এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ সম্রাট আৰু ইতিহাস মোগল দৰবাৰ (খৃঃ ১৬শ – ১৭শ শতিকা) Class 12 History Chapter 10 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
সম্রাট আৰু ইতিহাস মোগল দৰবাৰ Class 12 History Chapter 10 Solutions ২০২৫
সম্রাট আৰু ইতিহাস মোগল দৰবাৰ (খৃঃ ১৬শ – ১৭শ শতিকা)
দশম অধ্যায়
ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ১)
১। মোগল সাম্রাজ্যৰ প্রতিষ্ঠাতা কোন?
উত্তৰ: জাহিৰ উদ্দিন মহম্মদ বাবৰ।
২। ‘মোগল’ শব্দটো ক’ৰ পৰা আহিছে?
উত্তৰ: ‘মোগল’ শব্দটো ‘মংগোল’ শব্দৰ পৰা আহিছে।
৩। মোগল সম্রাট বাবৰ কোন বংশৰ লোক আছিল?
উত্তৰ: টাইমূৰৰ বংশধৰ।
৪। মাতৃপক্ষৰ পৰা বাবৰ কোন বংশৰ লোক আছিল?
উত্তৰ: চেংগিজ খাঁৰ।
৫। বাবৰৰ দেউতাক কোন আছিল?
উত্তৰ : আমীৰ ওমৰ শেখ মির্জা।
৬। বাবৰ কিমান বছৰ বয়সত ফৰগনাৰ সিংহাসনত উঠে?
উত্তৰ : এঘাৰ বছৰ বয়সত।
৭। কিমান বছৰ বয়সত বাবৰে সমৰখণ্ড জয় কবে?
উত্তৰ চৈধ্য বছৰ বয়সত।
৮। পানীপথৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হয়?
উত্তৰ: ১৫২৬ খৃঃত।
৯। বাবৰে কাৰ আমন্ত্রণ পাই ভাৰত আক্ৰমণ কৰিবলৈ আহে।?
উত্তৰ: দৌলত খাঁৰ আমন্ত্রণত।
১০। বাবৰৰ পিছত কোনে মোগল সাম্ৰাজ্যৰ সিংহাসনত উঠে?
উত্তৰ : বাবৰৰ পুতেক হুমায়ুনে।
১১। হুমায়ুনে কিমান চনত মোগল সাম্রাজ্যৰ সিংহাসনত বহে?
উত্তৰ: ১৫৩০ খৃঃত।
১২। কোনখন যুদ্ধত আফগান দলপতি ছেৰছাহে হুমায়ূনক পৰাস্ত কৰে?
উত্তৰ: ১৫৩৯ খৃঃত চৌচাৰ যুদ্ধত।
১৩। কেতিয়া হুমায়ুনৰ মৃত্যু হয়?
উত্তৰ: ১৫৫৬ খৃঃত।
১৪। হুমায়ুনৰ মৃত্যুৰ পিছত কোনে মোগল সিংহাসনত আৰোহন কৰে?
উত্তৰ: হুমায়ুনৰ পুত্ৰ আকবৰে।
১৫। কাক মোগল সাম্ৰাজ্যৰ শ্ৰেষ্ঠ সম্রাট বুলি কোৱা হয়?
উত্তৰ: আকবৰক।
১৬। কেতিয়া মোগল সম্রাট ঔৰংজেবৰ মৃত্যু হয়?
উত্তৰঃ ১৭০৭ খৃঃত।
১৭। মোগল সাম্রাজ্যৰ শেষ সম্রাট কোন আছিল?
উত্তৰ: দ্বিতীয় বাহদুৰ ছাহ জাফৰ।
১৮। মোগল দৰবাৰৰ ইতিহাসসমূহ কোন ভাষাত ৰচিত হৈছিল?
উত্তৰ: ফার্টী ভাষাত।
১৯। মোগলসকলৰ মাতৃভাষা কি আছিল?
উত্তৰঃ তুর্কী।
২০। বাবৰে তেওঁৰ আত্মজীৱনীমূলক গ্রন্থ কোন ভাষাত ৰচনা কৰিছিল?
উত্তৰ: তুর্কী।
২১। কোনে প্রথমে ফাচী ভাষাক মোগলৰ দৰবাৰী ভাষা হিচাপে স্বীকৃতি দিয়ে?
উত্তৰ: সম্রাট আকবৰে।
২২। উর্দু ভাষাৰ জন্ম কেনেদৰে হয়?
উত্তৰ: ফার্টী ভাষা আৰু হিন্দী ভাষাৰ মাজত হোৱা পাৰস্পৰিক সম্পৰ্কৰ ফলত উর্দু ভাষাৰ জন্ম হয়।
২৩। মোগল যুগত পাণ্ডুলিপি প্রস্তুত কৰা মুখ্য কেন্দ্ৰখনক কি বুলি কোৱা হৈছিল?
উত্তৰ: শাহী কিতাপখানা।
২৪। আবুল ফজলে চিত্রকলাক কি বুলি কৈছিল?
উত্তৰ: যাদু কলা।
২৫। আকবৰৰ ৰাজদৰবাৰত শ্রেষ্ঠ চিত্ৰকৰৰ সন্মান পোৱা চিত্ৰকৰজন কোন আছিল?
উত্তৰ: দসোবন্ত।
২৬। আবুল ফজল ক’ত ডাঙৰ-দীঘল হৈছিল?
উত্তৰ: আগ্রাত।
২৭। ‘আকবৰ নামা’ গ্রন্থখন ৰচনা কৰোতে আবুল ফজলে কিমান সময় লৈছিল?
উত্তৰ: ১৩ বছৰ।
২৮। আবুল ফজলক কোনে চক্রান্ত কৰি হত্যা কৰে?
উত্তৰ : ৰাজকুমাৰ চেলিমৰ সহায়কাৰী বীৰ সিং বুন্দেলাই।
২৯। ‘বাদশাহ নামা’ গ্রন্থখন কোনে ৰচনা কৰে?
উত্তৰ: আবুল ফজলৰ এজন শিষ্য আব্দুল হামিদ লাহিৰীয়ে।
৩০। হামিদ লাহিৰীয়ে আৰম্ভ কৰা ‘বাদশাহ নামা’ গ্রন্থখন কোনে সম্পূর্ণ কৰে?
উত্তৰ: ইতিহাসবিদ বাৰিছে।
৩১। কোনে ‘আকবৰ নামা’ গ্ৰন্থখন ইংৰাজীলৈ অনুবাদ কৰে?
উত্তৰ: হেনৰী বেভাৰিডজে।
৩২। কোনে সচিত্র ‘বাদশাহ নামা’ গ্রন্থখন ইংলণ্ডৰ সম্রাট তৃতীয় জৰ্জক উপহাৰ স্বৰূপে দিয়ে?
উত্তৰ: ১৭৯৯ চনত আবধৰ নবাবে।
৩৩। কোনজন মোগল সম্রাটে অমুছলমানসকলৰ ওপৰত আৰোপ কৰা ‘জিজিয়া কৰ’ উঠাই দিছিল?
উত্তৰ: মোগল সম্রাট আকবৰে।
৩৪। আবুল ফজলে নায্য সার্বভৌমত্বক কি বুলি অভিহিত কৰিছিল?
উত্তৰ : এক সামাজিক চুক্তি বুলি অভিহিত কৰিছিল।
৩৫। আগ্রা দুর্গ কোনে নির্মাণ কৰে?
উত্তৰ: মোগল সম্রাট আকবৰে (১৫৬০ খৃঃত)।
৩৬। কোনে মোগল সম্ৰাজ্যৰ ৰাজধানী ফটেহপুৰ চিক্রিলৈ স্থানান্তৰিত কৰে?
উত্তৰ: মোগল সম্রাট আকবৰে।
৩৭। কোনজন মোগল সম্রাটৰ চুফী ছিলছিলাৰ লগত আন্তৰিকতাপূর্ণ সম্পর্ক আছিল?
উত্তৰ: মোগল সম্রাট আকবৰৰ।
৩৮। ‘বুলন্দ দৰৱাজা’খন কোন নির্মাণ কৰে।
উত্তৰ: মোগল সম্রাট আকবৰে।
৩৯। কোনজন মোগল সম্রাটে লাহোৰলৈ মোগল সাম্ৰাজ্যৰ ৰাজধানী স্থানান্তৰিত কৰে?
উত্তৰ: আকবৰে (১৫৮৫ খৃঃত)।
৪০। ‘হেৰেম’ শব্দটো ক’ৰ পৰা উদ্ভৱ হৈছে?
উত্তৰ: পাচী শব্দ ‘হাৰাম’ৰ পৰা।
৪১। ‘হাৰাম’ শব্দৰ অৰ্থ কি?
উত্তৰ: পবিত্র স্থান।
৪২। দিল্লীৰ বিখ্যাত ‘চান্দনী চ’ক’ৰ ৰূপৰেখা কোনে প্রস্তুত কৰিছিল?
উত্তৰ: মোগল সম্রাট ছাহজাহানৰ ভনীয়েক জাহাঁনাৰাই।
৪৩। কাৰ দিনত ইৰাণীসকলে মোগল ৰাজদৰবাৰত উচ্চ পদবী লাভ কৰিছিল?
উত্তৰ: সম্রাট জাহাঙ্গীৰৰ দিনত।
৪৪। ‘মনসব’ শব্দটোৰ অৰ্থ কি?
উত্তৰ স্থান বা পদমর্যদা।
৪৫। ময়ুৰ সিংহাসনৰ শিল্পীজন কোন আছিল?
উত্তৰ: বেবাদল খাঁ।
৪৬। ‘চাৰচমন’ গ্রন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰ: সম্রাট ছাহজাহানৰ দিনত চন্দ্রভান ব্রাহ্মণে।
৪৭। পানীপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল?
উত্তৰ: বাবৰ আৰু ইব্রাহিম লোডীৰ মাজত।
৪৮। পানীপথৰ দ্বিতীয় যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হয়?
উত্তৰ: আকবৰ আৰু হিমুৰ মাজত (১৫৫৬ খৃঃত)।
৪৯। কোনজন মোগল সম্রাটে ‘আলমগীৰ’ উপাধি গ্রহণ কৰিছিল?
উত্তৰ ঔৰংজেবে।
৫০। ‘ভাৰত তখত’ বুলিলে কি বুজা?
উত্তৰ: মোগল ৰাজসিংহাসনক বুজোৱা হৈছিল?
৫১। ‘খিলত’ মানে কি?
উত্তৰ: মোগল সম্রাটে পৰিধান কৰা পোছাক পুৰণি হ’লে তাক ‘খিলত’ (সম্মানিত পোছাক) বুলি কোৱা হৈছিল।
৫২। কোনে ইউৰোপৰ পৰা ভাৰতলৈ পোনপটীয়া জলপথ আবিষ্কাৰ কৰিছিল?
উত্তৰ: ভাস্ক-ডা-গামাই (১৪৯৮ খৃঃত)।
৫৩। কোনে ‘আলমগীৰ নামা’ গ্রন্থখন ৰচনা কৰে?
উত্তৰ: মহম্মদ কাজীমে।
৫৪। ‘অগ্ৰহাৰ’ কি আছিল? H. S. ’19
উত্তৰ: অগ্ৰহাৰ’ মানে ভূমিদান। প্রাচীন কালত ৰজাসকলে ব্রাহ্মণসকলক ভূমিদান কৰিছিল। ইয়াক ‘অগ্ৰহাৰ’ বুলি কোৱা হৈছিল।
৫৫। ‘জমা’ আৰু ‘হাছিল’ মানে কি বুজা?
উত্তৰ: ‘জমা’ মানে পৰিমাণ আৰু ‘হাচিল’ মানে আদায়।
খ. চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক – ২)
১। মোগল ইতিহাসৰ পৰা কি তথ্য আহৰণ কৰিব পাৰি?
উত্তৰ: মোগল যুগত বহুতো ইতিহাস ৰচিত হৈছিল। এই ইতিহাসবোৰৰ পৰা ৰাজ পৰিয়াল, সাম্ৰাজ্যখনৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আৰু ধর্মীয় জীবন পদ্ধতিৰ বিষয়ে তথ্য আৰহণ কৰাৰ উপৰিও সমসাময়িক যুগৰ ওচৰ-চুবুৰীয়া ৰাজ্যসমূহৰ বিষয়েও বহুত তথ্য জানিব পাৰি।
২। ‘মোগল’ শব্দটো ক’ৰ পৰা উদ্ভৱ হৈছে? মোগলসকলে এই শব্দটো ব্যৱহাৰ কৰিছিল নে?
উত্তৰ: ‘মোগল’ শব্দটো ‘মংগোল’ শব্দৰ পৰা আহিছে। এই শব্দটো মোগলসকলে নিজে ব্যৱহাৰ কৰা নাছিল। ১৬ শ শতিকাৰ ইউৰোপীয়সকলে দিল্লীৰ শাসনকর্তাসকলক বুজাবলৈ ‘মোগল’ শব্দটো ব্যৱহাৰ কৰিছিল।
৩। মোগলসকলে কিয় নিজকে ‘টাইমুৰী’ বুলি কৈছিল?
উত্তৰ: মোগলসকলে, বিশেষকৈ মোগল সাম্রাজ্যৰ প্রতিষ্ঠাতা জাহিৰ উদ্দিন মহম্মদ বাবৰে নিজকে ‘টাইমুৰ’ মূলৰ বুলি পৰিচয় দিছিল। কাৰণ তেওঁলোক তুর্কী আক্ৰমণকাৰী টাইমুৰৰ বংশধৰ আছিল।
৪। মোগলসকলৰ শ্রেষ্ঠ সম্রাট কোন আছিল? তেওঁৰ দুটা উল্লেখযোগ্য সফলতাৰ বিষয়ে লিখা।
উত্তৰ: মোগল সম্রাটসকলৰ ভিতৰত আকবৰক শ্রেষ্ঠ সম্রাট বুলি কোৱা হয়। তেওঁৰ দুটা উল্লেযোগ্য সফলতা হৈছে:
(ক) তেওঁৰ দিনত মোগল সাম্রাজ্য যথেষ্ঠ পৰিমাণে বিস্তাৰিত হয় আৰু সাম্ৰাজ্যৰ স্থিতি দৃঢ় হয়।
(গ) তেওঁৰ দিনত ভাৰতবৰ্ষত হিন্দু আৰু মুছলমানসকলৰ মাজত সমন্বয় সাধন হয়।
৫। ইতিহাসসমূহ ৰচনা কৰাৰ দুটা উদ্দেশ্য লিখা।
উত্তৰ: মোগল যুগত বহুতো ইতিাস ৰচনা কৰা হৈছিল। এই ইতিহাসসমূহৰ ৰচনা কৰাৰ মূল উদ্দেশ্য আছিল
(ক) মোগল সাম্রাজ্যক এখন জ্ঞানদীপ্ত সাম্ৰাজ্যৰ ৰূপত দাঙি ধৰা।
(খ) মোগল সাম্রাজ্যৰ বিৰোধিতা কৰাসকলক আৰু তেওঁলোকৰ বিৰোধিতা যে সফল নহ’ব সেইটো জনোৱাৰ কাৰণেও ইতিহাস ৰচনা কৰা হৈছিল।
৬। আকবৰে কোনটো ভাষাক আৰু কিয় দৰবাৰী ভাষা হিচাপে ঘোষণা কৰিছিল?
উত্তৰ: মোগল সম্রাট আকবৰে ফাৰ্চী ভাষাক দৰবাৰী ভাষা হিচাপে স্বীকৃতি দিছিল। ইয়াৰ কাৰণ হ’ল
(ক) তেওঁৰ দিনত ফার্টী ভাষা-সাহিত্যৰ চৰম বিকাশ ঘটে।
(খ) মোগল বাজসভাত পদবী পাবলৈ ইৰাণী আৰু মধ্য এচিয়াৰ প্ৰৱাসীসকলে সম্রাট আকবৰক ফার্টী ভাষাৰ প্রতি আকৃষ্ট কৰিছিল।
৭। ‘নষ্টালিক’ শৈলী কি?
উত্তৰ: ‘নষ্টালিক শৈলী’ আছিল এক প্ৰকাৰৰ লেখন শৈলী। ই হ’ল এবিধ তৰল শৈলী য’ত পথালি সমতল পাতত কলমেৰে লিখা হৈছিল। কলমবোৰ পাঁচৰ পৰা দহ মিলিমিটাৰ জোঙা নিবযুক্ত আছিল। চিয়াহীত ডুবাই লিখা নিববোৰ মাজত ফলা আছিল যাতে চিয়াহী সহজে বৈ যাব পাৰে।
৮। দুখন গুৰুত্বপূর্ণ মোগল সচিত্র পুথিৰ নাম লিখা।
উত্তৰ: ‘বাদশা নামা’ আৰু ‘আকবৰ নামা’
৯। কোনে, কেতিয়া এছিয়াটিক ছচাইটি প্রতিষ্ঠা কৰিছিল?
উত্তৰ: ১৭৮৪ খৃঃত চাৰ উইলিয়াম জনছৰ নেতৃত্বত এছিয়াটিক ছচাইটি প্রতিষ্ঠা কৰা হৈছিল।
১০। ‘সুলহ-ই-কুল’ মানে কি বুজা?
উত্তৰ: ‘সুলহ-ই-কুল’ মানে পূর্ণ শান্তি। আবুল ফজলৰ মতে ‘সুলহ-ই-কুল’ আছিল সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ মাজত সহিষ্ণুতা আদৰ্শৰ ওপৰত প্রতিষ্ঠিত এক মতবাদ।
১১। ‘জিজিয়া কৰ’ কি?
উত্তৰ: ভাৰতবৰ্ষত চুলতানী আমোলত বিশেষকৈ খিলিজী বংশৰ চুলতান আলাউদ্দিনৰ দিনৰ পৰা ভাৰতৰ অমুছলমান প্রজাসাধাৰণৰ ওপৰত আৰু হিন্দু তীর্থ যাত্রীসকলৰ ওপৰত এবিধ কৰ আৰোপ কৰিছিল। সেই কৰক ‘জিজিয়া কৰ’ বুলি কোৱা হৈছিল। এই কৰ প্ৰদান কৰাৰ বিনিময়ত সম্রাটে সেই প্ৰজাসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ আশ্বাস দিছিল।
১২। জাহানাৰা কোন আছিল? তেওঁৰ দুটা অৱদান উল্লেখ কৰা।
উত্তৰ: জাহানাৰা আছিল মোগল সম্রাট ছাহজাহানৰ জীয়ৰী। জাহানাৰাই সম্রাট ছাহজাহানে নিৰ্মাণ কৰা নতুন ৰাজধানী ছাহজাহানবাদৰ স্থাপত্য কলাৰ প্ৰকল্পত অংশ গ্রহণ কৰিছিল। ছাহজাহানবাদৰ প্ৰাণকেন্দ্র ‘চান্দনী চ’ক’ৰ বজাৰসমূহৰ ৰূপৰেখাও জাহানাৰাই প্রস্তুত কৰিছিল।
১৩। হুমায়ুনৰ লগত অহা দুজন শিল্পীৰ নাম লিখা।
উত্তৰঃ হুমায়ুনৰ লগত ইৰাণৰ পৰা অহা দুজন শিল্পীৰ নাম হ’ল মীৰ চৈয়দ আলি আৰু আব্দুছ ছামাদ।
১৪। সফারী সাম্ৰাজ্যৰ বিখ্যাত চিত্র শিল্পীজনৰ নাম কি?
উত্তৰ: সফারী সাম্ৰাজ্যৰ বিখ্যাত চিত্র শিল্পীজনৰ নাম হ’ল: বিহজাত।
১৫। ফাৰচী আৰু হিন্দী ভাষাৰ সংমিশ্ৰণৰ ফলত সৃষ্টি হোৱা ভাষাটোৰ নাম কি আছিল?
উত্তৰ: উর্দু ভাষা।
১৬। মহাভাৰতখন ফাৰচী ভাষালৈ কি নামেৰে অনুবাদ কৰা হৈছিল?
উত্তৰ : ৰাজম নামা।
১৭। বাবৰৰ স্মৃতি কি ভাষাত ৰচনা কৰা হৈছিল?
উত্তৰ: তুর্কী ভাষাত।
১৮। ‘কিতাব খানা’ মানে কি? H. S. ’18
উত্তৰ : ‘কিতাব খানা’ আছিল মোগল যুগৰ এক লিপিঘৰ য’ত কিতাপৰ পাণ্ডুলিপি সংগ্ৰহ কৰা হৈছিল আৰু নতুন পাণ্ডুলিপি প্রস্তুত কৰা হৈছিল।
১৯। ‘দৈৱিক পোহৰ’ৰ ধাৰণাটো মোগল চিত্ৰসমূহে কেনেদৰে প্ৰকাশ কৰিছে?
উত্তৰ: মোগল দৰবাৰৰ ইতিহাসবিদসকলে বিভিন্ন তথ্যৰে দেখুৱাব বিচাৰিছিল যে সম্রাটসকলে ভগৱানৰ পৰা প্রত্যক্ষভাবে এক ঐশ্বৰিক শক্তি লাভ কৰিছিল। সিহঁতে পৌৰাণিক আখ্যানৰ দৰে এক আখ্যানৰ সৃষ্টি কৰিছিল যে মোগলসকলৰ ৰাণী আলান কুৰাই শিবিৰত জিৰণী লৈ থকা অৱস্থাত এক স্বর্গীয় পোহৰৰ দ্বাৰা গৰ্ভৱতী হৈছিল। ইয়াৰ ফলত জন্ম হোৱা সন্তানৰ গাত ঐশ্বৰিক শক্তিৰ প্ৰভাৱ আছিল। এই প্রভাৱ পুৰুষানুক্রমে চলি আহিছিল। এই ধাৰণাটো মোগল চিত্ৰসমূহে প্রকাশ কৰিছিল। বিশেষকৈ চিত্ৰকসকলে মোগল সম্রাটসকলৰ চিত্ৰসমূহ জ্যোতিমণ্ডলৰ সৈতে অংকন কৰিছিল।
২০। আবুল ফজলৰ মতে সম্রাটে কি চাৰিটা সত্তা ৰক্ষা কৰিছিল?
উত্তৰ: আবুল ফজলৰ মতে সম্রাটে চাৰিটা সত্তা ৰক্ষা কৰিছিল যথা- জীবন (জন), ধন (মাল), সম্মান (নামস) আৰু বিশ্বাস (দীন)।
২১। গুলবদন বেগম কোন আছিল? তেওঁ লিখা গ্ৰন্থখনৰ নাম কি?
উত্তৰ : গুলবদন বেগম আছিল মোগল সম্রাট হুমায়ুনৰ ভগ্নী। তেওঁ লিখা গ্ৰন্থখনৰ নাম হ’ল: ‘হুমায়ুন নামা’।
২২। কৃষিজীবি সমাজত মহিলাই আগবঢ়োৱা দুটা বৰঙনি। H. S. ’15
উত্তৰ: মধ্যযুগত বিশেষকৈ মোগল যুগত কৃষিজীরি সমাজত মহিলাসকলে তলত উল্লেখ কৰা ধৰণে সহায় কৰিছিল।
(ক) সিহঁতে শস্য ৰোৱা আৰু চপোৱাত পুৰুষসকলক সহায় কৰিছিল।
(খ) সিহঁতে নানা ধৰণৰ মাটিৰ বাচন-বর্তন তৈয়াৰ কৰিছিল আৰু বোৱা-কটা কৰিছিল।
২৩। জাতি পঞ্চায়তৰ দুটা কাম। H. S. ’15
উত্তৰ: জাতি পঞ্চায়তৰ দুটা কাম হ’ল-
(ক) গাওঁসমূহৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰা।
(খ) দেৱানী গোচৰসমূহ নিষ্পত্তি কৰা।
২৪। মধ্যযুগীয় ভাৰতত কৃষি উৎপাদন বৃদ্ধিৰ বাবে কি কি প্রযুক্তি ব্যৱহাৰ কৰিছিল? H. S. ’17
উত্তৰঃ মধ্য যুগত ভাৰতত কৃষি উৎপাদন বৃদ্ধিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল। নাদ আৰু পুখুৰীয়েই আছিল খেতি-পথাৰত পানী যোগান দিয়াৰ প্রধান উৎস।
গ. বহলাই উত্তৰ দিয়া: (প্রত্যেকটোৰ মূল্যাংক – ৪। ৬)
১। মোগল দৰবাৰত পাণ্ডুলিপি প্রস্তুত সম্পর্কে বহলাই লিখা।
উত্তৰ: মোগল যুগত পাণ্ডুলিপি প্রস্তুত কৰা কেন্দ্ৰটোৰ নাম আছিল ‘শাহী কিতাব খানা’। কিতাপখানা কেন্দ্ৰটোক বর্তমান যুগৰ পুথিভঁৰালৰ লগত ৰিজাব পাৰি। ইয়াত পাণ্ডুলিপি সংগ্রহ কৰি ৰখা হৈছিল আৰু তাৰ পৰা নতুন পাণ্ডুলিপি প্রস্তুত কৰা হৈছিল। পাণ্ডুলিপি ৰচনা কৰাৰ বিভিন্ন কামত বহুলোক জড়িত হৈ আছিল। কিছুমানে পাণ্ডুলিপিৰ পৃষ্ঠাসমূহ প্রস্তুত কৰিছিল। লেখাৰুয়ে সুন্দৰ হাতৰ আখৰেৰে কিতাপৰ নকল প্রস্তুত কৰিছিল। কিছুমানে পৃষ্ঠাসমূহৰ উজ্জলতা বৃদ্ধিৰ কাৰণে সোণপানী চৰোৱা কাম কৰিছিল। কিছুমানে পাণ্ডুলিপিৰ পৃষ্ঠাসমূহ একত্রিত কৰি বেটুপাতৰ সৈতে কিতাপ আকাৰে বান্ধিছিল। পাণ্ডুলিপিসমূহ প্রস্তুত কৰা কাৰ্যৰ লগত জড়িত কলা-কুশলীক পদ মর্যদা অনুসৰি পুৰস্কৃত কৰা হৈছিল। মোগল যুগত ৰাজকীয় পৃষ্ঠপোষকতাত লিখি উলিওৱা এই পাণ্ডুলিপিসমূহে সম্রাটসকলৰ শক্তি আৰু জ্ঞান পিপাসু মনৰ পৰিচয় বহন কৰিছিল।
২। মোগল ৰাজপৰিয়ালত মহিলাসকলৰ ভূমিকা আলোচনা কৰা।
উত্তৰ: মোগল যুগত বংশ, পদবী আৰু দক্ষতাৰ ওপৰত মহিলাসকলৰ মৰ্যদা আৰু স্থান নিৰ্ভৰ কৰিছিল। মোগলসকলে পাৰিবাৰিক ক্ষেত্ৰত ‘হেৰেম’ শব্দটো ব্যৱহাৰ কৰিছিল। মোগল পৰিয়ালত বাদশাহ, তেওঁৰ পত্নী, উপপত্নী, তেওঁৰ আত্মীয়সকল, পৰিচাৰিকা আৰু গোলামসকল আছিল। ৰাজপৰিয়ালত বহু বিবাহ প্রচলিত আছিল। মোগল ৰাজপৰিয়ালৰ পত্নীসকলৰ মাজত পার্থক্য দেখা গৈছিল। উদাহৰণস্বৰূপে অভিজাত পৰিয়ালৰ পৰা অহা পত্নী আৰু জন্মসূত্রে অভিজাত নোহোৱা আন পত্নীসকলৰ মাজত পার্থক্য আছিল। যৌতুক হিচাপে বৃহৎ পৰিমাণৰ নগদ ধন আৰু মূল্যবান সা-সম্পত্তি লৈ অহা পত্নীয়ে উচ্চস্থান লাভ কৰিছিল। উপপত্নীসকলৰ স্থান নিম্ন আছিল। তেওঁলোকে নিজ প্রস্থিতি অনুসৰি নগদ ভাট্টা আৰু উপহাৰ লাভকৰিছিল। কেতিয়াবা কেতিয়াৱা স্বামীৰ ইচ্ছা অনুযায়ী উপপত্নীসকলেও পত্নীৰ মৰ্যদা লাভ কৰিছিল। পত্নীসকলৰ উপৰিও ৰাজ পৰিয়ালত বহু সংখ্যক মহিলা আৰু পুৰুষ গোলাম আছিল।
সম্রাট জাহাঙ্গীৰৰ দিনৰ পৰা ৰাণী আৰু ৰাজকুমাৰীসকলৰ প্রতিপত্তি বৃদ্ধি পায়। উদাহৰণস্বৰূপে ছাহজাহানৰ ভনীয়েক জাহানাৰা আৰু ৰৌশনাৰাই বছৰি উচ্চ পদস্থ মনসৱদাৰৰ সমানেই আয় কৰিছিল। জাহানাবাই চুৰাট বন্দৰৰ পৰাও ৰাজহ আদায় কৰিছিল। জাহানাৰাই সম্রাট ছাহজাহানে নিৰ্মাণ কৰা ৰাজধানী ছাহজাহানবাদৰ স্থাপত্য কলাৰ প্ৰকল্পত অংশ গ্রহণ কৰিছিল। আনকি প্রখ্যাত ছান্দনী চ’কৰ ৰূপৰেখাও জাহানাৰাই প্ৰস্তুত কৰিছিল। হুমায়ুনৰ ভগ্নী গুলবদন ফার্চী আৰু তুর্কী ভাষাত বুৎপত্তি লাভ কৰিছিল। এওঁ ‘হুমায়ুন নামা’ নামৰ গ্ৰন্থ এখনো ৰচনা কৰিছিল।
৩। মোগলৰ প্রাদেশিক শাসন ব্যৱস্থাৰ সম্পর্কে লিখা। কেন্দ্রই কেনেদৰে প্ৰদেশসমূহ নিয়ন্ত্রণ কৰিছিল? H. S. ’15
উত্তৰ: মোগল যুগত শাসন ব্যৱস্থাৰ সুবিধাৰ বাবে বিশাল সাম্রাজ্যখনক কেইবাখনো প্রদেশত ভাগ কৰা হৈছিল। প্রদেশসমূহৰ মুখ্য বিষয়াজনক ‘চুবেদাৰ’ বুলি কোৱা হৈছিল। চুবেদাৰজনক সম্রাটে নিয়োগ কৰিছিল। তেওঁ সম্রাটক প্রদেশখনৰ সকলো তথ্য পোনপটীয়াকৈ জনাব লাগিছিল।
শাসনৰ সুবিধাৰ বাবে প্রদেশসমূহক আকৌ কিছুমান জিলাত ভাগ কৰা হৈছিল। জিলাৰ বিষয়াজনক ‘ফৌজদাৰ’ বুলি কোৱা হৈছিল। নিজৰ এলেকাত আইন-শৃঙ্খলা বজাই ৰখাটোৱেই তেওঁৰ মুখ্য দায়িত্ব আছিল। তেওঁ নিজে এক সুসজ্জিত সৈন্য বাহিনী ৰাখিব পাৰিছিল।
জিলাসমূহক আকৌ কিছুমান পৰগণা বা মহলাত ভাগ কৰা হৈছিল। পৰগণাসমূহৰ কাম কাজ পৰিচালনাৰ কাৰণে কিছুমান বিষয়া নিয়োগ কৰা হৈছিল।
প্রশাসন বিভাগৰ প্ৰতিটো বিভাগতে বুজন সংখ্যক সহায়কাৰী বিষয়া আছিল যেনে কেৰানী, গাণনিক, হিচাপ পৰীক্ষক, বার্তাবাহক আৰু অন্যান্য কৌশলী দক্ষ কৰ্মচাৰীসকল।
সম্রাটে প্রশাসনৰ সকলো বিভাগত চোকা নজৰ ৰাখিছিল আৰু বিষয়াসকলক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সদায় সচেষ্ট আছিল।
৪। মোগল ইতিহাসৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰ: মোগল যুগত ইতিহাস সাহিত্যৰ প্রশংসনীয় বিকাশ হৈছিল। জ্ঞানী, গুণী আৰু পণ্ডিত সভাসদসকলক সম্রাটে ইতিহাস ৰচনাৰ কামত লগাইছিল। উদাহৰণস্বৰূপে আবুল ফজল, হামিদ লাহিৰী, ৱাৰিছ, চন্দ্রভান আৰু বহুতো।
মোগল সম্রাটসকলে বিভিন্ন উদ্দেশ্যেৰে ইতিহাসসমূহ ৰচনা কৰোৱাইছিল। যেনে-
(ক) মোগল সাম্রাজ্যক এখন জ্ঞানদীপ্ত সাম্ৰাজ্যৰ ৰূপত দাঙি ধৰা।
(খ) মোগল সাম্ৰাজ্যৰ বিৰোধিতা কৰাসকলক আৰু তেওঁলোকৰ বিৰোধিতা যে সফল নহ’ব সেইটো জনোৱাৰ কাৰণেও ইতিহাস ৰচনা কৰা হৈছিল।
মোগল যুগৰ ইতিহাসৰ প্রধান বৈশিষ্ট্য হ’ল ইতিহাসবোৰৰ প্ৰায় সকলোবোৰেই ৰাজকীয় দৃষ্টিভংগীত লিখা হৈছিল। সেইবোৰত সম্ৰাটৰ প্ৰশংসা, তেওঁৰ কামকাজ, পৰিকল্পনা আৰু ৰজাৰ লগত সম্পর্কীয় বিষয়সমূহহে স্থান পাইছিল। প্রজাসাধাৰণৰ আবেগ-অনুভৱ আদিৰ চিত্ৰই কোনো স্থান পোৱা নাছিল। বহু সময়ত সম্রাটৰ দোষ-ত্রুটি, দুর্বলতা আদি ইতিহাসবোৰত স্থান দিয়া হোৱা নাছিল।
৫। ‘আকবৰ নামা’ৰ ওপৰত এটি টোকা লিখা।
উত্তৰ: ‘আকবৰ নামা’ গ্রন্থখন মোগল সম্রাট আকবৰৰ সভাসদ আবুল ফজলে সম্রাটৰ নিৰ্দেশত ৰচনা কৰিছিল। এই গ্রন্থখন হৈছে মোগল যুগৰ এক ঐতিহাসিক দলিল স্বৰূপ। ১৫৮৯ খৃঃত আবুল ফজলে ‘আকবৰনামা’ ৰচনাৰ কাম আৰম্ভ কৰে আৰু ১৬০২ চনত ইয়াৰ কাম সম্পূর্ণ কৰে। গ্ৰন্থখনত প্রায় পোন্ধৰশমান ছবি অংকন কৰা হৈছিল। আকবৰে কেইবাবাৰো মূল পাঠৰ সংশোধন ঘটাইছিল। এই গ্রন্থখন বিভিন্ন ঘটনাৰ বাস্তৱ বিৱৰণ, জ্ঞানী-গুণী, পণ্ডিতসকলৰ মৌখিক প্রমাণ সাক্ষী, সাক্ষাৎকাৰ আদি তথ্যৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছিল। গ্রন্থখনত তিনিটা ভাগ আছে। প্রথম ভাগত আকবৰৰ ৰাজত্বকালৰ প্ৰথম ত্ৰিশ বছৰ বৰ্ণনা দিয়া হৈছে। দ্বিতীয় আৰু তৃতীয় অধ্যায়ত আকবৰৰ ৰাজত্বকালৰ ৪৬ বছৰলৈ বর্ণনা দিয়া হৈছে। ইয়াৰ ঠিক পিছত ১৬০২ খৃঃত আবুল ফজলক ৰাজকুমাৰ চেলিমৰ সহায়কাৰী বীৰ সিং বুন্দেলাই ষড়যন্ত্ৰ কৰি হত্যা কৰে।
৬। ‘বাদশা নামা’ৰ ওপৰত এটি টোকা লিখা। H. S. ’16
উত্তৰ: ‘বাদশা নামা’ হৈছে মোগল যুগৰ এক ইতিহাস গ্রন্থ। এই গ্রন্থখনত মোগল সম্রাট ছাহজাহানৰ ৰাজত্বকালৰ বিৱৰণ আছে। এইখন আকবৰৰ সভাষদ আবুল ফজলৰ শিষ্য আব্দুল হামিদ লাহিৰীয়ে ৰচনা কৰিছিল। গ্রন্থখন ‘আকবৰ নামা’ গ্রন্থখনৰ অনুকৰণত লিখা হৈছিল। গ্রন্থখনত তিনিটা অধ্যায় আছে। বার্ধক্যজনিত কাৰণত লাহিৰীয়ে তৃতীয় অধ্যায়খন লিখিব নোৱাৰাত ইতিহাসবিদ বাৰিছে এই কামটো সমাধা কৰে।
৭। ‘মনচ বদাৰী প্রথা’ কি আছিল? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰ: ‘মনচবদাৰী প্রথা’টো আছিল মোগল সম্রাট আকবৰে সামৰিক বাহিনীৰ সংস্কাৰৰ উদ্দেশ্যে গ্রহণ কৰা এক ব্যৱস্থা। ‘মনচ’ শব্দটোৰ অর্থ হৈছে স্থান বা পদমর্যদা। মোগলসকলৰ ‘মনচ’ অর্থাৎ সামৰিক বা ৰাজকৰ্মচাৰীসকলৰ পদমর্যদা ‘জাট’ আৰু ‘সওৱাৰ’ এই নামৰ দুটা সংখ্যাৰ দ্বাৰা পৰিচালিত হৈছিল। ‘জাট’ হৈছে মনচবদাৰী প্ৰথাৰ মূল পদমর্যদা। আনহাতে ‘সওৱাৰ’ শব্দটোৱে জাট এজনৰ অধীনত কিমান অশ্বাৰোহী থাকিব পাৰিব তাকে সুচাইছিল। ১৭ শ শতিকাত ১,০০০ বা তাতোধিক ওপৰৰ জাটসকলক ‘ওমৰ’ (বহুবচনত আমীৰ) বুলি কোৱা হৈছিল। সৈনিক অভিযান বা যুদ্ধৰ সময়ত এই অভিজাতসকলে নিজ সৈন্যবাহিনী লৈ সম্রাটক সহায় কৰিব লাগিছিল আৰু প্রদেশসমূহত তেওঁলোকে ৰাজবিষয়া হিচাপে কার্যভাৰ চম্ভালিব লগা হৈছিল।
৮। মোগল সাম্রাজ্যক এক আদর্শ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণসমূহ উল্লেখ কৰা।
উত্তৰ: মোগল সাম্রাজ্যক এক আদর্শ ৰাজ্য হিচাপে প্রতিষ্ঠা কৰাৰ কেইবাটাও কাৰণ আছে, যথা প্রথমত, মোগল সম্রাটসকলে এক সুশৃঙ্খল প্রশাসনীয় নীতি নিৰ্দ্ধাৰণ কৰি সম্ৰাজ্যখনৰ শাসন কার্য পৰিচালনা কৰিছিল। সম্রাটসকলে শাসনৰ সুবিধাৰ বাবে বিশাল সাম্রাজ্যখনক কেইবাখনো প্রদেশত ভাগ কৰিছিল প্রদেশসমূহৰ মুখ্য বিষয়াজনক ‘চুবেদাৰ’ বুলি কোৱা হৈছিল। চুবেদাৰজনক সম্রাটে নিয়োগ কৰিছিল। তেওঁ সম্রাটক প্রদেশখনৰ সকলো তথ্য পোনপটীয়াকৈ জনাব লাগিছিল। শাসনৰ সুবিধাৰ বাবে প্রদেশসমূহক আকৌ কিছুমান জিলাত ভাগ কৰা হৈছিল। জিলাৰ বিষয়াজনক ‘ফৌজদাৰ’ বুলি কোৱা হৈছিল। নিজৰ এলেকাত আইন-শৃঙ্খলা বজাই ৰখাটোৱেই তেওঁৰ মুখ্য দায়িত্ব আছিল। তেওঁ নিজে এক সুসজ্জিত সৈন্য বাহিনী ৰাখিব পাৰিছিল। জিলাসমূহক আকৌ কিছুমান পৰগণা বা মহলাত ভাগ কৰা হৈছিল। পৰগণাসমূহৰ কাম কাজ পৰিচালনাৰ কাৰণে কিছুমান বিষয়া নিয়োগ কৰা হৈছিল।
প্রশাসন বিভাগৰ প্রতিটো বিভাগতে বুজন সংখ্যক সহায়কাৰী বিষয়া আছিল যেনে কেৰানী, গাণনিক, হিচাপ পৰীক্ষক, বার্তাবাহক আৰু অন্যান্য কৌশলী দক্ষ কৰ্মচাৰীসকল। সম্রাটে প্রশাসনৰ সকলো বিভাগত চোকা নজৰ ৰাখিছিল আৰু বিষয়াসকলক নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সদায় সচেষ্ট আছিল। দ্বিতীয়তে, মোগল সম্রাটসকল ধর্মীয় দিশত উদাৰী নীতি গ্রহণ কৰিছিল। তৃতীয় মোগল সম্রাট আকবৰ সম্পূর্ণভাবে ধর্ম নিৰপেক্ষ আছিল। তেওঁৰ দিনৰ পৰা যোগ্যতাৰ ভিত্তিত অনা-মুছলমানসকলক অর্থাৎ হিন্দুসকলক ৰাজসভাত স্থান দিয়া হৈছিল আৰু শাসনকার্যৰ বিভিন্ন দায়িত্বপূর্ণ পদত নিযুক্তি দিয়া হৈছিল। ইয়াৰ উপৰিও আকবৰে হিন্দু ছোৱালী বিয়া কৰাই হিন্দু-মুছলমানৰ লগত এক সৌহার্দপূর্ণ সম্বন্ধ স্থাপন কৰিছিল।
তৃতীয়তে, মোগল সম্রাটসকল সংস্কৃতিবান আৰু সৌন্দর্য পিপাসু মানসিকতাৰ লোক আছিল। ফলত সিহঁতে ভাৰতৰ বিভিন্ন ঠাইত নগৰ স্থাপন কৰি সুন্দৰ সুন্দৰ অট্টালিকা, মছজিদ, স্মৃতিসৌধ কিল্লা আদি নির্মাণ কৰি মোগল সম্রাট আৰু সাম্ৰাজ্যৰ গৌৰৱ বঢ়াইছিল।
এইবোৰ কাৰণত মোগল সাম্রাজ্য এক আদর্শ ৰাজ্য হিচাপে প্রতিষ্ঠা লাভ কৰিছিল।
৯। মোগল যুগৰ জলসিঞ্চন পদ্ধতিৰ বিষয়ে এটি চমু টোকা লিখা। H. S. ’16
উত্তৰ: মোগল যুগত ভাৰতবৰ্ষত জলসিঞ্চন পদ্ধতিৰ যথেষ্ট উন্নতি হৈছিল। মোগল সম্রাটসকলে প্রজা সাধাৰণৰ উন্নয়নৰ অর্থে যথেষ্ট জনহিতকৰ কাম কৰিছিল তাৰ ভিতৰত কৃষিৰ উন্নয়নৰ বাবে জলসিঞ্চন ব্যবস্থা অন্যতম আছিল।
মোগল সম্রাটসকলে উত্তৰ ভাৰতত বহুতো নতুন খাল নির্মাণ কৰিছিল আৰু পুৰণি খালবোৰ মেৰামতি কৰিছিল। খালবোৰৰ সহায়ত নদী বা হ্ৰদৰ পৰা পানী খেতি পথাৰলৈ বোৱাই লৈ যোৱা হৈছিল। সম্রাট ছাহজাহানৰ ৰাজত্ব কালত ছাহ নাহাৰ নামৰ এটি খাল নির্মাণ কৰা হৈছিল। ইয়াৰ দৈৰ্ঘ আছিল ৭৮ মাইল। আকৌ তেওঁৰ শাসন কালত ৰাবী নদীৰ পৰা লাহোৰ পর্যন্ত ৮৪ মাইল দৈৰ্ঘৰ খাল খন্দা হৈছিল। মেৱাৰৰ ধিৱাৰ হ্ৰদৰ পৰা খালখনৰে পানী বোৱাই নিয়া হৈছিল। ইয়াৰ উপৰিও লাহোৰৰ দিলপুৰত বাল্টি আৰু চফা পদ্ধতিৰে পানী তুলি খেতি পথাৰত দিয়া হৈছিল।
৮। ‘বাদশাহ-নামা’ৰ লেখকজন কোন? কিতাপখনৰ বিষয়বস্তুৰ বিষয়ে লিখা। H. S. ’16
উত্তৰ: ‘বাদশা নামা’ হৈছে মোগল যুগৰ এক ইতিহাস গ্রন্থ। এই গ্রন্থখনত মোগল সম্রাট ছাহজাহানৰ ৰাজত্বকালৰ বিৱৰণ আছে। এইখন আকবৰৰ সভাষদ আবুল ফজলৰ শিষ্য আব্দুল হামিদ লাহিৰীয়ে ৰচনা কৰিছিল। গ্রন্থখন ‘আকবৰ নামা’ গ্ৰন্থখনৰ অনুকৰণত লিখা হৈছিল। গ্রন্থখনত তিনিটা অধ্যায় আছে। বার্ধক্যজনিত কাৰণত লাহিৰীয়ে তৃতীয় অধ্যায়খন লিখিব নোৱাৰাত ইতিহাসবিদ বাৰিছে এই কামটো সমাধা কৰে। গ্রন্থখন ছাহজাহানৰ ৰাজত্বকালৰ বিষয়ে বহুতো তথ্য সন্নিবিষ্ট কৰা আছে। অৱশ্যে এই গ্রন্থখনো কিছুমান পক্ষপাতদুষ্ট দোষেৰে দোষী। কাৰণ গ্ৰন্থখন ৰাজকীয় দৃষ্টিভংগীৰে ৰচনা কৰা হৈছে। ইয়াত জনসাধাৰণৰ দুখ-দুৰ্দ্দশা, আশা-আকাংখা প্রতিফলিত হোৱা নাই। তাৰোপৰি ই সাম্ৰাজ্যৰ দুৰনীবটীয়া অঞ্চলৰ বিশেষ কোনো বিৱৰণ নাই। যিয়েই নহওঁক কিয় হামিদ লাহিৰীৰ ‘বাদশা নামা’ গ্রন্থখন মোগল যুগত ৰচিত হোৱা এখন উল্লেখযোগ্য ইতিহাস।