এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ ঔপনিৱেশিক কালৰ ভাৰতীয় নগৰ Class 12 History Chapter 13 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
ঔপনিৱেশিক কালৰ ভাৰতীয় নগৰ Class 12 History Chapter 13 Solutions
ঔপনিৱেশিক কালৰ ভাৰতীয় নগৰ
ত্রয়োদশ অধ্যায়
ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক- ১)
১। ভাৰতৰ এখন প্ৰাচীন নগৰৰ নাম লিখা।
উত্তৰ: আগ্রা।
২। মোগলৰ দিনৰ এখন ৰাজধানী নগৰৰ নাম লিখা।
উত্তৰ দিল্লী।
৩। ৰাজতন্ত্রত সাধাৰণতে নগৰৰ পৃষ্ঠপোষক কোন আছিল?
উত্তৰ : ৰজা।
৪। মিউনিচিপেল কৰ সংগ্ৰহৰ ব্যৱস্থা ভাৰতত কোন শতিকাৰ পৰা আৰম্ভ হৈছিল?
উত্তৰ: উনৈশ শতিকাৰ শেষৰ ফালে।
৫। কোন চনত প্রথমটো সৰ্বভাৰতীয় পিয়ল হৈছিল?
উত্তৰঃ ১৮৭২ চনত।
৬। কিমান বছৰৰ মূৰে মূৰে সাধাৰণতে পিয়ল কৰাটো নিয়ম?
উত্তৰ: প্রত্যেক দহ বছৰৰ মূৰে মুৰে।
৭। কোন চনত প্রথম ভাৰতত ৰেলপথ নির্মাণ আৰম্ভ হয়? H. S. ’16
উত্তৰ: ১৮৫৩ চনত।
৮। ফর্ট জর্জ কোনখন মহানগৰত নিৰ্মাণ কৰা হৈছিল? H. S. ’18
উত্তৰ: কলিকতা।
৯। ‘গেটবে অৱ ইণ্ডিয়া’ কোন স্থাপত্য আৰ্হিৰ নিদৰ্শন?
উত্তৰ: পৰম্পৰাগত গুজৰাটী স্থাপত্য শৈলীৰ নিদর্শন।
১০। বম্বে ভিক্টোৰীয়া টার্মিনাচটো কোন স্থাপত্যৰ নিদৰ্শন?
উত্তৰ: ইন্দো-চাৰাচেনিক স্থাপত্যৰ নিদৰ্শন।
১১। জৱাহৰলাল নেহৰুৰ ককাক গঙ্গাধৰ নেহৰু কি আছিল?
উত্তৰ: জৱাহৰলাল নেহৰুৰ ককাক গংগাধৰ নেহৰু ১৮৫৭ চনৰ আগত দিল্লীৰ কটোৱাল আছিল।
১২। কটোবাল বিষয়াৰ দায়িত্ব কি আছিল?
উত্তৰ: আইন-শৃঙ্খলা ৰক্ষা কৰা।
১৩। ১৮ শতিকাৰ শেষ ভাগৰ পৰা কিহ’ৰ ভিত্তিত নগৰবোৰ গঢ়ি উঠিছিল?
উত্তৰ সাগৰ কেন্দ্রীক বেহা-বেপাৰৰ ভিত্তিত।
১৪। ৰেল নগৰ ৰূপে বিখ্যাত তিনিখন নগৰৰ নাম লিখা।
উত্তৰ: জামছেদপুৰ, ৱালটেয়াৰ, বেৰিলী।
১৫। কানপুৰত কিহৰ ভিত্তিত নগৰ গঢ়ি উঠিছিল?
উত্তৰ: চামৰা, উল, কপাহী কাপোৰ আদি উদ্যোগৰ ভিত্তিত।
১৬। চিমলা নগৰখন কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰঃ ১৮১৫-১৬ ৰ গোর্খা যুদ্ধৰ সময়ত।
১৭। ভাৰতবৰ্ষত ইংৰাজ ভাইচৰয়সকলৰ গ্ৰীষ্মকালীন ৰাজধানী ক’ত আছিল?
উত্তৰ: চিমলাত।
১৮। ইংৰাজসকলৰ দিনত অসমৰ ৰাজধানী ক’ত আছিল?
উত্তৰ : শ্বিলঙত।
১৯। ইংৰাজসকলৰ দিনত ভাৰতত মধ্যবিত্ত শ্রেণীটো কোনসকল ব্যক্তিৰ দ্বাৰা গঠিত হৈছিল?
উত্তৰ: কেৰানী, মহবি, শিক্ষক, ডাক্তৰ, ইঞ্জিনিয়াৰ আদি পেশাধাৰী ব্যক্তিসকলৰ দ্বাৰা।
২০। মাদ্রাজ নগৰখনক স্থানীয়ভাবে কি বুলি কোৱা হৈছিল?
উত্তৰ: চেন্নাপট্টনম।
২১। Slum শব্দৰ অৰ্থ কি?
উত্তৰ: অস্বাস্থ্যকৰ লেতেৰা নগৰীয়া অঞ্চল।
২২। ‘বঙলা’ শব্দটোৰ অৰ্থ কি?
উত্তৰ: ‘বঙলা’ শব্দটো বঙালী ভাষাৰ শব্দ। ইয়াৰ অৰ্থ হ’ল খেৰী ঘৰ।
২২। ইংৰাজসকলে কলিকতাৰ পৰা কোন চনত দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰে?
উত্তৰ: ১৯১১ চনত।
২৩। কিমান চনত পলাচীৰ যুদ্ধ সংগটিত হয়?
উত্তৰঃ ১৭৫৭ চনত।
২৪। ভাৰতত কেতিয়া বেগুলেটিং আইন প্রণয়ন কৰা হয়?
উত্তৰঃ ১৭৭৩ চনত।
২৫। ‘শ্বেত নগৰ’ বুলিলে কি বুজা? H. S. ’16
উত্তৰ: ইউৰোপীয়সকলে বাস কৰা নগৰক ‘শ্বেত নগৰ’ বুলি কোৱা হৈছিল।
২৬। ‘কৃষ্ণ নগৰ’ বুলিলে কি বুজা? H. S. ’16
উত্তৰ: ভাৰতীয় লোকসকলে বাস কৰা নগৰক ‘কৃষ্ণ নগৰ’ বুলি কোৱা হৈছিল।
২৭। কোন তিনিখন অঞ্চল লগলাগি বৰ্তমানৰ কলিকতা মহানগৰী গঢ়ি উঠিছিল?
উত্তৰ: কলিকতা, সুতানাটী আৰু গোবিন্দপুৰ।
২৮। কোন চনত লটাৰী কমিটি গঠন কৰা হৈছিল?
উত্তৰঃ ১৮১৭ চনত।
২৯। কোন চনত কলিকতা উচ্চতম ন্যায়ালয় প্রতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ ১৭৭৩ চনত।
৩০। ‘পেট’ বুলিলে কি বুজা?
উত্তৰ: ‘পেট’ শব্দটো তামিল শব্দ। ইয়াৰ অৰ্থ হ’ল বসতি স্থল বা চুবুৰী।
খ. চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক ২।৪)
১। নগৰৰ সংজ্ঞা কি? নগৰ আৰু গাওঁৰ মাজত পার্থক্য বর্ণনা কৰা।
উত্তৰ যি অঞ্চল ব্যৱসায়-বাণিজ্যৰ কেন্দ্র, শিল্প-উদ্যোগত আগবঢ়া, ঘাট-পথ উন্নত, শিক্ষিত আৰু চাকৰীজীৱি মানুহৰ সংখ্যা অধিক, জনবসতি ঘন সেই অঞ্চলকে নগৰ বুলি কোৱা হয়। নগৰ আৰু গাওঁ অঞ্চলৰ মাজত বৈষয়িক আনকি আদর্শগত পার্থক্য আছে, যেনেঃ
(ক) নগৰ অঞ্চল শিল্প আৰু ব্যৱসায় বাণিজ্যত আগবঢ়া। কিন্তু গাওঁলীয়া অঞ্চল খেতিবাতি, পশুপালন আদিত আগবঢ়া।
(খ) নগৰ অঞ্চলত অফিচ-আদালত, শিক্ষানুষ্ঠান আদিৰ সংখ্যা অধিক। আনহাতে গাওঁলীয়া অঞ্চল শিক্ষা-দীক্ষা, সা-সুবিধা আদিৰ ক্ষেত্ৰত নগৰ অঞ্চলৰ তুলনাত পিছপৰা।
(গ) নগৰত জনবসতি ঘন। আনহাতে গাওঁ অঞ্চলত জনবসতি সেৰেঙা।
(ঘ) নগৰ অঞ্চলত চহকী লোকৰ সংখ্যা অধিক। আনহাতে গাওঁ অঞ্চলৰ লোকসকল সাধাৰণতে দুখীয়া।
২। মোগলৰ দিনৰ নগৰীয়া জীবনৰ এক ছবি দাঙি ধৰা।
উত্তৰ: মোগল যুগত প্রশাসনীয় কেন্দ্রক ভিত্তি কৰি নগৰ গঢ়ি উঠিছিল। যেনে দিল্লী, আগ্রা, ছাহজাহানবাদ, লাহোৰ আদি। মোগল যুগত নগৰ অঞ্চলৰ পৃষ্ঠপোষক আছিল সম্রাট বা প্রশাসনীয় বিষয়াসকল। সম্রাটৰ পৃষ্ঠপোষকতাত সেই সময়ৰ নগৰসমূহত ডাঙৰ ডাঙৰ অট্টালিকা, মন্দিৰ, মছজিদ আদি গঢ়ি উঠিছিল। নগৰসমূহত অকল সম্ভ্রান্ত লোকসকলে বসবাস কৰিছিল। সেই সময়ত নগৰ অঞ্চলত বাস কৰাটো এক সন্মানৰ কথা বুলি বিবেচনা কৰা হৈছিল।
৩। মাদ্রাজ নগৰ উন্নয়নৰ আঁচনিৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: ১৭৬১ চনত ইংগ-ফৰাচী যুদ্ধত ফৰাচীসকল ইংৰাজসকলৰ হাতত পৰাজিত হোৱাৰ পিচত মাদ্রাজত ইংৰাজৰ একাধিপত্য স্থাপন হয়। লাহে লাহে ই এখন বাণিজ্যিক নগৰীলৈ উন্নীত হয়। ইংৰাজসকলে মাদ্রাজত ফর্ট জর্জ নামৰ এটি দুর্গ নির্মাণ কৰে। ইয়াত ইংৰাজ বিষয়াসকলে বসবাস কৰিছিল। সুউচ্চ প্ৰাচীৰ আৰু বহু সংখ্যক বুৰুজেৰে এই দুর্গটো নিৰ্মাণ কৰা হৈছিল। জর্জ দুর্গখনক ‘শ্বেত নগৰ’ বুলি কোৱা হৈছিল। শ্বেত নগৰৰ বাহিৰত ভাৰতীয়সকলে বাস কৰা অঞ্চলক ‘কৃষ্ণ নগৰ’ বুলি কোৱা হৈছিল। ইংৰাজসকলে লাহে লাহে মাদ্রাজ নগৰখনৰ উন্নয়নৰ কাৰণে ব্যবস্থা গ্রহণ কৰে। ভাৰতীয়সকলৰ কাম কৰাৰ কাৰণে বেলেগ বেলেগ আবাসিক অঞ্চল গঢ় লৈ উঠিল। এই এলেকাবোৰত মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে বাস কৰিছিল। এনেদৰে মাদ্রাজ নগৰখন ক্রমান্বয়ে ৰাজনৈতিক নগৰৰ উপৰিও বাণিজ্যিক নগৰী হিচাপে গঢ় লৈ উঠে।
৪। কলিকতা নগৰ উন্নয়নৰ আঁচনিৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ১৭৫৭ চনত ইংৰাজসকলে পলাচীৰ যুদ্ধৰ পিছত কলিকতাত সিহঁতৰ প্রধান প্রশাসনিক কেন্দ্র স্থাপন কৰে আৰু তেতিয়াৰ পৰাই কলিকতা মহানগৰীৰ সূচনা হয়। বর্তমান কলিকতা নগৰখন পূৰ্বতে সুতানাটী, কলিকতা আৰু গোবিন্দপুৰ নামৰ তিনিখন গাওঁৰ সমষ্টি আছিল। ইয়াৰ গোবিন্দপুৰৰ দুটা বিশাল এলেকাৰ পৰা কোম্পানীয়ে স্থানীয় বেপাৰী আৰু তাঁতীসকলক স্থানচ্যুত কৰি ফৰ্ট উইলিয়াম নামে এটি শক্তিশালী দুর্গ নির্মাণ কৰে। দুৰ্গটোৰ চাৰিওফালে মুকলি স্থান ৰখা হৈছিল। ক্রমান্বয়ে সিহঁতে অঞ্চলটোত বহুতো আহল-বহল ৰাস্তা নির্মাণ কৰে।
গৱৰ্ণৰ জেনেৰেল লর্ড ওবেলিচলিয়ে নিজৰ বাবে এটি বিশাল ৰাজ প্রসাদ নির্মাণ কৰিছিল। তেওঁ ইয়াৰ ওচৰে পাজৰে থকা হাবি জংঘল ছাফা কৰি মহানগৰীৰ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিছিল। খাল আৰু নর্দমা নিৰ্মাণ কৰি নগৰখন পৰিস্কাৰ কৰি ৰখাৰ ব্যৱস্থা কৰিছিল। তেওঁ নগৰখনৰ উন্নয়নৰ অর্থে এক সমিতিও গঠন কৰিছিল। এই সমিতিখনে বহু সংখ্যক বজাৰ, ঘাট, সমিতি ক্ষেত্ৰ, চামৰাৰ কাৰখানা আদি নগৰৰ পৰা আঁতৰত সুকীয়া ঠাইত স্থাপন কৰিছিল। ওবেলিচলিৰ পিছত ‘লটাৰী কমিটী’ নামৰ এক সমিতিৰ জৰিয়তে নগৰ পৰিকল্পনাৰ কাম-কাজবোৰ পৰিচালনা কৰিছিল। ভাৰতীয় লোকসকল বাস কৰা ঠাইবোৰ ছাফ-চিকুন কৰি ৰখাৰ উদ্দেশ্যে সমিতিখনে দুখীয়া শ্রমিক শ্ৰেণীৰ জুপুৰি ঘৰ উচ্ছেদ কৰি কলিকতা মহানগৰীৰ দাঁতিকাষৰীয়া অঞ্চলবোৰলৈ আঁতৰি যাবলৈ বাধ্য কৰে। এনদৰে আধুনিক কলিকতা মহানগৰী গঢ়ি উঠিছিল।
গ. বহলাই উত্তৰ দিয়া: (প্রত্যেকটোৰ মূল্যাংক- ৪। ৬)
১। পণ্ডিচেৰী (বর্তমান পুডুচেৰী)ৰ ইতিহাস বর্ণনা কৰা।
উত্তৰ: ১৬৭৩ চনত ফৰাচীসকলে বর্তমানৰ পুডুচেৰীত সিহঁতৰ বাণিজ্যিক ঘাটি স্থাপন কৰে। সিহঁতে ফ্রান্সিচ মার্টিন চেৰ খা লোডী নামৰ এজন লোকৰ পৰা ঠাইখন লাভ কৰিছিল। ফৰাচীসকল আছিল ভাৰতত উপনিবেশ স্থাপনত ইংৰাজসকলৰ প্ৰধান প্রতিদ্বন্দ্বী। ফৰাচীসকলে সিহঁতৰ অৱস্থিতি শক্তিশালী কৰিবলৈ ঠাইখনৰ উন্নয়নৰ আঁচনি গ্রহণ কৰে। সেই উদ্দেশ্যে পুডুচেৰীৰ প্ৰথমজন ফৰাচী গৱৰ্ণৰ মার্টিনে তাত ফর্ট হুইচ নামৰ এটি দুর্গ নির্মাণ কৰে আৰু ঠাইখন ফৰাচীসকলৰ প্ৰধান বাণিজ্যিক ঘাটিলৈ ৰূপান্তৰ কৰে। অৱশ্যে ১৬৯৩ খৃঃৰ পৰা ১৬৯৭ খৃঃলৈ পণ্ডিচেৰীত ওলন্দাজসকলে আধিপত্য স্থাপন কৰিছিল। কিন্তু ১৬৯৭চনত এক চুক্তিৰ জৰিয়তে পণ্ডিচেৰীত ফৰাচীসকলৰ আধিপত্য স্থাপন হয়। তেতিয়াৰ পৰাই পণ্ডিচেৰী নগৰখনৰ আধুনিকীকৰণ আৰম্ভ হয় আৰু এই কাম ভাৰতত ফৰাচীসকল থকালৈ চলি আছিল।
২। উনবিংশ শতিকাত বৃটিছসকলক কি কি বিবেচনাই ভাৰতৰ নগৰ পৰিকল্পনাত প্ৰভাৱ পেলাইছিল? H. S. ’18
উত্তৰ: উনবিংশ শতিকাৰ পৰা ভাৰতবৰ্ষত নগৰীকৰণৰ আধুনকি ধাৰা আৰম্ভ হয় আৰু বৃটিছসকলে এই ধাৰাৰ শুভাৰম্ভ কৰে। মোগল যুগত প্রশাসনীয় কেন্দ্রক ভিত্তি কৰি নগৰ গঢ়ি উঠাৰ পৰিৱৰ্তে বৃটিছৰ সময়ছোৱাত বাণিজ্যিক কাৰণত নগৰ গঢ়ি উঠে। সিহঁতে প্রথমতে কলিকতা, মাদ্রাজ আৰু বম্বেত নগৰীকৰণ আৰম্ভ কৰে আৰু পিছলৈ ই সম্প্ৰসাৰিত হয়। সিহঁতৰ নগৰীকৰণৰ আন এক উদ্দেশ্য আছিল সিহঁতৰ স্বার্থ আৰু নিৰাপত্তা সুনিশ্চিত কৰা। সেয়ে সিহঁতৰ নগৰীকৰণৰ পৰিকল্পনা আছিল অতি সুবিন্যস্ত। এই পৰিকল্পনা অনুসৰি সিহঁতে নগৰসমূহ নিয়মীয়াকৈ জৰীপ কৰিছিল, মানচিত্র তৈয়াৰ কৰিছিল আৰু বাণিজ্যিক উন্নয়নৰ আঁচনি প্রস্তুত কৰিছিল।
১৭৬১ চনত ইংগ-ফৰাচী যুদ্ধত ফৰাচীসকল ইংৰাজসকলৰ হাতত পৰাজিত হোৱাৰ পিচত মাদ্রাজত ইংৰাজৰ একাধিপত্য স্থাপন হয়। লাহে লাহে ই এখন বাণিজ্যিক নগৰীলৈ উন্নীত হয়। ইংৰাজসকলে মাদ্রাজত ফর্ট জর্জ নামৰ এটি দুর্গ নির্মাণ কৰে। ইয়াত ইংৰাজ বিষয়াসকলে বসবাস কৰিছিল। সুউচ্চ প্ৰাচীৰ আৰু বহু সংখ্যক বুৰুজেৰে এই দুর্গটো নিৰ্মাণ কৰা হৈছিল। জর্জ দুর্গখনক ‘শ্বেত নগৰ’ বুলি কোৱা হৈছিল। শ্বেত নগৰৰ বাহিৰত ভাৰতীয়সকলে বাস কৰা অঞ্চলক ‘কৃষ্ণ নগৰ’ বুলি কোৱা হৈছিল। ইংৰাজসকলে লাহে লাহে মাদ্রাজ নগৰখনৰ উন্নয়নৰ কাৰণে ব্যৱস্থা গ্রহণ কৰে। ভাৰতীয়সকলৰ কাম কৰাৰ কাৰণে বেলেগ বেলেগ আবাসিক অঞ্চল গঢ় লৈ উঠিল। এই এলেকাবোৰত মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে বাস কৰিছিল। এনেদৰে মাদ্রাজ নগৰখন ক্রমান্বয়ে ৰাজনৈতিক নগৰৰ উপৰিও বাণিজ্যিক নগৰী হিচাপে গঢ় লৈ উঠে।