আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘কিতাপৰ কথা’ পাঠটিৰ প্রশ্নোত্তৰ Class 11 Assamese Chapter 4 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘কিতাপৰ কথা প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। কিতাপৰ কথা প্রশ্নোত্তৰ চাওঁক:
কিতাপৰ কথা Class 11 Assamese Chapter 4 Solutions
কিতাপৰ কথা
প্ৰফুল্লদত্ত গোস্বামী
লেখক পৰিচয়ঃ ড০ প্ৰফুল্ল দত্ত গোস্বামী (১৯১৯-১৯৯৪) একেধাৰে এজন শিক্ষাবিদ, লোক-সংস্কৃতিবিদ, ঔপন্যাসিক, সমালোচক, ভ্ৰমণ সাহিত্য ৰচয়িতা, জীৱনীকাৰ আৰু সম্পাদক আছিল। তেওঁৰ জন্ম হয় দক্ষিণ কামৰূপৰ নহিৰা সত্ৰত। তেওঁৰ পিতৃ সিংহদত্ত দেৱ অধিকাৰী এজন বিশিষ্ট কবি আছিল। ১৯৪০ চনত কটন কলেজৰ পৰা ইংৰাজী বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰীলৈ ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত শিক্ষকতাৰে কৰ্ম জীৱন আৰম্ভ কৰে। ১৯৪৫ চনত কটন মহাবিদ্যালয়লৈ বদলি হয়। আকৌ ১৯৪৮ চনত গুৱাহাটী বিশ্বদ্যিালয়ৰ বাণিজ্য আৰু বি. টি. বিভাগৰ ইংৰাজী প্ৰবক্তাৰূপে নিযুক্তি পায়। ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত লোক-সংস্কৃতি গৱেষণা বিভাগ স্থাপন হোৱাত প্ৰফুল্ল চন্দ্ৰ গোস্বামীয়ে সেই বিভাগৰ প্ৰাধ্যাপক আৰু বিভাগীয় মুৰব্বীৰুপে কাৰ্য নিৰ্বাহ কৰি ১৯৮১ চনত অৱসৰ লয়। ১৯৬৬ চনত আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়তো কিছুদিন অধ্যাপনা কৰিছিল। ১৯৯৪ চনত এইজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন পণ্ডিতগৰাকীৰ দেহাৱসান ঘটে।
ড০ প্ৰফুল্ল দত্ত গোস্বামীয়ে অসমীয়া আৰু ইংৰাজী ভাষাত ভালেমান গৱেষণামূলক তত্ত্বগধুৰ গ্ৰন্থ ৰচনা কৰিছিল। তাৰ ভিতৰত অসমীয়া ভাষাত লিখা উল্লেখযোগ্য কেইখনমান গ্ৰন্থ হ’ল: এই যুগৰ সাহিত্য, সাহিত্য আৰু জীৱন, অসমীয়া জনসাহিত্য, বিলাতী হোজা, কেঁচা পাতৰ কঁপনি, ভেজাল সোণ, নিতে নৱ ৰূপ তাৰ, বিলাতত সাত মাহ, সোণ-ৰূপৰ নহয় সি দেশ, পৃথিৱীৰ চৌপাশে এপাক, মোৰ ৰাছিয়া ভ্ৰমণ, ইউৰোপৰ মনীষা, মাণিক চন্দ্ৰ বৰুৱা, এটি জীয়া কাহিনী, চৰাই বিনন্দীয়া, বুৰঞ্জী আৰু সংস্কৃতি আদি।
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্নঃ (মূল্যাংক -১)
১। ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ?
উঃ ছপাখানা আৰু কাগজ আৱিষ্কাৰ চীন দেশৰ আৱিষ্কাৰ।
২। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে?
উঃ গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে।
৩। ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল?
উঃ ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিহা দিছিল এইদৰে,“কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।”
৪। বিদ্যাৰ অনুশীলন নহ’লে কি হয়?
উঃ বিদ্যাৰ অনুশীলন নহ’লে মানুহৰ মন ভীৰুতা আৰু কু-সংস্কাৰে আৱৰি ৰাখে।
৫। কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্ৰচলিত যোজনা লিখা?
উঃ কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিভিন্ন দেশত ভিন ভনি যোজনা আছে। তাৰে ভিতৰত চীনদেশত প্ৰচলিত যোজনাটো হ’ল –
“কিতাপ মেলা মানেই লাভ।
বিদ্বান লোকে চোৰাং কাম নকৰে।”
সেইদৰে আলবানিয়াত থকা প্ৰচলিত যোজনা এটি হ’ল-
‘যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা।‘
(খ) চমু প্রশ্নঃ (মূল্যাংক ২। ৩)
১। হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল?
উঃ হেলেন কেলাৰে কেঁচুৱা কালতেই দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱাইছিল। তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰিছিল । অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি প্ৰীতি প্ৰকাশ কৰিছিল আৰু নিজে আত্মজীৱনী লিখাৰ লগতে কেইবাটাও গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ আত্মজীৱনতীত থকা এষাৰ কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰে। কথাষাৰ হ’ল, “সাহিত্যই মোৰ নন্দন কানন। কোনো ইন্দ্ৰিয়ৰ হেঙাৰে মোক মোৰ কিতাপ বন্ধুসকলৰ পৰা আঁতৰাই নাৰাখে। এওঁলোকে নিঃসংকোচে মোৰ লগত সহজভাৱে কথা পাতে।”
২। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সৰ্ন্দভত অসমীয়া মানুহক কোৱা কথাখিনি বৰ্ণনা কৰা।
উঃ আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সৰ্ন্দভত অসমীয়া মানুহক কোৱা কথাষাৰ হ’ল, “হে মোৰ অসমিয়া মিত্ৰসকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই, কিন্তু যদি সভ্য আৰু সুখি হ’ব খোজা তেন্তে কৃসি আৰু সিল্প কৰমত ইংৰাজৰ দৰে পাৰ্গত হ’বলৈ পুৰুসাৰ্থ কৰা। তোমালোক নিচই অগিয়ান আৰু সেই বিদ্যাৰ ভু নোপোৱা আৰু জানিবলৈকো স্ৰম নকৰা।”
৩। দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্রৱন্ধটিৰ আধাৰত বিচাৰ কৰা ।
উঃ গ্ৰন্থ জ্ঞানৰ ভাণ্ডাৰ। একো একোখন কিতাপে যি পোহৰ দিয়ে, সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়া শাসনযন্ত্ৰ কঁপি উঠে। কিতাপে ভীৰুতা আৰু কু-সংস্কাৰ আঁতৰ কৰে। এইদৰে গ্ৰন্থই দেশ আৰু জাতিৰ উপকাৰ সাধন কৰে ।
৪। সাহিত্যৰ প্রতি থকা প্রীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে, হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা।
উঃ হেলেন কেলাৰে কেঁচুৱা কালতেই দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱাইছিল। তেওঁ কলা মানুহৰ কাৰণে বিশেষকৈ সজা কিতাপহে পঢ়িব পাৰিছিল। অথচ এইগৰাকী মহিলাই সাহিত্যৰ প্ৰতি প্ৰীতি প্ৰকাশ কৰিছিল আৰু নিজে আত্মজীৱনী লিখাৰ লগতে কেইবাটাও গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ আত্মজীৱনতীত থকা এষাৰ কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰে। কথাষাৰ হ’ল, “সাহিত্যই মোৰ নন্দন কানন। কোনো ইন্দ্ৰিয়ৰ হেঙাৰে মোক মোৰ কিতাপ বন্ধুসকলৰ পৰা আঁতৰাই নাৰাখে। এওঁলোকে নিঃসংকোচে মোৰ লগত সহজভাৱে কথা পাতে।”
৫। ” কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে ।” – কথাষাৰ ব্যাখ্যা কৰা।
উঃ একো একোখন কিতাপে যেতিয়া মানুহৰ ভয়, কু-সংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসনযন্ত্ৰ কঁপাই তোলে। কেতিয়াৱা কেতিয়াৱা কিতাপ পুৰি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয়। বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰৰ আভা লোপ নাপায়, লুকাই নাথাকে। মানুহে কিতাপৰ পোহৰত নিজৰ অধিকাৰ সাব্যস্ত কৰেই। কিতাপ ধ্বংস কৰিলে কি হয় সেই সম্পৰ্কে মিল্টনে কৈছিল, “কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা; যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে; কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে বিবেচনাকে হত্যা কৰে।”
(গ) দীঘল প্রশ্নঃ (মূল্যাংক ৪। ৫)
১। ”অনাখৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্ৰদ্ধা নেদেখুৱায় ।” পাঠটিৰ সহায়ত আলোচনা কৰা ।
উঃ সাধাৰণতে চহা লোকসকলৰ বুজ-বিবেচনা অলপ কম থাকে বুলি ভবা হয়। কিন্তু কিবা এটা নতুন কথা জানিবলৈ তেওঁলোকো আগ্ৰহী। তেওঁলোকে যদিও কিতাপ পঢ়িব নাজানে, সেই কিতাপৰ পৰা পোৱা জ্ঞান আনৰ পৰা শুনি বুজি নিজৰ প্ৰয়োজনীয় কামত প্ৰয়োগ কৰে । জ্ঞানৰ কাৰণে কিতাপৰ প্ৰয়োজন, সেই জ্ঞানে সংসাৰৰ জটিলতা বুজিবলৈ সহায় কৰে; তদুপৰি বোধ, চিন্তা, অনুভূতি আদিও বৃদ্ধি কৰে। সেয়েহে অনাখৰী চহা লোকে কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক শ্ৰদ্ধা জনায়।
২। কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।” কথাখিনিৰ তাৎপৰ্য বিশ্লেষণ কৰা ।
উঃ আজিৰ যুগত বিভিন্ন ধৰণৰ বহু কিতাপ লিখা হৈছে আৰু অনবৰত লিখা হৈ আছে। বৰ্তমান সভ্যতাৰ বিভিন্ন চানেকি এই কিতাপবোৰৰ পৰাই পোৱা যায়। পাঠ্যপুথি আৰু বোৱা-কটা, ৰন্ধা-বঢ়া আদি বিষয়ত থকা কিতাপৰ পৰা সাধাৰণ উপন্যাস আৰু ভ্ৰমণ কাহিনীলৈ অলেখ কিতাপ পোৱা যায়। সময়ৰ লগে লগে তাৰে বহুতো লোপ পায়, কিছুমান জীয়াই থাকে আৰু মানৱ জাতিৰ সম্পত্তি হৈ পৰে। ইয়াৰ আটাইবোৰ পঢ়া সম্ভৱ নহয়,পঢ়িবৰ দৰকাৰো নহয়। এই কাৰণেই ইংৰাজ দাৰ্শনিক বেকনে কৈছিল, “ কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।”
৩। ”হে মোৰ অসমিয়া মিত্ৰ সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই” – কথাষাৰৰ যুক্তি-যুক্ততা বিচাৰ কৰা।
উঃ আগতে আমাৰ দেশত আজিৰ দৰে বিদ্যাৰ অনুশীলন নাছিল। সেয়ে মানুহৰ মন ভয় আৰু কু-সংস্কাৰে আৱৰি ৰাখিছিল। বিদ্যা আৰু জ্ঞানেই যে উন্নতিৰ মূল সেই কথা সাধাৰণ ৰাইজে জনা নাছিল। দেশবাসীৰ এই অজ্ঞানতা লক্ষ্য কৰি আনন্দৰাম ঢেকিয়াল ফুকনে এইদৰে মন্তব্য কৰিছিল – “হে মোৰ অসমিয়া মিত্ৰ সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই; যদি সভ্য আৰু সুখি হ’ব খোজা তেন্তে কৃসি আৰু সিল্প কৰমত ইংৰাজৰ দৰে পাৰ্গত হ’বলৈ পুৰুসাৰ্থ কৰা। তোমালোক নিচই অগিয়ান আৰু সেই বিদ্যাৰ ভু নোপোৱা আৰু জানিবলৈকো স্ৰম নকৰা।”
৪। ”কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায়।” পাঠটোৰ সহায়ত বুজাই লিখা।
উঃ বিদ্যাৰ অনুশীলন যিমানেই বেছি হয়, সিমানেই কিতাপৰ সমাদৰ বাঢ়ে; সিমানেই ৰাইজেও নিজৰ অভাৱ-অভিযোগ বুজি উঠে। ৰাইজ সজ্ঞান আৰু সজীৱ হ’লে ৰাষ্ট্ৰ শাসনত কেৰোণ নালাগে, শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয় নাথাকে। স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায়, মহাত্মা গান্ধী আদিৰ দৰে লোকৰ ৰচনাই আমাৰ জাতীয় জাগৰণ দ্ৰুতগামী কৰিছিল; সেইদৰে ইউৰোপত ৰুছো, কাৰ্ল মাক্স আদি চিন্তাবিদৰ ৰচনাই সমাজ পৰিৱৰ্তনত প্ৰেৰণা যোগাইছিল। একো একোখন কিতাপে যি পোহৰ দিয়ে সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়াই শাসনযন্ত্ৰ কঁপি উঠে । সেয়েহে কোৱা হৈছে যে কিছুমান কিতােপ ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায়।
৫। ”আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে । এতিয়া কিতাপেই গুৰু ।” কথাখিনি পাঠটিৰ সহায়ত আলোচনা কৰা ।
উঃ আগৰ দিনত গুৰুগৃহত থাকি ছাত্ৰই শিক্ষা লাভ কৰিছিল। সেই সময়ত কিতাপ-পত্ৰৰ অভাৱ থকাত ছাত্ৰই গুৰুৰ মুখৰ পৰা যি ওলাইছিল তাৰ ওপৰতে নিৰ্ভৰ কৰিছিল । বৰ্তমান সময়ত ছপাখানা, কিতাপ-আলোচনী আদি উভৈনদীয়াকৈ পোৱা যায়। কিতাপ লাগে জ্ঞানৰ কাৰণে। জ্ঞান-বিদ্যাৰে চহকী, জীৱনৰ চেপাত পোৱা তিতা-কেঁহাৰে বহুতো লোকে তেওঁলোকৰ অভিজ্ঞতাবোৰ কিতাপত লিপিৱদ্ধ কৰি থৈ যায়। কিতাপ মানৱ জাতিৰ উমৈহতীয়া সম্পত্তি। যুগে যুগে কিতাপে মানুহৰ মন আকৰ্ষণ কৰি আহিছে। ধৰ্মপুথি, আত্মজীৱনী, উপন্যাস আদিৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়া, বোৱা-কটা আদি বিবিধ কিতাপে জনসাধাৰণৰ মাজত সমাদৰ লাভ কৰিছে। সেয়ে আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে বুলি ক’ব পাৰি।
অতিৰিক্ত প্রশ্নোত্তৰ
১। প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম লিখা।
উঃ প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম – ‘শেষ ক’ত, ‘কেঁচা পাতৰ কঁপনি’।
২। প্ৰফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীখনৰ নাম লিখা।
উঃ প্ৰফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীখনৰ নাম ‘মনৰ পক্ষী উভতি উৰে’।
৩। প্ৰফুল্ল দত্ত গোস্বামীৰ মৃত্যু কিমান চনত হৈছিল?
উঃ প্ৰফুল্ল দত্ত গোস্বামীৰ মৃত্যু হয় ১৯৯৪ চনত।
৪। প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম কিমান চনত হৈছিল?
উঃ প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম হৈছিল ১৯১৪ চনত।
৫। ‘কেঁচা পাতৰ কঁপনি’ কাৰ উপন্যাস?
উঃ ‘কেঁচা পাতৰ কঁপনি’ প্ৰফুল্ল দত্ত গোস্বামীৰ উপন্যাস।
৬। প্ৰফুল্ল দত্ত গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা।
উঃ প্ৰফুল্ল দত্ত গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল- ‘এই যুগৰ সাহিত্য’, ‘সাহিত্য আৰু জীৱন’, ‘অসমীয়া জন সাহিত্য’, ‘ইউৰোপৰ মনীষা’, ‘মোৰ ৰাচিয়া ভ্ৰমণ’, ‘মাণিক চন্দ্ৰ বৰুৱা’, ‘নিতে নৱৰূপ তাৰ’, ‘বুৰঞ্জী আৰু সংস্কৃতি’।
৭। ”কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে, বিবেচনাকে হত্যা কৰে।” – কথাষাৰ ব্যাখ্যা কৰা।
উঃ একো একোখন কিতাপে যেতিয়া মানুহৰ ভয়, কু-সংস্কাৰ এন্ধাৰ আঁতৰ কৰি জ্ঞানৰ আলোকেৰে আলোকিত কৰে তেতিয়া ৰাইজে নিজৰ পথ বিচাৰি পায় আৰু শাসনযন্ত্ৰ কঁপাই তোলে। কেতিয়াৱা কেতিয়াৱা কিতাপ পুৰি পেলোৱা হয়, লেখকক শাস্তি দিয়া হয়। বিবিধ অত্যাচাৰ চলাৰ পিছতো সেই পোহৰৰ আভা লোপ নাপায়, লুকাই নাথাকে। মানুহে কিতাপৰ পোহৰত নিজৰ অধিকাৰ সাব্যস্ত কৰেই। কিতাপ ধ্বংস কৰিলে কি হয় সেই সম্পৰ্কে মিল্টনে কৈছিল, “কিতাপ এখন ধ্বংস কৰাতকৈ বৰং মানুহ এজনকে হত্যা কৰা; যি মানুহ এজনক হত্যা কৰে সি ভগৱানৰ প্ৰতিৰূপ বিবেচনা সম্পন্ন প্ৰাণী এটিকে হত্যা কৰে; কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে।” ০ ০ ০.
নোট: “যদি আপুনি এই ‘কিতাপৰ কথা প্রশ্নোত্তৰ’ পছন্দ কৰে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মূল্যবান মতামত শ্বেয়াৰ কৰক! আমি যিকোনো ধৰণৰ গঠনমূলক মন্তব্যক স্বাগত জনাওঁ ।”