Join WhatsApp

Join Now

Join Telegram

Join Now

SEBA Class 9 Social Science MCQ Chapter 12 Solutions

By Rabbi Masrur

Published On:

SEBA Class 9 Social Science MCQ Chapter 12 Solutions – Part 3B: Economics 2026–27-ত নৱম শ্ৰেণীৰ অর্থবিজ্ঞান বিষয়ৰ দ্বাদশ অধ্যায়ৰ পাঠভিত্তিক বহুবিকল্পী প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে। এই সমলত অধ্যায়টোৰ বিশেষ গুৰুত্বপূৰ্ণ বিষয়, ঐতিহাসিক পৰিঘটনা আৰু প্ৰয়োজনীয় তথ্যসমূহৰ ওপৰত ভিত্তি কৰি MCQ আৰু শুদ্ধ উত্তৰ সন্নিৱিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশ্নসমূহৰ সহায়ত নিজৰ পাঠ্যজ্ঞান পৰীক্ষা কৰাৰ লগতে অধ্যায়টোৰ মূল কথাবোৰ সহজে পুনৰালোচনা কৰিব পাৰিব। ই স্ব-অধ্যয়ন, নিয়মীয়া অনুশীলন আৰু পৰীক্ষাৰ প্ৰস্তুতিত সহায়ক হ’ব।

SEBA Class 9 Social Science MCQ Chapter 12 Solutions

(খ) অর্থবিজ্ঞান

অধ্যায় -১

অৰ্থনীতিৰ মৌলিক বিষয়সমূহ

অতি চমু প্রশ্নোত্তৰ (VSA)

১। উৎপাদনৰ উপাদানসমূহ কি কি?

উঃ উৎপাদনৰ মূল উপাদান চাৰিটা। সেইসমূহ হ’ল- ভূমি, শ্রম, মূলধন আৰু সংগঠন।

২। উপযোগিতা বুলিলে কি বুজায়?

উঃ কোনো বস্তু বা সেৱাই মানুহৰ প্ৰয়োজন বা অভাৱ পূৰণ কৰিব পৰা গুণক উপযোগিতা বুলি কোৱা হয়।

৩। বিনিময় প্রথাৰ বিকল্প হিচাপে মুদ্রাৰ সৃষ্টি কিয় হৈছিল?

উঃ বিনিময় প্রথাত দেখা দিয়া বিভিন্ন অসুবিধা দূৰ কৰাৰ উদ্দেশ্যে মুদ্রাৰ প্ৰচলন কৰা হৈছিল।

৪। কল্যাণ কিমান প্রকাৰৰ আৰু কি কি?

উঃ কল্যাণ সাধাৰণতে দুই প্ৰকাৰৰ। সেইবোৰ হ’ল- অর্থনৈতিক কল্যাণ আৰু অনার্থনৈতিক কল্যাণ।

৫। বর্তমান সময়তো বিনিময় প্রথা দেখা পোৱা এখন বজাৰৰ নাম লিখা।

উঃ অসমৰ মৰিগাঁও জিলাৰ জোনবিল মেলা বর্তমানেও বিনিময় প্রথাৰ এক উল্লেখযোগ্য উদাহৰণ।

৬। অভাৱ বুলিলে কি বুজায়?

উঃ কোনো বস্তু বা সেৱাৰ পৰা লাভ হ’ব পৰা উপকাৰিতা উপলব্ধি কৰি সেইটো লাভ কৰাৰ ইচ্ছা জন্ম লোৱাক অভাৱ বুলি কোৱা হয়।

৭। ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাৰ এটা সীমাবদ্ধতা উল্লেখ কৰা।

উঃ ৰবিন্সৰ সংজ্ঞাত পছন্দ বা নির্বাচনৰ সমস্যাক স্পষ্টভাৱে আলোচনা কৰা হোৱা নাই।

৮। যোগান কাক বোলে?

উঃ উৎপাদিত কোনো বস্তু বা সেৱাৰ যি অংশ বিক্ৰীৰ উদ্দেশ্যে বজাৰলৈ আগবঢ়োৱা হয়, তাক যোগান বুলি কোৱা হয়।

৯। বস্তু বা সামগ্রী বুলিলে কি বুজায়?

উঃ মানুহৰ প্রয়োজন পূৰণ কৰি সন্তুষ্টি প্রদান কৰিব পৰা যিকোনো দ্রব্য বা সেৱাক বস্তু বা সামগ্রী বুলি কোৱা হয়।

বহুবিকল্পী প্রশ্নোত্তৰ (VSA)

১। ‘অর্থনীতি’ শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে?

(ক) লেটিন

(খ) গ্রীক

(গ) ফৰাচী

(ঘ) সংস্কৃত

উঃ (খ) গ্রীক

২। ‘Oikonomia’ শব্দটো কোন ভাষাৰ শব্দ?

(ক) ইংৰাজী

(খ) জার্মান

(গ) গ্রীক

(ঘ) ফৰাচী

উঃ (গ) গ্রীক

৩। অর্থবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়?

(ক) আলফ্রেড মার্শ্বেল

(খ) লায় ‘নেল ৰবিন্স

(গ) এডাম স্মিথ

(ঘ) ছেমুৱেলছন

উঃ (গ) এডাম স্মিথ

৪। সম্পদভিত্তিক অর্থবিজ্ঞানৰ সংজ্ঞা কোনে আগবঢ়াইছিল?

(ক) ৰবিন্স

(খ) মার্শ্বেল

(গ) নর্দহাছ

(ঘ) এডাম স্মিথ

উঃ (ঘ) এডাম স্মিথ

৫। কল্যাণভিত্তিক অর্থবিজ্ঞানৰ সংজ্ঞা কোনে আগবঢ়াইছিল?

(ক) মার্শ্বেল

(খ) ৰবিন্স

(গ) স্মিথ

(ঘ) কেষনছ

উঃ (ক) মার্শ্বেল

৬। দুষ্প্রাপ্যতাভিত্তিক অর্থবিজ্ঞানৰ সংজ্ঞা কোনে দিছিল?

(ক) ছেমুৱেলছন

(খ) ৰবিন্স

(গ) স্মিথ

(ঘ) মার্শ্বেল

উঃ (খ) ৰবিন্স

৭। “Wealth of Nations” গ্রন্থখন কোনে লিখিছিল?

(ক) ৰবিন্স

(খ) মার্শ্বেল

(গ) এডাম স্মিথ

(ঘ) নর্দহাছ

উঃ (গ) এডাম স্মিথ

৮। ‘Principles of Economics’ গ্ৰন্থখনৰ লেখক কোন?

(ক) মার্শ্বেল

(খ) স্মিথ

(গ) ৰবিন্স

(ঘ) কেয়নছ

উঃ (ক) মার্শ্বেল

৯। ৰবিলে তেওঁৰ সংজ্ঞা কোন চনত আগবঢ়াইছিল?

(ক) ১৮৯০

(খ) ১৭৭৬

(গ) ১৯৩২

(ঘ) ১৯৪৮

উঃ (গ) ১৯৩২

১০। এডাম স্মিথৰ সংজ্ঞাক ‘যক্ষৰ বাণী’ বুলি কোনে কৈছিল?

(ক) কেয়নছ

(খ) কার্লাইল আৰু ৰাস্কিন

(গ) ৰবিন্স

(ঘ) মার্শ্বেল

উঃ (খ) কার্লাইল আৰু ৰাস্কিন

১১। দক্ষতাভিত্তিক অর্থবিজ্ঞানৰ সংজ্ঞা কোনে আগবঢ়াইছিল?

(ক) স্মিথ

(খ) মার্শ্বেল

(গ) ৰবিন্স

(ঘ) ছেমুৱেলছন আৰু নৰ্দহাছ

উঃ (ঘ) ছেমুৱেলছন আৰু নৰ্দহাছ

১২। মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়?

(ক) মূল্য

(খ) উপযোগিতা

(গ) উৎপাদন

(ঘ) বিতৰণ

উঃ (খ) উপযোগিতা

১৩। উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয়?

(ক) ভূমি

(খ) শ্রম

(গ) মূলধন

(ঘ) সংগঠন

উঃ (গ) মূলধন

১৪। ‘Micro’ শব্দটো কোন শব্দৰ পৰা আহিছে?

(ক) Makros

(খ) Oiko

(গ) Mikros

(ঘ) Nomos

উঃ (গ) Mikros

১৫। ‘Macro’ শব্দটো কোন শব্দৰ পৰা আহিছে?

(ক) Makros

(খ) Oiko

(গ) Mikros

(ঘ) Logos

উঃ (ক) Makros

১৬। ৰবিন্সৰ সংজ্ঞা অনুসৰি মানুহৰ অভাৱ-

(ক) সীমিত

(খ) অসীম

(গ) শূন্য

(ঘ) স্থিৰ

উঃ (খ) অসীম

১৭। উৎপাদনৰ উপাদান কেইটা?

(ক) দুইটা

(খ) তিনিটা

(গ) চাৰিটা

(ঘ) পাঁচটা

উঃ (গ) চাৰিটা

১৮। তলৰ কোনটো উৎপাদনৰ উপাদান নহয়?

(ক) ভূমি

(খ) শ্রম

(গ) মূলধন

(ঘ) উপযোগিতা

উঃ (ঘ) উপযোগিতা

১৯। বর্তমান সময়তো বিনিময় প্রথাৰ উদাহৰণ হিচাপে কোনখন মেলা বিখ্যাত?

(ক) অম্বুবাচি মেলা

(খ) জোনবিল মেলা

(গ) ৰাস মেলা

(ঘ) দেউল মেলা

উঃ (খ) জোনবিল মেলা

২০। মুদ্রাৰ সৃষ্টি কিয় হৈছিল?

(ক) উৎপাদন বৃদ্ধি কৰিবলৈ

(খ) দৰিদ্ৰতা দূৰ কৰিবলৈ

(গ) বিনিময় প্রথাৰ অসুবিধা দূৰ কৰিবলৈ

(ঘ) জনসংখ্যা নিয়ন্ত্রণ কৰিবলৈ

উঃ (গ) বিনিময প্ৰথাৰ অসুবিধা দূৰ কৰিবলৈ

২১। কল্যাণ কিমান প্ৰকাৰৰ?

(ক) এক প্ৰকাৰ

(খ) দুই প্ৰকাৰ

(গ) তিনি প্ৰকাৰ

(ঘ) চাৰি প্ৰকাৰ

উঃ (খ) দুই প্ৰকাৰ

২২। তলৰ কোনটো অনাৰ্থনৈতিক কল্যাণৰ উদাহৰণ?

(ক) বেতন

(খ) লাভ

(গ) মানসিক শান্তি

(ঘ) সুদ

উঃ (গ) মানসিক শান্তি

২৩। এখন দেশৰ নিৰ্দিষ্ট বছৰত উৎপাদিত চূড়ান্ত দ্রব্য আৰু সেৱাৰ মুঠ মুদ্রামূল্যক কি বুলি কোৱা হয়?

(ক) জনমূৰি আয়

(খ) ৰাষ্ট্ৰীয় আয়

(গ) ব্যক্তিগত আয়

(ঘ) লাভ

উঃ (খ) ৰাষ্ট্ৰীয় আয়

২৪। জনমূৰি আয় নির্ণয় কৰিবলৈ ৰাষ্ট্ৰীয় আয়ক কিহেৰে ভাগ কৰা হয়?

(ক) উৎপাদন

(খ) মূল্যস্তৰ

(গ) জনসংখ্যা

(ঘ) যোগান

উঃ (গ) জনসংখ্যা

২৫। ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণৰ অধ্যয়নক কি বুলি কোৱা হয়?

(ক) সমষ্টিবাদী অর্থবিজ্ঞান

(খ) আন্তঃৰাষ্ট্ৰীয় অর্থবিজ্ঞান

(গ) ব্যষ্টিবাদী অর্থবিজ্ঞান

(ঘ) কল্যাণ অর্থবিজ্ঞান

উঃ (গ) ব্যষ্টিবাদী অর্থবিজ্ঞান।

প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ

দাবী (A): অৰ্থনীতিৰ মূল সমস্যা হৈছে সম্পদৰ সীমাবদ্ধতা আৰু মানুহৰ অসীম অভাৱ।

কাৰণ (R): উপলব্ধ সম্পদে মানুহৰ সকলো অভাৱ সম্পূৰ্ণৰূপে পূৰণ কৰিব পাৰে।

(ক) (A) সত্য, কিন্তু (R) অসত্য

(খ) (A) অসত্য, কিন্তু (R) সত্য

(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

উঃ (ক) (A) সত্য, কিন্তু (R) অসত্য

প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ

দাবী (A): উৎপাদন হৈছে উপযোগিতা সৃষ্টি কৰাৰ প্ৰক্ৰিয়া।

কৰে। কাৰণ (R): উৎপাদনৰ জৰিয়তে বস্তু আৰু সেৱাৰ মূল্য বৃদ্ধি পায় আৰু মানৱীয় অভাৱ পূৰণত সহায়

(ক) (A) সত্য, কিন্তু (R) অসত্য

(খ) (A) অসত্য, কিন্তু (R) সত্য

(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

উঃ (গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

প্রশ্নঃ তলত দিয়া স্তম্ভ ‘ক’ৰ লগত স্তম্ভ ‘খ’ মিলোৱা-

স্তম্ভ ‘ক’

(A) উৎপাদন

(B) ভোগ

(C) বিতৰণ

(D) অভাৱ

স্তম্ভ ‘খ’

(i) সামগ্ৰী আৰু সেৱাৰ ব্যৱহাৰ

(ii) উৎপাদিত সম্পদৰ বণ্টন

(iii) মানুহৰ অপূৰণীয় প্রয়োজন

(iv) উপযোগিতা সৃষ্টি কৰা প্ৰক্ৰিয়া

(a) A-iv, B-i, C-ii, D-iii

(b) A-i, B-ii, C-iii, D-iv

(c) A-ii, B-iii, C-iv, D-i

(d) A-iii, B-iv, C-i, D-ii

উঃ (a) A-iv, B-i, C-ii, D-iii

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment