Join WhatsApp

Join Now

Join Telegram

Join Now

মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন Class 12 History Chapter 14 Solutions ২০২৫

By Rabbi Masrur

Published On:

এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন Class 13 History Chapter 14 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।

মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন Class 12 History Chapter 14 Solutions

মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন Class 12 History Chapter 14 Solutions

মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে

চতুর্দশ অধ্যায়

ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ১)

১। ভাৰতীয় জাতীয় আন্দোলনৰ সৰ্বাধিক প্রভাবশালী ব্যক্তি কোন আছিল?

উত্তৰ: মহাত্মা গান্ধী।

২। গান্ধীজী কেইবছৰৰ মূৰত ভাৰতলৈ ঘূৰি আহিছিল?

উত্তৰঃ ২২ বছৰৰ মুৰত।

৩। ‘লাল-বাল-পাল’ নাম সমষ্টিৰ ‘লাল’ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ: লালা লাজপট বায়।

৪। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সভালৈ গান্ধীজীক কিয় নিমন্ত্ৰণ কৰা হৈছিল?

উত্তৰ: গান্ধীজীয়ে দক্ষিণ আফ্রিকাত আগবঢ়োৱা ৰাজনৈতিক বঢ়ঙণিৰ বাবে।

৫। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত দিয়া ভাষণত গান্ধীজীয়ে কি পৰামৰ্শ দিছিল?

উত্তৰ ভাৰতৰ উচ্চ আৰু মধ্যবিত্ত শ্রেণীয়ে শ্রমজীবি লোকসকলৰ কাৰণে চিন্তা কৰিবলৈ গান্ধীজীয়ে পৰামৰ্শ আগবঢ়াইছিল।

৬। গান্ধীজীয়ে কোনখন কুখ্যাত আইনৰ বিৰুদ্ধে ১৯১৯ চনত বন্ধৰ আহ্বান জনাইছিল?

উত্তৰ: কুখ্যাত ৰাউলাট আইনৰ বিৰুদ্ধে।

৭। ভাৰতৰ খিলাফট আন্দোলনৰ এজন নেতাৰ নাম লিখা।

উত্তৰ: মহম্মদ আলি।

৮। কানিংহাম কোন আছিল?

উত্তৰ: কানিংহাম অসমৰ এজন ইংৰাজ শিক্ষাধিকাৰ আছিল।

৯। দ্বিতীয় মহাসমৰ কোন চনত আৰম্ভ হৈছিল?

উত্তৰ: ১৯৩৯ চনৰ চেপ্তেম্বৰ মাহত।

১০। Peasants and Workers Party কোন চনত গঠিত হৈছিল?

উত্তৰ: ১৯২৬ চনত।

১১। এটলী কোন দলৰ নেতা আছিল?

উত্তৰ: শ্রমিক দলৰ।

১২। মাউন্টবেটেন কোনজন ভাইচৰয়ৰ স্থলাভিষিক্ত হৈছিল?

উত্তৰ: লর্ড বাভেলৰ।

১৩। স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্রী কোন আছিল।

উত্তৰ চৰ্দাৰ বল্লভ ভাই পেটেল।

১৪। কোনে গান্ধীজীক লিংকনৰ লগত তুলনা কৰিছিল?

উত্তৰ: আমেৰিকাৰ ‘টাইমচ’ কাকতে।

১৫। দক্ষিণ আফ্রিকাতে গান্ধীজী ‘মহাত্মা’ হৈছিল বুলি কিয় কোৱা হয়?

উত্তৰ : গান্ধীজীয়ে দক্ষিণ আফ্রিকাত বর্ণ বৈষম্যৰ বিৰুদ্ধে প্রতিবাদ কৰি মহান মানৱ দৰদী বুলি নিজৰ পৰিচয় দাঙি ধৰিছিল। সেয়ে দক্ষিণ আফ্রিকাতে গান্ধীজী ‘মহাত্মা’ হৈছিল বুলি কোৱা হয়।

১৬। সাময়িক বিৰতি এক ৰণ কৌশল বুলি কিয় কোৱা হয়?

উত্তৰ : সাময়িক বিৰতিৰ জৰিয়তে নতুন কৌশল বা পন্থা উদ্ভাৱন কৰা সহজ হয় বাবে ইয়াক ‘নতুন বণ কৌশল’ বুলি কোৱা হয়।

১৭। কোন চনত বংগভংগ আন্দোলন বা স্বদেশী আন্দোলন আৰম্ভ হৈছিল?

উত্তৰ: ১৯০৫ চনত।

১৮। কোন চনত গান্ধীজী ভাৰতলৈ ঘূৰি আহিছিল?

উত্তৰ: ১৯১৫ চনত।

১৯। চৰকাৰী হিচাপ মতে ১৯২১ চনত কিমানটা হৰতাল পালন কৰা হৈছিল?

উত্তৰ: ৩৯৬ টা।

২০। কোন চনত আনুষ্ঠানিকভাবে ‘অসহযোগ আন্দোলন’ আৰম্ভ হৈছিল?

উত্তৰ: ১৯২০ চনৰ ১ আগষ্টত।

২১। কোন চনত চেভাৰ্চৰ চুক্তি স্বাক্ষৰিত হৈছিল?

উত্তৰ: ১৯২০ চনত।

২২। কোন চনত জালিয়ানবালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল?

উত্তৰ। ১৯১৯ চনৰ ১৩ এপ্রিল তাৰিখে।

২২। মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল?

উত্তৰ: গোপাল কৃষ্ণ গোখলে।

২৩। কোন চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯১৬ চনত।

২৪। কোন চনত বৃটিছ ভাৰতত ভাৰতৰ প্ৰথম স্বাধীনতা দিবস পালন কৰা হৈছিল?

উত্তৰ: ১৯৩০ চনৰ ২৬ জানুৱাৰীত।।

২৫। কোন চনত গান্ধী-আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৯৩১ চনৰ জানুৱাৰী মাহত।

২৬। মুছলিম লীগে কোন চনত ‘প্রত্যক্ষ দিৱস’ পালন কৰিছিল?

উত্তৰঃ ১৯৪৬ চনৰ ২৯ জুলাই তাৰিখে।

২৭। কোন চনত একক সত্যাগ্রহ আৰম্ভ কৰা হৈছিল?

উত্তৰ: ১৯৪০ চনৰ ডিচেম্বৰ মাহত।

২৮। কোন চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল?

উত্তৰ: ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে।

২৯। কোন চনত ‘ভাৰত চৰকাৰ আইন’ প্রণয়ন কৰা হৈছিল?

উত্তৰ: ১৯৩৫ চনত।

৩০। কোন চনত দ্বিতীয় ঘূৰণীয়া মেজ মেল অনুষ্ঠিত হৈছিল?

উত্তৰ: ১৯৩১ চনত।

৩১। কোন চনত ভাৰতীয় জাতীয় কংগ্রেছ প্রতিষ্ঠা হয়?

উত্তৰ: ১৮৮৫ চনত।

৩২। কোন চনত মুছলিম লীগৰ জন্ম হয়?

উত্তৰ: ১৯০৬ চনত।

৩৩। চম্পাৰণ আন্দোলন কেতিয়া হৈছিল?

উত্তৰ: ১৯১৭ চনত।

৩৪। মহাত্মা গান্ধীয়ে কোন চনত দক্ষিণ আফ্রিকাৰ পৰা ভাৰতলৈ ওভতি আহে?

উত্তৰ: ১৯১৫ চনত।

৩৫। কোন চনত ক্রিপছ মিছন ভাৰতলৈ আহে?

উত্তৰ: ১৯৪২ চনত।

৩৬। কোন চনৰ কোন তাৰিখে মহাত্মা গান্ধী আততায়ীৰ হাতত নিহত হয়?

উত্তৰ: ১৯৪৮ চনৰ ৩০ জানুৱাৰীত।

৩৭। ‘কৰা বা মৰা’- এইটো কাৰ শ্লোগান আছিল?

উত্তৰ: মহাত্মা গান্ধীৰ।

৩৮। ‘চাৰে জাহাচে অচ্ছা: গীতটোৰ ৰচক কোন?

উত্তৰ: মহম্মদ ইকবাল।

৩৯। দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্রেছক কোনে প্রতিনিধিত্ব কৰিছিল? H. S. ’17

উত্তৰ: মহাত্মা গান্ধীয়ে।

৪০। ভাৰতীয় সংবিধান খচৰা সমিতিৰ সভাপতি কোন আছিল? H. S. ’17

উত্তৰ ড° ভীমৰাও আম্বেদকাৰ।

খ. চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক – ২)

১। ‘প্রত্যক্ষ দিবস’ কি?

উত্তৰ: ১৯৪৬ চনৰ ২৯ জুলাই তাৰিখে মুছলিম লীগে মুছলমান সম্প্ৰদায়ৰ বাবে ‘পাকিস্থান’ নামেৰে এখন স্বতন্ত্র ৰাষ্ট্ৰৰ দাবী জনায়। এই দিৱসক ‘প্রত্যক্ষ দিবস’ বুলি কোৱা হয়।

২। বাউলাট আইন কি? H. S. ’15

উত্তৰ: ১৯১৯ চনত ভাৰতত বৃটিছ চৰকাৰে বাউলাট আইন প্রয়োগ কৰে। এই আইন প্রয়োগৰ ফলত ভাৰতীয়সকলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ কাৰণ-

(ক) এই আইনৰ জৰিয়তে চৰকাৰে সন্দেহযুক্ত লোকক বিনা কাৰণত আটক কৰিব পাৰিছিল।

(খ) এই আইনে বাতৰি কাকতৰ স্বাধীনতা হৰণ কৰিছিল।

৩। ক্রিপচ মিচন সফল নোহোৱাৰ দুটা কাৰণ লিখা। H. S. ’15

উত্তৰ ক্ৰিপচ মিচন বিফল হোৱাৰ দুটা কাৰণ আছিল-

(ক) ই ভাৰতীয় জনসাধাৰণৰ আশা-আকাঙ্খা প্রতিফলিত কৰা নাছিল।

(খ) মুছলিম লীগেও ইয়াৰ বিৰোধিতা কৰিছিল।

৩। ১৮৭৩ চনৰ ‘অন্তবর্তী সীমা নিয়ন্ত্রণ আইন’ বুলিলে কি বুজা? H. S. ’17

উত্তৰঃ ১৮৭৩ চনৰ ‘অন্তবর্তী সীমা নিয়ন্ত্রণ আইন’ৰ জৰিয়তে বৃটিচসকলে অসমৰ চাহ, তেল আৰু হাতী ব্যৱসায়ৰ ক্ষেত্ৰত এক সুবিধা লাভ কৰিছিল। এই আইনৰ দ্বাৰা এই ক্ষেত্ৰত কোনো লোকৰ হস্তক্ষেপ মানি লোৱা নহৈছিল।

৫। খিলাফট আন্দোলনৰ নেতাদ্বয়ৰ নাম লিখা। H. S. ’17

উত্তৰঃ খিলাফট আন্দোলনৰ নেতাদ্বয় আছিল- মহম্মদ আলি জিন্না আৰু চৌকত আলি।

৬। ‘পঞ্চম প্রতিবেদন’ কি আছিল? H. S. ’19

উত্তৰ: ভাৰতবৰ্ষত ইষ্ট-ইন্ডিয়া কোম্পানীৰ কাম-কাজৰ খতিয়ান প্রতিবছৰ বৃটিছ সংসদত দাখিল কৰিব লগা হৈছিল। ১৮১৩ চনত হষ্ট-ইন্ডিয়া কোম্পানীয়ে এক বিস্তৃত খতিয়ান বৃটিছ সংসদত দাখিল কৰে। ইয়াকে ‘পঞ্চম প্রতিবেদন’ বুলি কোৱা হয়।

৭। অসহযোগ আন্দোলনৰ যিকোনো দুটা কার্যসূচী লিখা। H. S. ’19

উত্তৰ: অসহযোগ আন্দোলনৰ দুটা কাৰ্য আছিল-

(ক) চৰকাৰী চাকৰি ত্যাগ কৰা আৰু

(খ) বিদেশী সামগ্রী বর্জন কৰি স্বদেশী সামগ্রী গ্রহণ কৰা।

৮। কোনে প্রত্যক্ষ সংগ্ৰামৰ আহ্বান জনাইছিল? ইয়াৰ বাবে কোনটো দিন বাছি লোৱা হৈছিল? H. S. ’19

উত্তৰ: মহম্মদ আলি জিন্নাই ‘প্রত্যক্ষ সংগ্রাম’ৰ আহ্বান জনাইছিল। ইয়াৰ বাবে ১৯৪৬ চনৰ ১৬ আগষ্ট বাছি লোৱা হৈছিল।

৯। ভাৰতৰ সংবিধান সভাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিকোনো দুজন সদস্যৰ নাম লিখা। H. S. ’20

উত্তৰ ভাৰতীয় সংবিধানসভাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ দুজন সদস্যৰ নাম হ’ল- শ্যাম প্রসাদ মুখার্জী আৰু আচার্য কৃপালিনী।

১০। লোণযাত্র কিয় উল্লেখযোগ্য বুলি বিবেচিত হৈছিল? ইয়াৰ দুটা কাৰণ উল্লেখ কৰা। H. S. ’20

উত্তৰঃ মহাত্মা গান্ধীৰ লোণ যাত্রাক উল্লেখযোগ্য বুলি বিবেচনা কৰা হৈছিল। ইয়াৰ কাৰণ-

(ক) মহাত্মা গান্ধীৰ লোণ আইন ভংগ কৰা যাত্ৰাৰ জৰিয়তে লোণ উৎপদন কৰা কাৰ্যত চৰকাৰৰ এদনীয়া অধিকাৰ খৰ্ব হৈছিল।

(খ) সমগ্ৰ ভাৰতবাসীয়ে ইংৰাজৰ বিৰুদ্ধে সচেতন হৈছিল।

গ. বহলাই উত্তৰ দিয়া: (প্রত্যেকটোৰ মূল্যাংক- ৪। ৬)

১। কি কি কাৰণত অসহযোগ আন্দোলনৰ সূচনা হৈছিল উল্লেখ কৰা।

উত্তৰ: ১৯২০ চনৰ ১ আগষ্টৰ দিনা মহাত্মা গান্ধীৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষ জুৰি ‘অসহযোগ আন্দোলন’ আৰম্ভ হয়। এই আন্দোলন সূচনা হোৱাৰ কেইবাটাও কাৰণ আছে যদিও ইয়াৰ প্ৰধান কাৰণ তিনিটা তলত চমুকৈ উল্লেখ কৰা হ’ল-

(১) ৰাওলাট আইন: ১৯১৪ চনত ইংৰাজ চৰকাৰে ‘ভাৰত ৰক্ষা আইন’ প্রবর্তন কৰিছিল। এই আইনখন ভাৰতীয়সকলৰ বাবে অতি কঠোৰ আছিল। কিন্তু ইংৰাজ চৰকাৰে ভাৰতীয়সকলক পতিয়ন নিয়াইছিল যে সিহঁতে যদি প্রথম বিশ্ব যুদ্ধত ইংৰাজ চৰকাৰক সহায় কৰে তেন্তে যুদ্ধৰ সামৰণি পৰাৰ লগে লগেই ভাৰত ৰক্ষা আইনখন প্রত্যাহাৰ কৰা হ’ব। কিন্তু যুদ্ধ শেষ হোৱাৰ পিছতো চৰকাৰে উক্ত আইনখন প্রত্যাহাৰ নকৰি ‘ৰাওলাট আইন’ নামৰ আন এখন কঠোৰ আইনহে প্রণয়ন কৰে। চৰকাৰৰ এনে বিশ্বাসঘাতকতাত জনসাধাৰণ ক্ষুব্ধ হৈ আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয়।

(২) জালিৱানৱালাৰাগৰ হত্যাকণ্ড: বাওলাট আইনৰ প্ৰতিবাদত ১৯১৯ চনৰ ৬ এপ্রিল তাৰিখে সৰ্বভাৰতীয় ঔৰত হৰতাল পালন কৰা হয়। এনে হৰতাল পালন কৰিবলৈ পঞ্জাৱৰ জালিবানৱালাবাগ নামে ঠাইত ১৯১৯ চনৰ ১৩ এপ্রিল তাৰিখে হাজাৰ হাজাৰ লোক সমবেত হয়। জনসাধাৰণৰ এনে কাৰ্যত চৰকাৰ কর্তৃপক্ষ অসন্তুষ্ট হয়। শেষত ইংৰাজ সামৰিক বিষয়া জেনেৰেল ডায়াৰৰ নিৰ্দেশত নিৰস্তু জনতাৰ ওপৰত ইংৰাজ বাহিনীয়ে নির্বিবাদে গুলি চালনা কৰিবলৈ লয়। চৰকাৰৰ এনেকাৰ্যত ভাৰতীয়সকল গভীৰভাৱে অসন্তুষ্ট হয় আৰু তাৰ প্রতিবাদ স্বৰূপে অসহযোগ আন্দোলনৰ সুচনা হয়।

(৩) তুৰস্ক সমস্যা: প্রথম বিশ্ব যুদ্ধৰ পিছত তুৰস্কৰ ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষা কৰা হ’ব বুলি বৃটিছ চৰকাৰে খলিফাসকলক প্রতিশ্রুতি দিছিল। কিন্তু যুদ্ধৰ পিছত ইংৰাজ কর্তৃপক্ষই সেই প্রতিশ্রুতি ৰক্ষা নকৰাত বিশ্বৰ ইছলাম ধর্মীলোকসকলৰ মাজত বৃটিছসকলৰ বিৰুদ্ধে ব্যাপক উত্তেজনাৰ সৃষ্টি হয়। ১৯২০ চনৰ জানুৱাৰী মাহত দিল্লীত অনুষ্ঠিত হোৱা সভাত গান্ধীৰ উপস্থিতি আৰু পৰামৰ্শ মতে বৃটিছ ভাৰত চৰকাৰৰ সৈতে অসহযোগ আন্দোলনৰ নীতি আৰু কাৰ্যসূচী গ্ৰহণ কৰা হয়।

২। মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত অসহযোগ আন্দোলন সম্পর্কে চমুকৈ লিখা। কি কাৰণে তেওঁ এই আন্দোলন স্থগিত কৰিছিল?

উত্তৰ ইংৰাজ চৰকাৰে ভাৰতত প্ৰৱৰ্তন কৰা ৰাওলাট আইন, জালিবানৱালাবাগৰ হত্যাকাণ্ড, তুৰস্ক সমস্যা আদিৰ প্রতিবাদ স্বৰূপে ১৯২০ চনৰ ১ আগষ্টত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভহয়। সেই বছৰতে চেপ্তেম্বৰ মাহত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বিশেষ অধিবেশনত খিলাফটৰ সমৰ্থনত চৰকাৰৰ সৈতে অসহযোগৰ প্রস্তাব গ্রহণ কৰা হয়। গতিকে গান্ধীজীৰ নেতৃত্বত কংগ্ৰেছ আৰু কেন্দ্রীয় খিলাফট সমিতিব যুটীয়া উদ্যোগত ভাৰতবৰ্ষত পোন প্রথমতে ব্রিটিছ বিৰোধী গণ আন্দোলনৰ সূচনা হয়।

ভাৰতবৰ্ষৰ প্ৰায় সকলোবোৰ শ্ৰেণীৰ লোকে এই অসহযোগ আন্দোলনৰ প্রতি সহাঁৰি জনায়। মতিলাল নেহৰু, চিত্তৰঞ্জন দাস, জৱাহৰলাল নেহৰু, লালা লাজপত ৰায়, ভল্লব ভাই পেটেল, বাজেন্দ্র প্রসাদ আদি গণ্যমান্য লোকে নিজ নিজ ব্যবসায় এৰি এই আন্দোলনত জঁপিয়াই পৰে। সমান্তৰালভাৱে দেশৰ বিভিন্ন ঠাইত আন্দোলন সফল কৰি তোলাৰ বাবে কিছুমান শাখা সংগঠন কৰা হয়। ছাত্র-ছাত্রীসকলে বিদ্যালয় বৰ্জন কৰি পিকেটিং, মাদকদ্রব্য নিবাৰণ আদি কাৰ্যত অংশ গ্রহণ কৰে। ইতিমধ্যে অনুষ্ঠিত হোৱা নির্বাচনত কংগ্রেছে অংশ গ্ৰহণৰ পৰা বিৰত থাকে। ১৯২১ চনৰ বৃটিছ যুৱৰাজৰ ভাৰত ভ্ৰমণ কার্য দেশবাসীয়ে সম্পূর্ণভাৱে বৰ্জন কৰে।

ইংৰাজ চৰকাৰে এই অসহযোগ আন্দোলন দমন কৰাৰ কাৰণে কঠোৰ ব্যৱস্থা হাতত লয়। আক্রমণকাৰীসকলক গ্ৰেপ্তাৰ কৰা হয়। প্রধান নেতাসকলক গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰা হয়। দেশৰ কোনো কোনো অঞ্চলত খাজনা বন্ধ আন্দোলন আৰম্ভ হয়। এইদৰে গান্ধীজীৰ নেতৃত্বত অসহযোগ আন্দোলন গোটেই দেশতে সিঁচৰিত হৈ পৰে। সমানে সমানে পুলিচৰ নির্যাতনো চলি থাকিল।
১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত পুলিচৰ নিৰ্যাতনত অতিষ্ঠ হৈ উত্তৰ প্ৰদেশৰ চৌৰীচৌৰাৰ কৃষকসকলে এটা পুলিচ চকী জ্বলাই দিয়ে। সেই পুলিচ চকীটোত জামাদাৰ আৰু দাৰোগাসহ প্রায় ২২ জন মান পুলিচ কর্মী অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে। গান্ধীজীয়ে অসহযোগ আন্দোলনটো অহিংসা পন্থাৰে চলাটো বিচাৰিছিল। কিন্তু চৌৰীচৌৰাত এই আন্দোলনে হিংসাত্মক ৰূপ পৰিগ্ৰহণ কৰাত মহাত্মা গান্ধীয়ে এই আন্দোলন স্থগিত ঘোষণা কৰে।

৩। কোন চনৰ পৰা আইন অমান্য আন্দোলনৰ সূচনা কৰা হৈছিল? ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত আইন অমান্য আন্দোলনৰ ভূমিকা উল্লেখ কৰা।

উত্তৰ: ১৯২৯ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ লাহোৰ অধিবেশনত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত দেশখনৰ বাবে পূর্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সেই মর্মে ১৯৩০ চনৰ মাৰ্চ মাহত আনুষ্ঠানিকভাবে আইন অমান্য আন্দোলন আৰম্ভ হয়।

পূৰ্ণ স্বাধীনতাৰ বাণীৰ দ্বাৰা অনুপ্রাণিত হৈ দেশৰ হাজাৰ হাজাৰ লোক এই আন্দোলনত জঁপিয়াই পৰে। বহু ঠাইত চৰকাৰৰ অস্তিত্ব নোহোৱা হৈ পৰে। হৰতাল, পিকেটিং, সভা, শোভাযাত্রা আদি স্বাধীনতা কর্মীসকলৰ প্রধান কাৰ্যসূচী আৰু কৰ্তব্যত পৰিণত হয়। হাজাৰ হাজাৰ লোক পুলিচী নিৰ্যাতনৰ বলি হয়। উত্তৰ-পশ্চিম সীমান্ত প্রদেশত আব্দুল গফুৰ খানৰ নেতৃত্বত লাল চোলা পৰিহিত স্বেচ্ছাসেবী দল গঢ়ি উঠে। জনসাধাৰণে কৰ-কাটল দিয়া বন্ধ কৰে। পেছোৱাৰত পুলিচে আন্দোলনকাৰীসকলৰ ওপৰত গুলি চালনা কৰে।

এইদৰে আইন অমান্য আন্দোলনে গোটেই দেশত তীব্র ৰূপ ধাৰণ কৰে। এনে অৱস্থাত ইংৰাজ চৰকাৰে আন্দোলনকাৰীসকলৰ চৰকাৰ বিৰোধী কার্যকলাপৰ বাবে ১৯৩০ চনৰ মে মাহত জৱাহৰলাল নেহৰু আৰু গান্ধীজীক গ্ৰেপ্তাৰ কৰি ফাটেকত দিয়ে। চৰকাৰৰ এনে কার্যত আন্দোলনে আকৌ তীব্র ৰূপ ধাৰণ কৰে। কিন্তু ১৯৩১ চনৰ মাৰ্চ মাহত হোৱা গান্ধী-আৰউইন চুক্তি মতে গান্ধী আৰু নেহৰুক মুক্তি দিয়ে। কংগ্রেছে দ্বিতীয় ঘূৰণীয়া মেজ মেলত অংশ গ্রহণ কৰাৰ বাবে সিদ্ধান্ত লয় আৰু আইন অমান্য আন্দোলন প্রত্যাহাৰ কবে।

৪। কি ৰাজনৈতিক পৰিস্থিতিত গান্ধী-আৰউইন চুক্তি স্বাক্ষৰ কৰা হৈছিল? চৰ্তসমূহ আলোচনা কৰা।

উত্তৰ: ১৯৩০ চনৰ আইন অমান্য আন্দোলন সর্বাত্মক ৰূপ লোৱাত ইংৰাজ চৰকাৰ বিপাঙত পৰিছিল। ইতিমধ্যে লণ্ডনত অনুষ্ঠিত প্রথম ঘূৰণীয়া মেজমেলত কংগ্রেছে যোগদান নকৰাত বৃটিছ প্রধান মন্ত্রী মেকডুনাল্ডে বুজিলে যে কংগ্রেছক মেজমেলৰ বাহিৰত ৰাখিলে কোনো ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা নাযাব। সেয়ে কংগ্ৰেছৰ লগত এটি আপোচ কৰিবলৈ চৰকাৰে সিদ্ধান্ত ললে। সেই সময়ৰ ভাৰতৰ ভাইচৰয় লর্ড আৰউইনে উত্তেজনাৰ উপশম ঘটাবলৈ ভাৰতৰ সকলোবোৰ ৰাজনৈতিক নেতাক কাৰাগাৰৰ পৰা মুক্তি দিবলৈ নিৰ্দেশ দিয়ে। ভাইচৰয় নিজেই আগভাগ লৈ গান্ধীজীৰ লগত আলোচনা আৰম্ভ কৰিলে। এই আলোচনা প্রায় পোন্ধৰ দিনমান চলাৰ পিছত ১৯৩১ চনৰ মাৰ্চ মাহত চৰকাৰ আৰু কংগ্ৰেছৰ মাজত এক চুক্তি সম্পাদন হয়। এই চুক্তিক ‘গান্ধী-আৰউইন চুক্তি’ বুলি কোৱা হয়। এই চুক্তিৰ জৰিয়তে কংগ্রেছক ঘূৰণীয়া মেজমেলত অংশীদাৰ কৰাৰ ব্যৱস্থা কৰা হয়। গান্ধী-আৰউইন চুক্তিৰ প্রধান চর্তসমূহ আছিল –

(১) অনতিপলমে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক ভিত্তি কৰি ভাৰতৰ ৰাজনৈতিক সমস্যা সমাধানৰ ব্যৱস্থা লোৱা হ’ব।

(২) ঘূৰণীয়া মেজ মেললৈ কংগ্রেছক আমন্ত্রণ জনোৱা হ’ব।

(৩) কংগ্রেছে আইন অমান্য আন্দোলন স্থগিত কৰিব।

(৪) আইনসংগতভাবে বিদেশী পণ্য আৰু মদৰ দোকানৰ বিৰুদ্ধে পিকেটিং কার্য চলিব পাৰিব।

(৫) আন্দোলনকাৰীৰ বিৰুদ্ধে দমনমূলক নিষেধাজ্ঞা প্রত্যাহাৰ কৰা হ’ব।

(৬) হিংসাত্মক কার্যত লিপ্ত নথকা কাৰাবন্ধীসকলক মোকলাই দিয়া হ’ব।

(৭১৯৩১ চনৰ মাৰ্চমাহত কৰাচীত অনুষ্ঠিত হোৱা কংগ্রেছ অধিবেশনত উক্ত চুক্তিখন কংগ্রেছে অনুমোদন জনাইছিল। ইয়াৰ পিছত আইন অমান্য আন্দোলন স্থাগিত কৰা হৈছিল। চুক্তিৰ দফা মতে গান্ধীয়ে কংগ্ৰেছৰ একমাত্র প্রতিনিধি হিচাপে দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্রহণ কৰিছিল। কিন্তু বৃটিচ চৰকাৰে ভাৰতবৰ্ষৰ বাবে উপনিবেশিক স্বায়ত্ব শাসন প্ৰৱৰ্তন কৰিবলৈ অনিচ্ছুক হোৱাত এই মেজমেল ব্যর্থ হয়। চৰকাৰে দমন নীতিৰে প্ৰজাৰ পৰা আদায় কৰা জৰিমনাসমূহ ওভতাই দিয়া হ’ব।

৫। ভাৰত ত্যাগ আন্দোলনৰ এটি বিৱৰণ দিয়া। এই আন্দোলনক কিয় বিয়াল্লিশৰ আন্দোলন বা আগষ্ট বিপ্লব কোৱা হয়।

উত্তৰ ক্ৰিপছ মিছনৰ লগত ৰাজনৈতিক আলোচনাত ব্যর্থ হোৱাত কংগ্ৰেছে ১৯৪২ চনৰ জুলাই মাহত অসহযোগৰ প্ৰস্তাৱ গ্ৰহণ কৰি বৃটিছক ভাৰত ত্যাগ কৰি স্বদেশলৈ প্রত্যাগমনৰ নির্দেশ দিয়ে। এই প্রস্তাৱক পৰিশোধিত ৰূপত ৮/৯ আগষ্টত বোম্বে কংগ্ৰেছত ‘ভাৰত ত্যাগ প্রস্তাৱ’ৰূপে গ্রহণ কৰা হয় আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত ই ‘ভাৰত ত্যাগ আন্দোলন’ নামে স্মৰণীয় হৈ আছে।

এই আন্দোলনত দেশৰ স্বাধীনতাকামী বিপুল জনতাই ঐক্যবদ্ধভাবে বৃটিছ শাসন উচ্ছেদ কৰিবলৈ দৃঢ় সংকল্প হয়। সমগ্র দেশজুৰি ভাৰত ত্যাগ আন্দোলনৰ বাণী সিঁচৰতি হৈ পৰিল। কিন্তু ইংৰাজ চৰকাৰে যুদ্ধকালীন অৱস্থাত কোনো আন্দোলন সহ্য কৰা নহ’ব বুলি ঘোষণা কৰি গান্ধী, নেহৰু, আজাদ আদি বহুতো নেতাক গ্রেপ্তাৰ কৰিলে। সমগ্র দেশ জুৰি গ্ৰেপ্তাৰ অভিযান চলিল। কংগ্রেছক বেআইনী বুলি ঘোষণা কৰিলে।

চৰকাৰৰ এনে কাৰ্যৰ প্রতিক্রিয়া হিচাপে আন্দোলন তীব্রতৰ হৈ উঠিল আৰু বহুতো ঠাইত আন্দোলনকাৰীসকলে হিংসাত্মক কার্যত লিপ্ত হয়। বহুতো পুলিচ থানা, ডাক ঘৰ, ৰেল-লাইন, টেলিগ্রাফ লাইন আদি ধ্বংস কৰা হয়। ঠায়ে ঠায়ে বৃটিছ শাসনৰ অৱসান ঘটিল আৰু জাতীয় চৰকাৰ প্ৰতিষ্ঠা হ’ল। এই আন্দোলনত ছাত্র-ছাত্রীসকলেও বিশেষ ভূমিকা গ্রহণ কৰিছিল। চৰকাৰেও সিহঁতৰ ওপৰত নানা ধৰণৰ নির্যাতন চলাইছিল। হাজৰ হাজাৰ লোক কাৰাৰুদ্ধ হৈছিল। বহুতো যুৱক চিৰদিনলৈ ঘূর্ণীয়া হৈছিল। ভাৰতৰ কমিউনিষ্ট পার্টিয়েও এই আন্দোলনত সহযোগ কৰিছিল। এই আন্দোলনৰ লগত জড়িত লোকসকলৰ লগত সুভাষ চন্দ্র বসু, ভগত সিং, জয়প্রকাশ নাৰায়ণো আছিল।

এই ভাৰত ত্যাগ আন্দোলন ১৯৪২ চনৰ আগষ্ট মাহত আৰম্ভ হৈছিল। ১৯৪২ চনৰ ক্ৰিপছ মিছনৰ আলোচনা ব্যর্থ হোৱাত ভাৰতীয় জাতীয় কংগ্ৰেছে বৃটিছক ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল। বৃটিছসকলক ভাৰত ত্যাগ কৰিবলৈ দিয়া প্রস্তাবটো ৮/৯ আগষ্ট তাৰিখে বম্বে কংগ্রেছ অধিবেশনত গ্রহণ কৰা হৈছিল বাবে এই বিয়াল্লিশৰ আন্দোলনক ‘আগষ্ট বিপ্লব’ বুলিও কোৱা হয়।

৬। ভাৰত ত্যাগ প্রস্তাৱৰ মূল লক্ষ্য সমূহ আলোচনা কৰা। কোন তাৰিখে এই প্রস্তাব গৃহীত হৈছিল?

উত্তৰ: ১৯৪২ চনত ভাৰতীয় ৰাজনৈতিক নেতাসকলৰ লগত আলোচনা কৰিবলৈ অহা ক্রিপছ মিচন ব্যর্থ হোৱাত কংগ্ৰেছে সেই চনৰ ১৪ তাৰিখে বৃটিছ ভাৰত চৰকাৰৰ সৈতে অসহযোগৰ প্ৰস্তাৱ গ্ৰহণ কৰি বৃটিছক ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ কৰে। এই প্রস্তাৱটোক পৰিশোধিত ৰূপত ৮/৯ আগষ্ট তাৰিখে বম্বে কংগ্ৰেছত ‘ভাৰত ত্যাগ’ প্রস্তাৱ গ্ৰহণ কৰা হয়। এই প্রস্তাৱৰ মূল লক্ষ্যসমূহ নির্ধাৰণ কৰা হৈছিল এনেদৰে –

(ক) এটা নির্দিষ্ট দিনত হৰতাল পালন কৰাৰ লগতে ২৪ ঘন্টীয়া অনশন আৰু উপবাস ব্রত পালন কৰা আৰু হৰতালৰ বাবে কোনো দোকানী-পোহাৰীক জুৰ-জুলুম নকৰা। লগতে হৰতালৰ দিনা সভা, শোভাযাত্রা আদি অনুষ্ঠিত কৰি সত্যাগ্রহ সম্পর্কে ব্যাখ্যা দাঙি ধৰা।

(খ) লোণ আইন ভঙ্গ কৰা।

(গ) ভূমি ৰাজহ আদায় নিদিয়া। জমিদাৰী এলেকাত জমিদাৰে আন্দোলনত অংশ গ্রহণ কৰিলে তেওঁৰ ভাগৰ ৰাজহখিনি আদায় দিয়া। কিন্তু চৰকাৰৰ অংশখিনি আদায় নিদিয়া। জমিদাৰে চৰকাৰৰ পক্ষ ললে ভূমি ৰাজহ দিয়াটো সম্পূর্ণভাবে বন্ধ কৰা।

৭। আইন অমান্য আন্দোলনত লোণক কিয় প্রতিবাদৰ প্ৰতীক হিচাপে গ্রহণ কৰা হৈছিল?

উত্তৰ: ১৯৩০ চনৰ আইন অমান্য আন্দোলনত মহাত্মা গান্ধীয়ে লোণক প্রতিবাদৰ প্ৰতীক হিচাপে গ্রহণ কৰিছিল। কাৰণ সেই সময়ত ইংৰাজ চৰকাৰে লোণ প্রস্তুত কৰা আৰু বিক্রি কৰাৰ একচেতীয়া অধিকাৰ ভোগ কৰিছিল। সাগৰৰ পানীৰ পৰা জনসাধাৰণক পোনপটীয়াকৈ লোণ তৈয়াৰ কৰিবলৈ দিয়া নহৈছিল। লোগ উৎপাদন আৰু বিক্ৰিৰ অধিকাৰ একচেতীয়াভাৱে চৰকাৰৰ হাতত থকা বাবে চৰকাৰে অধিক দামত লোণ বিক্রি কৰি জনসাধাৰণক ঠগিছিল। ইয়াৰ ফলত লোণকেন্দ্রিক গ্রাম্য উদ্যোগ ধ্বংসৰ গৰাহত পৰি বহুত লোক আর্থিক দুর্যোগত পৰিছিল। সেয়ে গান্ধীজীয়ে লোণক প্রতিবাদৰ প্ৰতীক হিচাপে গ্রহণ কৰিছিল।
এই প্রতিবাদ মর্মে গান্ধীজীয়ে ১৯৩০ চনৰ ১২ মাৰ্চৰ দিনা ৭৮ জন সংগী লগত লৈ ২০০ মাইল খোজকাঢ়ি গৈ আৰব সাগৰৰ পাৰত দাণ্ডি নামে ঠাইত গৈ নিজ হাতে লোণ সংগ্রহ কৰি চৰকাৰৰ লোণ আইন ভংগ কৰিছিল।

৮। গান্ধী-আৰউইন চুক্তিৰ মূল চৰ্তকেইটা কি আছিল? H. S. ’19

উত্তৰ: ১৯৩৫ চনৰ ৫ মার্চ তাৰিখে সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লর্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত এখন চুক্তি সম্পাদিত হয়। উক্ত চুক্তিটোৰ মূল চৰ্তকেইটা আছিল:

(ক) গান্ধীজীয়ে আইন অমান্য আন্দোলন বন্ধ কৰিব।

(খ) চৰকাৰে আন্দোলনকাৰীসকলৰ প্রতি লোৱা দমনমূলক ব্যবস্থা বন্ধ কৰিব।

(গ) আইন অমান্য আন্দোলনত চৰকাৰৰ হাতত বন্ধী হোৱা লোকসকলৰ ভিতৰত হিংসাত্মক কার্যকলাপত জড়িত থকা বন্দীসকলৰ বাদে অন্যান্য বব্দীসকলক মুক্তি দিব।

(ঘ) চৰকাৰে বাজেয়াপ্ত কৰা সম্পত্তিবোৰ পুনৰ স্বত্বাধীকাৰীসকলক ঘুৰাই দিব।

৯। মৌলনা আহমদ উল্লাহ চাহ কোন আছিল? তেওঁ ১৮৫৭ চনৰ বিদ্ৰোহত কি অবদান আগবাঢ়ইছিল?

উত্তৰ: মৌলনা আহমদ উল্লাহ আছিল এজন ইছলামী পণ্ডিত। তেওঁ উত্তৰ প্ৰদেশৰ ফৈজাবাদত জন্ম গ্রহণ কৰিছিল। তেওঁ ১৮৫৭ চনৰ চিপাহী বিদ্রোহত এক উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছিল। তেওঁৰ ব্যক্তিত্বব প্রভাৱত প্রভাৱান্বিত হৈ হাজাৰ হাজাৰ লোক তেওঁৰ অনুগামী হৈ বিদ্রোহত নামি পৰিছিল। অলপ কেইদিন মানৰ ভিতৰত তেওঁ জনপ্ৰিয় হৈ পৰে। তেওঁৰ জনপ্রিয়তা আৰু প্রভার দেখি ইংৰাজ চৰকাৰ শংকিত হৈ পৰে। ফলস্বৰূপে চৰকাৰে আহমদ উল্লাহক ফৈজাবাদত বন্ধী কৰে। কিন্তু কিছুদিন পিছত তেওঁ জেলৰ পৰা মুক্ত হৈ আকৌ সংগ্রামত জঁপিয়াই পৰে। চনিহাটৰ যুদ্ধত তেওঁ ইংৰাজৰ সেনাপতি হেনৰী লৰেঞ্চৰ বাহিনীক পৰাস্ত কৰে। চৰকাৰে তেওঁৰ মূৰৰ বাবদ ৫০,০০০ টকা পুৰস্কাৰ ঘোষণা কৰে। পুৰস্কাৰৰ লোভত পোৱেইনৰ ৰজাই তেওঁক হত্যা কৰে।

৯। জাতীয় আন্দোলনৰ প্ৰকৃতি মহাত্মা গান্ধীয়ে কি উপায়েৰে পৰিৱৰ্তন কৰিছিল? H. S. ’18

উত্তৰ: মহগাত্মা গান্ধীয়ে ১৯১৫ চনত দক্ষিণ আফ্রিকাৰ পৰা ভাৰতলৈ উভতি আহি জাতীয় কংগ্রেছ দলত যোগদান কৰে আৰু তেতিয়াৰ পৰা ভাৰতীয় জাতীয় আন্দোলনৰ প্ৰকৃতি সলনি হ’বলৈ ধৰে। ইংৰাজ চৰকাৰে ভাৰতত প্ৰৱৰ্তন কৰা ৰাওলাট আইন, জালিবানৱালাবাগৰ হত্যাকাণ্ড, তুৰস্ক সমস্যা আদিৰ প্রতিবাদ স্বৰূপে ১৯২০ চনৰ ১ আগষ্টত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ হয়। সেই বছৰতে চেপ্তেম্বৰ মাহত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বিশেষ অধিবেশনত খিলাফটৰ সমর্থনত চৰকাৰৰ সৈতে অসহযোগৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। গতিকে গান্ধীজীৰ নেতৃত্বত কংগ্ৰেছ আৰু কেন্দ্রীয় খিলাফট সমিতিৰ যুটীয়া উদ্যোগত ভাৰতবৰ্ষত পোন প্রথমতে ব্রিটিছ বিৰোধী গণ আন্দোলনৰ সূচনা হয়।
ভাৰতবৰ্ষৰ প্ৰায় সকলোবোৰ শ্ৰেণীৰ লোকে এই অসহযোগ আন্দোলনৰ প্রতি সহাঁৰি জনায়।

মতিলাল নেহৰু, চিত্তৰঞ্জন দাস, জৱাহৰলাল নেহৰু, লালা লাজপত ৰায়, ভল্লব ভাই পেটেল, ৰাজেন্দ্র প্রসাদ আদি গণ্যমান্য লোকে নিজ নিজ ব্যবসায় এবি এই আন্দোলনত জঁপিয়াই পৰে। সমান্তৰালভাৱে দেশৰ বিভিন্ন ঠাইত আন্দোলন সফল কৰি তোলাৰ বাবে কিছুমান শাখা সংগঠন কৰা হয়। ছাত্র-ছাত্রীসকলে বিদ্যালয় বৰ্জন কৰি পিকেটিং, মাদকদ্রব্য নিবাৰণ আদি কাৰ্যত অংশ গ্রহণ কৰে। ইতিমধ্যে অনুষ্ঠিত হোৱা নিৰ্বাচনত কংগ্রেছে অংশ গ্ৰহণৰ পৰা বিৰত থাকে। ১৯২১ চনৰ বৃটিছ যুৱৰাজৰ ভাৰত ভ্ৰমণ কার্য দেশবাসীয়ে সম্পূর্ণভাবে বর্জন কৰে। এইদৰে গান্ধীজীৰ নেতৃত্বত জাতীয় আন্দোলন গোটেই দেশতে সিঁচৰিত হৈ পৰে আৰু অৱশেষত ইংৰাজসকলে ১৯৪৭ চনত ভাৰতবৰ্ষক স্বাধীনতা প্রদান কৰে।

৯। অযোধ্য ৰাজ্যখন বৃটিছ সাম্রাজ্যত চামিলকৰণে তাৰ তালুকদাৰসকলক কেনেকৈ ক্ষতিগ্রস্ত কৰিছিল? H. S. ’19

উত্তৰ: ১৮৫৬ চনত অযোধ্যাৰ শাসকে ৰাজ্যখন শাসন কৰাত অপৰাগ বুলি বৃটিছ চৰকাৰে অভিযোগ তুলি অযোধ্য ৰাজ্যখন ইংৰাজ সাম্ৰাজ্যৰ অন্তর্ভুক্ত কৰে। ইয়াৰ ফলত জমিদাৰ অৰ্থাৎ তালুকদাৰসকল যথেষ্ট ক্ষতিগ্রস্ত হৈছিল। সিহঁতে নিজৰ অধীনত থকা ভূমিৰ মালিকীস্বত্ব এৰি দিব লাগিছিল। সিহঁতৰ প্রভার নাইকীয়া কৰাৰ উদ্দেশ্যে সিহঁতৰ দুৰ্গবোৰ ধ্বংস কৰা হৈছিল। কৃষি গাওঁবোৰৰ ওপৰত থকা সিহঁতৰ নিয়ন্ত্রণ নাইকীয়া হৈছিল। সিহঁতে কোনো ধৰণৰ ৰাজহ সংগ্ৰহ কৰিব পৰা নাছিল। ফলত সিহঁত আর্থিক সংকটত পৰিছিল। ইয়াৰ প্ৰভাৱ জনসাধাৰণৰ ওপৰতো পৰিছিল। ইংৰাজ চৰকাৰে প্ৰপ্রজা সাধাৰণৰ ওপৰত ধাৰ্য কৰা কৰৰ পৰিমণ বৃদ্ধি কৰিছিল।

(ঘ) চমু টোকা লিখাঃ

(ক) গ্রাম্যস্বৰাজ

(খ) জেনেৰেল ৰেজিনেল্ড দায়েৰ

(গ) জালিবানবালাবাগৰ নৰ সংহাৰ

(ঘ) চৌৰীচৌৰাৰ হিংসাত্মক ঘটনা

(ঙ) লোণ আইন ভঙ্গ

(চ) আজাদ হিন্দ ফৌজ।

উত্তৰ: (ক) গ্রাম্য স্বৰাজ আক্ষৰিক অৰ্থত ‘গ্রাম্য স্বৰাজ’ মানে গাওঁৰ স্বাধীনতা। মহাত্মা গান্ধীয়ে ‘গ্রাম্য স্বৰাজ’ শব্দদ্বয়ৰ দ্বাৰা প্ৰাচীন ভাৰতীয় গাঁৱলীয়া সমাজৰ পৰম্পৰাগত বৈশিষ্ট্য পুনৰুদ্ধাৰৰ বাবে কৰা এক অভিযান বা আঁচনি বুলি ক’ব পাৰি। ভাৰতবৰ্ষ এখন বিশাল দেশ। স্বাধীনতাৰ পূৰ্বে ভাৰতৰ ৮৫ শতাংশ লোক গাওঁত বাস কৰিছিল। গাঁৱত বাস কৰা সৰহভাগ লোকেই আছিল কৃষিজীরি। সিহঁত অর্থনৈতিকভাবে স্বনিৰ্ভৰশীল আছিল। সেই সময়ছোৱাত গাওঁসমূহত কোনো ধৰণৰ দ্বন্দ্ব-খৰিয়াল, মেল-মোকদমা, আইন-আদালত আদি নাছিল। গাওঁ এখনৰ শাসন প্রণালী গাওঁসভা তথা পঞ্চায়তে নির্ধাৰণ কৰিছিল। গতিকে গাওঁৰ মানুহে সেই সময়ত প্রকৃত স্বৰাজ অর্থাৎ স্বাধীনতা উপভোগ কৰিছিল বুলি ক’ব পাৰি।
কিন্তু ভাৰতত বৃটিছ উপনিবেশবাদৰ আৰম্ভণিৰ লগে লগে গাওঁৰ অৱস্থাৰ পৰিবৰ্তন আৰম্ভ হয়। গাওঁবোৰে ক্রমান্বয়ে স্বকীয়তা হেৰুৱালে। অর্থনৈতিক অবস্থাৰ পৰিৱৰ্তন হ’ল। অর্থনৈতিক অনাটনে দেখা দিলে। অর্থাৎ সকলো দিশৰ পৰা নিশকতীয়া হ’বলৈ আৰম্ভ কৰিলে। ইংৰাজসকলৰ শোষণ আৰু শাসন নীতিৰ ফলত বিংশ শতাব্দীৰ আৰম্ভণিত গাওঁৰ স্বতন্ত্রতা আৰু ঐতিহ্য নিঃশেষ হৈ যায়। এক কথাত গাওঁবোৰে পৰম্পৰাগত গৌৰৱ হেৰুৱাই পেলাই পৰমুখাপেক্ষী হৈ পৰে।

মহাত্মা গান্ধীয়ে গাওঁসমূহৰ পূৰ্বৰ উৎপাদন পদ্ধতি, শাসন ব্যৱস্থা আৰু বিচাৰ ব্যৱস্থাৰ পুনৰুদ্ধাৰৰ বাবে ‘গ্রাম্য স্বৰাজ’ৰ তত্ত্ব প্ৰচাৰ কৰিছিল। ভাৰতত গ্রাম্য স্বৰাজ প্রতিষ্ঠা কৰিব পাৰিলে দেশখনে স্বৰাজ (স্বাধীনতা) লাভ কৰিবলৈ সহজসাধ্য হ’ব বুলি মহাত্মা গান্ধীয়ে উপলব্ধি কৰিছিল। সেয়ে গান্ধীজীয়ে যতৰত সূতা কটা, কাপোৰ বোৱা, কুটিৰ শিল্প, হস্ত শিল্প আদি পুনৰুজ্জীৱিত কৰাত গুৰুত্ব দিছিল। গ্রাম্য স্বৰাজ মহাত্মা গান্ধীৰ ৰাজনৈতিক আন্দোলনৰ এক প্রধান কাৰ্যসূচীত পৰিণত হৈছিল। পঞ্চায়তৰ যোগেদি গ্রাম্য স্বৰাজ প্রতিষ্ঠা হ’ব পাৰে বুলি গান্ধীজীয়ে সপোন দেখিছিল।

(খ) জেনেৰেল ৰেজিনেল্ড দায়েৰ: জেনেৰেল ৰেজিনেল্ড দায়েৰ বৃটিছ ভাৰতৰ এজন সামৰিক বিষয়া আছিল। ১৯১৯ চনত বৃটিছ চৰকাৰে ভাৰতবৰ্ষত বলবৎ কৰা কুখ্যাত ‘ৰাওলাট আইন’ৰ বিৰুদ্ধে প্রতিবাদ আৰম্ভ হৈছিল। এই আইনৰ প্ৰতিবাদত ১৯১৯ চনৰ ১৩ এপ্রিল তাৰিখে পঞ্জাৱৰ জালিৱানৱালাবাগত প্রায় বিশ হাজাৰ লোক প্রতিবাদী কার্যসূচীত সমবেত হৈছিল। সেই সমাবেশত বৃটিচ চৰকাৰ অসন্তুষ্ট হৈ পঞ্জাৱবৰ অমৃতস্বৰৰ শাসনভাৰ জেনেৰেল দায়াৰৰ হাতত অর্পণ কৰে। সেই সমাবেশ স্থল ওখ দেৱালেৰে পৰিবেষ্টিত আছিল। তাত মাথো ওলোৱা সোমোৱা এটা গেটহে আছিল। জেনেৰেল দায়াৰে লগত ১৫০ জনমান সৈনিক লৈ সেই একমাত্র গেটটোত অবস্থান কৰি নিৰস্ত্ৰ জনসাধাৰণৰ ওপৰত গুলি চালনাৰ নিৰ্দেশ দিয়ে। গুলি চলানা কার্য প্রায় এঘন্টা সময় জুৰি চলে। পৰিণামস্বৰূপে পুৰুষ-মহিলা আৰু শিশুকে ধৰি ৩৭৯ জন লোকৰ থিতাতে মৃত্যু হয় আৰু বহুতো লোক চিৰদিনলৈ ঘূণীয়া হয়।

(গ) জালিবানবালাবাগৰ নৰ সংহাৰ ওপৰৰ (খ) জেনেৰেল ৰেজিনেল্ড দায়েৰ চোৱা।

(ঘ) চৌৰীচৌৰাৰ হিংসাত্মক ঘটনা: মহাত্মা গান্ধীয়ে ইংৰাজ চৰকাৰে ভাৰতত প্ৰৱৰ্তন কৰা ৰাওলাট আইন, জালিবানবালাবাগৰ হত্যাকাণ্ড, তুৰস্ক সমস্যা আদিৰ প্রতিবাদ স্বৰূপে ১৯২০ চনৰ ১ আগষ্ট তাৰিখে অসহযোগ আন্দোলন আৰম্ভ কৰে। ভাৰতবৰ্ষৰ প্ৰায় সকলো শ্ৰেণীৰ লোকে এই অসহযোগ আন্দোলনৰ প্রতি সহাঁৰি জনায়। মতিলাল নেহৰু, চিত্তৰঞ্জন দাস, জৱাহৰলাল নেহৰু, লালা লাজপত ৰায়, বল্লব ভাই পেটেল, বাজেন্দ্র প্রসাদ আদি গণ্যমান্য লোকে নিজ নিজ ব্যৱসায় এৰি এই আন্দোলনত অংশ গ্রহণ কৰে।

ইংৰাজ চৰকাৰে এই অসহযোগ আন্দোলন দমন কৰাৰ কাৰণে কঠোৰ ব্যবস্থা গ্রহণ কৰে। আক্রমণকাৰীসকলক গ্ৰেপ্তাৰ কৰা হয়। এইদৰে গান্ধীজীৰ নেতৃত্বত অসহযোগ আন্দোলন গোটেই দেশতে সিঁচৰতি হৈ পৰে। সমানে সমানে পুলিচৰ নির্যাতনো চলি থাকে।
১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত পুলিচৰ নিৰ্যাতনত অতিষ্ঠ হৈ উত্তৰ প্ৰদেশৰ চৌৰীচৌৰাৰ কৃষকসকলে এটা পুলিচ চকী জ্বলাই দিয়ে। সেই পুলিচ চকীটোত জামাদাৰ আৰু দাৰোগাসহ প্রায় ২২ জন মান পুলিচ কর্মী অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে। চৌৰিচৌৰাৰ এনে হিংসাত্মক ঘটনাৰ খবৰ পাই মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন স্থগিত কৰে।

(চ) আজাদ হিন্দ ফৌজ: ভাৰতৰ স্বাধীনতা যুদ্ধত এক গুরুত্বপূর্ণ ভূমিকা লোৱা এটি সামৰিক বিপ্লবী বাহিনীৰ নাম আছিল ‘আজাদ হিন্দ ফৌজ’। কেপ্তেইন সোহান সিং আছিল ‘আজাদ হিন্দ’ নামৰ ফৌজটোৰ জন্মদাতা। তেওঁ পূর্বতে বৃটিছ-ভাৰত সেনা বাহিনীৰ এজন কেপ্তেইন আছিল। ১৯৪১ চনৰ ডিচেম্বৰ মাহত জাপানে বৃটিছ শাসনাধীন মালয় আক্রমণ কৰি বৃটিছ বাহিনীক পৰাভূত কৰে। তেতিয়া কেপ্তেইন সোহান সিঙৰ সৈতে এটি ক্ষুদ্র সামৰিক দলে পলায়ন কৰে যদিও পিছত তেওঁলোকে জাপানী সৈনিকৰ ওচৰত আত্মসমর্পণ কৰে। এইজন সোহান সিঙে জাপানী সৈনিকসকলৰ পৰামৰ্শ মতে যুদ্ধ-বন্দী ভাৰতীয় সৈনিকসকলক লৈ এটি বৃটিছ বিৰোধী সেনাবাহিনী গঠন কৰে। এইদৰে গঠিত সেনাবাহিনীটোক ‘আজাদ হিন্দ ফৌজ’ বুলি নামাকৰণ কৰা হৈছিল। এই ফৌজটোৰ প্রধান উদ্দেশ্য আছিল জাপানীসকলৰ সহযোগত ব্রিটিছক ভাৰতৰ পৰা খেদি ভাৰতবৰ্ষৰ্ষক স্বাধীন কৰা। পৰৱৰ্তী সময়ত যুদ্ধ বন্দীসকলৰ উপৰিও সাধাৰণ নাগৰিকেও আজাদ হিন্দ ফৌজত যোগদান কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অংশীদাৰ হৈছিল।

পিছলৈ সুভাষ চন্দ্র বসু এই আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক হৈ আজাদ হিন্দ ফৌজৰ সৈনিকসকলক লৈ ভাৰতবৰ্ষৰ পিনে অগ্ৰসৰ হৈ ১৯৪৪ চনৰ মাৰ্চ মাহত দেশৰ প্রায় ১৫০ কিলোমিটাৰ অভ্যন্তৰলৈ সোমাই আহিছিল। এইদৰে দেশৰ স্বাধীনতা সংগ্রামত আজাদ হিন্দ ফৌজৰ প্রায় ৪,০০০ সৈনিকে প্রাণ আহুতি দিছিল। কিন্তু এনে সময়তে যুদ্ধৰ গতিধাৰা মিত্র শক্তিৰ অনুকূলে যোৱাত আজাদ হিন্দ ফৌজৰ ভাৰত যাত্রা স্তব্ধ হৈ পৰে। যি কি নহওক, সাময়িকভাৱে হ’লেও আজাদ হিন্দ ফৌজে দেশৰ স্বাধীনতা আন্দোলনৰ অগ্রগতিত বিশেষ অৰিহণা যোগাইছিল।

১০। ৰাওলাট আইন কি আছিল? H. S. ’15

উত্তৰ: প্রথম বিশ্ব যুদ্ধ চলি থকা সময়ত বৃটিছ চৰকাৰে দেশৰ আভ্যন্তৰীণ শান্তি-শৃঙ্খলা বজাই ৰখাৰ কাৰণে ‘ভাৰত প্ৰতিৰক্ষা আইন’ নামৰ এখন আইন প্রণয়ন কৰে। এই আইনখন বিশ্ব যুদ্ধ চলি থকা কালতছোৱাৰ সময়ছোৱাত প্রয়োগ হ’ব আৰু যুদ্ধ শেষ হ’লে এই আইনখনো বাতিল হ’ব বুলি ইংৰাজ চৰকাৰে কৈছিল। ইয়াৰ বাবে চৰকাৰে ছাৰ চিডনি ৰাওলাটৰ সভাপতিত্বত এখন কমিটি গঠন কৰিছিল।

সেই সময়ত দেশত সন্ত্রাসী কার্যকলাপ চলি আছিল। সেয়ে ৰাওলাট চাহাবে বাতৰি কাকতৰ স্বাধীনতা হ্রাস কৰা আৰু বিনা কৈফিয়তত মানুহক আটক কৰিবলৈ চৰকাৰক পৰামৰ্শ দিয়ে। এই পৰামৰ্শৰ ভিত্তিত কেন্দ্রীয় বিধান পৰিষদত দুখন বিল উত্থাপিত হয় আৰু পাছ হয়। এই বিলক ‘ৰাওলাট আইন’ বুলি কোৱা হয়। ১৯১৯ চনত ভাৰতত বৃটিছ চৰকাৰে ৰাউলাট আইন প্রয়োগ কৰে। এই আইন প্রয়োগৰ ফলত ভাৰতীয়সকলৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ কাৰণ

(ক) এই আইনৰ জৰিয়তে চৰকাৰে সন্দেহযুক্ত লোকক বিনা কাৰণত আটক কৰিব পাৰিছিল।

(খ) এই আইনে বাতৰি কাকতৰ স্বাধীনতা হৰণ কৰিছিল।

১১। গান্ধীজীক জনগণৰ নেতা হিচাপে কিয় গণ্য কৰা হৈছিল, আলোচনা কৰা। H. S. ’16

উত্তৰ: মহাত্মা গান্ধী এজন উদাৰমনৰ মানৱতাবাদী নেতা আছিল। দক্ষিণ আফ্রিকাত থকা সময়ছোৱাতে তেওঁ তাত চলি থকা বৰ্ণবাদৰ বিৰোদ্ধে আন্দোলন চলাই সফলতা লাভ কৰে আৰু জনপ্রিয়তা লাভ কৰে। ১৯১৫ চনত তেওঁ ভাৰতলৈ উভতি আহে আৰু কংগ্ৰেছ দলত যোগ দি ইংৰাজৰ শাসনৰ বিৰুদ্ধে এলানি আন্দোলন পৰিচালনা কৰে। ইয়াৰ উপৰিও চম্পাৰণত হোৱা কৃষক আৰু জমিদাৰসকলৰ মাজত হোৱা সংঘাতৰ এক সুমীমাংসা কৰি মহাত্মা গান্ধী জনসাধাৰণৰ দৃষ্টিত এজন মহান নেতা বুলি প্রতীয়মান হয়। মহাত্মা গান্ধীৰ নেতৃত্বতে ভাৰতবৰ্ষই ১৯৪৭ চনত ইংৰাজৰ কৱলৰ পৰা স্বাধীনতা লাভ কৰে।

ইয়াৰ উপৰিও মহাত্মা গান্ধীয়ে গাওঁসমূহৰ পূৰ্বৰ উৎপাদন পদ্ধতি, শাসন ব্যবস্থা আৰু বিচাৰ ব্যৱস্থাৰ পুনৰুদ্ধাৰৰ বাবে ‘গ্রাম্য স্বৰাজ’ৰ তত্ত্ব প্ৰচাৰ কৰিছিল। গান্ধীজীয়ে যতৰত সূতা কটা, কাপোৰ বোৱা, কুটিৰ শিল্প, হস্ত শিল্প আদি পুনৰুজ্জীৱিত কৰাত গুৰুত্ব দিছিল। গ্রাম্য স্বৰাজ মহাত্মা গান্ধীৰ ৰাজনৈতিক আন্দোলনৰ এক প্রধান কার্যসূচীত পৰিণত হৈছিল। পঞ্চায়তৰ যোগেদি গ্রাম্য স্বৰাজ প্রতিষ্ঠা হ’ব পাৰে বুলি গান্ধীজীয়ে সপোন দেখিছিল। এইদৰে ইংৰাজ শাসন বিৰোধী নেতা হোৱাৰ লগতে মহাত্মা গান্ধীৰ সমাজ সংস্কাৰমূলক আৰু জনতিহতকৰ কামকাজৰ বাবে তেওঁ জনগণৰ এজন প্রিয় নেতা হৈছিল।

১২। মহাত্মা গান্ধীয়ে হিন্দুস্থানী ভাৰতৰ জাতীয় ভাষা হ’ব লাগে বুলি কিয় বিবেচনা কৰিছিল? H. S. ’17

নাইবা

ৰাষ্ট্ৰীয় ভাষা সম্পর্কে মহাত্মা গান্ধীৰ দৃষ্টিভংগী কেনেধৰণৰ আছিল? H. S. ’20

উত্তৰঃ গোটেই ভাৰতবৰ্ষৰ মানুহৰ বাবে এক উমৈহতীয়া ভাষা হিচাপে মহাত্মা গান্ধীয়ে হিন্দুস্থানী ভাৰতৰ জাতীয় ভাষা হ’ব লাগে বুলি বিবেচনা কৰিছিল। ইয়াৰ কাৰণ-

(ক) হিন্দুস্থানী অর্থাৎ হিন্দী ভাষাটো ভাৰতীয় অন্যন্য বহুতো ভাষাৰ লগত মিল আছে। বহুতো লোকে, যিসকলৰ মাতৃভাষা হিন্দী নহয়, সিহঁতেও এই ভাষাটো কম-বেছি বুজিব পাৰে আৰু অতি সহজেই আয়ত্ব কৰিব পাৰে।

(খ) হিন্দীৰ লগত অন্যন্য বহুতো ভাৰতীয় ভাষাৰ লগত মিল থকাৰ উপৰিও হিন্দী আৰু উর্দু ভাষাৰ মাজত বিস্তৰ মিল আছে। ভাৰতবৰ্ষক হিন্দী আৰু উর্দু ভাষাৰ লোকৰ সংখ্যা তুলনামূলকভাবে বেছি। সেয়ে মহাত্মা গান্ধীয়ে হিন্দুস্থানী ভাষাক ভাৰতৰ জাতীয় ভাষা হ’ব লাগে বুলি বিবেচনা কৰিছিল।

১৩। চিৰস্থায়ী বন্দোৱস্ত কি আছিল? জমিদাৰসকল নিৰ্ধাৰিত খাজনা জমা দিয়াত কিয় ব্যর্থ হৈছিল? H. S. ’17

উত্তৰ: ভাৰতত ইষ্ট ইন্ডিয়া কোম্পানীৰ গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিছে ভূমি ৰাজহ বৃদ্ধিৰ বাবে বংগদেশত ‘চিৰস্থায়ী বন্দোবস্ত’ প্ৰৱৰ্তন কৰে।
চিৰস্থায়ী বন্দোবস্তুৰ ফলত ভূমি ৰাজহ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল। ইয়াৰ প্ৰভাৱ প্রত্যক্ষভাবে প্রজাসাধাৰণৰ ওপৰত পৰিছিল। উচ্চ হাৰত ৰাজহ আদায় দিব নোৱাৰাত জমিদাৰসকলে প্রজা সাধাৰণৰ ওপৰত অত্যাচৰো কৰিছিল। নির্দিষ্ট সময়ৰ ভিতৰত ৰাজহ আদায় দিব নোৱাৰা জমিদাৰী চৰকাৰে নিলামত দিছিল। উদাহৰণস্বৰূপে বংগৰ বর্ধমান জিলাৰ বহুতো জমিদাৰে চৰকাৰক ৰাজহ আদায় দিব নোৱাৰাত চৰকাৰে জমিদাৰী কাঢ়ি নিলামত বিক্রী কৰিছিল। অষ্টাদশ শতিকাৰ শেষৰ ফালে প্রায় ৭৫% জমিদাৰে জমিদাৰী হেৰুৱাইছিল।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×