Join WhatsApp

Join Now

Join Telegram

Join Now

অব্যয় পদৰ শ্ৰেণী বিভাগ Classification of Preposition 2026

By Nzmina Begum

Published On:

অব্যয় পদৰ শ্ৰেণী বিভাগ Classification of Preposition

অব্যয় পদৰ শ্ৰেণী বিভাগ Classification of Preposition

অব্যয় পদৰ শ্ৰেণী বিভাগ Classification of Preposition: আজি আমি এই লেখত অব্যয় পদৰ বিষয় জানিব প্রাইস কৰিছো, আমি আশাবাদী যে এই লেখ পঢ়িলে পদৰ বিষয় বুজি পাব।

👉 Read also:

যি পদৰ লগত কোনো বিভক্তি যোগ নহয় অৰ্থাৎ কোনো অৱস্থাতে ৰূপৰ সলনি নহয়, তাকে অব্যয় পদ (Preposition) বোলে।

অসমীয়া অব্যয় পদবোৰক মুঠতে সাতোটা ভাগত ভাগ কৰা হৈছে, যথা–

(১) সংযোজক অব্যয় (Conjunction)

(২) বিয়োজক বা  পৃথকবোধক অব্যয় (Dijunctive Conjunction)

(৩) ভাৱবোধক অব্যয় (Interjection)

(৪) সম্বোধনবোধক অব্যয় (Relative Preposition)

(৫) প্রশ্নবোধক অব্যয় (Interrogative Preposition)

(৬) সমিধানবোধক অব্যয় (Solutionary Preposition) আৰু

(৭) আনুষঙ্গিক অব্যয় (Preposition)

তলত এইবোৰৰ  বিষয়ে আলোচনা কৰা হ’ল।

১। সংযোজক অব্যয় (Conjunction)

যি অব্যয় পদে দুটা বিশেষ্যপদ, সৰ্বনামপদ বা বাক্যক লগ লগায় তাকে সংযোজক অব্যয় বোলে।

উদাহৰণ–

তাই  আৰু সি  ক্ৰিকেট খেলিব।

তেওঁ ভাল অথচ তেওঁৰ ভাইটি দুষ্ট।

কিছুমান সংযোজক অব্যয় হ’ল– অথচ, যে, হেতু, আৰু, কাৰণে, এতেকে, তথা, যথা  ইত্যাদি।

২। বিয়োজক বা পৃথকবোধক অব্যয় (Dijunctive Conjunction)

যি অব্যয় পদে দুটা বা অধিক পদ বা শব্দক পৃথক ৰূপ দেখুৱায় তাকে বিয়োজক বা পৃথকবোধক অব্যয় বোলে। উদাহৰণ–

নমিতা বা তাইৰ মাকে কামটো কৰিব।

তুমি আহিলা তথাপি কিতাপখন আনিব নোৱাৰিলা।

কিছুমান বিয়োজক অব্যয়ৰ উদাহৰণ হ’ল–তথাপি, কিন্তু, অথবা, বা, কিম্বা, নতুবা ইত্যাদি।

৩। ভাৱবোধক অব্যয়  (Interjection)

মনৰ আবেগজনিত সুখ, দুখ, হাঁহি, কান্দোন, বিষ্ময় আদি বুজোৱা অব্যয় পদক ভাৱবোধক অব্যয় বোলে। উদাহৰণ–

বাঃ! আমি খেলত জিকিলোঁ।

ছিঃ তুমি কিমান নীচ !

কিছুমান ভাৱবোধক অব্যয় হ’ল– উঃ, বাঃ, হায়, ইছ, ঔ, দেহি ঔ, ইত্যাদি।

৪। সম্বোধনবোধক অব্যয়  (Relative Preposition)

কাৰোবাক সম্বোধন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা অব্যয় পদক সম্বোধনবোধক অব্যয় বোলে। উদাহৰণ–

হেৰা! সোনকালে ইয়ালৈ আহ।

হে ৰাম, তুমি কি কৰিলা?

কিছুমান সম্বোধনবোধক অব্যয় পদৰ উদাহৰণ হ’ল– হেৰি, হেৰা, হে, এ, ঐ, হে আদি।

৫। প্রশ্নবোধক অব্যয় ( Interrogative Preposition)

প্ৰশ্ন সুধোতে ব্যৱহাৰ হোৱা অব্যয় পদক প্রশ্নবোধক অব্যয় বোলে। উদাহৰণ–

সি আহিল নে?

তুমি অংকটো কৰিলা জানো?

কিছুমান প্রশ্নবোধক অব্যয় পদ হ’ল– কি, নেকি, জানো, কেনে, নো, নে, আদি।

৬। সমিধানবোধক অব্যয় (Solutionary Preposition)

প্ৰশ্নৰ উত্তৰ বা কোনো সমিধান দিয়া অৰ্থত ব্যৱহাৰ হোৱা অব্যয় পদক সমিধানবোধক অব্যয় বোলে। উদাহৰণ–

হয়, ৰাজেন আহিল।

এৰা, মই ভাল।

ওঁহো, সি যাব নোৱাৰা।

কিছুমান সমিধানবোধক অব্যয় হ’ল– ও, হয়, এৰা, বাৰু, ওঁহো, হু,  আদি।

৬। আনুষঙ্গিক অব্যয় (Preposition)

যি অব্যয় পদে কোনো সংজ্ঞা বা ব্যক্তিবোধক সৰ্বনামৰ পিছত বহি  বিশেষ অৰ্থ প্ৰকাশ কৰে তাকে আনুষঙ্গিক অব্যয় বোলে। উদাহৰণ–

তুমি আহিবা চোন।

তুমি ৰামৰ সৈতে আহিবা।

কিছুমান আনুসঙ্গিক অব্যয় পদ হ’ল– হেতু, বিনা, বিনে, নিমিত্তে, প্ৰতি, দৰে, বাহিৰে, হে, তো, কাৰণে, কিন্তু, নিচিনা, সৈতে, হ’লে আদি।

অনুশীলনী

(১) অব্যয় কাক বোলে?

(২) ভাৱবোধক অব্যয় বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।

(৩) সম্বোধনবোধক অব্যয় বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৪)  আনুষঙ্গিক অব্যয় বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৫) সংযোজক অব্যয় বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৬) বিয়োজক বা পৃথকবোধক অব্যয় বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।

(৭) প্রশ্নবোধক অব্যয় বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৮) সমিধানবোধক অব্যয় বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

👉 Read also:

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰঅসমীয়া অব্যয় পদৰ শ্ৰেণী বিভাগ Classification of Preposition যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

1 thought on “অব্যয় পদৰ শ্ৰেণী বিভাগ Classification of Preposition 2026”

  1. This wesite is helpful for everyone.Specialy for assamese grammer seekers.hope admin will create the sign in option for the searche holders.b-coz it will help for the next search option.Thanks admin.

    Reply

Leave a Comment