SEBA Class 9 Social Science MCQ Chapter 10 Solutions – Part 3A: Political Science 2026–27-ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে ৰাজনীতি বিজ্ঞান বিষয়ৰ অধ্যায় ১০-ৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ উত্তৰসহ অনুশীলন কৰিব পাৰিব। ইয়াত পাঠটোৰ প্ৰধান বিষয়বস্তু, উল্লেখযোগ্য ঐতিহাসিক তথ্য আৰু প্ৰয়োজনীয় ধাৰণাসমূহৰ ওপৰত ভিত্তি কৰি বহুবিকল্পী প্ৰশ্ন (MCQ) সন্নিৱিষ্ট কৰা হৈছে। সহজ অসমীয়া ভাষাত প্ৰস্তুত কৰা এই প্ৰশ্নোত্তৰসমূহে পাঠৰ বুজাবুজি পৰীক্ষা কৰাত, নিজৰ দুৰ্বল দিশ চিনাক্ত কৰাত আৰু পৰীক্ষাৰ আগত দ্ৰুত পুনৰাবৃত্তি কৰাত সহায় কৰিব।
SEBA Class 9 Social Science MCQ Chapter 10 Solutions
তৃতীয় খণ্ড:
(ক) ৰাজনীতি বিজ্ঞান
অধ্যায় -১
ভাৰতৰ ৰাজনৈতিক দল
অতি চমু প্রশ্নোত্তৰ (VSA)
১। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক’ত অনুষ্ঠিত হৈছিল?
উঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিবেশন বম্বেত অনুষ্ঠিত হৈছিল।
২। ডি. এম. কে. কোন ৰাজ্যৰ আঞ্চলিক দল?
উঃ ডি. এম. কে. তামিলনাডুৰ এক আঞ্চলিক ৰাজনৈতিক দল।
৩। ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দল কোনটো?
উঃ ডি. এম. কে.ক ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দল বুলি গণ্য কৰা হয়।
৪। ‘হিন্দু সভা’ নামৰ ৰাজনৈতিক দলটো কোন চনত গঠন হৈছিল?
উঃ হিন্দু সভা ১৯১৬ চনত প্রতিষ্ঠা কৰা হৈছিল।
৫। ‘স্বৰাজ পার্টি’ কোন চনত গঠন কৰা হৈছিল?
উঃ স্বৰাজ পার্টি ১৯২২ চনত গঠন কৰা হৈছিল।
৬। কাৰ নেতৃত্বত ‘স্বৰাজ পার্টি’ গঠন হৈছিল?
উঃ দেশবন্ধু চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত স্বৰাজ পার্টি গঠন কৰা হৈছিল।
৭। কোন চনত ভাৰতত প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ গঠন কৰা হৈছিল?
উঃ ১৯৭৭ চনত ভাৰতত প্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ গঠন কৰা হৈছিল।
৮। বহুদলীয় ব্যৱস্থা থকা তিনিখন দেশৰ নাম লিখা।
উঃ ভাৰত, বাংলাদেশ আৰু পাকিস্তান বহুদলীয় ব্যৱস্থা থকা দেশ।
৯। মুছলিম লীগ’ নামৰ ৰাজনৈতিক দলটো কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল?
উঃ মুছলিম লীগ ১৯০৬ চনত গঠন কৰা হৈছিল।
বহুবিকল্পী প্রশ্নোত্তৰ (MCQ)
১। একদলীয় শাসন ব্যৱস্থা থকা দেশ কোনখন?
(ক) ভাৰত
(খ) আমেৰিকা
(গ) চীন
(ঘ) জাপান
উঃ (গ) চীন
২। আমেৰিকা যুক্তৰাষ্ট্ৰত কোন ধৰণৰ দলীয় ব্যবস্থা আছে?
(ক) একদলীয়
(খ) বহুদলীয়
(গ) দ্বিদলীয়
(ঘ) সামৰিক
উঃ (গ) দ্বিদলীয়
৩। ভাৰতৰ দলীয় ব্যৱস্থাৰ মুখ্য বৈশিষ্ট্য কি?
(ক) একদলীয় ব্যৱস্থা
(খ) দ্বিদলীয় ব্যৱস্থা
(গ) বহুদলীয় ব্যৱস্থা
(ঘ) সামৰিক শাসন
উঃ (গ) বহুদলীয় ব্যৱস্থা
৪। ভাৰতৰ প্ৰথম ৰাজনৈতিক দল কোনটো?
(ক) বিজেপি
(খ) ভাৰতীয় জাতীয় কংগ্রেছ
(গ) মুছলিম লীগ
(ঘ) স্বৰাজ পার্টি
উঃ (খ) ভাৰতীয় জাতীয় কংগ্রেছ
৫। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?
(ক) মতিলাল নেহৰু
(খ) বাল গংগাধৰ তিলক
(গ) উমেশ চন্দ্র বেনার্জী
(ঘ) মহাত্মা গান্ধী
উঃ (গ) উমেশ চন্দ্র বেনার্জী
৬। ‘দি ইণ্ডিয়ান এছ’ছিয়েচন’ কাৰ নেতৃত্বত গঠন হৈছিল?
(ক) দাদাভাই নৌৰজী
(খ) এছ. এন. বেনার্জী
(গ) গোপাল কৃষ্ণ গোখলে
(ঘ) মতিলাল নেহৰু
উঃ (খ) এছ. এন. বেনার্জী
৭। অসমৰ এটা আঞ্চলিক দল কোনটো?
(ক) অসম গণ পৰিষদ
(খ) কংগ্রেছ
(গ) বিজেপি
(ঘ) চিপিআই
উঃ (ক) অসম গণ পৰিষদ
৮। ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দল কোনটো?
(ক) আকালি দল
(খ) ডি. এম. কে.
(গ) ঝাৰখণ্ড মুক্তি মৰ্চা
(ঘ) শিৱসেনা
উঃ (গ) ঝাৰখণ্ড মুক্তি মর্চা
৯। UPA-ৰ সম্পূৰ্ণ নাম কি?
(ক) ইউনাইটেড পলিটিকেল এলায়েন্স
(খ) ইউনাইটেড পিপলছ এছ’চিয়েচন
(গ) ইউনাইটেড প্রগ্রেছিভ এলায়েন্স
(ঘ) ইউনাইটেড পার্টি এলায়েন্স
উঃ (গ) ইউনাইটেড প্রগ্রেছিভ এলায়েন্স
১০। ৰাজনৈতিক দলৰ মূল লক্ষ্য কি?
(ক) ব্যৱসায় কৰা
(খ) ক্ষমতা লাভ কৰা
(গ) খেলধেমালি কৰা
(ঘ) সাহিত্য চর্চা কৰা
উঃ (খ) ক্ষমতা লাভ কৰা
১১। ৰাজনৈতিক দলৰ এটা মুখ্য কাৰ্য কি?
(ক) ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰা
(খ) সামৰিক প্রশিক্ষণ দিয়া
(গ) ব্যৱসায় নিয়ন্ত্ৰণ কৰা
(ঘ) শিল্প স্থাপন কৰা
উঃ (ক) ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰা
১২। সংযুক্ত চৰকাৰক আন কি নামেৰে জনা যায়?
(ক) জাতীয় চৰকাৰ
(খ) অস্থায়ী চৰকাৰ
(গ) মৰ্চা চৰকাৰ
(ঘ) সামৰিক চৰকাৰ
উঃ (গ) মৰ্চা চৰকাৰ
১৩। সংযুক্ত চৰকাৰ কেতিয়া গঠন হয়?
(ক) যেতিয়া একক দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে
(খ) যেতিয়া কোনো দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰে
(গ) যুদ্ধৰ সময়ত
(ঘ) ৰাষ্ট্ৰপতিৰ নিৰ্দেশত
উঃ (খ) যেতিয়া কোনো দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰে
১৪। ভাৰতত প্রথম মৰ্চা চৰকাৰ কোন চনত গঠন হৈছিল?
(ক) ১৯৬৭
(খ) ১৯৭১
(গ) ১৯৭৭
(ঘ) ১৯৮০
উঃ (গ) ১৯৭৭
১৫। গণতন্ত্ৰত চৰকাৰৰ কাৰ্যকলাপৰ ওপৰত নজৰ ৰখা দলটোক কি কোৱা হয়?
(ক) আঞ্চলিক দল
(খ) বিৰোধী দল
(গ) জাতীয় দল
(ঘ) স্বতন্ত্র দল
উঃ (খ) বিৰোধী দল
১৬। তলৰ কোনটো বিৰোধী দলৰ কাম?
(ক) চৰকাৰৰ সমালোচনা কৰা
(খ) নির্বাচন বন্ধ কৰা
(গ) আদালত পৰিচালনা কৰা
(ঘ) সংবিধান লিখা
উঃ (ক) চৰকাৰৰ সমালোচনা কৰা
১৭। ভাৰতৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দল কোনটো?
(ক) ডি. এম. কে.
(খ) শিৱসেনা
(গ) অসম গণ পৰিষদ
(ঘ) আকালি দল
উঃ (ক) ডি. এম. কে.
১৮। ডি. এম. কে. কোন ৰাজ্যৰ আঞ্চলিক দল?
(ক) কেৰালা
(খ) কর্ণাটক
(গ) তামিলনাডু
(ঘ) অন্ধ্র প্রদেশ
উঃ (গ) তামিলনাডু
১৯। ‘মুছলিম লীগ’ কোন চনত গঠন হৈছিল?
(ক) ১৮৮৫
(খ) ১৯০৬
(গ) ১৯১৬
(ঘ) ১৯২২
উঃ (খ) ১৯০৬
২০। ‘হিন্দু সভা’ কোন চনত গঠন হৈছিল?
(ক) ১৯০৫
(খ) ১৯০৬
(গ) ১৯১৬
(ঘ) ১৯২২
উঃ (গ) ১৯১৬
২১। ‘স্বৰাজ পার্টি’ কোন চনত গঠন হৈছিল?
(ক) ১৯১৯
(খ) ১৯২০
(গ) ১৯২২
(ঘ) ১৯২৫
উঃ (গ) ১৯২২
২২। ‘স্বৰাজ পার্টি’ গঠনত কোনজন জড়িত নাছিল?
(ক) চিত্তৰঞ্জন দাস
(খ) মতিলাল নেহৰু
(গ) মহাত্মা গান্ধী
(ঘ) উভয় (ক) আৰু (খ)
উঃ (গ) মহাত্মা গান্ধী
২৩। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক’ত অনুষ্ঠিত হৈছিল?
(ক) দিল্লী
(খ) কলকাতা
(গ) বম্বে
(ঘ) মাদ্রাজ
উঃ (গ) বে
২৪। সংযুক্ত চৰকাৰৰ এটা সুবিধা কি?
(ক) সকলো দলৰ মতামতক গুৰুত্ব দিয়া হয়
(খ) কেৱল এটা দলৰ শাসন চলে
(গ) বিৰোধী দল নাথাকে
(ঘ) নিৰ্বাচনৰ প্ৰয়োজন নাথাকে
উঃ (ক) সকলো দলৰ মতামতক গুৰুত্ব দিয়া হয়।
২৪। আঞ্চলিক দল গঠনৰ এটা মুখ্য কাৰণ কি?
(ক) স্থানীয় সমস্যাৰ সমাধান
(খ) বিদেশ ভ্রমণ
(গ) খেল প্রতিযোগিতা
(ঘ) সাহিত্য সভা
উঃ (ক) স্থানীয় সমস্যাৰ সমাধান।
প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ
দাবী (A)ঃ ৰাজনৈতিক দলে নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰি চৰকাৰ গঠনৰ চেষ্টা কৰে।
কাৰণ (R): ৰাজনৈতিক দলসমূহে জনসাধাৰণৰ বাবে নীতি আৰু কাৰ্যসূচী প্রস্তুত কৰে।
(ক) (A) সত্য, কিন্তু (R) অসত্য
(খ) (A) অসত্য, কিন্তু (R) সত্য
(গ) (A) আৰু (R) দুয়োটাহ সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
উঃ (ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ
দাবী (A): ভাৰতত বহুদলীয় ব্যৱস্থা বিদ্যমান।
কাৰণ (R): ভাৰতৰ সামাজিক, সাংস্কৃতিক আৰু আঞ্চলিক বৈচিত্র্যই বিভিন্ন ৰাজনৈতিক দলৰ বিকাশত সহায় কৰিছে।
(ক) (A) সত্য, কিন্তু (R) অসত্য
(খ) (A) অসত্য, কিন্তু (R) সত্য
(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
উঃ (গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
প্রশ্নঃ তলত দিয়া স্তম্ভ ‘ক’ৰ লগত স্তম্ভ ‘খ’ মিলোৱা-
স্তম্ভ ‘ক’
(A) জাতীয় দল
(B) আঞ্চলিক দল
(C) বিৰোধী দল
(D) শাসকীয় দল
স্তম্ভ ‘খ’
(i) চৰকাৰ গঠন কৰা দল
(ii) এক বা একাধিক ৰাজ্যভিত্তিক দল
(iii) সমগ্র দেশজুৰি প্ৰভাৱ থকা দল
(iv) চৰকাৰৰ নীতি-নিৰ্ণয়ৰ সমালোচনা কৰা দল
(a) A-iii, B-ii, C-iv, D-i
(b) A-ii, B-iii, C-i, D-iv
(c) A-iv, B-i, C-ii, D-iii
(d) A-i, B-iv, C-iii, D-ii
উঃ (a) A-iii, B-ii, C-iv, D-i
