Join WhatsApp

Join Now

Join Telegram

Join Now

বিশেষ্য পদৰ শ্ৰেণী বিভাগ Classification of Noun 2026

By Nzmina Begum

Published On:

বিশেষ্য পদৰ শ্ৰেণী বিভাগ Classification of Noun

বিশেষ্য পদৰ শ্ৰেণী বিভাগ Classification of Noun

বিশেষ্য পদৰ শ্ৰেণী বিভাগ Classification of Noun: বিশেষ্য পদ হ’ল ভাষাৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ অংশ। ই কোনো ব্যক্তি, বস্তু, ঠাই, ভাব, গুণ, ঘটনা আদি চিনাক্ত কৰিবলৈ ব্যৱহৃত হয়। অৰ্থ অনুসৰি, বিশেষ্য পদ কেইবাটাও শ্ৰেণীত বিভক্ত কৰা হয়।

👉 Read also:

যি পদে কোনো ব্যক্তি, বস্তু, ঠাই, গুণ, অৱস্থাৰ আদিৰ নাম বুজায় তাকে বিশেষ্য (Noun) বোলে। অসমীয়া ভাষাত  বৈশিষ্ট্য অনুযায়ী বিশেষ্য পদবোৰক পাঁচ ভাগত ভাগ কৰা হৈছে, যেনেঃ

(১) জাতিবাচক বিশেষ্য (Common Noun)

(২) বস্তুবাচক বিশেষ্য (Material Noun)

(৩) সংজ্ঞাবাচক বিশেষ্য  (Proper Noun)

(৪) ক্ৰিয়াবাচক বিশেষ্য  (Verbal Noun) আৰু

(৫) গুণবাচক বিশেষ্য (Abstract Noun)

তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

১। জাতিবাচক বিশেষ্য (Common Noun)

যি বিশেষ্য পদে কোনো জাতিক বুজায় তাকে জাতিবাচক বিশেষ্য বোলে।

উদাহৰণ– নদী, সাগৰ, মানুহ, পাহাৰ, গৰু, হাতী, ঘোঁৰা  ইত্যাাদি।

জাতিবাচক বিশেষ্য পদবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, যথা–

(ক) প্ৰাণীবাচক বিশেষ্য (Creature) আৰু

(খ) অপ্ৰাণীবাচক বিশেষ্য (Non-creature)।

কোনো প্ৰাণী বুজোৱা জাতিবাচক বিশেষ্য পদক প্ৰাণীবাচক বিশেষ্য পদ বোলে।

উদাহৰণ– চৰাই, মাছ, সিংহ, গৰু, মানুহ, বাঘ ইত্যাদি।

অপ্ৰাণীবাচক জাতিবাচক বিশেষ্য পদক অপ্ৰাণীবাচক বিশেষ্য পদ বোলে।

উদাহৰণ– কাঠ, গছ, ফল, ফুল, পাহাৰ, পবৰ্বত  ইত্যাদি।

২। বস্তুবাচক বিশেষ্য (Material Noun)

বস্তু (পদাৰ্থ)ৰ নাম বুজোৱা বিশেষ্য পদক বস্তুবাচক বিশেষ্য পদ বোলে।

উদাহৰণ– ধান, মাহ, কয়লা, আলু, হীৰা, ৰূপ, লো, সোণ, মূলা ইত্যাদি।

৩। সংজ্ঞাবাচক বিশেষ্য (Proper Noun)

ব্যক্তি, প্ৰাণী বা ঠাইৰ নাম বুজোৱা বিশেষ্য পদক সংজ্ঞাবাচক বিশেষ্য পদ বোলে।

উদাহৰণ– গৰু, মহ, ভেড়া, ছাগলী, ৰহিম, কৰিম, মুম্বাই, দিল্লী ইত্যাদি।

সংজ্ঞাবাচক বিশেষ্য পদবোৰক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি, যথা–

(ক) প্ৰাণীবাচক (Creature) আৰু (খ) অপ্ৰাণীবাচক (Non-creature)

প্ৰাণীবাচক (Creature): প্ৰাণীৰ সাধাৰণ সংজ্ঞাবাচক আৰু বিশেষ সংজ্ঞাবাচক বিশেষ্য পদক প্ৰাণীবাচক বিশেষ্য পদ বোলে।

উদাহৰণ– পদ্মা, ৰাজন, নৰেন, ললিতা  (বিশেষ সংজ্ঞাবাচক বিশেষ্য) ।

বাঘ, সিংহ, চৰাই, হৰিণ, ছাগলী, গৰু (সাধাৰণ সংজ্ঞাবাচক বিশেষ্য।

৫। ক্ৰিয়াবাচক বিশেষ্য (Verbal Noun)

ক্ৰিয়া বা কোনো কামৰ নাম বুজোৱা বিশেষ্য পদক ক্ৰিয়াবাচক বিশেষ্য পদ বোলে।

উদাহৰণ— খাৱন, শয়ন, লিখন, কৰণ, ভ্ৰমণ, সংকলন ইত্যাদি।

৬। গুণবাচক বিশেষ্য (Abstract Noun)

বিশেষ্য পদৰ গুণ দোষ, স্বভাৱ আদি বুজোৱা বিশেষ্য পদক গুণবাচক বিশেষ্য পদ বোলে।

উদাহৰণ— সৌন্দৰ্য, একনিষ্ঠতা, ভদ্ৰতা, সাধুতা, নম্ৰতা,  দয়াশীলতা, দানশীলতা ইত্যাদি।

অনুশীলনী

(১) বিশেষ্য  কাক বোলে?

(২) বৈশিষ্ট্য অনুযায়ী অসমীয়া বিশেষ্য পদক কেই শ্ৰেণীত  ভাগ কৰা হৈছে লিখা ?

(৩)  জাতিবাচক বিশেষ্য বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।

(৪) বস্তুবাচক বিশেষ্য বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।

(৫) সংজ্ঞাবাচক বিশেষ্য বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।।

(৬)  ক্ৰিয়াবাচক বিশেষ্য বুলিলে কি বুজা ?  উদাহৰণসহ বুজাই লিখা।

(৭) গুণবাচক বিশেষ্য বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।

(৮) জাতিবাচক বিশেষ্যক কেই ভাগত ভাগ কৰা হৈছে? উদাহৰণসহ লিখা।

(৯) তলত দিয়া বিশেষ্য পদবোৰ শ্ৰেণীভুক্ত কৰা– কলকাতা, দানশীলতা, মানুহ, পবৰ্বত, দিল্লী, দয়া, ৰাম, বৰেপটা, ৰূপ, তাম, সীহ, আকাশ, বায়ু, ঘৰ, সোন।

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ বিশেষ্য পদৰ শ্ৰেণী বিভাগ Classification of Noun যদি এই অনুচ্ছেদ টো পঢ়রী  আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

3 thoughts on “বিশেষ্য পদৰ শ্ৰেণী বিভাগ Classification of Noun 2026”

Leave a Comment