Join WhatsApp

Join Now

Join Telegram

Join Now

সৰ্বনাম পদৰ শ্ৰেণী বিভাগ Classification of Assamese Pronoun 2026

By Nzmina Begum

Published On:

সৰ্বনাম পদৰ শ্ৰেণী বিভাগ Classification of Assamese Pronoun

সৰ্বনাম পদৰ শ্ৰেণী বিভাগ Classification of Assamese Pronoun

সৰ্বনাম পদৰ শ্ৰেণী বিভাগ Classification of Assamese Pronoun: ভাষাৰ গঠনমূলক অংশসমূহৰ ভিতৰত সৰ্বনাম পদ এক গুৰুত্বপূৰ্ণ পদ। এটি বাক্যত বহু সময়ত মূল বিশেষ্যৰ পুনৰাবৃত্তি এৰাই বাক্যক সুন্দৰ আৰু সুসংগত কৰিবলৈ সৰ্বনাম ব্যৱহাৰ কৰা হয়। আজি আমি এই লিখনিত সৰ্বনাম পদৰ শ্ৰেণী বিভাগৰ বিষয় আলোচনা কৰিব প্রাইস কৰিছো।

👉 Read also:

বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকে সৰ্বনাম (Pronoun) বোলে।

বৈশিষ্ট্য অনুযায়ী অসমীয়া সৰ্বনাম পদবোৰক চাৰিটা ভাগত ভাগ কৰিব পাৰি, যথা–

(১) ব্যক্তিবোধক সৰ্বনাম ( Personal Pronoun)

(২) স্থানবোধক সৰ্বনাম (Pronominal Adverb of  Place)

(৩) কালবোধক সৰ্বনাম  (Pronominal Adverb of Time) আৰু

(৪) বিশেষণবোধক সৰ্বনাম  (Pronominal  Adjective)

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

ব্যক্তিবোধক সৰ্বনাম ( Personal Pronoun)

ব্যক্তি বা প্ৰাণীবাচক বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকে  ব্যক্তিবোধক সৰ্বনাম বোলে।

উদাহৰণ— মই, আমি, সি, সিহঁত, তাই, তোমালোক, তেখেত, তেখেতসকল, ইত্যাদি।

স্থানবোধক সৰ্বনাম (Pronominal Adverb of  Place)

স্থানৰ নাম বুজোৱা বিশেষ্য পদৰ  সলনি যি পদৰ ব্যৱহাৰ হয় তাকে স্থানবোধক সৰ্বনাম বোলে।

উদাহৰণ— ইয়াত, তাত, তালৈ, ক’লৈ, ইয়ালৈ ইত্যাদি।

কালবোধক সৰ্বনাম  (Pronominal Adverb of Time)

কাল বা সময়ৰ নাম বুজোৱা বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা সর্বনামবোৰক কালবোধক সৰ্বনাম বোলে।

উদাহৰণ– আজি, এতিয়া, কালি, যেতিয়া, অহাকালি, পৰহি, সেইদিনা, সিদিনা ইত্যাদি।

বিশেষণবোধক সৰ্বনাম  (Pronominal  Adjective)

সংজ্ঞা শব্দৰ আগত যিবোৰ সৰ্বনামে সেই শব্দই বুজোৱা  বস্তুক আন বস্তুৰ পৰা পৃথক কৰা বুজায় সেইবোৰক বিশেষণবোধক সৰ্বনাম বোলে।

উদাহৰণ— এনেদৰে, যিমান, তিমান, এনেকৈ, ইমান, যেনেকৈ, তেনেকৈ ইত্যাদি।

বি. দ্ৰ: ব্যক্তিবোধক সৰ্বনাম পদবোৰৰ বিভক্তি ৰূপ কৰোতে মূল শব্দৰ যি পৰিবৰ্তন ঘটে তাকে সৰ্বনামৰ তিৰ্যক ৰূপ (Oblique Form of Pronoun)  বোলে। উদাহৰণ– ‘তুমি’ৰ ৰূপ ‘তোমাক’, ‘তোমালোকক’, ‘তোমাৰ’ আদি।

অনুশীলনী

(১) সৰ্বনাম  কাক বোলে?

(২) বৈশিষ্ট্য অনুযায়ী সৰ্বনাম পদ কেই শ্ৰেণীত  ভাগ কৰা হৈছে?

(৩) ব্যক্তিবোধক সৰ্বনাম বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৪) স্থানবোধক সৰ্বনামবুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।

(৫) কালবোধক সৰ্বনাম বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।।

(৬) বিশেষণবোধক সৰ্বনাম বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৭) সৰ্বনামৰ তিৰ্যক ৰূপ বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

👉 Read also:

সামৰণি:

সৰ্বনাম পদ ভাষাৰ এক অতি প্রয়োজনীয় অংশ। ই বিশেষ্যৰ স্থান দখল কৰি বাক্যক সহজ, সুসংগত আৰু প্ৰাকৃতিক কৰি তোলে। বিভিন্ন ধৰণৰ সৰ্বনাম ব্যৱহাৰৰ জ্ঞান থাকিলে ভাষাৰ উপযুক্ত প্ৰয়োগ তথা চমুকৈ আৰু স্পষ্টভাৱে মত প্ৰকাশ কৰা সহজ হয়।

ভাষা শিক্ষাৰ্থীসকলৰ বাবে সৰ্বনামৰ সঠিক ব্যৱহাৰ শিকাটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো ই ভাষাৰ মৌলিক গঠন শক্তিশালী কৰে। আশা কৰোঁ, এই প্ৰবন্ধে সৰ্বনাম পদ সম্পৰ্কে আপোনাৰ ধাৰণাসমূহ স্পষ্ট কৰিব।

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ সৰ্বনাম পদৰ শ্ৰেণী বিভাগ। Classification of Assamese Pronoun যদি এই অনুচ্ছেদ টো পঢ়রী  আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment