Join WhatsApp

Join Now

Join Telegram

Join Now

বাক্যৰ গাঁথনিক বিভাজন Byakkar Gathonik Bibhajan 2026

By Nzmina Begum

Published On:

অসমীয়া বাক্যৰ গাঁথনিক বিভাজন Byakkar Gathonik Bibhajan

বাক্যৰ গাঁথনিক বিভাজন Byakkar Gathonik Bibhajan

অসমীয়া বাক্যৰ গাঁথনিক বিভাজন Byakkar Gathonik Bibhajan: ভাষা মানেই ভাব প্ৰকাশৰ এক মাধ্যম। যিকোনো ভাষাৰ দৰে অসমীয়া ভাষাতো বাক্যৰ গাঁথনিক (structural) বৈশিষ্ট্য আছে। বাক্য গঠনৰ নীতি-নিয়মবোৰ অৱলম্বন কৰি আমি মাত্ৰ শব্দবোৰক একেলগে থোৱা নহয়, বৰং তাৰ যোগেদি এক সুশৃঙ্খল আৰু অৰ্থপূৰ্ণ বাক্য গঠন কৰো।

👉 Read also:

বাক্য এটিত প্ৰধানকৈ দুটা অংশ থাকে– উদ্দেশ্য আৰু বিধেয়। উদ্দেশ্যত কৰ্তা আৰু কৰ্তাৰ অনুগামী শব্দবোৰ থাকে। আনহাতে বিধেয়ত ক্ৰিয়া আৰু কৰ্ম থাকে। কোনো বাক্যত এটাতকৈ অধিক কৰ্তা, ক্ৰিয়া বা কৰ্ম থাকে।  কিছুমান বাক্য সৰু সৰু বাক্যৰ সমষ্টি। এনেদৰে  বাক্যৰ গঠণ (structure) অনুযায়ী অসমীয়া বাক্যক তিনি শ্ৰেণীত ভাগ কৰা হৈছে। যথা–

(১) সৰল বাক্য (Simple Sentence)

(২) জটিল বা মিশ্ৰ বাক্য (Complex Sentence)

(৩) যৌগিক বা সংযুক্ত বাক্য (Compound Sentence)।

১। সৰল বাক্য (Simple Sentence)

এটা কৰ্তা আৰু এটা ক্ৰিয়া থকা বাক্যক সৰল বাক্য বোলে। যেনে–

আমি আম খাওঁ।

সিহঁতে বল খেলে।

উক্ত বাক্য দুটাত ‘আমি’ আৰু ‘সিহঁতে’ পদ দুটা কৰ্তা বা উদ্দেশ্য। আনহাতে ‘আম খাওঁ’ আৰু ‘বল খেলে’ বিধেয়। ইয়াৰ ‘খাওঁ’ আৰু ‘খেলে’ পদ দুটি ক্ৰিয়া। অৰ্থাৎ দুয়োটা বাক্যই এটাকৈ কৰ্তা আৰু এটাকৈ ক্ৰিয়া ধাৰণ কৰিছে। সেয়ে বাক্য দুটা সৰল বাক্য। উদাহৰণ–

সিহঁতে সময়মতে স্কুললৈ যায় ।

আশ্রাফে  কিতাপ পঢ়ি আছে।

কমলে  কাম কৰি আছে ।

২। জটিল বা মিশ্ৰ বাক্য (Complex Sentence)

যিবোৰ বাক্য এটা প্ৰধান বাক্য আৰু তাৰ তলতীয়া এটা বা তাতোধিক বাক্যাংশৰ দ্বাৰা গঠিত হয় তাকে  জটিল বাক্য বোলে। সাধাৰণতে এটা জটিল বাক্যত এটা প্ৰধান বাক্য (Principal Clause) আৰু এটা অপ্ৰধান বাক্য (Subordinate Clause) থাকে। ইয়াৰ অপ্ৰধান বাক্যাংশটি প্ৰধান বাক্যটিৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণ–

যিবোৰ ল’ৰা ভাল, সিহঁতে ভাল কাম কৰে।

যোৱাকালি যিজনী ছোৱালী আহিছিল, তাই মোৰ ভনী।

উক্ত বাক্য দুটিৰ ‘সিহঁতে ভাল কাম কৰে’ আৰু ‘তাই মোৰ ভনী’- প্ৰধান বাক্য। আনহাতে ‘যিবোৰল’ৰা ভাল’ আৰু ‘যোৱাকালি যিজনী ছোৱালী আহিছিল’ – বাক্যাংশবোৰ  আগৰ প্ৰধান বাক্যাংশ দুটাৰ তলতীয়া। সেয়ে বাক্য দুটা জটিল বাক্য।

২। (ক) মিশ্ৰ বাক্য আৰু জটিল বাক্যৰ সংজ্ঞা উদাহৰণ:

মিশ্ৰ বাক্য আৰু জটিল বাক্য একে নহয়।

মিশ্ৰ বাক্য: মিশ্ৰ বাক্য হৈছে এনে ধৰণৰ বাক্য য’ত দুটা বা তাতোকৈ বেছি সৰল বাক্য ‘ আৰু’, ‘ কিন্তু’, ‘ অথবা’, ‘ তেন্তে’, ‘ যাতে’ আদি সমন্বয়বাচক অব্যয়ৰে সংযুক্ত হয়। মিশ্ৰ বাক্যত দুটা বা ততোধিক সৰল বাক্য থাকে। ইয়াৰ কোনো বাক্যই আনৰ ওপৰত ব্যাকৰণগতভাৱে নিৰ্ভৰশীল নহয়।

উদাহৰণ: মই ঘৰলৈ যাম আৰু তুমি বিদ্যালয়লৈ যাবা ।

তেওঁ আহিব বা মই যাব।

জটিল বাক্য: জটিল বাক্য হৈছে সেইধৰণৰ বাক্য য’ত এটা মুখ্য (principal) বাক্যৰ লগত এটা বা তাতোকৈ বেছি নিৰ্ভৰশীল বাক্য (subordinate clause) থাকে। নিৰ্ভৰশীল বাক্যটো মুখ্য বাক্যৰ ওপৰত নিৰ্ভৰশীল হয় আৰু ‘ যদি’, ‘ যেতিয়া’, ‘ কাৰণ’, ‘ যদিও’, ‘ যেন’, ‘ যি’, ‘ যে’ আদি সমন্বয়বাচক অব্যয়ৰে সংযুক্ত হয় ।

উদাহৰণ: তেওঁ যদি আহে তেন্তে মই যাম ।

মই যেতিয়া গৈছিলোঁ, তেওঁ তেতিয়াও ঘৰত নাছিল।

টোকা:

সৰল বাক্য: সৰল বাক্য হৈছে এটা মাত্ৰ ভাব বা কথা প্ৰকাশ কৰা বাক্য। এই বাক্যত সাধাৰণতে এটা কৰ্তা আৰু এটা বিধেয় থাকে, আৰু বাক্যটো স্পষ্টভাৱে এটা ভাব প্রকাশ কৰে ।

উদাহৰণ: মই ভাত খাম ।

তেওঁ আহিল।

৩। যৌগিক বা সংযুক্ত বাক্য (Compound Sentence)

যেতিয়া এটাতকৈ অধিক সৰল বাক্য বা মিশ্ৰ বাক্য কোনো সংযোজক অব্যয়ৰ দ্বাৰা যুক্ত হৈ এটা বাক্যত পৰিণত হয়, তেতিয়া  তাক যৌগিক বাক্য বা সংযুক্ত বাক্য বোলে। যেনে–

লীলা এজনী ভাল ছোৱালী আৰু ছামীমা এজনী ভাল ছোৱালী।

তেওঁ যথেষ্ট পৰিশ্ৰম কৰে  তথাপি দুখীয়া।

ওপৰৰ প্ৰথম বাক্যটোত দুটা সৰল বাক্য আছে । যথাঃ (ক) ‘লীলা এজনী ভাল ছোৱালী’ আৰু (খ) ‘ছামীমা এজনী ভাল ছোৱালী’ -এই সৰল বাক্য দুটি ‘আৰু’ -সংযোজক অব্যয়টোৰ দ্বাৰা সংযুক্ত হৈ এটা যৌগিক বাক্যত পৰিণত হৈছে। তেনেদৰে দ্বিতীয় বাক্যটোতো দুটা অংশ আছে আৰু ই ‘তথাপি’- এই সংযোজক পদটোৰ দ্বাৰা সংযুক্ত হৈ এটা যৌগিক বাক্যত পৰিণত হৈছে।

অনুশীলনী

(১) গঠন অনুযায়ী অসমীয়া বাক্যক কেই ভাগত ভাগ কৰা হৈছে?

(২) সৰল বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৩) জটিল বাক্য কাক বোলে? উদাহৰণসহ দিয়া।

(৪) যৌগিক বাক্য কাক বোলে? উদাহৰণ দি বুজাই লিখা।

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ অসমীয়া বাক্যৰ গাঁথনিক বিভাজন যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment