Join WhatsApp

Join Now

Join Telegram

Join Now

অনুসৰ্গ আৰু উপশব্দ Anusarga and Subword in Assamese 2026

By Nzmina Begum

Published On:

অনুসৰ্গ আৰু উপশব্দ Anusarga and Subword in Assamese

অনুসৰ্গ আৰু উপশব্দ Anusarga and Subword in Assamese

মৰমৰ ছাত্র ছাত্রী সকল কেনে আছে আশা কৰো ভালেই আছে , আজি আমি এই লিখনিত অনুসৰ্গ আৰু উপশব্দ Anusarga and Subword in Assamese ৰ বিষয় আলোচনা কৰিব প্রয়াস কৰিছো। আমি আশা কৰো যে আপোনাৰ বাবে সহায় হব।

👉 Read Also:

যি অব্যয় পদে ক্ৰিয়া বা অন্য পদৰ পিছত বহি বাক্যৰ অৰ্থ বিশেষকৈ বুজায়, তাক অনুসৰ্গ বোলা হয়। অনুসৰ্গবোৰে সন্দেহ, ইচ্ছা, অনিশ্চয়তা সম্ভৱনা, অনুৰোধ,  আদি ভাৱ ব্যক্ত কৰে। অসমীয়া ভাষাত বহুতো অনুসৰ্গ আছে।

১। অনুসৰ্গ (Prefixes)

যেনে — হে, হি, হ’বলা, হ’লে, এই, এ, হ’ক, চোন, ও, তো, ই কে, না, নো, দে, গৈ, পাই, দেই,  একা আদি।

তলত এইবোৰৰ প্ৰয়োগ দেখুৱা হ’ল।

(১) ‘হ’ক’ৰ ব্যৱহাৰ–

ই বহুবচনত স্বাভাৱিক অনুৰোধ অৰ্থত ব্যৱহাৰ হয়।

যেনে

তোমালোক আপেল খোৱাহ’ক।

সিহঁত যাবহ’ক।

আহাহ’ক, আমি লিখোঁ।

(২) ‘হ’বলা’ ৰ ব্যৱহাৰ–

ই অনিশ্চয়তা বুজাবলৈ ব্যৱহাৰ হয়।

যেনে

সি তালৈ গৈছিল হ’বলা।

তাইহঁত খেলিলে হ’বলা।

আমি যাওঁ হ’বলা।

তুমি আম  খালা হ’বলা।

(৩) ‘এ (য়ে)’ ৰ ব্যৱহাৰ–

ই দৃঢ়তা বুজাবলৈ ব্যৱহাৰ হয়।

যেনে

ৰাজুয়েই মোৰ কিতাপখন ল’লে।

আপুনি পঢ়িয়ে আছে।

জর্জেই কথাটো জানে।

সি আহিয়েই মোক খৰবটো ক’লে।

(৪) ‘ই’ ৰ ব্যৱহাৰ—

ই দৃঢ়তা  বুজাবলৈ ব্যৱহাৰ হয়।

যেনে

আমি সিদিনা দিল্লীলৈ যামেই।

ৰামহঁতে অংকটো কৰিবই।

তাই আহিবই।

(৫) ‘হে’ ৰ ব্যৱহাৰ–

ই নিশ্চয়তা বা দৃঢ়তা বুজাবলৈ ব্যৱহাৰ হয়।

যেনে

ৰামায়ণহে পঢ়িম।

যদুহে আহিব।

তাইহে যাব। মদুহে সাধু।

(৬) ‘তো’ ৰ ব্যৱহাৰ–

ই দৃঢ়তা বুজাবলৈ ব্যৱহাৰ হয়।

যেনে

হৰেনহঁততো আহিবই।

সিতো পঢ়িবই।

আমিতো গুৱাহাটীলৈ যামেই।

(৭) ‘ও, (য়ো)’ ৰ ব্যৱহাৰ–

ই সত্বেও অৰ্থত ব্যৱহাৰ হয়।

যেনে

ৰাজনেও কামটো জানে।

ভাইটিয়েও বজাৰলৈ ওলালে।

আমিয়ো যাম। সিও পঢ়িব।

(৮) ‘চোন’ ৰ ব্যৱহাৰ–

ই  আদেশ, অনুৰোধ, আশ্চৰ্য বুজোৱা অৰ্থত ব্যৱহাৰ হয়।

যেনে

চিঠিখন দিবাচোন।

তুমি তাক চাবাচোন।

অনন্ত, তালৈ গৈ চাবাচোন।

তুমি আহিবাচোন।

(৯) ‘এই (য়েই, ৱেই)’ ৰ ব্যৱহাৰ–

ই জোৰ বুজোৱা অৰ্থত ব্যৱহাৰ হয়।

যেনে

তুমিয়েই বজাৰলৈ যাব লাগিব।

তুমি কমলক বাতৰিটো দিবাই।

মই ৰহিমক জানোৱেই।

ললিতায়েই কামটো কৰিলে।

(১০) ‘কে (লৈকে) ’ ৰ ব্যৱহাৰ–

সি ঘৰলৈকে গ’ল।

মই যোৱাকালিলৈকে কথাটো জনা নাছিলো।

(১১) ‘হি’ ৰ ব্যৱহাৰ–

সি কেতিয়া পালেহি?

তাই আহিলহি।

তেওঁলোক গৈ পালেহি।

(১২) ‘হ’লে’ ৰ ব্যৱহাৰ–

মই হ’লে মৃন্ময়ৰ  লগত যাব নোৱাঁৰিম।

সি হ’লে আহিব।

(১৩) ‘দেও’ ৰ ব্যৱহাৰ–

তাই ইয়ালৈ আহিব নোৱাৰে দেও।

কি অঘাইত ল’ৰা দেও!

(১৪) ‘পায়’ ৰ ব্যৱহাৰ–

তোমাৰ বেয়া স্বভাৱ নুগুছে পায়।

তাক মাতিবই নোৱাৰো পায়।

(১৫) ‘একা’ ৰ ব্যৱহাৰ–

তুমি ভালটো কৰা নাই একা।

তোমাক শুধাই নেৰো একা।

(১৬) ‘দেখোন’ ৰ ব্যৱহাৰ–

ৰাজন, তুমি নাহিলা দেখোন।

সি ভাত নাখালে দেখোন।

কনক গ’ল দেখোন।

(১৭) ‘দেই’ ৰ ব্যৱহাৰ–

তুমি যাবা দেই।

তুমি আহিবা দেই।

খবৰটো ক’বা দেই।

আহিলো দেই।

(১৮) ‘বাৰু’ ৰ ব্যৱহাৰ–

বাৰু, আকৌ আহিব।

ভালবাৰু, এতিয়া যাব পাৰে।

(১৯) ‘দে (দিয়ক)’ ৰ ব্যৱহাৰ–

আমাৰ ইয়াতে থাকা

দে। সি যাওঁক দে।

অলপ খাওঁক দিয়ক।

ইয়ালৈ আহা দে।

(২০) ‘নো’ ৰ ব্যৱহাৰ–

তুমি গৈনো কি কৰিলা?

ভাইটিয়েনো কি কৰিব?

অকণৰনো  কি হ’ল?

তুমিনো কি কোৱা?

ৰামেনো আৰু কি কৰে?

২। উপশব্দ (Subword)

কোনো ব্যক্তিবা বস্তুক বিশেষভাবে দেখুৱাবলৈ বা কোনো বস্তুৰ আকৃতি, পৰিমাণ বুজাবলৈ বিশেষ্য, সংখ্যাবাচক শব্দ বা সৰ্বনামৰ পিছত যিবোৰ চিন যোগ হয় সেইবোৰক ‘উপশব্দ’ বুলি কোৱা হয়। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা উপশব্দবোৰ হ’ল– জনা, ডাল, দেই, চোন, ফেৰি, চটা, জন, জনী, কণ, খন, খনী, টো, টা আদি।

তলত ইহঁতৰ প্ৰয়োগ দেখুৱা হ’ল।

মানুহজনা  আহিব।

পেঞ্চিলডাল দিয়া।

তুমি আহিবা দেই।

কামটো কৰা চোন।

এইফেৰি তেওঁকসহায় কৰিবা।

প্লাষ্টিকচটা নেভাঙিবা।

ডেকা ল’ৰাজন ভাল।

ৰামায়নখন পঢ়া হ’ল।

সৌ লাঠিডাল দিয়া।

শিলচটাত বহিবা।

মহিলাজনী ভাল সমাজকৰ্মী।

ছোৱালীজনী বৰ বুদ্ধিমতি।

সিজনী চোকা ছোৱালী।

মোক অকণমান গাখীৰ দিয়া।

কটাৰীখন ধাৰাল।

এইটো নল’বা।

অনুশীলনী

(১) অনুসৰ্গ বুলিলে কি বুজা? উহাদৰণসহ বুজাই লিখা।

(২) তলত দিয়া অনুসৰ্গবোৰ বাক্যত প্ৰয়োগ কৰি দেখুৱা ।

দেখোন, দেই, হ’বলা, ও, চোন, কে, এই, গৈ, ই, হ’লে, দেও, পায়, এই, দি, হে, হি, একা আৰু নো।

(৩) উপশব্দ বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৪) তলত দিয়া উপসৰ্গবোৰ বাক্যত প্ৰয়োগ কৰা।

চটা, টা, টো, খনি, কণ, গৈ, হ’লে, ফেৰি, জনা, হেৰা, চোন, দেই, ডাল, জনী আৰু জন।

👉 Read Also:

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ অনুসৰ্গ আৰু উপশব্দ Anusarga and Subword in Assamese যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেন্তে অনুচ্ছেদ টো Social Media ত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment