ কি?

(ক) Secure

(খ) Simple

(গ) Specific

(ঘ) Standard

উঃ (গ) Specific

৫। লেপটপ ক্রয় কৰা কেনে ধৰণৰ লক্ষ্য?

(ক) দীর্ঘকালীন

(খ) মধ্যকালীন

(গ) হ্রস্বকালীন

(ঘ) স্থায়ী

উঃ (গ) হ্রস্বকালীন

৬। এখন গাড়ী ক্ৰয় কৰা সাধাৰণতে কোন ধৰণৰ লক্ষ্য?

(ক) মধ্যকালীন

(খ) হ্রস্বকালীন

(গ) তাৎক্ষণিক

(ঘ) ব্যক্তিগত নহয়

উঃ (ক) মধ্যকালীন

৭। ঘৰ ক্ৰয় কৰা কি ধৰণৰ লক্ষ্য?

(ক) হ্রস্বকালীন

(খ) মধ্যকালীন

(গ) দীর্ঘকালীন

(ঘ) অস্থায়ী

উঃ (গ) দীর্ঘকালীন

৮। তলৰ কোনটো বিনিয়োগৰ উদাহৰণ?

(ক) ভূমি

(খ) খৰচ

(গ) কৰ

(ঘ) বাজেট

উঃ (ক) ভূমি

৯। মুদ্রাস্ফীতিৰ প্ৰভাৱ কমাবলৈ কি সহায়ক?

(ক) ব্যয়

(খ) বিনিয়োগ

(গ) অপচয়

(ঘ) ঋণ

উঃ (খ) বিনিয়োগ

১০। তলৰ কোনটো বিত্তীয় প্ৰৱঞ্চনাৰ উদাহৰণ?

(ক) সঞ্চয়

(খ) বাজেট প্রস্তুত

(গ) অনলাইন প্ৰতাৰণা

(ঘ) বিনিয়োগ

উঃ (গ) অনলাইন প্রতাৰণা

১১। এটিএম পিন কাক জনোৱা উচিত?

(ক) বন্ধুক

(খ) আত্মীয়ক

(গ) বেংকৰ গ্ৰাহকক

(ঘ) কাকো নহয়

উঃ (ঘ) কাকো নহয়

১২। সন্দেহজনক লিংক পালে কি কৰা উচিত?

(ক) খুলি চোৱা

(খ) শ্বেয়াৰ কৰা

(গ) উপেক্ষা কৰা

(ঘ) তথ্য প্ৰেৰণ কৰা

উঃ (গ) উপেক্ষা কৰা

১৩। আধাৰ নম্বৰ কেনেকৈ ৰাখিব লাগে?

(ক) ৰাজহুৱাকৈ

(খ) গোপনে

(গ) সামাজিক মাধ্যমত

(ঘ) বন্ধুৰ ওচৰত

উঃ (খ) গোপনে

১৪। SEBI কিহৰ নিয়ামক সংস্থা?

(ক) শিক্ষা

(খ) স্বাস্থ্য

(গ) পুঁজিবজাৰ

(ঘ) কৃষি

উঃ (গ) পুঁজিবজাৰ

১৫। তৰলতা মানে-

(ক) অধিক লাভ

(খ) ধন জমা

(গ) সহজে নগদলৈ ৰূপান্তৰ

(ঘ) ঋণ

উঃ (গ) সহজে নগদলৈ ৰূপান্তৰ

১৬। বিনিয়োগৰ এটা মৌলিক নীতি হৈছে-

(ক) অপচয়

(খ) সুৰক্ষা

(গ) জুৱা

(ঘ) অপব্যয়

উঃ (খ) সুৰক্ষা

১৭। বিনিয়োগৰ পৰা লাভ হোৱা আয়ক কি কোৱা হয়?

(ক) ক্ষতি

(খ) ব্যয়

(গ) মুনাফা

(ঘ) কৰ

উঃ (গ) মুনাফা

১৮। ভাড়া কিহৰ উৎস?

(ক) ব্যয়

(খ) আয়

(গ) ঋণ

(ঘ) সঞ্চয়

উঃ (খ) আয়

১৯। বেংকত জমা ধনৰ ওপৰত কি পোৱা যায়?

(ক) ভাড়া

(খ) কৰ

(গ) সুত

(ঘ) ক্ষতি

উঃ (গ) সুত

২০। বিত্তীয় পৰিকল্পনাৰ মূল উদ্দেশ্য কি?

(ক) অপচয বৃদ্ধি

(খ) লক্ষ্য পূৰণ

(গ) ঋণ বৃদ্ধি

(ঘ) ব্যয় বৃদ্ধি

উঃ (খ) লক্ষ্য পূৰণ

২১। অনলাইন লেনদেনৰ সময়ত কি ব্যৱহাৰ কৰা উচিত?

(ক) যিকোনো ৱেবছাইট

(খ) সন্দেহজনক এপ

(গ) বিশ্বাসযোগ্য প্লেটফর্ম

(ঘ) অচিনাকি লিংক

উঃ (গ) বিশ্বাসযোগ্য প্লেটফর্ম

২২। তলৰ কোনটো গোপনীয় তথ্য?

(ক) নাম

(খ) ঠিকনা

(গ) OTP

(ঘ) বিদ্যালয়ৰ নাম

উঃ (গ) OTP

২৩। বিত্তীয় লক্ষ্য কেনে হোৱা উচিত?

(ক) অবাস্তৱ

(খ) অসম্ভৱ

(গ) বাস্তৱসন্মত

(ঘ) অনিশ্চিত

উঃ (গ) বাস্তৱসন্মত

২৪। মুনাফা সাধাৰণতে ক’ৰ পৰা লাভ কৰা যায়?

(ক) ব্যৱসায়

(খ) খেল

(গ) ভ্রমণ

(ঘ) অধ্যয়ন

উঃ (ক) ব্যৱসায়

২৫। বিত্তীয় সাক্ষৰতাই কিহত সহায় কৰে?

(ক) ক্রীড়া

(খ) সঠিক আর্থিক সিদ্ধান্ত

(গ) ৰাজনীতি

(ঘ) বিনোদন

উঃ (খ) সঠিক আর্থিক সিদ্ধান্ত

প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ

দাবী (A): অসম বিভিন্ন জনগোষ্ঠী, ভাষা আৰু সংস্কৃতিৰ মিলনভূমি।

কাৰণ (R): অসমৰ সকলো লোক একেটা ভাষা কয় আৰু একে সংস্কৃতি অনুসৰণ কৰে।

(ক) (A) সত্য, কিন্তু (R) অসত্য

(খ) (A) অসত্য, কিন্তু (R) সত্য

(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

উঃ (ক) (A) সত্য, কিন্তু (R) অসত্য

প্রশ্নঃ তলত দিয়া স্তম্ভ ‘ক’ৰ লগত স্তম্ভ ‘খ’ মিলোৱাঃ

স্তম্ভ ‘ক’

(A) ব্রহ্মহ্মপুত্র

(B) বৰাক

(C) কার্বি আংলং

(D) ডিফু

স্তম্ভ ‘খ’

(i) কাৰ্বি আংলঙৰ মুখ্য চহৰ

(ii) দক্ষিণ অসমৰ প্ৰধান নদী

(iii) অসমৰ বৃহত্তম নদী

(iv) পাহাৰীয়া জিলা

(a) A-ii, B-iii, C-i, D-iv

(b) A-iii, B-ii, C-iv, D-i

(c) A-iv, B-i, C-ii, D-iii

(d) A-i, B-iv, C-iii, D-ii

উঃ (b) A-iii, B-ii, C-iv, D-i

প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ

দাবী (A): বিত্তীয় সাক্ষৰতাই ব্যক্তিক সঠিক আর্থিক সিদ্ধান্ত লোৱাত সহায় কৰে।

কাৰণ (R): বিত্তীয় সাক্ষৰতাৰ জৰিয়তে আয়, ব্যয়, সঞ্চয় আৰু বিনিয়োগৰ বিষয়ে জ্ঞান লাভ কৰা যায়।

(ক) (A) সত্য, কিন্তু (R) অসত্য

(খ) (A) অসত্য, কিন্তু (R) সত্য

(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

উঃ (গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ

দাবী (A): সঞ্চয় ভৱিষ্যতৰ আৰ্থিক নিৰাপত্তাৰ বাবে গুৰুত্বপূর্ণ।

কাৰণ (R): সঞ্চয় কৰাৰ ফলত ব্যক্তিয়ে নিজৰ সকলো আয় তাৎক্ষণিকভাৱে ব্যয় কৰিবলগীয়া হয়।

(ক) (A) সত্য, কিন্তু (R) অসত্য

(খ) (A) অসত্য, কিন্তু (R) সত্য

(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

উঃ (ক) (A) সত্য, কিন্তু (R) অসত্য

প্রশ্নঃ তলত দিয়া স্তম্ভ ‘ক’ৰ লগত স্তম্ভ ‘খ’ মিলোৱা-

স্তম্ভ ‘ক’

(A) আয়

(B) ব্যয়

(C) সঞ্চয়

(D) বাজেট

স্তম্ভ ‘খ’

(1) আয় আৰু ব্যয়ৰ পৰিকল্পনা

(ii) উপাৰ্জন কৰা ধন

(iii) ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা ধন

(iv) ধনৰ খৰচ

(a) A-ii, B-iv, C-iii, D-i

(b) A-i, B-ii, C-iv, D-iii

(c) A-iii, B-i, C-ii, D-iv

(d) A-iv, B-iii, C-i, D-ii

উঃ (a) A-ii, B-iv, C-iii, D-i

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment