Join WhatsApp

Join Now

Join Telegram

Join Now

ষত্ব বিধি Khatba Bidhi কাক বোলে? ধাৰণা আৰু প্ৰশ্নোত্তৰ 2026

By Nzmina Begum

Published On:

ষত্ব বিধি Khatba Bidhi কাক বোলে সম্পর্কে ধাৰণা আৰু প্ৰশ্নোত্তৰ

ষত্ব বিধি Khatba Bidhi কাক বোলে? ধাৰণা আৰু প্ৰশ্নোত্তৰ

ষত্ব বিধি Khatba Bidhi কাক বোলে? ধাৰণা আৰু প্ৰশ্নোত্তৰ: ষত্ব বিধি বিধি হ’ল অসমৰ অসমীয়া ভাষাৰ উচ্চাৰণ তথা লিখন-নিয়মৰ এক গুৰুত্বপূর্ণ অংশ। ই বিশেষকৈ কিছু শব্দত “স” ধ্বনিটোৰ পরিবর্তে “ষ” ব্যৱহাৰৰ নিয়ম নিৰ্ধাৰণ কৰে। ইয়াৰ মূল উদ্দেশ্য হ’ল ভাষাৰ শুদ্ধ উচ্চাৰণ আৰু লিখনশৈলীৰ নিয়ম প্ৰয়োগ নিশ্চিত কৰা। এই লিখনিত ষত্ব বিধি Khatba Bidhi ৰ বিষয় আলোচনা কৰিব প্রাইস কৰিছো।

👉 Read also:

‘ণত্ব বিধি’য়ে যিদৰে দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’লৈ ৰূপান্তৰ হোৱাৰ বিধিক বুজায়, সেইদৰে অসমীয়া ভাষাত বহু ক্ষেত্ৰত দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’লৈ ৰূপান্তৰ হয়। এই বিধিসমূহকে ‘ষত্ব বিধি’ বুলি কোৱা হয়।

তলত ষত্ব বিধিৰ নিয়মসমূহ উল্লেখ কৰা হ’ল।

(১) ‘ঋ’ কাৰৰ পাছত  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ– বৃষ, তৃষা, কৃষ্ণ, ঋষি, ঋষভ, বৃষিত, বৃষভ ইত্যাদি।

(২) ‘ট’, ‘ঠ’ ৰ সৈতে যুক্ত  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ– দুষ্ট, সুমিষ্ট, স্পষ্ট, ষষ্ঠ, কষ্ট, মিষ্ট, ওষ্ট ইত্যাদি।

(৩) অ, আ- ৰ বাহিৰে অন্য ‘ক’ আৰু ‘ৰ’ ৰ পাছত প্ৰত্যয়ৰ প্ৰথম  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ– ভৱিষ্যত, শুশ্ৰূষা, শ্ৰীচৰণেষু, কৃষ্ণ, ঈৰ্ষা, বিষয়, মুমূৰ্ষু, ঋষি ইত্যাদি।

(৪) অনু, অধি, অভি, বি, পৰি, সু — আদি উপসৰ্গৰ পাছত বহা কিছুমান ধাতুৰ   দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ– অভিষেক, বিষাদ, সুষমা, পৰিষ্কাৰ, অনুষ্ঠান, অধিষ্ঠান, অভিলাষ, নিষেধ, বিষণ্ণ ইত্যাদি।

(৫) ভূমি, গো, অংগু- আদি শব্দৰ পাছত ‘স্থ’ ধাতুৰ  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ– অঙ্গুঠি, যুধিষ্ঠিৰ, ভূমিষ্ঠ, গোষ্ঠ, ইত্যাদি।

(৬) সু আৰু বি উপসৰ্গৰ পৰৱৰ্তী ‘সম’ শব্দৰ  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ– সুষমা, বিষম, সুষম ইত্যাদি।

(৭) প্ৰত্যয় যোগ হ’লে ‘ভবিস্য’, ‘হবিস’, আৰু ‘চাক্ষুস’ শব্দৰ  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ– হবিষ্য, চাক্ষুষ, ভৱিষ্যত ইত্যাদি।

(৮) কিছুমান শব্দ স্বাভাবিকতে মূৰ্দ্ধণ্য ‘ষ’ হয়। উদাহৰণ–

কুষ্মাণ্ড, ৰোষ, ঈৰ্ষা, কলুষ, পাষণ্ড, দোষ, পুৰুষ, ভাষা, উষা, আষাৰ, মেষ, শোষণ, তোষণ, আষাঢ়, উৎকৰ্ষ, ঔষধ, ষোড়শ, পুষ্প, পাষাণ, ভূষণ, বৰ্ষণ, বৰ্ষা, মহিষ, শিৰীষ, প্ৰত্যুষ, দ্বেষ, কৰ্ষণ, হৰ্ষ, বৰ্ষ, নিঃশেষ আদি।

ষত্ব বিধি নিষেধৰো কিছুমান বিধি আছে। অৰ্থাৎ অসমীয়া ভাষাত এনে কিছুমান পদ আছে যিবোৰত এই বিধিবোৰ প্রযোজ্য নহয় । তলত এনে নিষেধ বিধি উল্লেখ কৰা হ’ল।

(১) নিৰ্গত, অনুসৰণ, বিসৰ্জন, বিসৰ্গ, বিষ্ময় আদি শব্দত  ষত্ব বিধিৰ নিয়ম নাখাটে। এইবোৰক ষত্ব নিষেধ বুলি কোৱা হয়।

(২) অ’ বা ‘আ’ ৰ বাহিৰে অন্য স্বৰান্ত শব্দৰ পথছত  দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’ হয় যদিও  কেতিয়াবা এই নিয়ম নাখাটে। উদাহৰণ– ভূমিস্যাৎ, ধূলিস্যাৎ আদি।

(৩) ঋ-ৰ পাছত সাধাৰণতে মূৰ্দ্ধণ্য ‘ষ’ হয় যদিও কেতিয়াবা ‘ঋ’ৰ পাছত তালব্য- ‘শ’ পোৱা যায়। উদাহৰণ–

কৃশ, কৃশাংগী, কুশ ইত্যাদি।

অনুশীলনী

(১) ষত্ব বিধি বুলিলে কি বুজা ?

(২) ষত্ব বিধি কোন কোন ক্ষেত্ৰত প্ৰযোজ্য হয়, লিখা।

(৩) ক’ত ক’ত ষত্ব বিধি  প্রযোজ্য নহয়, লিখা।

(৪) তলত দিয়া শব্দবোৰত মূৰ্দ্ধণ্য ‘ষ’ হোৱাৰ কাৰণ দৰ্শোৱা।

ঋষি, যুধিষ্ঠিৰ, পৰিষ্কাৰ, অনুষ্ঠান, আধিষ্ঠান, অভিষেক, অভিলাষ, শ্ৰীচৰণেষু, পাষাণ, ভূষণ, কুষ্মাণ্ড, ৰোষ, কষ্ট, মিষ্ট, সুমিষ্ট, স্পষ্ট, ঈৰ্ষা, কলুষ, সুষম, সুষমা, বিষম,  চাক্ষুষ, ভবিষ্যত, পাষণ্ড।

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ ষত্ব বিধি Khatba Bidhi যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment