Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়া ণত্ব বিধি Natba Bidhi in Assamese 2026

By Nzmina Begum

Published On:

অসমীয়া ণত্ব বিধি Natba Bidhi in Assamese

অসমীয়া ণত্ব বিধি Natba Bidhi in Assamese

অসমীয়া ণত্ব বিধি Natba Bidhi in Assamese: ণত্ব বিধি অসমীয়া ভাষাত দন্ত্য ‘ন’ আৰু মূৰ্দ্ধণ্য ‘ণ’ৰ ব্যৱহাৰৰ কিছুমান বিধি আছে যিবোৰ  অনুসৰণ কৰি কোনো শব্দত ‘ন’ হ’বনে ‘ণ’ হ’ব সেয়া থিৰাং কৰা হয়। সেই বিধিসমূহকে ‘ণত্ব বিধি’ বুলি কোৱা হয়।

👉 Read also:

অৰ্থাৎ যি বিধি বা নিয়মমতে দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ লৈ ৰূপান্তৰিত হয় তাকে ণত্ব বিধি বোলে। অসমীয়া ভাষাত প্ৰয়োগ হোৱা সংস্কৃত শব্দবিলাকত এই বিধি প্ৰযোজ্য হয় যদিও অসমীয়া কিছুমান শব্দতো এই নিয়মৰ প্ৰয়োগ হয়।

তলত ণত্ব বিধিৰ নিয়ম কেইটা দিয়া হ’ল।

(১) ঋ, ৰ, ষ -ৰ পিছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধণ্য হয়। উদাহৰণ–

কৰ্ণধাৰ, কৰ্ণপাত, কৰ্ণগোচৰ, কৰ্ণপথ, তৃণ, ঋণ, বৰ্ণ, কৃষ্ণ, কৰ্ণ, পূৰ্ণ, জীৰ্ণ  ইত্যাদি।

(২) কোনো পদত থকা ঋ, ৰ, ষ আৰু দন্ত্য ‘ন’ ৰ মাজত স্বৰবৰ্ণ ‘ক’ বৰ্গ, ‘প’ বৰ্গ, য, ব, হ  নাইবা অনুস্বাৰ (ং) থাকিলে দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়। উদাহৰণ–

অৰ্পণ, বৰষুণ, শ্ৰৱণ, কাৰণ, কৃপণ, বৰুণ, কৰুণ, অৰুণ, পাষাণ, গ্ৰহণ, ৰুক্মিণী ইত্যাদি।

(৩) ট- বৰ্গৰ কোনো বৰ্ণ যুক্ত হ’লে  দন্ত্য ‘ন’ মূৰ্দ্ধণ্য হয়। উদাহৰণ–

কণ্টক,  পিণ্ড, বিষণ্ণ, ঘণ্টা, কণ্ঠ, অণ্ড, দণ্ড, দণ্ডি ইত্যাদি।

(৪) প্ৰ, পূবৰ্ব, পৰ, অপৰ – আদি শব্দ আগত থাকিলে পিছৰ শব্দত থকা ‘অহ্ন’ শব্দৰ  দন্ত্য ‘ন’ মূৰ্দ্ধণ্য হয়। উদাহৰণ–

পৰাহ্ন, প্ৰাহ্ন, পূৰ্বাহ্ন, অপৰাহ্ন ইত্যাদি।

(৫) উত্তৰ, দক্ষিণ, পৰ, পৰা, পাৰ, চান্দ্ৰ, নাৰ,  ৰাম – আদি শব্দৰ পাছত থকা ‘আয়ন’  শব্দৰ  দন্ত্য ‘ন’ মূৰ্দ্ধণ্য হয়। উদাহৰণ–

পৰায়ণ, ৰামায়ণ, নাৰায়ণ, উত্তৰায়ণ, চন্দ্ৰায়ণ, দক্ষিনায়ণ ইত্যাদি।

(৬) ‘অক্ষ’ শব্দৰ পাছত থকা ‘ঊহিনী’  শব্দৰ  দন্ত্য ‘ন’ মূৰ্দ্ধণ্য হয়। আৰু ‘নখ’ শব্দৰ দন্ত্য ‘ন’ মূৰ্দ্ধণ্য হয়। উদাহৰণ–

অক্ষৌহিণী, শূৰ্পণখা ।

(৭) প – বৰ্গৰ আগত আন বৰ্ণ থাকিলে বা যোগ হ’লে দন্ত্য ‘ন’ মূৰ্দ্ধণ্য হয়। উদাহৰণ–

মৃত্যুপণ, সমৰ্পণ, নিৰূপণ, প্ৰাণ, সম্পূৰ্ণ ইত্যাদি।

(৮) প্ৰ, পৰা, পৰি, নিৰ – আদি উপসৰ্গৰ পৰৱৰ্তী নী, সম, নশ, নু , নদ আদিৰ দন্ত্য ‘ন’ মূৰ্দ্ধণ্য হয়। উদাহৰণ–

পৰিণাম, পৰিণয়, পৰিনয়ণ, নিৰ্ণয়, প্ৰণয়, প্ৰণৱ, প্ৰণাম, প্ৰণিপাত ইত্যাদি।

(৯) ‘অগ্ৰ’ আৰু ‘গ্ৰাম’ শব্দৰ পাছত থকা ‘নী’-ৰ  দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়। উদাহৰণ–

গ্ৰামীণ, অগ্ৰণী ইত্যাদি।

(১০) বৃক্ষবাচক শব্দৰ পাছত সাধাৰনতে দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়। উদাহৰণ–

আম্ৰবণ, দ্ৰাক্ষাবণ ইত্যাদি।

(১১) কিছুমান অসমীয়া শব্দত স্বাভাৱিকতে দন্ত্য ‘ন’ নহৈ  মূৰ্দ্ধণ্য ‘ণ’ হয়। উদাহৰণ–

বেণু, অণু, কণকণ, কল্যাণ, পুণ্য, কোণ, গৌণ, তৃণ,  পাণি, ফণা, চিকুণ, ঘুণ,  সোণ, মণি,  লাৱণ্য, অকণি, বিপণী, লৱণ, ফণি ,বাণি, বেণী, মাণিক্য, বাণিজ্য, নিপুণ, কণিকা, চাণক্য, শাণ, গুণ, গণ, শোণিত, ইত্যাদি।

অসমীয়া ভাষাত এনে কিছুমান পদ আছে যিবোৰত এই বিধিবোৰ নাখাটে, যেনে–

(১) বিদেশী শব্দৰ শেষত থকা  দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ নহয়। উদাহৰণ–

জাৰ্মান, কোৰান, ইৰান, জাপান, ইউৰেনাচ ইত্যাদি।

(২) দুটা শব্দ গোট খাই এটা শব্দ হ’লে আৰু আগৰ শব্দত ঋ, ৰ, ষ- থাকিলেও পিছৰ শব্দৰ  দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ নহয়। উদাহৰণ–

সৰ্বনাম, হৰিনাম, দুৰ্নাম ইত্যাদি।

(৩) ত- বৰ্গ যুক্ত   দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ নহয়। উদাহৰণ–

পান্থ, ৰন্ধন, বন্ধন, গ্ৰন্থ, বন্দনা, দন্ত, বৃন্দ ইত্যাদি।

(৪) অসমীয়া স্ত্ৰীলিঙ্গ বুজোৱা অনী, ৰানী, ৰণী আদি শব্দত দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ নহয়। উদাহৰণ–

কমাৰনী, কুমাৰনী, চুৰুনী, চাকৰনী, ৰুদ্ৰানী ইত্যাদি।

অনুশীলনী

(১) ণত্ব বিধি বুলিলে কি বুজা ?

(২) ণত্ব বিধিৰ কোন কোন ক্ষেত্ৰত প্ৰযোজ্য হয়, লিখা।

(৩) ক’ত ক’ত ণত্ব বিধি প্রযোজ্য নহয়, লিখা।

(৪) তলত দিয়া শব্দবোৰত ‘ণ’ হোৱাৰ কাৰণ দৰ্শোৱা।

শূৰ্পণখা, দক্ষিণায়ণ, ৰামায়ণ, জীৰ্ণ, গ্ৰহণ, পাষাণ, কণ্টক, কৰ্ণ, বিষ্ণু, বৰষুণ, প্ৰণয়,  কোণ, চিকুণ, শ্ৰৱণ, বৰ্ষণ, কণ্ঠস্থ, চাণক্য, মাণিক্য, প্ৰণিপাত,  অপৰাহ্ন, প্ৰণৱ, পাণি, অক্ষৌহিণী।

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ ণত্ব বিধি। Natba Bidhi যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment