Join WhatsApp

Join Now

Join Telegram

Join Now

বাচ্য কাক বোলে? অসমীয়া বাচ্য Voice in Assamese 2026

By Nzmina Begum

Published On:

বাচ্য কাক বোলে? অসমীয়া বাচ্য Voice in Assamese: ভাষাত বাক্যৰ গঠন আৰু কথোপকথনৰ ৰূপ বিচাৰি চোৱাৰ ক্ষেত্ৰত বাচ্য এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। বাক্যত কাৰ্য আৰু কৰ্তাৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি অসমীয়া ভাষাত চাৰিধৰণৰ বাচ্য পোৱা যায়।

বাচ্য কাক বোলে অসমীয়া বাচ্য Voice in Assamese

বাচ্য কাক বোলে? অসমীয়া বাচ্য Voice in Assamese

👉 Read also:

(বাচ্য Voice in Assamese) বাচ্য বুলিলে কথা, উক্তি, বক্তব্য আদিক বুজোৱা হয়। বাক্যত ক্ৰিয়াই মুখ্য স্থান দখল কৰে আৰু ক্ৰিয়াৰ লগত বাক্যত থকা আন আন পদৰ সংগতি থাকে। বাক্যত ক্ৰিয়াই সাধাৰণতে কৰ্তাৰ বিষয়ে আৰু কেতিয়াবা কৰ্মৰ বিষয়ে কয়। কোনো কোনো বাক্যত কৰ্তাই প্রাধান্য পায় আৰু কোনো কোনো বাক্যত কৰ্মই প্রাধান্য পায়। উদাহৰণ–

(১) আমি চাহ খালো।

(২) আমাৰ চাহ  খোৱা হ’ল।

উক্ত ১ নং বাক্যটিত কৰ্তাই প্রাধান্য পাইছে আৰু কৰ্তা বাক্যৰ আদিতে বহিছে। আনহাতে ২ নং বাক্যটিত কৰ্মই প্রাধান্য পাইছে । এনেদৰে বাক্যত ক্ৰিয়াই যাৰ বিষয়ে কয় তাৰ ওপৰত নিৰ্ভৰ কৰি অসমীয়া বাক্য (বাচ্য)ক চাৰিটা ভাগ কৰা হৈছে, যথা–

(১) কৰ্তৃবাচ্য

(২) কৰ্মবাচ্য

(৩) ভাববাচ্য আৰু

(৪) কৰ্ম-কৰ্তৃবাচ্য।

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

১। কৰ্তৃবাচ্য

যি বাক্যত ক্ৰিয়াই কৰ্তাক প্রাধান্য দিয়ে বা কৰ্তা প্ৰধান হৈ বাক্যৰ প্ৰথমতে বহে তাকে কৰ্তৃবাচ্য বোলে। উদাহৰণ–

সিহঁতে ভাত খাইছে।

তাই স্কুললৈ যায়। ৰাজাই  বাইেবল পঢ়িছে।

ডেভিডে  ক্ৰিকেট খেলিছে।

ওপৰৰ প্ৰতিটো বাক্যত কৰ্তা বাক্যৰ প্ৰথমতে বহিছে আৰু ই বাক্যত প্ৰধান্য পাইছে।

২। কৰ্মবাচ্য

যি বাক্যত কৰ্ম প্ৰধান হৈ বহে  আৰু কৰ্মৰ লগত ক্ৰিয়াৰো  প্ৰধান সম্বন্ধ হয় তাকে কৰ্মবাচ্য বোলে।  কৰ্মবাচ্যৰ বাক্যত  কৰ্মৰ লগত প্ৰথমা বিভক্তি আৰু  কৰ্তাত ষষ্ঠী বা তৃতীয়া বিভক্তি যোগ হয় আৰু কৰ্ম অনুযায়ী ক্ৰিয়া পদ হয়।  ইয়াত কৰ্তৃবাচ্যৰ ক্ৰিয়াটো কৃদন্ত পদ হয়  আৰু তাৰ পাছত ‘হ’ বা ‘যা’ ধাতুৰ সাধ্যা ক্ৰিয়াৰ ৰূপত ব্যৱহাৰ হয়। উদাহৰণ–

কৰ্তৃবাচ্য – নৱনিতাই চিঠিখন লিখিলে।

কৰ্মবাচ্য – নৱনিতাৰ দ্বাৰা চিঠিখন লিখা হ’ল।

ইয়াত কৰ্তৃবাচ্যৰ কৰ্তা ‘নৱনিতা’ ত তৃতীয়া বিভক্তি যোগ হৈ ‘নৱনিতাৰ দ্বাৰা’ হৈছে।  ‘চিঠিখন’- এই কৰ্ম পদটোত প্ৰথমা বিভক্তি হৈ  ই প্ৰধান হৈ বহিছে।  ‘লিখিছে’ – এই ক্ৰিয়া পদটোৰ কৃদন্ত ৰূপ ‘লিখা’ হৈ তাৰ পাছত ‘হ’ ধাতুৰ  সাধ্যা ক্ৰিয়াৰ ৰূপ লৈছে।

অন্যান্য উদাহৰণ–

কৰ্তৃবাচ্য – তপনে  কিতাপখন পঢ়িলে।

কৰ্মবাচ্য – তপনৰ দ্বাৰা কিতাপখন পঢ়া হ’ল।

কৰ্তৃবাচ্য – তাই  ফুটবল খেলি আছে।

কৰ্মবাচ্য – তাইৰ দ্বাৰা ফুটবল খেলি থকা হৈছে।

কৰ্তৃবাচ্য – তাই ভাত খালে।

কৰ্মবাচ্য – তাইৰ দ্বাৰা ভাত খোৱা হ’ল।

কৰ্মবাচ্যত কেতিয়াবা কৰ্তা উহ্য থাকে।

উদাহৰণ– ঘন্টা বজোৱা হ’ল।

চিঠিখন লিখা হ’ল। অংকটো কৰা হ’ল।

৩। ভাববাচ্য

যি বাক্যত ক্ৰিয়া প্ৰধান হিচাপে ব্যৱহাৰ হয় তাকে ভাববাচ্যৰ বাক্য বোলে।  এনে বাক্যত কৰ্তা উহ্য থাকে বা ষষ্ঠী বিভক্তিযুক্ত হয়। মূল ধাতুটো ‘আ’ প্ৰত্যয়ান্ত কৃদন্ত শব্দ হয় আৰু তাৰ পাছত সহায়কাৰী ‘হ’  বা ‘যা’ ধাতুৰ সমাপিকা ৰূপ হয় আৰু  সহায়কাৰী ক্ৰিয়াটো সদায় তৃতীয় পুৰুষত হয়। অকল অকৰ্মক ক্ৰিয়াৰহে ভাববাচ্য হয় আৰু সকৰ্মক হ’লে কৰ্মবাচ্য হয়। উদাহৰণ–

ভাববাচ্য – তাইৰ খোৱা হ’ল।

কৰ্মবাচ্য – তাইৰ ভাত খোৱা হ’ল।

তেনেদৰে,

লিখা হৈছিল।

শিকোৱা হ’ব।

যোৱা হ’ল। খেলা হ’ল।

পঢ়া হ’ল। শোৱা হ’ল। ইত্যাদি।

৪। কৰ্ম-কৰ্তৃবাচ্য

যি বাক্যত কৰ্মই কৰ্তাৰ দৰে কাম কৰে আৰু ক্ৰিয়া আপোনা-আপুনি সিদ্ধ হয় আৰু ক্ৰিয়াটো তৃতীয় পুৰুষত থাকে, এনে বাক্যকে কৰ্ম-কৰ্তৃ বাচ্যৰ বাক্য বোলা হয় ।

বৰষুণ দিছে।

ফল পকিছে।

মৌ মিঠা লাগে।

ধান পকিছে।

ৰ’দ দিছে।

অনুশীলনী

(১) বাচ্য বুলিলে কি বুজা ?

(২) বাচ্য কেইবিধ আৰু কি কি, উদাহৰণ দিয়া ?

(৩) কৰ্তৃবাচ্য বুলিলে কি বুজা ? সূত্ৰ লিখি উদাহৰণ দিয়া।

(৪) কৰ্মবাচ্য বুলিলে কি বুজা? সূত্ৰ লিখি উদাহৰণ দিয়া।

(৫) ভাববাচ্য বুলিলে কি বুজা? সূত্ৰ লিখি উদাহৰণ দিয়া।

(৬) কৰ্ম-কৰ্তৃবাচ্য বুলিলে কি বুজা? সূত্ৰ লিখি উদাহৰণ দিয়া।

(৭) তলত দিয়া বাক্যবোৰৰ বাচ্য পৰিৱৰ্তন কৰা–

(গ) আমাৰ তালৈ যোৱা নহ’ল।

(ঘ) টমে ৰামায়নখন পঢ়িলে।

(ক) আমি যোৱা ৰবিবাৰে নলবাৰীলৈ গৈছিলো।

(খ) সিহঁতে অংকটো কৰিলে।

👉 Read also:

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ অসমীয়া বাচ্য Voice in Assamese যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment