Join WhatsApp

Join Now

Join Telegram

Join Now

শব্দৰ আধাৰ আৰু প্ৰকৰণ Bases and types of words 2026

By Nzmina Begum

Published On:

অসমীয়া শব্দৰ আধাৰ আৰু প্ৰকৰণ Bases and types of words

শব্দৰ আধাৰ আৰু প্ৰকৰণ Bases and types of words

অসমীয়া শব্দৰ আধাৰ আৰু প্ৰকৰণ Bases and types of words: অসমীয়া ভাষাৰ শব্দ ভঁৰালত থকা শব্দবোৰৰ সৰহভাগেই মূল সংস্কৃতৰ পৰা আহিছে যদিও ই অন্যান্য দেশী আৰু বিদেশী ভাষাৰ পৰাও ই সময়ে সময়ে বহু শব্দ গ্ৰহণ কৰিছে।

👉 Read also:

আকৌ স্বতন্ত্ৰৰীয়াকৈ স্থানীয়ভাৱেও বহুতো শব্দৰ উৎপত্তি হৈছে। এই দিশসমূহ বিবেচনা কৰি অসমীয়া ভাষাৰ শব্দসমূহক মুঠতে ছয়টা ভাগত ভাগ কৰিব পাৰি, যথা–

(১) তৎসম শব্দ

(২) তদ্ভৱ শব্দ

(৩) নৱ্য ভাৰতীয় ভাষাৰ শব্দ

(৪) দেশীয় শব্দ

(৫) বিদেশী শব্দ আৰু

(৬) অনাৰ্যমূলীয় শব্দ ।

১। তৎসম শব্দ

যিবোৰ  মূল সংস্কৃত শব্দ হুবহু ৰূপত অসমীয়া ভাষাতো ব্যৱহাৰ হৈ আহিছে সেই বিলাক শব্দক তৎসম শব্দ বোলে।

উদাহৰণ: ধন, ফুল, ফল, অস্ত্ৰ, গগন, চন্দ্ৰ, লতা, নদী, আকাশ, অগ্নি, বৃক্ষ, বায়ু, পুষ্প, ইত্যাদি।

তৎসম শব্দৰ এটি ভাগ হৈছে অৰ্দ্ধতৎসম শব্দ।  যিবোৰ তৎসম শব্দ মূল সংস্কৃতৰ পৰা অসমীয়ালৈ আহোতে বানান বা উচ্চাৰণৰ বিকৃতি ঘটিছে বা সামান্য পৰিৱৰ্তন হৈছে সেইবোৰ শব্দক অৰ্দ্ধতৎসম শব্দ বুলি কোৱা হয়। উদাহৰণ:

পদ্ম   — পদুম

যত্ন   — যতন

পদ্ম   — পদুম

দৰ্শন —- দৰশন

ধৰ্ম্ম  —- ধৰম

কৰ্ম্ম —- কৰম

ৰত্ন    —- ৰতন

মিথ্যা —- মিছা

তৃষ্ণা  —- তৃষা

মিত্ৰ   —- মিতিৰ

বৃক্ষ    —- বিৰিখ

স্থিৰ   —- থিৰ ইত্যাদি।

২। তদ্ভৱ শব্দ

মূল সংস্কৃতৰ পৰা প্ৰকৃত আৰু প্ৰকৃতৰ পৰা অসমীয়ালৈ পৰিৱৰ্তিত হৈ অহা শব্দবোৰক তদ্ভৱ শব্দ বোলে। উদাহৰণ–

পত্ৰ — পাত

ব্যঘ্ৰ — বাঘ

হস্ত — হাত

পিতৃ — পিতা

চক্ষু — চকু

হস্তী —- হাতী  ইত্যাদি।

৩। নৱ্য ভাৰতীয় ভাষাৰ শব্দ

ভাৰতীয় ভাষাসমূহৰ শব্দৰ ক্ষেত্ৰত ইটো ভাষাৰ শব্দ সিটো ভাষাৰ শব্দৰ মাজত সহজে সোমাই পৰে। এনেদৰে  আন ভাৰতীয় ভাষাৰ পৰা অসমীয়া ভাষালৈ সোমাই অহা শব্দসমূহকে নৱ্য ভাৰতীয় ভাষাৰ শব্দ বোলে। উদাহৰণ–

হিন্দুস্থানী ভাষাৰ পৰা অহা শব্দ ‘আবীৰ’

(ফাঁকু) বঙালী ভাষাৰ পৰা অহা ৰসগোল্লা ইত্যাদি।

৪। দেশীয় শব্দ

আৰ্যসকলৰ পূর্বে ভাৰতত বাস কৰা দ্ৰাবিড়, কোল আদি অনাৰ্য জাতিৰ ভাষাৰ পৰা পৰিৱৰ্তিত হৈ অসমীয়ালৈ  অহা যিবোৰ শব্দৰ মূল বিচাৰি পোৱা নাযায় সেইবোৰ শব্দক দেশীয় শব্দ বোলে। উদাহৰণ–

গাওঁবুঢ়া, থোপা, পেট, গাড়ী, ঢোল, ইত্যাদি।

৫। বিদেশী শব্দ

বিভিন্ন সময়ত ভাৰতলৈ আগমন কৰা নানান বিদেশী ভাষাগোষ্ঠীৰ লোকৰ ভাষাৰ পৰা অসমীয়া ভাষাই কিছু শব্দ গ্ৰহণ কৰিছে।

এনেদৰে বিদেশী ভাষাৰ পৰা অসমীয়া ভাষালৈ অহা শব্দবোৰক বিদেশী শব্দ বোলে। বিদেশী ভাষাৰ ভিতৰত বিশেষকৈ আৰবী, পাৰ্চী, তুৰ্কী, ইংৰাজী, ফৰাচী, পৰ্তুগীজ আদি ভাষাৰ পৰা বহুত শব্দ আমাৰ অসমীয়া ভাষাত প্ৰৱেশ কৰিছে। উদাহৰণ–

(ক) আৰবী শব্দ: দলিল, আচামী, উকিল, তলব, খবৰ, জাহাজ, তাৰিখ, মচজিদ, হুকুম, খাজনা, কলম,  ইত্যাদি।

(খ) পাৰ্চী শব্দ: চৰকাৰ, কুস্তি, বজাৰ, বাগান, কাৰখানা, বন্দোবস্ত, মচগুল, ৰাস্তা, চচমা, আইন  ইত্যাদি।

(গ) ইংৰাজী শব্দ: ডক্তৰ, নোট, পকেট, পেন্ট, ট্ৰাউজাৰ গভৰ্ণমেন্ট, পেন, মাষ্টাৰ, পোষ্ট অফিচ, ব্রাচ, মটৰ, ডায়েৰী, গ্লাচ, কেচেট, টি ভি, ৰেডিঅ, স্কুল, কলেজ, ইঞ্জিনিয়াৰ  ইত্যাদি।

(ঘ) ফৰাচী শব্দ: ফিৰিঙ্গি, কুপন, বৰ্জোৱা, কাৰ্টুন  ইত্যাদি।

(ঙ) পৰ্তুগীজ শব্দ: আলমাৰি, পাওৰুটি, অনাৰস, বুতাম, বোতল, বাল্টি, চাগু, আলকাতৰা, চােবান, বেহেলা, চাবি, নিলাম ইত্যাদি।

৬। অনাৰ্যমূলীয় শব্দ

অষ্ট্ৰো-এচিয়াটিক, তিবৰ্বত-বৰ্মী আৰু আহোমসকলৰ টাই ভাষাৰ পৰা যিবোৰ শব্দ পৰিৱৰ্তিত হৈ অসমীয়া ভাষাত প্ৰৱেশ কৰিছে সেইবোৰ শব্দক অনাৰ্যমূলীয় শব্দ বোলে। উদাহৰণ–

(ক) অষ্ট্ৰে-এচিয়াটিক:

খাচী: কাৰো — কােবৗ, সোহলং — সোলেং ইত্যাদি।

কোলবিয়ান—  ওেবাব — ওবুৰিয়া ইত্যাদি।

মালয়ান– বপাই — বোপাই  ইত্যাদি।

(খ) তিবৰ্বত-বৰ্মী:

বড়ো: (নদীৰ নাম) দিচাং, দিহিং, দিবং, দিক্ৰিং, আদি।

অন্যান্য শব্দ যেনে– ৰাংঙা — ৰঙা,  জাংখলা — জখলা ইত্যাদি।

(গ) টাই

জান — জান, কাৰং —- কাৰেং, বুৰঞ্জী — বুৰুঞ্জী ইত্যাদি।

সেইদৰে আন কিছুমান শব্দ যেনে–  নামদাং, নামচাং,  ৰংঘৰ, হেংডাং, বৰফুকন, বৰপাত্ৰ গোহাঁই চোমদেউ, চাংমাই,ইত্যাদি।

অনুশীলনী

(১) তৎসম শব্দ বুলিলে কি বুজা ? উদাহৰণ দিয়া।

(২) তদ্ভৱ শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৩) নৱ্য ভাৰতীয় ভাষাৰ শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৪) দেশীয় শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৫) বিদেশী শব্দ বুলিলে কি বুজা ? উদাহৰণ দিয়া ।

(৬) অনাৰ্যমূলীয় শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৭) তলত দিয়া শব্দবোৰৰ উৎসবোৰৰ নাম লিখা–

বোতল, বাল্টি, চাগু, চাংমাই, বৰফুকন, বোপাই, বাগান, কাৰখানা, বন্দোবস্ত, গাওঁবুঢ়া, থোপা,  পেট, অগ্নি, বৃক্ষ, গগন, চন্দ্ৰ, আবীৰ, পাওৰুটি, অনাৰস, বুতাম।

👉 Read also:

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ শব্দৰ আধাৰ আৰু প্ৰকৰণ যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment