আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ ভক্তি আৰু চুফী পৰম্পৰা, ধাৰ্মিক বিশ্বাসৰ পৰৱিৰ্তন আৰু ধর্মীয় গ্রন্থ Class 12 History Chapter 7 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
ভক্তি আৰু চুফী পৰম্পৰা Class 12 History Chapter 7 Solutions
ভক্তি আৰু চুফী পৰম্পৰা, ধাৰ্মিক বিশ্বাসৰ পৰৱিৰ্তন আৰু ধর্মীয় গ্রন্থ
সপ্তম অধ্যায়
ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ১)
১। জগন্নাথ শব্দৰ অৰ্থ কি?
উত্তৰ: জগন্নাথ শব্দৰ অৰ্থ হ’ল সমগ্র বিশ্বৰ স্বামী বা গৰাকী।
২। বিষ্ণুৰ স্ত্রী হিচাপে কোন দেবীক পূজা-অর্চনা কৰা হয়?
উত্তৰ: লক্ষ্মীদেৱীক।
৩। শিৱৰ স্ত্রী হিচাপে কোন দেবীক মান্য কৰা হয়?
উত্তৰ: পার্বতীক।
৪। দেবী আৰাধনা পদ্ধতিক কি বুলি জনা যায়?
উত্তৰ: তান্ত্রিক পদ্ধতি।
৫। আদি বৈদিক যুগৰ তিনিটা দেৱতাৰ নাম লিখা।
উত্তৰ: ইন্দ্ৰ, অগ্নি আৰু সোম।
৬। তামিলনাডুৰ আলৱাৰসকল কোন দেৱতাৰ ভক্ত?
উত্তৰ: বিষ্ণু দেৱতাৰ ভক্ত।
৭। নয়নাৰসকল কোন দেবতাৰ ভক্ত?
উত্তৰ:শিব ভক্ত।
৮। কোনখন কাব্য সংকলনক ‘তামিল বেদ’ বুলি কোৱা হয়?
উত্তৰ: আলৱাৰ সন্তসকলৰ দ্বাৰা ৰচনা কৰা ‘নালায়িৰাদিব্য প্ৰৱন্ধনম’ক তামিল বেদ’ বুলি কোৱা হয়।
৯। দক্ষিণ ভাৰতৰ ভক্তি আন্দোলনৰ পৰম্পৰাৰ লগত জড়িত এজনী মহিলা ভক্তৰ নাম লিখা।
উত্তৰ: আন্দাল।
১০। আৰব সেনাপতি মহমদ বিন কাচিমে কেতিয়া সিন্ধু দেশ জয় কৰে?
উত্তৰঃ ৭১১ খৃঃত।
১১। ‘জিম্মী’ শব্দৰ অৰ্থ কি?
উত্তৰ : সুৰক্ষা বা সুৰক্ষিত।
১২। কোনজন মোগল সম্রাটে গুজৰাটৰ কামবাটত খৃষ্টান পাদুৰীসকলক গীর্জা ঘৰ নিৰ্মাণ কৰিবলৈ অনুমতি দিছিল?
উত্তৰ: মোগল সম্রাট আকবৰে।
১৩। ইছলাম সমাজত কেতিয়া চুফী ছিলছিলা গঠন হয়?
উত্তৰ: ১২ শতিকাৰ আশে-পাশে।
১৪। ‘উৰচ’ শব্দৰ অৰ্থ কি?
উত্তৰ: ‘উৰচ’ শব্দৰ অৰ্থ হ’ল বিবাহ বা মিলন।
১৫। ‘কশফ-উল-মহজুব’ গ্রন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰ: হাছান-আল হুজুৰি।
১৬। কবীৰ কাৰ শিষ্য আছিল?
উত্তৰ : ৰামানন্দৰ।
১৭। কৰীৰৰ সংকলিত বাণীসমূহক কি বুলি জনা যায়?
উত্তৰ কৰীৰ বীজ।
১৮। গুৰু নানকৰ জন্ম ক’ত হৈছিল?
উত্তৰ: পঞ্জাৱৰ নানক চাহিব নামৰ এখন গাওঁত।
১৯। তান্ত্রিক পদ্ধতি কাক কয়?
উত্তৰ: পূজা-অর্চনাত দেৱী আৰাধনা কৰা পদ্ধতিক তান্ত্রিক পদ্ধতি বুলি কোৱা হয়।
২০। লিংগায়ত সকল কোন আছিল?
উত্তৰ: শিবভক্তসকলক লিংগায়ত বোলা হৈছিল।
২১। খানকাহ কি?
উত্তৰ: খানকাহ হৈছে ইছলাম ধর্মাবলম্বী সকলৰ এক প্ৰকাৰ ধৰ্মাশ্রম। ইয়াত ধর্মগুৰুসকলে শিষ্যসকলৰ সৈতে বাস কৰে।
২২। ‘ছিলছিলা’ মানে কি? H. S. ’19
উত্তৰ: ‘ছিলছিলা’ৰ শব্দগত অর্থ হ’ল শিকলি।
২৩। খাজা মাইনুদ্দিন চিষ্টিৰ দৰগাহ পৰিভ্ৰমণ কৰা প্ৰথমজন চুলতান কোন আছিল?
উত্তৰ: মহম্মদ বিন টোগলক।
২৪। শিখসকলৰ ধৰ্ম গ্ৰন্থখনৰ নাম কি?
উত্তৰ : গ্রন্থ চাহিব।
২৫। ‘ডামি-ই-কোষ’ কি আছিল? H. S. ’17
উত্তৰ: পাহাৰৰ অতি ঘন জংঘলক ‘ডামি-ই-কোষ’ বুলি কোৱা হৈছিল। এনে অঞ্চলত পাহাৰীয়া লোকৰ বাহিৰে আন কোনো লোকে হস্তক্ষেপ কৰিব নোৱাৰিছিল।
২৬। ‘আইন-ই-আকবৰী’ কোনে ৰচনা কৰিছিল? H. S. ’18
উত্তৰ: আবুল ফজল।
খ. চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক – ২)
১। দুজন বিখ্যাত চুফী সন্তৰ নাম লিখা।
উত্তৰ: দুজন চুফী সন্তৰ নাম হ’ল: শেইখ মইনুদ্দিন চিষ্টি আৰু কুতুবুদ্দিন বখতিয়াৰ কাকী।
২। মচনবী কি?
উত্তৰ: চুফী পণ্ডিতসকলে ৰচনা কৰা দীঘল কবিতাবোৰক ‘মচনবী’ বুলি কোৱা হয়। এনে কবিতাবোৰৰ সহায়ত ঐশ্বৰীয় প্রেমক মানবীয় প্রেমৰ ৰূপকৰ দ্বাৰা বুজোৱা হৈছিল। উদাহৰণ মালিক মহম্মদ জয়সীয়ে ৰচনা কৰা ‘পদ্মাবতী’। ইয়াত চিতোৰৰ ৰাণা ৰতন সিংহৰ প্ৰেমৰ কাহিনী বর্ণনা কৰা হৈছে।
৩। মীৰাবাঈ কোন আছিল?
উত্তৰ: মীৰাবাঈ ভক্তি পৰম্পৰাৰ প্ৰসিদ্ধ মহিলা কবি আছিল। তেওঁ ৰাজস্থানৰ মীৰাট জিলাৰ এগৰাকী ৰাজকুমাৰী আছিল। তেওঁ কৃষ্ণভক্ত আছিল। তেওঁ ৰাজপ্রসাদ ত্যাগ কৰি নানা ঠাই ভ্রমণ কৰি ৰাজস্থানী আৰু ব্রীজ ভাষাত ভক্তিমূলক কবিতা ৰচনা কৰিছিল।
৪। খাজা মইনুদ্দিনৰ দৰগাহ জনপ্রিয় হোৱাৰ দুটা কাৰণ লিখা। H. S. ’16
উত্তৰ: খাজা মইনুদ্দিনৰ দৰগাহ জনপ্রিয় হোৱাৰ দুটা কাৰণ হ’ল:
(ক) মইনুদ্দিনৰ দৰগাহটো দিল্লী আৰু গুজৰাটৰ সংযোগ স্থলত থকা বাবে তীর্থযাত্রীসকলক সহজে আকৰ্ষণ কৰিব পাৰিছিল।
(খ) তেওঁ আছিল এজন মহানুভৱী আদর্শবান ব্যক্তি। সেয়ে তেওঁৰ ব্যক্তিত্বত আকর্ষিত হৈ বহুত লোক তেওঁৰ শিষ্যত্ব গ্রহণ কৰিছিল। আনকি মোগল সম্রাটসকলেও দোরা প্রার্থী হৈ তেওঁৰ দৰগাহলৈ গৈছিল। H. S. ’15
৫। পঞ্চপীৰসকল কোন কোন আছিল?
উত্তৰ: পঞ্চপীৰসকল হল: মইনুদ্দিন চিষ্টি, কুতুবুদ্দিন বখতিয়াৰ কাকী, ফৰিদ উদ্দিন, গঞ্জ-ই-শাক, নিজামুদ্দিন আউলিয়া আৰু নাচিৰুদ্দিন চিবাগ-ই-দিল্লী।
৬। শ্ববিয়া মানে কি? ইয়াৰ যিকোনো এটি ভিত্তিৰ নাম উল্লেখ কৰা।
উত্তৰঃ শ্বৰিয়া মানে মুছলমানসকলে মানি চলা সামাজিক আইন। ই ধর্ম ভিত্তিক।
খ. মজলীয়া উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)
১। ভক্তি আন্দোলনৰ মুখ্য নীতিবোৰ কি আছিল?
উত্তৰ: ভক্তি আন্দোলনৰ মুখ্য নীতিবোৰ আছিল:
(ক) এক ঈশ্বৰবাদত বিশ্বাস কৰা।
(খ) ঈশ্বৰ বা ভগৱানৰ সেৱাত নিজকে উছৰ্গা কৰা।
(গ) গুৰুৰ প্ৰতি অচলা ভক্তি নিবেদন কৰা।
(ঘ) জাতিভেদ প্রথাৰ বিৰোধিতা কৰা।
২। কবীৰৰ ওপৰত এটি চমু টোকা লিখা। নাইবা কবীৰৰ উল্টাবাসী ৰচনা বুলিলে কি বুজা? H. S. ’20
উত্তৰ: কবীৰ আছিল ১৫ শ শতিকাৰ ভক্তি আন্দোলনৰ লগত জড়িত এজন সন্ত। তেওঁ এগৰাকী ব্রাহ্মণ বিধৱাৰ অবৈধ সন্তান বুলি কোৱা হয়। তেওঁক এজন মুছলমান তাঁতীয়ে লালন-পালন কৰে। পিছলৈ তেওঁ ইছলাম আৰু হিন্দু ধর্ম দৰ্শনৰ দ্বাৰা প্রভাবিত হয় আৰু ভক্তিবাদ প্ৰচাৰৰ লগত জড়িত হৈ পৰে। তেওঁ বহুতো গীত পদ ৰচনা কৰিছিল। তেওঁৰ সংকলিত বাণীসমূহক ‘কবীৰ বীজ’ বুলি কোৱা হয়। তেওঁৰ বাণীসমূহ হিন্দু-মুছলমান দুয়ো জাতিৰ মানুহৰ মাজত জনপ্রিয়তা অর্জন কৰিছিল। তেওঁৰ কিছুমান বাণী শিখ সকলৰ ‘গ্রন্থ চাহিব’তো সন্নিবিষ্ট হৈছে। কবীৰৰ কিছুমান গীত পদক ‘উল্টাবাসী ৰচনা’ বুলিও কোৱা হয়। উল্টাবাসী ৰচনাসমূহত অর্থসমূহক ওলোটা ভাবত প্রকাশ কৰা হৈছিল। উল্টাবাসী ৰচনাত থকা তাৎপর্য সহজে বুজিব নোৱাৰি। উদাহৰণ ফুল অবিহনে ‘পদুম ফুলা’, সমুদ্রত জুই আদি। পৰম সত্যক বর্ণনা কৰিবলৈ বিভিন্ন পৰম্পৰাৰ সহায় লোৱাটো কবীৰৰ দোহাসমূহৰ অন্যতম প্রধান বৈশিষ্ট্য আছিল।
৩। তাজকিৰা মানে কি বুজাই লিখা। H. S. ’16
উত্তৰ: ‘তাজকিৰা’ হৈছে ইছলামধৰ্মাৱলম্বী চুফী সন্তসকলৰ জীৱনী। সকলোতকৈ প্রসিদ্ধ তাজকিবাখন হ’ল আব্দুল হক মুহাদ্দিৰ দেহাভীৰ ‘আখবাৰ উল-আখিয়াৰ’। ভাৰতত লিখা এক তাজকিৰা হ’ল ‘চিয়াৰ উল-আউলীয়া’। এইখন মীৰ খুৰ্দ ফিৰমানী নামৰ এজন সন্তই ৰচনা কৰিছিল। তাজকিৰাৰ লিখকসকলৰ মূল উদ্দেশ্য হ’ল নিজ নিজ ছিলছিলা প্রতিষ্ঠা কৰাৰ লগতে আধ্যাত্মিক মহিমা প্ৰচাৰ কৰা। তাজকিৰাৰ বহুত বর্ণনাই অদ্ভুদ আৰু অবিশ্বাস্য যেন লাগিলেও চুফী পৰম্পৰাৰ মহত্ব আৰু স্বৰূপ বুজাত এইবোৰে ইতিহাসবিদসকলক যথেষ্ট সহায় কৰে।
৪। খানকাহ কি? খানকাহত কেনেদৰে জীৱন কটোৱা হয় বর্ণনা কৰা।
উত্তৰ : যি ঠাইত মুছলমান সাধু বা সন্তই তেওঁৰ শিষ্য বৰ্গৰ সৈতে একেলগে থাকি জীৱন নির্বাহ কৰে সেই ঠাইখনকে ‘খানকাহ’ বুলি কোৱা হয়। খাহকাহ হ’ল এক আশ্রম সদৃশ। তাত থাকিবলৈ সৰু সৰু কোঠা যুক্ত ঘৰ থাকে। ইয়াৰ উপৰিও তাত এটা ডাঙৰ হলঘৰ থাকে। তাক ‘জমিয়ৎ খানা’ বুলি কোৱা হয়। জমিয়ৎ খানাত সাধুজনে শিষ্যসকলৰ লগত ধর্মীয় বিষয় আলোচনা কৰে। খানকাহলৈ প্রায় সকলো ধৰ্মৰ লোকে সন্তজনৰ আশীৰ্বাদ বিচাৰি যায়। কিছুমান লোকে সন্ত বা গুৰুজনৰ পৰা বেমাৰৰ পৰা আৰোগ্য পোৱাৰ উপায় বিচাৰিও যায়। খানকাহত বিনামূলীয়া খাদ্যৰ ব্যৱস্থা কৰা হয়। ই ভক্তসকল বা ভক্তিপ্রাণ লোকৰ দান-বঢ়ঙনিৰ দ্বাৰা পৰিচালিত হয়। মধ্য যুগত খানকাহসমূহে ৰাজকীয় পৃষ্ঠপোষকতাও পাইছিল। সন্তজনৰ সমাধিস্থল খানকাহৰ ওচৰতে থাকে। পিছলৈ ই তীর্থস্থানত পৰিণত হৈছিল।
ঘ. ৰচনাধৰ্মী উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)
১। চুফী পৰম্পৰাৰ বিকাশ সম্পর্কে আলোচনা কৰা।
উত্তৰ: চুফী পৰম্পৰা হৈছে ইছলাম ধৰ্মৰ লগত জড়িত এক মতবাদ। ইছলামৰ প্ৰাৰম্ভিক শতাব্দী কেইটাত ধর্মীয় তথা ৰাজনৈতিক সংস্থা খিলাফতৰ গোড়ামি আৰু জড়বাদৰ বিৰুদ্ধে কিছু আধ্যাত্মিক লোকৰ মাজত বৈৰাগ্য আৰু ৰহস্যবাদী চিন্তাৰ উদ্রেক হয়। ইয়াকে ‘চুফীবাদ’ বুলি কোৱা হয়। চুফীবাদৰ ইছলামী প্রতিশব্দ হ’ল ‘তাচাউফ’। ইতিহাসবিদসকলৰ মতে, এই শব্দটো ‘চুর্ফ’ শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে উণ। ই চুফীসকলে পিন্ধিবৰ কাৰণে ব্যৱহাৰ কৰা খহটা ঊণ কাপোৰৰ কথা সূচায়।
আন এচাম পণ্ডিতৰ মতে, চুফী শব্দটো ‘চাফা’ শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে পৰিষ্কাৰ। আনহাতে পয়গম্বৰ হজৰত মহম্মদে মছজিদৰ বাহিৰত ধৰ্মীয় কথা আলোচনা কৰা স্থান ‘চোফা’ৰ পৰা চুফী শব্দৰ উৎপত্তি হোৱা বুলি ক’ব খোজে। চুফী শব্দটো য’ৰ পৰাই উদ্ভৱ নহওক কিয়, চুফীবাদৰ কিছুমান বৈশিষ্ট্য আছে-
(ক) এওঁলোকে ধর্মীয় পৰিভাষা আৰু ধৰ্মতত্ত্ববিদসকলৰ দ্বাৰা কোৰান আৰু চুন্নাৰ বৌদ্ধিক ব্যাখ্যাসমূহ সমালোচনা কৰিছিল।
(খ) তেওঁলোকে মুক্তিপ্রাপ্তিৰ কাৰণে ইয়াৰ বিপৰীতে ঈশ্বৰক ভক্তি আৰু পয়গম্বৰ মহম্মদৰ আদর্শ পালনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
(গ) তেওঁলোকে নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিত কোৰাণৰ ব্যাখ্যা আগবঢ়াইছিল।
২। গুৰু নানকৰ বিষয়ে চমুকৈ আলোচনা কৰা।
নাইবা
গুৰু নানক কোন আছিল? তেওঁৰ মূল ধর্মীয় নীতিসমূহ কি কি আছিল? H. S. ’19
উত্তৰ গুৰু নানক হৈছে শিখ ধৰ্মৰ প্ৰৱৰ্তক। তেওঁ ১৪৬৯ চনত মুছলিম অধ্যুষিত পঞ্জাৱৰ ৰাভা নদীৰ পাৰৰ নানক চাহিব নামৰ গাওঁৰ এটি হিন্দু বণিকৰ পৰিয়ালত জন্ম গ্রহণ কৰে। কম বয়সত বিবাহ পাশত আবদ্ধ হোবা নানকে অধিক সময় চুফী সন্ত আৰু ভক্তসকলৰ লগত অতিবাহিত কৰিছিল। তেওঁ ভাৰতৰ নানান ঠাই ঘুৰি ফুৰিছিল। আনকি তেওঁ মক্কা, মদিনা আৰু বাগদাদলৈয়ো গৈছিল। তেওঁ হিন্দু ভক্তি দর্শন আৰু ইছলামী দৰ্শনৰ দ্বাৰা প্রবলভাবে প্রভাবিত হৈছিল। তেওঁ সেই সময়ত ভাৰতত চলি থকা ধর্মীয় বিশৃঙ্খলা আৰু গোড়ামিৰ বিৰুদ্ধে হিন্দু আৰু ইছলামীয় দর্শনৰ ভিত্তিত নিজাকৈ এক মতবাদ প্ৰচাৰ কৰিবলৈ লয়।
তেওঁৰ মতসমূহ ভজন আৰু উপদেশৰ সুৰত কোৱা কথা বা বাণীসমূহত নিহিত হৈ আছে। তেওঁৰ ধৰ্মমত একেশ্বৰবাদী। আন্তৰিকভাবে ভগবানক উপাসনা কৰা আৰু চিত্ত শুদ্ধি কৰাই হৈছে তেওঁৰ ধৰ্মমতৰ মূল কথা। তেওঁ ধৰ্মৰ বাহ্যিক আড়ম্বৰসমূহ পৰিত্যাগ কৰিছিল। নানকৰ মতে পৰম পুণ্য ‘ৰব’ (সৃষ্টিকর্তা)ৰ কোনো লিংগ নাই। তেওঁ নিৰাকাৰ। তেওঁ ‘ৰব’ৰ উপাসনাৰ সৰল পন্থা হিচাপে নিৰন্তৰ ভগৱানৰ নাম জপ কৰিবলৈ উপদেশ দিছিল।
গুক নানকে তেওঁৰ শিষ্যসকলক এটা বিশেষ সম্প্রদায় হিচাপে সংগঠিত কৰিছিল। তেওঁ সামুহিক উপাসনাৰ নিয়ম প্রবর্তন কৰিছিল। নানকে তেওঁৰ অনুগামী অংগদক তেওঁৰ উত্তৰাধিকাৰী পদত অধিষ্ঠিত কৰি থৈ গৈছিল। গুৰু নানকে কোনো নতুন ধৰ্মমতৰ প্ৰচাৰ কৰিব বিচৰা নাছিল। কিন্তু তেওঁৰ মৃত্যৰ পিছত তেওঁৰ অনুগামী সকলে নিজৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি সু-সংগঠিত কৰি নিজকে হিন্দ-মুছলমান দুয়োৰ পৰা পৃথক কৰি ‘শিখ’ হিচাপে চিহ্নিত কৰিলে। পঞ্চম শিখ গুৰু অর্জুনদেৱে গুৰু নানকৰ বাণীসমূহ সংকলন কৰি আদি ‘গ্রন্থ চাহিব’ নামৰ গ্ৰন্থত সন্নিবিষ্ট কৰে। গুৰু নানাক হিন্দু মুছলমান দুয়ো সম্প্রদায়ৰ শ্রদ্ধা-ভক্তি আদায় কৰিছিল। তেওঁৰ বিষয়ে কোৱা হয়- ‘গুৰু নানক চাহ ফকিৰ হিন্দু কা গুৰু মুছলমানকা পীৰ।’
৩। ইছলাম ধৰ্মৰ মূল নীতিসমূহ আলোচনা কৰা।
উত্তৰ হজৰত মহম্মদ ইছলাম ধৰ্মৰ প্ৰৱর্তক। এই ধর্ম কিছুমান স্পষ্ট নীতিৰ ওপৰত প্রতিষ্ঠিত। নীতিবোৰ হ’ল:
(ক) ইছলাম ধর্মই এক ঈশ্বৰবাদত বিশ্বাস কৰে।
(খ) হজৰত মহম্মদক ঈশ্বৰৰ প্ৰেৰিত দূত বুলি বিশ্বাস কৰে।
(গ) এই ধর্মমতাৱলম্বীসকলে দিনত পাঁচবাৰ ঈশ্বৰৰ উপাসনা কৰে।
(ঘ) সমাজৰ ধনী লোকসলে সিহঁতৰ স্থাৱৰ সম্পত্তিৰ চল্লিশ ভাগৰ এভাগ প্ৰতিবছৰ ৰমজান মাহত দুখীয়াক দান কৰে।
(ঙ) গোটেই ৰমজান মাহটোৰ দিবা ভাগত ৰোজা (উপবাস) পালন কৰে।
(চ) সামর্থবান লোকসকলে মক্কালৈ তীর্থ কৰিবলৈ যাব লাগে।
(ছ) সামাজিক সমতাত বিশ্বাস কৰে।
(জ) ইছলাম ধর্মই মূর্তি পূজাৰ ঘোৰ বিৰোধীতা কৰে।
৪। কৰ্ণাটকৰ বীৰ শৈৱ পৰম্পৰাৰ বিষয়ে আলোচনা কৰা।
উত্তৰ খ্ৰীষ্টাব্দ ১২ শ শতিকাত কর্ণাটকত বাসৱনা নামৰ এজন ব্রাহ্মণৰ নেতৃত্বত এক নতুন ধর্মীয় আন্দোলনৰ সূত্রপাত হয়। বাসবনা এজন জৈন ধর্মাবলম্বী আৰু চোল সম্ৰাটৰ মন্ত্রী আছিল। তেওঁ শিৱ ভক্ত আছিল। তেওঁ শিৱৰ মহাত্ম্য প্ৰচাৰ কৰিছিল আৰু নিজৰ মতে কিছু ৰীতি-নীতি ৰচনা কৰি প্ৰচাৰ কৰা আৰম্ভকৰিছিল। তেওঁৰ অনুগামী সকলক ‘শিৱৰ বীৰ’ বা ‘লিংগায়ত’ বুলি কোৱা হৈছিল। তেওঁলোকে শিৱক লিংগৰ ৰূপত আৰাধনা কৰিছিল। এই পৰম্পৰাৰ লোকসকলে ৰূপৰ এটা টেমাত সৰু লিংগ ভৰাই বাওঁ কান্ধত ধাৰণ কৰিছিল। এই পৰম্পৰাত জংগম বা যাযাবৰী সন্নাসীসকলক সম্মানৰ দৃষ্টিৰে চোৱা হৈছিল। লিংগায়তসকলে বিশ্বাস কৰিছিল যে মৃত্যুৰ পিছত ভক্তসকল শিৱৰ দেহত লীনহৈ যায় আৰু পুনৰ জন্ম নহয়। তেওঁলোকে মৃতকৰ সৎকাৰ, শ্রাদ্ধ আদি পালন কৰা নাছিল। তেওঁলোকে জাতি ব্যবস্থা আৰু ব্রাহ্মণ্য হিন্দু ধর্মত থকা অস্পৃশ্যতা ধাৰণাৰ ঘোৰ বিৰোধী আছিল। এই কাৰণে নিম্ন সম্প্ৰদায়ৰ বহুত লোক এই লিংগায়ত পৰম্পৰাৰ প্ৰতি আকৃষ্ট হৈছিল।
৫। আজন পীৰ কোন আছিল? তেওঁৰ দৰগাহ ক’ত অৱস্থিত? H. S. ’17
উত্তৰ: আজান ফকিৰ হৈছে এজন ইছলাম ধর্মী সাধু লোক। তেওঁ সপ্তদশ শতিকাৰ আদি ভাগত ধর্ম প্ৰচাৰৰ উদ্দেশ্যে আৰবদেশৰ পৰা আৰু কোনো কোনোৰ মতে ভাৰতৰ আজমীৰৰ পৰা অসমলৈ আহে। বুৰঞ্জীবিদ সূর্য কুমাৰ ভূঞাৰ মতে ৰূপাই দা-ধৰা নামেৰে এজন লোকৰ চক্রান্তত সেই সময়ৰ আহোমৰাজ গদাধৰ সিংহই আজান ফকিৰৰ চকু কাঢ়ে। কিন্তু পাছত তেওঁৰ ধৰ্মৰ মাহাত্ম্য বুজিব পাৰি দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বৃত্তি দি থাকিবলৈ দিয়ে। তাতেই আজান ফকিৰে ইহলীলা সম্বৰণ কৰে। আজান ফকিৰক ‘শ্বাহ মিলান’ আৰু ‘শ্বাহ ফকিৰ’ নামেৰেও জনা যায়। জিকিৰ আৰু জাৰী তেওঁৰ ৰচনা বুলি কোৱা হয়। জিকিৰ আৰু জাৰী সমূহত বিশ্ব সংসাৰৰ অনিত্যতা আৰু পৰম আল্লাহৰ গুণানুকীর্তন আছে। শিৱসাগৰৰ সৰাগুৰি চাপৰিত তেওঁৰ দৰগাহ অবস্থিত।
৬। আজান পীৰৰ আচল নাম কি আছিল? তেওঁক ‘আজান পীৰ’ নামেৰে কিয় জনা যায়? H. S. ’17
উত্তৰঃ আজান পীৰৰ আচল নাম আছিল ছাহ মিলান। তেওঁ সুদূৰ ইৰাকৰ পৰা আহি অসমৰ শিৱসাগৰ জিলাৰ দিখৌ নদীৰ পাৰত এটা দৰগাহ নিৰ্মাণ কৰি তাতে নিয়মিত আজান দি নামাজ আদায় কৰা বাবে তেওঁক ‘আজান পীৰ’ বুলি মতা হৈছিল।
৬। ভক্তি মাৰ্গৰ সগুণ আৰু নির্গুণ ধাৰা বুলিলে কি বুজা? H. S. ’17
উত্তৰঃ যিসকল লোকে কোনো অৱতাৰী পুৰুষক বা তাৰ মূৰ্তিক পূজা কৰে তেওঁলোকৰ ভক্তিৰ মাৰ্গক ‘সগুণ মার্গ’ বুলি কোৱা হয়।
আনহাতে, যিসকলে নিৰাকাৰ পৰম ঈশ্বৰক পূজা কৰে তেওঁলোকৰ মাৰ্গক ‘নির্গুণ ভক্তিৰ মাৰ্গ’ বুলি কোৱা হয়।