আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ চিন্তাবিদসকল বিশ্বাস আৰু স্থাপত্য-সাংস্কৃতিক বিকাশ Class 12 History Chapter 4 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
চিন্তাবিদসকল বিশ্বাস আৰু স্থাপত্য-সাংস্কৃতিক বিকাশ Class 12 History Chapter 4 Solutions
চিন্তাবিদসকল, বিশ্বাস আৰু স্থাপত্য-সাংস্কৃতিক বিকাশ (খৃঃ পূঃ ৬০০-৬০০ খৃঃলৈ)
চতুর্থ অধ্যায়
ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক- ১)
১। বৌদ্ধ ধৰ্মৰ মূল গ্রন্থখনৰ নাম কি?
উত্তৰ: ত্রিপিটক।
২। ‘ত্রিপিটক’ শব্দৰ অৰ্থ কি?
উত্তৰ তিনিটা পাঁচি।
৩। সাঁচিস্তূপ ক’ত অবস্থিত?
উত্তৰ : সাঁচিস্তূপ ভূপালৰ পৰা উত্তৰ-পূবে প্রায় ২০ মাইল দূৰত আৱস্থিত।
৪। চাহজাঁহা বেগম কোন আছিল?
উত্তৰ: ভূপালৰ নবাব আছিল।
৫। ত্রিপিটক কেইখন আৰু কি কি?
উত্তৰ: ত্রিপিটক তিনিখন, যথা: বিনয়, সুত্ত (সূত্র) আৰু অভিধর্ম পিটক।
৬। সূত্র পিটকৰ মূল বিষয়বস্তুবোৰ কি?
উত্তৰ: বুদ্ধদেৱৰ মূল শিকনিসমূহ সূত্র পিটকত লিপিবদ্ধ আছে।
৭। দুটা জটিল যজ্ঞৰ নাম লিখা।
উত্তৰ: অশ্বমেধ যজ্ঞ আৰু ৰাজসূয় যজ্ঞ।
৮। ‘অভিধর্ম পিটকৰ মূল বিষয়-বস্তুসমূহ কি?
উত্তৰ: ‘অভিধর্ম পিটকত দার্শনিক তত্ত্বৰ অৱতাৰণা কৰা হৈছে।
৯। কৈলাশনাথ মন্দিৰ কাৰ নামত উছর্গিত?
উত্তৰ শিৱৰ নামত।
১০। সাঁচীস্তূপ সংৰক্ষণৰ বাবে কোনে অনুদান আগবঢ়াইছিল?
উত্তৰ: ভূপালৰ নবাব চাহজাঁহা বেগম আৰু তেওঁৰ উত্তৰাধিকাৰী জেহান বেগমে।
১১। বস্তুবাদ কি?
উত্তৰ: পার্থিব বস্তুৰ ওপৰত গুৰুত্ব দিয়াকেই ‘বস্তুবাদ’ বুলি কোৱা হয়।
১২। ‘নিয়তিবাদ’ বুলিলে কি বুজা?
উত্তৰ: ‘নিয়তিবাদ’ হৈছে এক ধৰণৰ মতবাদ যিয়ে বিশ্বাস কৰে যে বিশ্বৰ সকলোবোৰ বস্তু বা ঘটনা পূর্ব নির্ধাৰিত। জন্মিলে মৰিব লাগিব। ইয়াৰ কোনো বিকল্প নাই।
১৩। ‘দ্বীপবংশ’ পুথিখন কি?
উত্তৰ: শ্রীলংকাৰ ইতিহাস।
১৪। জৈন ধৰ্মৰ প্ৰকৃত প্রবর্তকজন কোন?
উত্তৰ: ঋষভ।
১৫। ‘তীর্থংকৰ কাক কোৱা হয়?
উত্তৰ: জৈন ধৰ্মৰ প্ৰচাৰকসকলক ‘তীর্থংকৰ’ বুলি কোৱা হয়।
১৬। মহাবীৰৰ প্ৰকৃত নাম কি?
উত্তৰ: বর্ধমান।
১৭। বৌদ্ধধর্মক দুর্বল কৰা ফৈদ দুটা কি কি?
উত্তৰ: থৰবাদী আৰু মহাসংঘিকা।
১৮। মহাবীৰ কিমান নম্বৰ তীৰ্থংকৰ?
উত্তৰ: ২৪ তম।
১৯। হিউবেনচাং কিমান চনত ভাৰতলৈ আহিছিল?
উত্তৰ: ৬৩০ খৃঃ ত।
২০। বুদ্ধদেৱৰ সৰুকালৰ নাম কি আছিল?
উত্তৰ: সিদ্ধার্থ।
২১। ‘বুদ্ধ’ শব্দৰ অর্থ কি?
উত্তৰ পৰমজ্ঞানী।
২২। ‘নির্বাণ’ৰ অৰ্থ কি?
উত্তৰ: মুক্তি।
২৩। ‘থেৰী’ কাক কোৱা হৈছিল?
উত্তৰ : নির্বাণ পোৱা মহিলাক ‘থেৰী’ বুলি কোৱা হৈছিল।
২৪। ‘গর্ভগৃহ’ কাক বোলে?
উত্তৰ: মন্দিৰৰ ভিতৰৰ কোঠালীক ‘গর্ভগৃহ’ বুলি কোৱা হয়।
২৫। ‘তাজ-ই-ইকবাল তোৱাৰিখ ভূপাল’ নামৰ গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰ: ভূপালৰ নবাব ছাহজাঁহা বেগম।
২৬। ভাৰতৰ ইতিহাসত কোনছোবা সময়ক ‘ইতিহাসৰ সন্ধিক্ষণ’ বুলি কোৱা হয়?
উত্তৰ: খ্ৰীষ্টপূর্ব এহেজাৰ বছৰৰ মধ্যবর্তী কালৰ প্ৰথমছোৱাক।
২৭। বুদ্ধদেৱৰ সমসাময়িক মগধৰ ৰজা কোন আছিল?
উত্তৰ: অজাতশত্রু।
২৮। ‘হগিওগ্রাফী’ কি?
উত্তৰ: সন্ত (সাধু) পুৰুষসকলৰ জীৱনীক ইংৰাজীত ‘হগিওগ্রাফী’ বুলি কোৱা হয়।
২৯। ‘অনিক্কা’ মানে কি?
উত্তৰ: ক্ষণস্থায়ী।
৩০। ‘অনাত্তা’ মানে কি?
উত্তৰ: আত্মাহীন।
৩১। ‘সংঘ’ কি?
উত্তৰ: ‘সংঘ’ হৈছে বৌদ্ধ ভিক্ষুসকলৰ এটা প্রতিষ্ঠান।
৩২। বুদ্ধদেৱৰ দীক্ষাপ্রাপ্ত প্রথম ভিক্ষুণী কোন আছিল?
উত্তৰ : বুদ্ধদেৱৰ ধাইমাক গৌতমী।
৩৩। বুদ্ধদেবে ক’ত নির্বাণ লাভ কৰিছিল?
উত্তৰ: কুশী নগৰত।
৩৪। ‘স্তূপ’ শব্দৰ অৰ্থ কি?
উত্তৰ দম বা থুপ।
৩৫। কিহৰ ওপৰত ভিত্তি কৰি অজন্তা গুহা চিত্ৰবোৰ অংকন কৰা হৈছিল?
উত্তৰ: জাতকৰ সাধুৰ ওপৰত ভিত্তি কৰি।
৩৬। বৈষ্ণৱপন্থী হিন্দুসকলৰ প্ৰধান দেৱতা কোন?
উত্তৰ : বিষ্ণু।
৩৭। শৈরপন্থী হিন্দুসকলৰ প্ৰধান দেবতা কোন?
উত্তৰ : শির।
৩৮। কৌৰৱসকলৰ মাতৃৰ নাম কি আছিল?
উত্তৰ : গান্ধাৰী।
৩৯। সাঁচীৰ স্তূপ কোনে আবিষ্কাৰ কৰিছিল?
উত্তৰ: কানিংহামে (১৮৩৮ চনত)
খ. চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক – ২)
১। ‘সাঁচীস্তূপ’ সংৰক্ষণৰ লগত জড়িত দুজন ভাৰতীয় শাসকৰ নাম লিখা। H. S. ’15
উত্তৰ : সাঁচীৰ স্তূপ সংৰক্ষণৰ লগত জড়িত দুজন ভাৰতীয় শাসক হ’ল ভূপালৰ নবাব ছাহজাঁহা বেগম আৰু তেওঁৰ উত্তৰাধিকাৰী জেহান বেগম।
২। বুদ্ধৰ জীৱনৰ পথ সলনি কৰা তিনিটা গুৰুত্বপূর্ণ ঘটনা কি আছিল?
উত্তৰ : বুদ্ধৰ জীৱনৰ পথ সলনি কৰা তিনিটা গুৰুত্বপূর্ণ ঘটনা হ’ল – তেওঁ ৰাজপ্ৰসাদৰ বাহিৰত দেখা পোৱা এজন বুঢ়া মানুহ, এজন ৰোগী আৰু এটা মৰাশ।
৩। বৌদ্ধ ধৰ্মৰ লগত জড়িত চাৰিখন উল্লেখযোগ্য ঠাইৰ নাম লিখা।
উত্তৰ: বৈশালী, বুদ্ধগয়া, সাৰনাথ আৰু ৰাজগৃহ।
৪। মহাযান আৰু হীনযান পন্থীৰ মাজত দুটা পার্থক্য লিখা।
উত্তৰ: মহাজান পন্থীসকল মূর্তিপুজাত বিশ্বাসী। কিন্তু হীনযানসকল মুর্তি পূজাৰ বিৰোধী। মহাযানসকল পৰিৱৰ্তনশীলতাত বিশ্বাসী। কিন্তু হীনযানসকল পৰম্পৰাগত নিয়মত বিশ্বাসী।
৫। ইলোৰা মন্দিৰৰ স্থাপত্যৰ বিশেষত্ব কি?
উত্তৰ: ইলোবা মন্দিৰৰ স্থাপত্যৰ বিশেষত্ব হ’ল ই এটা মাথো শিল কাটি মন্দিৰৰ আকাৰ দিয়া হৈছে। ৬। চৰকাৰে কোনখন আইনৰ দ্বাৰা পুৰাতত্ত্ব বস্তুবোৰৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছিল?
উত্তৰ: ১৮৮৮ চনত প্রণয়ন কৰা ‘ট্রেজাৰ ট্রোভ এক্ট’ৰ দ্বাৰা।
৭। কেতিয়া সাঁচীৰ স্তুপক বিশ্ব ঐতিহ্যৰ স্থান হিচাপে গ্রহণ কৰা হয়?
উত্তৰ: ১৮৮৯ চনত।
৮। ভাৰতৰ জাতীয় সংগ্ৰহালয়ৰ আধাৰ শিলা কোনে কেতিয়া স্থাপন কৰিছিল?
উত্তৰ : ১৯৫৫ চনত, জৱাহৰলাল নেহৰুয়ে, নতুন দিল্লীত।
৯। ব্রহ্মোত্তৰ আৰু ধর্মোত্তৰ মাটি কি? H. S. ’18
উত্তৰ: আহোমৰ শাসনকালত ব্রাহ্মণসকলক দান কৰা মাটিক ‘ব্রহ্মোত্তৰ মাটি’ আৰু তীর্থস্থান বা ধর্মীয় অনুষ্ঠানসমূহক দান কৰা মাটিক ‘ধর্মোত্তৰ মাটি’ বুলি কোৱা হৈছিল।
গ. মজলীয়া উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)
১। বৌদ্ধ ভিক্ষু আৰু ভিক্ষুণীসকলে পালন কৰা নীতি-নিয়মসমূহ আলোচনা কৰা।
উত্তৰ: বৌদ্ধ ভিক্ষু আৰু ভিক্ষুনীসকলে তলত দিয়া নীতি-নিয়মসমূহ পালন কৰিব লাগে-
(ক) এজন মঠবাসী বৌদ্ধ ভিক্ষু বা ভিক্ষুনীয়ে নিজৰ কম্বল নিজে তৈয়াৰ কৰি ল’ব লাগে আৰু সেইটো তেওঁ কমেও ছয় বছৰ ব্যৱহাৰ কৰিব লাগিব। এই সময়ছোৱাৰ ভিতৰত নতুন কম্বল গ্রহণ কৰিলে তেওঁ দোষী সাব্যস্ত হ’ব।
(খ) কোনো গৃহস্থৰ ঘৰত ভিক্ষা মাগিবলৈ গ’লে তেওঁ তিনিবাটি পৰিমাণৰ আহাৰ গ্ৰহণ কৰিব পাৰিব।
(গ) ভিক্ষাত পোৱা খাদ্যখিনি গৃহস্থৰ ঘৰত নাখালে লৈ আহিব পাৰিব আৰু সেইখিনি মঠত থকা আন আন ভিক্ষুকৰ সৈতে ভগাই খাব লাগিব।
(ঘ) বিহাৰ বা সংঘত থকা ভিক্ষু এজনে তেওঁ থকা বিছনা-পাতি সামৰি থৈ যাব লাগিব।
২। সাঁচীস্তূপ সংৰক্ষণৰ ক্ষেত্ৰত ভূপালৰ বেগমৰ ভূমিকা আলোচনা কৰা।
উত্তৰ সাঁচীস্তূপ সংৰক্ষণৰ ক্ষেত্ৰত ভুপালৰ নবাব ছাহজাঁহা বেগম আৰু তেওঁৰ উত্তৰাধিকাৰী জেহান বেগমে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। এবাৰ ফৰাচীসকলে পূৱফালৰ তোৰণখন নিবলৈ বিচৰাত তেওঁ অনুমতি নিদি সেইটো সংৰক্ষণৰ বাবে অনুদান আগবঢ়াছিল। বেগমে তেওঁৰ নিজ ধনেৰে তাত এটি আলহী ঘৰ আৰু যাদুঘৰ নিৰ্মাণ কৰাইছিল। ইংৰাজ পুৰাতত্ত্ববিদ জন মার্চালে সেই ঘৰখনত থাকি এখন গ্রন্থ ৰচনা কৰিছিল। বেগমে গ্রন্থখন প্ৰকাশৰ বাবে আর্থিক সাহায্যও দান কৰিছিল।
২। বৌদ্ধ স্তূপসমূহৰ গঠনশৈলী আলোচনা কৰা।
উত্তৰ: বুদ্ধদেৱৰ ঘটনাৰ লগত জড়িত ঠাইবোৰত স্তূপবোৰ নিৰ্মাণ কৰা হৈছিল। স্তূপবোৰ সাধাৰণতে মাটিৰ ঢিপৰ দৰে। ইয়াক ‘অন্দ’ বুলি কোৱা হৈছিল। প্রথমতে এইবোৰ সাধাৰণ মাটিৰে নিৰ্মাণ কৰা হৈছিল। পিছলৈ ইয়াৰ গঠণ প্রণালী ক্রমে জটিল হৈ বর্গাকৃতি আৰু সন্তুলিত গোলাকৃতিত নিৰ্মাণ হ’বলৈ ধৰে। অন্দৰ ওপৰত হাৰমিকা নিৰ্মাণ কৰা হৈছিল। ই বেলকনিৰ দৰে দেৱতাৰ আবাস গৃহক প্রতিনিধিত্ব কৰিছিল। হাৰমিকাৰ ওপৰত মাস্তুল আছিল। ইয়াক ‘য়ষ্ঠী’ বুলি কোৱা হৈছিল। য়ষ্ঠীৰ ওপৰত এটা ছত্র নির্মাণ কৰা হৈছিল।
৩। আজিবেক পন্থা কি আছিল? সম্রাট অশোকে ইয়াৰ উন্নতিৰ বাবে কি ব্যৱস্থা লৈছিল?
উত্তৰ: ‘আজিবেক পন্থা’ আছিল প্রাচীন ভাৰতৰ এক ধর্মীয় সংস্থ। ই সম্রাট অশোকৰ দিনত জনপ্রিয় হৈ উঠিছিল। সিহঁতে উপাসনাৰ বাবে একোটা শিল কাটি মন্দিৰ তৈয়াৰ কৰি লৈছিল। মন্দিৰবোৰ দেখাত গুহাৰ দৰে দেখাইছিল। এনেদবে গুহা মন্দিৰ নিৰ্মাণ কৰা প্ৰথা খৃঃপূঃ ৩য় শতিকাৰ পৰা খ্ৰীষ্টাব্দ ৮ম শতিকালৈ চলি আছিল।
৪। হিউবেনচাঙ কেতিয়া ভাৰতলৈ আহিছিল? সেই সময়ৰ ভাৰতৰ দুজন বিখ্যাত ৰজাৰ নাম লিখা।
উত্তৰ : হিউৱেনচাঙ ৬৩০ খ্রীষ্টাব্দত ভাৰতলৈ আহিছিল। সেই সময়ৰ ভাৰতৰ দুজন বিখ্যাত ৰজা আছিল-কনৌজৰ ৰজা হর্ষবর্ধন আৰু প্রাগজ্যোতিষ ৰাজ্যৰ ৰজা ভাস্কৰ বৰ্মন।
৫। নির্বাণ মানে কি?
উত্তৰ: ‘নির্বাণ’ মানে মোক্ষ বা মুক্তি। নির্বাণ হৈছে বৌদ্ধধৰ্মৰ মূল লক্ষ্য। বৌদ্ধ ধর্ম মতে মানুহে মৃত্যুৰ পিচত পুনৰ জন্ম লাভ কৰে আৰু পুনজনমত পূর্বজন্মৰ পাপৰ ফল ভোগ কৰিবলগীয়া হয়। সেয়ে বৌদ্ধধৰ্মৰ মতে মানুহে নির্বাণ অর্থাৎ পুনজন্মৰ পৰা হাত সাৰিবলৈ আসক্তিশূন্য জীবন-যাপন কৰিব লাগিব। বৌদ্ধধর্ম নির্বাণৰ ধাৰণাৰ লগত হিন্দু ধৰ্মৰ মোক্ষ লাভৰ ধাৰণাৰ মিল আছে।
৬। পুৰাণ শাস্ত্ৰৰ ওপৰত এটি টোকা লিখা।
উত্তৰ: পুৰাণ শব্দৰ অৰ্থ প্রাচীন। ‘পুৰাণ’ হৈছে হিন্দুসকলৰ ধৰ্ম আৰু সামাজিক ক্রিয়া-কাণ্ড সম্পর্কীয় পুথি। পুৰাণৰ সংখ্যা শতাধিক যদিও প্রধান পুৰাণ ওঠৰটা। এইবোৰ সংস্কৃত ভাষাত ৰচিত হৈছিল। পুৰাণ গ্রন্থসমূহত ধর্মীয় আৰু সামাজিক নীতি-নিয়ম সম্পর্কীয় আলোচনা আৰু নির্দেশাবলী থকাৰ লগতে বিভিন্ন দেৱতাসকলৰ পৰিচয়, প্রাচীন ভাৰতৰ ৰজা-মহাৰজসকলৰ বিৱৰণ, ইতিহাস, সামাজিক পৰম্পৰা আদি নানা বিষয়ৰ বৰ্ণনা আছে। হিন্দু ধৰ্মত বেদৰ পিচতেই পুৰাণৰ স্থান।
৭। বৌদ্ধ ধর্ম আৰু হিন্দু ধৰ্মৰ এটি তুলনামূলক টোকা প্রস্তুত কৰা।
উত্তৰ: বৌদ্ধ ধৰ্ম আৰু হিন্দু ধর্ম দুয়োটাই ভাৰতীয় মূলৰ ধৰ্ম। দুয়ো ধৰ্মৰ মাজত বহুতো মিল আছে। যেনে দুয়ো ধর্মই পুনৰজন্মত বিশ্বাসী। দুয়ো ধর্মই মোক্ষ লাভৰ ওপৰত জোৰ দিছে। দুয়ো ধর্মই সামাজিক আৰু ৰাষ্ট্ৰীয় শান্তিৰ পোষকতা কৰে।
অৱশ্যে দুয়ো ধৰ্মৰ মাজত আদর্শগত বিস্তৰ অমিলো আছে। যেনে-
(ক) হিন্দু ধৰ্মত চাৰি আশ্ৰমৰ ব্যৱস্থাৰ আছে। কিন্তু বৌদ্ধধৰ্মত কোনো আশ্ৰমৰ ব্যৱস্থা নাই।
(খ) হিন্দু ধর্মত জাতিভেদ প্রথা বিদ্যমান। কিন্তু বৌদ্ধ ধর্মত জাতিভেদ প্রথা নাই।
(গ) হিন্দু ধৰ্মত বেদৰ প্রাধান্য আছে। কিন্তু বৌদ্ধ ধৰ্মত বেদৰ প্রাধান্য স্বীকাৰ কৰা নাই।
(ঘ) হিন্দু ধৰ্মত মানুহৰ পাৰ্থিৱ আৰু আধ্যাত্মিক দুয়ো দিশতে গুৰুত্ব প্রদান কৰা হৈছে। কিন্তু বৌদ্ধ ধর্মত পার্থিব সুখ-শান্তি বৰ্জন কৰি নিৰ্বাণ লাভ কৰাৰ ওপৰত জোৰ দিয়া হৈছে। অর্থাৎ ই সম্পূর্ণ বৈৰাগ্য জীবন সমর্থন কৰে।
(ঙ) হিন্দু ধর্মত কোনো সংঘ নাই। কিন্তু বৌদ্ধ ধর্মত সংঘ নামৰ প্রতিষ্ঠান আছে য’ত বৌদ্ধসকলে নিৰাসক্ত জীৱন-যাপনৰ প্রশিক্ষণ ল’ব লাগে।
(চ) হিন্দু ধৰ্মত জীৱৰ প্ৰতি দয়া দেখুৱাৰ নিৰ্দেশ আছে যদিও বৌদ্ধ ধৰ্মত জীৱৰ প্রতি দয়া গুণে প্রাধান্য পাইছে।
ছ) হিন্দু ধর্মই বিশ্বব্রহ্মাণ্ডৰ সকলো বস্তুকে ঈশ্বৰময় জ্ঞান কৰে। কিন্তু বৌদ্ধ ধর্মত এই দর্শন নাই। বৌদ্ধ ধর্ম মতে ‘অহিংসাই পৰম ধর্ম’।
ঘ. ৰচনাধৰ্মী উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)
১। বুদ্ধদেৱৰ শিকনিসমূহ আলোচনা কৰা।
অথবা
বৌদ্ধ ধৰ্মৰ মূল শিক্ষাৰ সাৰাংশ লিখা। H. S. ’18
উত্তৰ : বুদ্ধদেৱৰ শিকনিসমূহ সূত্ত পিটকৰ কাহিনীবোৰত লিপিবদ্ধ আছে। কিছুমান কাহিনীত বুদ্ধৰ অলৌকিক শক্তিৰ বিষয়ে আৰু কিছুমান কাহিনীত তেওঁৰ শিকনিসমূহ আছে। তেওঁ অলৌকিক কাহিনীবে নহয়, বৰং যুক্তি তর্ক আৰু বিবেকৰ দ্বাৰাহে মানুহক বুজাবলৈ যত্ন কৰিছিল।
বুদ্ধ দর্শন মতে, পৃথিৱীখন ক্ষণস্থায়ী আৰু সঘনাই পৰিৱৰ্তনশীল। সেইবাবে ইয়াত স্থায়ী বা নিত্য বুলি কোনো কথা নাই। এই ক্ষণস্থায়ী বিশ্বৰ ভিতৰত মানুহৰ জন্মই দুখৰ কাৰণ। কামনা, বাসনা, তৃষা, আসক্তি, মোহ, আদি প্রবৃত্তিয়ে সেই দুখৰ উদ্ভৱ কৰে।
দুখৰ পৰা নিৰ্বাণ লাভ কৰাই হৈছে বুদ্ধদেৱৰ মতে জীৱনৰ মূল লক্ষ্য। মৃত্যুৰ পিছত আত্মাই পুনৰ জীৱন লাভ কৰে আৰু আগৰ জীৱনৰ কৰ্মফল ভোগ কৰে। পুনৰ জন্মৰ পৰা হাত সাৰিবলৈ অর্থাৎ নির্বাণ লাভ কৰিবলৈ তেওঁ অষ্ট মাৰ্গৰ কথা কৈছে। সেই কেইটা হ’ল: সৎ বাক্য, সৎ কর্ম, সৎ জীৱন, সৎ প্রচেষ্টা, সৎ চিন্তা, সৎ চেতনা, সৎ প্রতিজ্ঞা আৰু সৎ দর্শন।
২। বৌদ্ধ ধৰ্মৰ কৃতকাৰ্যতাৰ মূল কাৰণসমূহ কি আলোচনা কৰা।
উত্তৰ: গৌতম বুদ্ধই প্ৰৱৰ্তন কৰা বৌদ্ধ ধর্মই অতি সোনকালেই বিস্তাৰ লাভ কৰি ভাৰতৰ লগতে ওচৰ চুবুৰীয়া অন্যান্য দেশতো জনপ্রিয়তা লাভ কৰিছিল। ইয়াৰ কেইবাটাও কাৰণ আছে, যেনেঃ
(ক) বৌদ্ধ ধর্ম আৱিভাৰ্বৰ সময়ত ভাৰতত জাতিভেদ প্রথা চলি আছিল। জাতিভেদ প্রথাৰ বাবে সমাজত উচ্চ শ্ৰেণীৰ লোকসকলে নিম্ন শ্ৰেণীৰ লোকসকলৰ ওপৰত বিভিন্ন ধৰণৰ শোষণ আৰু নির্যাতন চলাইছিল। কিন্তু বুদ্ধদেৱে প্ৰচাৰ কৰা বৌদ্ধধর্মত কোনো জাতিভেদ প্রথা নাছিল। সেয়ে অত্যাচাৰিত নিম্ন বৰ্ণৰ হিন্দুসকল বৌদ্ধ ধৰ্মৰ প্রতি আকৃষ্ট হৈছিল আৰু বৌদ্ধ ধর্মই অতি সহজে বিস্তাৰ লাভ কৰিব পাৰিছিল।
(খ) বৌদ্ধ ধর্ম আছিল ৰজাঘৰীয়া ধর্ম। গৌতম বুদ্ধ আছিল এজন ৰাজকুমাৰ। সেয়ে জনসাধাৰণে বুদ্ধদেৱৰ শিকনিসমূহ ৰাজ আদেশ হিচাপে মানি চলিছিল।
(গ) বৌদ্ধ ধর্ম কৃতকার্যতা লাভ কৰাৰ আন এক কাৰণ হৈছে ই ৰজা-মহাৰজাসকলৰ পৃষ্ঠপোষকতা লাভকৰিছিল। সম্রাট অশোকে বৌদ্ধ ধৰ্মৰ বাণীসমূহ শিলত খোদাই কৰি ঠায়ে ঠায়ে স্থাপন কৰি এই ধৰ্ম প্ৰচাৰত ইন্ধন যোগাইছিল। ইয়াৰ উপৰিও সম্রাট অশোকে নিজ পুত্র আৰু কন্যাক বৌদ্ধ ধৰ্মৰ বাণীসমূহ প্ৰচাৰৰ বাবে বিদেশলৈ প্রেৰণ কৰিছিল।
(ঘ) বৌদ্ধ ধৰ্মৰ বাণীসমূহ আছিল সবল জীবন যাপন কৰাৰ মৌলিক বাণী। জনসাধাৰণ এনে বাণীৰ দ্বাৰা অতি সহজে প্রভাবিত হৈছিল।
২। বৌদ্ধ ধৰ্মৰ অৱনতিৰ কাৰণসমূহ কি আলোচনা কৰা।
উত্তৰ: গৌতম বুদ্ধই প্ৰৱৰ্তন কৰা বৌদ্ধ ধর্ম ইয়াৰ প্ৰাৰম্ভিক কালতে দেশে বিদেশে যথেষ্ট জনপ্রিয়তা আৰু প্ৰচাৰ লাভ কৰিছিল। কিন্তু লাহে লাহে এই ধর্মই জনপ্রিয়তা হেৰুৱায় আৰু অৱনিতৰ পিনে ঢাল খায়। ইয়াৰ কাৰণ কেইবাটাও, যেনেঃ
(ক) হিন্দু ব্রাহ্মণসকলে বৌদ্ধ ধর্মক ইয়াৰ আবিৰ্ভাবৰ সময়ৰ পৰাই হিন্দু ধৰ্মৰ প্ৰতিদ্বন্দ্বী বুলি ভাবিছিল। সেয়ে হিন্দু ব্রাহ্মণ আৰু পুৰোহিতসকলে ইয়াৰ বিস্তাৰত সৰ্বতো প্ৰকাৰে চেষ্টা কৰিছিল।
(খ) বৌদ্ধ ধর্মত ‘সংঘ’ নামৰ প্ৰতিষ্ঠান আছিল য’ত বৌদ্ধসকলে এই ধৰ্মৰ কঠোৰ নীতি-নিয়মৰ অনুশীলন কৰিব লাগিছিল। প্রথম অৱস্থাত এই প্রতিষ্ঠানটো ঠিকে ঠিকে চলিছিল যদিও পিছলৈ সংঘ ব্যৱস্থাত কেৰোণ সোমাইছিল। ফলত বৌদ্ধধর্মই জনপ্রিয়তা হেৰুৱাইছিল।
(গ) বৌদ্ধ ধৰ্মৰ বিস্তাৰত বাধা দিয়াৰ এক উপায় হিচাপে হিন্দু পণ্ডিত আৰু ব্রাহ্মণসকলে গৌতম বুদ্ধক ভগৱানৰ এক অৱতাৰ হিচাপে প্ৰচাৰ কৰি বৌদ্ধ ধর্ম হিন্দু ধৰ্মৰে এক ৰূপ বুলি বুজাইছিল। ফলত সহজ সৰল হোজা জনসাধাৰণে বৌদ্ধ ধৰ্মৰ প্ৰতি ঢাল খোৱা বন্ধ কৰিছিল।
(ঘ) মুছলমানসকলৰ ভাৰত শাসন কালছোৱাত ভাৰতত ইছলাম ধর্মই প্রাধান্য লাভ কৰে। ফলত হিন্দু ধৰ্মৰ লগতে বৌদ্ধ ধর্ময়ো অৱনতিৰ পিনে ঢাল খায়।
(ঙ) বৌদ্ধ ধর্মটো এক জটিল আৰু কঠোৰ ধৰ্ম। এই ধর্ম পালনকাৰীসকলে বহুতো নীতি-নিয়ম আৰু নিষেধ বাক্য মানি চলিব লাগে। ফলত স্বাভাৱিকতেই এই ধৰ্মৰ প্ৰতিৰ জনসাধাৰণৰ আকৰ্ষণ হ্রাস পাইছিল।