Join WhatsApp

Join Now

Join Telegram

Join Now

উপনিবেশবাদ আৰু গ্ৰাম্য সমাজ Class 12 History Chapter 11 Solutions ২০২৫

By Rabbi Masrur

Published On:

এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ আধুনিক যুগৰ ভাৰতৰ বুৰঞ্জী উপনিবেশবাদ আৰু গ্ৰাম্য সমাজ, চৰকাৰী মহাফেজখানা Class 12 History Chapter 11 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।

উপনিবেশবাদ আৰু গ্ৰাম্য সমাজ Class 12 History Chapter 11 Solutions

উপনিবেশবাদ আৰু গ্ৰাম্য সমাজ Class 12 History Chapter 11 Solutions ২০২৫

আধুনিক যুগৰ ভাৰতৰ বুৰঞ্জী উপনিবেশবাদ আৰু গ্ৰাম্য সমাজ, চৰকাৰী মহাফেজখানা

গ-অংশ

একাদশ অধ্যায়

ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ১)

১। ইংলিছ ইষ্ট ইন্ডিয়া কোম্পানীয়ে ইংলণ্ডৰ কোন গৰাকী শাসকৰ অনুমতি লৈ ভাৰতত বেহা-বেপাৰ কৰিবলৈ আহিছিল?

উত্তৰ: ইংলণ্ডৰ ৰাণী এলিজাবেথৰ পৰা।

২। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ কোন ৰাজ্যত প্রথমে উপনিবেশ স্থাপন কৰিছিল?

উত্তৰ: বংগদেশত।

৩। চিৰস্থায়ী বন্দোবস্ত প্ৰৱৰ্তন কৰা গৱৰ্ণৰ জেনেৰেলজনৰ নাম লিখা।

উত্তৰ: লর্ড কর্ণরালিচ।

৪। জোটদাৰসকল কোন আছিল? H. S. ’18

উত্তৰ চহকী খেতিয়কসকলক ‘জোটদাৰ’ বুলি কোৱা হৈছিল।

৫। ‘পঞ্চম প্রতিবেদন’ কাক কোৱা হৈছিল?

উত্তৰ ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসন আৰু কাৰ্যক্ৰমৰ ওপৰত ১৮১৩ চনত বৃটিছ সংসদত এক প্রতিবেদন দাখিল কৰা হৈছিল। এই প্রতিবেদনখনক ‘পঞ্চম প্রতিবেদন’ বুলি কোৱা হয়।

৬। ৰাজমহল পাহাৰৰ স্থায়ী জনজাতিসকলক কি নামেৰে জনা গৈছিল?

উত্তৰ: পাহাৰীয়া নামেৰে জনা গৈছিল।

৭। ফ্রেন্সিচ বুকানন কোন আছিল?

উত্তৰ: ফ্ৰেন্সিচ বুকানন এজন ইংৰাজ চিকিৎসক আছিল।

৮। কোনটো ৰাজহ ব্যৱস্থাত মধ্যভোগীৰ প্রাধান্য পৰিহাৰ কৰা হৈছিল?

উত্তৰ : ৰায়তৱাৰী ব্যৱস্থাত।

৯। ১৮৬২ ত ভাৰতৰ পৰা বৃটেইনে শতকৰা কিমান ভাগ কপাহ আমদানি কৰিছিল?

উত্তৰ: ৯০ শতাংশ।

১০। ডেক্কান ৰায়ত কমিছনৰ ৰিপোৰ্ট কোন চনত দাখিল কৰা হৈছিল?

উত্তৰঃ ১৮৭৮ চনত।

১১। ‘লিমিটেছন ল’ মতে ঋণ চুক্তিৰ ম্যাদ কিমান বছৰ হ’ব লাগে?

উত্তৰ: ৩ বছৰ।

১২। ডেভিদ ৰিকাৰ্ডোৰ বিখ্যাত কিতাপখনৰ নাম কি?

উত্তৰ: Principles of Economy.

১৩। ১৮৪০ ৰ দহকত বম্বেত কিয় খাজনা হ্রাস কৰা হৈছিল?

উত্তৰ : কৃষকৰ ওপৰত ধাৰ্য কৰা কৰৰ বোজাত কৃষকৰ অৱস্থা অতিপাত বেয়া হৈছিল বাবে ১৮৪০ ৰ দহকত বম্বেত খাজনা হ্রাস কৰা হৈছিল।

১৪। ১৮৫৭ ত Cotton Supply Association কিয় গঠন কৰা হৈছিল?

উত্তৰ: পৃথিৱীৰ সকলো উপযুক্ত ঠাইত কপাহ উৎপাদনত উৎসাহ যোগোৱাৰ বাবে Cotton Sup-ply Association গঠন কৰা হৈছিল।

১৫। কোন চনত পলাচী যুদ্ধ সংঘটিত হৈছিল?

উত্তৰঃ ১৭৫৭ চনত।

১৬। কোন চনত ভাৰতত কোম্পানী শাসনৰ অৱসান ঘটে?

উত্তৰঃ ১৮৫৮ চনত।

১৭। কোন চনত বংগ, বিহাৰ, উৰিষ্যাত ‘চিৰস্থায়ী বন্দোবস্ত’ প্ৰৱৰ্তন কৰা হয়?

উত্তৰঃ ১৭৯৩ চনত।

১৮। An Account of Assam গ্ৰন্থখনৰ ৰচকজন কোন?

উত্তৰ: ফ্রেন্সিচ বুকানন।

১৯। কোন চনত দাক্ষিণাত্যত কৃষক বিদ্রোহ হৈছিল?

উত্তৰঃ ১৮-৭৮ খৃঃত।

২০। কেতিয়া বম্বেত দুর্ভিক্ষই দেখা দিছিল?

উত্তৰঃ ১৮৩২-৩৪ চনত।

২১। ভাৰতবৰ্ষত কেতিয়া প্রথমে লোক গণনা কৰা হৈছিল? H. S. ’17

উত্তৰ: ১৮৭২ চনত।

খ. চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক- ২)

১। বংগৰ জোটদাৰসকল কেনেকৈ ক্ষমতাশালী হৈছিল? H. S. ’15

উত্তৰ চিৰস্থায়ী বন্দোবস্ত অনুসৰি জমিদাৰসকলে এক নির্দিষ্ট পৰিমাণৰ খাজনা চৰকাৰক শোধাব লাগিছিল। এক নির্দিষ্ট পৰিমাণৰ খাজনা নির্দিষ্ট সময়ত পৰিশোধ কৰিব নোৱাৰিলে সেই জমিদাৰী নিলামত বিক্ৰী কৰা হৈছিল। সেই সুযোগতে জোটাদাৰ (ধনী কৃষক) সকলে নিলামত খাজনা আদায় দিব নোৱাৰা জমিদাৰসকলৰ জমিদাৰী কিনি লৈছিল। তাৰোপৰি সিহঁতে ধন ধাৰে দি আৰু স্থানীয় বেপাৰ-বাণিজ্যৰ যোগেদিও বহু পৰিমাণৰ অৰ্থ সংগ্ৰহ কৰিছিল। এনেদৰে জোটদাৰসকল ক্ষমতাশালী হৈ উঠিছিল আৰু জমিদাৰসকলৰ কর্তৃত্ব উলাই কৰিছিল।

২। জোটদাৰসকলে কেনেদৰে জমিদাৰসকলৰ কর্তৃত্ব উলাই কৰিছিল?

উত্তৰ: ১ নং প্রশ্নোত্তৰ চোৱা।

৩। ‘পাহাৰীয়াবিলাকে বহিৰাগতক কেনেদৰে গ্রহণ কৰিছিল?

উত্তৰ: পাহাৰীয়াসকলে ঝুম খেতি কৰি জীবিকা নির্বাহ কৰিছিল। সিহঁতে বহিৰাগতক সন্দেহৰ চকুৰে চাইছিল। সিহঁতে বাহিৰৰ পৰা অহা লোকসকলক যুদ্ধ দি হ’লেও তেওঁলোকে নিজৰ বুলি ভবা ভূমিক ৰক্ষা কৰিছিল। তদুপৰি সমভূমি অঞ্চলত স্থায়ীভাবে বসতি কৰা খেতিয়কসকলৰ পৰা জোৰ-জুলুম কৰি নিয়মীয়াকৈ ফচল সংগ্ৰহ কৰিছিল। পাহাৰীয়া বাট পথেৰে অহা যোৱা কৰা বণিকসকলক লুটপাট কৰিছিল।

৪। বৃটিছ শাসকসকলৰ বিৰুদ্ধে সন্থালসকলে কিয় বিদ্রোহ কৰিছিল? H. S. ’15

উত্তৰ সন্থালসকল বংগদেশৰ জনজাতীয় লোক আছিল। সিহঁতে পাহাৰীয়া গাৰো অঞ্চলত খেতিবাতি কৰি জীৱন নিৰ্বাহ কৰিছিল। কিন্তু ক্রমান্বয়ে সিহঁতৰ কৃষি ভূমিৰ ওপৰত জমিদাৰৰ কর্তৃত্ব স্থাপন হয়। চৰকাৰে সিহঁতৰ ওপৰত খাজনাও ধার্য কৰে। সেয়ে চৰকাৰৰ ওপৰত অসন্তুষ্ট হৈ ১৮৫০ ৰ দহকত ইংৰাজসকলৰ বিৰুদ্ধে সন্থালসকলে বিদ্রোহ কৰিছিল।

৫। ঋণ দিয়া মহাজনৰ বিৰুদ্ধে দাক্ষিণাত্যৰ লোকসকলে কিয় বিদ্রোহ কৰিছিল?

উত্তৰ: দাক্ষিণাত্যৰ ঋণদাতা মহাজনসকলে উচ্চ হাৰত উপান্ত কৃষকসকলক ঋণ দিছিল। অশিক্ষিত কৃষকসলক মুখেৰে এটা কৈ চুক্তিপত্ৰত আন এটা লিখি ঋণদাতা মহাজনসকলে কৃষকক ঠগিছিল। বহুতো মহাজনে পৰিশোধ কৰা ঋণৰ ৰচিদ নিদিও কৃষকক প্রবঞ্চনা কৰিছিল। ফলত দৰিদ্ৰ কৃষকসকল ক্ষোভিত হৈ সুদখোর মহাজনসকলৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল। এই বিদ্রোহ পোনতে দাক্ষিণাত্যৰ পুনেত আৰম্ভ হৈছিল। বিদ্রোহীসকলে মহাজনসকলৰ ঘৰবাৰী জ্বলাই দিছিল, বয়বস্তু লুটপাট কৰিছিল আৰু ঋণৰ নথি-পত্ৰবোৰ নষ্ট কৰি পেলাইছিল।

৬। কেবিনেট মিছনৰ দুজন সদস্যৰ নাম উল্লেখ কৰা। H. S. ’20

উত্তৰঃ কেবিনেট মিচনৰ দুজন সদস্যৰ নাম ষ্টেফৰ্ড ক্রিপচ আৰু এ ভি আলেকজেণ্ডাৰ।

৭। ভাৰতীয় সংবিধানৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। H. S. ’20

উত্তৰঃ ভাৰতীয় সংবিধানৰ দুটা বৈশিষ্ট্য হ’ল-

(ক) ইন পৃথিৱীৰ সর্ববৃহৎ সংবিধান।

(খ) ই লিখিত সংবিধান।

৮। শ্বেতনগৰ আৰু কৃষ্ণনগৰ কাক বোলে?

উত্তৰঃ ইংৰাজসকলে ভাৰতত স্থাপন কৰা সিহঁতৰ আবাসিক নগৰবোৰক শ্বেত নগৰ বুলি কোৱা হৈছিল। আনহাতে ভাৰতীয় লোকসকলে বাস কৰা নগৰসমূহক কৃষ্ণ নগৰ বুলি কোৱা হৈছিল।

গ. বহলাই উত্তৰ দিয়া: (প্রত্যেকটোৰ মূল্যাংক- ৪। ৬)

১। চিৰস্থায়ী বন্দোবস্তৰ ইতিবাচক আৰু নেতিবাচক দিশ বর্ণনা কৰা।

উত্তৰ ভাৰতত ইষ্ট ইন্ডিয়া কোম্পানীৰ গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিছে ভূমি ৰাজহ বৃদ্ধিৰ বাবে বংগদেশত ‘চিৰস্থায়ী বন্দোবস্ত’ প্রবর্তন কৰে। এই চিৰস্থায়ী বন্দোৱক্তৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ তলত উল্লেখ কৰা হ’ল। ইতিবাচক দিশ:

(ক) চিৰস্থায়ী বন্দোবস্তৰ ফলত কোম্পানীয়ে এক নির্দিষ্ট পৰিমাণৰ ৰাজহ আদায় কৰাৰ সুবিধা পালে।

(খ) এই ব্যৱস্থাৰ ফলত জমিদাৰসকল ভূমিৰ মালিক হ’ল।

(গ) কোম্পানীৰ ৰাজহ বৃদ্ধি পোৱাত দেশৰ প্ৰশাসনীয় ব্যৱস্থাৰ উন্নতি হয়।

(ঘ) জমিদাৰ শ্ৰেণী কোম্পানীৰ ওচৰত নিৰ্ভৰশীল হৈ পৰে। নেতিবাচক দিশ:

(ক) এই ব্যৱস্থাৰ ফলত বহু জমিদাৰে নির্দিষ্ট সময়ত নির্দিষ্ট পৰিমাণৰ ৰাজহ আদায় দিব নোৱাৰাত জমিদাৰী হেৰুৱাব লগা হয়।

(খ) বহু সময়ত জোটদাৰসকলে ৰাজহ আদায় দিব নোৱাৰা জমিদাৰসকলৰ পৰা জমিদাৰী ক্ৰয় কৰি শক্তিশালী হৈ উঠে।

(গ) জমিদাৰসকলে খাজনা আদায়ৰ ওপৰত গুৰুত্ব দিয়ে যদিও কৃষিভূমিৰ উন্নতিৰ কাৰণে কোনো ব্যৱস্থা গ্রহণ নকৰাত কৃষিৰ উৎপাদন বৃদ্ধি নহ’ল।

(ঘ) ভবিষ্যতে কোম্পানীয়ে ৰাজহ বৃদ্ধি কৰিব নোৱাৰা হ’ল।

(ঙ) খাজনা আদায়ক লৈ খেতিয়কসকলৰ ওপৰত শোষণ আৰম্ভ হয়।

২। চিৰস্থায়ী বন্দোবস্তৰ পিছত গ্ৰাম্যাঞ্চলত কেনে প্রভাব পেলাইছিল?

উত্তৰ ওপৰৰ ১ নং প্রশ্নোত্তৰৰ দ্বিতীয় অংশ চোৱা।

৩। কোৰ আৰু নাঙলৰ ব্যৱহাৰ আলোচনা কৰা।

উত্তৰ সন্থাল আৰু পাহাৰীয়া জাতিবিলাকে পাহাৰীয়া অঞ্চলত বসবাস কৰিছিল। সিহঁতে কোৰৰ সহায়ত হাবি-বন ছাফা কৰি ঝুম খেতি কৰিছিল। কোৰ আৰু নাঙলৰ ব্যৱহাৰৰ লগে লগে হাবি-জংঘলৰ পৰিমাণ কমি আহিল। আবাদী মাটিৰ পৰিমাণ বৃদ্ধি পালে। এই ব্যৱস্থাৰ ফলত পাহাৰীয়া লোকসকল বাজমহল নামৰ অঞ্চলৰ অভ্যন্তৰলৈ সোমাই আহিল। ফলত পাহাৰীয়া আৰু ভৈয়ামত বাস কৰা লোকসকল বিশেষকৈ সন্থালসকলৰ লগত বিবাদৰ সূত্রপাত হয়। লগতে সমভূমিৰ বাসিন্দাসকলৰ ওপৰত পাহাৰীয়া জনজাতিসকলৰ দৌৰাত্ম বাঢ়িল। তেওঁলোকে লুট-পাট কৰি সমভূমিৰ বাসিন্দাসকলৰ শস্য আৰু জীৱ-জন্তু কাঢ়ি ল’বলৈ ধৰে। অৱশ্যে ১৭৮০ ৰ দহকত ভগলপুৰৰ কালেক্টৰ ক্লিভলেন্ডে শান্তিপূর্ণ উপায়েৰে পাহাৰীয়াসকলক বশ কৰাৰ উদ্দেশ্যে পাহাৰীয়া মুখীয়ালসকলক বছৰেকীয়া ভাট্টা দিয়াৰ ব্যৱস্থা কৰে।

৪। বায়তৱাৰী ব্যৱস্থা মানে কি? ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰ: ১৯ শতিকাৰ চিন্তাধাৰা মতে চৰকাৰৰ উচ্চতম মহলত সিদ্ধান্ত হ’ল যে মধ্যভোগীৰ বিপৰীতে ৰায়ত বা কৃষকৰ লগত চৰকাৰৰ প্ৰত্যক্ষ চুক্তি হ’ব লাগে। চুক্তিমতে কৃষকে সিহঁতৰ আয়ৰ এটা নির্দিষ্ট অংশ চৰকাৰক ৰাজহ হিচাপে দিব আৰু নির্দিষ্ট সময়ৰ মুৰে মুৰে ৰাজহৰ নিৰিখ সলনি হ’ব। চৰকাৰী বিষয়াই ৰাজহ সংগ্ৰহৰ মূল দায়িত্বত থাকিব আৰু কৃষকক মাটিৰ পট্টা দিয়া হ’ব। এই ব্যৱস্থাকে ‘বায়তৱাৰী ব্যৱস্থা’ বুলি কোৱা হৈছিল।

১৯ শতিকাৰ প্ৰথম ভাগৰ পৰা এই ব্যবস্থা পৰীক্ষামূলকভাবে মাদ্রাজ প্রদেশৰ বিভিন্ন অঞ্চলত প্রবর্তন কৰা হৈছিল। পিছলৈ এই ব্যবস্থা বম্বে, অসম, সিন্ধু প্রদেশ, আদিলৈয়ো সম্প্ৰসাৰিত কৰা হয়। ৰায়তৱাৰী ব্যৱস্থাত চৰকাৰৰ লগত কৃষকৰ খাজনা সম্পৰ্কত প্রত্যক্ষ সম্পর্ক স্থাপিত হৈছিল। সকলো ভূমি জৰীপ কৰি উৎপাদন অনুসৰি খাজনা স্থিৰ কৰা হৈছিল।

কৃষকক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰি মাটিৰ দাগ নম্বৰ দিয়া হৈছিল। ফলত এই ব্যৱস্থাত কৃষকে ভূমিৰ ওপৰত অধিকাৰ লাভ কৰিলে।
এই ব্যৱস্থাৰ ফলত মধ্যভোগীৰ প্রাধান্য লোপ পায়। চৰকাৰে অধিক ৰাজহ লাভ কৰিব পাৰিব বুলি ভাবিছিল যদিও কৃষকৰ সমস্যা সম্পূর্ণভাবে দূৰ কৰিব পৰা নাছিল। চৰকাৰে অধিক লাভালাভৰ আশাৰে ভূমি ৰাজহৰ পৰিমাণ বৃদ্ধি কৰাত কৃষকৰ অৱস্থা কোঙা হৈ পৰিছিল। ফলস্বৰূপে কৃষক বিদ্রোহে দেখা দিছিল।

৪। পাহাৰীসকলে জীবিকা নির্বাহৰ বাবে কেনেকৈ অৰণ্যবোৰ ব্যৱহাৰ কৰিছিল? H. S. ’19

উত্তৰ: পাহাৰীয়া অঞ্চলৰ মানুহে প্রধানকৈ ঝুম খেতি আৰু পশু পালন কৰি জীৱিকা নিৰ্বাহ কৰিছিল। ঝুম খেতি বুলিলে পাহাৰৰ নামনিত থকা হাবি-বননি ছাফা কৰি কোৰেৰে চহাই খেতি কৰা পদ্ধতিক বুজোৱা হয়। পাহাৰীয়াসকলে এনেদৰে ছাফা কৰা ঠাইত তিনি-চাৰি বছৰ খেতি কৰাৰ পিছত সেই ঠাই এৰি আন ঠাই ছাফা কৰি খেতি কৰিবলৈ লৈছিল। সিহঁতে ধান, মাহ, আলু, বিভিন্ন ধৰণৰ শাক-সবজি আদিৰ খেতি কৰিছিল। কিছুমানে পাহাৰৰ পৰা খৰি সংগ্ৰহ কৰি সেইবোৰ নামনিত বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছিল।

খেতি কৰি জীৱিকা নিৰ্বাহ কৰা বাবে আৰু সিহঁতৰ খেতি কৰা পদ্ধতি আওপুৰণি হোৱাত সিহঁতৰ জীৱন ধাৰণ পদ্ধতিৰ কোনো উন্নতি হোৱা নাছিল। তাৰোপৰি সিহঁত ভৈয়ামৰ লোকসকলৰ পৰা দূৰত থাকি নিজৰ সংস্কৃতি অটুট ৰাখিছিল। কালক্ৰমত নামনিৰ পৰা মানুহে পাহাৰীয়া অঞ্চললৈ ঢাপলি মেলে আৰু পাহাৰী জনগোষ্ঠীৰ লোকসকলৰ জীৱনলৈ পৰিৱৰ্তন আৰম্ভ হয়। বর্তমান ঝুম খেতি পদ্ধতি প্রায় নাইকীয়া হৈছে। ইয়াৰ পৰিৱৰ্তে বহুতে আধুনিক পদ্ধতিত খেতি কৰিবলৈ লৈছে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×