এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ ভাৰত বিভাজন মৌখিক সমল Class 12 History Chapter 15 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
ভাৰত বিভাজন মৌখিক সমল Class 12 History Chapter 15 Solutions
ভাৰত বিভাজন মৌখিক সমল
পঞ্চদশ অধ্যায়
ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক- ১)
১। ১৮৫৭ চনলৈকে বৃটিছে কোন সম্প্ৰদায়ৰ পক্ষ লৈ ভাৰত শাসন কৰিছিল?
উত্তৰ: হিন্দু সম্প্ৰদায়ৰ।
২। ভাৰতবৰ্ষক দুর্বল কৰি ৰাখি শাসন কৰি যাবলৈ বৃটিছে কি নীতি গ্রহণ কৰিছিল।
উত্তৰ: হিন্দু আৰু মুছলমান সম্প্রদায়ৰ মাজত ‘বিভাজন আৰু শাসন নীতি’ গ্রহণ কৰিছিল।
৩। পাকিস্থান আঁচনি কোনে প্রথমে প্রস্তুত কৰিছিল?
উত্তৰ : ৰহমৎ আলিয়ে (কেম্ব্রিজ বিশ্ববিদ্যালয়ত পঢ়ি থকা অবস্থাত)।
৪। প্রত্যক্ষ সংগ্ৰামৰ প্ৰস্তাৱ কোন চনৰ কোন তাৰিখে লোৱা হৈছিল?
উত্তৰ: ১৯৪৬ চনৰ ১৬ আগষ্ট তাৰিখে।
৫। বিভাজন কৰি হ’লেও ভাৰত ত্যাগ ঘোষণা ইংলণ্ডৰ কোনজন প্রধান মন্ত্রীয়ে কৰিছিল।
উত্তৰ: ইংলণ্ডৰ শ্রমিক দলৰ পৰা নির্বাচিত হোৱা প্রধানমন্ত্রী লর্ড এটলিয়ে।
৬। বিভাজনৰ সময়ত আজিৰ বাংলাদেশৰ নাম কি আছিল?
উত্তৰ: পূর্ববংগ।
৭। বিভাজনৰ কালৰ অভিজ্ঞতাৰে লিখা এখন উপন্যাসৰ নাম লিখা।
উত্তৰ: খুচৱন্ত সিঙৰ Train to Pakistan
৮। গান্ধীজীৰ আদৰ্শৰে অনুপ্রাণিত হৈ প্ৰব্ৰজনকাৰীক সকলো প্ৰকাৰে সহায় কৰা হিমাচল প্রদেশৰ চিকিৎসকজনৰ নাম লিখা।
উত্তৰ: খুশাদউ সিং।
৯। ভাৰত বিভাজনৰ ইতিহাসৰ কেইবিধমান মৌখিক সমল উল্লেখ কৰা।
উত্তৰ ডায়েৰী, স্মৰণিকা, মৌখিক সাহিত্য, লিখিত টোকা, বংশাবলী আদি।
১০। শিখসকলে কিয় ভাৰত বিভাজন বিচাৰিছিল?
উত্তৰ: শিখসকলে ভাবিছিল যে সিহঁতৰ পঞ্জাব প্রদেশত এটা সময়ত মুছমান সংখ্যাগৰিষ্ঠ হৈ শিখসকলক ৰাজনৈতিকভাবে দুর্বল কৰি তুলিব।
১১। ১৯৩৫ চনৰ আইনৰ আধাৰত কেতিয়া প্রথমবাৰৰ বাবে বিধান পৰিষদৰ নির্বাচন অনুষ্ঠিত হয়?
উত্তৰ: ১৯৩৭ চনত।
১২। ‘হিন্দু মহাসভা’ কেতিয়া গঠন কৰা হয়?
উত্তৰ: ১৯১৫ চনত।
১৩। কেবিনেট মিছন কেতিয়া ভাৰতলৈ আহে।
উত্তৰ: ১৯৪৬ চনত।
১৪। বৃটিছ প্রধানমন্ত্রী এটলিয়ে বিভাজন কৰি হ’লেও বৃটিছৰ ভাৰত ত্যাগৰ কথা কেতিয়া ঘোষণা কৰে?
উত্তৰ: ১৯৪৭ চনৰ ৩ জুন তাৰিখে।
১৫। ভাৰত বিভাজনৰ সময়ত পূর্ববংগৰ কোনখন ঠাইত সাম্প্রদায়িক সংঘর্ষই তীব্ৰ ৰূপ ধাৰণ কৰিছিল?
উত্তৰ: নোৱাখালিত।
১৬। কোনে গান্ধীজীৰ দিল্লী ভ্রমণক দীঘলীয়া গ্রীষ্মকালৰ প্ৰখৰ ৰ’দৰ পিছত অহা এজাক শান্তিদায়ী বৰষুণৰ লগত তুলনা কৰিছিল?
উত্তৰ দিল্লীৰ আহমেদ দেহলাৰীয়ে।
১৭। ভাৰতৰ বিভাজনৰ ঘটনাক লৈ আটিয়া হুছেইনে ৰচনা কৰা এটি উপন্যাসৰ নাম লিখা।
উত্তৰ: Sunlight on the Broken Column.
১৮। ৰাৱালপিণ্ডৰ কিছুমান তিৰোতাই ভাৰত বিভাজনৰ সময়ত উদ্ভব হোবা সাম্প্রদায়িক সংঘৰ্ষৰ পৰা নিজৰ মান-সন্মান ৰক্ষাৰ্থে কি কৰিছিল।
উত্তৰ: ৯০ জন তিৰোতাই কুঁৱাত জপিয়াই পৰি আত্মহত্যা কৰিছিল।
১৯। বৃটিছ চৰকাৰে কোন চনত পৃথক ভোটাধিকাৰ প্ৰবৰ্তন কবে?
উত্তৰ: ১৯০৯ চনত।
২০। ‘শুদ্ধি আন্দোলন’ বুলিলে কি বুজা?
উত্তৰ: ১৯২০ আৰু ১৯৩০ ৰ দহকত আর্য সমাজে ইছলাম ধর্মত দীক্ষিত হোৱা হিন্দুসকলক ঘূৰাই অনাৰ বাবে যি আন্দোলন কৰিছিল, তাকে ‘শুদ্ধি আন্দোলন’ বুলি কোৱা হয়।
২১। ‘সাম্প্রদায়িকতা’ মানে কি? H. S. ’17
উত্তৰ: ‘সাম্প্রদায়িকতা’ মানে এনে এক ৰাজনীতি য’ত এক ধৰ্মক কেন্দ্ৰ কৰি এটা সম্প্রদায়ে আন এক ধর্মীয় সম্প্রদায়ৰ প্ৰতি ঐক্যবদ্ধ হৈ বিৰোধিতা কৰে।
২২। ইতিহাস পুনৰ নিৰ্মাণৰ বাবে পেলনীয়া বস্তুক দৰকাৰী সমল বুলি গণ্য কৰাৰ দুটা কাৰণ দর্শোৱা। H. S. ’16
উত্তৰ: ইতিহাস পুনৰ নিৰ্মাণৰ বাবে পেলনীয়া বস্তুক দৰকাৰী সমল বুলি গণ্য কৰাৰ দুটা কাৰণ
হ’ল-
(ক) অতীতৰ বহুতো ঘটনাৰ জানিব পাৰি।
(খ) অতীত মানুহৰ সভ্যতা সংস্কৃতি সম্পৰ্কে ধাৰণা কৰিব পাৰি।
খ. চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক- ২)
১। সময়ৰ ক্ৰম অনুসৰি ভাৰত বিভাজনৰ মূল কথাখিনি সজোৱা?
উত্তৰ: ১৯০৬ চনত ভাৰতত বাস কৰি থকা মুছলমানসকলৰ স্বাৰ্থ ৰক্ষাৰ্থে মহম্মদ আলি, চৌকত আলি আদি কেইজনমান ব্যক্তিয়ে ‘মুছলিম লীগ’ গঠন কৰে। এই লীগটোৰ প্ৰধান লক্ষ্য আছিল মুছলমানসকলৰ বাবে এখন পৃথক ৰাষ্ট্ৰৰ সৃষ্টি কৰা। ১৯১৯ চনত মুছলিম লীগে খিলাফৎ আন্দোলনৰ জৰিয়তে সিহঁতৰ স্থিতি সবল কৰে। ১৯৩৩ চনত কেম্ব্রিজ বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাত ৰহমৎ আলি নামৰ এজন ছাত্রই পাকিস্থান নামৰ এখন মুছলিম ৰাষ্ট্ৰৰ আঁচনি প্রস্তুত কৰে। ১৯৩৭ চনত বিধান পৰিষদৰ নির্বাচনত মুছমিল লীগে অংশ গ্রহণ কৰি কেইবাখনো আসন লাভ কৰি প্রাদেশিক চৰকাৰ গঠন কৰে। মুছলিম লীগে ১৯৪৬ চনত ২৯ জুলাই তাৰিখে পাকিস্থানৰ হকে ‘প্রত্যক্ষ সংগ্রাম’ দিৱস পালন কৰে। অৱশেষত ১৯৪৭ চনত ১৪ আগষ্টৰ দিনা পাকিস্থান আৰু ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰত নামৰ দুখন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হয়।
২। ভাৰত দ্বিখণ্ডিত হোৱাৰ বাবে বৃটিছ চৰকাৰ কিমান দূৰ দায়ী আছিল?
উত্তৰ: ভাৰত বিভাজনৰ বাবে বৃটিছ চৰকাৰ বহু পৰিমাণে দায়ী আছিল। ১৮৫৭ চনলৈকে ইংৰাজ চৰকাৰ ভাৰতীয় হিন্দুসকলৰ পক্ষ লৈ ভাৰত শাসন কৰিছিল। কিন্তু চিপাহী বিদ্রোহৰ সময়ত হিন্দু আৰু মুছলমানৰ মাজত সাম্প্রদায়িক সম্প্রীতি লক্ষ্য কৰি ইংৰাজ চৰকাৰ চিন্তিত হৈ পৰিছিল। সেয়ে তেতিয়াৰ পৰা ইংৰাজ চৰকাৰে প্রায় প্রকাশ্য ভাবেই মুছলমানসকলৰ পক্ষ লৈ কিছুমান মুছলমান নেতাক পৃথক ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিবলৈ প্ৰৰোচিৰত কৰিছিল। ইতিমধ্যে মহম্মদ আলি জিন্নাই ‘দ্বি জাতীয় তত্ত্ব’ৰ সূত্র দাঙি ধৰে। ১৯৪০ চনত মুছলমানসকলৰ পাকিস্থান ৰাষ্ট্ৰৰ দাবীয়ে আনুষ্ঠানিক রূপ পায়। অবশেষত ১৯৪৭ চনৰ ১৪ আৰু ১৫ আগষ্টৰ দিনা বৃটিছৰ পৃষ্ঠপোষকতাত যথাক্রমে পাকিস্থান আৰু ভাৰত নামৰ দুখন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হয়।
৩। ১৯৪০ চনৰ প্রস্তাবত মুছলিম লীগে কি দাবী কৰিছিল?
উত্তৰ: ১৯৪০ চনৰ প্ৰস্তাৱত মুছলি লীগে আনুষ্ঠানিকভাবে পাকিস্থান নামৰ এখন স্বতন্ত্র মুছলমান ৰাষ্ট্ৰৰ প্রস্তাব উত্থাপন কৰিছিল। তেওঁলোকে প্রস্তাবত কৈছিল যে ভবিষ্যতত সাংবিধানিক সমস্যাৰ পৰা হাত সাৰিবৰ একমাত্র উপায় হ’ল ভাৰতবৰ্ষখনক দ্বিখণ্ডিত কৰা। পৰোক্ষভাৱে ক্রিপছ মিছনেও মুছলমানসকলৰ এই দাবী সমর্থন কৰিছিল।
গ. বহলাই উত্তৰ দিয়া: (প্রত্যেকটোৰ মূল্যাংক- ৪। ৬)
১। ভাৰত বিভাজনৰ ইতিহাস ৰচনাত মৌখিক সমলে কেনেদৰে সহায় কৰে? H. S. ’17
উত্তৰ: ভাৰত বিভাজনৰ ইতিহাস ৰচনাত মৌখিক সমলে সহায় কৰিব পাৰে। কাৰণ চৰকাৰী নথি পত্ৰত সদায় নিৰপেক্ষ মতামত বা তথ্য নাথাকিব পাৰে। কিন্তু ভাৰত বিভাজনৰ সময়ত ভাৰত আৰু পাকিস্থানৰ নাগৰিকসকল বাস্তৱিকতে কি ধৰণৰ সমস্যা আৰু দুর্যোগৰ মুখামুখি হৈছিল সেয়া ভুক্তভোগীসকলৰ পৰাহে অকৃত্রিমভাবে জানিব পৰা যায়। কাৰণ সাধাৰণ মানুহৰ কাম-কাজ আৰু কথা -বার্তা বহু সময়ত পোনপটীয়া আৰু সহজ হয়। অৱশ্যে মৌখিক সমলবোৰ চালি জাৰি চোৱাৰ প্ৰয়োজন আছে। কাৰণ বহু সময়ত স্মৃতিৰ পৰা কোৱা কথা বা ঘটনা এটিত কৃত্রিমতাৰ সাঁচ বহিব পাৰে। নাইবা বহুতো লোকে নিজৰ গোপনীয় বা লাজলগা কথাও প্রকাশ নকৰিব পাৰে। গতিকে মৌখিক সমলবোৰ নিৰপেক্ষ দৃষ্টিভংগীৰে অন্যান্য তথ্যৰ লগত ৰিজনি কৰি সঁচাটো গ্রহণ কৰিলে ইতিহাসবিদসকলে সঠিক ইতিহাস ৰচনা কৰাত সফলতা লাভ কৰিব পাৰিব।
৩। কেবিনেট মিছনৰ সিদ্ধান্তসমূহ কি কি আছিল লিখা।
উত্তৰ: ১৯৪৬ চনত বৃটিছ সংসদে কেবিনেট মিছনক ভাৰতলৈ পঠায়। এই মিছনৰ প্ৰধান উদ্দেশ্য আছিল ভাৰতৰ ৰাজনৈতিক দলসমূহৰ লগত আলোচনাত মিলিত হৈ ভাৰতৰ ৰাজনৈতিক সমস্যাৰ এক সমাধান সূত্ৰত উপনীত হোৱা। কিন্তু কেবিনেট মিছনে কংগ্ৰেছ দল আৰু মুছলিম লীগৰ লগত আলোচনা কৰি বিফল হোৱাত মিছনে নিজাকৈ এখন আঁচনি দাঙি ধৰে। এই আঁচনিৰ প্ৰধান দিশবোৰ আছিল:
(ক) ভাৰতবৰ্ষখন যুক্তৰাষ্ট্ৰ হিচাপে থাকিব আৰু ইয়াৰ কোনো বিভাজন নহ’ব।
(খ) ভাৰতত যুক্তৰাষ্ট্ৰীয় চৰকাৰ থাকিব আৰু এই চৰকাৰখনে প্ৰতিৰক্ষা, বৈদেশিক, পৰিবহন আদি বিষয়বোৰ তদাৰক কৰিব।
(গ) ভাৰতীয় প্রদেশবোৰ তিনিটা বিভাগত ভাগ কৰিব। ইয়াৰ ‘ক’ বিভাগ বা গ্ৰুপত থাকিব হিন্দু সংখ্যাগৰিষ্ঠ থকা প্রদেশবোৰ। ‘খ’ গ্রুপত থাকিব মুছলিম সংখ্যা গৰিষ্ঠ প্রদেশবোৰ আৰু ‘গ’ গ্ৰুপত থাকিব বংগ আৰু অসম নামৰ প্ৰদেশ দুখন। হয়। কিন্তু কেবিনেট মিছনৰ উক্ত আঁচনিসমূহ কংগ্ৰেছ আৰু মুছলিম লীগে অগ্রাহ্য কৰে। ফলত এই মিছন ব্যর্থ
(ঘ) গৱৰ্ণৰ জেনেৰেলৰ কাৰ্য নির্বাহক পৰিষদৰ পৰিবৰ্তে এটা অন্তঃৱর্তীকালীন চৰকাৰ থাকিব।
৪। স্বাধীনতাৰ আগে আগে দেশত আইন শৃঙ্খলাৰ অৱনতি হোৱাৰ কাৰণ কি আছিল আলোচনা কৰা।
উত্তৰ ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ আগে আগে অর্থাৎ ১৯৪৬ চনৰ আগষ্ট মাহৰ পৰা দেশৰ আইন শৃঙ্খলাৰ অবনতিয়ে দেখা দিয়ে। ইয়াৰ কাৰণ হ’ল
(ক) বৃটিছ চৰকাৰৰ প্রশানীয় দুর্বলতা আইন শৃঙ্খলা অৱনতি হোৱাৰ প্ৰধান কাৰণ বুলি ক’ব পাৰি। সিহঁতে ভাৰতবৰ্ষক স্বাধীনতা দি গুচি যাব লাগিব বুলি ভাবি আইন শৃঙ্খলা বজাই ৰখাৰ প্ৰতি উদাসীন হৈ পৰিছিল।
(খ) সেই সময়ত পঞ্জাৱৰ অমৃতস্বৰৰ শাসন একেবাৰে ভাঙি পৰিছিল আৰু সাম্প্রদায়িক সংঘর্ষই উৎকট ৰূপ ধাৰণ কৰিছিল। প্ৰশাসনীয় বিষয়াৰ সহায় বিচাৰিলে সিহঁতে কংগেছ নেতা গান্ধী, পেটেল বা নেহৰুৰ সহায় বিচাৰিবলৈ পৰামৰ্শ দি দায়িত্বৰ পৰা হাত সাৰিছিল।
(গ) সেই সময়ত একমাত্র মহাত্মা গান্ধীৰ বাহিৰে অন্যান্য ৰাজনৈতিক নেতাসকলে ক্ষমতা হস্তান্তৰ বিষয়ক লৈ ব্যস্ত হৈ পৰিছিল। সিহঁতে দেশৰ আইন শৃঙ্খলাৰ দিশটোত চকু দিয়াৰ সময় পোৱা নাছিল।
(ঘ) ভাৰতীয় সেনাসকলো সাম্প্রদায়িক ভিত্তিতহে জনসাধাৰণৰ লগত সহযোগ কৰিছিল। অর্থাৎ হিন্দুসেনাই মুছলিমৰ বিৰুদ্ধে হিন্দুসকলক আৰু মুছলিম সেনাই হিন্দুসকলৰ বিৰুদ্ধে মুছলামনসকলক সহায় কৰিছিল। ফলস্বৰূপে বিভিন্ন সম্প্ৰদায়ৰ মাজত সংঘর্ষ বৃদ্ধি পাইছিল।
(ঙ) আইন শৃঙ্খলাৰ অৱনতি আৰু সাম্রদায়িক সংঘৰ্ষৰ বাবে মুছলীম লীগৰ নেতৃবৃন্দও জগৰীয়া আছিল কাৰণ সিহঁতে মুছলমানসকলক হিন্দু সকলৰ পৰা পৃথক বুলি প্ৰচাৰ কৰি ফুৰিছিল। তাৰোপৰি সিহঁতে মুছলমানসকলৰ মাজত সংহতি স্থাপনত গুৰুত্ব দিছিল। ফলত হিন্দু আৰু মুছলমানসকলৰ মাজত ফাঁকৰ সৃষ্টি হৈছিল।
৫। ‘মহাভাৰত ‘ৰ কাহিনীভাগ ইতিহাসবিদসকলে কিদৰে বিভক্ত কৰিছিল? H. S. ’16
উত্তৰ: মহাভাৰতৰ কাহিনীভাগক ইতিহাসবিদসকলে প্রধানকৈ দুটা ভাগত বিভক্ত কৰিছিল। এটা বর্ণনাত্মক আনটো নাটকধর্মী। বর্ণনাত্মক বিভাগটোয়ে সমাজৰ বিভিন্ন দিশক সামৰি লৈছিল। আনহাতে নাটকধর্মী বিভাগটোবে মহাকাব্যখনত চৰিত্ৰ হিচাপে থকা লোকসকলৰ কাহিনী, জীবন প্রণালী, দর্শন আদি ৰূপায়িত হৈছে। মহাভাৰতৰ অন্তৰ্গত শান্তি পর্বত শ্রীকৃষ্ণ আৰু অর্জুনৰ কথোকথনত হিন্দু ধৰ্মৰ মূল দর্শন প্রতিভাত হৈছে। মহাভাৰতখন এইদৰে বিভক্ত কৰাৰ প্ৰধান কাৰণ আছিল ঐতিহসিক সত্য উদ্ঘাটন কৰা আৰু অতীতৰ বিষয়ে এক প্রত্যয়জনক ইতিহাস ৰচনা কৰাৰ সমল উদ্ধাৰ কৰা। এই কাম বহুতো পণ্ডিতে প্রায় ৪৭বছৰ পৰিশ্ৰম কৰি সম্পাদন কৰিব লগা হৈছিল।
৬। সাম্প্রদায়িকতাবাদ কি? ভাৰতত সাম্প্রদায়িকতাবাদ গা কৰি উঠাৰ কাৰণবোৰ উল্লেখ কৰা। H. S. ’17
উত্তৰ : সাম্প্রদায়িকতা বুলি বিভিন্ন ভাষিক বা ধর্মীয় গোষ্ঠীৰ মাজত হোৱা আদর্শগত, ধর্মীয় বা সাংস্কৃতিক সংঘাতক বুজোৱা হয়। মানর ইতিহাসত সাম্প্রদায়িকতা এক গতানুগতিক অধ্যায়। কম-বেছি পৰিমাণে প্রায় প্রতিটো যুগতে প্রায় প্রতিটো দেশতে সাম্প্রদায়িকতা নামৰ মানবতা বিৰুদ্ধে শক্তিৰ অস্তিত্ব পোৱা যায়। ভাৰতত সামপ্রদায়িকতাবাদ বৃটিছ ৰাজত্বৰ পাতনিৰ পৰা প্রাদুর্ভাব হয়। ইয়াৰ কাৰণ-
(১) বৃটিছৰ বিভাজন আৰু শাসন নীতি: বৃটিছ শাসকসকলে তেওঁলোকৰ স্থিতি মজবুত কৰিবলৈ ‘বিভাজন আৰু শাসন নীতি’ গ্রহণ কৰিছিল। তেওঁলোকে ভাৰতৰ বিভিন্ন সম্প্রদায়ৰ মাজত বিভেদ সৃষ্টি কৰাৰ লগতে ভাৰতীয় লোকসকলৰ মাজত অবিশ্বাসৰ মনোভাব জাগ্রত কৰিবলৈ চেষ্টা কৰিছিল। বৃটিছসকলৰ এই বিভাজন আৰু শাসন নীতিয়ে ভাৰতত সাম্প্রদায়িকতাৰ পাতনি মেলিছিল, যাৰ পৰা বৰ্তমানেও ভাৰতে পৰিত্ৰাণ পোৱা নাই।
(২) সাম্প্রদায়িক সংগঠন: ভাৰতত বিভিন্ন সময়ত বিভিন্ন সাম্প্রদায়িক সংগঠন গঠন কৰি অহা হৈছে। এই সংগঠনসমূহে বিভিন্ন ধৰণে ভাৰতৰ বিভিন্ন ধর্মীয় সম্প্রদায়সমূহৰ মাজত ঘৃণাৰ মানোভাৱ সিঁচৰতি কৰাত ইন্ধন যোগাইছে।
(৩) সাম্প্রদায়িক সংঘৰ্ষ মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ উদাসীনতা: কেতিয়াবা ভাৰতৰ বিভিন্ন ৰাজ্যৰ চৰকাৰসমূহে ৰাজ্যসমূহত উদ্ভৱ হোৱা সাম্প্রদায়িক সংঘৰ্ষ ৰোধ কৰাৰ ক্ষেত্ৰত অক্ষমতা প্রদর্শন কৰা পৰিলক্ষিত হয়। এই অক্ষমতাৰ বাবেও সাম্প্রদায়িকতাবাদৰ বিস্তাৰ ঘটে।
(৪) সন্তুষ্টকৰণৰ ৰাজনীতি: বহুসময়ত ৰাজনৈতিক উদ্দেশ্যেৰে ৰাজনৈতিক দলসমূহে গ্রহণ কৰা সিদ্ধান্তই সাম্প্রদায়িক সংঘাতৰ সূচনা কৰে। নিৰ্বাচনৰ সময়ত বহুতো ৰাজনৈতিক দলে কোনো বিশেষ ধর্ম অথবা সম্প্রদায়ক সন্তুষ্ট কৰাত আগ্রহ প্রকাশ কৰে। আনহাতে ক্ষমতাত অধিষ্ঠিত ৰাজনৈতিক দলেও চৰকাৰৰ কার্যকাল সুৰক্ষিত কৰিবলৈ, কোনো বিশেষ ধর্মক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। এনে পৰিস্থিতিত অন্যান্য ধর্ম, জাতি অথবা সম্প্রদায় ক্ষুন্ন হয় আৰু সাম্প্রদায়িকতা মনোভাৱ বৃদ্ধি পায়।
(৫) জীতীয়তাবাদী চিন্তাধাৰা প্ৰচাৰত হিন্দু চৰিত্ৰঃ স্বাধীনতা আন্দোলনৰ সময়ত জাতীয়তাবাদী চিন্তাধাৰা প্ৰচাৰত এক শক্তিশালী ধর্মীয় উপাদান অন্তৰ্ভূক্ত কৰা হৈছিল। বহুত নেতাই মধ্য যুগৰ ভাৰতীয় সংস্কৃতিক বাদ দি পুৰণি ভাৰতীয় সংস্কৃতিৰ দিশটোত গুৰুত্ব দিছিল। ৰাজনৈতিক আন্দোলনত সঘনাই হিন্দু জতুৱা ঠাঁচ ব্যৱহাৰ কৰা হৈছিল। উপৰি উক্ত কাৰণবোৰৰ বাবে ভাৰতত সাম্প্রদায়িকতাবাদৰ উদ্ভৱ হৈছে।
৭। আমেৰিকাৰ গৃহযুদ্ধই ভাৰতৰ ৰায়তসকলৰ জীৱন যাত্ৰাত কেনেদৰে প্রভাৱ পেলাইছিল? H. S. ’18
উত্তৰঃ দাস প্রথাক কেন্দ্ৰ কৰি আমেৰিকাত ১৮৬১-৬৫ ৰ ভিতৰত গৃহযুদ্ধৰ সূচনা হৈছিল। এই যুদ্ধই ব্যবসায়-বাণিজ্যতো প্রভাৱ পেলাইছিল। ভাৰতলৈ আমেৰিকাৰ পৰা আমদানি কৰা কপাহৰ পৰিমাণ হ্রাস পাইছিল। সেয়ে কপাহৰ চাহিদা পূৰণ কৰিবলৈ ভাৰতত কপাহ খেতি কৰিব লগা হৈছিল। এই সুযোগতে ইংলেণ্ডৰ পৰা ব্যৱসায়ীসকল আহি ভাৰতৰ খেতিয়কসকলক কপাহ খেতি কৰিবলৈ উৎসাহ যোগায়। সিহঁতে খেতিয়কসকলক এই খেতি কৰাৰ বাবে আগধন আগবঢ়াইছিল। ফলস্বৰূপে ভাৰতত যথেষ্ট পৰিমাণে কপাহ উৎপাদন হ’বলৈ ধৰে আৰু ব্যৱসায়ীসকলে উৎপাদিত কপাহ ইংলেণ্ডলৈ ৰপ্তানি কৰিবলৈ লয়। অৱশ্যে এই খেতিৰ দ্বাৰা মুষ্টিমেয় কিছুমান চহকী খেতিয়কহে লাভবান হৈছিল।
১৮৬৫ চনত আমেকিৰকাৰ গৃহ যুদ্ধৰ অন্ত পৰে। ফলত পুনৰ আমেৰিকাত কপাহ খেতি বৃদ্ধি পায় আৰু অতিৰিক্ত কপাহ বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি হয়। এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ পৰা ইংলেণ্ডলৈ কপাহ ৰপ্তানি হ্রাস পায়। ফলত ভাৰতৰ কপাহ খেতিয়কসকলে উৎপাদিত কপাহৰ বজাৰ নাপাই কপাহ খেতি কৰা বন্ধ কৰি দিয়ে। এনে অৱস্থাত খেতিয়কসকলে ঋণ পৰিশোধ কৰিবলৈ ব্যর্থ হয় আৰু সিহঁতৰ অৱস্থা পুনৰ শোচনীয় হৈ পৰে। এনেদৰে আমেৰিকাৰ গৃহযুদ্ধই ভাৰতৰ ৰায়তসকলৰ জীৱন যাত্ৰাত প্রভাৱ পেলাইছিল।