Join WhatsApp

Join Now

Join Telegram

Join Now

লিঙ্গ কাক বোলে? লিঙ্গ Gender in Assamese 2026

By Nzmina Begum

Published On:

লিঙ্গ কাক বোলে লিঙ্গ Gender in Assamese

লিঙ্গ কাক বোলে? লিঙ্গ Gender in Assamese

লিঙ্গ কাক বোলে? লিঙ্গ Gender in Assamese: ভাষাত লিঙ্গ (Gender) এটা গুৰুত্বপূর্ণ ব্যাকৰণিক তত্ত্ব। সাধাৰণ ভাষাত, “লিঙ্গ” বুলি কোৱা হয় কোনো ব্যক্তি, প্ৰাণী, বস্তু বা শব্দৰ লৈঙ্গিক স্বৰূপক। অসমীয়া ভাষাত লিঙ্গৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশ চাৰিটাই গুৰুত্ব বহন কৰে।

👉 Read also:

যি চিনৰ দ্বাৰা প্ৰাণী বা বস্তুৰ মতা, মাইকী আদি বুজিব পাৰি তাকে লিঙ্গ (Gender) বোলে। উদাহৰণ–

ল’ৰা ————- ছোৱালী

পূজনীয় ———পূজনীয়া

প্ৰেয়স ———–  প্ৰেয়সী

গাই ————–  ষাঁড়

মতা হাতী —- মাইকী হাতী।

অসমীয়া ভাষাত লিঙ্গক চাৰি ভাগত ভাগ কৰা হৈছে, যথা–

(১) পুংলিঙ্গ (Macsuline Gender)

(২) স্ত্ৰীলিঙ্গ (Feminine Gender)

(৩) ক্লীৱলিঙ্গ (Neuter Gender) আৰু

(৪) উভয় লিঙ্গ (Common Gender)

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

১। পুংলিঙ্গ (Macsuline Gender)

পুৰুষ বা মতা  বুজোৱা শব্দবোৰক পুংলিঙ্গ বোলে। উদাহৰণ–

ভাই, দেউতা, ৰজা, মামা, ককা, চাচা, দাদা,  খুড়া  ইত্যাদি।

২। স্ত্ৰীলিঙ্গ (Feminine Gender)

যিবোৰ শব্দই স্ত্ৰী বা মাইকীক বুজায় সেইবোৰ শব্দক স্ত্ৰীলিঙ্গ বোলে।  উদাহৰণ–আই, মা, ভনী, খুৰী, তাই, পেহী, মাহী, আইতা, ৰাণী, লেখিকা,  ভালুকী  ইত্যাদি।

৩। ক্লীৱলিঙ্গ (Neuter Gender)

যিবোৰ শব্দই মতা বা মাইকী একোকে নুবুজায় সেইবোৰ শব্দক ক্লীবলিঙ্গ বোলে। সাধাৰণতে নিৰ্জীৱ বস্তু বা পদার্থবোৰক ক্লীৱলিঙ্গ বুলি ধ’ৰা হয়। উদাহৰণ–  কিতাপ, কলম, মেজ, চকী, পেঞ্চিল, কাগজ, কটাৰী, দা, বিচনী, গছ ইত্যাদি।

৪। উভয় লিঙ্গ (Common Gender)

যিবোৰ শব্দই মতা-মাইকী উভয়ক বুজায় সেইবোৰ শব্দক উভয় লিঙ্গ বোলে।

উদাহৰণ– হাতী, ছাগলী, কুকুৰ, ঘোঁৰা, হাঁহ, শিশু, মানুহ, গৰু, পাৰ ইত্যাদি।

অসমীয়া ভাষাত প্ৰাণীবাচক শব্দৰ ক্ষেত্ৰত লিঙ্গ বিভাজনৰ ওপৰত গুৰুত্ব দিয়া হয়। অৱশ্যে অসমীয়া পুংলিঙ্গ বাচক শব্দবোৰক স্ত্ৰীলিঙ্গ বাচক শব্দলৈ পৰিণত কৰাৰ কিছুমান নিয়ম আছে। তলত সেইবোৰ উদাহৰণসহ আলোচনা কৰা হ’ল।

(১) অ-কাৰান্ত পুংলিঙ্গ বাচক শব্দৰ পাছত ‘আ’ প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–

ক। পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

অশিক্ষিত —– অশিক্ষিতা

পূজনীয় —– পূজনীয়া

শ্ৰদ্ধেয় —– শ্ৰদ্ধেয়া

সভ্য —– সভ্যা

পৰিত্যক্ত —– পৰিত্যক্তা

বিশিষ্ট —– বিশিষ্টা

বৃদ্ধ —– বৃদ্ধা

শিষ্য —– শিষ্যা

নিপুন —– নিপুনা

প্ৰসিদ্ধ —– প্ৰসিদ্ধা

কৃশ —– কৃশা

প্ৰিয় —– প্ৰিয়া

(২) জাতি বুজোৱা অ-কাৰান্ত  শব্দৰ পাছত ‘ঈ’ প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–

খ। পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

হৰিণ —– হৰিণী

ব্রাহ্মণ  —– ব্রাহ্মণী

সিংহ —– সিংহী

ৰাক্ষস —– ৰাক্ষসী

ভালুক —– ভালুকী

দেৱ —– দেৱী

গোপ —– গোপী

বৈষ্ণৱ —– বৈষ্ণৱী

পাত্ৰ —– পাত্ৰী

ছাগল —– ছাগলী

কাউৰ —– কাউৰী

বান্দৰ —– বান্দৰী

ময়ূৰ —– ময়ূৰী

পাগল —– পাগলী।

(৩) স্ত্ৰীলিঙ্গত ‘আ’ প্ৰত্যয় যুক্ত ‘অক’ ভাগান্ত শব্দৰ ‘অক’ৰ ঠাইত ‘ইক’ হৈ স্ত্ৰী লিঙ্গ হয়।যেনে–

গ। পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

সেৱক —– সেৱিকা

লেখক —– লেখিকা

নায়ক —– নায়িকা

গায়ক —– গায়িকা

বালক —– বালিকা

পাঠক —– পাঠিকা

অধ্যাপক —– অধ্যাপিকা

সম্পাদক —– সম্পাদিকা

সাধক —– সাধিকা

গ্ৰাহক —– গ্ৰাহিকা।

(৪) আ-কাৰান্ত পুংলিঙ্গ বাচক শব্দত (গুণ, জাতি, সম্বন্ধবাচক শব্দৰ ক্ষেত্ৰত) ‘ঈ’ প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে—

ঘ। পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

ক’লা —– ক’লী

মহা —– মাহী

বৰা —– বৰানী

পঠা —– পাঠী

মিতা —– মিতিনী

বেটা  —–বেটী

মামা —– মামী

কান্দুৰা —– কান্দুৰী

বেঙা  —– বেঙী

অজলা —– আজলী

ঠেহুলা —– ঠেহুলী

বগা —– বগী

লোধোমা —– লুধুমী

কণা —– কাণী

আঁকৰা —– আঁকৰী

বৰুৱা —– বৰুৱানী

(৫) পদবী, জাতি, সম্প্ৰদায়সূচক শব্দত ‘অনী’ প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–

ঙ। পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

মাষ্টৰ —– মাষ্টৰনী

ডাক্তৰ —– ডাক্তৰনী

কলিতা —– কলিতানী

মেতৰ —– মেতৰনী

বৰুৱা —– বৰুৱানী

শইকীয়া —– শইকীয়ানী

আহোম —– আহোমনী

চাকৰ —– চাকৰনী

নাপিত —– নাপিতনী

কায়স্থ —– কায়স্থনী

ফুকন —– ফুকননী।

(৬) কিছুমান পদবী, জাতি, সম্প্ৰদায়সূচক পুংলিঙ্গ শব্দত ‘অনী’ৰ পৰিবৰ্তে ‘ইনী’  প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–

চ। পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

বাঘ —– বাঘিনী

ৰাক্ষস —– ৰাক্ষসিনী

গোপ —– গোপিনী

নাগ —– নাগিনী

হাঁহ —– হাঁহিনী

শিয়াল —– শিয়ালী

(৭) পুংলিঙ্গ শব্দৰ পৰৱৰ্তী অংশত ‘ৱন্ত’, ‘ৱান’, ‘মন্ত’, ‘মান’, আৰু ‘ইয়স’ থাকিলে ক্ৰমে ‘ৱতী’, ‘ৱন্তী’, ‘মতী’, আৰু ‘ঈয়স’ যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–

ছ। পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

গৰিয়স —– গৰিয়সী

প্ৰেয়স —– প্ৰেয়সী

ৰূপৱান —– ৰূপৱতী

ৰূপৱন্ত —– ৰূপৱন্তী

পুত্ৰৱান —– পুত্ৰৱতী

শ্ৰীমান —– শ্ৰীমতী

গুণৱন্ত —– গুণৱন্তী

মহীয়স —– মহীয়সী

ভাগ্যৱান —– ভাগ্যৱতী

গুণৱান —– গুণৱতী।

(৮) লিঙ্গসূচক শব্দৰ আগত ‘মতা’ আৰু ‘মাইকী’ শব্দ বহুৱাই পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–

জ। পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

মতা হাতী —– মাইকী হাতী

মতা মানুহ —– মাইকী মানুহ

মতা সন্তান —– মাইকী সন্তান

মতা হাঁহ —– মাইকী হাঁহ

মতা গৰু —– মাইকী গৰু

মতা কুকুৰ —– মাইকী কুকুৰ

মতা বন্ধু —– মাইকী বধূ

মতা সিংহ —– মাইকী সিংহ

মতা বাঘ —– মাইকী বাঘ

মতা ঘোঁৰা —– মাইকী ঘোঁৰা।

(৯) লিঙ্গসূচক শব্দৰ পাচত ‘টো’ আৰু ‘জন’ শব্দ বহুৱাই পুংলিঙ্গ আৰু ‘জনী’ যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়।যেনে–

ঝ। পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

মানুহজন —– মানুহজনী

কুকুৰটো —– কুকুৰজনী

ঘোঁৰাটো —– ঘোঁৰাজনী

হাঁহটো —– হাঁহজনী

গৰুটো —– গৰুজনী ।

(১০) হ্রস্ব ই-ক কাৰান্ত শব্দ দীৰ্ঘ ঈ- কাৰান্ত কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–

ঞা। পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

সখি —– সখীনী

শিপিনি —– শিপিনী

ৰান্ধনি —– ৰান্ধনী

মঙ্গলনি —– মঙ্গলনী

(১১) কিছুমান লিঙ্গসূচক শব্দৰ লগত ‘আনী’ প্ৰত্যয় যোগ কৰি  স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–

ট। পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

ডাঙৰীয়া —– ডাঙৰীয়ানী

ৰুদ্ৰ —– ৰুদ্ৰানী

হিম —– হিমানী

উপাধ্যায় —– উপাধ্যায়ানী

আচাৰ্য —– আচাৰ্যানী

ইন্দ্ৰ —– ইন্দ্ৰানী

ক্ষত্ৰিয় —– ক্ষত্ৰিয়ানী

মাতুল —– মাতুলনী

(১২) কিছুমান ক্ষেত্ৰত বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰি পুংলিঙ্গ আৰু স্ত্ৰীলিংগ কৰা হয়। যেনে–

ঠ। পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

ককা —– আইতা

মৰদ —– তিৰী

দমৰা —– চেউৰী

সভাপতি —– সভানেত্ৰী

বন্দী  —– বেটী

মোমাই —– মামী

ভিনী —– বাইদেউ

দদাই —– খুৰী

ককাই —– বৌ

পিতা —– মাতা

শৰ —– ভেলেঙী

স্বামী —– স্ত্ৰী

সি  —– তাই

বিয়ৈ —– বিয়নী

নৰ —– নাৰী

পৈ  —– ঘৈনী

বোন্দা —– জাঁই

চাহাব  —– মেম

ভাই —– ভনী, ভগ্নী

ল’ৰা —– ছোৱালী

পুতেক —– জীয়েক

ডেকা —– গাভৰু

গিৰিয়েক —– ঘৈনীয়েক

পিতৃ —– মাতৃ

আতা —– আবু

নেতা —– নেতৃ

মুনিহ —– তিৰোতা

পতি —– পত্নী

পুৰুষ —– স্ত্ৰী, মহিলা

দেওৰ —– ননদ

গগৈ —– আইচু

দতাঁল —– মাখুন্দী

পুথাও —– এনাই

শহুৰ —– শাহু

বলদ —– গাই

দৰা —– কন্যা ।

👉 Read also:

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ লিঙ্গ Gender in Assamese যদি এই অনুচ্ছেদ টো পঢ়ি
আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment