Join WhatsApp

Join Now

Join Telegram

Join Now

বিশেষণ পদৰ শ্ৰেণী বিভাগ। Classification of Adjective 2026

By Nzmina Begum

Published On:

বিশেষণ পদৰ শ্ৰেণী বিভাগ Classification of Adjective

বিশেষণ পদৰ শ্ৰেণী বিভাগ। Classification of Adjective

(বিশেষণ পদৰ শ্ৰেণী বিভাগ। Classification of Adjective) বিশেষ্য বা সৰ্বনাম পদৰ গুণ, দোষ, সংখ্যা, পৰিমাণ, অৱস্থা আদি বুজোৱা পদক বিশেষণ (Adjective) বোলে।

👉 Read also:

অসমীয়া বিশেষণ পদবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে, যথা–

(১) বিশেষ্য-বিশেষণ (Adjectival Noun)

(২) বিশেষণীয়-বিশেষণ (Adjectival Adverb) আৰু

(৩) ক্ৰিয়া-বিশেষণ  (Adjectival Verb) তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

১। বিশেষ্য-বিশেষণ (Adjectival Noun)

বিশেষ্য বা সৰ্বনাম পদৰ গুণ, দোষ, অৱস্থা, আদি বুজোৱা বিশেষণ পদক বিশেষ্য-বিশেষণ বোলে। উদাহৰণ–

গুণী ছোৱালী, তিতাঁ কেৰেলা, মিঠা ফল, অভিজ্ঞ শিক্ষক ইত্যাদি।

২। বিশেষণীয়-বিশেষণ (Adjectival Adverb)

বিশেষণ পদক বিশেষকৈ বুজোৱা পদক বিশেষণীয় বিশেষণ বোলে।  উদাহৰণ–

অতি চতুৰ ল’ৰা, বৰ ডাঙৰ কঁঠাল, বেছি দুষ্ট ছোৱালী,  ইত্যাদি।

৩। ক্ৰিয়া-বিশেষণ  (Adjectival Verb)

ক্ৰিয়া পদৰ ধৰণ বা অৱস্থা বুজোৱা বিশেষণক ক্ৰিয়া-বিশেষণ বোলে।  উদাহৰণ–

খৰচি মাৰি পঢ়িবা, বেগাই যোৱা, লাহে লাহে আহ  ইত্যাদি।

অনুশীলনী

(১) বিশেষণ কাক বোলে?

(২) ক্রিয়া বিশেষণ কাক বোলে ? সূত্র লিখি উদাহৰণ দিয়া।

(৩) বৈশিষ্ট্য অনুযায়ী অসমীয়া বিশেষণ পদবোৰক কেই শ্ৰেণীত  ভাগ কৰা হৈছে? প্ৰতিবিধৰ নাম লিখি উদাহৰণ বুজাই লিখা।

👉 Read also:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment