Join WhatsApp

Join Now

Join Telegram

Join Now

গৌৰৱ Class 11 Assamese Chapter 3 Solutions ২০২৫

By নাজমিনা বেগম

Updated On:

উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘গৌৰৱ‘ পাঠটিৰ Class 11 Assamese Chapter 3 Question Answer Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

গৌৰৱ Class 11 Assamese Chapter 3 Solutions

গৌৰৱ Class 11 Assamese Chapter 3 Solutions

👉 Read Also:

গৌৰৱ (কালিৰাম মেধি)

লেখক পৰিচয়ঃ কালিৰাম মেধি (১৮৭৮-১৯৫৪) এজন অসমীয়া শিক্ষাবিদ, ভাষাবিদ, ব্যাকৰণবিদ,  আলোচনী সম্পাদক আৰু গৱেষক আছিল। হাজোৰ ওচৰত ৰামদিয়া নামৰ গাওঁত তেওঁৰ জন্ম হয়। কলিকতাৰ চিটি কলেজৰ পৰা তেখেতে পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি উপ-প্ৰতি সমাহৰ্তা ৰূপে চাকৰি জীৱন আৰম্ভ কৰে।  তেওঁৰ কৰ্মদক্ষতা আৰু নিষ্ঠা ৰ বােব ই. এল. চি. পদলৈ উন্নীত হৈছিল।

চৰকাৰী চাকৰিৰ দায়িত্বত থাকিও তেখেতে আজৰি সময়ত সাহিত্য চৰ্চাত মনোনিেবশ কৰিছিল। তেওঁ পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ আছিল যদিও অসমীয়া ভাষাৰ হিতৰ হকে কাম কৰি গৈছিল। তেওঁ অসমীয়া ‘ভাষাৰ ব্যাকৰণ আৰু ভাষাতত্ত্ব’ নামৰ গৱেষণাত্মক পুথি ৰচনা কৰি অসমীয়া ভাষাৰ স্বতন্ত্ৰৰূপ দাঙি ধৰিছিল। তেওঁ কেইবাখনো গ্ৰন্থ সম্পাদনাও কৰিছিল, যেনে-অংকাৱলী, প্রহ্লাদ চৰিত, মহাপুৰুষ শংকৰদেৱৰ বাণী  আদি। ইংৰাজী ভাষাতো তেওঁ বহু কেইখন প্ৰৱন্ধ ৰচনা কৰিছিল। ১৯১৯ চনৰ অসম সাহিত্য সভাৰ বৰেপটা অধিেবশনত তেখেতে সভাপতিত্ব কৰিছিল। ১৯৫৪ চনত তেখেত স্বৰ্গগামী হয়।

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (মূল্যাংক -১)

১। কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা।

উঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হ’ল-“অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব” ।

২। ‘ডিভাইন কমেডি’ কাৰ ৰচনা?

উঃ ‘ডিভাইন কমেডি’ ইটালীৰ মহাকবি ডাণ্টেৰ ৰচনা।

৩। নেপলিয়ান বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল?

উঃ নেপলিয়ান বোনাপাৰ্ট ফ্ৰান্স দেশৰ বীৰ আছিল।

৪। মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ টনাটনি কৰে?

উঃ মৈথিলী আৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ টনাটনি কৰে।

৫। জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰে?

উঃ জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰে।

(খ) চমু প্রশ্নঃ (মূল্যাংক ২। ৩)

১। সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ ওপজে?

উঃ ‘গৌৰৱ’ পাঠটিৰ লিখক কালিৰাম মেধিয়ে কৈছে যে গৌৰৱ তিনি  ঠাইৰ পৰা উৎপত্তি হয়। সেয়া হৈছে- সৌভাগ্য, শৰীৰ আৰু মন। সৌভাগ্যৰ পৰা জন্ম, ধন আৰু মান-সন্মান আহে।  ভাল বা উচ্চ  বংশত জন্ম গ্ৰহণ কৰিলে বেয়া কাম কৰিলেও তেওঁলোকৰ চৰিত্ৰত চেকা নালাগে। আনহাতে সাধাৰণ ঘৰৰ সন্তানে জ্ঞানী-গুণী হ’লেও সকলোৱে তেওঁক উপলুঙা কৰে। এয়া আমাৰ উপৰি পুৰুষৰ নিয়ম। জন্মসূত্ৰে লাভ কৰা ধন আৰু মান পোৱা ব্যক্তিসকলে নিজস্ব ভাৱে কিবা ভাল কাম কৰক বা নকৰক সমাজত কিন্তু তেওঁলোকৰ স্থান সদায় একেই থাকে।

২। ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী হয়নে? বুজাই লিখা ।

উঃ ৰূপৰ বলত পোৱা মান ভক্তি স্থায়ী নহয় । কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপ, স্বাস্থ্য আৰু বলৰো পতন ঘটে।

৩। বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে?

উঃ বিশ্বামিত্ৰৰ দুখৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছে।

৪। শুদ্ধোধনৰ নাম মানুহে কিয় জানে?

উঃ শুদ্ধোধন গৌতম বুদ্ধৰ পিতৃ আছিল বাবে মানুহে তেওঁৰ নাম জানে।

৫। দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে ?

উঃ দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নোৱাৰে । ইয়াৰ কাৰণ বিজেতাই প্ৰথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে আৰু তৃতীয় দিন বিজিত দেশ তেওঁৰ হাতৰ পৰা যায় । বিজেতাই মানুহকে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে ।

(গ) দীঘল প্রশ্নঃ (মূল্যাংক ৪। ৫)

১। ‘ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতি কুল’ কথাষাৰ বুজাই লিখা ।

উঃ উদ্ধৃত কথাফাঁকিৰ দ্বাৰা ধনৰ প্ৰভাৱৰ কথা কোৱা হৈছে । ধন থকা জনে সমাজত মৰ্যাদা আৰু শ্ৰদ্ধা লাভ কৰে। ধন থকা জনৰ পুত্ৰই কু-কৰ্ম কৰিলেও তেওঁলোকৰ কোনো মানহানি নহয় । ধন থকাজনৰ ধনৰ প্ৰভাৱেই সকলোকে তেওঁৰ ওচৰত বিনীত, বিনয়ী, শিষ্টাচাৰী আৰু নম্ৰ কৰি ৰাখে। ধন থাকিলে দান নিদিয়া লোকেও দানী হিচাপে মৰ্যাদা পায়। ধন থাকিলে মান-মৰ্যাদা আপুনা-আপুনি নিজৰ ওচৰলৈ আহে। পৃথিৱীত এনে মানুহ নাই, যি ধনীক ভয়, মান আৰু ভক্তি নকৰে । আজিকালি ধনেই আলাউদ্দিনৰ বন্তি যেন হৈছে। সেয়ে লিখকে ‘ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতি কুল’ বুলি কৈছে।

২। ‘গৌৰৱ’ প্ৰবন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে ?

উঃ ‘গৌৰৱ‘ পাঠটিত লিখকে প্ৰকৃত গৌৰৱৰ কাৰণ জ্ঞান, আত্মসংযম আৰু আত্মদানৰ পৰা আহে বুলি কৈছে । ছক্ৰেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্রহ্লাদৰ আত্মসংযম আৰু জয়মতীৰ আত্মদানৰ ইতিহাত গৌৰৱৰ বিষয়। শ্বেক্সপীয়েৰ, কবিৰ, মাধৱদেৱ আদি মহাপুৰুষৰ পূৰ্ণাংগ জীৱনী পোৱা নাযায় যদিও মানুহে সম্ৰাট বা ৰজাক যেনে — আকবৰ, চ্যুকাফা, নৰনাৰায়ণ, জুলিয়াছ ছিজাৰ, আলোকজেণ্ডাৰ, নেপলিয়ন আদিক যিমান ভালদৰে জানে তাতকৈ বেছি ভালদৰে সিহঁতৰ নাম জানে। ইয়াৰ কৰাণ জ্ঞান, আত্মসংযম, আত্মদান আদি গুণে সিহঁতক অমৰ কৰি ৰাখিছে।

৩। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা: ”বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনত পৰাস্ত কৰিব নোৱাৰে।”

উঃ ব্যাখ্যেয় কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কালিৰাম মেধি ডাঙৰীয়াই ৰচনা কৰা ‘গৌৰৱ’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।

ধন বা বল অৰ্থাৎ শক্তি সামৰ্থৰ দ্বাৰা যে মানুহক পৰাস্ত কৰিব পাৰি, কিন্তু মনক জয় কৰিব নোৱাৰি সেই কথা বুজাবলৈ গৈ লিখকে উক্ত কথাফাঁকিৰ অৱতাৰণা কৰিছে।

ইতিহাসত দেখা যায় যে বহুতো ৰজা মহাৰজাই সিহঁতৰ শক্তি সামৰ্থৰে বহুতো দেশ জয় কৰিছিল। উদাহৰণ স্বৰূপে আলেকজেণ্ডাৰ, নেেপালিয়ন, চীজাৰ আদি ৰাজনৈতিক নায়কসকলে বহুতো দেশ জয় কৰিছিল। কিন্তু সিহঁতৰ জয় ক্ষণস্থায়ী আছিল। কালৰ গতিত সিহঁতৰ সাম্ৰাজ্য লীন গৈছে। কিন্তু মনৰ দ্বাৰা অৰ্থাৎ জ্ঞান, বুদ্ধি, উদাৰতা, মহত্ব, আত্মত্যাগ আদিৰ দ্বাৰা যি বিজয় সাব্যস্ত হয় সেয়া চিৰস্থায়ী। উদাহৰণ স্বৰূেপ বুদ্ধ, মহম্মদ, চক্ৰেটিছ, কবীৰ,  নানক,  আদি ব্যক্তিসকলে সিহঁতৰ জ্ঞান বুদ্ধিৰ দ্বাৰা মানুহৰ মন জয় কৰি অমৰ হৈ আছে। ৰজা মহাৰজাসকলে অস্থায়ীভাৱে মানুহক জয় কৰিছিল,  কিন্তু জ্ঞানী আৰু পণ্ডিতসকলে স্থায়ীভাৱে মানুহৰ মন জয় কৰিছিল।

👉 Read Also:

৪। জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে? বুজাই লিখা ।

উঃ লিখকৰ মতে প্ৰকৃততে জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী নহয়। কিন্তু মানৱ সমাজত অতীতৰে পৰা বংশ মৰ্যাদাই প্ৰাধান্য লাভ কৰিছে । আমি সমাজত দেখিবলৈ পাওঁ যে বৰুৱাৰ ঘৰৰ ল’ৰাই আগ মালা আৰু আগ ঠগি পোৱাৰ নিয়ম অসমীয়া সামাজিক আইনত বন্ধা আছে । কলামণি সাধাৰণ ঘৰৰ ল’ৰা হোৱা বাৱে তেওঁ মালা আৰু ঠগি পিছত পায়। বৰুৱাৰ পুতেক গৰুচোৰ হ’লেও ভূঞা পোৱালি, ক’লামণি  বিদ্যাভূষণ হ’লেও সামান্য মানুহ । এনে ধৰণৰ বংশ পৰম্পৰাই সমাজত আজিও প্ৰচলিত। অৰ্থাৎ উচ্চ বংশৰ লোকসকলে সদায় মৰ্যাদা আৰু নিম্ন বৰ্গৰ মানুহ গুণসম্পন্ন হ’লেও মৰ্যাদা নোপোৱাকৈ থকাটো কালিৰাম মেধিৰ ‘গৌৰৱ’ প্ৰবন্ধটিত কোৱা হৈছে । ই এক পৰম্পৰাগত আৰু প্ৰবাহিত ৰীতি ৰূপেই আজি প্ৰচলিত হৈ আছে ।

৫। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ

“ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে ।”

উঃ ব্যাখ্যেয় কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কালিৰাম মেধি ডাঙৰীয়াই ৰচনা কৰা ‘গৌৰৱ’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।

লেখকে শাৰীৰিক সৌন্দৰ্যৰ প্ৰভাৱৰ বিষয়ে ক’বলৈ যাওঁতে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

শাৰীৰিক সৌন্দৰ্যই  মানুহৰ এক গৌৰৱৰ কাৰণ। ইয়াৰো এনে এক মোহিনী শক্তি আছে যে ই জ্ঞানীক অজ্ঞানী কৰিব পাৰে। ই যোগীৰ ধ্যানকো ভংগ কৰিব পাৰে। বিশ্ব ইতিহাসত দেখা যায় যে ৰূপত বলিয়া হৈ বহুতো ৰাজ পুৰুষে যুদ্ধত অৱতীৰ্ণ হৈছিল। উদাহৰণ স্বৰূেপ ৰাম-ৰাৱণৰ যুদ্ধ, গ্ৰীক-ট্ৰজানৰ যুদ্ধ। আনকি ৰূপ-মোহত বলিয়া হৈ ডান্টেই ‘ডিভাইন কমেডি’ নামৰ মহাকাব্যও ৰচনা কৰিছিল।  হিৰোৰ ৰূপত মুগ্ধ হৈ লিয়েণ্ডাৰে সাগৰ সাঁতুৰি পাৰ হ’বলৈকো ভয় কৰা নাছিল। সেয়ে কোৱা হয় যে ৰূপৰ কিবা আচৰিত শক্তি আছে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়াঃ

(ক) ‘গৌৰৱ’ নামৰ পাঠটিৰ লিখক কোন?

উঃ কালিৰাম মেধি।

(খ) কালিৰাম মেধিয়ে অসমীয়া ভাষা সম্পৰ্কে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?

উঃ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব।

(গ) কালিৰাম মেধিয়ে সম্পাদনা কৰা এখন গ্ৰন্থৰ নাম লিখা।

উঃ প্রহ্লাদ চৰিত।

(ঘ) মহাকবি ডান্টে ৰচনা কৰা মহাকাব্যখনৰ নাম কি?

উঃ ডিভাইন কমেডি।

(ঙ) গ্ৰীক-ট্ৰজান যুদ্ধৰ কাৰণ কি আছিল?

উঃ গ্ৰীক-ট্ৰজান যুদ্ধৰ কাৰণ আছিল সুন্দৰী হেলেন।

(চ) শৰীৰৰ কি তিনিটা গুণৰ পৰা গৌৰৱৰ উৎপত্তি হয়?

উঃ ৰূপ, স্বাস্থ্য আৰু বল।

(ছ) কি গুণে মানুহক কৰে?

উঃ জ্ঞান, আত্ম সংযম আৰু আত্মবলিদানে মানুহক অমৰ কৰে।

(জ) ক্লিওেপট্ৰাৰ ৰূপ কিহৰ বাবে কুৎসিত হৈছিল?

উঃ ক্লিওেপট্ৰাৰ ৰূপ সাপৰ বিষৰ বাবে কুৎসিত হৈছিল।

(ঝ) লিয়েণ্ডাৰে কাক পাবৰ বাবে সাগৰ সাঁতুৰি পাৰ হৈছিল?

উঃ লিয়েণ্ডাৰে প্ৰেয়সী হিৰোক পাবলৈ সাগৰ সাঁতুৰি পাৰ হৈছিল।

(ঞ) ভাৰ্জিলে ৰচনা কৰা মহাকাব্যখনৰ নাম কি?

উঃ এনিড।

👉 Read Also:

নাজমিনা বেগম

I'm Nazmina Begum, from Nizarapar Noonmati Guwahati (Assam India) Co-Founder and Admin of Amaraxom.com, BA, PG, D.El.Ed, PGDCA.

 

Leave a Comment

×