এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ ভাৰতীয় সংবিধান ৰচনা এক নতুন অধ্যায়ৰ সূচনা Class 12 History Chapter 16 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
ভাৰতীয় সংবিধান ৰচনা Class 12 History Chapter 16 Solutions
ভাৰতীয় সংবিধান ৰচনা এক নতুন অধ্যায়ৰ সূচনা
ষষ্ঠদশ অধ্যায়
ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ১)
১। ১৮৮৫ চনত জন্ম লাভ কৰা ভাৰতৰ প্ৰথমটো সৰ্বভাৰতীয জাতীয় অনুষ্ঠানৰ নাম কি?
উত্তৰ ভাৰতীয় জাতীয় কংগ্রেছ।
২। ১৯১৯ চনৰ কোনখন আইনে দ্বিসদনযুক্ত বিধানমণ্ডলৰ ব্যৱস্থা কৰিছিল?
উত্তৰ: মন্টেগো জেমচফর্ড আইনে।
৩। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনক ভাৰত বিৰোধী আইন বুলি কোৱাৰ এটা যুক্তি দাঙি ধৰা।
উত্তৰ : এই আইনে প্রতিনিধিত্বমূলক চৰকাৰ গঠনৰ পোষকতা কৰা নাছিল।
৪। ইংলণ্ডৰ কোনটো ৰাজনৈতিক দল ভাৰতৰ ৰাজনৈতিক সমস্যাৰ প্রতি সহানুভূতিশীল আছিল।
উত্তৰ: শ্রমিক দল।
৫। তোমাৰ পাঠ্যপুথিত উল্লেখ থকা ‘লেবাৰ পাৰ্টিৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি?
উত্তৰ: লর্ড এটলি।
৬। ভাৰতৰ সংবিধান সভাৰ মুঠ সদস্য সংখ্যা কিমান আছিল?
উত্তৰ: ৩৮৯ জন।
৭। সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতিজনৰ নাম লিখা।
উত্তৰ: ড° ভীম ৰাও আম্বেদকাৰ।
৮। পৃথক ভোটাধিকাৰৰ সপক্ষে এটা যুক্তি দাঙি ধৰা।
উত্তৰ: কোনো এক জনগোষ্ঠীৰ এজন প্রতিনিধিয়ে সেই জনগোষ্ঠীটোৰ অভাব, অভিযোগ, সমস্যা আদি যেনেদৰে সদনত দাঙি ধৰিব পাৰিব আন গোষ্ঠীৰ এজন প্রতিনিধিয়ে তেনেদৰে উত্থাপন কৰিব নোৱাৰিব।
৯। জয়পাল সিং কোন জনগোষ্ঠীৰ লোক আছিল?
উত্তৰ: আদিবাসী জনগোষ্ঠীৰ।
১০। আৰ. ভি. ধুলেকাৰ কোন আছিল?
উত্তৰ: আব. ভি. খুলেকাৰ ইউনাইটেড প্ৰদেশৰ কংগ্ৰেছ দলৰ সদস্য আছিল। তেওঁ সংবিধান সভাত ৰাষ্ট্ৰ ভাষা হিন্দী হোৱাৰ সপক্ষে মাত মাতিছিল।
১১। নির্দেশাত্মক নীতি ভাৰতৰ সংবিধানৰ কোন অধ্যায়ত সন্নিবিষ্ট আছে?
উত্তৰ: চতুর্থ অধ্যায়ত।
১২। ভাৰতৰ সংবিধানে কিয় এক নাগৰিকত্বৰ ব্যৱস্থা ৰাখিছে?
উত্তৰ: আঞ্চলিক ভেদ-ভাৱ নাশ কৰিবলৈ।
১৩। পৃথক ভোটাধিকাৰৰ দাবী কৰা এজন নেতাৰ নাম লিখা।
উত্তৰ: বি. পকাৰ বাহাদুৰ।
১৪। সোমনাথ লাহিড়ী কোন আছিল?
উত্তৰ: কমিউনিষ্ট দলৰ নেতা আছিল।
১৫। সংবিধান সভাৰ প্ৰথমখন বৈঠক ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ দিল্লীত (১৯৪৬ চনৰ ৯ ডিচেম্বৰত)
১৬। ভাৰতৰ শেষ ইংৰাজ গৱৰ্ণৰ জেনেৰেলজন কোন আছিল?
উত্তৰ: লর্ড মাউন্ট বেটেন।
১৭। ‘দ্বৈত শাসন’ কাক বোলা হয়?
উত্তৰ: দেশ শাসনৰ বিভাগবোৰ কেন্দ্ৰ আৰু প্রদেশবোৰৰ মাজত ভাগ কৰি দিয়া ব্যৱস্থাক ‘দ্বৈত শাসন’ বুলি কোৱা হয়।
১৮। ভাৰতৰ সংবিধানৰ প্রস্তাবনা কোনটো গুৰুত্বপূৰ্ণ শব্দৰে আৰম্ভ হৈছে?
উত্তৰ: ‘আমি ভাৰতীয় সকলো লোকে।’
১৯। পৃথক ভোটাধিকাৰৰ বিৰোধিতা কৰা এজন নেত্ৰীৰ নাম লিখা।
উত্তৰ: বেগম আইজাক ৰছুল।
২০। কংগ্রেছে কেতিয়াৰ পৰা হিন্দী ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে গ্রহণ কৰিছিল?
উত্তৰঃ ১৯৩০ ৰ দহকৰ পৰা।
২১। সংবিধান সভাৰ খচৰা প্ৰস্তাৱ কেতিয়া প্রকাশ পাইছিল?
উত্তৰ: ১৯৪৮ চনৰ জানুৱাৰী মাহত।
২২। কেতিয়াৰ পৰা ভাৰতীয় সংবিধান বলবৎ কৰা হৈছিল?
উত্তৰ: ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।
২৩। ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত মৌলিক অধিকাৰ অন্তৰ্ভূক্ত কৰা হৈছে?
উত্তৰ: তৃতীয় অধ্যায়ত।
২৪। ভাৰতত কোন চনত এটমিক এনার্জি বিভাগ খোলা হৈছিল?
উত্তৰঃ ১৯৫৪ চনত।
২৫। স্বাধীনতাৰ সময়ত ভাৰতত স্বাক্ষৰতাৰ হাৰ কিমান আছিল?
উত্তৰ: ১৬.৬ শতাংশ।
২৬। কোন চনত এটমিক এনার্জি কমিছন গঠন কৰা হৈছিল?
উত্তৰ: ১৯৪৮ চনত।
২৭। ভাৰতত কোন চনত প্রথম পাঁচ বছৰীয়া পৰিকল্পনা গ্রহণ কৰা হৈছিল?
উত্তৰ: ১৯৫১ চনত।
২৮। ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতত কিমানখন দেশীয় ৰাজকীয় ৰাজ্য আছিল?
উত্তৰ: ৫৬৫ খন।
২৯। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰীজন কোন আছিল?
উত্তৰ: পণ্ডিত জৱাহৰলাল নেহৰু।
৩০। স্বাধীন ভাৰতৰ প্ৰথমজন গৃহমন্ত্রী কোন আছিল?
উত্তৰ চৰ্দাৰ বল্লভ ভাই পেটেল।
৩১। স্বাধীন ভাৰতৰ প্ৰথমজন শিক্ষা মন্ত্রী কোন আছিল?
উত্তৰ: মৌলনা আবুল কালাম আজাদ।
৩২। সংবিধান সভাৰ দুগৰাকী মহিলা সদস্যাৰ নাম লিখা।
উত্তৰ: বিজয় লক্ষ্মী পণ্ডিত আৰু সৰোজিনী নাইডু।
৩৩। ‘At the stroke of midmnight hour, when the world sleeps, India will awake to life and freedom’ কথাষাৰ কোনে কৈছিল?
উত্তৰ: পণ্ডিত জৱাহৰলাল নেহৰুয়ে।
খ. চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক – ২)
১। ভাৰতৰ সমসাময়িক ৰাজনৈতিক পৰিস্থিতিয়ে সংবিধান ৰচনাত কেনে প্রভাব পেলাইছিল?
উত্তৰ: সংবিধান ৰচনাৰ সময়ছোৱাত সমসাময়িক ৰাজনৈতিক পৰিস্থিতিয়ে অযথা জটিলতাৰ সৃষ্টি কৰিছিল। কাৰণ সংবিধান সভাৰ প্ৰতিনিধিৰ সংখ্যা আছিল ৩৮৯ জন। সিহঁত ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা আহিছিল আৰু সিহঁতৰ মতাদর্শও বিভিন্ন আছিল। প্রত্যেকেই নিজৰ নিজৰ স্থানীয় সমস্যা আৰু স্বাৰ্থৰ প্রতি লক্ষ্য ৰাখি সেইমতে সংবিধান ৰচনা হোৱাটো বিচাৰিছিল।
২। পৃথক ভোটাধিকাৰ সন্দৰ্ভত সংবিধান সভাত হোৱা আলোচনা বর্ণনা কৰা। H. S. ’18
উত্তৰ : সংবিধান সভাত পৃথক ভোটাধিকাৰ বিষয়ক লৈ বহুত বিতৰ্কৰ সৃষ্টি হৈছিল। মাদ্রাজৰ বি. পকাৰ বাহাদুৰে বৃহৎ জাতিৰ গ্ৰাসত পৰি যাতে ক্ষুদ্র ক্ষুদ্র জাতি সত্বা ধ্বংস নহয় তাৰ ওপৰত জোৰ দি পৃথক ভোটাধিকাৰৰ দাবী উত্থাপন কৰিছিল। আনহাতে জাতীয়তাবাদীসকলে পৃথক ভোটাধিকাৰ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। তেওঁলোকে যুক্তি দর্শাইছিল যে পৃথক ভোটাধিকাৰ ব্যৱস্থাই সৰু সৰু গোষ্ঠীসমূহক সদায় পৃথক কৰি ৰাখিব। বেগম আইজাক বছুলে এই যুক্তি সজোৰে সমৰ্থন কৰিছিল। আকৌ সংবিধানসভাৰ আন এজন সদস্য পান্টেই নিজৰ মত পোষণ কৰি কৈছিল যে সুনাগৰিক হ’বলৈ হ’লে কেৱল নিজৰ কথা ভাবিবলৈ বাদ দি গোটেই জাতিটোৰ কথা ভাবিব লাগিব।
অৱশেষত বৃহত্বৰ জাতি গঠনৰ লক্ষ্যত পৃথক ভোটাধিকাৰ দাবীটো পৰিত্যাগ কৰা হয়।
৩। এন. জি ৰঙ্গই সংখ্যালঘুৰ সংজ্ঞা কেনেদৰে দিছিল?
উত্তৰ : সমাজবাদী দলৰ নেতা এন. জি. ৰঙ্গই সংখ্যালঘুৰ সংজ্ঞা দিবলৈ গৈ কৈছিল যে সংখ্যালঘু শব্দটো অর্থনৈতিক দিশৰ পৰাহে নিৰ্ণয় হ’ব লাগে। সমাজৰ দুখীয়া, বঞ্চিত, শোষিত, অবদমিত লোকসকলক সংখ্যালঘু হিচাপে গণ্য কৰিব লাগে। কাৰণ এইসকল লোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে।
৪। প্রস্তাবনা বুলিলে কি বুজা? প্ৰস্তাৱনাৰ উদ্দেশ্যবোৰ কি?
উত্তৰ: ‘প্রস্তাবনা’ বুলিলে কোনো এক বিষয়ৰ ওপৰত আৰম্ভণিসূচক বক্তব্যক বুজায়। ভাৰতীয় সংবিধানৰ মুখনি বা আৰম্ভণিসূচক বক্তব্য হিচাপে ‘প্রস্তাৱনা’ সংযোজনা কৰা হৈছে। এই প্ৰস্তাৱনাটোৰ ৰচকজন হ’ল পণ্ডিত জৱাহৰলাল নেহৰু। প্রস্তাবনাই ভাৰতীয় সংবিধানৰ মূল উদ্দেশ্যক প্রতিফলিত কৰিছে। যেনে-
ভাৰতবৰ্ষ হৈছে এক সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, প্রজাতন্ত্র। ই ন্যায়, সাম্য আৰু ভাতৃত্ববোধৰ ওপৰত প্রতিষ্ঠিত।
৫। ভাৰতৰ অস্পৃশ্যতা নির্মূলৰ বাবে সংবিধান সভাই অনুমোদন জনোৱা দুটা ব্যৱস্থা উল্লেখ কৰা। H. S. ’18
উত্তৰ: ভাৰতৰ অস্পৃশ্যতা নির্মূলৰ বাবে সংবিধান সভাই অনুমোদন জনোৱা দুটা ব্যৱস্থা হৈছে
(ক) সকলো ধৰ্মৰ লোককে সমান অধিকাৰ প্ৰদান।
(খ) নিযুক্তিৰ ক্ষেত্ৰত ধৰ্মীয় বিচাৰ বিবেচনা আইন বিৰোধী বুলি ঘোষণা। H. S. ’18
৬। ১৯২৯ চনৰ লাহোৰ কংগ্ৰেছ অধিবেশন ভাৰত বুৰঞ্জীত কিয় গুৰুত্বপূর্ণ?
উত্তৰ: ১৯২৯ চনত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত লাহোৰত কংগ্ৰেছ অধিবশন অনুষ্ঠিত হয়। এই অধিবেশন ভাৰত বুৰঞ্জীত অতি গুৰুত্বপূৰ্ণ। ইয়াৰ কাৰণ এই অধিবেশনতে ভাৰতবৰ্ষত পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হয়। ইয়াৰ পিছত ভাৰতৰ স্বাধীনতাৰ বাবে সংগ্রাম অধিক সর্বাত্মক ৰূপ লয়।
৭। ভাৰত বিভাজনৰ সময়ত মহিলাসকলৰ অভিজ্ঞতা কেনে আছিল বর্ণনা কৰা। H. S. ’18
উত্তৰ: ভাৰত বিভাজনৰ সময়ত মহিলাসকলৰ অভিজ্ঞতা অতি কৰুণ আৰু বেদনাদায়ক আছিল। বহুতো মহিলাক ধর্ষণ কৰা হৈছিল, বহুতক হত্যা কৰা হৈছিল। উদাহৰণস্বৰূপে সতীত্ব ৰক্ষাৰ বাবে ৰাৱালপিণ্ডিৰ এখন গাঁৱৰ প্ৰায় ৯০ গৰাকী মহিলাই কুঁৱাত জঁপিয়াই আত্মহত্যা কৰিব লগা হৈছিল।
গ. বহলাই উত্তৰ দিয়া: (প্রত্যেকটোৰ মূল্যাংক – ৪। ৬)
১। জনজাতিসকলৰ সুৰক্ষাৰ কাৰণে সংবিধান সভাত কি কি পৰামৰ্শ আগবঢ়োৱা হৈছিল?
উত্তৰ : সংবিধান সভাত জনজাতিসকলৰ সুৰক্ষাৰ বাবে আদিবাসী নেতা জয়পাল সিং, সমাজবাদী নেতা এন. জি. বঙ্গ, জে. নাগাপ্পা, কে. জি. খণ্ডকাৰ আদিয়ে পৰামৰ্শ আগবঢ়াইছিল। এন. জি. ৰঙ্গই কৈছিল যে জনজাতিসকলৰ নিজা নিজা নিয়ম-কানুন থাকে। কিন্তু গ্রাম্যাঞ্চলত দুখীয়া জনজাতিসকলৰ মাটি-বাৰী সুদখোৰ মহাজনসকলে কাঢ়ি লৈছে। ফলত জনজাতীয় লোকসকল সিহঁতৰ দাসত পৰিণত হৈছে। সংবিধানে সিহঁতক সুৰক্ষা দিয়াৰ ব্যৱস্থা দিব লাগে। আদিবাসী নেতা জয়পাল সিঙে যুক্তি দর্শাই কয় যে আদিবাসীসকল সংখ্যাৰ দিশেৰে সংখ্যালঘু নহয়। সিহঁত অর্থনৈতিক দিশতহে সংখ্যালঘু। সিহঁত যুগ যুগ ধৰি শোষিত হৈ আহিছে। সিহঁতে নিজকে সুৰক্ষা দিয়াত অপাৰগ। সেয়ে সংবিধানে তেওঁলোকক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে।
২। কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কৰাৰ যুক্তিবোৰ কেনে আছিল? H. S. ’19
উত্তৰ : সংবিধান সভাত কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কৰাৰ সপক্ষে বিভিন্ন সদস্যই বিভিন্ন ধৰণে যুক্তি আগবঢ়াইছিল, যেনে-
জৱাহৰলাল নেহৰুৱে দেশৰ অখণ্ডতা আৰু নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হাতত অধিক ক্ষমতা দিয়াৰ পোষকতা কৰিছিল। তেওঁ কৈছিল যে দুৰ্বল কেন্দ্ৰীয় চৰকাৰ এখনে বিশাল দেশ এখনৰ শান্তি নিশ্চিত কৰিব নোৱাৰে।
ড° ভীমৰাও আম্বেদকাৰে কেন্দ্ৰীয় চৰকাৰক শক্তিশালীকৰণৰ ওপৰত জোৰ দি কৈছিল যে দেশৰ সাম্প্রদায়িক শক্তিক বাধা দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ শক্তিশালী হোৱা উচিত।
ইউনাইটেড প্রভিন্সৰ বালকৃষ্ণ শৰ্মাই কৈছিল যে এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰেহে দেশৰ সামুহিক স্বার্থ ৰক্ষা কৰিব পাৰে।
গোপালস্বামী আয়েঙ্গাৰেও নিজৰ মত পোষণ কৰি কৈছিল যে কেন্দ্ৰীয় চৰকাৰক যিমান পাৰি সিমান ক্ষমতা দিব লাগে।
৩। ভাৰতীয় সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা। H. S. ’16
উত্তৰ: প্রায় তিনিবছৰ কঠোৰ পশ্ৰিমৰ অন্তত ৰচিত হোৱা ভাৰতীয় সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলবৎ কৰা হয়। ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ হ’ল:
(ক) লিখিত দীর্ঘ সংবিধান: ভাৰতীয় সংবিধানখনৰ প্ৰধান বৈশিষ্ট্য হ’ল ই পৃথিৱীৰ ভিতৰত আটাইতকৈ দীর্ঘ লিখিত সংবিধান। ইয়াত ২২ টা অধ্যায়, ৩৯৫ টা অনুচ্ছেদ আৰু ১০খন অনুসুচী আছে।
(খ) প্রস্তাবনা: ভাৰতীয় সংবিধানখনৰ এক বিশেষ বৈশিষ্ট্য হৈছে ইয়াৰ আৰম্ভণিসূচক বক্তব্য হিচাপে এক প্রস্তাৱনা আছে। প্রস্তাৱনাটোৱে সংবিধানখনৰ আদর্শ আৰু উদ্দেশ্যক প্রতিফলিত কৰিছে।
(গ) যুক্তৰাষ্ট্ৰীয় আৰু সংসদীয় গণতন্ত্র: ভাৰতীয় সংবিধানৰ এক বৈশিষ্ট্য হ’ল ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মৰ্যদা হৈছে ই সংসদীয় গণতান্ত্রিক আদৰ্শৰ ওপৰত প্রতিষ্ঠিত।
(ঘ) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ ভাৰতীয় সংবিধানে ১৮ বছৰৰ ওপৰৰ সকলো নাগৰিককে ভোটাধিকাৰ প্ৰদান কৰিছে। ইয়াৰ নাগৰিকসকলে নিজৰ বিবেক আৰু বিবেচনাৰে নিজৰ প্রতিনিধি নির্বাচন কৰিব পাৰে।
(ঙ) মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য: ভাৰতীয় সংবিধানৰ আন এক প্রধান বৈশিষ্ট্য হৈছে সংবিধানখনে ইয়াৰ নাগৰিকসকলক ছয় বিধ মৌলিক অধিকাৰ আৰু দহ বিধ মৌলিক কর্তব্য প্রদান কৰিছে।
(চ) নির্দেশাত্মক নীতি: ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰাৰ কাৰণে সংবিধানে ৰাষ্ট্ৰক কিছুমান নীতি অনুসৰণ কৰাৰ বাবে নিদের্শনা জাৰি কৰিছে। এইবোৰক নির্দেশাত্মক নীতি বুলি কোৱা হয়।
(ছ) এক নাগৰিকত্ব: ভাৰতীয় সংবিধানে ইয়াৰ নাগৰিকসকলক এক ভাৰতীয় নাগৰিকত্ব প্রদান কৰিছে। ইয়াত দ্বি নাগৰিকত্বৰ ব্যৱস্থা নাই।
(জ) চৰকাৰী ভাষা: সংবিধানে হিন্দী ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃত দিছে যদিও বিভিন্ন ৰাজ্যত ভিন ভিন ভাষাক ৰাজ্য ভাষাৰ মৰ্যদা প্রদান কৰিছে।
(ঝ) ৰাষ্ট্ৰপতিৰ জৰুৰী ক্ষমতা: ভাৰতীয় সংবিধানে ৰাষ্ট্ৰপতিক দেশখনৰ মুৰব্বী হিচাপে ক্ষমতা প্রদান কৰাৰ লগতে কিছুমান বিশেষ পৰিস্থিতিত জৰুৰী ক্ষমতাও প্রদান কৰিছে।
৪। ভাৰতীয় সংবিধান প্রণয়নৰ ঐতিহাসিক পটভূমি আলোচনা কৰা।
উত্তৰঃ ১৯৪৬ চনত কেবিনেট মিছনৰ আঁচনিৰ ভিত্তিত ১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে ভাৰতীয় সংবিধান সভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। কিন্তু মুছলীম লীগৰ সদস্যসকলে এই বৈঠকত যোগদান কৰাৰ পৰা বিৰত থাকে। সংবিধান সভাৰ বৈঠকত ড° ৰাজেন্দ্ৰ প্রসাদক সংবিধান সভাৰ সভাপতি আৰু সংবিধানখন চালিজাৰি চোৱাৰ বাবে তেৰখন সমিতি গঠন কৰা হয়। ড° ভীমৰাও আম্বেদকাৰক খচৰা কমিটিৰ সভাপতি পাতি সংবিধান ৰচনাৰ কাম আৰম্ভ হয়।
বি. এন ৰাও আৰু এন. চি. মুখার্জীয়ে পৃথিবীৰ বিভিন্ন ৰাষ্ট্ৰৰ সংবিধানৰ তুলনামূলক অধ্যয়ন কৰি এক প্রাথমিক খচৰা প্ৰস্তুত কৰি খচৰা কমিটিক যোগান ধৰে। ড° ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত খচৰা কমিটিয়ে প্রাথমিক খচৰাখনৰ ভিত্তিত ভাৰতীয় সংবিধান সভাৰ চূড়ান্ত খচৰাখন প্রস্তুত কৰে আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে সংবিধান সভাই ইয়াক গ্রহণ কৰে। সংবিধান সভাই গ্রহণ কৰা সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা বলবৎ কৰি ভাৰতবৰ্ষক এখন ‘সার্বভৌম, গণতান্ত্রিক প্রজাতন্ত্র’ বুলি ঘোষণা কৰা হয়।