Join WhatsApp

Join Now

Join Telegram

Join Now

এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয় নগৰ Class 12 History Chapter 8 Solutions ২০২৫

By Rabbi Masrur

Published On:

আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয় নগৰ (খৃঃ ১৪শ – ১৬শ) Class 12 History Chapter 8 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।

এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয় নগৰ Class 12 History Chapter 8 Solutions

এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয় নগৰ Class 12 History Chapter 8 Solutions

এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয় নগৰ (খৃঃ ১৪শ – ১৬শ)

অষ্টম অধ্যায়

ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ১)

১। বিজয় নগৰ সাম্রাজ্য কোনে স্থাপন কবে?

উত্তৰ: হবিহৰ আৰু বুদ্ধ নামৰ দুজন ভাই-ককায়ে।

২। বিজয় নগৰ কেতিয়া স্থাপন হয়?

উত্তৰ: ১৩৩৬ খৃঃত।

৩। কোনে হাম্পী চহৰৰ ধ্বংসাবশেষ আৱিষ্কাৰ কৰে?

উত্তৰ: পুৰাতত্ত্ববিদ কর্ণেল মকেঞ্জীয়ে।

৪। সমসাময়িক কালত স্থানীয় লোকে বিজয় নগৰ সাম্রাজ্যক কি বুলি কৈছিল?

উত্তৰ কৰ্ণাটক সাম্রাজ্যমু।

৫। বিজয় নগৰৰ ৰজাসকলে নিজকে কি বুলি কৈছিল?

উত্তৰ : ৰায়।

৬। ‘গজপতি’ শব্দৰ অৰ্থ কি?

উত্তৰ হাতীৰ স্বামী।

৭। বিজয় নগৰ সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল?

উত্তৰ: কৃষ্ণদেৱ ৰায়

৮। বিজয় নগৰ ৰাজ্য শাসন কৰা প্ৰথম ৰাজবংশৰ নাম কি আছিল?

উত্তৰ সংগম বংশ।

৯। কৃষ্ণদেব ৰায়ে ৰচনা কৰা এখন গ্ৰন্থৰ নাম লিখা।

উত্তৰ: অমুক্তমাল্যদা।

১০। কৃষ্ণদেৱ ৰায়ে মাকৰ স্মৃতি ৰক্ষাৰ্থে নিৰ্মাণ কৰা নগৰখনৰ নাম কি?

উত্তৰ: নগল-পুৰম।

১১। ‘টেলিকোটৰ যুদ্ধ’ কিমান চনত হৈছিল?

উত্তৰঃ ১৫৬৫ খৃঃত।

১২। ‘টেলিকোটৰ যুদ্ধ’ক স্থানীয় কি নামেৰে জনা যায়?

উত্তৰ ‘ৰাক্ষস তং গাড়ি’ ৰ যুদ্ধ।

১৩। বিজয় নগৰ ৰাজ্যৰ সেনাধিনায়কসকলক কি বুলি জনা গৈছিল?

উত্তৰ: নায়ক।

১৪। কোনজন পর্তুগীজ পৰিৱাজকে বিজয় নগৰক ৰোমৰ লগত ৰিজাইছিল?

উত্তৰ: ডমিনিক পায়েছে।

১৫। বিজয় নগৰ ভ্ৰমণ কৰা এজন পাৰস্যৰ পৰিত্ৰাজকৰ নাম লিখা।

উত্তৰ: আব্দুৰ ৰাজ্জাক।

১৬। বিৰুপাক্ষ মন্দিৰৰ প্ৰধান দেৱতা কোন আছিল?

উত্তৰ বিৰুপাক্ষ (শিৱৰ এটা ৰূপ)।

১৭। পর্তুগীজসকলে কেতিয়া গোৱা অধিকাৰ কৰে?

উত্তৰঃ ১৫১০ খৃঃত।

১৮। কোন চনত হাস্পীক ৰাষ্ট্ৰীয় ঐতিহ্য ক্ষেত্র হিচাপে ঘোষণা কৰা হয়?

উত্তৰ: ১৯৭৬ চনত।

১৯। কেতিয়া ইউনেস্ক’ৰ দ্বাৰা হাস্পীক বিশ্ব ঐতিহ্য কেন্দ্র বুলি ঘোষণা কৰা হয়?

উত্তৰঃ ১৯৮৬ খৃঃ ত।

২০। টালিকোটাৰ যুদ্ধৰ ফলাফল কি হৈছিল?

উত্তৰ : এই যুদ্ধৰ ফলত বিজয় নগৰ ৰাজ্যৰ পতন ঘটিছিল।

২১। বিজয় নগৰ ৰাজ্যৰ আন এটি নাম কি?

উত্তৰ: হাম্পী।

২২। পম্পা কি আছিল?

উত্তৰ: বিজয় নগৰ ৰাজ্যৰ জনসাধাৰণৰ উপাস্য দেৱী।

২৩। কৃষ্ণদেব ৰায় কোন বংশৰ ৰজা আছিল?

উত্তৰ: তুলুভা বংশৰ।

২৪। ‘অমৰ নায়ক’ৰ ‘অমৰ’ শব্দটোৰ ক’ৰ পৰা আহিছে?

উত্তৰ: ‘সমব’ শব্দৰ পৰা।

২৫। ‘বিজয় নগৰ’ শব্দৰ অৰ্থ কি?

উত্তৰ: বিজয় কৰা নগৰ।

২৬। ‘কুতাগৰশালা’ কি আছিল? H. S. ’17

উত্তৰ: ‘কুতাগৰশালা’ আছিল ভ্রমণকাৰী ভিক্ষুকসকলে আশ্রয় লোৱা জুপুৰি ঘৰ।

২৭। গুৰু নানকৰ জন্ম ক’ত হৈছিল? H. S. ’17

উত্তৰ: পঞ্জাব প্রদেশৰ ৰাভী নদীৰ পাৰৰ নানক চাহিব নামে গাওঁত।

২৮। ‘মিলকিয়াত’ কি আছিল? H. S. ’17, ’18

উত্তৰ: ‘কোনো সামগ্ৰীৰ মালিক।

২৯। হাম্পী প্রথমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? H. S. ’17

উত্তৰঃ ১৮০০ খ্রীষ্টাব্দত কলিন মেকেঞ্জীয়ে হাম্পী আৱিষ্কাৰ কৰিছিল।

৩০। বিজয় নগৰৰ প্ৰথমটো ৰাজবংশৰ নাম লিখা। H. S. ’20

উত্তৰ মংগল বংশ

৩১। পেচকছ কি আছিল? H. S. ’20

উত্তৰ : ৰজাৰ অনুচৰ।

৩২। কোন চনত বৃটিছ চৰকাৰে সতীদাহ প্রথা বিলুপ্ত কৰিছিল? H. S. ’20

উত্তৰ: ১৮২৮ চনত।

৩৩। মহাত্মা গান্ধীৰ ৰাজনৈতিক উপদেষ্টাজন কোন আছিল? H. S. ’20

উত্তৰ: গোপাল কৃষ্ণ গোখলে।

৩৪। কোন চনত মুছলিম লীগ স্থাপিত হৈছিল? H. S. ’20

উত্তৰ: ১৯০৬ চনত।

৩৫। সংবিধান সভাৰ কোনজন সদস্যই কার্যপ্রণালী প্রস্তাবনা উত্থাপন কৰিছিল? H. S. ’20

উত্তৰ: জৱাহৰলাল নেহৰু।

৩৬। ‘গপুৰম’ কি? H. S. ’18

উত্তৰ: ‘গপুৰম’ মানে ৰাজকীয় প্রবেশ পথ।

খ. চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক – ২)

১। বিজয় নগৰ ৰাজ্যৰ সমসাময়িক দক্ষিণ ভাৰতত শাসন কৰা দুটা ৰাজবংশৰ নাম লিখা।

উত্তৰ: চুলতান ৰাজ বংশ আৰু গজপতি ৰাজবংশ।

২। বিজয় নগৰ কেনেকৈ ‘হাম্পী’ নামেৰে জনাজাত হ’ল?

উত্তৰ: সোতৰ শতিকাৰ শেষ ভাগত বিজয় নগৰ ৰাজ্যৰ পতন ঘটে যদিও কৃষ্ণা তুংগভদ্রাৰ দোৱাৰ অঞ্চলৰ বাসিন্দাসকলে বিজয় নগৰ সাম্ৰাজ্যখনক ‘হাম্পী’ নামেৰে মনত ৰাখিছিল। ‘হাম্পী’ শব্দটো স্থানীয় দেৱী ‘পম্পা’ৰ পৰা উদ্ভৱ হৈছে বুলি অনুমান কৰা হয়।

৩। বিজয় নগৰৰ ৰজাই অমৰ নায়কসকলক কেনেকৈ নিয়ন্ত্রণ কৰিছিল?

উত্তৰ: অমৰ নায়কসকল বিজয় নগৰ ৰাজ্যৰ সেনাধ্যক্ষ আছিল। তেওঁলোকৰ ওপৰত একো একোখন প্ৰদেশৰ শাসনভাৰ ন্যাস্ত কৰা হৈছিল। বহুক্ষেত্রত তেওঁলোক প্রায় স্বাধীন আছিল। ৰজাই তেওঁলোকক নিয়ন্ত্ৰণত ৰখাৰ বাবে মাজে মাজে সিহঁতক এখন প্ৰদেশৰ পৰা আন এখন প্রদেশলৈ বদলি কৰিছিল।

৪। বিজয় নগৰ শাসন কৰা ৰাজবংশ কেইটাৰ নাম লিখা।

উত্তৰ : বিজয় নগৰ শাসন কৰা ৰাজবংশ কেইটা হ’ল: সংগম বংশ, চালুভা বংশ, তুলুভা বংশ আৰু অৰবিন্দু বংশ।

৫। বিজয় নগৰ ভ্ৰমণ কৰা তিনিজন বিদেশী পৰিব্ৰাজকৰ নাম লিখা।

উত্তৰ: ইটালীৰ নিকলকাল্টি, পাৰস্যৰ আব্দুৰ ৰাজ্জাক আৰু ৰাছিয়াৰ আফছানি নিকিটন।

৬। হাজাৰা ৰাম মন্দিৰ ক’ত অৱস্থিত? এই মন্দিৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ হাজাৰা ৰাম মন্দিৰ বিজয় নগৰ ৰাজ্যৰ ৰাজধানীত অৱস্থিত। এই মন্দিৰৰ দুটা বৈশিষ্ট্য হ’ল:

(ক) এই মন্দিৰটো আছিল সেই ঠাইত থকা সকলোবোৰ মন্দিৰৰ ভিতৰত আটাইতকৈ বেছি আকর্ষণীয়।

(খ) এই মন্দিৰটোত অকল ৰজা আৰু ৰাজপৰিয়ালৰ লোকসকলেহে প্ৰৱেশ কৰিব পাৰিছিল।

৭। বিজয় নগৰ ৰাজ্যৰ দুখন ৰাজকীয় কেন্দ্ৰৰ বিখ্যাত মঞ্চৰ নাম লিখা।

উত্তৰ সভামণ্ডপ আৰু মহানবমী।

৮। ৰাজস্থানৰ ক্ষেত্ৰী অঞ্চল আৰু দক্ষিণ ভাৰতৰ হৰপ্পা সভ্যতাৰ অধিবাসীসকলে কি কি ধাতু সংগ্রহ কৰিছিল? H. S. ’20

উত্তৰঃ বাজস্থানৰ ক্ষেত্ৰী আৰু দক্ষিণ ভাৰতৰ হৰপ্পা সভ্যতাৰ অধিবাসীসকলে সোণ আৰু সীহ সংগ্রহ কৰিছিল।

৯। ‘সুদর্শন হ্রদ’টো বর্তমান কোনখন ভাৰতীয় ৰাজ্যত আছে লিখা। এইটো কোনে পুনঃ নিৰ্মাণ কৰিছিল? H. S. ’20

উত্তৰঃ ‘সুদর্শন হ্রদ’টো বর্তামনৰ গুজৰাট ৰাজ্যত অৱস্থিত। এইটো গুপ্ত বংশৰ এজন ৰজাই পুনঃনির্মাণ কৰিছিল।

১০। বিজয়নগৰ সাম্রাজ্যত বিকশিত হোৱা মন্দিৰ স্থাপত্যৰ দুটা নতুন বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰা। H. S. ’20

উত্তৰঃ বিজয় নগৰ ৰাজ্যত বিকশিত হোৱা মন্দিৰ স্থাপত্যৰ দুটা নতুন বৈশিষ্ট্য হৈছে- (ক) মন্দিৰত গ’পুৰমৰ ব্যৱহাৰ আৰু (খ) চেপেটা গম্বুজৰ ব্যৱহাৰ।

গ. মজলীয়া উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)

১। বিৰুপাক্ষ মন্দিৰৰ ওপৰত এটি টোকা লিখা।

উত্তৰ বিৰুপাক্ষ মন্দিৰটো বিজয় নগৰ ৰাজ্যৰ এখন বিখ্যাত মন্দিৰ। ই প্রধানতঃ শিৱ মন্দিৰ। স্থানীয় ভাষাত শিৱৰ আন এটি নাম ‘বিৰুপাক্ষ’। এই মন্দিৰ নিৰ্মাণ কৰিবলৈ কেইবা শতিকা লাগিছিল। বিজয় নগৰ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কৃষ্ণদেৱ ৰায়ে সিংহাসন আৰোহণ উপলক্ষে মুখ্য মন্দিৰৰ ওচৰত এক বিশালাকাৰ মণ্ডপ নির্মাণ কৰাইছিল। মন্দিৰৰ সন্মুখ ভাগৰ সভা গৃহটো বিভিন্ন কামত ব্যৱহাৰ হৈছিল। ইয়াৰ কিছু অংশত দেৱতাৰ মূৰ্তি আছিল আৰু বাকী অংশত নৃত্য-গীত আদি মনোৰঞ্জনমূলক অনুষ্ঠান পৰিবেশন কৰাৰ বাবে মঞ্চ হিচাপে ব্যৱহাৰ কৰা হৈছিল।

২। ভিথালা স্বামী মন্দিৰৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ : বিজয় নগৰ ৰাজ্যৰ ভিতৰত থকা উল্লেখযোগ্য মন্দিৰবোৰৰ ভিতৰত অন্যতম এটি মন্দিৰ হ’ল ভিথালা স্বামী মন্দিৰ। ‘ভিথালা’ক বিষ্ণুৰ অন্য এটি নাম বা ৰূপ বুলি বিশ্বাস কৰা হৈছিল। সেয়ে মন্দিৰটো এটি বিষ্ণু মন্দিৰ আছিল বুলি কোৱা হয়। এই মন্দিৰত অন্যান্য মন্দিৰত থকা ধৰণে বহুতো সভাগৃহ আছিল। এই মন্দিৰৰ ভাস্কৰ্য আৰু নির্মাণ কৌশল অতুলনীয়। ভিথালা মন্দিৰৰ কাৰুকার্য, সৌন্দর্য আৰু জনপ্রিয়তাই বিজয় নগৰ ৰাজ্যৰ গৌৰৱ ঘোষণা কৰিছিল।

ঘ. ৰচনাধৰ্মী উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৬) ১।

১। বিজয় নগৰ ৰাজ্যৰ পানীৰ সমস্যা কিদৰে সমাধান কৰা হৈছিল?

উত্তৰ: বিজয় নগৰ ৰাজ্যৰ পানীৰ সমস্যা সমাধানৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছিল। নগৰৰ চাৰিওফালে ৰমণীয় গ্রেনাইট শিলৰ পাহাৰে কৰধ্বনিৰ দৰে আবৃত কৰি ৰাখিছিল। এই পাহাৰসমূহৰ পৰা ভালেমান জলধাৰা ৰাজ্যখনলৈ বৈ আহিছিল। জনসাধাৰণে যাতে পানীৰ সমস্যাত ভুগিব লগা নহয় তাৰ বাবে ইয়াৰ ৰজাসকলে জলধাৰাৰ কাষে কাষে শক্তিশালী বান্ধ নিৰ্মাণ কৰি বিভিন্ন আকাৰৰ জলাশয় নির্মাণ কৰাইছিল। ফলত জলাশয়বোৰত পর্যাপ্ত পানী জমা হৈছিল। সেইবোৰৰপৰা প্রয়োজন অনুসৰি খেতি-পথাৰলৈয়ো পানী যোগান ধৰা হৈছিল। তেনে এটা জলাশয়ৰ নাম আছিল ‘কমলপুৰম জলাশয়’। ইয়াৰ উপৰিও সংগম বংশৰ ৰজাসকলে তুংগভদ্রা নদীৰ পৰা নলাৰে পানী বৈ অনাৰ ব্যৱস্থা কৰিছিল।

২। বিজয় নগৰৰ প্ৰশাসনিক ব্যবস্থাত ৰায় আৰু নায়কসকলে কি ভূমিকা গ্রহণ কৰিছিল আলোচনা কৰা।

উত্তৰ: ‘বায়’ আছিল বিজয় নগৰ ৰজাসকলৰ উপাধি। আনহাতে বিজয়নগৰ ৰাজ্যৰ সেনাবাহিনীৰ প্রধানসকলক ‘নায়ক’ বুলি কোৱা হৈছিল। ‘অমৰা নায়ক’ পদটো প্রশাসনীয় বিষয়াৰ মুখ্য বিষয়া আছিল। সিহঁতে ৰাজ্যখনৰ শাসন ব্যবস্থাত তলত দিয়া ভূমিকাসমূহ গ্রহণ কৰিছিল-

(ক) নায়কসকলে সিহঁতৰ অধীনস্থ প্রজাসকলৰ পৰা ৰাজহ সংগ্ৰহ কৰিছিল।

(খ) নায়কসকলে বছৰি এবাৰ ৰজাজনৰ ওচৰলৈ কৰ শোধাবলৈ আৰু আনুগত্য প্রকাশ কৰিবলৈ যাব লাগিছিল।

(গ) জনসাধাৰণৰ পৰা আদায় কৰা ৰাজহৰ কিছু অংশৰ দ্বাৰা যুদ্ধৰ সময়ত ৰজাক সহায় কৰিবৰ কাৰণে ঘোঁৰা আৰু হাতী ক্ৰয় কৰিছিল।

(ঘ) মন্দিৰ আৰু অন্যান্য ধর্মীয় অনুষ্ঠান পৰিচালনাৰ দায়িত্বও সিহঁতে পালন কৰিব লগা হৈছিল।

(ঙ) দেশখনৰ কৃষি ব্যৱস্থাৰ উন্নয়নৰ কাৰণে নায়কসকলে ব্যৱস্থা গ্রহণ কৰিব লাগিছিল।

৩। বিজয় নগৰ ৰাজ্যৰ দুৰ্গ নিৰ্মাণ সম্পর্কে আলোচনা কৰা।

নাইবা

বিজয় নগৰৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ বৰ্ণনা দিয়া। H. S. ’18

উত্তৰ : বিজয় নগৰ ৰাজ্য দুৰ্গ প্ৰধান ৰাজ্য আছিল। পাৰস্যৰ ৰাষ্ট্ৰদূত আব্দুল ৰেজ্জাকৰ বৰ্ণনাত পোৱা যায় যে বিজয় নগৰখন শাৰী শাৰীকৈ সজা সাতখন দুর্গ সদৃশ প্রাচীৰেৰে ঘেৰা আছিল। ইয়াৰ নির্মাণ শৈলী তেনেই সাধাৰণ আছিল। কোনো চিমেন্ট বা মছলা ব্যৱহাৰ নকৰি চেপেটা শিলবোৰ এটা আনটোৰ ওপৰত লিপিত খুৱাই দি ওখ কৰা হৈছিল। মাজে মাজে প্রবেশ দ্বাৰৰ ব্যৱস্থা আছিল। দুৰ্গৰ মাজ ভাগত কৃষি ভূমিবোৰ আছিল। সাম্রাজ্যখন সুৰক্ষিত কৰি ৰখাৰ বাবে এনে দুৰ্গবোৰ নিৰ্মাণ কৰা হৈছিল।

দ্বিতীয় লানি প্রাচীৰে নগৰৰ ভিতৰভাগ ঘেৰি ৰাখিছিল। তৃতীয় লানি প্রাচীৰেৰে ৰাজকীয় কেন্দ্ৰসমূহ সুৰক্ষিত কৰি ৰখা হৈছিল। দুৰ্গৰ সুৰক্ষিত প্রবেশদ্বাৰসমূহ চহৰলৈ যোৱা মুখ্য প্রবেশ দ্বাৰসমূহৰ লগত সংলগ্ন আছিল। বিজয় নগৰৰ প্ৰতিৰক্ষা ব্যৱস্থাই কৃষি ক্ষেত্রকো পৰিবেষ্টিত কৰিছিল। বিজয় নগৰৰ ৰাজধানী ঘেৰি চাৰিওফালে যি প্রাচীৰ দিয়া হৈছিল তাৰ ভিতৰত যথেষ্ট আবাদী ভূমি আছিল যাতে কোনো দুর্যোগ বা শত্রুয়ে ঘেৰি ধৰিলেও ৰাজধানীত বাস কৰা লোকসকলে খাদ্য সংকটত ভূগিব লগা নহয়।

৪। বিজয় নগৰ ৰাজ্যৰ পতনৰ কাৰণসমূহ আলোচনা কৰা। H. S. ’16

উত্তৰ: বিজয় নগৰ মধ্য যুগৰ ভাতৰীয় ৰাজ্যসমূহৰ ভিতৰত এক লেখতলবলগীয়া শক্তিশালী ৰাজ্য আছিল। ১৩৩৬ চনত হৰিহৰ আৰু বুক্ত নামৰ দুই ভাই-ককায়ে স্থাপন কৰা বিজয়নগৰ ৰাজ্যখন সোতৰ শতিকাত পতন হয়। ইয়াৰ পতনৰ কেইবাটাও কাৰণ আছে, যেনে

(ক) বিজয় নগৰ সাম্ৰাজ্যখন পতনৰ দিশত নায়ক আৰু সেনাধ্যক্ষসকল জগৰীয়া আছিল। সিহঁতে কেতিয়াবা কেতিয়াবা শক্তিশালী হৈ উঠিছিল আৰু নিজকে স্বতন্ত্র বুলি ঘোষণা কৰি কেন্দ্ৰীয় শাসনৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছিল।

(খ) ষোল্ল শতিকাত ভাৰতত পর্তুগীজসকলে ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাত বিজয়নগৰৰ বাবে ই এক ভাবুকি স্বরূপ হৈ উঠিছিল। কৃষ্ণদেৱ ৰায়ৰ পিছৰজন ৰজা সদাশিৱ ৰায় সেনাপতি ৰাম ৰায়ৰ হাতৰ পুতলাস্বৰূপ হৈ পৰিছিল। আনহাতে ৰাম ৰায় পর্তুগীজসকলৰ মিত্ৰ হিচাপে কাম কৰিছিল। সেয়ে সুযোগ বুজি পর্তুগীজসকলে বাহমণি ৰাজ্যৰ চুলতানসকলক বিজয় নগৰ ৰাজ্যৰ বিৰুদ্ধে উচটাই দিছিল।

(গ) বিজয় নগৰৰ শ্ৰেষ্ঠ ৰজা কৃষ্ণদেৱ ৰায়ৰ পিছৰ ৰজাসকল দুর্বল আছিল। সিহঁতে প্রাদেশিক শাসনকর্তাসকলৰ পৰা আগৰ ৰজাসকলৰ দৰে আনুগত্য লাভ কৰিবলৈ ব্যর্থ হৈছিল।

(ঘ) শেষৰ পিনে ৰজাসকল ৰাজ্যখনৰ উন্নয়ন আৰু জনসাধাৰণৰ মংগলৰ উদ্দেশ্যে আচঁনি গ্রহণ কৰাৰ পৰিৱৰ্তে বিলাসী হৈ পৰিছিল। ফলত ৰাজ্যখন দ্রুত পতনৰ মুখে আগবাঢ়ি গৈছিল।

৬। আলবাৰ আৰু নয়নাৰসকল কোন আছিল? H. S. ’15, 16, 18

উত্তৰ: আলৱাৰসকল আছিল বিষ্ণুভক্ত। সিহঁতৰ উত্থান হৈছিল ষষ্ঠ শতিকাত। সিহঁতে বিষ্ণুৰ বিভিন্ন কর্মৰাজিত নিজকে নিষ্ঠা সহকাৰে সেৱা বা ভক্তি আগবঢ়াইছিল। আনহাতে শিৱৰ ভক্তসকলক নয়না বুলি কোৱা হৈছিল। নয়নাসকলে শিবক সিহঁতৰ আৰাধ্য দেবতা বুলি মানি শিৱৰ কর্মত নিজকে নিয়োজিত কৰিছিল। দুয়ো শ্রেণীৰ ভক্তসকলে নিজৰ নিজৰ তীর্থস্থান চিনাক্ত কৰি তামিল ভাষাত গীত গাই ঘুৰি ফুৰিছিল। আজিও কিছু পৰিমাণে এই পদ্ধতিৰ প্ৰচলন হৈ থকা দেখা যায়।

৭। কলিন মেকব্জি কোন আছিল? বিজয় নগৰৰ ইতিহাসলৈ তেওঁ আগবঢ়োৱা বৰঙনিৰ বিষয়ে লিখা। H. S. ’15

উত্তৰ: কলিন মেকনজি আছিল বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন অভিযন্তা, মানচিত্ৰকৰ আৰু পুৰাতত্ববিদ। তেওঁ ১৭৫৪ চনত ইংলণ্ডত জন্ম গ্রহণ কৰিছিল। তেওঁ এজন পুৰাতত্ববিদ হিচাপে ভাৰতৰ বিভিন্ন ঠাই ভ্রমণ কৰিছিল আৰু ভাৰতৰ স্থানীয় ইতিহাস সংকলন কৰা আৰু ঐতিহাসিক স্থানসমূহ জৰীপ কৰা কাম কৰিছিল। তেওঁ ১৮০০ চনত বিজয়নগৰ ৰাজ্য ভ্রমণ কৰিছিল আৰু বিজয় নগৰৰ হাম্পী চহৰৰ ধ্বংসাবশেষ আৱিষ্কাৰ কৰিছিল।

৮। প্রাচীন ভাৰতৰ মন্দিৰ স্থাপত্যবিদ্যাৰ বিকাশৰ অগ্ৰগতিৰ চমু আভাস দিয়া। H. S. ’16

উত্তৰ: প্রাচীন ভাৰতৰ মন্দিৰ স্থাপত্যবিদ্যাৰ ভিতৰত বিশেষকৈ স্তূপ বা ঢিপ আৰু মঠ-মন্দিৰবোৰ উল্লেখযোগ্য। রূপ বা ঢিপবোৰ মাটিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল আৰু এইবোৰ অর্ধগোলাকৃতি আছিল। পিছলৈ এইবোৰক ‘অন্দা’ বুলি কোৱা হৈছিল। সময় আগবাঢ়ি যোৱাৰ লগে লগে ইয়াৰ গঠন শৈলী ক্রমে জটিল হৈছিল আৰু ই বর্গাকৃতি আৰু সন্তুলিত আকৃতি ধাৰণ কৰিছিল। স্তূপসমূহ নিৰ্মাণৰ সমসাময়িকভাবে দেৱ-দেৱীৰ মূৰ্তি প্ৰতিষ্ঠাৰ বাবে মন্দিৰ নিৰ্মাণ কৰা হৈছিল। প্রথম অৱস্থাত মন্দিৰসমূহ একো একোটা বর্গক্ষেত্রাকাৰ আছিল আৰু ইয়াক ‘গর্ভগৃহ’ বুলি কোৱা হৈছিল। পিছলৈ গর্ভগৃহৰ ওপৰত ওখ গাঁথনি সজা হৈছিল। ইয়াক ‘শিখৰ’ বুলি কোৱা হৈছিল। মন্দিৰসমূহ নানান ভাস্কৰ্যবে অলংকৃত কৰা হৈছিল।

৯। অমৰ নায়কসকল কোন? বিজয়নগৰ সাম্রাজ্যত তেওঁলোকে কি ভূমিকা পালন কৰিছিল? H. S. ’17

উত্তৰ: অমৰ নায়কসকল বিজয় নগৰ ৰাজ্যৰ সেনাধ্যক্ষ আছিল। তেওঁলোকৰ ওপৰত একো একোখন প্ৰদেশৰ শাসনভাৰ ন্যাস্ত কৰা হৈছিল। বহুক্ষেত্রত তেওঁলোক প্রায় স্বাধীন আছিল। ৰজাই তেওঁলোকক নিয়ন্ত্ৰণত ৰখাৰ বাবে মাজে মাজে সিহঁতক এখন প্ৰদেশৰ পৰা আন এখন প্রদেশলৈ বদলি কৰিছিল। অমৰ নায়কসকলে প্ৰজাৰ পৰা কৰ আদায় কৰিছিল আৰু ইয়াৰ কিছু অংশ নিজে ৰাখি বাকীখিনি ৰজাক শোধাব লাগিছিল। সিহঁতে প্রয়োজন অনুসৰি ৰজাক সামৰিক সাহার্য যোগান ধৰিব লাগিছিল।

অমৰ নায়কসকলে ৰজাৰ প্রতি আনুগত্য প্রকাশ কৰিবৰ বাবে বার্ষিক মূল্যবান উপহাৰৰ সৈতে ৰজাৰ ওচৰত হাজিৰ হ’ব লগা হৈছিল। কোনো নায়কে ৰজাৰ বিৰুদ্ধে বিদ্রোহ কৰিলে ৰজাই কঠোৰ হাতেৰে দমন কৰিছিল। বহু ক্ষেত্ৰত অমৰ নায়কসকল অধিক ক্ষমতাৰ বলত অত্যাচাৰী হৈ উঠিছিল। ইয়াৰ প্ৰভাৰ গোটেই ৰাজ্যখনতে পৰিছিল। বিজয় নগৰ পতনৰ ক্ষেত্ৰত অমৰ নায়কসকলৰ স্বেচ্ছাৰীও দায়ী আছিল।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×