Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়া ক্ৰিয়া পদৰ শ্ৰেণী বিভাগ Classification of Verb 2026

By Nzmina Begum

Published On:

ক্ৰিয়া পদৰ শ্ৰেণী বিভাগ Classification of Verb

অসমীয়া ক্ৰিয়া পদৰ শ্ৰেণী বিভাগ Classification of Verb

অসমীয়াত ক্ৰিয়া পদৰ শ্ৰেণী বিভাগ (Classification of Verb) হ’ল বাক্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদ। ক্ৰিয়াই কৰ্তাৰ কাৰ্য, অৱস্থা, বা অৱস্থাৰ পৰিৱর্তন প্ৰকাশ কৰে। অসমীয়াত ক্ৰিয়াৰ বিভিন্ন শ্ৰেণীবিভাগ আছে।

👉 Read also:

যি পদে কোনো কাম কৰা বা হোৱা  অৰ্থ বুজায় তাকে ক্ৰিয়া (Verb) বোলে। যেনে–

আমি বল খেলোঁ ।

উক্ত বাক্যটোত ‘খেলোঁ’ পদটি ক্ৰিয়া পদ।

বৈশিষ্ট্য অনুযায়ী অসমীয়া ক্ৰিয়া পদক দুটা ভাগত ভাগ কৰা হৈছে, যথা–

(১) সমাপিকা বা সাধ্যা ক্ৰিয়া (Finite Verb)  আৰু

(২) অসমাপিকা বা সিদ্ধা ক্ৰিয়া (Non-finite Verb)

যিবোৰ ক্ৰিয়াই বাক্য এটা সম্পূৰ্ণ কৰিব পাৰে তাকে সমাপিকা ক্ৰিয়া বা সাধ্যা ক্ৰিয়া (Finite Verb) বোলে। উদাহৰণ–

আমি ভাত খাওঁ।

তপনে কিতাপ পঢ়িছে।

আনহাতে যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰিব নোৱাৰে তাকে অসমাপিকা ক্ৰিয়া বা সিদ্ধা ক্ৰিয়া (Non-finite Verb) বোলে। উদাহৰণ–

ৰামহঁতে  স্কুলৰ পৰা আহি খেলিব।

ৰাজেনৰ  কাম  দেখি তেওঁ খং কৰিলে।

অৰ্থ অনুযায়ী ক্ৰিয়া পদক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, যথা–

(১) সকৰ্মক ক্ৰিয়া (Transitive  Verb)  আৰু

(২) অকৰ্মক ক্ৰিয়া (Intransitive  Verb)

যি ক্ৰিয়া পদৰ কৰ্ম থাকে তাকে সকৰ্মক ক্ৰিয়া (Transitive  Verb) বোলে। উদাহৰণ–

সি ভাত খাইছে।

সিহঁতে ক্রিকেট খেলিলে।

ওপৰৰ উদাহৰণ দুটাত ‘খাইছে’ আৰু খেলিলে’ সকৰ্মক ক্ৰিয়া কিয়নো এই ক্ৰিয়া দুটাৰ ক্ৰমে ‘ভাত’ আৰু ‘ক্রিকেট’ কৰ্ম।

সকৰ্মক ক্ৰিয়াৰ আকৌ দুটা ভাগ আছে, যথা–

(১) এক-কৰ্মক  ক্ৰিয়া   আৰু

(২) দ্বি-কৰ্মক ক্ৰিয়া

এটা কৰ্ম থকা ক্ৰিয়াক এক-কৰ্মক ক্ৰিয়া বোলে । উদাহৰণ–

মই চিঠি লিখো।

সি গাড়ী চলায়।

উপৰি উক্ত বাক্য দুটাত ক্ৰমে ‘লিখো’ আৰু ‘চলায়’ ক্ৰিয়া পদ। ইহঁতৰ এটাকৈ কৰ্ম আছে।

যি ক্ৰিয়াৰ দুটা কৰ্ম থাকে তাকে দ্বি-কৰ্মক ক্ৰিয়া বোলে। উদাহৰণ–

তাই মোক এখন কলম দিলে।

উক্ত বাক্যটোত ‘দিলে’ ক্ৰিয়া পদ। এই ক্ৰিয়া পদটোৰ দুটা কৰ্ম যথাক্ৰমে- ‘মোক’ আৰু ‘কলম’।

দ্বি-কৰ্মক ক্ৰিয়াৰ কৰ্মৰ এটা প্ৰাণীবাচক (Animate) আৰু আনটো অপ্ৰাণীবাচক (Inanimate) হয়।

প্ৰাণীবাচক কৰ্ম সদায় কোনো মানুহ বা কোনো জীৱ-জন্তু (Animate Being) হয়।

কিন্তু অপ্ৰাণীবাচক কৰ্ম সদায় জীৱ-জন্তুৰ বাহিৰে অন্য বস্তু বা পদাৰ্থ (Inanimate thing ) বা কোনো ধাৰণা (abstract idea) হয়।

ওপৰত দিয়া উদাহৰণটোৰ ’মোক’ প্ৰাণীবাচক কৰ্ম আৰু  ‘কলম’ অপ্ৰাণীবাচক কৰ্ম।

অপ্ৰাণীবাচক কৰ্মক প্ৰধান কৰ্ম (Direct Object) আৰু প্ৰাণীবাচক কৰ্মক গৌণ কৰ্ম (Indirect Object) বুলি কোৱা হয়।

অনুশীলনী

(১) ক্ৰিয়া বুলিলে কি বুজা ?

(২) বৈশিষ্ট্য অনুযায়ী অসমীয়া ক্ৰিয়া  পদক কেই শ্ৰেণীত  ভাগ কৰা হৈছে?

(৩) সমাপিকা ক্রিয়া বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

👉 Read also:

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ ক্ৰিয়া পদৰ শ্ৰেণী বিভাগ। Classification of Verb যদি এই অনুচ্ছেদ টো পঢ়রী  আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

2 thoughts on “অসমীয়া ক্ৰিয়া পদৰ শ্ৰেণী বিভাগ Classification of Verb 2026”

Leave a Comment