বিয়াৰ প্রেজেন্ট Class 11 Assamese Chapter 9 Solutions ২০২৫

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘বিয়াৰ প্রেজেন্ট‘ পাঠটিৰ প্রশ্নোত্তৰ Class 11 Assamese Chapter 9 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে ‘বিয়াৰ প্রেজেন্ট প্রশ্নোত্তৰ’খন আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক প্রশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে। ‘বিয়াৰ প্রেজেন্ট প্রশ্নোত্তৰ’ চাওঁক:

বিয়াৰ প্রেজেন্ট Class 11 Assamese Chapter 9 Solutions

চৈয়দ আব্দুল মালিক

লেখক পৰিচয়ঃ চৈয়দ আব্দুল মালিক (১৯১৯-২০০০) এজন প্ৰতিযশা অসমীয়া ঔপন্যাসিক আৰু গল্পকাৰ আছিল। তেওঁৰ জন্ম হয় গোলাঘাট জিলাৰ নাহৰণিত। যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা বি. এ. পাছ কৰে। পিছত আবকাৰী বিভাগ, অনাতাঁৰ কেন্দ্ৰ আদিত চাকৰি কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত  এম. এ. পাছ কৰে। পিছত যোৰহাটৰ জগন্নাথ কলেজত অধ্যাপনা কৰিবলৈ লয়। অধ্যাপনাৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাজ্য সভাৰ সদস্য হিচাপে সেৱা আগবঢ়ায়।

স্কুলীয়া সময়ৰ পৰাই তেওঁ সাহিত্য চৰ্চা কৰিবলৈ লয়। তেওঁ ভালেমান উপন্যাস আৰু গল্প পুথি ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰিছে। তেওঁৰ গ্ৰন্থসম্ভাৰ হ’লঃ পৰশমণি, আধাৰশিলা, অঘৰী আত্মাৰ কাহিনী, মৰহা ফুল, সুৰুযমুখীৰ স্বপ্ন, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰতনু ভাল, স্বাক্ষৰ, ছবিঘৰ, ৰঙাগৰা, ৰজনীগন্ধাৰ চকুলো আদি। চৈয়দ আব্দুল মালিকৰ ‘অঘৰী আত্মাৰ কাহিনী’  নামৰ উপন্যাসখনে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰে। তেওঁৰ লিখনিৰ মাজেদি অৱক্ষয়ী সমাজৰ চিত্ৰ, প্ৰেমৰ কাৰুণ্য আৰু মানৱতাৰ সুৰ প্ৰকাশ পাইছে। তেওঁৰ ভাষা সহজ-সৰল, ঘৰুৱা ব্যঞ্জনাৰে বৈশিষ্ট্যমণ্ডিত। চৈয়দ আব্দুল মালিক অসম সাহিত্য সভাৰ অভয়াপুৰী অধিবেশনৰ সভাপতি হৈছিল।

২০০০ চনত এইগৰাকী স্বনামধন্য সাহিত্যিকৰ মৃত্যু হয়।

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্নঃ (মূল্যাংক -১)

১। চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম কি?

উঃ চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম-‘পৰশমণি’।

২। কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উঃ ‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

৩। চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম লিখা।

উঃ চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্ৰমণ কাহিনী -‘মাজত মাথোঁ হিমালয়’।

৪। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি?

উঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম-‘ৰূপতীৰ্থৰ যাত্ৰী’।

৫। ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি?

উঃ ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম ‘বিনীতা’ ।

(খ) চমু প্রশ্নঃ (মূল্যাংক ২। ৩

১। ‘তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে-‘আমাৰ তাৰে নোহোৱানে’?” -কোনে কাক কথাষাৰ সুধিছিল?

উঃ “তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে-‘আমাৰ তাৰে নোহোৱানে’?” -এই কথাষাৰ কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিল ।

২। নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল?

উঃ নাজিয়াই সম্পৰ্কীয় মোমায়েক ৰিটায়াৰ্ড হাকিম আহমেদ চাহেবৰ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ গৈছিল।

৩। নাজিয়াই কিয় হস্পিতাললৈ যাবলগীয়া হ’ল?

উঃ কনকেশ্বৰ ঠাকুৰৰ সৰু জীয়েক হস্পিতালত আছিল। চিকিৎসাৰ বাবে টকাৰ অসুবিধা হোৱাৰ বাবে ঠাকুৰ গাঁৱলৈ যাবলৈ ওলোৱাত জীয়েকক হস্পিতালত ৰখিবলৈ নাজিয়া হস্পিতালত যাব লগা হৈছিল।

৪। কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ ক’ৰপৰা পইচা পালে?

উঃ কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ নাজিয়াৰ পৰা পইচা পালে।

৫। ‘আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব’ -‘আমাৰ দুজন’ বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে?

উঃ “আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব” -‘আমাৰ দুজন’ বুলি ইয়াত নাজিয়া আৰু নাজিয়াৰ গিৰিয়েকৰ কথা কোৱা হৈছে।

(গ) দীঘল প্রশ্নঃ (মূল্যাংক ৪। ৫)

১। কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল?

উঃ নাজিয়াই সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল। মাজ বাটত বিয়া ঘৰলৈ বুলি ৰিক্সা এখন ল’ব ওলাওঁতেই কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল। ঠাকুৰৰ সৰু জীয়েকৰ অসুখ আছিল আৰু অপাৰেচনৰ বাবে হস্পিতাললৈ আহিছিল। তাইৰ তেজৰ প্ৰয়োজন হৈছিল বাবে টকাৰৰ প্ৰয়োজন হৈছিল। তেওঁ টকাৰ যোগাৰ কৰাৰ বাবে গাঁৱলৈ যাবলৈ বাছ আস্থানলৈ গৈছিল আৰু তাতে তেওঁ নাজিয়াই লগ পাইছিল।

২। নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল?

উঃ নাজিয়াৰ মোমায়েকৰ জীয়েকৰ বিয়ালৈ পতি-পত্নী দুয়োৰে যোৱা ইচ্ছা আছিল। কিন্তু আৰ্থিক অনাটনৰ বাবে অকল নাজিয়াই হে যাব পাৰিলে। কিয়নো-ৰিক্সা ভাড়া,বাছৰ ভাড়া আৰু বিয়াৰ উপহাৰৰ দাম হিচাপ কৰি দেখিলে যে হাতত থকা দুশ টকাৰে দুজন মানুহ যোৱাটো সম্ভৱ নহয়। সেয়ে অৰ্থৰ নাটনিত নাজিয়াই অকলে বিয়ালৈ গৈছিল।

৩। কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ’ল ?

উঃ আৰ্থিক অনাটনত জুৰুলা নাজিয়াই মোমায়েকৰ ছোৱালীৰ বিয়াত যাবলৈ কিছু টকা যোগাৰ কৰিছিল। সেই টকাৰে টাউনলৈ গৈ বাছ ষ্টেচনলৈ যায়। তাতে একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পায়। তেওঁৰ জীয়েক বিনীতাৰ অসুখৰ বাবে হস্পিতালত ভৰ্তি কৰাইছিল। তাইৰ তেজৰ প্ৰয়োজন হৈছিল কিন্তু তেজ ক্ৰয়ৰ বাবে টকা নাছিল। টকা যোগাৰ কৰিব নোৱাৰি কনকেশ্বৰে এক প্ৰকাৰ দিশহাৰা হৈ পৰিছিল। কনকেশ্বৰৰ এনে দুৰৱস্থা দেখা পাই নাজিয়াই তাইৰ হাতত থকা টকাখিনি দি কনকেশ্বৰক সহায় কৰিছিল। সেয়ে নাজিয়াই বিয়ালৈ যাব নোৱাৰিলে।

৪। বিনীতাৰ অপাৰেচন কেনেদৰে ততাতৈয়াকৈ হৈ গ’ল বৰ্ণনা কৰা ।

উঃ নাজিয়াই মোমায়েকৰ জীয়েকৰ বিয়ালৈ বুলি টাউন পৰ্যন্ত যায় আৰু তাতে বাছ ষ্টেচনত একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পায়। কনকেশ্বৰ ঠাকুৰে সৰুজনী ছোৱালী বিনীতাৰ অসুখৰ বাবে হস্পিতালত ভৰ্তি কৰাইছিল। ডাক্তৰে তাইক সিদিনাই অপাৰেচন কৰিবলৈ কৈছিল আৰু দুৰ্বল হোৱা বাবে তেজো কেইবটলমান দিব লাগিব বুলি জনাইছিল । কিন্তু আৰ্থিকভাৱে দুৰ্বল কনকেশ্বৰ ঠাকুৰে টকা-পইচাৰ যোগাৰ কৰিবলৈ গাঁৱলৈ যাব বুলি বাছ আস্থানলৈ যাওঁতে নাজিয়াক লগ পায় । নাজিয়াই কনকেশ্বৰ ঠাকুৰৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ গ’ল আৰু টকা এশ ঠাকুৰৰ হাতত দি অপাৰেচনৰ দিহা কৰিবলৈ দিলে। আৰু এনেদৰে নাজিয়াৰ সহায়ৰ বাবে বিনীতাৰ অপাৰেচন ততাতৈয়াকৈ হৈ গ’ল আৰু বিনীতাও সুস্থ হৈ উঠিল।

৫। ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত মানৱবোধৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা।

উঃ আনৰ দুখৰ ভাগি হৈ সহায়ৰ হাত আগবঢ়োৱাটোৱে হ’ল মানৱতাবোধ। ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত মানৱতাবোধ সুন্দৰভাৱে প্ৰকাশ পাইছে। নাজিয়াই সম্পৰ্কীয় মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল আৰু বিয়া ঘৰলৈ বুলি ৰিক্সা এখন লোৱাৰ সময়ত বাছ আস্থানত একেখন গাঁৱৰে কনকেশ্বৰ ঠাকুৰ নামৰ এজন লোকক লগ পায়। তেওঁৰ সৰু জীয়েকৰ অসুখ আছিল আৰু অপাৰেচনৰ বাবে হস্পিতালত ভৰ্তি কৰাইছিল। তাইৰ চিকিৎসাৰ বাবদ টকাৰ নাটনি হোৱাত টকা যোগাৰ কৰিবলৈ কনকেশ্বৰে গাঁৱলৈ যাবলৈ ওলাইছিল। কনকেশ্বৰ বৰুৱাৰ মুখত নাজিয়াই এই কথা শুনি তাই বিয়ালৈ নগৈ হস্পিতাললৈ যায় আৰু টকা এশ ঠাকুৰৰ হাতত দি অপাৰেচনৰ দিহা কৰিবলৈ দিয়ে। নাজিয়াৰ পৰা আৰ্থিক সাহাৰ্য পোৱাত যথাসময়ত বিনীতাৰ অপাৰেচন হৈ যায় আৰু তাই সুস্থ হৈ উঠে।

এনেদৰে ‘বিয়াৰ প্ৰেজেন্ট’ নামৰ গল্পটিত মানৱতােবাৰ প্ৰকাশ পাইছে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। চৈয়দ আব্দুল মালিকৰ জন্ম কিমান চনত হৈছিল?

উঃ চৈয়দ আব্দুল মালিকৰ জন্ম ১৯১৯ চনত ।

২। চৈয়দ আব্দুল মালিকে কিমান চনত ‘চোভিয়েট দেশ নেহৰু বঁটা’ লাভ কৰিছিল?

উঃ চৈয়দ আব্দুল মালিকে ১৯৬৫ চনত “চোভিয়েট দেশ নেহৰু বঁটা” লাভ কৰিছিল।

৩। চৈয়দ আব্দুল মালিকে কিমান চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উঃ চৈয়দ আব্দুল মালিকে ১৯৭২ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।

৪। চৈয়দ আব্দুল মালিকৰ মৃত্যু কিমান চনত হৈছিল?

উঃ চৈয়দ আব্দুল মালিকৰ ২০০০  চনত মৃত্যু হৈছিল।

৫। চৈয়দ আব্দুল মালিকৰ দুখন উপন্যাসৰ নাম লিখা।

উঃ চৈয়দ আব্দুল মালিকৰ বহুকেইখন উপন্যাসৰ ৰচনা কৰিছিল, তাৰ ভিতৰত দুখন উপন্যাস হ’ল- ‘ধন্য নৰ তনু ভাল’ আৰু ‘অঘৰী আত্মাৰ কাহিনী’ ।

৬। চৈয়দ আব্দুল মালিকৰ দুখন চুটিগল্প সংকলনৰ নাম লিখা ।

উঃ চৈয়দ আব্দুল মালিকৰ দুখন চুটিগল্প সংকলন হ’ল- ‘এজনী নতুন ছোৱালী’ আৰু ‘ৰঙাগড়া’।

৭। চৈয়দ আব্দুল মালিকৰ কেইখনমান গৱেষণামূলক গ্ৰন্থৰ নাম লিখা ।

উঃ চৈয়দ আব্দুল মালিকৰ কেইখনমান গৱেষণামূলক গ্ৰন্থৰ নাম- ‘অসমীয়া জিকিৰ আৰু জাৰি’, ‘আজান ফকীৰ আৰু সুৰীয়া জিকিৰ’, ‘চুফী আৰু চুফীবাদ’ আদি।

নোট: যদি আপুনি উক্ত ‘বিয়াৰ প্রেজেন্ট প্রশ্নোত্তৰ’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ।

Sharing Is Caring:

Leave a Comment