Join WhatsApp

Join Now

Join Telegram

Join Now

১৮৫৭ ৰ বিদ্ৰোহ ইয়াৰ কাৰণ Class 12 History Chapter 12 Solutions ২০২৫

By Rabbi Masrur

Published On:

এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ ১৮৫৭ ৰ বিদ্ৰোহ ইয়াৰ কাৰণ Class 12 History Chapter 12 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।

১৮৫৭ ৰ বিদ্ৰোহ ইয়াৰ কাৰণ Class 12 History Chapter 12 Solutions

১৮৫৭ ৰ বিদ্ৰোহ ইয়াৰ কাৰণ Class 12 History Chapter 12 Solutions

১৮৫৭ ৰ বিদ্ৰোহ ইয়াৰ কাৰণ

দ্বাদশ অধ্যায়

ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ১)

১। কোনজন গৱৰ্ণৰ জেনেৰেলৰ দিনত ১৮৫৭ ৰ বিদ্ৰোহ হৈছিল?

উত্তৰ: লর্ড কেনিং।

২। ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?

উত্তৰ: লর্ড কেনিং।

৩। ১৮৫৭ চনৰ বিদ্রোহ প্রকৃততে ইংৰাজী কোন তাৰিখে আৰম্ভ হৈছিল?

উত্তৰঃ ১৮৫৭ চনৰ ১০ মে তাৰিখে।

৪। এনফিল্ড ৰাইফলৰ গুলী কিয় হিন্দুস্থানী সৈনিকে ব্যৱহাৰ কৰিব খোজা নাছিল?

উত্তৰ: এনফিল্ড ৰাইফলৰ গুলীবোৰ গাহৰি আৰু গৰুৰ চৰ্বীৰে নির্মিত আছিল বুলি জনৰব প্ৰচাৰ হৈছিল। এই গুলীবোৰ দাঁতেৰে কামুৰি বন্দুকত ভৰাব লাগিছিল। গাহৰি মুছলমানসকলৰ অভক্ষ। সেইদৰে হিন্দুসকলেও গৰু নাখায়। সেইবাবে ধর্ম নষ্ট হোৱাৰ ভয়ত হিন্দুস্থানী সৈনিকে এনফিল্ড ৰাইফলৰ গুলী ব্যৱহাৰ কৰিব খোজা নাছিল।

৫। বাহাদুৰ ছাহ (২য়) কোন আছিল।

উত্তৰ : বাহাদুৰ ছাহ (২য়) শেষ মোগল সম্রাট আছিল। চিপাহী বিদ্রোহৰ সময়ত বিদ্রোহীসকলে তেওঁক ‘ভাৰত সম্রাট’ বুলি ঘোষণা কৰিছিল।

৬। চিপাহী বিদ্রোহক কোনে প্রথম ভাৰতীয় স্বাধীনতা ৰণ বুলি কৈছিল?

উত্তৰ : বিনায়ক দামোদৰ সৰকাৰে।

৭। ভাৰতত কোনে ‘স্বত্ব বিলোপ নীতি’ প্ৰৱৰ্তন কৰিছিল?

উত্তৰ: লর্ড ডেলহাউচীয়ে।

৮। ‘ফিৰিঙ্গি’ শব্দটোৰ অৰ্থ কি?

উত্তৰ: ‘ফিৰিঙ্গি’ শব্দটো ফৰাচী শব্দ ‘Frank’ ৰ পৰা অহা বুলি কোৱা হয়। এই শব্দটো ভাৰতত নীচ অর্থত বিদেশীসকলক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল।

৯। অবধত কোনে চিপাহী বিদ্রোহৰ নেতৃত্ব লৈছিল?

উত্তৰ: অবধৰ নবাব বাজিদ আলিৰ পুত্ৰ বিৰজিচ কাদিৰে।

১০। ‘Best and the bravest military leader of the rebels’ কথাষাৰ কোনে কাক উদ্দেশ্যি কৈছিল?

উত্তৰ: চিপাহী বিদ্রোহত দেখুৱা বীৰত্বৰ বাবে ঝাব্দীৰ ৰাণী লক্ষ্মীবাঈক প্রশংসা কৰি ইংৰাজ বিষয়া হাগ ৰ’জে উক্ত কথাষাৰ কৈছিল।

১১। তালুকদাৰসকল কোন আছিল?

উত্তৰ : গ্ৰাম্যাঞ্চলৰ ক্ষমতাশালী মাটিৰ মালিক।

১২। ৰাণী লক্ষ্মীবাঈৰ জন্ম ক’ত হৈছিল?

উত্তৰ বাৰাণসীত।

১৩। কোনজন গৱৰ্ণৰ জেনেবেলে ‘কৰদমৈত্রী’ ব্যবস্থা প্রয়োগ কৰিছিল?

উত্তৰ লৰ্ড বেলেছলিয়ে।

১৪। মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণা পত্ৰ কিমান চনত জাৰি কৰা হৈছিল?

উত্তৰ: ১৮৫৮ চনৰ ১ নৱেম্বৰত।

১৫। ১৮৫৭ চনৰ বিদ্ৰোহৰ দুগৰাকী নেত্ৰীৰ নাম লিখা।

উত্তৰ: ঝাঞ্জীৰ ৰাণী লক্ষ্মীবাই আৰু বেগম হজৰত মহল।

খ. চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক ২।৪)

১। কি পৰিস্থিতিত ১৮৫৭ চনৰ বিদ্ৰোহৰ সূত্রপাত হৈছিল?

উত্তৰ: ভাৰতবৰ্ষত বৃটিছৰ অর্থনৈতিক শোষণ, জাতি-ভেদ, বৈষম্যমূলক আচৰণ, ভাৰতীয়সকলৰ ৰাজনৈতিক স্বাধীনতা হৰণ, ভাৰতীয় চিপাহীসকলৰ ক্ষোভ, খ্ৰীষ্টান ধৰ্মৰ দ্রুত সম্প্ৰসাৰণ আদি বিভিন্ন কাৰণত ১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ সূত্রপাত হৈছিল।

২। বিদ্রোহী চিপাহীসকলে কিয় আৰু কোন কোন দেশীয় শাসক বিদ্রোহৰ নেতৃত্ব প্রদান কৰিছিল?

উত্তৰ: চিপাহীসকলে ১৮৫৭ চনৰ বিদ্ৰোহ সফল কৰিবৰ কাৰণে কেইজনমান প্রভাবশালী নেতাক নেতৃত্ব প্রদান কৰিছিল। সেইসকলৰ ভিতৰত প্রধান কেইজনমান হ’ল: মোগল সম্রাট দ্বিতীয় বাহাদুৰ চাহ, মাৰাঠা নেতা নানা চাহিব, ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ, বিহাৰৰ জমিদাৰ কোঁৱৰ সিং, অযোধ্যাৰ নবাব রাজিদ আলিৰ পুত্ৰ বিৰজিচ আদি।

৩। বিদ্রোহীসকলৰ সাংগঠনিক সবলতা আৰু দুৰ্বলতাৰ বিষয়ে লিখা।

উত্তৰ: ১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ সাংগঠনিক সবলতা আৰু দুর্বলতাসমূহ তলত উল্লেখ কৰা হ’ল।
সবলতাসমূহঃ

(ক) বিদ্রোহীসকলে গোটেই ভাৰতবৰ্ষত কম-বেছি পৰিমাণে বিদ্রোহৰ প্রভাৱ বিস্তাৰ কৰিব পাৰিছিল। আনকি অসমতো মণিৰাম দেৱানৰ নেতৃত্বত বিদ্ৰোহৰ যো-যা চলিছিল।

(খ) মোগল সম্রাট দ্বিতীয় বহাদুৰ ছাহে এই বিদ্রোহৰ নেতৃত্ব গ্রহণ কৰাত বিদ্রোহ সৰ্বভাৰতীয় বিদ্রোহত পৰিণত হৈছিল।

(গ) ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ দৰে মহিলা এজনীৰ সক্রিয় নেতৃত্ব প্রদানে বিদ্রোহক এক নতুন মাত্রা দিছিল।

(ঘ) এই বিদ্রোহত বহুতো ডাঙৰ ডাঙৰ নেতাই, যেনে মাৰাঠা নেতা নানা চাহিব, বিহাৰৰ জমিদাৰ কোঁৱৰ সিং, অযোধ্যাৰ নবাব বাজিদ আলিৰ পুত্ৰ বিৰজিচ আদিয়ে নেতৃত্ব বহন কৰিছিল।

দুর্বলতাসমূহঃ

(ক) এই বিদ্রোহ ভাৰতৰ প্রায় বেছিভাগ প্রদেশলৈ বিস্তাৰিত হৈছিল যদিও বিদ্রোহটো সর্বাত্মক হোরা নাছিল। এই বিদ্রোহৰ প্ৰতি জনসাধাৰণৰ সহযোগ যথেষ্ট কম আছিল।

(খ) বিদ্রোহীসকলৰ এক সঠিক কার্যপ্রণালীৰ অভাৱ আছিল। বিদ্রোহীসকলে একে সময়তে ভাৰতৰ বিভিন্ন অঞ্চলৰ লগত যোগাযোগ ৰক্ষা কৰিবলৈ অসমর্থ হৈছিল।

(গ) সেই সময়ত ভাৰতত কিছুমান ৰাজ্য, যেনে ইংৰাজসকলক সমর্থন কৰিছিল। হায়দৰাবাদ, গোৱালিয়ৰ আদিৰ ৰজাসকলে

(ঘ) বিদ্রোহ পৰিচালনা কৰিবলৈ উপযুক্ত নেতাৰ অভাৱ আছিল। ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ দৰে অন্যান্য নেতাসকলে বিক্রম দেখুৱাব পৰা নাছিল। মোগল সম্রাট দ্বিতীয় বাহাদুৰ ছাহ শাৰীৰিক, মানসিক আৰু আর্থিকভাবে দুর্বল আছিল।

(ঙ) বিদ্রোহীসকলে আওপুৰণি ঢাল তৰোৱালেৰে যুদ্ধ কৰিছিল। ফলত ইংৰাজসকলৰ অত্যাধুনিক অস্ত্র-শস্ত্ৰৰ আগত ভাৰতীয় বিদ্রোহীসকলে তিষ্ঠিব পৰা নাছিল।

৪। ১৮৫৭ ৰ বিদ্ৰোহৰ বাবে কোনকেইজন গৱৰ্ণৰ জেনেৰেল কিয় দায়ী আছিল বুলি ভাবা?

উত্তৰ: ১৮৫৭ চনৰ বিদ্ৰোহৰ বাবে প্ৰধানকৈ দুজন বৃটিছ গৱৰ্ণৰ জেনেৰেল দায়ী আছিল। সেই দুজন হ’ল লর্ড ডেলহাউচি আৰু লর্ড কেনিং।
লর্ড ডেলহাউচিয়ে ভাৰতত ‘স্বত্ববিলোপ নীতি’ প্রবর্তন কৰে। এই নীতিৰ দোহাই দি বহুতো ভাৰতীয় ৰাজ্য ইংৰাজ সাম্ৰাজ্যৰ লগত চামিল কৰিছিল। বৃটিছ চৰকাৰে দেশীয় ৰজাসকলৰ তোলনীয়া পুতেকক স্বীকৃতি নিদিয়াত নিঃসন্তান ৰজাসকলে ৰাজ্য হেৰুৱাব লগাত পৰে।

এই নীতিৰ দোহাই দি বহুতো জমিদাৰী বাজেয়াপ্ত কৰা হৈছিল। ইংৰাজৰ এনে কার্যত উক্ত লোকসকলে অসন্তুষ্ট হৈ বিদ্ৰোহৰ সূচনা কৰিছিল। দ্বিতীয়তে, ইংৰাজ গৱৰ্ণৰ লৰ্ড কেনিঙো ১৮৫৭ চনৰ বিদ্ৰোহৰ বাবে দায়ী আছিল। কাৰণ তেওঁ বিদ্রোহৰ কাৰণ উপলব্ধি কৰি শান্তিপূর্ণভাবে এক মীমাংসা লৈ অহাৰ পৰিৱৰ্তে অতি কঠোৰ ভাবে বিদ্রোহ দমন কৰাত উঠি পৰি লাগিছিল। ফলত বিদ্রোহীয়ে উগ্র ৰূপ ধাৰণ কৰিছিল। ইয়াৰ উপৰিও তেওঁ এনফিল্ড ৰাইফল ব্যৱহাৰৰ বিৰুদ্ধে হিন্দুস্থানী সৈনিকসকলে আপত্তি কৰাত ইয়াৰ কোনো সদুত্তৰ নিদি এই ৰাইফল ব্যৱহাৰ কৰাত জোৰ দিয়াত সৈনিকসকল ক্ষোভিত হৈ বিদ্রোহ আৰম্ভ কৰিছিল।

৫। চিপাহী বিদ্রোহত মুখ্য ভূমিকা গ্রহণ কৰা কেইজনমান নেতা আৰু নেত্ৰীৰ নাম লিখা।

উত্তৰ: চিপাহী বিদ্রোহত মুখ্য ভূমিকা গ্রহণ কৰা কেইজনমান নেতা আৰু নেত্ৰীৰ নাম হ’ল- মোগল সম্রাট দ্বিতীয় বাহাদুৰ ছাহ, ঝান্সিৰ ৰাণী লক্ষ্মীবাঈ, কানপুৰৰ নানা চাহেব, অযোধ্যাৰ বেগম হজৰত মহল, কোঁৱৰ সিং, তান্তিয়া টোপী আদি।

৬। ডেলহাউচিয়ে প্রয়োগ কৰা ‘স্বত্ববিলোপ নীতি’ৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ: লর্ড ডেলহাউচিয়ে প্ৰৱৰ্তন কৰা ‘স্বত্ববিলোপ নীতি’ৰ দুটা বৈশিষ্ট্য হ’ল ঃ

(ক) এই নীতি অনুসৰি বৃটিছৰ তলতীয়া কোনো দেশীয় ৰজাই অপুত্ৰক হৈ মৃত্যু বৰণ কৰিলে ৰাজ্যখন বৃটিছ ভাৰত সাম্ৰাজ্যৰ লগত চামিল হ’ব।

(খ) কোনো দেশীয় ৰজাৰ তোলনীয়া পুতেকে সিংহাসন লাভ কৰিব নোৱাৰিব। ফলত ৰাজ্যখন ইংৰাজ সাম্রাজ্যৰ অন্তর্ভুক্ত হ’ব।

৭। চিপাহী বিদ্রোহ বিফল হোৱাৰ দুটা কাৰণ লিখা। H. S. ’15

উত্তৰ: চিপাহী বিদ্রোহ বিফল হোৱাৰ দুটা কাৰণ হ’ল-

(ক) এই বিদ্রোহ সর্বাত্মক পর্যায় পোৱা নাছিল। ই বিহাৰ, উত্তৰ প্ৰদেশ আৰু বংগদেশত সীমাবদ্ধ আছিল।

(খ) বিদ্রোহীসকলৰ মাজত কোনো উমৈহতীয়া উদ্দেশ্য নাছিল। সিহঁতে নিজৰ নিজৰ স্বাৰ্থ পূৰণৰ বাবেহে বিদ্রোহ কৰিছিল।

গ. বহলাই উত্তৰ দিয়া: (প্রত্যেকটোৰ মূল্যাংক- ৪। ৬)

১। চিপাহী বিদ্রোহত নানা চাহেবৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা।

উত্তৰ: নানা চাহেব আছিল মাৰাঠা পেছোৱা দ্বিতীয় ৰাজীৰাওৰ তোলনীয়া পুতেক। বাজীৰাওৰ নিজৰ পুত্র সন্তান নথকাত নানা চাহবেই আছিল তেওঁৰ উত্তৰাধিকাৰী। কিন্তু ইংৰাজৰ স্বত্ববিলোপ নীতিৰ বাবে তেওঁ মাৰাঠা ৰাজ্যৰ সিংহাসনত উঠাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল। পৰিণতিত তেওঁ ইংৰাজৰ ঘোৰ শত্রুত পৰিণত হৈছিল। শেষত চিপাহী বিদ্রোহৰ সময়ত বিদ্রোহত যোগ দি তেওঁ ইংৰাজৰ ওপৰত ইয়াৰ পোতক তুলিব বিচাৰি বিদ্ৰোহৰ নেতৃত্ব বহন কৰে। তেওঁ ইংৰাজসকলৰ প্ৰতি বৰ কঠোৰ হৈ পৰে। ইংৰাজ সেনাধ্যক্ষ মেজৰ জেনেৰেল হেডলাৰক নানা চাহেবে এটা কোঠাত কিছুদিন আবদ্ধ কৰি ৰাখে। পিছত কেইজনমান সৈনিকৰ সৈতে হেডলাৰক গুলিয়াই হত্যা কৰে। ইয়াৰ পিছত তেওঁ সতী চেৰতী ঘাট নামে ঠাইত বহুতো ইংৰাজ সৈন্যক হত্যা কৰে। শেষত ইংৰাজ বাহিনীৰ আগত তিষ্ঠিব নোৱাৰি নেপালৰ অটব্য হাবিলৈ পলাই যায়।

২। ১৮৫৭ চনৰ বিদ্ৰোহত তান্তিয়া টোপীৰ ভূমিকা আলোচনা কৰা।

উত্তৰ: ১৮৫৭ চনৰ বিদ্ৰোহত তান্তিয়া টোপীয়ে এক বিশেষ ভূমিকা গ্রহণ কৰিছিল। তান্তিয়া টোপীৰ দেউতাক মাৰাঠা ৰাজদৰবাৰৰ এজন বিশ্বাসী কর্মচাৰী আছিল। ইংৰাজসকলৰ স্বেচ্ছাচাৰী কাৰ্যকলাপত বিক্ষুব্ধ হৈ তেওঁ বাজীৰাওৰ তোলনীয়া পুতেক নানা চাহেবৰ লগত চিপাহী বিদ্রোহত যোগ দিয়ে আৰু এলানি সংঘর্ষত লিপ্ত হয়। তেওঁ প্রথমতে নানা চাহেবৰ লগত কানপুৰত বিদ্রোহ আৰম্ভ কৰে। কিন্তু ইংৰাজসকলৰ সন্মুখত তিষ্টিব নোৱাৰি প্রথমে বুণ্ডেলখণ্ডলৈ পলাই যায়। তাৰ পৰা তেওঁ গোৱালিয়ৰলৈ গৈ বিদ্রোহীসকলক উৎসাহ যোগায়। ইয়াৰ পিছত তেওঁ ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ লগলাগি ইংৰাজসকলৰ বিৰুদ্ধে যুঁজ দিয়ে। কিন্তু ৰাণীয়ে ৰণত মৃত্যু বৰণ কৰাত তান্তিয়া টোপীয়ে মোগল ৰাজকোঁৱৰ ফিৰোজ ছাহৰ দলত যোগদি ইংৰাজসকলৰ বিৰুদ্ধে যুদ্ধ কৰে। যুঁজত হাৰি মানসিংহৰ ওচৰত আশ্রয় লয়। কিন্তু মানসিংহই বিশ্বাসঘাতকতা কৰি তেওঁক ইংৰাজৰ হাতত গতাই দিয়ে।

৩। চিপাহী বিদ্রোহত ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ ভূমিকা আলোচনা কৰা।

উত্তৰ: ১৮৫৭ চনৰ চিপাহী বিদ্রোহত সবল আৰু প্রশংসনীয় ভূমিকা গ্রহণ কৰা এজনী নেত্রীৰ নাম হ’ল লক্ষ্মীবাঈ। তেওঁ আছিল ৰজা গংগাধৰ ৰাওৰ বিধৱা পত্নী। গংগাধৰ ৰাওৰ কোনো পুত্র সন্তান নথকাত দামোদৰ ৰাও নামৰ এজন তোলনীয়া পুত্ৰক তেওঁ উত্তৰাধিকাৰী মনোনীত কৰি থৈ যায়। কিন্তু ইংৰাজে দামোদৰক স্বীকৃতি নিদিয়াত ৰাণী বিক্ষুব্ধ হৈ ইংৰাজৰ বিৰুদ্ধে বিদ্রোহত জঁপিয়াই পৰে। তেওঁ প্রথমে ঝান্সীৰ পৰা ইংৰাজসকলক বহিস্কাৰ কৰে। বাৰবাসা গড়তো তেওঁ ইংৰাজ সৈন্যক পৰাস্ত কৰে। কিন্তু পিছলৈ গোৱালিয়ৰৰ ‘কটাহ কি চৰাই’ৰ যুদ্ধত আহত হৈ ৰাণী মৃত্যু মুখত পৰে। ঝাঙ্গীৰ ৰাণী মহিলা হৈ চিপাহী বিদ্রোহত পুৰুষসুলভ পৰাক্ৰম দেখুৱাই ভাৰতীয় ইতিহাসত এক পূৰ্বদৃষ্টান্তহীন বীৰত্বৰ নিদৰ্শন ৰাখি থৈ গৈছে। ৰাণীৰ সাহস আৰু বীৰত্বৰ প্ৰশংসা কৰি ইংৰাজ সামৰিক বিষয়া হাগ ৰোজে কৈছিল, ” best and the bravest military leader of the rebels.”

৪। ১৮৫৭ চনৰ চি পাহী বিদ্রোহৰ কাৰণ আলোচনা কৰা। H. S. ’20

উত্তৰ: ১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, সামৰিক আৰু তৎকালীন কাৰণ আছে। তলত এই কাৰণবোৰ সংক্ষেপে আলোচনা কৰা হ’ল।

(ক) ৰাজনৈতিক কাৰণ: চিপাহী বিদ্রোহৰ ৰাজনৈতিক কাৰণবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল লর্ড ডেলহাউচিয়ে প্ৰৱৰ্তন কৰা ‘স্বত্ববিলোপ নীতি’। এই নীতি প্ৰৱৰ্তনৰ ফলত বহুতো দেশীয়, ৰজাই সিহঁতৰ ৰাজ্য হেৰুৱাব লগাত পৰে। তাৰ ভিতৰত মাৰাঠা ৰাজ্য, ঝান্সী, অবাধ আৰু বহুতো। ফলত ৰাজ্য হেৰুৱা দেশীয় ৰজা আৰু ৰাজকুমাৰসকলে বিক্ষুব্ধ হৈ ইংৰাজৰ বিৰুদ্ধে থিয় দিছিল।

(খ) অর্থনৈতিক কাৰণ: ইংৰাজসকলে ভাৰতীয় প্রজা সাধাৰণে বহন কৰিব নোৱাৰাকৈ নানান ধৰণৰ কৰ-কাটল বহুৱাইছিল। বহুতো জমিদাৰী উচ্ছেদ কৰিছিল। ডেলহাউচিয়ে অকল দাক্ষিণাত্যত বিশ হেজাৰ জমিদাৰক উচ্ছেদ কৰিছিল। ফলত সিহঁতে ক্ষুব্ধ হৈ চিপাহী বিদ্রোহ সংঘটিত কৰিছিল।

(গ) সামাজিক কাৰণ: ইংৰাজ সকলে ঊনৈশ শতিকাৰ আদি ভাগৰ পৰা ভাৰতত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰত লাগি গৈছিল। তাৰোপৰি সিহঁতে ভাৰতত ইংৰাজী শিক্ষাৰ বিস্তাৰ আৰু পাশ্চাত্য ৰীতি-নীতি প্ৰচাৰ আৰম্ভকৰিছিল। আনকি ভাৰতত চলি থকা কিছুমান প্রথা, যেনে সতীদাহ প্রথা বন্ধ, বিধবা বিবাহৰ প্ৰচলন, বাল্য বিবাহ বন্ধ আদি কার্য-কলাপে নৈষ্ঠিক হিন্দুসকলক বিক্ষুব্ধ কৰি তুলিছিল। ফলত সিহঁতে ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰিছিল। (ঘ) তৎকালীন কাৰণ: চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ আছিল এনফিল্ড ৰাইফলৰ ব্যৱহাৰ। এনফিল্ড ৰাইফলৰ কার্টিজ ব্যৱহাৰ কৰোতে দাঁতেৰে কামুৰি ভৰাব লগা হৈছিল। কার্টিজবোৰত গৰু আৰু গাহৰিৰ চৰী আছিল বুলি জনৰৱ প্ৰচাৰ হৈছিল। মুছলমানসকলৰ বাবে গাহৰি অভক্ষ আৰু হিন্দুসকলৰ বাবে গৰু অভক্ষ। গতিকে ভাৰতীয় সেনাবাহিনীৰ মুছলমান আৰু হিন্দু সৈনিকসকলে এই এনফিল্ড ৰাইফল ব্যৱহাৰৰ দ্বাৰা সিহঁতৰ ধৰ্ম নষ্ট কৰা বুলি ভাবি ইংৰাজ চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ আৰম্ভ কৰিছিল।

৫। ১৮৫৭ ৰ চনৰ চিপাহী বিদ্রোহৰ ফলাফল আলোচনা কৰা।

উত্তৰ: ১৮৫৭ চনৰ চিপাহী বিদ্রোহত বিদ্রোহীসকলৰ পৰাজয় হৈছিল। ইয়াৰ প্ৰধান ফলফলবোৰ হ’ল:

(ক) চিপাহী বিদ্রোহেই আছিল ইংৰাজসকলৰ বিৰুদ্ধে ভাৰতীয় সকলৰ প্ৰথম সর্বাত্মক বিদ্রোহ। এই বিদ্রোহত ইংৰাজসকলে ভাতীয়সকলৰ শক্তি, সামর্থ আৰু জাতীয় ঐক্যৰ বিষয়ে স্পষ্ট ধাৰণা লাভ কৰিছিল। বৃটিছ সংসদেও গুরুত্ব বুজি এক ঘোষণাৰ যোগেদি ভাৰতৰ শাসনভাৰ কোম্পানীৰ হাতৰ পৰা ইংলণ্ডৰ ৰাণীৰ হাতলৈ নিয়ে।

(খ) এই বিদ্ৰোহৰ ফলত ইংৰাজসকলে উপলব্ধি কৰিলে যে লর্ড ডেলহাউচিৰ স্বত্ববিলোপ নীতিও বিদ্ৰোহৰ অন্যতম কাৰণ আছিল। সেয়ে এই নীতি উঠাই লৈ ভাৰতীয় ৰজাসকলৰ তোলনীয়া পুত্ৰ গ্ৰহণৰ বিষয়টো সমর্থন কৰে।

(গ) এই বিদ্ৰোহৰ পিছত বৃটিছ চৰকাৰে বিত্ত আৰু ৰাজহ নীতিৰ পৰিৱৰ্তন কৰে। বিদ্ৰোহৰ ফলত হোৱা আৰ্থিক ঘাটি পূৰণৰ বাবে খাজনা বৃদ্ধি কৰে আৰু নতুন নতুন কৰ-কাটল ধার্য কৰে। যেনে আয় কৰ, লোণ কৰ ইত্যাদি।

(ঘ) এই বিদ্ৰোহৰ ফলত ইংৰাজসকলে উপলব্ধি কৰিলে যে ভাৰতীয়সকলৰ পৰম্পৰা, ধৰ্ম-বিশ্বাস, কলা-সংস্কৃতি আদি বিষয়ত হস্তক্ষেপ কৰা উচিত নহ’ব।

(ঙ) ইংৰাজসকলৰ বিৰুদ্ধে ভাৰতীয়সকলৰ মনত জাতীয়তাবোধৰ উন্মেষ ঘটে।

(ঙ) ভাৰতীয় সেনাবাহিনীতো এক পৰিবৰ্তনৰ সূচনা হয়। বৃটিছ সৈন্যৰ সংখ্যা বৃদ্ধি কৰা হয় আৰু ভাৰতীয় ব্রাহ্মাণ সৈন্যৰ প্রাধান্য নিঃশেষ কৰা হয়।

৬। ১৮৫৭ চনৰ বিদ্ৰোহত ধর্মীয় বিশ্বাসে বিদ্রোহীসকলক প্রভাৱিত কৰিছিল। দুটা উদাহৰণ দিয়া। H. S. ’16

উত্তৰ: ধর্মীয় বিশ্বাসে ১৮৫৭ চনৰ বিদ্ৰোহত বিদ্রোহীসকলক প্রভাবিত কৰিছিল। ইয়াৰ দুটা কাৰণ হ’ল: প্রথম, ইংৰাজ সকলে উনৈশ শতিকাৰ আদি ভাগৰ পৰা ভাৰতত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰত লাগি গৈছিল। আনকি পৰম্পৰাগতভাবে চলি থকা কিছুমান প্রথা, যেনে সতীদাহ প্রথা, বিধবা বিবাহৰ প্ৰচলন, বাল্য বিবাহ বন্ধ আদি কার্য-কলাপে নৈষ্ঠিক হিন্দুসকলক বিক্ষুব্ধ কৰি তুলিছিল। ফলত সিহঁতে ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰিছিল।
দ্বিতীয়তে, চিপাহী বিদ্রোহৰ তৎকালীন কাৰণ আছিল এনফিল্ড ৰাইফলৰ ব্যৱহাৰ। এনফিল্ড ৰাইফলৰ কার্টিজ ব্যৱহাৰ কৰোতে দাঁতেৰে কামুৰি ভৰাব লগা হৈছিল। কার্টিজবোৰত গৰু আৰু গাহৰিৰ চৰী আছিল বুলি জনৰৱ প্ৰচাৰ হৈছিল। মুছলমানসকলৰ বাবে গাহৰি অভক্ষ আৰু হিন্দুসকলৰ বাবে গৰু অভক্ষ। গতিকে ভাৰতীয় সেনাবাহিনীৰ মুছলমান আৰু হিন্দু সৈনিকসকলে এই এনফিল্ড ৰাইফল ব্যৱহাৰৰ দ্বাৰা সিহঁতৰ ধৰ্ম নষ্ট কৰা বুলি ভাৱি ইংৰাজ চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ আৰম্ভ কৰিছিল।

৭। বৃটিছসকলৰ বিৰুদ্ধে ভাৰতীয় চিপাহীসকল অসন্তুষ্ট হোৱাৰ চাৰিটা কাৰণ উল্লেখ কৰা। H. S. ’15 উত্তৰ: বৃটিছসকলৰ বিৰুদ্ধে চিপাহীসকল অসন্তুষ্ট হোৱাৰ চাৰিটা কাৰণ হ’ল-

(ক) বৃটিছসকলৰ বিৰুদ্ধে চিপাহীসকল অসন্তুষ্ট তৎকালীন কাৰণ আছিল এনফিল্ড ৰাইফলৰ ব্যৱহাৰ। এনফিল্ড ৰাইফলৰ কার্টিজ ব্যৱহাৰ কৰোতে দাঁতেৰে কামুৰি ভৰাব লগা হৈছিল। কার্টিজবোৰত গৰু আৰু গাহৰিৰ চৰী আছিল বুলি জনৰৱ প্ৰচাৰ হৈছিল। মুছলমানসকলৰ বাবে গাহৰি অভক্ষ আৰু হিন্দুসকলৰ বাবে গৰু অভক্ষ। গতিকে ভাৰতীয় সেনাবাহিনীৰ মুছলমান আৰু হিন্দু সৈনিকসকলে এই এনফিল্ড ৰাইফল ব্যৱহাৰৰ দ্বাৰা সিহঁতৰ ধৰ্ম নষ্ট কৰা বুলি ভাবি ইংৰাজ চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ আৰম্ভ কৰিছিল।

(খ) লর্ড ডেলাহউচিৰ স্বত্ববিলোপ নীতিয়ে ভাৰতীয় সকলৰ ৰাজনৈতিক মর্যদাত আঘাত হানিছিল। ভাৰতীয় সৈনিকসকলেও এয়া মানি ল’ব পৰা নাছিল। (গ) মধ্যযুগীয় সামন্ত প্ৰথাৰ চুবেদাৰ, জাইগীৰি, জমিদাৰ আদি প্রথাৰ বিলোপ সাধন হয়। ফলত বহু লোক কর্ম সংস্থান হেৰুৱায়। লগতে চৰকাৰে অতিৰিক্ত কৰ আৰোপ কৰাত জনসাধাৰণৰ লগতে ভাৰতীয় চিপাহীসকলো অসন্তুষ্ট হয়।

(ঘ) বৃটিছসকলে চিপাহীসকলক সদায় ব্যস্ততাত ৰাখিছিল। ফলত সিহঁতে ব্রিটিছ সকলৰ বিৰুদ্ধে অসন্তুষ্ট হৈছিল।

৮। মৌলবী আহমদ উল্লাহ ছাহ কোন আছিল? ১৮৫৭ চনৰ বিদ্ৰোহলৈ তেওঁ কি বৰঙনি আগবঢ়াইছিল? H. S. ’15

উত্তৰ: মৌলবী আহমদ উল্লাহ ছাহ আছিল উত্তৰ প্ৰদেশৰ ফৈজাবাদৰ লোক। তেওঁ ১৮৫৬ চনৰ পিছৰ পৰা ইংৰাজ শাসনৰ বিৰুদ্ধে ধর্ম যুদ্ধ আৰম্ভ কৰে। তেওঁ অলপ দিনৰ ভিতৰত যথেষ্ট জনপ্রিয়তা লাভকৰে। ফলত ইংৰাজ শাসকসকল শংকিত হৈ তেওঁক বন্দী কৰে। পিছত মুক্ত হৈ পুনৰ বিদ্ৰোহ আৰম্ভ কৰে আৰু চিনহাটৰ যুদ্ধত হেনৰী লৰেন্সৰ বাহিনীক পৰাস্ত কৰে। ইংৰাজ চৰকাৰে তেওঁৰ মূৰৰ বাবদ ৫০,০০০ টকা ঘোষণা কৰে। পিছত পোৱেইনৰ বজাই টকাৰ লোভত তেওঁক হত্যা কৰে।

৯। বৃটিছসকলৰ বিৰুদ্ধে ভাৰতীয় চিপাহীসকল অসন্তুষ্ট হোৱাৰ চাৰিটা কাৰণ উল্লেখ কৰা। H. S. ’15

উত্তৰ: বৃটিছসকলৰ বিৰুদ্ধে চিপাহীসকল অসন্তুষ্ট হোৱাৰ চাৰিটা কাৰণ হ’ল-

(ক) বৃটিছসকলৰ বিৰুদ্ধে চিপাহীসকল অসন্তুষ্ট তৎকালীন কাৰণ আছিল এনফিল্ড ৰাইফলৰ ব্যৱহাৰ। এনফিল্ড ৰাইফলৰ কার্টিজ ব্যৱহাৰ কৰোতে দাঁতেৰে কামুৰি ভৰাব লগা হৈছিল। কার্টিজবোৰত গৰু আৰু গাহৰিৰ চৰী আছিল বুলি জনৰৱ প্ৰচাৰ হৈছিল। মুছলমানসকলৰ বাবে গাহৰি অভক্ষ আৰু হিন্দুসকলৰ বাবে গৰু অভক্ষ। গতিকে ভাৰতীয় সেনাবাহিনীৰ মুছলমান আৰু হিন্দু সৈনিকসকলে এই এনফিল্ড ৰাইফল ব্যৱহাৰৰ দ্বাৰা সিহঁতৰ ধৰ্ম নষ্ট কৰা বুলি ভাবি ইংৰাজ চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ আৰম্ভ কৰিছিল।

(খ) লর্ড ডেলাহউচিৰ স্বত্ববিলোপ নীতিয়ে ভাৰতীয় সকলৰ ৰাজনৈতিক মর্যদাত আঘাত হানিছিল। ভাৰতীয় সৈনিকসকলেও এয়া মানি ল’ব পৰা নাছিল।

(গ) মধ্যযুগীয় সামন্ত প্ৰথাৰ চুবেদাৰ, জাইগীৰি, জমিদাৰ আদি প্রথাৰ বিলোপ সাধন হয়। ফলত বহু লোক কর্ম সংস্থান হেৰুৱায়। লগতে চৰকাৰে অতিৰিক্ত কৰ আৰোপ কৰাত জনসাধাৰণৰ লগতে ভাৰতীয় চিপাহীসকলো অসন্তুষ্ট হয়।

(ঘ) বৃটিছসকলে চিপাহীসকলক সদায় ব্যস্ততাত ৰাখিছিল। ফলত সিহঁতে ব্রিটিছ সকলৰ বিৰুদ্ধে অসন্তুষ্ট হৈছিল। H. S. ’17

১০। ১৮৫৭ চনৰ বিদ্রোহ দমন কৰিবলৈ বৃটিছে কি কি ব্যৱস্থা লৈছিল?

উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্রোহ দমন কৰিবলৈ বৃটিছ চৰকাৰে সুদৃঢ় ব্যবস্থা গ্রহণ কৰিছিল। সিহঁতে সামৰিক শক্তি প্রয়োগৰ লগতে কুটনৈতিক কৌশলৰো আশ্রয় লৈছিল। সিহঁত লোৱা ব্যৱস্থাসমূহ হ’ল-

(ক) বিদ্রোহীসকলক গুলিয়াই হত্যা কৰা হৈছিল। কিছুমানক ফাঁচী দিছিল।

(খ) জমিদাৰ সকলক সৈমান কৰিবলৈ সিহঁতক জমিদাৰী ঘুৰাই দিয়াৰ প্রলোভন দিছিল।

(গ) বৃটিছৰ আনুগত্য কৰা ভাৰতীয়সকলক পুৰস্কৃত কৰা হৈছিল।

(ঘ) বৃটিছ সেনাবাহিনীত ব্রাহ্মণ সম্প্রদায়ৰ পৰা সৈন্য সংখ্যা কমোৱা হৈছিল।

(ঙ) সৈনিকসকলৰ বানচ আৰু দৰমহা বৃদ্ধি কৰা হৈছিল।

(চ) বিদ্রোহৰ অন্তত মানৱতা আৰু মহানুভবতা দেখুৱাই বিদ্রোহীসকলৰ প্ৰতি সাধাৰণ ক্ষমা ঘোষণা কৰিছিল। চিৰস্থায়ী বন্দোবস্তৰ ফলত ভূমি ৰাজহ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল। ইয়াৰ প্রভাৱ প্রত্যক্ষভাবে প্রজাসাধাৰণৰ ওপৰত পৰিছিল। উচ্চ হাৰত ৰাজহ আদায় দিব নোৱাৰাত জমিদাৰসকলে প্রজা সাধাৰণৰ ওপৰত অত্যাচৰো কৰিছিল। নির্দিষ্ট সময়ৰ ভিতৰত ৰাজহ আদায় দিব নোৱাৰা জমিদাৰী চৰকাৰে নিলামত দিছিল। উদাহৰণস্বৰূপে বংগৰ বর্ধমান জিলাৰ বহুতো জমিদাৰে চৰকাৰক ৰাজহ আদায় দিব নোৱাৰাত চৰকাৰে জমিদাৰী কাঢ়ি নিলামত বিক্রী কৰিছিল। অষ্টাদশ শতিকাৰ শেষৰ ফালে প্রায় ৭৫% জমিদাৰে জমিদাৰী হেৰুৱাইছিল।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×