Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়া বাক্যাংশ Assamese Phrase 2026

By Nzmina Begum

Published On:

অসমীয়া বাক্যাংশ Assamese Phrase

অসমীয়া বাক্যাংশ Assamese Phrase

👉 Read also:

(অসমীয়া  বাক্যাংশ Assamese Phrase) বাক্য এটিত কৰ্তা আৰু কৰ্ম থাকে যদিও কেতিয়াবা বাক্যত এনে কিছুমান শব্দ সমষ্টি পোৱা যায় য’ত কোনো কৰ্তা বা কৰ্ম নথাকে। যেনেঃ টেঙৰ ল’ৰা, প্রশংসিত প্ৰতিভা, ছন পৰা পথাৰ, মাগি খোৱা,  কিংকৰ্তব্য বিমূঢ়, মানসিক পৰিশ্ৰম, তেতিয়াৰ পৰা ইত্যাদি।

এনেদৰে কৰ্তা আৰু সমাপিকা ক্ৰিয়া নথকা এটাতকৈ অধিক পদৰ সমষ্টিক  ‘বাক্যাংশ’ (Phrase) বোলে। বাক্যাংশই সাধাৰণ অৰ্থ প্ৰকাশ নকৰি বিশেষ অৰ্থ প্ৰকাশ কৰে।

গঠনৰ বৈশিষ্ট্য অনুযায়ী বাক্যাংশক চাৰিটা ভাগত ভাগ কৰিব পাৰি, যথা–

(১) বিশেষ্য স্থানীয় (Noun Phrase)

(২) বিশেষণ স্থানীয় (Adjective Phrase)

(৩) ক্ৰিয়া বিশেষণ স্থানীয় (Adverbial Phrase) আৰু

(৪) অব্যয় স্থানীয় (Prepositional Phrase)

১। বিশেষ্য স্থানীয় (Noun Phrase)

যি বাক্যাংশই  বাক্যত বিশেষ্যৰ দৰে কাম কৰে তাকে বিশেষ্য স্থানীয় বাক্যাংশ বোলে। উদাহৰণ–

ভাল বুদ্ধিমত্তা সফলতাৰ মূল।

কৰিম  মানসিক  পৰিশ্ৰমত অভ্যস্ত।

২। বিশেষণ স্থানীয় (Adjective Phrase)

যি বাক্যাংশ বিশেষ্য বা সৰ্বনাম পদৰ গুণ বা দোষবাচক হিচাপে ব্যৱহাৰ হয়, তাকে বিশেষণ স্থানীয়  বাক্যাংশ বোলে। উদাহৰণ–

বানপীনীয়ে বিপৰ্যস্ত কৰা কৃষকৰ বিলৈ হ’ল।

জুয়ে পোৰা লোকে কষ্ট ভোগ কৰে।

৩। ক্ৰিয়া বিশেষণ স্থানীয় (Adverbial Phrase)

ক্ৰিয়াৰ বিশেষণ হিচাপে ব্যৱহাৰ হোৱা বাক্যাংশক ক্ৰিয়া বিশেষণ স্থানীয় বাক্যাংশ বোলে। উদাহৰণ–

অতীজৰে পৰা চলি অহা নীতি-নিয়ম লঙ্খন কৰা উচিত নহয়।

আমি পৰিশ্ৰম সহকাৰে কাম কৰা উচিত।

৪। অব্যয় স্থানীয় (Prepositional Phrase)

অব্যয় পদৰ দৰে ব্যৱহাৰ হোৱা বাক্যাংশক অব্যয় স্থানীয় বাক্যাংশ বোলে। উদাহৰণ–

ৰাজুয়ে প্ৰশিক্ষণৰ বাবে দিল্লীলৈ গৈছে।

ৰাকেশ বিৰল প্ৰতিভাৰে সফলতা লাভ কৰিছে।

সিহঁত ফুটবল খেলিবলৈ তালৈ গৈছে।

অনুশীলনী

(১) বাক্যাংশ বুলিলে কি বুজা?

(২) গঠনৰ বৈশিষ্ট্য অনুযায়ী অসমীয়া বাক্যাংক কেই ভাগত ভাগ কৰা হৈছে?

(৩) বিশেষ্য স্থানীয় কাক বোলে? সূত্র লিখি উদাহৰণসহ বুজাই লিখা।

(৪) বিশেষণ স্থানীয় কাক বোলে? সূত্র লিখি উদাহৰণসহ বুজাই লিখা।

(৫) ক্ৰিয়া বিশেষণ স্থানীয় কাক বোলে? সূত্র লিখি উদাহৰণসহ বুজাই লিখা।

(৬) অব্যয় স্থানীয় বাক্য কাক বোলে? সূত্র লিখি উদাহৰণসহ বুজাই লিখা।

(৭) তলৰ বাক্যবোৰৰ বাক্যাংশবোৰ উলিয়াই শ্ৰেণী বিভাগ কৰা।

(ক ) উইলিয়ামে মানসিক পৰিশ্ৰম কৰি ভাল পায়।

(খ) অতীজৰে পৰা মানুহ সুযোগ সন্ধানী।

(গ) কনকে  উচ্চ শিক্ষাৰ বাবে ইংল্যান্ডলৈ গৈছে।

(ঘ) মাকনে বিৰল প্ৰতিভাৰ জৰিয়তে সফলতা লাভ কৰিলে।

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ অসমীয়া  বাক্যাংশ Assamese Phrase যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment