Join WhatsApp

Join Now

Join Telegram

Join Now

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ Semantic Classification of Words 2026

By Nzmina Begum

Published On:

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ Semantic Classification of Words

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ Semantic Classification of Words

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ Semantic Classification of Words: অসমীয়া ভাষাত শব্দৰ অৰ্থ অনুসৰি বিভিন্ন শ্ৰেণীত বিভক্ত কৰা হয়। এই বিভাজন শব্দৰ প্ৰকৃতি আৰু ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। আজি আমি এই লিখনিত কিছু শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগৰ বিষয় আলোচনা কৰিব প্রাইস কৰিলো।

👉 Read also:

শব্দৰ অৰ্থৰ পিনৰ পৰা অসমীয়া ভাষাৰ শব্দবোৰক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে। যেনে–

(১) যৌগিক শব্দ,

(২)  ৰূঢ় শব্দ আৰু

(৩) যোগৰূঢ় শব্দ।

১। যৌগিক শব্দ

যিবোৰ শব্দ প্ৰকৃতি-প্ৰত্যয়ৰ অৰ্থকে প্ৰকাশ কৰে, সেইবোৰ শব্দক যৌগিক শব্দ বোলে। উদাহৰণ–

কৃ +তব্য = কৰ্তব্য,

কৃ + অনীয়= কৰণীয়।

চৰ += অনট = চৰণ,

নী+ অনট = নয়ন

এইবিলাকত প্ৰকৃতি আৰু প্ৰত্যয়ৰ অৰ্থ একে আছে।

অসমীয়া ভাষাত–

খা + অন= খাৱন,

খা+ ওঁতা = খাওঁতা,

খুন্দ্‌+ অনা = খুন্দনা।

২। ৰূঢ় শব্দ

যিবোৰ শব্দই প্ৰকৃতি আৰু প্ৰত্যয়ৰ অৰ্থ নুবুজাই সুকীয়া বা নতুন অৰ্থ প্ৰকাশ কৰে সেইবোৰ শব্দক ৰূঢ়  শব্দ বোলে। উদাহৰণ–

প্ৰ+ হৃ + ঘঞ্‌ = প্ৰহাৰ। ইয়াত ‘প্ৰ’ উপসৰ্গৰ অৰ্থ ‘ভালদৰে’, ‘হৃ’ ধাতুৰ অৰ্থ ‘হৰণ কৰা’। গতিকে ‘প্ৰহাৰ’ শব্দৰ অৰ্থ ‘ ভালকৈ হৰণ কৰা হ’ব লাগে। কিন্তু সেয়া নহৈ  সুকীয়া অৰ্থ ‘ আঘাত কৰা’ হৈছে।

৩। যোগৰূঢ় শব্দ

যিবোৰ শব্দই প্ৰকৃতি আৰু প্ৰত্যয়ৰ অৰ্থৰ উপৰিও আন বিশেষ অৰ্থ বুজায়, সেইবোৰ শব্দক যোগৰূঢ় শব্দ বোলে। উদাহৰণস্বৰূপে ‘সুহৃদ’ শব্দকে ল’ব পাৰি।  এই শব্দটোৰ মূল অৰ্থ ‘সুন্দৰ হৃদয় থকা ব্যক্তি’।

কিন্তু ই তাকে নুবুজাই ‘বন্ধু’ অৰ্থ বুজায়। সেইদৰে ‘পঙ্কজ’ (পঙ্ক+জন =পঙ্কজ) । ইয়াত ‘পঙ্ক’ মানে ‘বোকা’ আৰু ‘জন’ মানে ‘জন্ম’। কিন্তু বোকাত জন্ম হোৱা বুলি আমি‘পদুম’ ফুলক ‘পঙ্কজ’ বুলি কওঁ।

অনুশীলনী

(১) যৌগিক শব্দ বুলিলে কি বুজা ? উদাহৰণ দিয়া।

(২) ৰূঢ় শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৩) অৰ্থৰ পিনৰ পৰা অসমীয়া শব্দবোৰক কেই ভাগত ভাগ কৰা হৈছে?

(৪) যোগৰূঢ় শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment