Join WhatsApp

Join Now

Join Telegram

Join Now

অনুৰূপ আৰু অনুকাৰ শব্দ Similar and Imitative Words 2026

By Nzmina Begum

Published On:

অনুৰূপ আৰু অনুকাৰ শব্দ Similar and Imitative Words

অনুৰূপ আৰু অনুকাৰ শব্দ Similar and Imitative Words

অনুৰূপ আৰু অনুকাৰ শব্দ Similar and Imitative Words: এই প্ৰবন্ধত আমি অনুৰূপ আৰু অনুকাৰ শব্দৰ অর্থ, উদাহৰণ, আৰু ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। তেন্তে, প্ৰস্তুত নহয়নে ভাষাৰ এই সুন্দৰ দিশবোৰ একেলগে জানিবলৈ?

👉 Read also:

ভাষা এটিত নানান ধৰণৰ শব্দ থাকে, যথা – অনুৰূপ শব্দ, অনুকাৰ শব্দ, বিপৰীত শব্দ, প্ৰতিশব্দ, সমাৰ্থক শব্দ ইত্যাদি। এই অধ্যায়ত  অনুৰূপ শব্দ (Similar Words) আৰু অনুকাৰ শব্দ (Onomatopoetics) বিষয়ে আলোচনা কৰা  হৈছে।

১। অনুৰূপ শব্দ (Similar Words)

কেতিয়াবা কোনো মূল শব্দৰ অৰ্থৰ জোৰ বা শক্তি বুজাবলৈ শব্দটোৰ আগত বা পিছত একেধৰণৰ অথচ অৰ্থশূন্য কিছুমান শব্দ ব্যৱহাৰ কৰা হয়, তেনে শব্দক অনুৰূপ শব্দ বোলে।উদাহৰণ–

চাকৰ-নাকৰ, মানুহ-দুনুহ,  মাছ-তাছ, পা-পইচা, ডা-ডাঙৰীয়া, হিচাপ-নিকাচ ইত্যাদি।

অনুৰূপ শব্দ তিনি প্ৰকাৰৰ, যথা–

(ক) অনুকাৰ অনুৰূপ

(খ) দ্বিৰুক্ত অনুৰূপ আৰু

(গ) যুৰীয়া বা অনিয়মিত অনুৰূপ।

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

(ক) অনুকাৰ অনুৰূপ

কোনো মূল শব্দৰ পাছত প্ৰায় একেধৰণৰ অথচ অৰ্থহীন যিবোৰ শব্দ যোগ দিয়া হয় সেইবোৰক অনুকাৰ অনুৰূপ শব্দ বোলে। উদাহৰণ–

ভাত-চাত, কিতাপ-চিতাপ, মাছ-তাছ ইত্যাদি।

২। দ্বিৰুক্ত অনুৰূপ

কেতিয়াবা মূল শব্দৰ আদি ধধ্বনিত জোৰ দি ধ্বনিটো দ্বিৰুক্ত কৰা হয়। এনেধৰণৰ অনুৰূপ শব্দক দ্বিৰুক্ত অনুৰূপ শব্দ বোলে।  উদাহৰণ–

জা-জলপান, পা-পইচা ডা-ডাঙৰীয়া ইত্যাদি।

৩। যুৰীয়া বা অনিয়মিত অনুৰূপ

কেতিয়াবা কোনো কোনো শব্দৰ লগত বেলেগ উচ্চাৰণৰ অৰ্থ শূন্য শব্দ যোগ কৰা হয়, এনে শব্দক যুৰীয়া বা অনিয়মিত অনুৰূপ শব্দবোলে। উদাহৰণ–

কাপোৰ-চােপৰ, খৰি-চৰি, খোৱা-লোৱা, গৰু-চৰু, বিয়া-বাৰু, তামোল-চামোল, চাহ-তাহ, মা-মচলা, মানুহ-দুনুহ,  চাকৰ-নাকৰ ইত্যাদি।

৪। অনুকাৰ শব্দ (Onomatopoetics)

কোনো ধ্বনি অথবা জীৱ-জন্তুৰ মাত অনুকৰণ কৰি  যি শব্দ সৃষ্টি কৰা হয়, সেইবোৰ শব্দক অনুকাৰ শব্দ বোলে। অনুকাৰ শব্দক ধনাত্মক শব্দ বুলিও কোৱা হয়। উদাহৰণ–

জক্‌-মক্‌, লত্‌-পট্‌, কেৰ্-কেৰ্, মেৰ্-মেৰ্, ধপ্‌-ধপ্‌, ঘৰ্-ঘৰ্, ফোচ্‌-ফোচ্‌, টং-টং, ধৰ্-ফৰ্, চেন-চেন্‌, চুচুক্‌-চামাক্‌, কক্‌-বক্‌, কেওঁ-কেওঁ, টুলুং-ভুটুং, থুনুক-থানাক, মেউ-মেউ, গিৰ-গিৰ, চিঁ-চিঁ, কু-কু, হিৰ্-হিৰ, কা্‌-কা্‌, টেৰ্-টেৰ্, গিৰ-গিৰ, চিঁ-চিঁ, কু-কু, হিৰ্-হিৰ, হৰ্-হৰ্, চৌ-চৌ, তজ-বজ, হৰ্-হৰ্, চৌ-চৌ, জক্‌-মক্‌, জল্‌-জল্‌, তজ-বজ  ইত্যাদি।

অনুশীলনী

(১) অনুৰূপ শব্দ  বুলিলে কি বুজা ?

(২) অনুৰূপ শব্দক কেই ভাগত ভাগ কৰা হৈছে?।

(৩) অনুকাৰ অনুৰূপ শব্দ বুলিলে কি বুজা ? উদাহৰণ দিয়া।

(৪) দ্বিৰুক্ত অনুৰূপ শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৫) যুৰীয়া বা অনিয়মিত অনুৰূপ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৬) অনুকাৰ শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৭) অনুকাৰ অনুৰূপ শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৮) অনুকাৰ অনুৰূপ শব্দ বুলিলে কি বুজা ? উদাহৰণ দিয়া।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment