আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ কৃষক জমিদাৰ আৰু ৰাজ্য (কৃষক সমাজ আৰু মোগল সাম্রাজ্য (খৃঃ ১৬শ – ১৭শ শতিকা) Class 12 History Chapter 9 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
কৃষক জমিদাৰ আৰু ৰাজ্য Class 12 History Chapter 9 Solutions
কৃষক জমিদাৰ আৰু ৰাজ্য (কৃষক সমাজ আৰু মোগল সাম্রাজ্য (খৃঃ ১৬শ – ১৭শ শতিকা)
নৱম অধ্যায়
ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ১)
১। আকবৰৰ ৰাজসভাৰ ইতিহাসবিদ আবুল ফজলে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থখনৰ নাম কি?
উত্তৰ: আইন-ই-আকবৰী।
২। ১৬-১৭ শ শতিকাত ভাৰতৰ কিমান শতাংশ লোক গাওঁত বাস কৰিছিল?
উত্তৰ: ৮৫ শতাংশ।
৩। মোগল যুগত কৃষকসকলক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰা হৈছিল?
উত্তৰ: ৰায়ত বা মুজাৰিয়ান।
৪। কোনসকল কৃষকক ধনী আখ্যা দিয়া হৈছিল?
উত্তৰ: ১০ একৰ ভূমি থকা কৃষকক।
৫। সোতৰ শতিকাত ভাৰতৰ কিমান শতাংশ হাবি-জংঘলেৰে ভৰি আছিল?
উত্তৰঃ ৪০ শতাংশ।
৬। মুক্কদম বা মণ্ডল কাক কোৱা হৈছিল?
উত্তৰ: পঞ্চায়তৰ সভাপতিজনক ‘মুক্কদম’ বা ‘মণ্ডল’ বুলি কোৱা হৈছিল।
৭। মালহাজদাশ সকল কোন আছিল?
উত্তৰ: নাৱৰীয়াসকলৰ বংশধৰ।
৮। ভাৰতত কেতিয়া আৰু ক’ত ধপাতৰ খেতি আৰম্ভ হয়?
উত্তৰ: ১৭ শ শতিকাৰ প্ৰথম ভাগত দক্ষিণ ভাৰতত।
৯। কোনজন মোগল সম্রাটে ধপাতৰ ব্যৱহাৰ নিষিদ্ধ কৰিছিল?
উত্তৰ: মোগল সম্রাট জাহাঙ্গীৰে।
১০। কোনজন মোগল সম্রাটৰ দিনত পঞ্জাৱত ছাহ নাহাৰ নলী খন্দা হৈছিল?
উত্তৰ: মোগল সম্রাট ছাহজাহানৰ দিনত।
১১। ‘খিদমত’ শব্দৰ অৰ্থ কি?
উত্তৰ: সেৱা।
১২। কোনজন মোগল সম্রাটে ভূমি জৰীপ আৰম্ভ কৰিছিল?
উত্তৰ: মোগল সম্রাট আকবৰে।
১৩। মজুৰ বুলিলে কি বুজা?
উত্তৰ: মোগল যুগত কৃষি কাৰ্যৰ লগত জড়িত লোকসকলক ‘মজুৰ’ বুলি কোৱা হৈছিল।
১৪। কোনজন মোগল সম্রাটে প্রথম ৰাজহ নীতিৰ সংস্কাৰ কৰিছিল?
উত্তৰ: সম্রাট আকবৰে টোডৰমলৰ হতুৱাই ৰাজহ নীতিৰ সংস্কাৰ সাধন কৰিছিল।
১৫। মনচ বদাৰী প্রথা কোনে উদ্ভাবন কৰিছিল?
উত্তৰ: মোগল সম্রাট আকবৰে।
১৬। বাবৰৰ আত্মজীবনীমূলক গ্ৰন্থখনৰ নাম কি?
উত্তৰ : বাবৰনামা।
১৭। মোগল যুগত মুদ্রা সলনি কৰা লোকসকলক কি বুলি কোৱা হৈছিল?
উত্তৰ : সৰাফ।
১৮। মোগল যুগত কোনসকল লোকক ‘জংঘলী’ বুলি কোৱা হৈছিল?
উত্তৰ: মোগল যুগত চিকাৰ আৰু ঝুম খেতিৰে জীৱন নির্বাহ কৰা লোকসকলক ‘জংঘলী’ বুলি কোৱা হৈছিল।
১৯। মোগল যুগত অর্থনীতিৰ মূল মেৰুদণ্ড কি আছিল?
উত্তৰ: ভূমি ৰাজহ আৰু কৃষি।
২০। ‘আইনী-ই-আকবৰী’ গ্ৰন্থখনৰ ৰচনাৰ কাম কেতিয়া সম্পূর্ণ হয়?
উত্তৰ ১৫৯৮ খৃঃত।
২১। আবুল ফজলে ৰচনা কৰা ‘আইনী-ই-আকবৰী’ গ্রন্থখন কোনে সম্পাদনা কৰি ইংৰাজীলৈ অনুবাদ কৰে?
উত্তৰ: হেনৰী ব্লক মেন আৰু এইচ এছ জেৰেট।
২২। ‘আইন-ই-আকবৰী’ কোনে ৰচনা কৰিছিল? H. S. ’18
উত্তৰ: আবুল ফজল।
২৩। আকবৰ নামা’ৰ ৰচক কোন? H. S. ’16
উত্তৰ: আবুল ফজল।
২৪। বংগদেশত চিৰস্থায়ী বন্দোবস্ত কোনে প্রবর্তন কৰিছিল? H. S. ’18
উত্তৰ: লর্ড কর্ণৱালিচ।
২৫। কোন চনত ভাৰতত ৰেল সেৱা আৰম্ভ কৰা হৈছিল? H. S. ’18
উত্তৰঃ ১৮৫৩ চনৰ ১৬ এপ্রিলত।
২৬। মহাত্মা গান্ধীক কোনে হত্যা কৰিছিল? H. S. ’18
উত্তৰ: নাথুৰাম গডচ্ নামৰ এজন উন্মত্ত হিন্দুয়ে।
২৭। ‘পাকিস্থান’ শব্দৰ ৰূপ কোনে দিছিল? H. S. ’18
উত্তৰ: চৌধুৰী ৰহমত আলিয়ে ‘পাকিস্থান’ শব্দৰ ৰূপ দিছিল।
২৮। ‘তামিলাকম’ কি? H. S. ’18
উত্তৰ: ‘তামিলাকম’ শব্দই প্রাচীন তামিলনাডুক বুজায়।
খ. চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক- ২)
১। ১৭-১৮ শ শতিকাৰ কৃষকসকলক কেই শ্রেণীত আৰু কি কি ভাগত ভাগ কৰা হৈছিল?
উত্তৰঃ ১৭-১৮ শ শতিকাত কৃষকসকলক দুই শ্ৰেণীত ভাগ কৰা হৈছিল: খুদকাশত আৰু পাহিকাশত। যিসকল কৃষকৰ নিজা কৃষিভূমি আছিল সেইসকলক ‘খুদকাশত’ আৰু যিসকলৰ নিজা ভূমি নাছিল সেই সকলক ‘পাহিকাশদ’ বুলি কোৱা হৈছিল। পাহিকাশদসকল ঠিকা ভিত্তিত কৃষি কার্য কৰিছিল।
২। ‘পাচীয়ান চকা পদ্ধতি’ মানে কি?
উত্তৰ: পাচীয়ান চকা পদ্ধতিটো আছিল মোগল যুগত খেতি পথাৰত পানী যোগান ধৰা এক প্ৰকাৰৰ পদ্ধতি। ই কাঠ, বচী আৰু মাটিৰ কলহেৰে নির্মিত আছিল। পার্টীয়ান চকা পদ্ধতিৰে দ কুঁৱাৰ পৰা পানী তোলা সহজ হৈছিল।
৩। মোগল যুগত শস্যৰ দুটা প্রধান ভাগ কি?
উত্তৰ: খাৰিফ শস্য আৰু ৰবি শস্য।
৪। মোগল যুগত বেছিকৈ খেতি কৰা শস্যসমূহ কি আছিল?
উত্তৰ: মোগল যুগত প্ৰধানকৈ খাৰিফ আৰু ৰবি শস্যৰ খেতি কৰা হৈছিল। এই শস্যসমূহৰ ভিৰত ধান, কপাহ, কুঁহিয়াৰ, সৰিয়হ, তিল, আহু, বিলাহী, জলকীয়া, অমিতা, কাজু বাদাম, ধপাত, গোমধান আদি প্রধান আছিল।
৫। ‘জিন্স-ই-কামিল’ মানে কি?
উত্তৰ : সর্বোত্তম ফচল। উদাহৰণ: কপাহ, কুঁহিয়াৰ।
৬। ভাৰতত গোমধানৰ খেতি ক’ৰ পৰা আমদানি কৰা হৈছিল?
উত্তৰ: আফ্রিকা আৰু স্পেইনৰ পৰা।
৭। ‘যযমানী ব্যবস্থা’ মানে কি? H. S. ’16
উত্তৰ: জমিদাৰসকলে কমাৰ, বাঢ়ৈ, আনকি সোণাৰীসকলকো দৈনিক ভাট্টা আৰু খোৰাকী দিছিল। ইয়াকে ‘যযমানী ব্যবস্থা’ বুলি কোৱা হৈছিল।
৮। মোগল যুগত কোনবোৰ শস্যক বাণিজ্যিক শস্য বুলি কোৱা হৈছিল?
উত্তৰ: কপাহ, ৰেচম আৰু নীল।
৯। মোগল যুগত মহিলাসকলে কেনেদৰে পুৰুষসকলক খেতিৰ কামত সহায় কৰিছিল?
উত্তৰ: মহিলাসকলে শস্য সিঁচা, চপোৱা, নিৰোৱা আৰু শস্য ছাফা কৰা কাম কৰি পুৰুষসকলক সহায় কৰিছিল।
১০। মোগল যুগত জংঘলীসকলৰ দ্বাৰা উৎপাদিত শস্য কি কি আছিল?
উত্তৰ: মৌ, মম, লা, ধুনা আদি।
১১। ‘মিল্কিয়ত’ মানে কি? H. S. ’17, ’18
উত্তৰ: মোগল যুগত জমিদাৰসকলৰ বিস্তৃত পৰিমাণৰ ব্যক্তিগত ভূমিক ‘মিল্কিয়ত’ বুলি কোৱা হৈছিল।
১২। মোগল যুগত ভূমি ৰাজহ কি দুটা ভাগত বিভক্ত আছিল?
উত্তৰ: মোগল যুগত ভূমি ৰাজহ দুটা ভাগত বিভক্ত আছিল যেনে জমা আৰু হাচিল। ‘জমা’ মানে ৰাজহ ধাৰ্য কৰা আৰু ‘হাচিল’ মানে প্রকৃত ৰাজহ সংগ্ৰহ কৰাৰ পৰিমাণ।
১৩। মোগল যুগত ৰাজ বিষয়াসকলে কিয় কৃষি প্রধান সমাজখন নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ বিচাৰিছিল?
উত্তৰ: মোগল যুগত ৰাজকীয় আয়ৰ প্ৰধান উৎস আছিল কৃষিৰ পৰা অহা ৰাজহ। সেয়ে ৰাজবিষয়াসকলে কৃষিপ্রধান সমাজখন সিহঁতৰ নিয়ন্ত্ৰণত ৰাখিবলৈ বিচাৰিছিল।
১৪। চাওতাল বিদ্রোহৰ দুটা কাৰণ দর্শোবা।
উত্তৰঃ চাওতাল বিদ্ৰোহৰ দুটা কাৰণ-
(ক) জমিদাৰসকলৰ শোষণ আৰু
(খ) চৰকাৰ চাওতালসকলৰ সমস্যা সমাধানৰ প্ৰতি আওকান কৰিছিল। H. S. ’16
১৫। ভাৰতৰ জৰীপ বিভাগ কোন চনত স্থাপন কৰা হৈছিল? ঔপনিবেশিক কালত প্রস্তুত কৰা মানচিত্রসমূহে বৃটিছ শাসকবৰ্গৰ পক্ষপাতিত্ব কেনেদৰে প্রতিফলিত কৰিছিল? H. S. ’19
উত্তৰ: ১৭৬৭ চনত ভাৰতৰ জৰীপ বিভাগ স্থাপন কৰা হৈছিল। বৃটিছসকলে প্রস্তুত কৰা মানচিত্ৰবোৰত দৰিদ্ৰ জনতাৰ বিশাল বসতি অঞ্চলবোৰ চিহ্নিত কৰা নহৈছিল। ইয়াৰ কাৰণ চৰকাৰে এইবোৰৰ ওপৰত কোনো গুৰুত্ব আৰোপ কৰা নাছিল। জনবসতি অঞ্চলবোৰ মানচিত্ৰত চিহ্নিত নকৰাই এয়া বুজাইছিল যে অঞ্চলবোৰ চৰকাৰৰ বিকাশমূলক আঁচনিৰ বাবে এৰি থোৱা হৈছিল। পিছত যেতিয়া কোনো উন্নয়নমূলক আঁচনি হাতত লোৱা হৈছিল তেতিয়া দৰিদ্ৰ লোককসলক মানচিত্রত চিহ্নিত নকৰা অঞ্চলৰ পৰা উচ্ছেদ কৰা হৈছিল। এনেদৰে বৃটিছে প্রস্তুত কৰা মানচিত্ৰবোৰে তেওঁলোকৰ পক্ষপাতিত্ব প্রতিফলিত কৰিছিল।
১৬। আবুল ফজলে কেনেকৈ আকবৰৰ ৰাজসভাৰ বিৱৰণ দিছিল? H. S. ’20
উত্তৰ: আবুল ফজল আছিল মোগল সম্রাট আকবৰৰ এজন সভাষদ, কবি, সমৰকুশলী আৰু ইতিহাসবিদ। তেওঁ ‘আকবৰনামা’ আৰু ‘আইন-ই-আকবৰী’ নামৰ দুখন ইতিহাসমূলক গ্রন্থ ৰচনা কৰিছিল। গ্রন্থ দুখনত আকবৰৰ শাসন নীতি আৰু ধর্মীয় নীতিৰ বিশদ বিৱৰণ থকাৰ উপৰিও আকবৰৰ ৰাজসভাৰো এক সজীৱ বর্ণনা আছে। আবুল ফজলে লিখিছে যে আকবৰ ৰাজসভা সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে জাকজমকপূর্ণ আছিল। আকবৰে আগ্ৰাত ৰাজধানী স্থাপন কৰি তাত সুন্দৰ সুন্দৰ অট্টালিকা নিৰ্মাণ কৰিছিল। ৰাজধানীৰ লগতে তেওঁ ফটেহপুৰ চিক্ৰী নামৰ এখন নগৰ নিৰ্মাণ কৰিছিল। তেওঁৰ ৰাজসভাত মুছলমান বিষয়ববীয়া থকাৰ লগতে বহুতো হিন্দু বিষয়াও আছিল। আকবৰে এবাদতখানা নামৰ এখন স্থানত বিভিন্ন ধৰ্মৰ পণ্ডিতসকলৰ লগতধর্মালোচনা কৰিছিল।
১৭। ‘ঝৰোকা দর্শন’ কোনে আৰম্ভ কৰিছিল? ইয়াক কেনেকৈ পালন কৰা হৈছিল? H. S. ’19
উত্তৰ: মোগল সম্রাটসকলে ৰাতিপুৱা ভক্তি গীত আৰু পৰম ঈশ্বৰৰ গুনানুকীৰ্তন কৰি ৰাজ প্ৰসাদৰ পূব পিনে থকা বেলকনিত উপস্থিত হৈছিল। ইয়াকে ‘ঝাৰোখা’ বুলি কোৱা হৈছিল। বেলকনিত সম্রাটৰ দর্শন পাবলৈ বহুতো লোক জুম বান্ধি অপেক্ষা কৰিছিল। সেই লোকসকলৰ ভিতৰত সৈনিক, ব্যৱসায়ী, কৃষক, শিল্পী, বেমাৰী লোক আদি আছিল। সম্রাটে এই ঝাৰোখাৰ পৰা দৰ্শনাৰ্থীক সাক্ষাৎ দিছিল। এনেদৰে দিয়া সাক্ষাতক ‘ঝাৰোখা দর্শন’ বুলি কোৱা হৈছিল। মোগল সম্রাট আকবৰৰ দিনৰ পৰা এই প্রথা আৰম্ভহৈছিল বুলি কোৱা হয়।
গ. মজলীয়া উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)
১। কাণকূট আৰু ৰটাই পদ্ধতিৰ বিষয়ে লিখা।
উত্তৰ: মোগল যুগত ৰাজহ সংগ্ৰহ কৰা পদ্ধতিক ‘কাণকুট’ আৰু ‘বটাই’ বুলি কোৱা হৈছিল। ‘কাণ’ মানে শস্য আৰু কুট’ মানে আন্দাজ। অর্থাৎ আন্দাজ বা বিবেচনাৰ ভিত্তিত ৰাজহ সংগ্ৰহ কৰা। আকৌ ‘ৰটাই’ মানে হ’ল শস্য কাটি একে ঠাইতে জমা ৰখা কাম। পিছত সকলো পক্ষৰ উপস্থিতিত ভাগ বটোৱাৰা কৰা হয়।
২। মোগল যুগত কুঁৱাৰ পৰা পানী তোলাত ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা।
উত্তৰ: মোগল যুগত কুঁৱাৰপৰা পানী তোলা দুবিধ সঁজুলিৰ নাম হ’ল: কাঠঢেঁকী আৰু পার্টীয়ান চকা।
৩। আবুল ফজলে ৰচনা কৰা ‘আইন-ই-আকবৰী গ্ৰন্থখনৰ দুটা আসোঁৱাহ লিখা।
উত্তৰ: ঐতিহাসিকৰ মতে ‘আইন-ই-আকবৰী’ গ্ৰন্থখনৰ দুটা আসোঁৱাহ হ’ল:
(ক) ইয়াত সন্নিবিষ্ট কৰা তথ্যসমূহ দিল্লীৰ দাঁতি কাষৰীয়া অঞ্চলৰ ওপৰত ভিত্তি কৰি সন্নিবিষ্ট কৰা হৈছিল। দূৰৱৰ্তী প্রদেশসমূহৰ পৰা তথ্য সংগ্ৰহ কৰা হোৱা নাছিল। ফলত তথ্যবোৰ একপক্ষীয়।
(খ) মজুৰি আৰু বস্তুৰ দামৰ ক্ষেত্ৰত আগ্রা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহক লৈ নিৰ্দ্ধাৰণ কৰা হৈছিল। ফলত এই তথ্য সকলো ঠাইৰ বা প্ৰদেশৰ বাবে সমানে প্রযোজ্য হোৱা নাছিল।
৪। মোগল যুগত কৰা মাটিৰ ভাগ চাৰিটাৰ উল্লেখ কৰা। H. S. ’15
উত্তৰ: ১৫৮২ খৃঃ ত আকবৰে টোডৰমলৰ হতুৱাই ৰাজহ নীতিৰ সংস্কাৰ সাধন কৰিছিল। আকবৰৰ নির্দেশ মতে উৎপাদিকা শক্তিৰ ভিত্তিত মাটিক চাৰিটা শ্ৰেণীত ভাগ কৰা হৈছিল। যেনেঃ
(ক) পৰাউতি: যি মাটি কিছু বছৰ খেতি কৰাৰ পিছত উৰ্বৰতা সঞ্চয় কৰিবলৈ কিছুদিন খেতি নকৰাকৈ ছন পৰি থাকিবলৈ দিয়া হয়।
(খ) পোলেজ: যি মাটিত প্রতিবছৰে খেতি কৰা হয়।
(গ) চাচৰ যি মাটিত তিনি-চাৰি বছৰ খেতি নকৰাকৈ পৰি থাকে।
(ঘ) বঞ্জৰঃ যি মাটি খেতি নকৰাকৈ পাঁচ বছৰ পৰি থাকে। আকৌ পোলেজ মাটিৰ উৎপাদন শক্তিব ভিত্তিত উত্তম, মধ্যম আৰু অধম এই তিনি ভাগত ভাগ কৰা হৈছিল। প্রত্যেক কৃষকৰেই এই তিনি প্ৰকাৰৰ মাটি আছিল। তিনি প্ৰকাৰৰ মাটিৰ উৎপাদনৰ তিনি ভাগৰ এভাগ ৰাজহ হিচাপে নির্ধাৰণ কৰা হৈছিল।
৫। ‘ক্ষুদ্র গণতন্ত্র’ কাক কোৱা হৈছিল?
উত্তৰ: উনৈশ শতিকাৰ বৃটিছ বিষয়াসকলে ভাৰতীয় গাওঁসমূহক ‘ক্ষুদ্র গণতন্ত্র’ বুলি উল্লেখ কৰিছে। সিহঁতে লক্ষ্য কৰিছিল যে গাওঁসমূহত ভাতৃত্ববোধেৰে সামুহিক স্তৰত সম্পদ আৰু শ্ৰমৰ বিতৰণ কৰা হৈছিল। কিন্তু ই সাম্যবাদৰ প্রতীকো নাছিল। গাওঁসমূহত সম্পত্তিৰ ব্যক্তিগত মালিকীস্বত্ব, জাতি আৰু লিংগৰ ভিত্তিত বৈষম্য পৰিলক্ষিত হৈছিল। কিছুমান সম্ভ্রান্ত লোকে গাওঁৰ বিবাদসমূহ সমাধানৰ ক্ষেত্ৰত আগভাগ লৈছিল আৰু দুখীয়াসকলক শোষণ কৰিছিল। আনকি ন্যায় প্রদানৰ ক্ষমতাও তেওঁলোকৰ হাতত আছিল।
৬। ‘জাতি পঞ্চায়ত’ বুলিলে কি বুজা?
উত্তৰ: মধ্য যুগৰ ভাৰতবৰ্ষত গাওঁ পঞ্চায়ত থকাৰ উপৰিও ভিন ভিন জাতিৰ মাজত একো একোখন ‘জাতি পঞ্চায়ত’ আছিল। এই জাতি পঞ্চায়তবোৰে গাওঁসমূহৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাত সচেষ্ট আছিল। ৰাজস্থানৰ জাতি পঞ্চায়তবোৰ শক্তিশালী আছিল। সিহঁতে দেৱানী গোচৰসমূহ নিষ্পত্তি কৰিছিল। ভূমি সম্পর্কীয় বিবাদ, বিবাহ সম্পর্কীয় বিবাদ আদিও নিষ্পত্তি কৰিছিল।
৭। ‘কাচবাহ’ আৰু ‘গঞ্জ’ কি আছিল? H. S. ’17
উত্তৰঃ ‘কাচবাহ’ আছিল মোগল যুগত গঢ়ি উঠা নগৰীয়া অঞ্চল। এইবোৰ স্থানীয় প্রসিদ্ধ লোকে বা ৰাজকীয় বিষয়ববীয়াসকলে গঢ়ি তুলিছিল।আনহাতে ‘গঞ্জ’ হ’ল মোগল যুগত গঢ়ি উঠা কিছুমান ব্যৱসায়িক কেন্দ্র। এনে কেন্দ্রসমূহত নানা ধৰণৰ খাদ্য সামগ্রী আৰু গাখীৰ উৎপাদন কৰা হৈছিল। সামগ্ৰীবোৰ ৰাজকীয় পৰিয়াল আৰু সেনাবাহিনীক যোগান ধৰা হৈছিল।
ঘ. ৰচনাধৰ্মী উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)
১। মোগল যুগৰ ৰাজহ ব্যৱস্থাৰ সম্বন্ধে আলোচনা কৰা।
উত্তৰ: বাবৰে প্ৰতিষ্ঠা কৰা মোগল সাম্ৰাজ্যৰ শাসন ব্যৱস্থা আৰু শাসন নীতিসমূহে আকবৰৰ দিনত এক স্থিতিশীল অৱস্থা পায়। আকবৰে সাম্ৰাজ্যৰ কাৰণে ৰাজহ নীতি তেওঁৰ অৰ্থমন্ত্রী টোডৰমলৰ সহায়ত নিৰ্দ্ধাৰণ কৰে। আকবৰৰ নিৰ্দেশ মতে টোডৰমলে উৎপাদিকা শক্তিৰ ভিত্তিত মাটিক চাৰিটা ভাগত বিভক্ত কৰে। সেই কেইটা হ’ল:
(ক) পৰাউতি: যি মাটি কিছু বছৰ খেতি কৰাৰ পিছত উৰ্বৰতা সঞ্চয় কৰিবলৈ কিছুদিন খেতি নকৰাকৈ ছন পৰি থাকিবলৈ দিয়া হয়।
(খ) পোলেজ: যি মাটিত প্রতিবছৰে খেতি কৰা হয়।
(গ) চাচৰ যি মাটি তিনি-চাৰি বছৰ খেতি নকৰাকৈ পৰি থাকে।
(ঘ) বঞ্জৰ যি মাটি খেতি নকৰাকৈ পাঁচ বছৰ পৰি থাকে।
আকৌ পোলেজ মাটিৰ উৎপাদন শক্তিৰ ভিত্তিত উত্তম, মধ্যম আৰু অধম এই তিনি ভাগত ভাগ কৰা হৈছিল। প্রত্যেক কৃষকৰেই এই তিনি প্ৰকাৰৰ মাটি আছিল। তিনি প্ৰকাৰৰ মাটিৰ উৎপাদনৰ তিনি ভাগৰ এভাগ ৰাজহ হিচাপে নির্ধাৰণ কৰা হৈছিল।
ৰাজহ সংগ্ৰহত সুবিধা হোৱাৰ বাবে তেওঁ সাম্রাজ্যখনক বাৰটা চুবাত ভাগ কৰিছিল। চুবাবোৰক আকৌ কেইবাটাও সৰু-সুৰা ভাগত ভাগ কৰি সেইবোৰ একো একোজন বিষয়াৰ অধীনত ৰাখিছিল। প্রত্যেক চুবাতে একোজনকৈ দেৱান নিযুক্ত কৰিছিল। দেৱানে চুবাটোৰ সমগ্ৰ ৰাজহ বিষয় চোৱা-চিতা কৰিছিল। সিহঁতে সংগৃহীত ৰাজহৰ পৰা প্রয়োজনীয় ব্যয় বাদ দি বাকীখিনি কেন্দ্রীয় ৰাজকোষলৈ প্রেৰণ কৰিছিল।
মোগল যুগত ভূমি ৰাজহ দুটা ভাগত বিভক্ত আছিল যেনে জমা আৰু হাচিল। ‘জমা’ মানে ৰাজহ ধার্য কৰা আৰু ‘হাচিল’ মানে প্রকৃত ৰাজহ সংগ্ৰহ কৰাৰ পৰিমাণ।
২। মোগল যুগৰ জমিদাৰ সকলৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: মোগল যুগত জমিদাৰসকলে দেশৰ উৎপাদন আৰু ৰাজহ সংগ্রহত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। সম্রাটে জমিদাৰসকলক বিশেষ সেৱা আৰু ৰাজহ আদায়ৰ প্রতিশ্রুতিত ভূমিৰ ওপৰত স্বত্ব দান কৰিছিল।
জমিদাৰসকলে সম্ৰাটৰ পৰা পোৱা যথেষ্ট পৰিমাণৰ ভূমিত বনুৱাৰ সহায়ত খেতি কৰিছিল। প্রয়োজন অনুসৰি সেই ভূমি সিহঁতে বিক্রিও কৰিব পাৰিছিল। জমিদাৰসকলৰ তলতীয়া হিচাপে কৃষকে খেতি কৰিব লাগিছিল। উৎপাদনৰ এক বুজন অংশ কৃষকসকলে খাজনা হিচাপে জমিদাৰসকলক আদায় দিব লাগিছিল।
জমিদাৰসকলৰ অধীনত সৈন্য বাহিনীও আছিল। ‘আইন-ই-আকবৰী’ গ্রন্থত উল্লেখ আছে যে আকবৰৰ দিনত জমিদাৰসকলৰ অধীনত মুঠ ৩,৮৪,৫৫৮ জন অশ্বাৰোহী সৈনিক আছিল। সমসাময়িক তথ্য মতে শক্তিশালী সৈনিক চৰ্দাৰৰ সহায়ত জমিদাৰসকলে দুখীয়া লোকসকলৰ ভূমি বেদখল কৰি তেওঁলোকৰ ভূমিৰ পৰিসৰ বৃদ্ধি কৰিছিল।
জমিদাৰসকলে সিহঁতৰ প্রতিপত্তিৰ বাবেই সমাজত উচ্চ আসন লাভ কৰিছিল। সিহঁতে বহুতো সময়ত কৃষকসকলক অত্যাচাৰ কৰিও ৰাজহ সংগ্ৰহ কৰিছিল। মুঠতে জমিদাৰসকলে কৃষকসকলক শোষণ কৰিছিল। অৱশ্যে কিছু সংখ্যক জমিদাৰে কৃষি ভূমি উন্নয়নৰ কাৰণে ব্যবস্থাও গ্রহণ কৰিছিল। উদাহৰণস্বৰূপে সিহঁতে খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিছিল।
৩। ‘আইন-ই-আকবৰী’ গ্ৰন্থৰ ওপৰত এটি টোকা লিখা। H. S. ’15
উত্তৰ: ‘আইন-ই-আকবৰী’ গ্রন্থখন মোগল সম্রাট আকবৰৰ সভাসদ আবুল ফজলে সম্ৰাটৰ নিৰ্দেশত ৰচনা কৰিছিল। এই গ্রন্থখন হৈছে মোগল যুগৰ এক ঐতিহাসিক দলিল স্বরূপ। এই গ্রন্থখনত আকবৰৰ শাসন নীতি, ৰাজহ নীতি, ধর্মীয় নীতি, ভৌগোলিক অৱস্থা লিপিবদ্ধ থকাৰ উপৰিও ওচৰ-চুবুৰীয়া অন্যান্য সাম্ৰাজ্যৰ বিভিন্ন দিশৰ প্ৰতিফলন ঘটিছে। এই গ্রন্থখন ৰচনা কৰোতে আবুল ফজলে চল্লিশ বছৰৰো অধিক সময় খৰচ কৰিছিল। গ্রন্থখন পাঁচবাৰ সংশোধন কৰিছিল।
‘আইনী-ই-আকবৰী’ গ্রন্থখনক তিনিটা ভাগত ভাগ কৰিব পাৰি। প্রথম অংশটোত আকবৰৰ জন্মৰ পৰা ১৫৭২ চনলৈকে আকবৰৰ সকলো কার্যাবলী সন্নিবিষ্ট কৰা হৈছে।
দ্বিতীয় অংশটোত আকবৰৰ ৩১ বছৰ বয়সৰ পৰা ৪৬ বছৰ বয়সৰ ভিতৰত তেওঁৰ সকলো ৰাজনৈতিক কার্যাৱলীৰ লগতে ব্যক্তিগত জীৱনৰ ওপৰতো আলোকপাত কৰিছে।
তৃতীয় অংশটোত মোগল সাম্রাজ্যৰ কৃষি বিভাগ, প্রাকৃতিক পৰিৱেশ, প্রাকৃতিক সম্পদ আদিৰ বিষয়ে আলোচনা কৰাৰ লগতে হিন্দুসকলৰ জীৱন শৈলীৰ ওপৰত আলোকপাত কৰিছে।
ঐতিহাসিক দিশৰ পৰা ‘আইন-ই-আকবৰী’ গ্রন্থখন অতি গুৰুত্বপূৰ্ণ যদিও গ্ৰন্থখনৰ কিছু আসোঁৱাও নথকা নহয়। কাৰণ গ্রন্থখন ৰাজকীয় দৃষ্টিভংগীৰে ৰচনা কৰা হৈছিল। তাত প্রজাসাধাৰণৰ নিখুঁত চিত্র প্রতিফলিত হোৱা নাছিল।
৪। মোগল ডাঙৰীয়া শ্ৰেণীটোৰ বিষয়ে এটি টোকা লিখা। H. S. ’17
উত্তৰ: মোগল যুগৰ ডাঙৰীয়া শ্রেণীটো এক মিশ্রিত শ্রেণী আছিল। এই শ্রেণীটোত বিভিন্ন জাতি আৰু ধৰ্মৰ লোক আছিল। ইয়াৰ প্ৰায় ৪০% হিন্দু ধৰ্মৰ আছিল। মোগল সম্রাটসকলে এই শ্রেণীটো বৰ সতর্কতাৰে গঠন কৰিছিল যাতে সিহঁতে একত্রিত হৈ ৰজাৰ বিৰুদ্ধে যাব নোৱাৰে বা সাম্ৰাজ্যৰ কোনো ক্ষতি কৰিব নোৱাৰে। সিহঁতে সম্ৰাটৰ প্রতি গভীৰ আনুগত্য প্রকাশ কৰিব লাগিছিল।
আকবৰৰ ৰাজসভাত হিন্দু পণ্ডিত টোডৰমল, হাস্য ৰসিক বীৰবল আৰু অম্বৰৰ ৰজা মানসিংহই বিশেষ প্রভাব বিস্তাৰ কৰিছিল। এই সকলৰ উপৰিও কাননগো, কাজী, চৌধুৰী আদি শ্রেণীসমূহও ডাঙৰীয় শ্রেণীৰ অন্তৰ্ভূক্ত আছিল। সিহঁতে ৰজাক সাম্রাজ্য পৰিচালনা কৰাত সহায় কৰিছিল। ভাৰতৰ বিভিন্ন সম্প্ৰদায়ৰ লোক থকাৰ উপৰিও মোগলসকলৰ ভাঙৰীয়া শ্রেণীটোত ইৰাণী, তর্কী, কুর্দ, ডতাৰ, ৰাছিয়ান, আবিচিনিয়ান আদি লোকো আছিল। সিহঁতে বিশেষ ৰাজকীয় সুবিধা ভোগ কৰিছিল আৰু অভিজাত আৰু বিলাসী জীৱন যাপন কৰিছিল।