Join WhatsApp

Join Now

Join Telegram

Join Now

উদ্দেশ্য অৰ্থ অনুযায়ী বাক্যৰ শ্ৰেণী বিভাগ 2026

By Nzmina Begum

Published On:

অৰ্থ অনুযায়ী বাক্যৰ শ্ৰেণী বিভাগ

উদ্দেশ্য অৰ্থ অনুযায়ী বাক্যৰ শ্ৰেণী বিভাগ

👉 Read also:

উদ্দেশ্য অৰ্থ অনুযায়ী বাক্যৰ শ্ৰেণী বিভাগ, বাক্যৰ জৰিয়তে আমি আমাৰ মনৰ বিভিন্ন ভাৱ-অনুভূতি, হৰ্ষ-বিষাদ, হাঁহি-কান্দোন, বিষ্ময় আদি প্ৰকাশ কৰো। এনেদৰে  ভাৱ  প্ৰকাশৰ  উদ্দেশ্য বা অৰ্থ অনুযায়ী অসমীয়া বাক্যক পাঁচোটা ভাগত ভাগ কৰা হৈছে, যথা–

(১) বৰ্ণনামূলক বাক্য (Assertive Sentence)

(২) প্রশ্নবোধক বাক্য (Interrogative Sentence)

(৩) অনুজ্ঞাবোধক  বা আদেশসূচক বাক্য (Imperative Sentence)

(৪) ইচ্ছাবোধক বাক্য (Optative Sentence) আৰু

(৫) আবেগসূচক বা ভাৱবোধক বাক্য (Exclamatory Sentence)।

১। বৰ্ণনামূলক বাক্য (Assertive Sentence)

যিবোৰ বাক্যৰ দ্বাৰা কোনো বক্তব্য বা বৰ্ণনা প্ৰকাশ কৰা হয় সেইবোৰ বাক্যক বৰ্ণনামূলক বাক্য বোলে। বৰ্ণনাত্মক বাক্যক ঘোষণাবোধক বাক্য (Statement) বুলিও কোৱা হয়। উদাহৰণ–

ৰাম অষ্ঠম শ্ৰেণীত পঢ়ে।

ৰাজন এজন ভাল ল’ৰা।

সিহঁতে ক্রিকেট খেলি আছে।

উক্ত বাক্য তিনিটাই সাধাৰণভাৱে কোনো বক্তব্য প্ৰকাশ কৰিছে সেয়ে বাক্যকেইটা বৰ্ণনামূলক বাক্য। বৰ্ণনামূলক বাক্যক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। যথা–

(ক) স্বীকাৰাত্মক বাক্য (Affirmative Sentence) আৰু

(খ) অ-স্বীকাৰাত্মক (নহয়বোধক) বাক্য (Negative Sentence)।

হয় বা হোৱা অৰ্থত ব্যৱহাৰ হোৱা বৰ্ণনামূলক বাক্যক স্বীকাৰাত্মক বাক্য বোলে। উদাহৰণ–

তাই বজাৰলৈ গৈছে।

আমি ফুটবল খেলি আছো।

জেৰিফাই কিতাপ পঢ়িছে।

ওপৰৰ বাক্যকেইটাই সাধাৰণ স্বীকাৰাত্মক বৰ্ণনা বহন কৰিছে সেয়ে বাক্য কেইটা স্বীকাৰাত্মক বৰ্ণনামূলক  বাক্য (Affirmative Sentence)।

আনহাতে যিবোৰ বাক্যই নহয়বোধক বক্তব্য প্ৰকাশ কৰে সেইবোৰ বাক্যক অ-স্বীকাৰাত্মক বা নহয়বোধক বাক্য (Negative Sentence) বোলে। উদাহৰণ–

সি ভাত নাখাব।

আজি আমি ক্রিকেট নেখেলো।

ৰামাকান্ত তালৈ নাযাব।

ওপৰৰ বক্তব্য কেইটাই নহয়েবাধক ভাৱ প্ৰকাশ কৰিছে সেয়ে বাক্যকেইটা অস্বীকাৰাত্মক বা নহয়বোধক বাক্য।

২। প্রশ্নবোধক বাক্য (Interrogative Sentence)

যিবোৰ বাক্যৰ দ্বাৰা কোনো প্ৰশ্ন সোধা হয় সেইবোৰ বাক্যক প্রশ্নবোধক বাক্য বোলে। উদাহৰণ–

সি দিল্লীলৈ যাবনে?

ৰাধিকাই  কি কৰি আছে?

আজমতে ৰামায়নখন পঢ়িছেনে?

উক্ত প্ৰতিটো বাক্যৰ দ্বাৰা একো-একোটা প্ৰশ্ন সোধা হৈছে । গতিকে বাক্যবোৰ প্রশ্নবোধক বাক্য ।

৩। অনুজ্ঞাবোধক বা আদেশসূচক বাক্য (Imperative Sentence)

যিবিলাক বাক্যৰ দ্বাৰা কোনো আদেশ, অনুৰোধ, প্ৰাৰ্থনা, নিষেধ আদি প্ৰকাশ কৰা হয় সেইবোৰ বাক্যক অনুজ্ঞাবোধক বা আদেশসূচক বাক্য বোলে। উদাহৰণ–

হৰি, তালৈ যোৱা।

বৰষুণত নিতিতিবা।

অনুগ্ৰহ কৰি তেওঁক সহায় কৰক।

ভিক্ষাৰীজনক দয়া কৰক।

ওপৰৰ প্ৰথমটো বাক্যটোৰ  দ্বাৰা কোনো আদেশ, দ্বিতীয়টোৰ দ্বাৰা নিষেধ, তৃতীয়টোৰ দ্বাৰা অনুৰোধ আৰু চতুৰ্থটোৰ দ্বাৰা প্ৰাৰ্থনা প্ৰকাশ কৰা হৈছে। এইবোৰ অনুজ্ঞাবোধক বা আদেশসূচক বাক্য।

৪। ইচ্ছাবোধক বাক্য (Optative Sentence)

যিবিলাক বাক্যৰ দ্বাৰা কোনো আশীৰ্বাদ, শুভেচছা জ্ঞাপন, শুভ কামনা  আদি প্ৰকাশ কৰা হয় সেইবোৰ বাক্যক ইচ্ছাবোধক বাক্য বোলে। উদাহৰণ–

ঈশ্বৰে তোমাৰ মঙ্গল কৰক।

তুমি কুশলে থাকা।

সিহঁতৰ জয় হওক।

ওপৰৰ বাক্যবোৰৰ দ্বাৰা মনৰ ইচ্ছা যেনে- আৰ্শীবাদ, শুভ কামনা আদি প্ৰকাশ কৰা হৈছে । গতিকে বাক্যবোৰ  ইচ্ছাবোধক বাক্য।

৫। আবেগসূচক বা ভাববোধক বাক্য (Exclamatory Sentence)

যিবিলাক বাক্যৰ দ্বাৰা মনৰ কোনো উচ্চ আবেগ যেনে- সুখ, দুখ, হাঁহি, কান্দোন, বিষ্ময় আদি ভাৱ প্ৰকাশ কৰা হয় সেইবোৰ বাক্যক আবেগসূচক বা ভাববোধক  বাক্য বোলে। উদাহৰণ–

হায়! মই মৰিলো।

হায়! তেওঁৰ সবৰ্বনাশ হ’ল।

হে ঈশ্বৰ ! মোক ৰক্ষা কৰা।

উহ! কিমান গৰম ।

বা! সিহঁত খেলত জিকিল।

চাব্বাচ ! আগবাঢ়ি যোৱা।

ওপৰৰ বাক্যবোৰৰ দ্বাৰা মনৰ শক্তিশালী ভাৱ প্ৰকাশ কৰা হৈছে। গতিকে বাক্যবোৰ আবেগসূচক বা ভাববোধক বাক্য।

ভাৱবোধক বাক্যত সাধাৰণতে ‘হায়’, ‘হে’, ‘উহ’, ‘বা’, ‘চাব্বাচ’ আদি আৱেগসূচক পদ ব্যৱহাৰ কৰা হয়। সাধাৰণতে এই পদবোৰৰ পিছত আৱেগসূচক চিন (! ) ব্যৱহাৰ কৰা হয়।

অনুশীলনী

(১) অৰ্থ অনুযায়ী অসমীয়া বাক্যক কেই ভাগত ভাগ কৰা হৈছে?

(২) বৰ্ণনাত্মক বাক্য কাক বোলে?

(৩) প্রশ্নবোধক বাক্য কাক বোলে? উদাহৰণ দিয়া ।

(৪) অনুজ্ঞাবোধক বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৫) ইচ্ছাসূচক  বাক্য কাক বোলে? সূত্র লিখি উদাহৰণসহ বুজাই লিখা।

(৬) আবেগ বা ভাৱবোধক  বাক্য কাক বোলে? সূত্র লিখি উদাহৰণসহ বুজাই লিখা।

(৭) তলৰ বাক্যবোৰ অৰ্থ অনুযায়ী শ্ৰেণী বিভাগ কৰা–

(ক ) তেওঁ আহিল।

(খ) ল’ৰাজনক দয়া কৰক।

(গ ) হায়! তেওঁৰ সৰ্বনাশ হ’ল।

(ঘ) সি কেতিয়া যাব?

(ঙ) ৰ’দত নদৌৰিবা।

(চ) তেওঁ বল নেখেলে।

(ছ) ঈশ্বৰে তোমাৰ মঙ্গল কৰক।

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ অৰ্থ অনুযায়ী বাক্যৰ শ্ৰেণী বিভাগ যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment